প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেন্দ্ৰীয় বাজেট ২০১৭-১৮ আৰু 
অসমৰ উন্নয়ন
ড° বিজয় কৃষ্ণ চেতিয়া

যোৱা ১ ফেব্ৰুৱাৰী ২০১৭ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বিজেপি নেতৃত্বাধীন এন.ডি.এ (NDA) চৰকাৰৰ চৰ্তুথখন বাজেট; ২০১৭-১৮ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট স্ংসদত দাখিল কৰা লগে লগে এই বাজেটখন মুখ্যত দুটা কাৰণত ঐতিহাসিক হৈ পৰিল,

ক। ভাৰতীয় গণতান্ত্ৰিক অৰ্থ ব্যৱস্থাৰ প্ৰচলিত নিয়ম ভংগ কৰি পোনপ্ৰথম বাৰৰ বাবে প্ৰায় এমান দিন আগতেই এইবাৰৰ সাধাৰণ বাজেট সংসদত দাখিল কৰা হয়।সাধাৰণতে ভাৰতীয় প্ৰচলিত নিয়ম অনুসৰি প্ৰতি বিত্তীয় বৰ্ষৰ শেষৰ দিনটোত অৰ্থাৎ ২৮ ফেব্ৰুৱাৰী বা ২৯ ফেব্ৰুৱাৰীত (Leap year হ’লে) বাজেট দাখিল কৰা হয়, কিন্তু এইবাৰ এই প্ৰচলিত পৰম্পৰা ভংগ কৰি ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোতেই বাজেট দাখিল কৰা হয়। এই পৰম্পৰা ভংগ দ্বাৰা বাজেটত বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহ নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটো পৰাই ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহন কৰাত সুবিধা হব বুলি বিশ্বাস কৰা হৈছে।
খ।এইবাৰৰ বাজেটৰ দ্বিতীয় উল্লেখনীয় দিশটো হ’ল, ৰেল বাজেটক সাধাৰণ বাজেটৰ সৈতে সংযুক্তকৰণ।প্ৰচলিত নিয়ম অনুসৰি ভাৰতৰ সাধাৰণ বাজেট আৰু ৰেলৱে বাজেট পৃথকে পৃথকে সংসদত দাখিল কৰা হয়, এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে ভাৰতৰ সাধাৰণ বাজেট হ’ল ৰাজহ বাজেট (revenue budget) আৰু পুঁজি বাজেট (capital budget) ৰ সংযুক্তৰূপ। কিন্তু এইবাৰ প্ৰচলিত নিয়ম ভংগ কৰি পোনপ্ৰথম বাৰৰ বাবে ৰেলৱে বাজেটক সাধাৰণ বাজেটৰ লগত সংযুক্ত কৰা হয় আৰু ইয়াৰ দ্বাৰা দেশৰ যোগাযোগ ব্যৱস্থাৰ, বিশেষকৈ ঘাইপথ(highway),ৰেলৱে(railway) আৰু অন্ত:দেশীয় জলব্যৱস্থাৰ(inland waterways) আন্ত:গাঠঁনিৰ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় বহুমূখী আচঁনি প্ৰস্তুত তথা ৰূপায়ণ কৰাত সুবিধা হব বুলি বিশ্বাস কৰা হৈছে।
সাম্প্ৰতিক সময়ত উপৰোক্ত বিষয়সমূহ বা বিমুদ্ৰাকৰণত অসন্তষ্ট দেশৰ মধ্যবিত্ত শ্ৰেণীক সাময়িক সকাহ দিবলৈ বাজেটত ঘোষনা কৰা আয়কৰ ৰেহাই, নগদ ধনবিহীন অৰ্থব্যৱস্থা প্ৰৱৰ্তনৰ পোষকতা আদি বিষয়সমূহৰ বাদেও অন্য কিছু কাৰণতহে ২০১৭-১৮ বৰ্ষৰ কেন্দ্ৰীয় সাধাৰণ বাজেটখনে ভাৰত তথা বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে, উদাহৰণস্বৰূপে,

ক।প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সুবিধা বাবে Foreign Investment Promotion Board (FIPB)ৰ ভংগ, খ।তিনি(০৩)লাখ টকাৰ ওপৰত নগদ ধনৰ লেনদেনত বাধা আৰোপ, গ।ৰাজনৈতিক দলসমূহক দুহেজাৰ(০২)তকৈ অধিক নগদ বৰঙনি লোৱাত বাধা আৰোপ, ঘ।দেশৰ পৰা পলায়ণ কৰা সকলৰ সা-সম্পতি বাজেয়াপ্ত কৰা বাবে আইন সংশোধনৰ প্ৰস্তাৱ।
সাধাৰণতেই বাজেট এখন দাখিলৰ পিছত বিভিন্ন পক্ষই বিভিন্ন বিৰ্তক সূচনা কৰাটো এক প্ৰচলিত নিয়ম আৰু এইবাৰৰ বাজেটও ইয়াৰ পৰা যে মুক্ত নহয় এই কথা ওপৰৰ আলোচনা পৰাই ঠাৱৰ কৰিব পাৰি। গতিকে আজিৰ এই আলোচনাত বাজেটৰ বিতং আলোচনা পৰা বিৰত থাকি, বাজেটখনত কৃষিখণ্ড আৰু গ্ৰামাঞ্চলৰ উন্নয়ণৰ বাবে গ্ৰ্হন কৰা কিছু ধনাত্মক পদক্ষেপৰ বিষয়ে সংক্ষিপ্তে আলোচনা কৰাটোহে আমাৰ মূল লক্ষ্য।

আমাৰ দৃষ্টিত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় সাধাৰণ বাজেটৰ মূল আকৰ্ষণৰ বিষয় হ’ল ইয়াৰ উদ্দেশ্য আৰু এই উদ্দেশ্যক অৰুণ জেটলী ডাঙৰীয়াই এনেদৰে উপস্থাপন কৰিছে “Transform, Energise and Clean, India অৰ্থাৎ TEC, India”। আৰু ইয়াৰ অন্ত:নিৰ্হীত অৰ্থক তলত দিয়া ধৰণে ব্যখ্যা কৰিছে,

ক। Transform অৰ্থাৎ ৰূপান্তৰ: ইয়াত দেশৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নত কৰা অৰ্থে প্ৰশাসন ও চৰকাৰী ব্যৱস্থাত ৰূপান্তৰ অনা কথা কোৱা হৈছে।

খ। Energise অৰ্থাৎ সবলীকৰণ: এই চিন্তাত দেশৰ সৰ্বস্তৰৰ বিশেষকৈ যুৱচামক স্বপ্ৰ্তিভাৰে বা স্বচিন্তাৰে স্বাৱলম্বী হোৱাত গুৰুত্ব দিয়া হৈছে।

ঘ। Clean অৰ্থাৎ পৰিষ্কাৰ: শেষত দেশক দূনীৰ্তি, ক’লাধন আৰু অস্বচ্ছ ৰাজনৈতিক অৰ্থব্যৱস্থাৰ পৰা মুক্ত কৰাত গুৰুত্ব দিয়া হৈছে।
উপৰোক্ত উদ্দেশ্যক সফল কৰিবলৈ দহ(১০)টা বিশেষ দিশত গুৰুত্ব দিয়া হৈছে ইয়াৰ ভিতৰত, কৃষি আৰু গ্ৰাম্নোয়ণ, যুৱচামৰ সবলীকৰণ, জনগণৰ জীৱন ধাৰণৰ মান উন্নত কৰা বাবে আন্ত:গাঁঠনি নিৰ্মাণ, চৰকাৰী প্ৰশাসন ব্যৱস্থাত ৰাইজৰ পোনপটীয়া অংশগ্ৰহনৰ সুবিধা, কৰ আদায় ক্ষেত্ৰত সৎজনলৈ সন্মান আৰু সুবিবেচক ৰাজকোষ ব্যৱস্থাপনা আদি অন্যতম।

আমি যদি এইবাৰৰ বাজেটখন নিৰপেক্ষ ভাৱে অধ্যয়ণ কৰোঁ, তেন্তে নিশ্চয়কৈ অনুভৱ কৰিম যে এইখন বাজেটত কৃষিখণ্ড আৰু গ্ৰামাঞ্চলৰ উন্নয়ণৰ আন্ত:গাঁঠনি নিৰ্মানত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে।এই বাজেটত কৃষকৰ ঋণৰ সুতৰ হাৰ কৰ্তনৰ প্ৰস্তাৱ কৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে দহ লাখ কোটি টকা কৃষকৰ ঋণৰ বাবে আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ দিয়া হৈছে।ইয়াৰ ওপৰিও “ফচল বীমা আঁচনি” দ্বাৰা ২০১৭-১৮ বৰ্ষত দেশৰ ৪০% আৰু ২০১৮-১৯ বৰ্ষত ৫০% কৃষিভূমি সামৰি লোৱা পৰিকল্পনা কৰা হৈছে আৰু বাবে বাজেটত ন (০৯)হাজাৰ কোটি টকা আবণ্টনৰ বাবে প্ৰস্তাৱ কৰা হৈছে।কৃষিক্ষেত্ৰৰ আন্ত:গাঁঠনি উন্নয়ণৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাক উৎসাহিত কৰিবলৈও এই বাজেটত প্ৰস্তাৱ ৰখা হৈছে, লগতে কৃষকৰ সুবিধাৰ্থে ৬৪৮টা কৃষি বিজ্ঞান কেন্দ্ৰত(KVK) ক্ষুদ্ৰ মাটি গুণাগুণ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ (soil testing laboratory) পৰিকল্পনা এই বাজেট কৰা হৈছে। আনহাতেদি দেশৰ দুগ্ধ উদ্যোগক উৎসাহিত কৰিবলৈ এই বাজেটত অহা তিনিবছৰৰ বাবে মুঠ আঠ হাজাৰ কোটি টকা ধনৰাশি ধাৰ্য্য কৰা হৈছে।

এতিয়া যদি আমি গ্ৰাম্নোয়নৰ দিশলৈ চাওঁ, তেন্তে দেখিম এইক্ষেত্ৰও নৰেন্দ্ৰ মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিছে। অতিকৈ উল্লেখনীয় কথাটো হ’ল ইউ.পি.এ চৰকাৰৰ এম জি এনৰেগা আইনক মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে এটা সময়ত ইউ.পি.এ চৰকাৰৰ বিফলতাৰ স্মাৰক বুলি গণ্য কৰিছিল আৰু সেই একেখন আইনকে বৰ্তমান সময়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়ণৰ প্ৰধান উপায় বুলি মানিবলৈ বাধ্য হোৱা পৰিলক্ষিত হৈছে। আৰু এই পৰিৱৰ্তনীয় চিন্তাৰ বাবেই ছাগে এইবাৰৰ বাজেটত এম এনৰেগা আইনৰ বাবে অভিলেষসংখ্যাক ৪৮ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ওপৰিও এই আইনৰ অধীনৰ বিভিন্ন আঁচনিত মহিলা অংশগ্ৰহণৰ হাৰ ৫৫%লৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে গ্ৰামাঞ্চলত মহিলা শক্তি কেন্দ্ৰ স্থাপনৰ বাবে ৫০০ কোটি টকা আবণ্টন এইবাৰৰ বাজেটত দিয়া হৈছে।আমাৰ দৃষ্টিত এই দুই চিন্তাই দেশৰ মহিলা সবলীকৰণৰ যাত্ৰাক আৰু উৎসাহিত কৰিব।আনহাতেদি ২০১৮ বৰ্ষৰ ০১ মাৰ্চ ভিতৰত দেশৰ সকলো গাঁওতে বিদ্যুত যোগান ধৰিবলৈ আৰু দেশৰ ৬০% গাঁওক অনাময় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ লক্ষ্যস্থিৰ কৰাটো আমাৰ দৃষ্টিত গ্ৰাম্নোয়ণৰ ক্ষেত্ৰত এইবাৰ বাজেটৰ দুটা অন্যতম উল্লেখনীয় দিশ।

২০১৭-১৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় সাধাৰণ বাজেটৰ আলোচনা ইমানতে সামৰি এই বাজেটত বিশেষ গুৰুত্ব দিয়া “সুবিবেচক ৰাজকোষ ব্যৱস্থাপনা” (Prudent Fiscal Management) ৰ আলমত অসমৰ উন্নয়ণক লৈ আমাৰ কিছু চিন্তা ব্যক্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে এটা কথা ভালদৰে উপলব্ধি কৰোঁ যে এখন দেশৰ উন্নয়ণৰ ধাৰা দেশখনৰ সুস্থিৰ অৰ্থনৈতিক ব্যৱস্থা ওপৰত নিৰ্ভৰ কৰে আৰু দেশখনৰ অৰ্থনৈতিক ব্যৱস্থা নিৰ্ভৰ কৰে দেশখনৰ ৰাজহ সংগ্ৰহ ব্যৱস্থা ওপৰত। আমি বিশ্বাস কৰোঁ এনে চিন্তাৰ ফলতে সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজহ ব্যৱস্থাক টনকিয়াল কৰা স্বাৰ্থত ৰাজ্য সমূহত নতুন উদ্যোগ নীতি প্ৰৱৰ্তন কৰা লগতে ৰাজ্য সমূহৰ ভূ-তাত্ত্বিক সম্পদৰ বিকাশ আৰু কৃষিখণ্ড উন্নয়ণত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।কিন্তু অতি পৰিতাপৰ বিষয় এনে চিন্তাই এতিয়াও অসমক বিশেষভাৱে প্ৰভাৱম্বিত কৰিব পৰা নাই।
অসমৰ উন্নয়নৰ কথা ক’লেই আমাৰ মনক সততে তিনিটা বিষয়ে আমনি কৰে,
ক।অসমৰ ভূ-তাত্ত্বিক সম্পদৰ বিকাশ,খ।কৃষিখণ্ডত আধুনিক ব্যৱস্থা প্ৰৱৰ্তন
গ।পৰ্যটন উদ্যোগৰ বিকাশত গুৰুত্ব।
আজিৰ আমাৰ এই আলোচনাত উপৰোক্ত তিনিটা বিষয়ৰ ভিতৰত প্ৰথম দুটাৰ বিষয়ে সংক্ষেপ্তে আলোচনা কৰিব বিচাৰিছোঁ।
অসমৰ ভূ-তাত্বিক গঠন বৰ জটিল আৰু জটিল প্ৰক্ৰিয়াৰে গঠন হো‍ৱা বাবেই অসম খনিজাত সম্পদত যথেষ্ট চহকী।কিন্ত অসম চৰকাৰে ইমান দিনে অসমৰ খনিজাত সম্পদ বুলি কওঁতে কেৱল তেল -প্ৰাকৃতিক গেছ আৰু কয়লাক লৈয়ে ব্যস্ত থাকিল। ইয়াৰ বাবেই অসমত থকা আনবোৰ খনিজ সম্পদৰ সঠিক সন্ধান আৰু খননত অসম আজিও পিছ পৰি ৰ’ল।
ওপৰৰ চিন্তা আলমলৈ বতৰ্মান চৰকাৰৰ দৃষ্টি এটা বিশেষ দিশলৈ আকৰ্ষণ কৰিব বিচাৰোঁ, ২০০৭ চনৰ ১২জুন তাৰিখে অসম চৰকাৰৰ খনি আৰু মণিক বিভাগে এক জাননী প্ৰকাশ কৰিছিল (No.PEM.33/2007/14), য'ত অসমৰ খনিজাত সম্পদকলৈ নতুন উদ্যোগ স্থাপনৰ বাবে ভাৰতৰ বিভিন্ন খনি প্ৰ্তিষ্ঠান আৰু ৰাজ্য চৰকাৰৰ নিজস্ব প্ৰ্তিষ্ঠান ‘Assam Mineral Development Corporation Limited’ সহযোগত যৌথ ব্যৱসায় (JOINT VENTURE) কৰা প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু আচৰিত কথাটো হ'ল কেৱল চিমেন্ট (Cement) উদ্যোগৰ বাদে অন্য উদ্যোগৰ স্থাপনৰ ক্ষেত্ৰত বিগত চৰকাৰে কোনো পদক্ষেপ লোৱা আমাৰ দৃষ্টিত নপৰিল, অথচ একেখন জাননীতে Kaolinite Clay (China Clay), Granite, Iron Ore আৰু Glass Sand আদি সম্পদৰ উৎস-স্থল চিনাক্ত কৰি ইহতৰ সঞ্চয় ভাণ্ডাৰৰ পৰিমানও (reserve estimation) নিৰ্ধাৰণ কৰি দেখুওৱা হৈছিল।আমি আশাকৰো এই বিষয়ত নতুন চৰকাৰে বিশেষ গুৰুত্ব দি অসমত খনিজাত উদ্যোগ গঢ়ি তুলি ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰা লগতে নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব।
দ্বিতীয়তে আমি অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ বিষয়ে চমুকৈ কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ। আমাৰ দৃষ্টিত অসমৰ কৃষিখণ্ড উন্নয়ন দেশৰ আনবোৰ ৰাজ্যতকৈ পিছ পৰি ৰোৱা মূল কাৰণ হৈছে জলসম্পদত চহকী অসমত খেতি পথাৰত প্ৰয়োজনীয় পানী যোগান ধৰিবলৈ বৈজ্ঞানিক চিন্তাৰে প্ৰস্তুত কৰা জলসিঞ্চন ব্যৱস্থাৰ অভাৱ, কাৰণ অসমৰ আজিও সৰহভাগ পথাৰত জলসিঞ্চনৰ অভাৱত বছৰত মাথো এবাৰেই খেতি কৰা হয়।
অসমত জলসিঞ্চন ব্যৱস্থাৰ বাবে দুই ধৰণৰ জল উৎস ব্যৱহাৰ কৰা হয়,
ক।বোৱতী পানী উৎস, যেনে নদী, জান-জুৰি আদি। এই ব্যৱস্থাত জলসিঞ্চন বান্ধ নিৰ্মান দ্বাৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়।খ।ভূ-গৰ্ভৰ পানী উৎস, এই ব্যৱস্থাত নলীনাদ স্থাপনৰ দ্বাৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়।
এজন ভূ-তত্ত্ববিদ হিচাপে আমাৰ আৰ্জিত সীমিত জ্ঞানৰ পৰা এটা কথা কব পাৰোঁ যে এটা জলসিঞ্চন প্ৰ্কল্প স্থাপনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় প্ৰাথমিক কামটো হ’ল পানীৰ উৎস চিনাক্তকৰণ আৰু ই এক জটিল প্ৰক্ৰিয়া। ইয়াৰ বাবে কোনো নিদিষ্ট ঠাইৰ দীঘ্লীয়া দিনৰ জলতত্ত্ব তথ্য (hydrological data)আৰু বৰষুণৰ পৰিমাণৰ তথ্যৰ (rainfall data) বৈজ্ঞানিক অধ্যয়নৰ খুবেই প্ৰয়োজন। কিন্তু অসমৰ জলসিঞ্চন ব্যৱস্থাত এনে বৈজ্ঞানিক চিন্তাক কিমান গুৰুত্ব দিয়া হয় সেইয়া এক সন্দেহৰ বিষয় কিয়নো অসমৰ বহু জলসিঞ্চন প্ৰকল্প একমাত্ৰ উৎসত পয্যাপ্ত পানীৰ অভাৱত বিকল হৈ পৰি আছে। আশাকৰো বতৰ্মানৰ চৰকাৰে এই বিষয়টোত উপযুক্ত গুৰুত্ব প্ৰদান কৰি দেশৰ ৰাজকোষৰ ধনৰ অপচয় ৰোধ কৰা লগতে অসমৰ খেতি পথাৰত পয্যাপ্ত পানী যোগান ধৰাত সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিব।
শেষত অসমৰ উন্নয়নৰ স্বাৰ্থত এক বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আলোচনা কৰিব বিচৰা বিষয়টো হ’ল নদীৰ অৱবাহিকা ব্যৱস্থাপনা (watershed management)। এই বিষয়টো বৰ্তমান সময়ত পৃথিৱীৰ উন্নত দেশসমূহত বিশেষভাৱে চৰ্চিত।এই ব্যৱস্থাপনাত এক বহুমূখী চিন্তাৰে নদী এখনক জনমূখী কৰি তোলা হয়। উদাহৰণস্বৰূপে কোনো এখন নদীত যদি বৈজ্ঞানিক গৱেষণাৰ সহায়ত এক নিদিষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰা হয় তেন্তে ই নদীখনক চাৰিটা দিশৰ পৰা জনমূখী কৰি তোলাত সহায় কৰিব,
ক। বানপানী নিয়ন্ত্ৰণত সহায়ক হব।
খ। ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প স্থাপন দ্বাৰা গ্ৰাম্যবৈদ্যুতিকৰণ সম্ভৱ হব।
গ। জলসিঞ্চনৰ ব্যৱস্থা বাবে উপযোগী হব।
ঘ। নদীৰ ভূ-পৃষ্ঠ বাম কৰা সহায় কৰা গেদসমূহ নিষ্কাসনত সহায়ক হব।
ওপৰত উল্লেখ কৰা ব্যৱস্থাপনা অসমত কাৰ্যকৰী কৰাত কিছু জটিলতা সৃষ্টি কৰিব অসমৰ নদীসমূহে কঢ়িয়াই অনা অত্যাধিক গেদৰ পৰিমাণে। আমি বিশ্বাস কৰোঁ এই জটিলতাক বৰ্তমান সময়ত উন্নত দেশসমূহত খুব চৰ্চিত নিন্ম উচ্চতা বান্ধ(Low head dam) ব্যৱস্থা দ্বাৰা সমাধান কৰিব পৰা যাব।
সদৌ শেষত আমাৰ এক ব্যক্তিগত অনুভৱে আজিৰ আলোচনা সামৰিব বিচাৰিছো।আমি অনুভৱ কৰোঁ সাম্প্ৰতিক বিশ্বৰ দ্ৰুত উন্নয়নৰ পৰিৱেশত মৌলিক চিন্তাতকৈ বহুমূখী চিন্তাৰে অসমৰ উন্নয়ন সম্ভৱ আৰু এইক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰেও অসমত এক প্ৰগতিশীল বহুমূখী চিন্তাৰ পৰিৱেশ উপযুক্ত গুৰুত্ব দিব লাগে।

No comments:

Post a Comment