চিন্তনঃ উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

চিন্তনঃ উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি :: শ্যামকানু মহন্ত

চিন্তনঃ উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি :: শ্যামকানু মহন্ত

Share This
উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি
শ্যামকানু মহন্ত
উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি শ্যামকানু মহন্ত, UPPER ASSAM TOURISM
যোৱা সপ্তাহত পৰিয়ালৰ সৈতে উজনি অসমৰ বহুকেইখন ঠাই ভ্রমণ কৰিলোঁ। প্রথমতে ডিব্ৰুগড়ৰ মানকটাত থকা পূৰৱী ডিছক’ভাৰিৰ দ্বাৰা পৰিচালিত চাহ বাংলোলৈ গলোঁ। এনেকুৱা উচ্চ খাপৰ চাহ বাংলো উজনি অসমত বহুকেইটা আছে। বিগত সময়ছোৱাত কভিড পৰিস্থিতিৰ বাবে চাহ পর্যটন উদ্যোগ বিধ্বস্ত হৈ আছিল, কিন্তু কভিডৰ পৰৱর্তী পর্যায়ত যথেষ্ঠসংখ্যক বিদেশী পর্যটক চাহবাংলোলৈ চাবলৈ আহিব বুলি আমি আশা কৰিছোঁ। ডিব্ৰুগড়ক কেন্দ্ৰ কৰি উজনি অসমত সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ বিমান বন্দৰলৈ নিয়মিতভাৱে দিল্লী, মুম্বাই, বাংগালোৰ আদি ঠাইৰ পৰা নিয়মীয়া বিমান যোগাযোগ আছে। ৰাস্তা-পদূলি, আইন-শৃংখলাৰ পৰিৱেশ পূর্বতকৈ উন্নত হ’ল। বগীবিল দলং হোৱাৰ পৰা উত্তৰ অসম আৰু অৰুণাচললৈ সংযোগ ব্যৱস্থা বহু সুচল হ’ল। পর্যটনৰ বাবে এতিয়া ডিব্ৰুগড়ক কেন্দ্ৰ কৰি তিনিচুকীয়া, শিৱসাগৰ ইত্যাদিক লৈ এটা ভাল চার্কিট সম্পূর্ণ সাজু।
উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি শ্যামকানু মহন্ত, UPPER ASSAM TOURISM
ডিব্ৰুগড়ৰ পৰা আমি চাচনি-মেৰবিল ইক’ টুৰিজম প্রকল্পলৈ গ'লোঁ। এই প্রকল্পটোত মই আৰম্ভণিৰ পৰাই জড়িত হৈ আছিলোঁ। প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি সৌৰ-প্রকল্প কৰাৰ লগতে পুঁজিৰ দিশবোৰতো আমি সহায় কৰিছিলোঁ। থলুৱা ৰাইজে পৰিৱেশ সংৰক্ষণ কৰি এটি অপূর্ব পর্যটন প্রকল্প গঢ়ি তুলিছে। এই ক্ষেত্ৰত অসম চৰকাৰ, অইল ইণ্ডিয়াই সহযোগিতা আগবঢ়াইছে। ইয়াৰ থলুৱা খাদ্যসম্ভাৰৰ অনুপম স্বাদৰ বিশেষত্বৰ কথা কব লাগিব। বহু প্ৰকাৰৰ চৰাই চিৰিকটি, নাহৰফটকী, অজগৰ ইত্যাদি মেৰবিলত আছে। কিন্তু আটাইতকৈ প্রয়ােজনীয় কথাটো হৈছে থলুৱা ৰাইজৰ সহযোগিতাত গঢ় লৈ উঠা অতি উৎকৃষ্ট মানৰ ইক’ট্যুৰিজম প্রকল্পটো।

মেৰবিলৰ কাহিনীটো অতিশয় আকর্ষণীয়। স্থানীয় ৰাইজে বিশ্বাস কৰে যে বিলত থকা জলকোঁৱৰে কাষৰ চলিহাবাৰেঘৰ সত্ৰৰ অধিকাৰৰ কন্যাক বিয়া কৰাব খুজিছিল। কিন্তু জলকোঁৱৰৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবে সত্ৰাধিকাৰে এই বিয়াত সন্মতি দিব নুখুজিলে। সেই কথাত ক্রোধান্বিত হৈ জলকোঁৱৰে একে ৰাতিৰ ভিতৰতে এটা মেৰ বান্ধি এখন বিলৰ সৃষ্টি কৰিলে। যিখন আজি মেৰবিল হিচাপে জনাজাত। মেৰবিলৰ এই ৰূপকথা প্রজন্মৰ পাছত প্রজন্ম ধৰি চৰ্চিত হৈ আহিছে আৰু মানুহে বিশ্বাস কৰে। তাত নানাৰঙী বহুবিধ পক্ষী আছে যিবোৰ চাচনিৰ স্থানীয় ৰাইজে সংৰক্ষণ কৰি আহিছে। কোনােবাই যদি তাত পক্ষী চিকাৰ কৰে বা মাৰে তেওঁক সমাজৰ পৰা বহিষ্কৃত কৰাৰ দৰে ঘটনাও ঘটে। এই সকলো কথা মোক প্ৰথমতেই সেইসময়ৰ অইল ইণ্ডিয়াৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্রিদীৱ হাজৰিকাই কৈছিল। তাৰ পাছতে আমি চাবলৈ গৈ এই প্রকল্পটোৰ কামত সহযোগিতা কৰোঁ। তেতিয়াই মই প্ৰকল্পটোৰ সম্ভাৱনীয়তাৰ কথা বুজি পাইছিলোঁ। প্রাক্তন আলফা, সর্বসমাদৃত সমাজকর্মী মণিমাণিক গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতি কেঁৱৰ ইত্যাদিৰ নেতৃত্বত স্থানীয় ৰাইজৰ সহযোগিতাত এই প্রকল্পটো খুব সুন্দৰভাৱে গঢ়ি উঠিছে। তাত পর্যটক থাকিব পৰাকৈ কটেজ নির্মাণ কৰা হৈছে। পৰিৱেশ যাতে বিনষ্ট নহয় সেইবাবে ভিতৰলৈ যোৱাৰ আগতে গেটতে চিগাৰেট-মদৰ পেকেট থৈ যাব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্রকল্পটো এই মাহতেই উদ্বোধন কৰাৰ কথা।

তাৰ পাছত ওচৰৰে নাহৰকটীয়াৰ নামফাকে গাঁৱলৈ গ'লোঁ। বৌদ্ধ বিহাৰৰ লগতে টাইফাকেসকলৰ অপূর্ব সংস্কৃতি, খাদ্যসম্ভাৰৰ সৈতে এখন অতি সুন্দৰ ঠাই। নামফাকেৰ বৌদ্ধবিহাৰ টাইফাকেসকলৰ প্ৰধান উপাসনাস্থলী। টাইফাকেসকল ১৫শ শতিকাত অসমলৈ আহিছিল আৰু এতিয়া তেওঁলোকৰ প্রায় ১০০০মান জনসংখ্যা অসমত বসতি আছে। তেওঁলোকৰ বাসগৃহ, খাদ্য, বস্ত্র, ভাষা সকলো সুকীয়া আৰু অনন্য। টাইফাকেসকলৰ সৈতে কথা পাতোতে দক্ষিণ-পূর্ব এছিয়াত থকাৰ দৰে অনুভৱ হয়। টাইফাকেসকলে সলসলীয়াকৈ অসমীয়া কয় যদিও সাংস্কৃতিক স্বকীয়তা সম্পূর্ণকৈ বৰ্তাই ৰাখিছে।

পর্যটন-উদ্যোগ ইত্যাদি ক্ষেত্রলৈ আগবঢ়োৱা কিছু অৱদান বিশেষকৈ বিভিন্ন মাধ্যমৰ জৰিয়তে পর্যটনৰ প্ৰসাৰৰ দিশত লোৱা ভূমিকাৰ বাবে মোক যোৱা ২ ফেব্ৰুৱাৰীত প্রশান্তি বন্ধন অনুষ্ঠানত নামফাকে বঁটা প্ৰদান কৰে। নামফাকে বৌদ্ধবিহাৰৰ বিহাৰধ্যক্ষ জ্ঞানাপল ভিক্ষুৰ জন্মদিনত প্রতি বছৰে সমাজ জীৱনত বিভিন্ন দিশত অৰিহণা যোগোৱা লোকক নামফাকে বঁটা প্রদান কৰা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকি মই ধন্য হলো। বিশেষকৈ তেওঁলোকৰ সোৱাদভৰা খাদ্য, সহজসৰল জীৱন তথা আন্তৰিকতাই খুব আনন্দ দিলে। টাইফাকেসকলৰ নিজস্ব সংস্কৃতিক লৈ যি গৌৰৱবোধ, একাত্মতা সেয়া সঁচাই প্রশংসনীয়। ই বিশাল টাই সংস্কৃতি পর্যটনৰ এক মূল বৃত্ত হ’ব পাৰে।

ওচৰতে থকা টিপামত স্বৰ্গদেউ চুকাফাই প্রথম ৰাজধানী পাতিছিল। আমি টিপামলৈকো গৈছিলোঁ। এখন অতি সুন্দৰ ঠাই। তাৰ পৰাই সমগ্র অঞ্চলটো আৰু বুঢ়ীদিহিং নদীখন ভালকৈ দেখা যায়। কাষতে চাহ বাগান আছে। টিপামৰ আন্তঃগাঁথনিৰ উন্নয়ন, বিশেষকৈ টাইসকলৰ উপাসনাস্থলী তথা থকা ঠাইৰ সুব্যৱস্থা হ’ব লাগে। এই সম্পর্কে মই স্থানীয় বিধায়ক তৰংগ গগৈৰ সৈতে কথা পাতিলোঁ। তেওঁ এই ক্ষেত্ৰত কিছুমান যথেষ্ঠ উৎসাহজনক পদক্ষেপ লৈছে। ওচৰতে অৰুণাচলত টাই খামতিসকল আছে। তেখেতসকলৰ নিজা সুন্দৰ সংস্কৃতি আছে। আটোমটোকাৰিকৈ ৰখা মন্দিৰ আছে। অসমত টাই আইটন, উত্তৰ-পূবত টাই খামিয়াং, টুৰুং, কাবৌসকল আছে। তেওঁলোকৰ নিজা সংস্কৃতি আছে। উজনি অসমত ঐতিহ্যমণ্ডিত টাই আহোমসকলৰ ঐতিহাসিক সম্পদসমূহ ৰংঘৰ, কাৰেংঘৰকে ধৰি মৈদাম সকলোখিনি মিলি টাই পর্যটনৰ এটা ভাল বৃত্ত হ'ব পাৰে। আমি বেংককত নর্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰোঁতে তাত থাইলেণ্ডৰ বহু টাই লোকে কৈছিল যে তেওঁলোকে অসম তথা উত্তৰ-পূবৰ টাইসকলক লগ কৰিব, চাব বিচাৰে। নামফাকে গাঁৱ এই ক্ষেত্ৰত মধ্যমণি হ’ব পাৰে।

এৰাতি জয়পুৰৰ ফৰেষ্ট আই বিত থাকিলোঁ। বুঢ়ীদিহিং নৈখনৰ কাষতে এক অপূর্ব নৈসর্গিক পৰিৱেশ। স্থানীয় বিধায়ক তৰংগ গগৈৰ নেতৃত্বত বন বিভাগৰ এটা দলৰ লগত জয়পুৰৰ বৰ্ষাৰণ্যলৈ গ'লোঁ। বৰ্ষাৰণ্যৰ কিছু বৈশিষ্ট্য থাকে, গছৰ আচ্ছাদনৰ ছাউনি (কেনপি) ফৰমেশ্যন হয়, জৈৱ বৈচিত্র্যতাৰে ভৰপূৰ। গঁড়ৰ বাদে ৰাজ্যিক গছ হোলোং, ৰাজ্যিক ফুল কপৌফুল, ৰাজ্যিক পক্ষী দেওহাঁহ ইয়াত উপলদ্ধ। ভিন্ন প্রজাতিৰ চৰাই-চিৰিকটি তথা জৈৱ বৈচিত্র্যতাৰে জয়পুৰ বর্ষাৰণ্যত এক অনৱদ্য পৰিৱেশ বিৰাজমান। গোটেই দিহিং-পাটকাইৰ বর্ষাৰণ্যখন অতিকে অপূর্ব। যিদৰে দক্ষিণ-পূর্ব এছিয়াত থকা বর্ণিঅ’ সমগ্র বিশ্বতে বিখ্যাত, তেনেদৰেই এই জয়পুৰৰ বৰ্ষাৰণ্যখন পূবৰ আমাজান বুলি বিখ্যাত।

দক্ষিণ আমেৰিকাৰ আমাজন নাইবা দক্ষিণ-পূর্ব এছিয়াৰ বৰ্ণিঅ'ইসমগ্র বিশ্বৰ পৰ্যটকক হাত বাউল দি মাতে। আমাৰ অৰণ্যখনত ৰেইন ফৰেষ্ট ৱাক এটা অতি অপূর্ব-অদ্ভুত অভিজ্ঞতা। জয়পুৰ বৰ্ষাৰণ্যৰ ওচৰতে দিহিংপাটকাইৰ ডিগবৈ ৰেঞ্জো আছে। ভালদৰে প্রম’শ্যন কৰিলে নেচাৰ ৱাকৰ বাবে বিশ্বৰ বিভিন্ন পর্যটকক আকর্ষণ কৰিব পৰা যাব। তাৰ ওচৰত নামচাং নামৰ সুন্দৰ চাহ বাগানখন আছে। লগতে নৈখনে ঠাইটুকুৰা সুন্দৰ কৰি তুলিছে, এই পৰিৱেশৰ মাজত নাৱেৰে যাত্রা কৰিছিলোঁ। চাৰিওপিনে গছগছনিৰে আবৃত্ত পৰিৱেশ। অৰণ্যৰ মাজৰ নাও যাত্রাও এক বিস্ময়কৰ অভিজ্ঞতা। মোৰ লগত পৰিয়ালটোও গৈছিল। তেওঁলোকক বিশেষকৈ চাচনিত অসমীয়া খাদ্য বা নামফাকেসকলৰ খাদ্যাভাসৰ অনন্যতাই মুগ্ধ কৰি তোলে। সকলোখিনি সমল থকা সত্ত্বেও এটা অতি দৰকাৰী বস্তু নাই। পর্যাপ্ত পৰিমাণে থকা ঠাইৰ অভাৱ। জয়পুৰৰ ফৰেষ্ট আই বিত মাত্ৰ তিনিটা কোঠা আছে। মেৰামতিৰ অভাৱত উৱলি গৈ ব্যৱহাৰৰ কিছু অযোগ্য হৈ পৰিছে। পৰিচালনাৰ বাবে কোনাে স্থায়ী মানুহ নাই। বন বিভাগত বাজেট নাই। উজনি অসম পর্যটনৰ দিশত একেবাৰে অৱহেলিত হৈ আছে। ইমান দিনে বহু চৰকাৰে বিশেষ একো নকৰিলে, কোনো ভাল থকা ঠাই কৰিব নোৱাৰিলে।

প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্রী মহোদয়ক অনুৰোধ জনাওঁ যে ৰাজ্যৰ পর্যটনৰ বাজেট বৃদ্ধি কৰক। ইমান সম্ভাৱনা থকা সত্ত্বেও অসম বাজেটত ন্যূনতম ৰাশিহে বিভাগটোৱে পায়। বিশেষকৈ উজনিত তেল-চাহ উদ্যোগ সকলোবোৰ এটা পৰ্যায়ত ৰৈ গৈছে আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা একেবাৰেই কম। চৰকাৰে কিমানসংখ্যকক চাকৰি দিব? মানুহবোৰক পর্যটনৰ জৰিয়তে সংস্থাপিত কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। তাৰ বাবে বৃহৎ আন্তঃগাঁথনিৰ প্রয়োজন। বিশেষকৈ থকা ঠাইৰ ব্যৱস্থা, থলুৱা মানৱ সম্পদৰ প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। মই জনাত তিনিচুকীয়াৰ মাগুৰি বিলত পক্ষী পর্যটনৰ সৈতে জড়িত হৈ বহুকেইজন আর্থিক দিশত স্বাৱলম্বী হৈছে। ডিব্ৰু-ছৈখোৱা, ডিগবৈত দেশৰ ভিতৰতে পুৰণি ৰিফাইনেৰী, তেল মিউজিয়াম, নাহৰকটীয়াৰ তৈলক্ষেত্র, মাকুম কয়লা ক্ষেত্র, মাৰ্ঘেৰিটাৰ কোল মিউজিয়াম, ষ্টিলৱেল ৰোড, ওচৰতে অৰুণাচল, ম্যানমাৰৰ লেক অফ ন’ ৰিটা সকলােবোৰ মিলি এক অপূর্ব পর্যটন মণ্ডল। অথচ থাকিবলৈ কেইটামান গেষ্ট হাউছ, মুষ্টিমেয় হোটেলৰ বাদে একো নাই। অতি শীঘ্রেই কিছুমান আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগে। ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণৰ স্ব-নিয়োজনৰ সৃষ্টি হ'ব।

পৰিৱেশ সংৰক্ষণ কৰিও অর্থনৈতিক উন্নয়ন সাধিব পাৰি। এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব সর্বাধিক। থলুৱা ৰাইজৰো বহু দায়িত্ব আছে, উজনি অসমত আন্দোলনৰ বাহিৰে অন্য একো নহয় এই ধাৰণাটো সলনি কৰাৰ সময় আহিছে। কর্ম আন্দোলনৰ জৰিয়তে উজনি অসমৰ পৰিৱেশ সলনি কৰিব লাগিব। আমাক এতিয়া অর্থনৈতিক উন্নয়নৰ জৰিয়তে নিয়োগৰ প্রয়োজন। প্রকৃতিয়ে সমগ্র অসমক অপাৰ সম্পদেৰে উপচাই থৈছে। কিন্তু সম্ভাৱনাবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ বহু বাকী, কিছু যুগান্তকাৰী সিদ্ধান্ত ল'ব লাগিব। কামবোৰ, প্রকল্পবোৰ বাস্তৱলৈ, মাটিলৈ আনিব লাগিব। এতিয়া একঘেয়ামী প্রক্রিয়াৰে প্রকল্প বা চার্কিট উন্নয়ন কামবোৰ চলি আছে, সেইবােৰে ফল দিব পৰা নাই। মই ভাৰতবৰ্ষৰ টুৰ-অপাৰেটৰ সকলৰ সৈতে সঘন যোগাযোগত থাকেঁ। তেওঁলোকে দেশলৈ পর্যটক আনে। এই যাত্ৰাৰ ফটোখিনি তেওঁলোকক দেখুওৱাত ইয়ালৈ আহিবলৈ আগ্রহ প্রকাশ কৰিছে। কিন্তু পর্যটক আনিলেই নহ’ব, থকা-ফুৰাৰ সু-ব্যৱস্থাৰে এটা ভাল অভিজ্ঞতা দিব লাগিব। বিমান বন্দৰৰ পৰাই ভালদৰে আপ্যায়িত কৰি ঠাইবোৰ পৰিকল্পিতভাৱে ফুৰাই আনিব পাৰিলে গোটেই অঞ্চলটোত ব্যাপক পর্যটনৰ বিপ্লৱ হ'ব বুলি মই দৃঢ়বিশ্বাসী। আশা কৰোঁ কভিড বিধি উঠাই দিয়াৰ পাছত অসমৰ পৰ্যটন ক্ষেত্ৰতো নতুন দিগন্তৰ সূচনা হ'ব।
লেখাটি দৈনিক জনমভূমিতো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SHYAMKANU-MAHANTA
অসমৰ পৰ্যটনলৈ ‘BEYOND KAZIRANGA’ৰ জোৱাৰ আনক.... 'মেনেজমেণ্ট গুৰু' শান্তিকাম হাজৰিকা দেৱৰ কলমত...
*******
সম্পাদকৰ সংযোজনঃ 
লেখকৰ এই প্ৰৱন্ধৰ আঁত ধৰি অসমীয়াৰ সুখ-দুখত অসমত পৰ্যটনৰ প্ৰসাৰৰ বাবে এলানি লেখা প্ৰকাশ কৰাৰ দিহা কৰা হব। পাঠকে নিজা নিজা ভ্ৰমণ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ লেখা xukhdukh@gmail.com লৈ পঠাব পাৰিব। এইখিনিতে উল্লেখ কৰিব বিচৰা হৈছে যে লেখকে উল্লেখ কৰাৰ দৰেই বৰ্তমান ডিগবৈত ইণ্ডিয়ান অইলে এখন 'অইল পাৰ্ক' স্থাপন কৰিছে, মাৰ্ঘেৰিটাত কোল ইণ্ডিয়ায়ো এখন কয়লা অন্বেষণৰ থীম হিচাবে এখন পাৰ্ক স্থাপন কৰিছে। বৌদ্ধ তীৰ্থ স্থানৰ ভিতৰত নামফাকে নামৰ ঠাইত ধুনীয়াকৈ টুৰিজিমৰ ব্যৱস্থা কৰিছে পেইম থী গোহাঁই নামৰ এগৰাকী ব্যক্তিয়ে। মাজুলীতো একেদৰেই ৰিলিজিয়াচ টুৰিজিমৰ বাবে থলুৱা যুৱকে আন্তঃগাঁঠনি তৈয়াৰ কৰিছে। এইবোৰৰ বিষয়ে সবিশেষ আমি পাছৰ প্ৰৱন্ধবোৰৰ যোগেদি আলোকপাত কৰিবলৈ চেষ্টা কৰিম।
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment