ৰূপালী পৰ্দাঃ হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' :: ড° অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ  হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' :: ড° অজয় লাল দত্ত

ৰূপালী পৰ্দাঃ হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' :: ড° অজয় লাল দত্ত

Share This

 হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' 

AJOY LAL DUTTA,RUPALI-PARDA,ৰূপালী পৰ্দা,অজয় লাল দত্ত, হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' DON'T LOOK UP, Leonardo DiCaprio
ড° অজয় লাল দত্ত
জীৱনৰ শেষত ৰৈ আছে মৃত্যুৰ দুৱাৰদলি,
মাথো গৰকাৰ দিনটিত হওক, প্ৰশান্তি আৰু নিৰিবিলি...

প্ৰতিজন মানুহেই জীৱনৰ চৰম সত্যটো জানে। বুজে, সৃষ্টি মানেই তাৰো থাকিব একোটা অন্ত। কিন্তু জীৱন কালত আমি সকলোৱেই বিচাৰো মন-পচন্দৰ একোটা জীৱন, পূৰাব বিচাৰো হাজাৰ হাবিয়াস। পৰিয়াল, পৰিজন, সমাজ, দেশ, সকলোৰে সৈতে ভৰপূৰ সময়ৰ আনন্দ বিচাৰো। পুৰুৰ দৰে চিৰদিনীয়া যৌৱনৰ বাসনা বুকুত বান্ধিও  কামনা কৰো প্ৰশান্তিৰে বিদায় লোৱাৰ এটি এৰাব নোৱাৰা এটি শাশ্বত প্ৰাৰ্থনা!
AJOY LAL DUTTA,RUPALI-PARDA,ৰূপালী পৰ্দা,অজয় লাল দত্ত, হেৰাব খুজিও কিয় কব খোজো 'ডণ্ট লুক-আপ' DON'T LOOK UP, Leonardo DiCaprio
অসমীয়াত দুষাৰ কথা আছে যে 'চাপৰিলেই মেঘ নেৰায়' আৰু 'বিপদ দেখিলে উটপক্ষীয়ে বালিত মূৰ গুজে'! তাৰ অৰ্থ হৈছে, সমুখত প্ৰত্যাহ্বান থিয় দিয়া দেখি তাক আওকান কৰিলে বুলিয়েই আহি থকা বিপদ আঁতৰি নাযায়। আৰু বহুতেই নিজৰ ব্যক্তিগত লাভালাভৰ অংকৰ বাবে সমুখত ৰাজহুৱা বা সামুহিক লোকচান বা শংকাৰ বিষয় দেখিলেও উটপক্ষীৰ দৰে বালিত মূৰ গুজি নেদেখাৰ ভেশচন ধৰিবলৈ ধৰে। ডণ্ট লুক আপ (Don't Look Up) নামৰ আমেৰিকান চিনেমাখনে যেন বিশ্বৰ পৰিবৰ্তিত পৰিৱেশৰ সমস্যাৰাজি, গ্লৱেল ৱাৰ্মিঙ অথবা অন্যগ্ৰহ-গ্ৰহানুৰ পৰা হব পৰা ক্ষতিকে ধৰি ধৰি পৃথিৱীৰ ভৱিষ্যত আৰু মানৱকূললৈ আহি থকা সৰ্বনাশী সম্ভাৱনাবোৰক লৈ আধুনিক মানুহে এই প্ৰযুক্তিৰ দিনতো কিদৰে নিঃকিন প্ৰতিক্ৰিয়া বা সঁহাৰি দিয়ে তাকেই যেন ভ্ৰুকুটি দেখুৱাবৰ বাবে প্ৰয়াস কৰিছে। #বিশ্ব_চিনেমাত_জীৱন_বীক্ষা চিৰিজৰ এই লেখাটিৰ মাজেদি সেয়ে কিছু কথা অৱতাৰণা কৰাৰ প্ৰয়াস কৰিছো।

এই চিনেমাখনক ব্লেক কমেডী ধাৰাৰ (Genre) বুলি আখ্যা দিয়া হৈছে যদিও ই এপোকেলিপ্টিক (Apocalyptical) অথবা বিশ্ব ধ্বংস হোৱাৰ কাল্পনিক অৰ্ধ-ছায়ফিক কাহিনীক লৈ ব্যংগৰ এক সম্পৰীক্ষা ৰূপেও অভিহিত কৰিব পাৰি। ডণ্ট লুক-আপ ২০২১ৰ ডিচেম্বৰ মাহত নেটফ্লিক্সত সৰ্বাধিক চৰ্চিত আৰু দৰ্শকপ্ৰাপ্ত চিনেমা ৰূপে পৰিগণিত হৈছিল। গল্ডেন গ্লোৱ এৱাৰ্ডত এই চিনেমাই শ্ৰেষ্ঠ চিনেমা (মিউজিকেল বা ব্যংগ), শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী (মিউজিকেল বা ব্যংগ) আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে নমিনেচন লাভ কৰিছিল। ডেট্ৰইট ফিল্ম ক্ৰিটিক চ'ছাইটি এৱাৰ্ডত ই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰো লাভ কৰিছে।

কিন্তু, এপোকেলিপ্টিক ধাৰাৰ ছবিৰ বাবে খ্যাত তথা 'Day After Tomorrow' চিনেমাৰ পৰিচালক ৰোনাল্ড এমেৰিচে পিছে এই চিনেমাত হাস্য-ব্যংগৰ প্ৰলেপৰ বাবে পৃথিৱীৰ ধ্বংস হোৱাৰ ভয়াবহতাৰ কথাখিনিক চিনেমাখনে দৰ্শকৰ মনলৈ যথেষ্ট শংকাৰূপে ভৰাই দিয়াত বিফল হোৱা বুলিহে সমালোচনা কৰিছে। তেওঁৰ চিনেমাখনে গ্লৱেল ক্লাইমেট চেঞ্জক লৈ যি ধৰণৰ সজাগতা সৃষ্টিত অৰিহণা যোগাইছে, তাৰ তুলনাত ডণ্ট লুক-আপ চিনেমাখনে বাৰ্তাবহনত বিশেষ কুশলতা দেখুৱাব নোৱাৰিছে বুলিও মত প্ৰকাশ কৰিছে। যেনেকৈ সকলো পৰিচালক বা লেখকৰে দৃষ্টিভংগী আৰু ষ্টাইল তথা সৃষ্টিৰ শৈলী একক, সেইদৰে আমি চাব লাগিব যে এইখন চিনেমাৰ পৰিচালকজননো কোন? পৰিচালক আডাম মেকে (Adam McKay) পৰিচিত এগৰাকী ব্যংগ লেখক আৰু ব্যংগ-শিল্পী হিচাবে। চেটাৰডে নাইট লাইভ নামৰ ব্যংগ চিৰিজৰ শ্বৰ লেখক আৰু আপৰাইট চিটিজেনচ ব্ৰিগেড নামৰ ষ্টেণ্ড-আপ কমেডী গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপক হিচাবে খ্যাতি লভা আডামৰ সৃষ্টিত সেয়ে হাস্য-ব্যংগৰ দৃষ্টি, সমাজৰ ভাওনাবোৰৰ ওপৰত কটু ভ্ৰুকুটি স্পষ্টকৈ বিদ্যমান হোৱাটো যেন স্বাভাৱিকেই। চিনেমাখনত টাইটানিকৰ জেক খ্যাত লিঅ'নাৰ্ড ডাইকেপ্ৰিঅ' আৰু ২০১৫-১৬ চনত বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰাৰ সুখ্যাতি লভা জেনিফাৰ লৰেঞ্চয়ে মূল ভূমিকাত অভিনয় কৰিছে। আমেৰিকান ষ্টাৰ মেৰি লৌজি ষ্ট্ৰীপ, ৰব মৰগান আদিকে ধৰি বহুকেইজন আগশাৰীৰ ষ্টাৰৰ অভিনয়েৰে সমৃদ্ধ হৈছে চিনেমাখন। চিনেমাখনৰ সন্দৰ্ভত পৰিচালক, প্ৰযোজক আডামে মতামত প্ৰকাশ কৰিছিল এইদৰে-"This movie came from my burgeoning terror about the climate crisis and the fact that we live in a society that tends to place it as the fourth or fifth news story, or in some cases even deny that it's happening, and how horrifying that is, but at the same time preposterously funny". যান্ত্ৰিক পৃথিৱীত আধুনিক যন্ত্ৰ মানৱলৈ পৰিণত হোৱা মানুহ নামৰ জীৱ-বিধে আজিৰ দিনত যিকোনো গুৰুতৰ ৰাজহুৱা সমস্যাকো কিদৰে লঘু কথালৈ পৰিগণিত কৰাৰ পৰিৱেশত বাস কৰিব লগা হৈছে। চিনেমাখনে সেই লাজ লগা অৱস্থাকে প্ৰতিফলিত কৰিছে।

যদিও এটি বিশাল ধুমকেতুৱে পৃথিৱীত খুন্দা মাৰি ছমাহৰ ভিতৰতে গোটেই মানৱ সভ্যতা সহ পৃথিৱীখন ধ্বংস কৰাৰ সম্ভাৱনা প্ৰতিষ্ঠিত বিজ্ঞান-সন্মত পদ্ধতিৰে বিজ্ঞানীয়ে প্ৰকাশ কৰাৰ কাহিনীৰে চিনেমাখন আগবাঢ়ি গৈছে। এই মূলত ৰাজহুৱা সমস্যাক লৈ ব্যক্তি, গোট, ৰাজনৈতিক, ব্যৱসায়ী, সাংবাদিক আদিয়ে নিজা নিজা লাভ-লোকচানৰ অংকৰে চিৰিয়াছ কথা এটাকো তুলাচনীত তুলিবলৈ আৰম্ভ কৰি দিয়াৰ যি নব্য-ধাৰা ইয়াত প্ৰতিফলিত হৈছে। ৰাজনৈতিক নেতাৰ প্ৰতিটো কথাতে পুঁজিৰ অংক, ভোটৰ অংক, সাংবাদিকৰ ভোটৰ অংক আৰু পুঁজিবাদীৰ শ্বেয়াৰ বজাৰৰ উত্থান-পতন আৰু মুনাফাৰ অংক, সেই বোৰৰ আগত যে সামূহিক স্বাৰ্থৰ কথাবোৰ তেনেই অৰ্থহীন-অদৰকাৰী হেন কথালৈ পৰিগণিত হয়, সেই লাজলগা বাস্তৱতাকেই চিনেমাখনে উদঙাই দিছে। প্ৰিয় পৃথিৱীখনেই হেৰাব বুলি জানিও আকাশৰ পৰা ক্ৰমাত কাষ চাপি অহা বিপদ বিশাল ধুমকেতুলৈ নাচাবলৈ দিয়া 'ৰাজনীতিৰ ধুমুহা'ৰ আহ্বানত ব্যস্ত হোৱা যি-জাক ধুমুহা চিনেমাখনত দেখুওৱা হৈছে, সেয়া বাস্তৱতে যেন প্ৰতীকি স্বৰূপহে! আমি কেনেকৈ ৰাজনেতাৰ প্ৰপাগাণ্ডাৰ জোৱাৰত বিবেচনাহীন হৈ উটি-ভাঁহি যোৱাৰ এখন সমাজ গঢ়িছো...তাৰেই প্ৰতিফলন! 

লছ-এঞ্জেলছ টাইমছত প্ৰকাশিত আলোচনাত চিনেমাখনে 'আমেৰিকান ইডিঅ'ক্ৰেছীৰ বাস্তৱতাৰ ভয়াবহতা'ক উদঙাই দিয়া বুলি উল্লেখ কৰিছে। এইখন সমাজত অৰ্থহীন মনোৰঞ্জন, অনাহক হিংসাহে অধিক প্ৰয়োজনীয় হৈ দিনে দিনে দেখা দিয়াৰ বিপৰীতে বিশ্বৰ সামুহিক বোধগম্যতাই নিম্নতম স্তৰ চুবলৈ ধৰাৰ কথাও এই চিনেমাই চিন্তাজনক ভাৱে উজ্বলাই তুলিছে। আমেৰিকাৰ ৰাইট-ৱিং প্ৰকাশন সংস্থাবোৰে আশা কৰা ধৰণৰেই এই চিনেমাৰ বিষয়ে ঋণাত্মক সমীক্ষা প্ৰকাশ কৰিছে, কাৰণ এই চিনেমাই যেন ট্ৰাম্প প্ৰশাসনৰ পাৰিপাৰ্শ্চিকতা সলনিৰ প্ৰতি উদাসীনতা, পুঁজিবাদী মুনাফালোভক ব্যংগৰ বোকোচাত বহাই মানুহৰ মাজলৈ পঠোৱাৰ এক প্ৰয়াস বুলিহে গণ্য কৰিছে।
এই চিনেমাত প্ৰকাশ পোৱা আৰু এটা দিশ হৈছে যে, কেনেকৈ ধন থাকিলেই সমাজ বা দেশ এখনত প্ৰভাৱী হব পাৰি। আনকি এজন অতি ধনী যদি শাসকজনৰ মূল চান্দাৰ আধাৰ হয় বা পৃষ্ঠপোষক হয়, তেন্তে তেৱোঁ কেনেকৈ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দৰে স্পৰ্শকাতৰ ক্ষেত্ৰতো 'বিনা-অভিজ্ঞতা অথবা অৰ্হতা'ৰেই চৰকাৰ এখন পলিচি মেকিংৰ উপদেষ্টা হোৱাটোও সম্ভৱ হয়। সেই কথাটোত যেন কেৱল আমেৰিকা নহয়, ই সমগ্ৰ বিশ্বৰেই ৰাজনৈতিক ব্যক্তিৰ বা পুঁজি থকা ধৰ্নাঢ্যৰ 'অৰ্হতাহীন' নিযুক্তিবোৰকেই হাঁহিয়াতৰ পাত্ৰ কৰি দেখুৱাবলৈ সক্ষম হৈছে। সেই কথা আনকি অসমৰ দৰে এখন ৰাজ্যৰ বাসিন্দা এজনেও নিজা ঠাইৰ কাহিনী বুলি আত্মীয়তা অনুভৱ কৰিব। বিহুগীতৰ গায়নত বিশেষজ্ঞ এজনে যেতিয়া চহৰীয়া পয়ঃপ্ৰনালীৰ চোৱাৰ ৰাজনৈতিক দায়িত্ব পায়, অভিনেতা এজনে বিদ্যুত বিভাগৰ ব্যৱসায়ৰ, বুৰঞ্জীক বিষয় লৈ পঢ়া এজনে যেতিয়া কেন্দ্ৰীয় বেংকৰ, তেনেকুৱা সময়ত এনে চিনেমাৰ মাজত ভাৰতীয় দৰ্শকেও ৰস নিজে নিশ্চয়কৈ বিচাৰি পাব।

অবিজ্ঞানসন্মত অনুশীলনত ব্যস্ত এখন সমাজত এজন বিজ্ঞানী হোৱাটো কিমান হতাশাজনক কথা আৰু বিজ্ঞানসন্মত এটা কথা সমাজক বুজোৱাটো কিমান কষ্টসাধ্য সেই কথা এই চিনেমাত দেখিবলৈ পোৱা যায়। চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা টুলুঙা কথা এটাৰ সহজ প্ৰচাৰৰ বিপৰীতে সমাজৰ কামত অহা দৰকাৰী-বিজ্ঞানসন্মত কথা এটাক ৰাজী নোহোৱা, প্ৰচাৰৰ বাবে ৰাজী নোহোৱা যিখন সমাজ চিনেমাখনত দেখুওৱা হৈছে, ই সঁচাই মানুহ সঁচাকৈয়ে আধুনিক হৈছেনে তাৰ ওপৰতে প্ৰশ্নবোধকৰ সৃষ্টি কৰে। এই চিনেমাখনে বিজ্ঞান আৰু পৰীক্ষামূলক কথাৰ ক্ষেত্ৰত Peer Review  প্ৰচেছটোৰ ওপৰত এটি সুন্দৰ বাখ্যা দেখুৱাবলৈ সক্ষম হৈছে। অসমত বৰ্তমানেও বিতৰ্ক চলি থকা ডাঃ ধনীৰাম বৰুৱাৰ তথাকথিত গৱেষণাবোৰৰ ফলাফলবোৰ কিয়, Peer Review জাৰ্নেলৰ জৰিয়তে বিশ্বৰ বিজ্ঞানী সমাজত প্ৰতিষ্ঠিত হোৱা নাই, কেৱল মেডিয়া কৰচাজিত পৰিণত হৈছে, সেই কথাটোও চিনেমাখন চালে নকৈ চিন্তা কৰাৰ পোখা পোৱা যায়। গৱেষণাৰ ফলাফল একোটা যে একে অৰ্হতাৰ আৰু একে গৱেষণাক্ষেত্ৰৰ অন্যান্য গৱেষক সকলে বিচাৰ কৰি চোৱাৰ পাছত সেই গৱেষণা সঁচাকৈ বিজ্ঞান-সন্মত নে, তাৰ মেথডলজি, তাৰ বিশ্লেষণ আৰু তাৰ বাখ্য সকলো বাস্তৱিক হয়নে সেয়া বিচাৰ কৰি চোৱাৰ কিমান দৰকাৰ সেই কথাও ব্যংগৰ মাজেৰেও এটা তিতা বাস্তৱ চিনেমাখনে উদঙাই দেখুৱাইছে। সমকালীন সময়ত সমাজখনক চিকুটি চাবলৈ এই প্ৰাপ্তবয়স্কৰ এই চিনেমাখনে বহুখিনি চিন্তাৰ সমল যোগাব পাৰিছে বুলি অনুভৱ কৰিব পাৰি। বিভিন্ন দেশৰ বিজ্ঞানী সমাজৰ ফালৰ পৰা এই ব্যংগাত্মক চিনেমাখনৰ প্ৰতি যোগাত্মক সঁহাৰি বা ৰিভিউ অহাৰ কথাও প্ৰকাশ পাইছে।

এগৰাকী চিনেমা-ৰসিক, সমালোচক অমাৰি গেইটাৰে লিখিছে-"Don't Look Up shows us what happens if we wait too long to interrogate our culture and ourselves, lose sight of truth, and fail to take action". কেৱল ধনৰ বলেৰে ক্ষমতাক হাতোৰা লগাই চলাবলৈ দৌৰা অন্তহীন স্বপ্নবিলাসী ব্যৱসায়ীৰ হাতত পৰি ৰাজনীতিবিদে কেনেকৈ ধ্বংস হব লগা পৃথিৱীখনৰ ভয়ংকৰ শংকাতকৈ, সেই শংকাক চাকৰি, লাভালাভ, শ্বেয়াৰ মাৰ্কেট, ভোটৰ অংকলৈ ৰূপান্তৰ কৰাৰ গণ-সন্মোহন সৃষ্টিৰ বাবে ক্ষমতা, মেডিয়া, মেনুপুলেচনৰ সহায় লব পাৰে, তাক নগ্ন ভাৱে উন্মোচন কৰাত সময়োপযোগী হিচাবেই নিৰ্মাতা আডাম মেকে সফল হৈছে। এই চিনেমাই ডিজিটেল যুগৰ চ'ছিয়েল মেডিয়া, গণ-উন্মাদনাৰ সৃষ্টি কৰিব পৰা চৌবিশ ঘণ্টীয়া গণ-মাধ্যম আৰু পুঁজিৰ হাতোৰাত বন্দী হোৱা, চেতনাহীন হোৱা ৰাজনৈতিক শক্তিকেন্দ্ৰবোৰৰ উপস্থিতিত ক্ৰমাত 'মানুহৰ সমাজ চেতনা' ক্ৰমাত 'মানুহৰ পৃথিৱী'ৰ বাবেই কিদৰে প্ৰত্যাহ্বান হৈ উঠিছে, তাক ব্যংগৰ তীক্ষ্ণ ধাৰেৰে প্ৰশ্ন তুলিছে। এই চিনেমাৰ সাৰ্বজনীন ভাষ্যখিনিক যিমানে বিশ্বৰ ভিন্ন দেশৰ মানুহে হৃদয়ংগম কৰিব পাৰে, সিমানেই মানৱ জাতিৰ বাবে মংগল হব। কাৰণ, পৃথিৱী থাকিলেহে মানৱকূলো থাকিব, আৰু সেয়ে দেশ, সীমা, নীতি-অনীতিৰ উৰ্ধতো সচেতন হৈ মানুহ সমবেত হব লাগিব পৃথিৱী ৰক্ষাৰ পক্ষে, সামূহিক সমস্যাবোৰৰ বিৰুদ্ধে, জীৱকূলৰ ৰক্ষাৰ পক্ষে। বেদতো লিখিছে, Man can live individually, but can survive only collectively.  জীৱন থাকিলেহে, পৃথিৱী থাকিলেহে লাভ-লোকচান-ভোট, বাদ-বিবাদ, নীতি-অনীতি থাকিব, সেই কথাযে আমি সকলোৱেই হৃদয়ংগম কৰি আগবাঢ়িব লাগিব, সেই কথাহে কিন্তু নিশ্চিত।
চিনেমাখন চাবৰ বাবে নেটফ্লিক্সৰ পেইড লিংকঃ
https://www.netflix.com/title/81252357
এড চাপোৰ্টেড লিংকঃ
লেখকৰ আনবোৰ লেখাৰ বাবে সুখ-দুখৰ একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/AJOY%20LAL%20DUTTA
লেখকৰ নিজা ব্লগ 'লাল-ইংক'ৰ লিংকঃ
https://lal-ink.blogspot.com/2022/02/dont-look-up.html

No comments:

Post a Comment