অসমত শিক্ষাৰ মাধ্যম হিচাবে জনজাতীয় ভাষাঃ সংশয় বনাম সম্ভাৱনা
ৰয়েল পেগু
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত সাত ফেব্ৰুৱৰীত ভাৰতীয় সংবিধানৰ ৩৫০ (ক) অনুচ্ছেদ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ মর্মে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনজাতীয় ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাটো জনজাতীয় ভাষাৰ বাবে নিশ্চিতভাৱেই ভাল খবৰ। অৱশ্যে ই বাস্তৱত কিমান কাৰ্যকৰী হ'ব সময়তহে ক'ব পৰা যাব।
সিদিনা ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আৰু শিক্ষা বিভাগৰ উচচ পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত খিলঞ্জীয়া জনজাতীয় সহিত্য সভা, অসমৰ প্ৰতিনিধিবৰ্গৰ মাজত অনুষ্ঠিত হোৱা এক আলোচনাত মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাক পঞ্চম শ্ৰেণীলৈ, কাৰ্বি ভাষাক অষ্টম শ্রেণীলৈ, বড়ো ভাষা আৰু গাৰো ভাষাক দ্বাদশ শ্রেণীলৈ নীতিগতভাৱে শিক্ষাৰ মাধ্যম হিচাপে আৰু ডিমাচা ভাষাক বিষয় ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। স্বকীয় ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিয়েই এটা জাতিৰ অস্তিত্বৰ প্ৰথম পৰিচয়। সাহিত্য হৈছে এটা জাতিৰ দপোণস্বৰূপ। জনজাতীয় ভাষাক জীয়াই ৰাখি প্ৰচাৰ-প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰটো নীতিগত কথা।
শিক্ষাবিদসকলে এই বিষয়ত একমত প্রকাশ কৰিছে যে প্রাথমিক স্তৰত শিশুৱে মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্রহণ কৰিব লাগে। খেল-ধেমালি, গীত-অভিনয়, কথোপকথন, অংগ-ভংগী আদিৰে শিশুৰ জীৱনৰ আদিপাঠ দিয়া হয়। এই ক্ষেত্ৰত মাতৃভাষাহে উত্তম মাধ্যম। সকলো জাতিৰ বাবেই মাতৃভাষা প্ৰাণৰো আপোন। এটা ভাষাত যিমান উৎকৃষ্ট সাহিত্য সৃষ্টি হ'ব সেই সংশ্লিষ্ট জাতিটো সিমানেই সভ্যতাৰ পথত আগুৱাব। অসমৰ প্ৰতিটো জনজাতীয় জনগোষ্ঠীৰে স্বকীয় ভাষা-সাংস্কৃতিক সম্ভাৰেৰে চহকী। তদুপৰি জনজাতীয় ভাষাসমূহৰ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তনৰ ফলত লোকসাহিত্য, কলা-কৃষ্টি তথা জনগোষ্ঠীটোৰ অতীত বুৰঞ্জীৰ সমল আদি উদ্ভাৱন, সংৰক্ষণ, গৱেষণা আদি মৌলিক বিষয়বোৰৰ নতুন গতি লাভ কৰিব। মাতৃভাষাৰ শিক্ষাৰ মাধ্যমে ছাত্ৰ-ছাত্ৰীক ছাত্ৰাৱস্থাতে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে নতুন লেখক-লেখিকাৰ সৃষ্টিৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব। ভাষা-সাহিত্য চৰ্চাৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠিব।
সাহিত্য সভাৰ অধিৱেশনবোৰ জাকজমকতাৰ মাজেৰে উদযাপন কৰিলেই নহ'ব, ভাষা-সাহিত্য চর্চা, বিকাশৰ এক সুস্থ-সবল ভেটি তথা পৰিৱেশ ৰচনা কৰি আগুৱাব লাগিব। উঠি অহা চামক নিজৰ ভাষা-সাহিত্য, সংস্কৃতিৰ প্ৰতি আকর্ষিত কৰিব লাগিব। এই ক্ষেত্ৰত গুৰি ব'ঠা ধৰিব লাগিব জনজাতীয় সাহিত্য সভা আৰু শিক্ষিত সমাজে। নিজৰ মাতৃভাষাৰ প্ৰতি অৱহেলাই নিজৰ জাতিৰ পৰিচয় আৰু অস্তিত্বৰ প্রতিয়েই বিপদ মাতি আনে। ইপিনে বিশ্বায়নৰ অপ-সংস্কৃতিৰ আগ্ৰাসনত ক্ষুদ্র ক্ষুদ্র জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি দিনে দিনে বিপন্ন হৈ উঠিছে। বিশ্বায়নৰ কবলত পৰি সম্প্ৰতি দৈনিক পৃথিৱীৰ বুকুৰ পৰা এটাকৈ ভাষাৰ অপমৃত্য ঘটিছে। দৈনিক পৃথিৱীৰ বুকুৰ পৰা বহু ভাষাৰ অপমৃত্যুৱে মানৱ ভাষাৰ ইতিহাস বিকলাংগ কৰি তুলিছে। বর্তমান পৃথিৱীত বাছি থকা বহু ক্ষুদ্র ক্ষুদ্র ভাষাই অস্তিত্বৰ সংকটৰ গৰাহত। এটা ভাষাৰ অপমৃত্যু মানে মানৱ সভ্যতাৰ বাবেই অপূৰণীয় ক্ষতি। এটা ভাষাৰ মৃত্যুৰ অৰ্থই এটা স্বকীয় জাতিৰ মৃত্যু। বিশ্বায়নৰ কবলত পৰি আজি সমগ্র বিশ্বই নিজৰ মাতৃভাষাক পাহৰি গৈছে। লগে লগে ইংৰাজী ভাষিক সাম্রাজ্যবাদৰ কবলত পৰি ইতিমধ্যেই বহু ভাষাৰ বিলুপ্তি ঘটিছে। সৰ্বোপৰি বিশ্বায়নৰ কোবাল ধুমুহাই আজি জনজাতীয় ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ উৰ্বৰা পথাৰলৈ নমাই আনিছে অনিশ্চিত ভৱিষ্যত।
ৰাজ্য চৰকাৰে অসমৰ জনজাতীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱর্তনৰ সিদ্ধান্ত ল'লেও ৰাইজৰ মাজত সংশয় নথকা নহয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৯৮৫ চনৰ ৩০ অক্টোবৰত ৰোমান লিপিৰে মিচিং দোৱানক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে। সেইমতে, ১৯৮৬ শিক্ষাবৰ্ষৰ পৰা শতকৰা এশগৰাকী মিচিং ছাত্র-ছাত্রী থকা অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত তৃতীয় আৰু চতুর্থ শ্রেণীত মিচিং ভাষাটোক তিনি বছৰ প্রস্তুতি পর্যায় হিচাপে অন্তর্ভুক্ত কৰি মিচিঙক ভাষা বিষয় হিচাপে প্রৱর্তন কৰে। তদুপৰি এই তিনি বছৰীয়া প্রস্তুতি পর্যায় সমাপ্ত হোৱাৰ পিচত সেই স্কুলসমূহত শিক্ষাৰ মাধ্যম মিচিং কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিল। সেইমতে, চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রথমতে মিচিং লোকপ্রধান তেৰটা মহকুমাৰ ৭৬৫ খন প্রাথমিক বিদ্যালয়ৰ তালিকা প্রস্তুত কৰে। পৰবৰ্তী সময়ত চৰকাৰে বিভিন্ন মিচিং অধ্যুষিত প্রাথমিক বিদ্যালয়ত দুটা পৰ্যায়ত মুঠ ২৩০ গৰাকী মিচিং ভাষা শিক্ষক নিযুক্তি দিয়ে। কিন্তু বিগত প্রায় ডেৰকুৰি বছৰে মিচিং ভাষা শিক্ষাৰ মাধ্যম হোৱা তথা ওপৰ শ্ৰেণীলৈ প্ৰৱৰ্তন কৰাটো দূৰে কথা ২৩০ গৰাকী মিচিং ভাষা শিক্ষকৰ ভিতৰত বিগত দিনত বহুগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিলে, বহুজন পৰলোকগামী হ'ল। কিন্তু সেই পদবোৰ পূৰণ নহ'ল।
আজিও শ শ বিদ্যালয়ৰ হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাৰ জ্ঞান আহৰণৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে। চৰকাৰে প্ৰাথমিক পর্যায়ত শিশুৱে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণক মৌলিক অধিকাৰ বুলি ঘোষণা কৰাৰ পাচতো হেজাৰ হেজাৰ শিশু ছাত্ৰ-ছাত্ৰীৰ নিজৰ মাতৃভাষাৰ জ্ঞান লাভৰ পৰা বঞ্চিত কৰি চৰকাৰে নিজেই মৌলিক অধিকাৰ খর্ব কৰি আহিছে। জনজাতীয় সাহিত্য সভাসমূহে নিজৰ নিজৰ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ সকলো প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিজৰ ভাষাক শিক্ষাথ মাধ্যম হিচাপে প্ৰৱর্তনৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্রহণ কৰাৰ লগতে প্রয়োজনীয় পাঠ্যপুথি প্রণয়ন, শিক্ষণ-শিকন সামগ্রী প্রস্তুতৰ ক্ষেত্ৰত চৰকাৰক হেঁচা দি থাকিব লাগিব। তদুপৰি মন কৰিব লাগিব যাতে ছাত্র-ছাত্ৰীৰ অভাৱত জনজাতীয় ভাষাৰ মাধ্যমৰ বিদ্যালয় অকালতে বন্ধ নহয়। সাম্প্রতিক বিশ্বায়নৰ যুগত ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতীয় জাতিগোষ্ঠীসমূহে স্বকীয় ভাষা-সংস্কৃতি সংৰক্ষণ তথা বিকাশৰ বাবে জাতিপ্রেমী ৰাইজে অহোপুৰুষাৰ্থ নকৰিলে কাল ধুমুহাত জাতিৰ পৰিচয় আৰু বিলীন হৈ যাব।
লেখকৰ ম'বাইল: 9954638967, লেখক জোনাই নিবাসী এগৰাকী জ্যেষ্ঠ সাংবাদিক। লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে। তেখেতৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ লিংক ক্লিক কৰকঃ
-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
Youtube চেনেল xukhdukh ত চাওক,
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
No comments:
Post a Comment