মনৰ কথাঃ প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়?  :: শোণিত কুমাৰ গোস্বামী

মনৰ কথাঃ প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়? :: শোণিত কুমাৰ গোস্বামী

Share This

প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়?

শোণিত কুমাৰ গোস্বামী

প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়? , শোণিত কুমাৰ গোস্বামী, অসমীয়া, প্ৰবন্ধ, Assamese, UPSC

ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন চমুকৈ ইউপিএছচি, অসমীয়া অনুবাদ কৰিলে এয়া হৈ পৰিব কেন্দ্ৰীয় লোকসেৱা আয়োগ। ইউপিএছচিৰ বিষয়ে অতি কম সংখ্যক অসমীয়া মানুহেহে ভালকৈ জানে। কেৱল প্ৰথম শ্ৰেণীৰ বাবেই নহয়, কিমান সংখ্যক বিভিন্ন স্তৰৰ কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া UPSC য়ে চলায়, তাৰ বিষয়ে কিন্তু সবিশেষ জ্ঞাত নহয়। কিন্তু অসম লোকসেৱা আয়োগৰ নাম নুশুনা ব্যক্তি কিজানি অসমত নোলাব কিয়নো উচ্চস্তৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ সলনি কেৱল কেলেংকাৰীবোৰৰ বাবে এই আয়োগ ইমানকৈ বাতৰি কাকত আৰু টিভি মধ্যমত আহি থাকে যে অসমীয়া ৰাইজে এয়া খাই নে পিন্ধে ভালকৈয়ে জানে।

প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়? , শোণিত কুমাৰ গোস্বামী, অসমীয়া, প্ৰবন্ধ, Assamese, UPSC

একাংশ অসমীয়াই আকৌ এপিএছচিক ভাল পায় কিয়নো বেছিকৈ পঢ়াশুনা নকৰিলেও কেইলাখমান টকা যোগাৰ কৰি দিব পাৰিলে এটা ভাল ৰাজপত্ৰিত বিষয়াৰ চাকৰি পোৱা যায় বুলি সকলোৱে গুণাগাঁথা কৰে বাবেই! কাম নকৰি সহজতে ধন ঘটাৰ মানসিকতা আছে বুলি সততে অভিযোগ থকা অসমীয়া জাতিটোৰ এটা প্ৰজন্ম এতিয়াও এই স্বপ্নতেই বন্দী। সেয়েহে ৰাজ্যিক চৰকাৰী চাকৰি এটা পাম বুলি সকলোৱে মনত সপোন নৰখাকৈ নাথাকে। ইউপিএছচিৰ কথা উল্লেখ কৰি এইখিনি কথাৰ অৱতাৰণা কৰাৰ প্ৰয়োজনীয়তা আছিল। অসমীয়া সন্তানে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যিকোনো পৰীক্ষা দিবলৈ যিকণ মানসিকতা লাগে তাৰ পৰা এতিয়াও সামাজিকভাৱে বঞ্চিত হৈ আছে। অসমীয়া সমাজৰ ডাক্তৰ-ইঞ্জিনিয়াৰ পৰীক্ষাৰ বাবে যিখিনি প্ৰতিযোগিতামূলক চিন্তাধাৰা আছে সেই একেই চিন্তাধাৰা সৰ্বভাৰতীয় প্ৰশাসনীক সেৱাৰ পৰীক্ষাৰ বাবে তিলমানো নাই।


কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা, ২০২০ৰ ফলাফল বিগত ২৪ ছেপ্তেম্বৰ তাৰিখে ঘোষণা কৰা হয়। প্ৰত্যাশিতভাৱে আমাক গৌৰৱাণ্বিত কৰিবলৈ এইবাৰৰ তালিকাৰ শীৰ্ষস্থানবোৰত কোনো অসমীয়া নাছিল। কেৱল হাইলাকান্দি জিলাৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে ২৮৩ সংখ্যক স্থান দখল কৰিছে। তেওঁৰ বাদে অসমৰ পৰা অন্য কোনোৱে উল্লেখ্যযোগ্য সফলতা পোৱা নাই। কেন্দ্ৰীয় লোকসেৱা আয়োগে আয়োজন কৰা সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত লোভনীয় আৰু ক্ষমতাবান সেৱাকেইটা মুখ্যত তিনিটা, সেইকেইটা হৈছেঃ ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু বাকী হৈছে কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ এ আৰু গ্ৰুপ বি। গতিকে স্থানপ্ৰাপ্তৰ তালিকাৰ শীৰ্ষৰ ২০০লৈ স্থান পোৱাসকলেহে (সাধাৰণ বৰ্গৰ, সংৰক্ষিতৰ কথাটো বেলেগ) এই তিনিটা সেৱাত যোগদান কৰাৰ সুবিধা লাভ কৰে। অত্যন্ত কঠিন পৰীক্ষা আৰু জটিল সাক্ষাৎকাৰ ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে অধ্য়য়নৰ লগতে মানসিকতাৰ আৱশ্যক। এই ক্ষেত্ৰত আমি অসমীয়া পাছ পৰি ৰৈছোঁ। যি একাংশ অসমীয়াই এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান সেৱা আগবঢ়াই আছে বা যিসকলে ইতিমধ্যে এই সেৱাৰ পৰা অৱসৰ লৈছে তেওঁলোকে নিজৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিহে এই পৰীক্ষাত সফলতা পোৱা বুলি অভিহিত কৰিব পাৰি। কিন্তু অন্য ৰাজ্যবোৰৰ ক্ষেত্ৰত যেনে ধৰক বিহাৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, দিল্লী আদিত কেন্দ্ৰীয় অসামৰিক পৰীক্ষাৰ বাবে এটি বিচিত্ৰ পৰিৱেশ আছে। এই ঠাইবোৰত শিক্ষাৰ্থীসকলে খাওঁতে-উঠোতে-বহোতে-শুওঁতে কেৱল ইউপিএছচিৰ কথা চিন্তা কৰিহে দিন অতিবাহিত কৰে। গতিকে সেই ৰাজ্যবোৰৰ ক্ষেত্ৰত সফলতা বহল পৰিসৰত আহে।


অসমীয়া সকল তেন্তে কিয় পাছ পৰি ৰয়! এটা ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশক বাদ দি আমাৰ অসমীয়াৰ বৃহত্তৰ গোটৰ অধিকাংশৰে জীৱন যাপনৰ মান আচৰিত ধৰণে সৰল। প্ৰাকৃতিক সম্পদৰে উভৈনদী হৈ থকা কথাটোৱে হওক বা জীৱন-সমাজক লৈ সহজ-সৰল চিন্তাৰ বশৱৰ্তী হৈ থাকে বাবেও অসমীয়া শিক্ষাৰ্থী এনে কঠিন পৰীক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ উঠিৱ নোৱাৰে। দিল্লীলৈ আইএএছ হম বুলি স্বপ্ন লৈ অহা অনেক শিক্ষাৰ্থী ইয়াত কিদৰে চহৰৰ মায়াজালত বিচলিত হৈ পৰে সেয়া মই নিজেই দেখিছোঁ। ঘৰলৈ উভটি গৈ অসমতেই কিবা এটা কৰাৰ চিন্তাই এই পৰীক্ষাৰ ক্ষেত্ৰত অসমীয়াক সফলতাৰ পৰা আঁতৰত ৰাখিছে। ইয়াৰ উপৰি অসমীয়া সমাজত পেছাগত কেন্দ্ৰীক অভিমান কেৱল ডাক্টৰ-ইঞ্জিনিয়াৰতেই সীমাৱদ্ধ হৈ আছে। বিষয়া হোৱাৰ হেঁপাহ বা চৰকাৰী বাবুৰ ক্ষমতা সম্পৰ্কত এতিয়াও অসমীয়া সমাজ সচেতন নহয়।


ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া স্নেহা ডুবে অলপতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছে। কেইজন অসমীয়াই স্নেহা ডুবেক নিজৰ আদৰ্শ ব্যক্তি (ৰোল মডেল) কৰিছে! কেৱল স্নেহাই নহয়, প্ৰতিদিনে যদিহে বাতৰি কাকত খুচুৰি পঢ়া হয় তেন্তে এনে অনেক বিষয়াৰ নাম পোৱা যাব যিসকল অসমীয়া শিক্ষাৰ্থীয়ে আদৰ্শ ব্যক্তি হিচাপে মানি চলিলে তেওঁলোকো কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত সফল হৈ পৰিব। বৰ্তমান কৰ্মৰত জিষ্ণু বৰুৱা, ভাস্কৰজ্যোতি মহন্ত আদিৰ জীৱন অধ্যয়ন কৰিও শিক্ষাৰ্থীসকলে এই সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰতি আগবাঢ়িব পাৰে।

ইউপিএছচিত অসমীয়া কিয় লাগে! এতিয়া অতি কম পৰিসৰত থকা উচ্চস্তৰীয় অসমীয়া বিষয়াৰ উপস্থিতি বৃদ্ধি কৰাটো অসমীয়া জাতিসত্বৰ বাবে প্ৰয়োজনীয়। অসমীয়া বিষয়াৰ সংখ্যা কেন্দ্ৰীয় সেৱাত বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ হিত সাধনৰ বাবে অসমীয়া বিষয়াক অসমতেই নিয়োগ কৰিব পৰা যাব আৰু লগতে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া বিষয়াৰ সংখ্যাধিক উপস্থিতিয়ে কেন্দ্ৰীয় নীতিবোৰ ক্ষেত্ৰত অসমীয়া প্ৰভাৱ এটা সহজেই খটুৱাব পাৰিব। বিহাৰী, বাঙালী, ৰাজস্থানী, দক্ষিণ ভাৰতীয় বিষয়াই নিজ ৰাজ্য বা জাতিসত্বাৰ প্ৰতি কিদৰে আগ্ৰহ প্ৰকাশ কৰে সেয়া কেন্দ্ৰীয় সেৱাৰ কামকাজবোৰত বা লবীকেন্দ্ৰীয় কাৰ্যক্ৰমত স্পষ্ট হৈ পৰে। অসমীয়া জাতিৰ সাধাৰণ শ্ৰেণীয়ে প্ৰায়েই জাতীয়তাবাদী নেতৃত্বৰ প্ৰৰোচনাত পৰি আন্দোলন কৰি থাকিবলগীয়া পৰিস্থিতি ইউপিএছচিত অসমীয়া জাতিসত্বাৰ বিষয়াৰ সংখ্যাধিক্যই হ্ৰাস কৰি পেলাব। কথাবোৰ অভিভাৱক ৰাইজে চিন্তা কৰি চাব লাগে। জাতিৰ প্ৰতি দায়িত্ববোধ বৃদ্ধি কৰিব পাৰিলেহে বা মানসিকতাৰ উত্তৰণেহে কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত অসমীয়া শিক্ষাৰ্থীৰ সফলতা অধিক বৃদ্ধি কৰিব। এয়া বাঞ্চনীয়।

লেখক দিল্লীত এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰূপে কৰ্মৰত, তেখেতৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক, একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/SONIT%20KUMAR%20GOSWAMI

---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment