বিশ্লেষণঃ ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত :: ৰক্তিম গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত :: ৰক্তিম গোস্বামী

বিশ্লেষণঃ ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত :: ৰক্তিম গোস্বামী

Share This
ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত
ৰক্তিম গোস্বামী
ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত, ৰক্তিম গোস্বামী, UKRAINE WAR, LATEST NEWS, ANALYSIS
২৪ আগষ্ট, ১৯৯১ চনত স্বাধীন ৰাষ্ট্র হিচাপে ইউক্ৰেইনৰ জন্ম। শীতল যুদ্ধৰ অন্তত পূৰ্বৰ ছোভিয়েট সংঘৰ পৰা ফাটি অহা অন্যান্য দেশসমুহৰ ভিতৰত ইউক্ৰেইন সামৰিক আৰু ভৌগোলিকভাবে এখন শক্তিশালী দেশ। ইউৰোপীয় সংঘ আৰু ৰাচিয়াৰ মাজত ইউক্ৰেইনৰ যি ভৌগোলিক অবস্থিতি সেইয়া বিশেষকৈ ৰাচিয়াৰ বাবে ভৌগোলিক ৰাজনীতিৰ ফালৰ পৰা অতি প্রয়োজনীয়। 
ইউক্রেইন- ৰাচিয়াৰ যুদ্ধৰ জেনেছিছ আৰু পৃথিবীৰ ভবিষ্যত, ৰক্তিম গোস্বামী, UKRAINE WAR, LATEST NEWS, ANALYSIS
ইউক্ৰেইন আৰু ৰাচিয়াৰ মানুহৰ মাজত সাংস্কৃতিক আৰু ভাষিক প্রভেদ তেনেই সামান্য। সেইয়া স্বাভাবিকো কাৰণ ৩০ বছৰ পূৰ্বে ইউক্ৰেইনৰ পৰিচয় ৰাচিয়াই আছিল। ইউক্ৰেইন আৰু ৰাচিয়াৰ সংঘাত এতিয়া পৃথিবীৰ বাবে এক ভয়ংকৰ সংকট হৈ দেখা দিছে। সৰল ভাষাত পূৱ ইউক্ৰেইনৰ মুলতঃ ৰাচিয়া ভাষী অঞ্চল দন্যেস্ক (Donetsk) আৰু লোহাস্ক (Luhansk) (Donbas Region বুলিওঁ কোৱা যায়) লৈ হোৱা টনা আজুৰাই ইউক্ৰেইন আৰু ৰাচিয়াৰ মাজৰ সংঘাতৰ মুখ্য কাৰণ ।

ইউক্ৰেইনৰ জন্ম লগ্নতে ইউক্ৰেইনক তৎক্ষাণিকভাবে সৰ্ম্পূণ স্বীকৃতি আৰু সহযোগিতা আগবঢ়াইছিল আমেৰিকা যুক্তৰাষ্ট্রই, কাৰণ ইউক্ৰেইন আমেৰিকা যুক্তৰাষ্ট্রৰ নিয়ন্ত্রণত থাকিলে আমেৰিকাৰ চিৰশত্রু ৰাচিয়াৰ ওপৰত আমেৰিকাই এক গধূৰ কূটনৈতিক আৰু ভৌগোলিক চাপ দিব পাৰিব। ইউক্ৰেইনৰ পৰা ৰাচিয়াৰ পাৰমণবিক প্রকল্পসমুহ আঁতৰাবলৈ ইউক্ৰেইন আৰু ৰাচিয়াৰ মাজত যি চুক্তি হৈছিল সেই চুক্তি সম্পাদনত আমেৰিকাই অগ্রণী ভূমিকা লৈছিল। ইউক্ৰেইনৰ চাৰ্ণবেইলৰ নিউক্লেয়াৰ দুৰ্ঘটনাৰ সময়তো আমেৰিকাই ইউক্ৰেইনক সকলো দিশৰ পৰা সহায় কৰিছিল। ১৯৯৭ চনৰ পৰা ইউক্ৰেইন আৰু নাট’ (NATO)ৰ ঘণিষ্ঠতাও বৃদ্ধি হয়। আনহাতে ২০০৩ চনত আমেৰিকাৰ দ্বাৰা ইৰাকত যি আক্রমণ কৰা হৈছিল সেই আক্রমণত ইউক্ৰেইনে আমেৰিকাক ২০,০০০ সৈন্য প্রেৰণেৰে সহযোগিতা আগবঢ়াইছিল। ৰাচিয়াৰ বাবে আমেৰিকা আৰু ইউক্ৰেইনৰ মাজৰ এই বৰ্দ্ধিত মিতিৰালি তথা ইউক্ৰেইনৰ ওপৰত ইউৰোপীয় সংঘৰ কৰ্তৃত্ব গ্রহণযোগ্য নাছিল।


২০১০ চনত ভিক্টৰ য়াংক’ভিচে (Viktor Yanukovych) ইউক্ৰেইনৰ ৰাষ্ট্রপতি নিৰ্বাচিত হয়। ক্ষমতালৈ অহাৰ অহাৰ পিছতেই ভিক্টৰ য়াংক’ভিচে এনে কিছু সিদ্ধান্ত লৈছিল যি বোৰক ইউক্ৰেইনৰ জনতাই আজিও ৰাষ্ট্রপতি গৰাকীৰ কৰা একোটা ডাঙৰ ভুল বুলিহে গণ্য কৰে। তাৰে ভিতৰত এটা মুখ্য সিদ্ধান্ত আছিল ৰাচিয়াই ৩০% ৰেহাই মুল্যত ইউক্ৰেইনক গেছ বিক্রী কৰিব আৰু ইউক্ৰেইনে তাৰ বিনিময়ত ৰাচিয়া নৌবাহিনীক কৃষ্ণ সাগৰ (Black Sea) ব্যৱহাৰৰ বা কৃষ্ণ সাগৰত ৰাচিয়া নৌবাহিনীৰ ঘাটি পতাৰ বাবে ইউক্ৰেইনৰে যি চুক্তি আছিল সেই চুক্তি ম্যাদ আৰু ২৫ বছৰৰ বাবে বঢ়াই দিব। ভিক্টৰ য়াংক’ভিচৰ ৰাচিয়াৰে কৰা এই চুক্তি ইউক্ৰেইন তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাৰুকৈ সমালোচিত হৈছিল কাৰণ কৃষ্ণ সাগৰত ৰাচিয়া নৌবাহিনীৰ ম্যাদ বৃদ্ধি কৰা মানে ক্রিমিয়াৰ নিয়ন্ত্রণ ইউক্ৰেইনে নিজ হাতেৰে ৰাচিয়াৰ হাতত তুলি দিয়া তাকো মাথো ৰেহাই মূল্যৰ গেছৰ বাবে। ইয়াৰ পিছতে ৰাষ্ট্রপতি গৰাকীয়ে ইউক্ৰেইনৰ সংবিধানৰ ১১১ নং অনুচ্ছেদৰ সংশোধনিৰে (যি ৰাষ্ট্রপতি অপসাৰণৰে জড়িত) নিজৰ ক্ষমতা বৃদ্ধিৰ চেষ্টা কৰিলে। ভিক্টৰ য়াংক’ভিচৰ এই কাৰ্যই তেওঁক ইউক্ৰেইনৰ মানুহৰ মাজত খলনায়ক সজালে। ২০১১- ২০১২ চনত তেওঁৰ বিৰুদ্ধ যথেষ্ট দুৰ্নীতিৰ অভিযোগো উথ্থাপিত হয়। নিজৰ অবক্ষয় হোৱা ৰাজনৈতিক ভাৱমুৰ্ত্তিক পুনৰ উদ্ধাৰৰ বাবেই ২০১৩ চনত তেওঁ ইউৰোপীয় সংঘৰে European Union Association Agreement (EUAA)ত স্বাক্ষৰ কৰিব বুলি ঘোষণা কৰে আৰু ইয়াৰ বাবে ইউক্ৰেইনৰ জনতাৰদ্বাৰা সমাদৃত হয়, কিন্তু কিছুদিন পিছতেই ৰাষ্ট্রপতি ভিক্টৰ য়াংক’ভিচে প্রকৃততে এই চুক্তিত স্বাক্ষৰ নকৰে বুলি ইউক্ৰেইনৰ জনতাই স্পষ্টকৈ বুজিব পাৰিলে। 


ইয়াৰ লগে লগে ইউক্ৰেইনত ৰাষ্ট্রপতিৰ বিৰুদ্ধে সজোৰে প্রতিবাদ আৰাম্ভ হয়। ইউক্ৰেইনৰ সৰহ সংখ্যক জনতাই এই কথা বাৰুকৈ উপলব্ধি কৰিছিল যে ইউক্ৰেইনৰ সৰ্বাংগীন বিকাশৰ বাবে ইউৰোপীয় সংঘৰ সহযোগিতা তথা ইউৰোপীয় সংঘৰে ইউক্ৰেইনৰ সংযোগ জৰুৰী। ইউক্ৰেইনৰ এই প্রতিবাদ কঠোৰ হাতেৰে দমণ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিওঁ সেইয়া সফল নহ’ল আৰু শেষত ভিক্টৰ য়াংক’ভিচে দেশ এৰি পলাব লগা হ’ল। ইয়াৰ লগে লগে তেওঁক ইউক্ৰেইনৰ ৰাষ্ট্রপতি পদৰ পৰা অপসাৰণ কৰা হল আৰু ০৭ জুন ২০১৪ চনত ইউক্ৰেইনৰ ৰাষ্ট্রপতিৰ পদত অধিস্থিত হ’ল European Solidarity Partyৰ পেট্র’ প’ৰ’চেংক’ (Petro Poroshenko)।

ৰাচিয়াৰ প্রতি আকৃষ্ট আৰু নৰম ৰাষ্ট্রপতি ভিক্টৰ য়াংক’ভিচক অপসাৰণৰ লগে লগে এইবাৰ ক্ৰিমিয়া আৰু পূৱ ইউক্ৰেইনৰ ৰাচিয়া ভাষী অঞ্চল দন্যেস্ক (Donetsk) আৰু লোহাস্ক (Luhansk)ত (Donbas Region) বিদ্রোহে দেখা দিলে। ইয়াৰ মাজতেই অতি পৰিকল্পিতভাবে ৰাচিয়াই ২০১৪ চনত ক্রিমিয়া তথা তাৰ সংসদ দখল কৰি তাত তেওঁলোকৰ হৈ কাম কৰিবৰ বাবে চাৰ্গেই আক্সিন’ভ (Sergey Aksyonov)ৰ নেতৃত্ব এখন পুতলা চৰকাৰ পাতি দিয়ে । ইয়াৰ কিছুদিন পিছত ক্রিমিয়াত ৰাচিয়াত গণ ভোট (Crimea referendum)ৰ আয়োজন কৰে। এই গণ ভোটত স্বাভাবিকতেই ক্রিমিয়াৰ জনতাই ৰাচিয়াৰ পক্ষে ভোট দিয়ে আৰু ১৬ মাৰ্চ ২০১৪ চনত ৰাচিয়াই ক্রিমিয়াক এখন স্বাধীন ৰাষ্ট্র বুলি ঘোষণা কৰে আৰু এইদৰেই ইউক্ৰেইনৰ হাতৰ পৰা ক্রিমিয়া ওলাই যায়। 

এই কথা কোৱা জৰুৰী যে ক্রিমিয়া আক্রমণৰ সময়ত ৰাচিয়াৰ ৰাষ্ট্রপতি আছিল ভ্লাডিমিৰ পুটিন। পুটিনে এই ঘটনা পিছতেই পূৱ- ইউৰোপৰ আৰু ক্রিমিয়াৰ ৰাচিয়াভাষী তথা ৰাচিয়াৰ নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ কথা মুকলিকৈ ক’বলৈ আৰাম্ভ কৰিলে। পুটিনৰ এই চতুৰ খোজে পূৱ-ইউক্রেইন আৰু ক্রিমিয়াৰ জাতিগতভাবে ৰাচিয়ানসকলক তেওঁৰ প্রতি আকৃষ্ট কৰিলে কিয়নো ইউক্ৰেইনত ইতিমধ্যোই এক সংকটময় সময় আৰম্ভ হৈছে আৰু তেনেসময়তেই কোনোবাই তেওঁলোকৰ সুৰক্ষা আৰু অধিকাৰৰ কথা কৈছে। ইয়াৰ ফলশ্রুতিত পূৱ- ইউৰোপত বিশেষকৈ দন্যেস্ক (Donetsk) আৰু লোহাস্ক (Luhansk)ত ৰাচিয়াৰ প্রতি সহানূভূতিশীল এক বিচিন্নতবাদী শক্তিয়ে গা কৰি উঠে আৰু লগে লগে এই দুয়ো অঞ্চলৰ গাতে লাগি থকা ৰাচিয়াৰ প্রত্যক্ষ সামৰিক সহযোগত (যদিওঁ ৰাচিয়াই স্বীকাৰ নকৰে) এই বিচিন্নতবাদীসকলৰে ইউক্ৰেইনৰ সামৰিক বাহিনীৰ ৰক্তাক্ত সংঘাত আৰম্ভ হয়। ৰাচিয়াই আগবঢ়োয়া শক্তিশালী মিচাইলৰ (Buk-M1) জড়িয়তে বিচিন্নতবাদীসকলৰে ইউক্ৰেইনৰ বায়ু সেনাৰ বহু উৰাজাহাজো এই সংঘাতত ধ্বংস কৰে। তাৰ মাজতে জুলাই, ২০১৪ত মালেচীয়াৰ এখন যাত্রীবাহী উৰাজাহাজ পূৱ- ইউক্রেইনৰ ডনবাচ অঞ্চলত (Donbas) বিধ্বস্ত হোৱা ঘটনায়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তোলে আৰু ইয়াৰ পিছত বেলাৰুচৰ ৰাজধানী মিনস্কত দুয়োপক্ষৰ মাজত ৫ চেপ্তেম্বৰ ২০১৪ত এখন শান্তিচুক্তি ‘Minsk Agreement’ স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য আছিল পূব- ইউক্ৰেইনৰ ডনবাচ অঞ্চললৈ শান্তি ঘূৰাই অনা। এই শান্তি-চুক্তি বিফল হোৱাত আন এখন শান্তিচুক্তি Minsk Agreement 2 ২০১৫চনৰ ১২ ফেব্রুৱাৰিত সম্পাদিত কৰা হয় যদিও এই চুক্তিও বিফল হয়।

ওপৰত উল্লেখিত দুয়োখন চুক্তি বিফল হোৱাৰ মুখ্য কাৰণ হ’ল দুয়োপক্ষৰ বিপৰীতমুখী দাবী। ইউক্ৰেইনক লাগে যুদ্ধ-বিৰতি, ডনবাচ অঞ্চলত ৰাচিয়ায়ে দিয়া সামৰিক সাহাৰ্য্যৰ প্রত্যাহাৰ আৰু যুদ্ধ বিধ্বস্ত অঞ্চলত ইউক্ৰেইনৰ সৰ্ম্পূণ সামৰিক নিয়ন্ত্রণ। আনহাতে ৰাচিয়াক লাগে ডনবাচ অঞ্চলৰ আত্ম-নিয়ন্ত্রণৰ অধিকাৰ কাৰণ ৰাচিয়ায়ে জানে ডনবাচ অঞ্চলৰ আত্ম- নিয়ন্ত্রণৰ অধিকাৰ মানে সেই অঞ্চলত ৰাচিয়াৰ সামৰিক আৰু ৰাজনৈতিক প্রভুত্বৰ পথ প্রশস্ত হ’ব আৰু এই কথা ইউক্ৰেইনে ভালকৈ জানে বাবেই ইউক্ৰেইনে ডনবাচ অঞ্চলক আত্ম- নিয়ন্ত্রণৰ অধিকাৰ দিয়াৰ ঘোৰ বিৰোধী।আনহাতে যুদ্ধৰ পূৰ্বে এই ডনবাচ অঞ্চল আছিল ইউক্ৰেইনৰ অৰ্থনীতিত প্রভাৱ পেলাব পৰাকৈ ঔদ্যোগিকভাবে এক আগৰণুৱা অঞ্চল। ক্রিমিয়া যিহেতু ইতিমধ্যোই ৰাচিয়াৰ নিয়ন্ত্রণত তেনেক্ষেত্রত ডনবাচ অঞ্চলক ইউক্ৰেইনে নিজৰ সীমাত ৰাখিব নোৱাৰিলে ই ভবিষ্যতে ইউক্ৰেইনৰ বাবে বিপদজনক হৈ উঠিব। ইফালে ইউক্ৰেইন আৰু ইউৰোপীয় সংঘৰ ঘনিষ্ঠতা ৰাচিয়াই নিবিচাৰে আৰু এই কথায়ো ৰাচিয়ায়ে ভালকৈ জানে যে যেতিয়ালৈকে ইউক্ৰেইনত এই সংঘৰ্ষ চলি থাকিব ইউক্ৰেইন আৰু ইউৰোপীয় সংঘৰ ঘনিষ্ঠতাত ই এক অন্তৰায় হৈ থাকিব। আনহাতে ইউৰোপীয় সংঘ আৰু নাটো বাহিনীৰে ইউক্ৰেইনৰ এক ভাল সৰ্ম্পক আছে যদিওঁ কিছু বিশেষ কূটনৈতিক কাৰণত এই দূয়োটাত ইউক্ৰেইনৰ অৰ্ন্তভূক্তিক লৈ আমেৰিকা আৰু ইউৰোপীয় সংঘ উদাস।

২০১৯ ত ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা তথা বৰ্তমানৰ ৰাষ্ট্রপতি ভলডিমিৰ জেলেনস্কি (Volodymyd Zelensky)ৰ ইউক্ৰেইনত আঞ্চলিক নিৰ্বাচন পাতিবৰ হ’লে প্রথমে ৰাচিয়ায়ে ডনবাচ অঞ্চলৰ পৰা সামৰিক বাহিনী ওভতাই নিব লাগিব বুলি দাবী কৰে যদিও; পুটিনে নিৰ্বাচন পাতিলেহে সামৰিক বাহিনী প্রত্যাহাৰ কৰিব বুলি অটল স্থিতি লয় যাৰ বাবে পৰিস্থিতি ক্রমাৎ অৱনমিত হয় আৰু সংঘাটৰ ধাৰা অব্যাহত থাকে। ৰাচিয়া- ইউক্ৰেইনৰ যুদ্ধৰ আশংকা সকলোৱে কৰিছিল যদিওঁ কাৰো কাম্য নাছিল কিন্তু ২৪ ফেব্রুৱাৰীৰ পুৱা পুটিনে ইউক্ৰেইনৰ ৰাজধানী চহৰ কেভ (Kyiv)ত মিছাইল আক্ৰমণেৰে ইউক্ৰেইনৰ সৈতে যুদ্ধ ঘোষণা কৰি সমগ্র বিশ্বক এতিয়া এক বিভীষিকাময় পৰিস্থিতিৰ সমুখীন কৰাইছে। দন্যেস্ক (Donetsk) আৰু লোহাস্ক (Luhansk) ৰাচিয়াৰ সামৰিক নিয়ন্ত্রণলৈ আনি দুয়ো অঞ্চলকে ইউক্রইনৰ পৰা স্বাধীন ঘোষণা কৰিছে। কভিড কালীন পৰিস্থিতিৰ পৰা পৃথিৱীয়ে মুক্তি নৌপাওঁতেই এতিয়া পৃথিৱীক তৃতীয় বিশ্ব যুদ্ধৰ শংকায়ো জোকাৰিছে। প্রায় ৪৫ বছৰীয়া শীতল যুদ্ধৰ দৰেই পৃথিৱী ক্রমান্বয়ে পূৱ আৰু পশ্চিমৰ দূৰ্গত ভাগ হ’ব ধৰিছে। চীন আৰু উত্তৰ কোৰিয়ায়ে মুকলিকৈ ৰাচিয়াক সমৰ্থন দিছে আৰু এই তালিকা অনতিপলমেই নিশ্চিতভাবে দীঘলীয়া হ’ব। আমেৰিকায়ে নিজৰ স্থিতি স্পষ্ট কৰি ৰাচিয়াক এই সংঘাতৰ বাবে প্রত্যক্ষ ভাবে জগৰীয়া কৰিছে আৰু প্রয়োজন সাপেক্ষে আমেৰিকায়ে মিত্র দেশৰ সহযোগেৰে একত্রিতভাবে ৰাচিয়াক উচিত শিক্ষা দিয়াৰ হুংকাৰ দিছে, অৰ্থনৈতিক অৱৰোধৰ কথা কৈছে। ইউক্রেইন যুদ্ধলৈ সাজু হৈছে যদিও ৰাষ্ট্রসংঘত ৰাচিয়াক নিজৰ এই ভুল তৎক্ষণাত শুধৰোৱা জৰুৰী বুলি মন্তব্য দিছে, কিন্তু পুটিন নিজৰ স্থিতিত অটল। 

ইউক্ৰেইন- ৰাচিয়াৰ এই সংঘাতে ইতিমধ্যোই বিশ্ব অৰ্থনীতিত প্রত্যক্ষ প্রভাৱ পেলাইছে। ষ্টক এক্সচেঞ্জসমূহত ইয়াৰ প্রভাৱ স্পষ্ট হৈছে। প্রভাৱ পেলাইছে ভৌগোলিক ৰাজনীতিত। প্রাকৃতিক গেছ আৰু খাৰুৱা তেলৰ ৰাচিয়া বিশ্বৰ অন্যতম বৃহৎ সৰবৰাহকাৰী সেয়ে গেছ আৰু খাৰুৱা তেলৰ আৰ্ন্তজাতিক মূল্যত এই যুদ্ধয়ে পোনপটিয়াকৈ প্রভাৱ পেলাব। এই যুদ্ধৰ এতিয়া মাথো আৰম্ভণি সেয়ে ইয়াক বিশ্ব সম্প্রদায়ে ৰাষ্ট্রসংঘৰ সহযোগত চলে- বলে- কৌশলে আৰু সঠিক কূটনৈতিক সিদ্ধান্তৰে অনতিপলমে প্রতিহত কৰাটো পৃথিবীৰ বাবে মংগলজনক।


ৰাছিয়াই আশা কৰা ধৰণে ইউক্ৰেইনত মূল চহৰবোৰ দখল কৰিব পৰা নাই। ইউৰোপিয়ান ইউনিয়ন, নাটো আৰু ৰাষ্ট্ৰসংঘই কেইবা তৰপীয়া অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিছে ৰাছিয়াৰ ওপৰত। তাৰ ভিতৰত শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ধন সৰবৰাহ কৰা চিষ্টেম SWIFT ৰ পৰা ৰাছিয়াক বহিস্কাৰ কৰা, ৰাছিয়ান বেংকবোৰৰ সৈতে লেনদেন বন্ধ কৰা, ৰাছিয়ান ধনকুবেৰ সকলৰ বিদেশত থকা সম্পত্তি বাজেয়াপ্ত কৰা, একাউণ্ট ছীল কৰা, ব্যৱসায়িক আৰু ব্যক্তিগত কোনো ৰাছিয়ান বিমান চলাচলৰ বাবে আকাশমাৰ্গ সমূহ নিষিদ্ধ কৰাকে ধৰি ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাছিয়ান শ্বেয়াৰ মাৰ্কেটত ৰুবলে নিম্নতম স্তৰলৈ অৱনমিত হৈছে। ৰাছিয়ান মানুহৰ হাতত থকা সম্পদৰ ভেল্যুৰ ব্যাপক অৱনমন হৈছে। ৰাছিয়ান টিভি চেনেল সমূহ বিদেশত আৰু ইণ্টাৰনেটতো নিষিদ্ধ কৰি এঘৰীয়া কৰা হৈছে। শৰনাৰ্থী সমস্যাটোৰ বাবে ৰাষ্ট্ৰসংঘই ধন মুকলি কৰিছে। যুদ্ধৰ বিৰুদ্ধে খোদ ৰাছিয়াত হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ কৰিছে। ৰাছিয়ান এম্বেছীবোৰৰ বাহিৰত বহুদেশতে প্ৰতিবাদ হৈছে। তাৰ মাজতে পুটিনে পৰমাণু অস্ত্ৰৰ দলক সাজু হোৱাৰ নিৰ্দেশ দিয়াৰ বাতৰিয়ে গোটেই বিশ্বকে সচকিত কৰি তুলিছে।  এনে পৰিবৰ্তিত পৰিস্থিতিত আজি বেলাৰুছত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত প্ৰথমবাৰৰ বাবে আলোচনা আৰম্ভ হৈছে। আৰু সকলো সচেতন নাগৰিকেই এই যুদ্ধ বন্ধ হোৱাটো আৰু আলোচনাৰে মিমাংসা হোৱাটো কামনা কৰিছে। কাৰণ, এই পাৰমাণবিক যুগত যুদ্ধৰ দামামায়ে সমগ্র পৃথিবীক গ্রাস কৰিব লাগিলে, সেইয়া হয়তো মানব জাতিয়ে দেখিবলৈ পোৱা পৃথিবীৰ শেষ যুদ্ধ হ’ব। পৃথিবীত শান্তি বাহাল থাকক। শুভ বুদ্ধি উদয় হওক, মানুহৰ মানৱতা জয়ী হওক। আমাৰো সেইয়াই প্ৰাৰ্থনা।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 
------------------------------------

-------------------------------------------------------------------------------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment