কল্পনা চাওলাঃ আকাশেই যাৰ শেষ সীমা ...
অনুপমা দেৱী
২০০৩ খ্ৰী: ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোতেই আমি পৃথিৱী বিখ্যাত এগৰাকী বিদুষী মহিলাক মহাকাশযানৰ দুৰ্ঘটনাৰ বাবে অকালতে হেৰুৱাব লগীয়া হয় । চিৰদিন গৌৰৱ কৰিব লগা এই ভাৰতীয় কন্য়া গৰাকীয়েই আছিল কল্পনা চাওলা।
আকাশত উৰিবলৈ পোন প্ৰথমে বেলুন আৰু তাৰপিছত আকাশীযানৰ আবিস্কাৰ কৰা হয়। আকাশীযানেও মানুহৰ জ্ঞান পিপাষু মানৱ মনক সন্তুষ্টি দিব পৰা নাছিল । কিয়নো মহাকাশৰ অজান ৰহস্যই অৰ্হনিশে মানুহক বিস্ময়াভিভূত কৰি ৰাখিছিল যিহেতু। সদায় দেখি থকা আকাশতনো কি আছে, তাৰ ৰং কিয় নীলা, নিশাৰ আকাশখনত চিকমিকাই থকা তৰাবোৰ ক'ৰ পৰা আহে এইধৰণৰ অলেখ প্ৰশ্নই যিকোনো মানুহকে আকাশৰ প্ৰতি আকৰ্ষিত কৰিলে আৰু এই আকৰ্ষণেই সময়ত গৈ মহাকাশযানৰ আবিস্কাৰৰ অন্যতম এক কাৰণ বুলি ধাৰণা কৰা হৈছিল ।
১৯৫৭ চনৰ ৪ অক্টোবৰৰ পুৱা পোন প্ৰথমবাৰৰ বাবে স্পুটনিক- ১ নামৰ ৰকেট বা কৃত্ৰিম উপগ্ৰহ ৰাছিয়াই মহাকাশলৈ নিক্ষেপ কৰিছিল। তাৰপিছত 'লাইকা' নামৰ কুকুৰ এটাৰ সৈতে স্পুটনিক-২ নামৰ উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। এইদৰে নানান ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ পিছত ১৯৬১ চনত ছোভিয়েট ৰাছিয়াৰ য়ুৰি গাগাৰিণে বিশ্বৰ প্ৰথম মহাকাশচাৰী হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে । এইদৰে ১৯৬৩ চনত ভেলেন্টিনা তেৰেস্কোভাই ভটক-৬ নামৰ মহাকাশযানেৰে মহাকাশ ভ্ৰমণ কৰি প্ৰথম মহিলা মহাকাশচাৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰে। ১৯৬৯ খ্ৰী: ৰ ২০ জুলাইৰ পুৱতি নিশা আমেৰিকান মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন ৰ সহিতে প্ৰথমবাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰি এটা নতুন যুগৰ সূচনা কৰে ।
১৯৫৮ চনৰ অক্টোবৰ মাহত আমেৰিকাই মহাকাশ গৱেষণাৰ বাবে 'নাছা' প্ৰতিষ্ঠা কৰে । এই ' নাছা' ৰ পৰাই ২০০৩ খ্ৰী: ৰ ১৬ জানুৱাৰীত মাৰ্কিন মহাকাশ গৱেষণাকাৰীসলে ফ্ল'ৰিডাৰ কেনেডী স্পেচ চেন্টাৰৰ পৰা মহাকাশযান 'কলম্বিয়া' উৎক্ষেপণ কৰিছিল । উক্ত যানখনত ভাৰতীয় মহিলা কল্পনা চাওলাকে ধৰি সাত গৰাকী মহাকাশচাৰী আছিল। দ্বিতীয় বাৰৰ বাবে মহাকাশচাৰী হৈ যোৱা দলটোৰ কল্পনা চাওলা আছিল মিছন বিশেষজ্ঞ। সৰহসংখ্যক মানুহৰ মনত লুকাই থাকে এটা গোপন বাসনা ।সেইটোই হ'ল জীৱনৰ উচ্চতম শিখৰত উপনীত হোৱাৰ বাসনা। শিশু মন স্বাভাবিকতে কৌতুহলী । ইয়াৰ মাজতে কিছুমান শিশু অলপ হ'লেও ব্যতিক্ৰম; তেনে এক ব্যতিক্ৰমী শিশু আছিল কল্পনা চাওলা। যিগৰাকীয়ে পৈণত বয়সত 'নাছা'ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছিল।
১৯৬২ চনত হাৰিয়ানাৰ কাৰ্নাল গাঁৱত কল্পনা জন্ম হৈছিল। কল্পনাৰ পিতৃ আছিল বানছাৰিলাল চাউলা আৰু মাতৃ আছিল সংযোগীতা চাউলা। আদিতে চাউলা পৰিয়ালৰ বাসস্থান আছিল পাকিস্তানৰ মুলতান জিলাত। দেশ বিভাজনৰ সময়ত চাউলা পৰিয়ালে জন্মভূমি ত্যাগ কৰি বহু বাধা বিঘিনিৰ মাজেদি কোনোমতে প্ৰাণ বচাই হাৰিয়ানাৰ কৰ্নালত থাকিবলৈ লৈছিল। নতুন ঠাইখন লৈ আহি সকলো পিনৰ পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল।
পৰিয়ালৰ ভৰণ পোষণৰ বাবে পিতৃ বানছাৰিলাল চাউলাই চকলেট, বাদাম,খেজুৰ, চাবোন,তেল আদি বাটে-পথে বিক্ৰী কৰিছিল । সময়ৰ লগে লগে বানছাৰিলালৰ ভাগ্য কিছু পৰিমাণে সুপ্ৰসন্ন হ'বলৈ আৰম্ভ কৰে। এটি ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগৰ জৰিয়তে উদ্যোগ আৰু কাৰিকৰী দিশত যথেষ্ট উন্নতি সাধন কৰিব সক্ষম হয়। ইয়াৰপিছত টায়াৰ কোম্পানী খুলি প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে। সমগ্ৰ বিশ্বতে আজি বানছাৰিলাল উদ্যোগৰ শাখা প্ৰশাখা বাঢ়ি গৈ এক লেখত ল'বলগীয়া উদ্যোগ হিচাপে প্ৰতিষ্ঠিত হৈছে। কল্পনাৰ মাতৃ সংযোগীতা আছিল এগৰাকী শিক্ষিত মহিলা।
হাৰিয়ানা এনে এখন ঠাই য'ত ছোৱালী জন্ম হ'লেই পৰিয়ালত অশান্তিৰ অন্ত নাই। কন্দা - কটা আৰম্ভ কৰে। যদিহে কেনেবাকৈ গৰ্ভৱতী অৱস্থাত ছোৱালী বুলি গম পায় যায়। তেতিয়া হ'লে ভ্ৰুণ হত্যা কৰিবলৈ অলপো দ্বিধা বা কুন্ঠাবোধ নহয়। কেৱল যে ভ্ৰুণ হত্যাই কৰিছিল এনে নহয় 'দহেজ' ( যৌতুক) ৰ সমস্যা ও একোটা পৰিয়ালক সকলো ফালৰপৰা কাঙাল কৰি দিছিল। কিন্তু কল্পনাৰ মাক সংগযোগীতাই সকলোধৰণৰ সমস্যা হেলাৰঙে অতিক্ৰম কৰি তেওঁৰ তিনিগৰাকী জীয়েকক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজৰ একো একো গৰাকী বিশেষ ব্যক্তি হিচাপে গঢ় দিছিল। এই তিনি গৰাকী জীয়ৰীৰ ভিতৰত কল্পনা শৈশৱৰ পৰাই আছিল ব্যতিক্ৰমী। অৰ্থাৎ অনাড়ম্বৰ, কষ্ট সহিষ্ণু আৰু মুক্তকামী মনোভাৱৰ। কল্পনাই নামটোৰ লগত সাদৃশ্য ৰাখি দিনে দিনে ৰাতিৰ আকাশখন চাই চাই কল্পনাৰ ৰাজ্যত যেন উটি ভাহি ফুৰিছিল। চিকমিকাই থকা তাৰকা খচিত নীলিম আকাশখনলৈ তধা লাগি চাই নিজকে নিজে প্ৰশ্ন কৰিছিল - "এয়া কেনেকৈ সম্ভৱ শূণ্যত কেনেকৈ উলমি আছে তৰা নক্ষত্ৰবোৰ?" কৈশোৰ অৱস্থাতে কল্পনা আকৰ্ষিত হৈছিল উৰা জাহাজৰ প্ৰতি । সেয়েহে কৰ্নালত থকা 'উৰণ সংঘ'টো লৈ দেউতাকৰ লগত গৈ সৰু পুষ্পক বিমানখনত উঠি হেঁপাহ পূৰণ কৰিছিল । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ কি বাৰ বছৰ। সেইদিনাই যেন কল্পনাৰ দুঃসাহসিক জীৱনৰ আৰম্ভণি।
কল্পনা আছিল পৰীভ্ৰমী আৰু এগৰাকী সুদক্ষ খেলুৱৈ। চাইকেল দৌৰত কল্পনা সদায়ে অপ্ৰতিদ্বন্দী আছিল। স্কুলৰ বাৰ্ষিক অনুষ্ঠান সমূহত স্বৰচিত কবিতা আবৃত্তি আদি কৰিও প্ৰশংসিত হৈছিল । কিন্তু তেওঁৰ মনটো আছিল বিজ্ঞানৰ বিস্ময়কৰ অৱদানৰ প্ৰতিহে । স্কুলীয়া জীৱনতে কল্পনাই লগৰীয়া কেইজনমানৰ সৈতে লগ লাগি প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল। য'ত ক'লা কাপোৰেৰে আকাশ সাজি তাত অলেখ সৰু ডাঙৰ গ্ৰহ নক্ষত্ৰেৰে ভৰাই দিছিল। দৰ্শকে প্ৰদৰ্শনী খন চাই অভিভূত হৈ তেওঁৰ সৃষ্টিশীল মনৰ ভূয়সী প্ৰশংসা কৰিছিল। 'ভাইকিং' মহাকাশ যানখন মংগল গ্ৰহত অৱতাৰণা কৰাৰ ফটো এখন আলোচনীত দেখি সেইদিনাই তেওঁ মনতে একপ্ৰকাৰ স্থিৰ কৰি পেলাইছিল যে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ তেওঁ এগৰাকী মহাকাশচাৰী হ'ব। কল্পনাই যিদৰে মনত পাঙিছিল সেইদৰেই আগবাঢ়ি গৈছিল।
১৯৭৬ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈছিল। কলেজত পঢ়ি থাকোঁতে শ্ৰেণীত এদিন অংকৰ শিক্ষয়িত্ৰী স্বৰ্ণ অৰোৰাই কৈছিল যে ভাৰতবৰ্ষত বৰ্তমানলৈকে কোনো মহিলা মহাকাশচাৰী ওলোৱা নাই। লগে লগে সকলোকে আচৰিত কৰি কল্পনাই উত্তৰ দিলে, "মেডাম ময়ে কিজানি এটা সময়ত ভাৰতবৰ্ষৰ প্ৰথম মহিলা মহাকাশচাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিম ।" কল্পনা ৰ প্ৰৱল মানসিক বল আৰু ইচ্ছা শক্তিয়ে তেওঁ নিজে নিজৰ ওপৰত কৰা ভবিষ্যতবাণী সফল হোৱাত সহায় কৰিছিল। দূৰদৰ্শী কল্পনাই সপোন সাকাৰ কৰাৰ উদ্দেশ্যে প্ৰি- ইউনিভাৰ্ছিটি ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতে 'দয়াল সিং ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে । ইয়াৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কল্পনাই 'এৰোনেটিক ইঞ্জিনিয়াৰিং' পঢ়িবলৈ মন মেলিলে। তেওঁলোকৰ সাতজনীয়া ছাত্ৰীৰ দলটোৰ মাজৰ পৰাই কেৱল কল্পনাইহে এই বিষয়ত অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল।
১৯৮২ চনত ইঞ্জিনিয়াৰিং ৰ চূড়ান্ত পৰীক্ষাত তৃতীয় স্থান লৈ উৰ্ত্তীণ হৈ একান্ত নিষ্ঠাৰে গৱেষণাত ব্যস্ত হয় পৰম সন্তোষ লাভ কৰে। ইয়াৰ পিছত স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ বাবে কল্পনা টেস্কাছ বিশ্ববিদ্যালয় লৈ যায় আৰু তাত মহাকাশ বিজ্ঞানৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা মহাকাশৰ ওপৰতে ডক্টৰেট ডিগ্ৰী লয় । ১৯৯৪ চনত নাছাৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হয় । ১৯৯৩ চনত কেলিফ'ৰ্ণিয়াৰ 'লছ এটলছ' নামৰ অনুষ্ঠানৰ উপ-সভাপতি হয় আৰু গৱেষণা বিশেষজ্ঞ হিচাপে আন আন বিজ্ঞানী সকলৰ এটা গোট হিচাপে মহাকাশ যানৰ সমস্যাৰাজী ওপৰত খৰছী মাৰী আলোচনা কৰে। তেওঁ তাত এৰো ডাইনেমিক অপ্টিমাইজিম গঠন আৰু পৰিকল্পনা উন্নত কৰিবলৈ দায়িত্ব লৈছিল। মহাকাশ যান সম্পৰ্কীয় কাকত আলোচনীত বিভিন্ন প্ৰকল্প আৰু কাৰিকৰী বিষয়ক প্ৰবন্ধ লিখি এই দিশতো এক চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাইছিল। ১৯৯৫ চনত ' জনছন স্পেচ চেন্টাৰত' পঞ্চদশ গ্ৰুপ হিচাপে যোগদান কৰে। ইয়াতে এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছতে এস্ট্ৰোনেট অফিচৰ কম্পিউটাৰ শাখাত কাৰিকৰী সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হয়। তাত তেওঁ স্পেচৰ ছফ্টৱেৰৰ তত্বাৱধান আৰু স্পেচত থকা ৰবটবোৰৰ সাময়িক কৰ্মৰ প্ৰতিফলন কৰে। ১৯৯৬ চনত কল্পনাই STS-87 ৰ মুখ্য ৰবটিক সঞ্চালক প্ৰধান আৰু মিছনটোৰ বিশেষজ্ঞ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ পৰা স্পেচ ছাটল ৰ আহিলা- পাতিৰ মুখ্য সঞ্চালিকা আৰু এস্ট্ৰোনাট অফিচৰ সঞ্চালিকা হয়।
২০০৩ খ্ৰী: ৰ ১৬ জানুৱাৰীৰ মাহেন্ৰ ক্ষণত মাৰ্কিন মহাকাশ গৱেষণা সংস্থা 'নাছা'ই ফ্লৰিডাৰ 'কেনেডী স্পেচ চেন্টাৰ'ৰ পৰা STS- 107 কলম্বিয়া মহাকাশ যান উৎক্ষেপণ কৰিছিল । এই মহাকাশ যানখনত কল্পনাকে ধৰি মুঠ সাতগৰাকী মহাকাশচাৰী আছিল । এই দলটোক 'ৰেডটিম' নামেৰে জনাজাত আছিল। মহাকাশত প্ৰায় ১৬ দিন সাফল্যৰ গৌৰৱেৰে পৰিভ্ৰমণ কৰি পৃথিৱীলৈ উভতি অহাৰ সময় সমাগত হৈছিল । মহাকাশ যানখন পৃথিৱীত অৱতৰণ কৰাৰ মাথো ১৬ মিনিট আগেয়ে প্ৰচণ্ড এক শব্দ কৰি বিস্ফোৰিত হৈ ভূপতিত হয় । ইয়াৰ লগতে নি:চিহ্ন হৈ গ'ল সাতোগৰাকী মহাকাশচাৰী । ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী সম্ভাৱনাময়ী ৪২ বছৰীয়া কল্পনা চাউলা মহাকাশৰ মহাৰহস্যৰ মাজত চিৰদিনলৈ বিলীন হৈ গ'ল । ভাৰতৰ গৌৰৱ আৰু সৰু-বৰ চহৰৰ সকলো কন্য়াৰ বাবে অলেখ অনুপ্ৰেৰণা হোৱা কল্পনা চাওলালৈ এই লেখাৰেই জ্ঞাপন কৰিলো আন্তৰিক শ্ৰদ্ধাঞ্জলি।
No comments:
Post a Comment