বিশ্লেষণঃ ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব? :: অনন্ত কলিতা

বিশ্লেষণঃ ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব? :: অনন্ত কলিতা

Share This
ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব?
অনন্ত কলিতা
Russia said its first day of the Ukraine invasion, ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব, অনন্ত কলিতা, অসমীয়া, সুখদুখ
১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভাগি মহাশক্তিৰ ৰূপ ধবংস হোৱাত আমেৰিকা বিশ্বৰ একচ্ছত্রী সম্রাট হৈছিল। বিশ্বৰ যিকোনো এখন দেশকেই আমেৰিকাই আক্ৰমণ কৰিব পাৰিছিল বাধাহীনভাৱে। ১৯৯১ চনৰ পাচত ৰাছিয়ায়ে হস্তক্ষেপ কৰিব পৰা নাছিল আমেৰিকাই বিভিন্ন দেশ আক্রমণ কৰাত। বিশ্বত জনসাধাৰণৰ মাজত ধাৰণাৰ সৃষ্টি হৈছিল যে বিশ্বৰ জি-৭ দেশকেইখনে ৰাছিয়াকো ইয়াত অন্তর্ভুক্ত কৰি জি-৮ত পৰিণত কৰাত ৰাছিয়াও বিশ্বৰ বৃহৎ পুঁজিপতি দেশবোৰৰ কৰ্মকাণ্ডৰে অংগ হৈ পৰিল।
Russia said its first day of the Ukraine invasion, ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা কিমান ফলপ্রসূ হব, অনন্ত কলিতা, অসমীয়া, সুখদুখ
১৯৯১ চনৰ পাচত এই প্রথম বিশ্বৰ এখন দেশে আমেৰিকাক প্রত্যাহ্বান জনাবলৈ সাহস কৰিলে। ইউক্রেইন ধাতু আৰু খনিজ সম্পদত বিশ্বৰ অন্যতম ধনী দেশ। ১.০৯ ত্রিলিয়ন কিউবিক মিটাৰ প্রাকৃতিক গেছেই আছে ইউক্রেইনত। ইউক্রেইনত আছে লোহা, টিটেনিয়াম, অধাতু খনিজ সামগ্রী বিশেষকৈ অতি মূল্যৱান লিথিয়াম (Lithium)। আমেৰিকা আৰু ইউৰোপৰ নাটোভুক্ত দেশবোৰে ইউক্রেইনক নাটোৰ এটা সামৰিক ঘাটি কৰাৰ বাহিৰেও ইয়াৰ প্রাকৃতিক সম্পদ দখল ৰখাত গুৰুত্ব আৰোপ কৰিছিল। ৰাছিয়াই ইউক্রেইনক নাটোৰ যুদ্ধৰ ঘাটি কৰা তথা প্রাকৃতিক সম্পদবোৰৰ ওপৰত নিয়ন্ত্রণ ৰখাটো সহ্য নকৰে আৰু নিজৰ নিয়ন্ত্রণত ইউক্রেইনক ৰাখিব খোজে। ৰাছিয়াই ইউক্রেইনক নিজৰ আয়ত্তত ৰাখিব খোজা বাবেই নাটো তথা আমেৰিকাৰ যুদ্ধৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছে। প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসাত্মক কার্যকলাপৰ পাচত সাধাৰণতে সকলো দেশেই ভয় খায় বিশ্বযুদ্ধৰ সম্ভাৱনাৰ বাবে। তদুপৰি আমেৰিকাকে ধৰি নাটোভুক্ত দেশবােৰৰ জনসাধাৰণে নিবিচাৰে যুদ্ধ।

যোৱাকেইদিনৰ যুদ্ধৰ পৰিস্থিতিতে প্রতিফলিত হৈছে যে আমেৰিকা আৰু নাটোভুক্ত দেশবোৰে বিশ্বযুদ্ধৰ পৰিস্থিতিলৈ যাবলৈ ভয় খাইছে আনফালে ৰাছিয়াও সহজ সামৰিক শক্তি নহয় সেইটোকো উপলব্ধি কৰিছে। শেষপর্যন্ত ৰাছিয়াক অর্থনৈতিকভাৱে বিপদত পেলাবলৈ অর্থনৈতিক অৱৰোধ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। 

২০১৮ চনতো আমেৰিকাই ৰাছিয়াৰ ওপৰত অর্থনৈতিক অৱৰোধ আৰোপ কৰিছিল। ৰাছিয়ায়ো অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰ আৰু ইউৰোপৰ প্ৰায়বোৰ দেশেই ৰাছিয়াৰ বিভিন্ন সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি ৰাছিয়াৰ চীনকে ধৰি বিশ্বৰ বহু দেশৰ লগত শক্তিশালী ঘনিষ্ঠতা আছে। গতিকে ইৰানৰ ওপৰত অর্থনৈতিক অৱৰোধ আৰোপ কৰি যেনেকৈ ইৰানক এঘৰীয়া কৰিছিল সিমান সহজ নহ'ব ৰাছিয়াক এঘৰীয়া কৰাটো। তদুপৰি ইউৰোপৰ জার্মানী, ফ্রান্সকে ধৰি বহু দেশ অর্থনৈতিকভাৱে বিপদত পৰিব। বহু বিশেষজ্ঞই কৈছে যে এই অৱৰোধে ৰাছিয়াক মাৰাত্মক ক্ষতি কৰিব নােৱাৰে। তেওঁলোকে কৈছে— “The sanctions are likely to have little more than a minimal effect, a enforced by the fact that the US and EU have held back from using for stronger measures for now. ৰাছিয়াই এতিয়া ডলাৰৰ ওপৰত সিমান নিৰ্ভৰ নকৰিলেও হয়। আমেৰিকাই যি বাধ্যবাধকতা আৰোপ কৰিছে সেইটো বহুখিনি প্রায় এবছৰ আগৰ পৰা চলিয়েই আছিল। 

আনফালে ৰাছিয়া বিদেশী মুদ্রাভাণ্ডাৰত শক্তিশালী। বর্তমান ছশ বিলিয়ন ডলাৰ আছে (৫২৯ বিলিয়ন ইউৰো)। আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানৰ অর্থনীতিবিদ এলিনা বিবাকভে কৈছে যে সার্বভৌম ঋণ (Sovereign debt) অৱৰোধে অতি কম প্রতিক্রিয়া কৰিব ৰাছিয়াক। ইউৰোপৰ দেশবোৰে ৪০ শতাংশ প্রাকৃতিক গেছৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি যদি ইউক্রেইন ৰাছিয়াৰ নিয়ন্ত্ৰণত আহে ইউক্রেইনৰ পৰাও ইউৰোপৰ দেশবোৰলৈ গেছ-তেল, মূল্যৱান ধাতু যোগান বন্ধ হ’ব। আন্তর্জাতিক খাৰুৱা তেলৰ বজাৰত ইতিমধ্যে প্রতি বেৰেল তেলৰ মূল্য এশ ডলাৰ পাইছেগৈ। খাৰুৱা তেলৰ মূল্যই বিশ্বৰ সকলো দেশৰে অর্থনীতিক ক্ষতিগ্রস্ত কৰিব আৰু দেশবোৰ মুদ্রাস্ফীতিত আক্রান্ত হ'ব। 

ইউৰোপৰ দেশবোৰে বিকল্প গেছ আমেৰিকাৰ পৰা আমদানি কৰিবলৈ গ'লে গেছৰ দাম অধিক হ'ব আৰু দেশবোৰৰ অৰ্থনীতিত বেয়া প্রভাৱ পৰিব। যেনে জার্মানীয়ে বর্তমান ৰাছিয়াৰ পৰা ৫৫ শতাংশ গেছ আমদানি কৰে। ৰাছিয়াৰ গেছ যোগান বন্ধ হলে জার্মানীয়ে আমেৰিকাৰ পৰা গেছ আমদানি কৰিবলৈ গৈ অর্থনৈতিকভাৱে মহা বিপদত পৰিব। ভাৰতৰ অর্থনীতি বহু পৰিমাণে ৰাছিয়াৰ লগত সম্বন্ধ আছে। ভাৰতে বহু অত্যাধুনিক অস্ত্র ৰাছিয়াৰ পৰা আমদানি কৰে। ভাৰতৰে সমস্যা হ’ব যে ভাৰতে কোন পথ ল'ব। ভাৰত সামৰিকভাৱে আমেৰিকাৰ লগত আছে। তৎসত্ত্বেও ৰাছিয়াৰ লগত সম্বন্ধ ত্যাগ বা অর্থনৈতিক অৱৰােধৰ বাধ্যবাধকতাবােৰ অনুসৰণ কৰাৰ কথাটো ভাৰতৰ চৰকাৰে চিন্তা কৰিব লাগিব। 

আনফালে আমেৰিকাক অসন্তুষ্ট কৰিব বিচাৰিব নে, মোডী চৰকাৰে? সামগ্রিকভাৱে বিশ্ব অর্থনীতিৰ এই অর্থনৈতিক মাৰাত্মক ক্ষতিগ্রস্ত কৰিব। ভাৰতকে ধৰি বিশ্বৰ প্রায় দেশকে মুদ্রাস্ফীতিয়ে আক্রান্ত কৰিব, ফলস্বৰূপে দেশবোৰৰ জনসাধাৰণৰ দুখ-যন্ত্রণা বৃদ্ধি পাব। নাটোভুক্ত দেশবোৰতে মুদ্রাস্ফীতিৰ হাৰ অধিক হ’ব। দেশবোৰক মুদ্রাস্ফীতিয়ে আক্রান্ত কৰিলে উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা হ্রাস পাব আৰু ইয়াৰ প্রতিক্রিয়াত দেশবোৰত নিবনুৱা সমস্যাই দেখা দিব। অর্থনৈতিক পৰিস্থিতিয়ে বাধ্য কৰিব বিশেষকৈ নাটোভুক্ত দেশবোৰক ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ উঠাই ল’বলৈ। 

শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে বিশ্বৰ বন্ধু দেশবোৰে আশা কৰাৰ দৰে ইউক্ৰেইনক বচাবলৈ সামৰিক শক্তিৰে আগবাঢ়ি নহাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু দেশৰ স্বাধীনতা আৰু গৌৰৱ অক্ষুন্ন ৰখাৰ বাবে ৰাষ্ট্ৰপতি জেলিনেক্সিআ আৰু তেওঁৰ সংগী ৰাষ্ট্ৰনেতা সকলে ৰাজধানী চহৰতে শেষ পৰ্যন্ত থাকি প্ৰতিৰোধ আগবঢ়াব বুলি টাইম মেগাজিনৰ টুইটাৰ হেণ্ডেলৰ পৰা প্ৰকাশিত ভিডিঅ'ত প্ৰকাশ পাইছে। শেষ ক্ষণলৈকে যুঁজাৰ এই দৃঢ়তা আৰু তাৰ বিপৰীতে বিশ্বৰ বাকীবোৰ দেশৰ স্থিতিৰ মাজত ৰাছিয়ান আগ্ৰাসনে এতিয়া ৰাজধানী দখলৰ দিশে আগবাঢ়িছে। ৰাজনীতি আৰু অৰ্থনীতি আৰু জিঅ'-পলিটিক্সৰ যুঁজত যে বিৰিণা হৈ ইউক্ৰেইনত বাস কৰা সাধাৰণ জনতাইহে দীৰ্ঘদিনলৈ সবৰ্স্ব হেৰুৱাৰ যাতনা বৈ থাকিব লাগিব, সেই কথাহে পিছে নিশ্চিত হৈ পৰিছে। দাৰ্শনিক জাঁ-পল ছাত্ৰে কৈ গৈছে-When the rich wage war, it's the poor who die. সেয়ে আমিও যুদ্ধৰ সলনি শান্তি আৰু আলোচনাৰেই শান্তিৰ বাট মুকলি কৰাৰ পক্ষে মত প্ৰকাশ কৰিছো। 
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ শেহতীয়া বাৰ্তা
---------------------------------
লেখক এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ তথা ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া ৰূপে অৱসৰপ্ৰাপ্ত।
দূৰভাষঃ  ৯৪৩৫০-৪১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ একত্ৰ লিংকঃ
-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment