জীৱন যৌৱন (সম্পৰ্ক):: যি কেইটা কথা নাৰীয়ে মনে প্ৰাণে বিচাৰে, সপোনৰ পুৰষজনৰ ওচৰত.... - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন (সম্পৰ্ক):: যি কেইটা কথা নাৰীয়ে মনে প্ৰাণে বিচাৰে, সপোনৰ পুৰষজনৰ ওচৰত....

জীৱন যৌৱন (সম্পৰ্ক):: যি কেইটা কথা নাৰীয়ে মনে প্ৰাণে বিচাৰে, সপোনৰ পুৰষজনৰ ওচৰত....

Share This
যি কেইটা কথা নাৰীয়ে মনে প্ৰাণে বিচাৰে, সপোনৰ পুৰষজনৰ ওচৰত....
কোনো বিখ্যাত ব্যক্তিয়ে হেনো কৈ গৈছে "নাৰীমনক জেনেৰেলাইজড্ কৰাটো খুবেই বিপদজনক, আৰু সেই বিষয়ত বিশেষজ্ঞ হবলৈ যোৱাটো আৰু ভয়ানক পদক্ষেপ!"
যদিও নাৰীয়ে মনে মনে কি কামনা কৰে, সেয়া বিশ্বৰ সকলো প্ৰান্ততে এটা আজিও এক উত্তৰবিহীন প্ৰশ্ন স্বৰূপ, তথাপিও কিন্তু পুৰুষৰ অনুসৎন্ধিৎসু মনে এই বিষয়ত গৱেষণা কৰিবলৈ এৰা নাই বা হাৰ মনা নাই৷ 

আৰু সাধাৰণতে নাৰীয়ে কি কি ভাল পায় বা পুৰুষৰ মাজত কি বিচাৰে, আশা কৰে সেয়া বিচাৰি উলিয়াইছে৷ সেই বিশাল তালিকাৰ পৰা কিছু নিৰ্বাচিত কথা আপোনাৰ সহায়ক হোৱাকৈ ইয়াত যুগুত কৰি উলিওৱা হৈছে৷ ইয়াৰ দ্বাৰা যাতে আপুনিও নাৰীমন জিনি প্ৰেমৰ সেৱাদ পাব পাৰে তাৰ বাবে আগতীয়াকৈ অভিনন্দন থাকিল৷

দ্বায়িত্বশীল চুপাৰমেনঃ 

নাৰীয়ে সদায়েই নিৰাপত্তা ভাল পায় আৰু ইয়াক উপভোগ কৰে৷ গতিকে আপোনাৰ প্ৰিয় নাৰী গৰাকীৰ বিপদ আপদ, প্ৰতিটো যাত্ৰা পথৰ সাৰথি ৰূপে আপুনি যে নিৰাপত্তা প্ৰদানত সক্ষম, সেয়া পাকে প্ৰকাৰে প্ৰকাশ কৰক ৷ নাৰীয়ে তৰ্ক বিতৰ্কৰ সময় হ’লে তেওঁৰ হৈ সমুখত থিয় দিব পৰা ধৰণৰ পুৰুষক সহজেই পচন্দ কৰে৷ সেয়ে আপুনি সুযোগ পালেই, তাক সাহসেৰে গ্ৰহণ কৰিবলৈ নাপাহৰিব৷

সুৱাস - সুগন্ধিঃ

সততেই সুগন্ধিৰ বিজ্ঞাপনত দেখুৱাই যে, নাৰীয়ে সুগন্ধিৰে পুৰুষক সন্মোহিত কৰে৷ একেদৰেই সেই কথা পুৰুষৰ ক্ষেত্ৰটো সমানেই প্ৰযোজ্য হয়৷ সেয়ে আপুনি ডিঅ’ বা আন সুগন্ধি নিৰ্বাচন কৰোতে সাৱধান হব আৰু আপোনাৰ দেহৰ নিজা পুৰুষসুলভ গোন্ধটোৰ সৈতে খাপ খোৱা সুগন্ধি ব্যৱহাৰ কৰিব৷

বিশেষকৈ প্ৰথম বাৰ লগ কৰিবলৈ যাওঁতে এয়া বৰ গুৰুত্বপূৰ্ণ, সেয়ে সেইদিনা অন্ততঃ নতুন কিবা এটা ট্ৰায়েল কৰিবলৈ চেষ্টা নকৰাই ভাল৷ মনত ৰাখিব আপোনাৰ দেহৰ সুগন্ধ আৰু সেই ডিঅ’ মিহলি হৈহে এক মিশ্ৰিত  গোন্ধে আপোনাক আৱৰি থাকে৷ সেয়ে এই ক্ষেত্ৰত অলপ সজাগ হোৱাটো ভাল ৷ প্ৰথম আকৰ্ষণ বা প্ৰেমানুভূতি জগাই তোলাত সুৱাসৰ যে এক বিশেষ অৰিহণা আছে সেয়া বিজ্ঞানেও মানি লৈছে৷

চাৰপ্ৰাইজঃ
নাৰীয়ে সদায়েই চাৰপ্ৰাইজ ভাল পায়, লাগিলে ই সৰু কিবা এটায়েই হওক৷ এটা চকলেট, প্ৰেমৰ সৰু কবিতাৰ টুকুৰা, মুড চাই গাই দিয়া একোটা শ্বায়েৰী, উপহাৰ, হঠাত খোপাত গুজি দিয়া এটা ৰঙা গোলাপ অথবা একোটা ফুলৰ থোপা ৷ 

এই সকলো বস্তুকে চাৰপ্ৰাইজে এক অনন্য ৰঙ সানি দিয়ে বা এক মাত্ৰা প্ৰদান কৰে৷ আৰু নাৰীয়ে এই চাৰপ্ৰাইজৰ সংখ্যা বেছি হ’লেও কেতিয়াও আমনি নাপায়, বৰং তাকে লৈ গৌৰৱ কৰে৷ সেয়ে আগবাঢ়ক, চাৰপ্ৰাইজ এটা দিবলৈ!

স্বচ্ছতাঃ

মনত ৰাখিব, সম্পৰ্কৰ ক্ষেত্ৰত সৰলতাই শ্ৰেষ্ঠ উপায়৷ যদি আপুনি দীৰ্ঘ দিনৰ বাবে সম্পৰ্ক গঢ়িব খুজিছে, তেন্তে মিছা কথাৰ আশ্ৰয় কেতিয়াও নলব ৷ যদিও সঁচা কথাৰ কাৰণে সাময়িক ভাৱে সম্পৰ্কত কিছু জোকাৰণি আহিব পাৰে, কিন্তু দীৰ্ঘদিনৰ বাবে তেওঁৰ বিশ্বাসক জিনি সম্পৰ্ক সুদৃঢ় কৰাত ইয়াতকৈ আৰু কাৰ্যকৰী ঔষধ এইখন পৃথিৱীত নাই৷
মনত ৰাখিব সত্য উদঘাটনৰ বাবে সময়ে সদায়েই একোটা বাট উলিয়াই ৰাখে৷ সেয়ে মানি চলক সত্যৰ সদায় জয়!

সুঠাম দেহঃ

যদিও নাৰীয়ে চিক্স পেক সমৃদ্ধ নায়কৰ সপোন দেখে, আৰু এজন সুঠাম, সুস্থ সৱল দেহৰ ব্যক্তিকে বাস্তৱত বিচাৰে৷ সেয়ে নিজৰ দেহটোক খেলুৱৈ সুলভ কৰি ৰাখিবলৈ যত্ন কৰক, নিয়মিত শৰীৰ চৰ্চাৰ যোগেদিয়েই আপুনি এক আকৰ্ষণীয় দেহৰ গৰাকী হব পাৰিব ৷ গতিকে এলাহ আঁতৰাওক, কামত ধৰক৷
সঠিক সাজ-পোচাকঃ

বেয়া, অপৰিপাটি সাজ-পোচাকে নাৰী এগৰাকীৰ মন যিমান কোঁচ খুৱাই নিয়ে, সেয়া চাগৈ আন কোনো কাৰকেই কৰিব নোৱাৰে৷ সেয়ে পৰিস্কাৰ পৰিচন্ন আৰু আপোনাৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা ধৰণৰ সাজপাৰ নিৰ্বাচন কৰি লওক৷ 

নতুন ট্ৰেণ্ডৰ বিষয়ে জানক, কি ৰঙে আপোনাক শুৱাই পৰে সেই বিষয়ে বন্ধু-বান্ধৱীৰ পৰা জানি লওক ৷ পৰিবেশৰ সতে মিলাকৈ সাজ-পাৰ নিৰ্বাচন কৰি পিন্ধক৷ ফৰমেল, কেজুৱেল আদি পিন্ধাৰ সময়, পৰিবেশ প্ৰয়োজন আদিৰ বিষয়ে সচেতন হওক৷  কাপোৰ দামী হব লাগিব বুলি কথা নাই, পৰিস্কাৰ, সঠিক ইস্ত্ৰি আদিৰে যি কোনো কাপোৰেই আপোনাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে৷ সেয়ে পৰিবেশ আৰু ব্যক্তিত্বৰ লগত খোৱা সাজপাৰ পিন্ধি আপুনিও নিজৰ ব্যক্তিত্বক এক আকৰ্ষণীয় ৰূপত তুলি ধৰক ৷ 

চুলিৰ যতনঃ

চুলিৰ নতুন ডিজাইন এটা কৰিব বিচাৰিলেও এক মাৰ্জিত ৰূপহে গ্ৰহণ কৰাটো ভাল৷ একোজন ভাল হেয়াৰ ষ্টাইলিষ্টে একোটা নতুন ষ্টাইলেৰে আপোনাৰ ব্যক্তিত্বৰ ছবিকে সলাই পেলাব পাৰে ৷ সেয়ে আপেনাৰ সতে খাপ খোৱা উৎকৃষ্ট ডিজাইনটো গ্ৰহণ কৰি নিজকে আকৰ্ষণীয় কৰি নুতোলে কিয়?

চুলিৰ যতন আৰু ষ্টাইল নাৰীৰ বাবে এক আকৰ্ষণৰ বস্তু৷ সেয়ে এই বিষয়ত আপোনাৰ পচন্দ আৰু আগ্ৰহে তেওঁৰ মনতো অনুৰণনৰ সৃষ্টি কৰাৰ সম্ভাৱনা খুবেই বেছি৷



আপোনাৰ হাতৰ যাদুঃ
আপুনি চাগৈ আপোনাৰ প্ৰেয়সীক লৈ চহৰৰ ভালৰো ভাল দামী ৰেষ্টুৰাটো বহিছেগৈ ৷ কিন্তু তথাপিও আপুনি মৰমেৰে তেওঁৰ বাবে কিবা ৰান্ধি খুৱালে তেওঁ তাতোতকৈ বেছি আনন্দিত হবই, সেয়া লাগিলে কেতিয়াবা তেওঁ ভোকত থাকোতে দৌৰি গৈ বনাই অনা, তেওঁৰ পচন্দৰ দুই মিনিটৰ মেগীয়েই নহওক কিয়৷ তেনে সৰু অথচ যত্ন লোৱা মুহুৰ্তবোৰেই সম্পৰ্কত নতুন ৰঙ সানি দিয়ে৷ 

তেওঁৰ বাবে আপোনাৰ দুহাতৰ যাদুত সদায়েই এক সন্মোহন থাকে, আৰু তেওঁলোকে সেয়া মনে প্ৰাণে আশা কৰে৷ সেয়া এক যাদুকৰী স্পৰ্শই হওক, বা হাতৰ কোনো সৃ্ষ্টিকৰ্ম, তেওঁক উদ্দেশ্যি কৰা ৷ যাৰ মায়াই, হাজাৰ কিনি অনা বস্তুতকৈ সহজেই তেওঁৰ হৃদয় চুই যায়৷

যদিও নাৰীৰ মন দেৱতাইও বুজিব নোৱাৰে বুলিয়ে মানুহে কয়৷ আৰু  নাৰীৰ মনৰ ৰং সময়ৰ সতে সলনি হৈয়েই থাকে৷ তথাপিও এই কেইটা কথাৰ প্ৰতি নাৰী মনৰ আগ্ৰহ সদায়েই ধ্ৰুৱক হৈ জীৱন বাটত জিলিকি থাকে ৷ 

1 comment: