প্ৰৱন্ধঃ চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস :: মানস প্রতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ  চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস  :: মানস প্রতিম দত্ত

প্ৰৱন্ধঃ চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস :: মানস প্রতিম দত্ত

Share This

 চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস

মানস প্রতিম দত্ত

NATIONAL SCIENCE DAY, ASOMIYA, ARTICLE, চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস,  মানস প্রতিম দত্ত

আজি ২৮ ফ্ৰেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে পালন কৰা হয়। বৰ্তমানৰ যুগ যদিও আধুনিক যুগ, ডিজিটেল যুগ, প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়, তথাপি এতিয়াও বিশ্বত সাক্ষৰতা, বিজ্ঞান মনস্কতা আৰু বৈজ্ঞানিক চিন্তাক জীৱন-দৰ্শনৰ অংশ কৰি লোৱাৰ কথা যদি সাংখ্যিক ভাৱে অনুধাৱন কৰিবলৈ যোৱা যায়, সেয়া এতিয়াও অতি দুখলগা অৱস্থাতে আছে। আজিও বিজ্ঞানে, অপবিজ্ঞান আৰু অন্ধ-বিশ্বাসৰ পৰা যুঁজি থাকি নিজস্ব অস্তিত্ব প্ৰতিপন্ন কৰিব লগা অৱস্থাতে আছে। বিজ্ঞান যদিও তাত্বিকভাৱে বহু আগুৱাই গৈছে, প্ৰযুক্তিবোৰ মানুহৰ জীৱনৰ মান উন্নীতকৰণত সহায়ক হৈছে তথাপি এতিয়াও প্ৰকৃততে বিজ্ঞানক সাধাৰণ মানুহৰ মাজলৈ ব্যাপক ভাৱে লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। বিজ্ঞান দিৱসত এনে সংকল্পকেই লোৱা হয়। আৰু সেই প্ৰেক্ষাপটতে ভাৰতত বিজ্ঞান দিৱস পালনৰ ইতিহাসলৈ এবাৰ আলোকপাত কৰিবলৈ এই লেখাত প্ৰয়াস কৰিছো।

NATIONAL SCIENCE DAY, ASOMIYA, ARTICLE, চি. ভি. ৰমন, বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান দিৱস,  মানস প্রতিম দত্ত

সেয়া ১৯২৮ চনৰ কথা। স্থান পশ্চিমবংগৰ কলিকতা। তাতেই আছে ইণ্ডিয়ান এচ’ছিয়েচন ফৰ কাল্টিভেশ্যন চায়েন্সৰ গৱেষণাগাৰ। সিদিনা আছিল সেই বর্ষৰ ২৮ ফেব্রুৱাৰী আৰু সেইদিনাই ভাৰতবর্ষৰ লগতে সমগ্র বিশ্বৰ বিজ্ঞান জগতত দুজন ভাৰতীয় বিজ্ঞানীৰ আৱিষ্কাৰ সংযোজিত হৈছিল। ৰমন পৰিঘটনা বা ৰমন বিচ্ছুৰণ নামেৰে পৰিচিত এই আৱিষ্কাৰে নতুন চিন্তা আৰু গৱেষণাৰ পথ মুকলি কৰিছিল। সেই ভাৰতীয় বিজ্ঞানী দুজনৰ নামেই হ’ল চন্দ্রশেখৰ ভেঙ্কটৰমন আৰু তেখেতৰ ছাত্ৰ এছ কে কৃষ্ণণ। ১৯২৮ বর্ষত ৰমনে আৱিষ্কাৰ কৰা পোহৰৰ বিশেষ পৰিঘটনাটোৰ মূল কথা আছিল যে কোনো স্বচ্ছ মাধ্যমৰ মাজেদি পোহৰ পাৰ হৈ গ’লে , সেই পোহৰৰ কিছু অংশৰ বিক্ষেপন ঘটে আৰু এই বিক্ষেপিত পোহৰৰ তৰংগ দৈর্ঘ্য আপতিত হোৱা পোহৰৰ তৰংগ দৈর্ঘ্যতকৈ বেলেগ। ৰমনে আৱিষ্কাৰ কৰা পোহৰৰ এই বিক্ষেপনেই হ’ল ৰমন বিক্ষেপন। ১৯৩০ চনত এই আৱিষ্কাৰৰ বাবেই চি ভি ৰমন সন্মানিত হৈছিল সর্বোচ্চ বঁটা ন’বেল বঁটাৰে।

 

আমাৰ দৈনিক জীৱনত বিজ্ঞানৰ প্রভাৱ আৰু প্রতিজন ব্যক্তিৰ মনোজগতত বৈজ্ঞানিক চিন্তন আৰু মননৰ বাট মুকলোৱাৰ উদ্দেশ্যেৰে ৰমনৰ আৱিষ্কাৰৰ প্রতি সন্মান জনাই নেশ্যনেল কাউন্সিল ফৰ চায়েন্স এণ্ড টেকনল’জি কমিশ্যনে ১৯৮৬ চনত ভাৰত চৰকাৰক ২৮ ফেব্রুৱাৰী তাৰিখটো বিজ্ঞান দিৱস হিচাপে ঘোষণা কৰিবলৈ কয় আৰু  ১৯৮৭ চনৰ পৰা ২৮ ফেব্রুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসত বিজ্ঞানৰ আর্হি, জনপ্রিয় বক্তৃতা, বক্তৃতা প্রতিযোগিতা আদি আয়োজন কৰি জনগণৰ মাজত বিজ্ঞানৰ প্রচাৰ আৰু প্রসাৰৰ উদ্যোগ লোৱা হয়।


মানুহৰ মন সদায়েই অনুসন্ধিৎসু হয়। মানুহে নজনাক জানিবলৈ, নেদেখাক চাবলৈ বিচাৰে। মানুহৰ এনে অনুসন্ধিৎসু প্রৱণতাই তথ্য সংগ্রহৰ প্রতি উত্সাহিত কৰে। ফলত মানুহৰ জ্ঞানৰ পৰিসৰৰ প্রসাৰ ঘটে । বিজ্ঞান শব্দটোৰ ইংৰাজী প্রতিশব্দ হ’ল science, ই লেটিন ভাষাৰ শব্দ scientiaৰ পৰা আহিছে। ইয়াৰ অর্থ হ’ল: জ্ঞান। একেদৰে সংস্কৃত ভাষাৰ বিজ্ঞান শব্দৰ অর্থ হ’ল জ্ঞান। গতিকে বিজ্ঞান হ’ল প্রণালীবদ্ধ অধ্যয়ন।বিজ্ঞানক প্রণালীবদ্ধ বোলাৰ কাৰণ হ’ল ই দেখাৰ লগে লগে বা শুনাৰ লগে লগে কোনো কথাকে স্বীকাৰ নকৰে। ই প্রথমে শুনা কথাটোৰ সম্পর্কে বিভিন্ন তথ্য সংগ্রহ কৰে। সংগ্রহৰ পাছতেই সেই তথ্যসমূহ সত্যাসত্য নির্ণয়ৰ বাবে বিশ্লেষণ কৰে। অৱশেষত তথ্যৰ ওপৰত নির্ভৰ কৰি এক সিদ্ধান্তত উপনীত হয়। সেয়েহে জে.এন.পইনকেয়াৰে কৈছিল, ‘বিজ্ঞান তথ্যৰে গঠিত, যেনেদৰে এটা ঘৰ শিলেৰে গঠিত। কিন্তু এদম শিল গোটালেই যেনদৰে এটা ঘৰ হ’ব নোৱাৰে ঠিক একদৰে কেৱল তথ্য সংগ্রহেই বিজ্ঞান নহয়।’ পিয়েৰচনৰ এই তত্বৰ পৰা আমি বুজিলোঁ যে, তথ্য এটাক বৈজ্ঞানিক তথ্য বুলি তেতিয়াহে ক’ব পাৰিম যেতিয়া তথ্যৰ ওপৰত নির্ভৰ কৰি উপযুক্ত তথ্যসমূহ নির্বাচন কৰি আমি এক সিদ্ধান্তত উপনীত হ’ব পাৰোঁ। এই প্রক্রিয়াটো শিল, বালি, চিমেণ্টেৰে ঘৰ সজাৰ দৰে একে। 


কলম্বিয়া বিশ্বকোষৰ মতে, প্রাকৃতিক পৰিঘটনাৰ সম্পর্কে পঞ্জীভূত আৰু প্রণালীবদ্ধ শিকনেই বিজ্ঞান। সহজ অর্থত, বিজ্ঞান মানে প্রথমতে বৈজ্ঞানিক তথ্য, নীতি আদিৰ জ্ঞান আৰু দ্বিতীয়তে ই এটা পদ্ধতি। মানুহৰ জীৱনত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। ই মানুহৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূর্ণ অংগ। গতিকে, ভৌতিক বিশ্বক পর্যবেক্ষণ , বর্ণনা , উদঘাটন আৰু ব্যৱহাৰ কৰা প্রক্রিয়াকে বিজ্ঞান বুলি ক’ব পাৰি। গতিকে বিজ্ঞান হৈছে অবিৰত পর্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা প্রয়োগ আৰু সত্যাপনৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ডক বুজিব পৰা এক প্রক্রিয়া। এই প্রক্রিয়াসমূহ অধ্যয়নৰ বাবে কোনো বাধা নিষেধ নাথাকে। বিশ্বৰ প্রত্যেক নাগৰিকে এই বিষয় আয়ত্ব কৰিবৰ বাবে সুবিধা পায়। কিয়নো বৈজ্ঞানিক মানসিকতাৰ উত্তৰণৰ অবিহনে এখন সর্বাংগসুন্দৰ পৃথিৱী কল্পনা কৰিব নোৱাৰি। 


বিজ্ঞান দিৱসত প্রতি বছৰে একোটা মূল বিষয় ঠিৰাং কৰা হয়। ১৯৯৯চনত ‘ আৱাৰ চেইঞ্জিং আর্থ’, ২০০০ চনত ‘ৰিক্রিয়েটিং ইন্টাৰেষ্ট ইন বেচিক চায়েন্স’, ২০০১ চনত ‘ইনফৰমেশ্যন টেকন’ল’জী ফৰ চায়েন্স এডেকেশ্যন’, ২০০২ বর্ষত ‘বেলথ ফ্রম ৱেষ্ট’, ২০০৩ বর্ষত ‘ ফিফটি য়েৰচ অফ ডি এন এ এণ্ড ২৫ য়েৰছ অফ আই ভি এফ - দ্য ব্লুপ্রিণ্ট অফ লাইফ’, ২০০৪ বর্ষত এনকাৰেজিং চায়েন্টিফিক এৱাৰনেচ ইন কমিউনিট’, ২০০৫ বর্ষত ‘ চেলেব্রেটিং ফিজিক্স’, ২০০৬ বর্ষত ‘ নার্চাৰ নেচাৰ ফৰ আৱাৰ ফিউচাৰ’, ২০০৭ বর্ষত ‘ ম’ৰ ক্র’প পাৰ ড্রপ’, ২০০৮ বর্ষত ‘আণ্ডাৰষ্টেণ্ডিং দ্য প্লেনেট আর্থ’, ২০০৯ বর্ষত ‘ এক্সপাণ্ডিং হৰিজনচ্ অফ চায়েন্স’, ২০১০ বর্ষত ‘জেণ্ডাৰ ইকুউটি, চায়েন্স এণ্ড টেকন’ল’জি ফৰ চাষ্টেইনেব’ল ডেভেলপমেণ্ট’, ২০১১ বর্ষত ‘কেমিষ্ট্রি ইন ডেইলি লাইফ’, ২০১২ বর্ষত ‘ক্লীন এনার্জী অপচন্স এণ্ড নিউক্লিয়েৰ ছেফটি’ ২০১৩ বর্ষত ‘জেনেটিকেলি মডিফাইড ক্র’পচ এণ্ড ফুড চিকিউৰিটি’, ২০১৪ চনত ‘ফ’ষ্টাৰিং চায়েন্টিফিক টেম্পেয়াৰমেণ্ট’, ২০১৫ বর্ষত ‘চায়েন্স ফৰ নেচন বিল্ডিং’, ২০১৬ চনত ‘চায়েণ্টিফিক ইচ্ছ্যুচ্ ফৰ ডেভেলপমেণ্ট অফ দ্য নেশ্যন’, ২০১৭ চনত ‘ চায়েন্স এণ্ড টেকন’ল’জী ফৰ স্পেচিয়েলি এব’ল্ড পাৰচন’, ২০১৮ চনত ‘ চায়েন্স এণ্ড টেকন’ল’জি ফৰ এ চাষ্টেইনেব’ল ফিউচাৰ’, ২০১৯ বর্ষত ‘ চায়েন্স ফৰ দ্য পিঅ’পল, এণ্ড দ্য পিঅ’পল ফৰ চায়েন্স’, ২০২০ চনত ‘ অ’মেন ইম চায়েন্স’ ২০২১ বর্ষত- ফিউচাৰ অফ এচ টি আই: ইম্পেক্ট অ’ন এডুকেশ্যন, স্কিলচ্ এণ্ড ৱর্কচ্’ অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন: শিক্ষা, কুশলতা আৰু কাৰ্যত ইয়াৰ প্ৰভাৱক মূল বিষয় হিচাপে লৈ উদযাপন কৰা ৰাষ্ট্রীয় বিজ্ঞান দিৱসৰ ২০২২ বৰ্ষৰ মূল বিষয় হ'ল - বিজ্ঞান- প্ৰযুক্তিৰ ক্ষেত্ৰত বহনক্ষম ভৱিষ্যতৰ বাবে আমাৰ সামূহিক কৰ্তব্য । 


আমি আশা কৰিম, নতুন-পুৰণি সকলো প্ৰজন্মৰ মাজতে বিজ্ঞান চৰ্চা, বিজ্ঞান-মনস্কতা গঢ় লৈ উঠাৰ এই যাত্ৰাত আমি সচেতন লোক সকলে ধ্বজবহনকাৰীৰ ভূমিকা পালন কৰিম। দৰিদ্ৰতা, স্বাস্থ্য, পৰিৱেশ আদি মৌলিক বিষয়ৰ ক্ষেত্ৰবোৰত বিজ্ঞান-চৰ্চা আৰু চিন্তাৰে মানুহৰ মন আলোকিত কৰাৰ এই প্ৰক্ৰিয়া এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু তাত সকলোৱেই অংশ লবলৈ আগ্ৰহী হলেহে 'বিজ্ঞান- প্ৰযুক্তিৰ ক্ষেত্ৰত বহনক্ষম ভৱিষ্যতৰ বাবে আমাৰ সামূহিক কৰ্তব্য'ৰ চিন্তা-চৰ্চাবোৰ যে ফলপ্ৰসূ হব, সেই কথাও কিন্তু নিশ্চিত।

লেখাটি শতাব্দ ডিজি মেডিয়াতো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/MANAS%20PRATIM%20DUTTA

-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment