মনৰ কথাঃ অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ  :: ড° অখিল ৰঞ্জন দত্ত

মনৰ কথাঃ অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ :: ড° অখিল ৰঞ্জন দত্ত

Share This
অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ
ড° অখিল ৰঞ্জন দত্ত
অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ ড° অখিল ৰঞ্জন দত্ত, Hospitals in Guwahati, GNRC, AYURSUNDRA, NEMCARE, DOWNTOWN
যোৱা ইং ১২ ফেব্ৰুৱাৰী ২০২২ তাৰিখে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা চুপাৰস্পেচিয়েলটী হাস্পতালৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত আছিলোঁ । সেই অনুষ্ঠানত অন্যান্য সকলৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্ও উপস্থিত আছিল । এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ তাৎক্ষণিক কাৰণ হয়তো এইয়ে আছিল যে ক’ভিডত আক্ৰান্ত হৈ মই আঠদিন এই চিকিৎসালয়ত ভৰ্ত্তি হৈছিলোঁ আৰু চিকিৎসালয়খনে ৰোগীৰ প্ৰতি প্ৰদৰ্শন কৰা সংবেদনশীল আৰু মানৱীয় দৃষ্টিভংগীক মই ৰাজহুৱাকৈ শলাগ লৈছিলোঁ। 
অসমত উন্নত চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰসংগ আৰু কনফেডাৰেশ্বন অৱ লোকেল হাস্পতালছ ড° অখিল ৰঞ্জন দত্ত, Hospitals in Guwahati, GNRC, AYURSUNDRA, NEMCARE, DOWNTOWN
তদুপৰি, এই চিকিৎসালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ডেকা গোৱালপাৰা কলেজত মোৰ ছাত্ৰ আছিল। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ মনোজ ডেকা এতিয়া অসম তথা উত্তৰ-পূৱ ভাৰতৰেই চিকিৎসা প্ৰতিষ্ঠান পৰিচালনাৰ এজন লেখতল’বলগীয়া বিষয়া। কটন কলেজৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ আমাৰ সময়ৰ অধীক্ষক আৰু উদ্ভিদ বিজ্ঞানৰ অধ্যাপক চন্দ্ৰ বৰুৱা ছাৰৰ পুত্ৰ ডা: প্ৰণৱ বৰুৱাও এই চিকিৎসালয়ৰ চিকিৎসক হোৱাৰ উপৰিও চিকিৎসালয়খন পৰিচালনাৰ স’তে ওত:প্ৰোত: ভাৱে জড়িত। মই চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ পূৰ্বে ৯৩ বছৰীয়া আমাৰ এগৰাকী আত্মীয় আইতা ক’ভিডত আক্ৰান্ত হৈ এই চিকিৎসালয়ত ভৰ্ত্তি হৈছিল। এই চিকিৎসালয়লৈ অহাৰ পূৰ্বে তেওঁ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্ত্তি হৈছিলগৈ। কিন্তু চিকিৎসালয়ৰ যান্ত্ৰিকতাত অতীষ্ঠ হৈ তেওঁ চিকিৎসালয় বদলি কৰিবলৈ বাধ্য হ’ল। এতিয়া ৯৩ বছৰীয়া আইতা সুস্থ। অতি জটিল অৱস্থাৰ পৰা ভেকচিন নোলোৱা আইতা গৰাকীক মানৱীয় আৰু সংবেদন্শীল চিকিৎসা সেৱাৰে সুস্থ কৰি তুলিছিল আয়ুৰসুন্দ্ৰাৰ চিকিৎসক সকলে। মোৰো প্ৰায় একে ধৰণৰ অভিজ্ঞতা। কিন্তু মই এই কথা সাধাৰণীকৰণ কৰিব নোখোজোঁ । হয়তো মোৰ এজন ছাত্ৰ আৰু ভাতৃসম এগৰাকী চিকিৎসক-প্ৰশাসক চিকিৎসালয়খনত থকাৰ বাবেও মই এই সুযোগ পাব পাৰোঁ। কিন্তু আৰু বহুজনৰ পৰা চিকিৎসালয়খনৰ এই মানৱীয় দৃষ্টিভংগীৰ সন্ধান পাইছোঁ । সেইদিনাৰ অনুষ্ঠানত চিকিৎসালয়খনৰ উপ সভাপতি ডা: অভিজিৎ হাজৰিকাকো লগ পালো আৰু দীঘলীয়াকৈ কথা বতৰা হ’লো আৰু চিকিৎসালয়খনৰ বিষয়ে বহু কথা পাতিলোঁ। ইতিমধ্যে গুৱাহাটীত থলুৱা মানুহে গঢ়ি তোলা কেইবাখনো উচ্চমানৰ ব্যক্তিখণ্ডৰ চিকিৎসালয় বহি: চিকিৎসালয় গোষ্ঠীৰ হাতলৈ হস্তান্তৰিত হৈছে । সেই কথাটোৱে বহুতৰ দৰে মোকো চিন্তিত কৰি ৰাখিছে। ডা: হাজৰিকাৰ লগত কথা পতাৰ পিছত থলুৱা মানুহে গঢ়ি তোলা এই চিকিৎসালয় সমূহৰ বিষয়ে মোৰ দূৰ্ভাৱনা বাঢ়িল, সেয়েহে এই লিখাৰ অৱতাৰণা কৰিলোঁ ।

মোৰ গৱেষণাৰ অন্যতম বিষয় স্বাস্থ্যৰ অধিকাৰ আৰু স্বাস্থ্য নীতি। মোৰ পি এইচ ডি গৱেষণাৰ বাবে মই গুৱাহাটীৰ চিকিৎসা ব্যৱস্থাক বাচি লৈছিলো। ১৯৮০ ৰ দশকৰে পৰে গুৱাহাটীত আৰম্ভ হোৱা ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থাই সম্প্ৰতি শক্তিশালী অৱস্থানত উপনীত হৈছেহি। আজিৰ পৰা প্ৰায় বাৰ-পোন্ধৰ বছৰৰ আগলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে প্ৰায়বোৰ ৰাজহুৱাখণ্ডৰ চিকিৎসালয়ৰ অৱস্থা অত্যন্ত শোচনীয় আছিল । তাৰ অন্যতম কাৰণ আছিল পুঁজিৰ অভাৱ। ২০০৪ চনত ড° মনমোহন সিং নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰ গঠিত হোৱাৰ পিছত অৰ্থনৈতিক সংস্কাৰৰ সমান্তৰালভাৱে সামাজিক নিৰাপত্তাৰ কেতবোৰ দিশতো গুৰুত্ব দিছিল। তাৰ ভিতৰত অন্যতম আছিল স্বাস্থ্য সেৱা খণ্ড। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন তাৰ অন্যতম নিদৰ্শন । এই কথাটো সম্ভৱ হৈছিল ছোনিয়া গান্ধী নেতৃত্বাধীন ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ আৰু এই চৰকাৰত থকা মিত্ৰজোঁটৰ বাবে। এই উপদেষ্টা পৰিষদত আছিল চৰকাৰী নীতিৰ চোকা সমালোচক অৰুণা ৰয় বা জ্যা দ্যাজৰ দৰে ৰাজনৈতিক কৰ্মী আৰু গৱেষকো। এনে নীতিৰ সুবাদতে অসমৰ স্বাস্থ্যখণ্ডতো ৰাজহুৱা বিনিয়োগ বৃদ্ধি পাইছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়েও তাৰ সুবিধা লাভ কৰিছিল। আন্ত:গাঁথনিৰ ফালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় সম্প্ৰতি এখন লেখত লবলগীয়া চিকিৎসালয়।

১৯৮০ ৰ দশকৰ মাজভাগৰ পৰা গুৱাহাটীত শক্তিশালী হৈ উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ প্ৰতিষ্ঠা আৰু তাৰ লালন পালন কৰিছিল স্থানীয় এদল উদ্যোগী চিকিৎসকে । এই প্ৰক্ৰিয়াত উদ্যোগী চিকিৎসকৰ দলে বিনিয়োগ আৰু পৰিচালনাৰ দ্বায়িত্বও কান্ধ পাতি লৈছিল, এতিয়াও লৈ আছে । কেতবোৰ ক্ষেত্ৰত বিদেশত থকা অসম হিতৈষীলোকো আগবাঢ়ি আহিছিল চিকিৎসা ব্যৱস্থাত বিনিয়োগৰ বাবে । ১৯৭০ৰ দশকতেই অৱশ্যে ক্ষূদ্ৰ পৰিসৰত হ’লেও খাৰঘুলিৰ বৰঠাকুৰ ক্লিনিক বা বামুণীমৈদানৰ ইষ্ট এণ্ড হাস্পতাল আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ইণ্টাৰনেশ্যনেল হাস্পতালকে প্ৰমুখ্য কৰি ব্যক্তিগত খণ্ডৰ বহু চিকিৎসালয় গঢ়ি উঠিল। এই সম্পৰ্কে কোনো বিশদ গৱেষণা বা আলোচনা হোৱা নাই, বিশেষকৈ পুঁজি আৰু পৰিচালনাৰ বিষয়ে। মোৰ গৱেষণাৰ অংশ হিচাপে মই দিনে গুৱাহাটীলৈ কিমান ৰোগী আহে আৰু কিমান ৰোগী চিকিৎসালয়ত ভৰ্তি হয় তাৰো আনুমানিক হিচাব উলিয়াবলৈ যত্ন কৰিছিলোঁ । কিন্তু সমস্যা হ’ল চৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ উপৰিও গুৱাহাটীত চিকিৎসকৰ বহু প্ৰাইভেট চেম্বাৰ আছে । সেইবোৰৰ সঠিক তথ্য কাৰো হাততেই নাই। গতিকে গুৱাহাটীলৈ চিকিৎসাৰ বাবে অহা অথবা চিকিৎসালয়ত ভৰ্ত্তি হোৱা ৰোগীৰ সঠিক সংখ্যা নিৰ্ণয় কৰা অতি জটিল । এটা কথা ঠিক যে ৰাজ্যখনৰ সামগ্ৰিক চিকিৎসা সেৱা ব্যৱস্থাৰ আন্ত:গাঁথ্নি যিহেতু অত্যন্ত দুৰ্বল, বিশেষকৈ সৰু চহৰ আৰু গ্ৰাম্যাঞ্চলৰ, আনকি জিলা পৰ্যায়ৰ চিকিৎসলয়ৰো- সেইবাবে অতি জটিল ৰোগৰ উপৰিও সৰু সুৰা ৰোগৰ বাবেও গুৱাহাটীলৈ দিনে হাজাৰ হাজাৰ ৰোগী আহে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ যিকেইখন নামী-দামী চিকিৎসালয় আছে- সেই আটাইবোৰতে ৰোগীৰ যথেষ্ট ভিৰ । আমাৰ চিকিৎসা ব্যৱস্থাৰ এটা ডাঙৰ সমস্যা হ’ল যে একোখন চিকিৎসালয়লৈ কেইজনমান বিশেষ চিকিৎসকৰ উৎকৃষ্ট চিকিৎসাৰ বাবে ইমান ৰোগীৰ আগমন ঘটে যে চিকিৎসক গৰাকীও তাক চম্ভালিব পৰা অৱস্থাত নাথাকে । তেওঁলোক পুৱাৰ পৰা মাজৰাতিলৈকে ব্যস্ত থাকিবলৈ বাধ্য হয়। গুৱাহাটীত ইমানবোৰ চৰকাৰী-বেচৰকাৰী চিকিৎসালয় থকাৰ পিছতো ৰোগীৰ চাহিদা পূৰাব পাৰিছে বুলি ক’ব নোৱাৰি। তাৰ কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছো। অসম বা উত্তৰ পূৱ ভাৰতৰ ৰাজহুৱা স্বাস্থ্যৰ আন্ত:গাঁথনি দুৰ্বল বাবেই এই পৰিস্থিতি সৃষ্টি হৈছে।

গুৱাহাটীত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থাৰ নিজা বৈশিষ্ট্য আছে । এই চিকিৎসালয় সমূহ কোনো কোম্পানীয়ে প্ৰতিষ্ঠা কৰা নাছিল । বহি: পুঁজিৰ দ্বাৰা অথবা চৰকাৰৰ পৰাও এই চিকিৎসালয় সমূহে বিশেষ পৃষ্ঠপোষকতা লাভ কৰা নাছিল । তাৰ বিপৰীতে এদল উদ্যোগী চিকিৎসকৰ প্ৰচেষ্টাতহে এই চিকিৎসালয় সমূহ গঢ়ি উঠিছিল। এই প্ৰক্ৰিয়া কিমান প্ৰত্যাহ্বানমূলক আছিল তাৰ ইতিহাস লিখিবলৈ এতিয়াও বাকী। উদাহৰণ স্বৰূপে জি এন আৰ চি (GNRC) ৰ কথা কব পাৰি। ডা: নোমল চন্দ্ৰ বৰাই কিমান দীঘলীয়া সংগ্ৰামৰ মাজেৰে এই চিকিৎসালয়খনক আজিৰ অৱস্থালৈ আনিছে সেই বিষয়ে আমি কম বেছি পৰিমাণে জানো। কাৰণ অসমৰ গণ মাধ্যমত এই সম্পৰ্কে কিছু আলোচনা বিলোচনা হৈছে। অন্য চিকিৎসালয়সমূহৰ বিষয়ে আমি নাজানো। 

এই চিকিৎসালয় সমুহে অসম তথা উত্তৰপূৱ ভাৰতৰ চিকিৎসা ব্যৱস্থালৈ ব্যাপক পৰিবৰ্ত্তন আনিলে । আধুনিক চিকিৎসা প্ৰযুক্তিৰ আগমন ঘটিল, আৰু দেশ-বিদেশত চিকিৎসা শিক্ষা লোৱা এদল অসমীয়া অথবা উত্তৰপূৱ ভাৰতৰ চিকিৎসকেও এই চিকিৎসালয় সমূহত যোগদান কৰিলেহি । ৰাজ্যৰ চিকিৎসালয়সমূহত প্ৰশিক্ষণ লোৱা বহু চিকিৎসকেও এই চিকিৎসালয়সমূহত নিয়োজিত হোৱাৰ সুযোগ পালে। এই চিকিৎসালয় সমূহে অসমৰ অৰ্থনীতিলৈকো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । চাফাই কৰ্মী, পাৰা মেডিকেল ষ্টাফ, প্ৰযুক্তি সহায়ক, গাড়ী চালক, নিৰাপত্তাৰক্ষী, খাদ্য প্ৰস্তুতকাৰীৰ পৰা আৰম্ভ কৰি চিকিৎসক-পৰিচালকলৈকে- এই গোটেই ব্যৱস্থাই নিয়োগৰ এক পৰিবেশ নিৰ্মাণ কৰি দিলে। আমি লক্ষ্য কৰা ভাল হ’ব যে অসমৰ মুঠ ঘৰুৱা উৎপাদন প্ৰায় চাৰি লাখ কোটি টকা । কিন্তু চৰকাৰৰ অংশ মাত্ৰ এক লাখ কোটিৰ ওচৰে পাজৰে । বাকী তিনি লাখ কোটি টকা ব্যক্তিখণ্ডৰ হাতত। এই ব্যক্তিগত খণ্ডৰ অধিক অংশ আকৌ সেৱাখণ্ডৰ ।আৰু এই সেৱা খণ্ডৰ ভিতৰত অন্যতম হ’ল স্বাস্থ্য সেৱা খণ্ড । আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে। এই যে ব্যক্তিগত খণ্ডৰ কথা ক’লো- সেইয়া ৰাজ্যৰ ভিতৰৰ অৱদান নহয় । অলপতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ এক গুৰুত্বপূৰ্ণ অংশ বাহিৰৰ ব্যৱসায়ৰ অংশ আৰু বাহিৰলৈকে ওলাই যায় । উদাহৰণ স্বৰূপে অসমলৈ দিনে হাজাৰ হাজাৰ চাউলৰ ট্ৰাক সোমায় । অৰ্থাৎ অসমলৈ দিনে বহি: ৰাজ্যৰ, বিশেষকৈ পাঞ্জাবৰ পৰা বহু হাজাৰ কুইণ্টল চাউলৰ আমদানি হয়। এই কথাটোৱে প্ৰমাণ কৰে যে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ স’তে এই আমদানিকৃত সম্পদ আৰু তাৰ সেৱাৰ মূল্যও জড়িত হৈ আছে । কিন্তু এই মূল্যৰ ওপৰত ৰাজ্যৰ নিয়ন্ত্ৰণ নাই।

মই ভাৱো এই কথাটো বৰ গুৰুত্বপূৰ্ণ । গুৱাহাটীত স্থাপিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ যে স্থানীয় উদ্যোগীৰ তত্বাৱধানত বা অধ্যৱসায়ত হৈছিল সেই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ । শেহতীয়াকৈ সংযোজন হৈছিল Excel Care Hospital । কিন্তু লাহে লাহে স্থানীয় মানুহে গঢ়ি তোলা এই চিকিৎসালয় সমূহ দেশৰ অথবা বিদেশৰ চিকিৎসা সেৱা আগবঢ়োৱা গোষ্ঠীৰ হাতলৈ যোৱা আৰম্ভ হৈছে। ধৰক ইণ্টাৰনেশ্যনেল হাস্পতাল ইতিমধ্যে এপ’লো গোষ্ঠীৰ হাতলৈ গ’ল। এক্সেল কেয়াৰ হাস্পতালো এই গোষ্ঠীৰ হাতলৈ যাব বুলি শুনিছোঁ। অসমত এপ’লো হাস্পতাল হৈছে- সেইটো শুনাত ভাল কথা। কিন্তু এই হস্তান্তৰৰ ফলত আন্ত:গাঁথনি- প্ৰযুক্তি আৰু চিকিৎসকৰ কিবা পৰিবৰ্ত্তন হৈছে নে? বোধহয় কিছু পৰিবৰ্ত্তন হ’ব । কিন্তু অধিকাংশ চিকিৎসক আগৰ সকলেই । কোঠা-প্ৰযুক্তি আদিৰ ক্ষেত্ৰত হয়তো আন্ত:গাঁথনিৰ কিছু প্ৰসাৰণ হ’ব । এইবোৰে ৰাজ্যৰ ঘৰুৱা উৎপাদনত ইতিবাচক অৰিহণা যোগোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । সমস্যাটো হ’ব এনে বৰ্দ্ধিত পুঁজিত থলুৱা মানুহ বা ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণ নাথাকিব ।

এতিয়া আমাৰ সমুখলৈ অহা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল কিয় থলুৱা মানুহে গঢ়ি তোলা ব্যক্তিগতখণ্ডৰ উচ্চমানৰ ইখনৰ পিছত সিখন হাস্পতাল ৰাজ্যৰ বাহিৰৰ চিকিৎসক গোষ্ঠীৰ হাতলৈ গুছি গৈছে? তাৰ মূল কথাটো পুঁজি আৰু দামদৰৰ ক্ষমতা। এখন চিকিৎসালয় প্ৰতিষ্ঠাৰ দীৰ্ঘ সংগ্ৰামৰ পিছত চিকিৎসালয়খনে এটা পৰ্যায় লাভ কৰে। কিন্তু তাৰ পিছতেই আহি পৰে চিকিৎসালয়খন চলাই থকাৰ প্ৰত্যাহ্বানসমূহ। আজিকালি এনে চিকিৎসালয়ত ভৰ্ত্তি হোৱা অধিকাংশৰোগীৰ মেডিকেল ইন্সিউৰেঞ্চ থাকে । সেইবোৰ সমাধান হয় মানে যথেষ্ট সময়ো লাগে । ফলত এনে চিকিৎসালয়ৰ হাতত জমাধন কম থাকে। চিকিৎসক আৰু অন্যকৰ্মীৰ দা-দৰ্মহা আৰু দৈনন্দিন খৰচ জোৰা মৰাটো অত্যন্ত কঠিন হৈ উঠে। ক’ৱিডত পৰি এই চিকিৎসালয় সমূহ অধিক প্ৰত্যাহ্বানৰ গৰাহত পৰিল। বৃহৎ চিকিৎসা গোষ্ঠীৰ তুলনাত গুৱাহাটীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ দৰদাম কৰাৰ ক্ষমতাও কম। ধৰক প্ৰয়োজনীয় ঔষধ বা প্ৰযুক্তি ক্ৰয় কৰাৰ বেলিকা বৃহৎ চিকিৎসালয় গোষ্ঠীয়ে যি ধৰণে দৰদাম কৰিব পাৰে গুৱাহাটীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালসমূহে নোৱাৰে। পৰিশেষত সেয়েহে এই চিকিৎসালয় সমূহ বহি: ৰাজ্যৰ বা বিদেশৰ ব্যৱসায়িক চিকিৎসা গোষ্ঠীৰ হাতলৈ গুছি যায়।

এই সংকট বা প্ৰত্যাহ্বানৰ পৰা অসম বা গুৱাহাটীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহে পৰিত্ৰাণ পাবনে ? এই প্ৰশ্নটো ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহে গভীৰভাৱে বিবেচনা কৰা উচিত । মোৰ দৃষ্টিত কোনো এখন চিকিৎসালয়ে অকলশৰে এনে প্ৰত্যাহ্বান মোকাবিলা কৰিব নোৱাৰিব। অকলে কৰিবলৈ গ’লে ইখনৰ পিছত সিখন চিকিৎসালয় বহি:গোষ্ঠীৰ হাতলৈ গুছি যাব । সেইবাবে অসমৰ থলুৱালোকে গঢ়ি উঠা চিকিৎসালয়সমূহে সমুহহীয়াভাৱে এক কনফেডাৰেশ্বন (Confederation) গঢ়ি তোলা উচিত; চিকিৎসালয়সমূহৰ মাজত সমন্বয়ৰ এক বাতাবৰণ থাকিব লাগে; উন্নত সেৱা বিধি নিৰ্মাণ কৰিব লাগে; চিকিৎসা ব্যৱস্থাটোক সংবেদন্শীল কৰি গঢ়ি তুলিব লাগে । চিকিৎসা ব্যয়ৰ প্ৰতিযোগিতাৰ বিপৰীতে সেৱা সুলভ কৰি তোলাৰ বাবে প্ৰতিযোগিতাত নামিব লাগে।

সমন্বিত প্ৰচেষ্টাৰে ব্যক্তিগত চিকিৎসালয় প্ৰতিষ্ঠাত প্ৰাথমিক উদ্যোগ লোৱা ডা: নোমল চন্দ্ৰ বৰা আৰু ডা: নৰেন্দ্ৰনাথ দত্তৰ দৰে অগ্ৰজ সকলে এই ক্ষেত্ৰতো আগভাগ লব লাগে। মনত ৰখা উচিত যে অত্যন্ত বিপদত পৰিলেহে সাধাৰণ মানুহ ব্যক্তিখণ্ডৰ চিকিৎসালয়লৈ যায়। এনে চিকিৎসালয়ৰ চিকিৎসা যিহেতু ব্যয়বহুল গতিকে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ প্ৰতি সাধাৰণ মানুহৰ ৰোষ আছে- সেইবোৰৰ কাৰণ বহুক্ষেত্ৰত কল্পিত, বহু ক্ষেত্ৰত সঁচা। এইবোৰৰ কিদৰে মোকাবিলা কৰা হ’ব তাৰ ওপৰতো গভীৰ আলোচনা হ’ব লাগে। এটাৰ পিছত আনটো অসমৰ ৰাজহুৱা প্ৰতিষ্ঠান বহি: পুঁজিৰ হাতলৈ গৈছেই । থলুৱা মানুহে গঢ়ি তোলা ব্যক্তিগতখণ্ডৰ চিকিৎসালয় কেইখনো যদি তেওঁলোকৰ হাতত নাথাকে আমাৰ হাততনো থাকিব কি?
( লেখাটি ইং ১৮ ফেব্ৰুৱাৰী ২০২২ তাৰিখে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাতো প্ৰকাশ পাইছে।)
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment