মনৰ কথা: জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা :: ডাঃ মৃগাংক শেখৰ চলিহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথা: জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা :: ডাঃ মৃগাংক শেখৰ চলিহা

মনৰ কথা: জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা :: ডাঃ মৃগাংক শেখৰ চলিহা

Share This
জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা
ডাঃ মৃগাংক শেখৰ চলিহা
জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা, lata , xukhdukh, অসমীয়াৰ সুখদুখ
ভাৰত-ৰত্ন কুকিলকণ্ঠী গায়িকা লতাজী গ'লগৈ। কিন্তু এৰি গ'ল ভাৰতীয় তথা বিশ্বৰ বহু কোটি মানুহৰ মনত সংগীতৰ সেই সুৰীয়া সুৰ। যাৰ জৰিয়তেই তেওঁ মানুহৰ হৃদয়ত সদায়েই অমৰ হৈ থাকিব। তেখেতৰ গান, তেখেতৰ জীৱন-শৈলী আৰু ৯২ বছৰীয়া দীৰ্ঘ-জীৱনে সৃষ্টি কৰি যোৱা স্মৃতিবোৰ তেখেতৰ বিদায়ৰ মুহূৰ্তত আমিও স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাব খুজিছো।
জীৱনৰ গান আৰু লতাজীঃ তিৰবিৰ তিৰবিৰ সৰগৰ তৰা, lata , xukhdukh, অসমীয়াৰ সুখদুখ
সংগীত অকল এক অৱসৰ বিনোদনেই নহয় , ই জীৱনৰ কিছুমান অকলশৰীয়া মূহুৰ্তৰ হয়তো আটাইতকৈ বিশ্বাসযোগ্য আৰু অনুপ্ৰেৰণাদায়ক লগৰী। সংগীতৰ লগত মোৰ খুব নিবিড় সম্পৰ্ক কেতিয়াও নাছিল। হাইস্কুলত থাকোতে "মা আমি শদিয়ালৈ যাম এ" এই কোৰাছটোত গান গাবলৈ কুমুদ শৰ্মা ছাৰে নাম বিচাৰোতে আমাৰ লগৰ কোনোবা বদমাচে " সি ভাল গান গায় " বুলি মিছাকৈ মোৰ নামটো দি পিছত ৰিহাৰ্চেললৈ নহা কথাটোক লৈ ছাৰৰ মুখৰপৰা "তোৰ বৰ ফুটনি " বুলি মোক ক'বলগা হোৱাকৈ ভাল গালি খুৱাই থৈছে। পঢ়াত ফুটনি বুলি ক'লে বাৰু যহন তহন। কিন্তু গান গোৱাত ফুটনি? যিটো ল'ৰাই গানৰ সুৰ , তাল লয়ৰ 'গ' টোও নাজানে তাৰ আকৌ ফুটনি? ছাৰৰ গালি খাই তেতিয়া মোৰ হাঁহিমেই নে কান্দিম ধৰিব নোৱাৰা অৱস্থা । " ছাৰ মই গান গাব নেজানো "এইদৰে ছাৰক যিমানেই কওঁ যে ছাৰে সিমানেই মোক বেছি গালি পাৰে। উপায় নোহোৱা হ'লত এদিন কোৰাছৰ ৰিহাৰ্চেল কৰিব লগা হ'ল। পিছত যেনিবা ছাৰক কথাটো বুজাই ক'লো " ছাৰ মই এল পি স্কুলত তিনিটা হিন্দী গান যে গাইছিলো সেইটো হয় - সেই তিনিটা হ'ল শ্যোলেৰ 'ইয়ে দোস্তি' আৰু 'মেহবুবা মেহবুবা' ; তাৰ বাহিৰে আৰু বেলেগ এটা হ'ল 'এক দিন বিত জায়েগা'। কিন্তু সেইবোৰ মক্তব স্কুলৰ প্ৰিয়ম্বদা বাইদেউৰ ক্লাছত আমান আলিৰ লগত আউৰাই গোৱা। মই পিছে গানৰ বিশেষ একো নেজানো। " মই বুজাই দিয়াত ছাৰে বুজি পালে। মোক কোৰাছৰ প্ৰেকটিছৰপৰা ৰেহাই দিলে।

আমাৰ দিনৰ আন সকলোৰে দৰে আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, লতা মংগেশকাৰ, মুকেশ, মহম্মদ ৰফি, কিশোৰ কুমাৰৰ গান লগতে কেইটামান জ্যোতি সংগীত আৰু দুটামান ৰাভা সংগীত ভাল পাইছিলো । পিছলৈ তাত আৰু কিছুমান গান আৰু গায়কৰ নামৰ সংযোজন হৈছিল। যেনে পংকজ উধাছ আৰু জগজিৎ সিং চিত্ৰা সিং । কিন্তু সেই বুলি পঢ়াৰ সময়ত গান শুনি পঢ়িব পৰা ধৰণৰ গানৰ ৰাপ মোৰ নাছিল। মেট্ৰিকৰ সময়ত ঘৰৰ সন্মুখত নতুনকৈ খোলা " বৰা ব্ৰাদাৰ্চ ' নামৰ জোতাৰ দোকানখনত খুব উচ্চস্বৰত "তুজ স্যে নাৰাজ নেহী জিন্দগী'- লতা মংগেশকাৰৰ মাচুম চিনেমাৰ এই গানটো বাৰে বাৰে বজাই থকা বাবে ( গানটো অবশ্যে মোৰো প্ৰিয় আছিল) অলপ লাহে লাহে বজাবলৈ কঠিন স্বৰেৰে কৈ আহিছিলো।

পিছলৈ মোৰ ভাল লগা গানৰ পৰিসৰ বৃদ্ধি কৰাত মোৰ এম বি বি এছ সময়ৰ ৰুমমেট শ্ৰী মনু মালব্যৰ যথেষ্ট অৰিহণা আছে। কাৰণ তেওঁ আছিল ৰাতিপুৱা ছটাতে উঠি নিজৰ কেছেট প্লেয়াৰত 'পুকাৰতা চলা হুঁ ম্যে' এইজাতীয় মহম্মদ ৰফিৰ গান শুনা , শৱ-ব্যবচ্ছেদন মানে Dead body Dissectionৰ পিছত হোষ্টেললৈ ভাত খাবলৈ অহা পৰতে "I want to break free" বোলা সেই সময়ৰ জনপ্ৰিয় গানটো লগাই এপাক নঁচা আৰু ৰাতি শুবৰ সময়ত চকুয়ে-মূৰে গামোছাৰ দৰে কাপোৰ এখন বান্ধি কুন্দনলাল চাইগলৰ 'শো জা ৰাজকুমাৰী' নামৰ গান শুনি শুই যোৱা মানুহ । কেতিয়াবা তেওঁ শুই যোৱাৰ পিছত কেছেট প্লেয়াৰটো মইৱেই বন্ধ কৰি দিওঁ । এনেকুৱা এজন ৰুমমেটৰ লগত পৰিলে সংগীতৰ জ্ঞান বঢ়াটো অবধাৰিত। গতিকে মনুৰ বিশাল কেছেট সম্ভাৰৰ প্ৰায় সকলোবোৰ গান শুনি শুনি মোৰো সেইবোৰ আপোন হৈ পৰিল।

১৯৮৬ ৰ মনুৰ লগৰ এম বি বি এছৰ দিনবোৰৰ পিছত বাৰ বছৰ পাৰ হৈ গ'ল। এম বি বি এছ আৰু এম ডি কৰি থকা সময়ত মোৰ ব্যক্তিগত ষ্টিৰিঅ' প্লেয়াৰ বা অন্য মাধ্যম নাছিল। এম ডি ৰ সময়তে জুবিন গাৰ্গৰ অনামিকা আৰু মায়া বজাৰত আহি গৈছিল। হিন্দী গানৰ মায়াজালৰপৰা ওলাই আমাৰ লগৰ বহুত জুবিনৰ মায়াত আহি বন্দী হ'লহি। তাৰ ভিতৰত হয়তো মইও আছিলো। ১৯৯৭ চনত এদিন বিহুৰ সময়ত কেজুৱেলিটিত ৰাতি দিউটি কৰি কেন্টিনলৈ আহি থাকোতে পিছফালৰ পৰা গাড়ী এখনৰ ভিতৰৰপৰা কোনোবাই মতা শুনি ঘূৰি চাই দেখো যে গাড়ীৰ আগছিটৰ খিৰিকি মুখত মোক নামধৰি চিঞৰাজন দুবছৰমান আগতে চিনাকি হোৱা এজন শিৱসাগৰীয়া বন্ধু। মেডিকেলৰ আমাৰ সহপাঠী এজনৰ লগৰ ল'ৰা। মই কি হ'ল বুলি সুধিলত তেওঁ মোক " অলপ ব'লচোন' বুলি কৈ গাড়ীত উঠাই কেজুৱেলিটিলৈ আকৌ লৈ গ'ল। আগছিটটোত মোকো বহাই লোৱাত অলপ হেচাঠেলা হৈছিল। বাটতে পিছৰ ছিটৰ চুকত অবিন্যস্ত চুলিৰে বহি অহা ক্ষীণ লৰাজনক চিনাকি কৰাই দি শিৱসাগৰীয়া বন্ধুয়ে ক"লে " এওঁ জুবিন গাৰ্গ । নাম শুনিছ ছাগৈ। শিৱসাগৰত বিহুত গান গাবলৈ আহিছিল। গাড়ী এক্সিডেণ্ট হ'ল। সেইকাৰণে তহঁতৰ মেডিকেললৈকে লৈ আহিলো। হোষ্টেলত সোমাই কোনোবা চিনাকি এজনক লগত লৈ কেজুৱেলিটিলৈ এখেতসকলক লৈ যাম বুলি ভাবিছিলো। এতিয়া তোক বাটতে পালো, ভালেই হ'ল। ব'লচোন কেজুৱেলিটিলৈ যাওঁ" । পিছৰ ছিটৰ আৰোহীৰ লগত নমস্কাৰ বিনিময়ৰ পিছত মই বন্ধুক ক'লো ' এওঁৰ গান আজিকালি আমাৰ এ এম চিৰ হোষ্টেলত খুব চলে। He is already a star " তাৰপিছত " ভাল লাগিল লগ পাই, " বুলি সদ্যচিনাকি গায়কজনক ক'ব খুজিও ৰৈ দিলো। কাৰণ জুবিনৰ শৰীৰৰ কোনোবা কোনোবা ঠাইত আঘাত পোৱাৰ চিন স্পষ্ট । ইফালে চালকৰপৰা আৰম্ভ কৰি গোটেইকেইজনৰে শ্বাস-প্ৰশ্বাসৰ পৰা বিলাতী গোন্ধ ভালকৈৱে ওলাই আছিল। আঘাত কাৰো অৱশ্যে বেছি নাছিল। একো অপ্ৰমাদ নোহোৱাকৈ সামান্য প্ৰাথমিক চিকিৎসাৰ পিছত শিৱসাগৰীয়া বন্ধুৰ লগতে দলটো গুছি গ'লগৈ । তাৰপিছৰখিনি অসমৰ সংগীত জগতৰ ইতিহাস। যোৱা ২৫ বছৰৰ অসমৰ সংগীতৰ ইতিহাস বুলি ক'লে জুবিন গাৰ্গৰ ইতিহাস বুলি ক"লেও বৰ এটা ভুল নহ'ব ।

সেই নব্বৈৰ দশকত বাৰেবাৰে শুনি থকা আন এটা গান আছিল আমাৰ যোৰহাটৰ মীনু বৰুৱাৰ " ৰিম ঝিম ঝিম বৰষুণ পৰিলে, জুনুকা কঁপাই বিজুলী নাচিলে ' এই গানটো। ১৯৯৭ চনত মই পঞ্জীয়ক চাকৰিত অফিচাৰচ্ মেচ্ নামৰ এ এম চিৰ হোষ্টেলত থাকিবলৈ আৰম্ভ কৰাৰ আগে পিছে জুবিনৰ "মুক্তি' ইত্যাদি কেছেট ওলাইছে। সেই গানবোৰ মোৰো অফিচাৰচ্ মেচৰ সংগীবিহীন অবিবাহিত অবস্থাৰ পঞ্জীয়কৰ চাকৰি জীৱনৰ সংগী হ'লহি । চাকৰিৰ প্ৰথম দৰ্মহাৰেই মনু মালব্যৰ নিচিনা কেছেট প্লেয়াৰ এটা কিনিছিলো। সেইসময়ত সংগীত মোৰ অন্যতম সংগী হৈ পৰিল। পৰিস্থিতিগত ভাবে।

সেই অবিবাহিত জীৱন আৰু ভালেকেইবছৰ চলি থাকিল। তিনি বছৰ পিছত চণ্ডীগড়ত হৃদৰোগ বিজ্ঞান পঢ়িবলৈ যাওঁতেও সেই কেছেট প্লেয়াৰটো আৰু কেছেটবোৰৰ কেইখনমান বান্ধি-কুন্ধি লৈ গৈছিলো। তাৰে ভিতৰত দুখন কেছেট আছিল লতা মংগেশকাৰৰ পুৰণি গায়ক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা দুখন। চণ্ডীগড়ৰ পি জি আইৰ হৃদৰোগ বিভাগৰ দিন ৰাতিৰ ছেদ ভেদ নোহোৱাকৈ কাম কৰিবলগীয়া, আনকি কিতাপ পঢ়িবলৈকো সময় নোহোৱাকৈ ছেমিনাৰ দিবলগীয়া কষ্টকৰ দিনকেইটাত লতাৰ সেই অবিস্মৰণীয় কেছেট দুটাৰ গান কেইটাই হৈ পৰিল মোৰ একান্ত আপোন । কেতিয়াবা একেৰাহে ২৪ ঘণ্টাৰ বা কেতিয়াবা ৩৬ ঘণ্টাৰ দিউটিৰ পিছত ভাগৰ মাৰিবলৈ যেতিয়া বিচনাত পৰো লতাৰ কণ্ঠৰ সেই শ্ৰদ্ধাঞ্জলি কেছেট দুটাৰ গানবোৰ শুনিলেই কিবা এক গভীৰ প্ৰশান্তি নামি আহিছিল। তেতিয়া কেতিয়াবা ভাবিছিলো " এই চাইগল চাহাবৰ 'শো যা ৰাজকুমাৰী' গানটো তাহানি বাৰ বছৰ আগতে মনুয়েও চকুৱে মূৰে কাপোৰ বান্ধি শুবৰ সময়ত বজাই লৈছিল। কিন্তু ক'তা তেতিয়া দেখোন তাক "এইবোৰ কি পুৰণি গান শুনিছ" বুলি মই হাঁহিছিলোহে। কিন্তু এতিয়া মইয়েই দেখোন একেটা গান লতা মংগেশকাৰৰ কণ্ঠত শুনি আপোন পাহৰা হৈ আছো।

সেয়াই বোধকৰো গায়িকা হিচাপে লতা মংগেশকাৰৰ উচ্চতা। ভাৰতবৰ্ষত অজস্ৰ শ্ৰেষ্ঠ গায়ক-গায়িকা ওলাইছে । কিন্তু তাৰ ভিতৰত ল'তাৰ স্থান হয়তো সেইবাবেই আটাইতকৈ ওপৰত থাকিব -
Up above the world so high
Like a diamond in the sky..
লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/MRIGANKA_SEKHAR_CHALHA

No comments:

Post a Comment