মনৰ কথাঃ অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ" :: জীৱন নৰহ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ" :: জীৱন নৰহ

মনৰ কথাঃ অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ" :: জীৱন নৰহ

Share This
অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ"
জীৱন নৰহ
অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ" জীৱন নৰহ
কেৱল অসমৰ ৰাজধানী চহৰ গুৱাহাটীতে বাৰখনতকৈ অধিক মাছুল দি পঢ়িব পৰা সম্ভ্ৰান্ত ইংৰাজী মাধ্যমৰ স্কুল আছে । প্ৰতিখন জিলাত চাৰিখনতকৈ অধিক ইংৰাজী মাধ্যমৰ স্কুল আছে। সেই স্কুলবোৰত পঢ়ি ওলাই অহা শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা, চিকিৎসক, ইঞ্জিনিয়াৰ, বিজ্ঞানী হৈ কিমান সফলতাৰে ওলাই আহিল কেতিয়াবা অসম চৰকাৰৰ শিক্ষা বিভাগে এই প্ৰশ্ন কৰিছেনে ? বা সেই বিদ্যালয়বোৰত ইমান টকা খৰচ কৰিয়ো কিয় সেই সমূহ পৰীক্ষাত কৃতকাৰ্য আশানুৰূপ হোৱা নাই কেতিয়াবা প্ৰশ্ন কৰিছে? 
অসমত হাইব্ৰীড শিক্ষাৰ প্ৰস্তাৱ আৰু "জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ" জীৱন নৰহ
যিহেতু অসম চৰকাৰে বিচৰা ধৰণেই সেইবোৰ স্কুলত তল শ্ৰেণীৰ পৰাই সকলো বিষয় ইংৰাজী পাঠ্যক্ৰমত পঢ়ে।মানে সেইবোৰ ইংৰাজী মাধ্যমৰ নামি দামি স্কুল। সেই বিদ্যালয়বোৰত পঢ়া শিক্ষাৰ্থীৰ এনে পৰীক্ষাবোৰত কিমান সফলতাৰ হাৰ তাৰ খতিয়ান কেতিয়াবা আপুনি নিজেও এজন মধ্যবিত্ত অসমীয়া হিচাপে বিচাৰ কৰি চাইছে ? যদি কৰা নাছিল 'কেৱল ইংৰাজী মাধ্যমহে আপোনাৰ সন্তানে জীৱন তৰাব' বুলি আটাহ পৰাৰ আগতে আজিৰ পৰা সেই বিষয়বোৰ বিচাৰ কৰি চাব। অতি কৌশলেৰে কিন্ত্ত অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ পৰাই অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে কিয় ওপৰত উল্লিখিত সৰ্বভাৰতীয় পৰীক্ষাত কৃতকাৰ্য নহয় তাক আওপকীয়াকৈ প্ৰচাৰ চলাই ইংৰাজী মাধ্যমৰ সমৰ্থন কৰি অহা দেখিছোঁ। চৰকাৰৰ এনে প্ৰচাৰ একেবাৰে যে শুদ্ধ নহয় তাক জানিবলৈ ইংৰাজী মাধ্যমৰ স্কুলবোৰৰ পৰা এনে সফলতাৰ খতিয়ান বিচাৰিলেই পৰিষ্কাৰ হ'ব।

সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে অসমৰ শৈক্ষিক মানদণ্ডৰ পৰিবেশ ৰচনা কৰা ,চৰকাৰী বিদ্যালয়বোৰৰ আন্ত:গাঁথনি উন্নত কৰা ,মাহ মাহ ধৰি চৰকাৰী অন্যকামত (পিয়ল, নিৰ্বাচন, এন আৰ চি, আদিত নিয়োগ) শিক্ষক ব্যস্ত নাৰাখি শৈক্ষিক মান উন্নয়নত গুৰুত্ব দিয়া ,লেবটৰী,গৱেষণাগাৰ আদি বিষয়ত গুৰুত্ব নিদি কেৱল অসমীয়া ভাষা/মাধ্যম আঁতৰাই ইংৰাজী মাধ্যম অন্তৰ্ভুক্তৰ বাবে চৰকাৰে কাৰ্যকৰীকৰণ বাবে অহৰহ চেষ্টা চলাই থকা দেখা গৈছে। অবশ্যে তাৰো কাৰণ আছে যেনে :

১} ভাষিক জাতীয়তাবাদ নি:শেষ কৰিবলৈ হ'লে অসমীয়া ভাষা/মাধ্যম সংকুচিত কৰিব লাগিব। কাৰণ অসমৰ জাতীয়তাবাদ আৰু জাতীয়তাবাদী সংগঠন ভাষাৰ ভিত্তিত গঢ় লোৱা ।

গতিকে জাতীয় সংগঠন সমূহ নিজৰ ফলিয়া কৰি লৈ ভাষা আৰু মাধ্যম পৰ্যায় ক্ৰমে নিৰবে নিশকতীয়া কৰিবলৈ উদ্যোগ লোৱা । ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে আঞ্চলিক ভাষিক জাতীয়তাবাদ মষিমূৰ কৰি লোৱা । ইতিমধ্যেই সেই সুযোগ চৰকাৰে লৈছে আৰু জাতীয়তাবাদী সংগঠনবোৰে সুন্দৰকৈ সেই সুযোগ চৰকাৰক প্ৰদান কৰিছে । আনহাতে অসমীয়া মধ্যবিত্তৰ মানসিকতাও চৰকাৰে বুজি উঠিছে কেনেকৈ তেওঁলোকক নিজৰ ফলিয়া কৰিব পাৰি।সেই মধ্যবিত্ত শ্ৰেণীৰ নিৰ্লিপ্ততাৰ বাবে অসমীয়া ভাষা আৰু মাধ্যম সংকুচিত কৰিবলৈ উদ্যোগ লোৱাত চৰকাৰৰ ডাঙৰ উপকাৰ হৈছে।

২} অসমীয়া লিখিব পঢ়িব নজনা ইংৰাজী মাধ্যমৰ অসমীয়া সন্তানৰ শিক্ষাৰ্থী ৰোজগাৰহীন হৈ অসমত দেধাৰ আছে । তেওঁলোক ডাক্তৰ, ইঞ্জিনিয়াৰ, সৰ্বভাৰতীয় পৰীক্ষাত কৃতকাৰ্য নোহোৱাকৈয়ো আছে ।ভাৰতৰ বিভিন্ন ৰাজ্যতো সংস্হাপিত নোহোৱাকৈ আছে।বিদেশত চাকৰি নোপোৱা বা উচ্চ শিক্ষাৰ পৰা বঞ্চিত

শিক্ষাৰ্থীও আছে । তেওঁলোকে ভাবিবই পৰা নাছিল দামি ইংৰাজী স্কুলত পঢ়ি উঠি এনে অৱস্থাৰ সন্মুখীন হ'ব।

এতিয়া তেওঁলোকৰ কাৰণে APSC ৰ বাধ্যতামূলক কাকতখন উঠাই দিয়া আৰু অসমৰ স্কুলবোৰত যাতে তেওঁলোকে চাকৰি কৰিব পাৰে তাৰ কাৰণে বিজ্ঞান/অংক কাকতখন অসমীয়া ভাষাৰ পাঠ্যক্ৰম উঠাই তাৰ ঠাইত ইংৰাজী পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা । আৰু তেওঁলোকৰ কাৰণে ১২৬ স্কুল নতুনকৈ প্ৰতিষ্ঠাৰ উদ্যোগ লোৱা ।

ক) দামি স্কুলত পঢ়াৰ পাছত অসমৰ যিকোনো কলেজত বেলেগ শিক্ষাৰ্থীৰ স'তে পঢ়িব লাগিব বুলি তেওঁলোকে হয়তো কেতিয়াও সপোনতো ভবা নাছিল।

খ) দামি স্কুলত পঢ়াৰ পাছত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ দৰে তেওঁলোকে যিকোনো চাকৰি কৰিব নোৱাৰে।সৰু-সুৰা ব্যৱসায় আদি কৰিবলৈকো সংকোচ কৰে।

গ) টেটত চাকৰি পোৱা সকলে গাঁৱৰ শিক্ষাৰ্থীৰ লগত 'কমিনিকেট' কৰিব নোৱাৰি তেওঁলোকে শিক্ষাদানত জটিল পাইছে। গতিকে পাঠ্যক্ৰম এইট/নাইনৰ পৰা ইংৰাজী কৰি দিলেই সমস্যা শেষ বুলি চৰকাৰে ভাৱে।

ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ এনে মৌলিক সমস্যা সমূহ আঁৰ কৰি চৰকাৰে দোষাৰোপ দিবলৈ চেষ্টা কৰে যে সৰ্বভাৰতীয় পৰীক্ষাত কৃতকাৰ্য নোহোৱাৰ কাৰণ স্বমাধ্যমৰ বিদ্যালয় সমূহ। প্ৰকৃততে এইটো যে মিছা বৰং ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ বাবেহে ৰোজগাৰৰ ব্যবস্থাৰ উদোগ লৈছে এইয়া স্পষ্ট।
xukhdukh.com
এতিয়া শিক্ষা বিভাগে নিৰন্তৰে এটাই কামত বেছি গুৰুত্ব দিছে :অসমীয়া ভাষা/মাধ্যম সংকুচিত কৰি অনা।

ৰাষ্ট্ৰীয়তাবাদ গঢ়িবলৈ অসমৰ জাতীয়তাবাদ প্ৰথম নি:শেষ কৰি ল'ব লাগিব। সেই ক্ষেত্ৰত অসমৰ জাতীয়তাবাদী সংগঠনবোৰ দুহাত মেলি ৰাষ্ট্ৰীয়তাবাদৰ ফালে আগুৱাই গৈ আছে ।এতিয়া তেওঁলোকে অসমীয়া ভাষা/মাধ্যম ৰক্ষাৰ বাবে কেৱল বিবৃতি আৰু টকশ্ব'ৰ মাজতেই সীমাবদ্ধ। গোপন কন্দৰত ভাৱ হয়তো এনেকুৱা : ভাষা /মাধ্যম সংকুচিত হওক ,মোৰ কি আহে যায় ? নিজৰ বাবে এখন চকী যোগাৰ কৰি ল'ব পাৰিলেই হ'ল।শেষ জীৱনলৈ উদৰ পূৰাই খাই থাকিব পাৰিম।

মানুহক দেখুৱাই পতিয়ন নিয়াবলৈ চৰকাৰৰ ওপৰুৱা যুক্তি হ'ল : ইংৰাজী মাধ্যমত পঢ়িলে সৰ্বভাৰতীয় পৰীক্ষাকে ধৰি সকলো ক্ষেত্ৰত শিক্ষাৰ্থী যোগ্য হৈ উঠে । কিন্ত্ত সেইটো সত্য নে ? যদি সত্য হয় তেনে গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত পঢ়ি ওলাই অহা ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থী সকল কিয় সেই সৰ্বভাৰতীয় পৰীক্ষাত অধিক হাৰত কৃতকাৰ্য হোৱা নাই? আচল সত্যটো হ'ল ভাষিক জাতীয়তাবাদ শেষ কৰি ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰা ।আৰু ইংৰাজী মাধ্যমত পঢ়ি ওলাই অহা শিক্ষাৰ্থীক সংস্হাপিত কৰা।

চৰকাৰে অসমৰ শিক্ষাৰ্থীৰ পৰা সৰ্বভাৰতীয় প্ৰেক্ষাপটত সফলতা অধিক হাৰত কামনা কৰে । কিন্ত্ত এটা প্ৰশ্ন আপোনাৰ মনলৈ নাহে নে ? অসমৰ শিক্ষাখণ্ড আৰু স্বাস্থ্যখণ্ডৰ মান সৰ্বভাৰতীয় প্ৰেক্ষাপটত কি স্তৰত আছে ?একেবাৰে ভাৰতৰ অন্য ৰাজ্য সমূহৰ তলৰ ফালে নহয় নে? কেৱল আমাৰ শিক্ষাৰ্থীৰ পৰা সৰ্বভাৰতীয় সফলতাৰ মান বিচাৰিলেই নহ'ব, অসমৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ মানো সৰ্বভাৰতীয় স্তৰত উন্নত হ'ব লাগিব। তেতিয়া শিক্ষাৰ্থী সকলৰ পৰা আশানুৰূপ ফল পাব। এতিয়ালৈকে যি সকলে সফল হৈছে তেওঁলোক নিজা প্ৰচেষ্টাত হৈছে ।

প্ৰতিবছৰে অসমৰ পাঁচ ঠাইত বিনামূলীয়া বা ৰেহাই মূল্যত সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰশিক্ষণ ব্যবস্থা চৰকাৰে কৰক চাব অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে পূৰ্বতকৈ বহুত কৃতকাৰ্য হৈ ওলাই আহিছে।সৰ্বভাৰতীয় পৰীক্ষাত কৃতকাৰ্য নোহোৱাৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক দোষাৰোপ কৰাতকৈ চৰকাৰে এনে পৰীক্ষাত উত্তীৰ্ণ হব পৰাৰ পৰিবেশ দিয়ক , প্ৰশিক্ষণৰ ব্যবস্থা কৰক। হিন্দী মাধ্যমত পৰীক্ষা দিয়ো বিহাৰৰ শিক্ষাৰ্থীয় সৰ্বভাৰতীয় পৰীক্ষাত সফলতা দেখে অসমৰ শিক্ষাৰ্থীয়ে সফলতা নেদেখাৰ কোনো মানে নাই। স্বজাতিৰ চৰকাৰ এখনে কেৱল সৰ্বভাৰতীয় পৰীক্ষাত কৃতকাৰ্য হবৰ কাৰণেই অসমীয়া ভাষা আৰু মাধ্যম চেপি খুন্দি নিশেষ কৰিব বিচৰা কাৰ্য কেৱল গৰিহণা যোগ্যই নহয় ই অদূৰদৰ্শিতাৰো পৰিচয়।তদুপৰি কেৱল সৰ্বভাৰতীয় পৰীক্ষাত সফলতাৰ কাৰণে অসমৰ শিক্ষাৰ্থীয়ে ব্যস্ত থকাৰ কোনো যুক্তি নাই । 
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ 93657 75833, 9435739216

No comments:

Post a Comment