প্ৰৱন্ধঃ সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা :: পঙ্কজ প্ৰতিম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা  :: পঙ্কজ প্ৰতিম বৰদলৈ

প্ৰৱন্ধঃ সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা :: পঙ্কজ প্ৰতিম বৰদলৈ

Share This

 সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ

সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা,  পঙ্কজ প্ৰতিম বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতি, দৰ্শন, অসমীয়া, প্ৰবন্ধ, প্ৰৱন্ধ, লেখা, Jyoti Prasad Agarw

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক অনাগত সময়ত প্ৰাণোজ্জল কৰি এক স্বকীয় আৰু আত্মবিশ্বাসী জাতিসত্ত্বা হিচাপে গঢ় দিয়াত যিসকল লোকৰ অৱদান আছে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম৷ সামাজিক আৰু সাংস্কৃতিক চেতনাৰ উদ্বুদ্ধ জ্যোতিপ্ৰসাদে জাতি আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক অতুলনীয় দায়িত্ববোধৰে পালন কৰিছিল৷ এক বহল আৰু পৰিব্যাপ্ত কৰ্মক্ষেত্ৰৰ অক্লান্ত কৰ্মী হিচাপে সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক এই সকলো দিশতে জ্যোতিপ্ৰসাদে যি, অৱদান আগবঢ়াই গৈছে, সেইয়া এক সুকীয়া অধ্যয়নৰ বিষয়৷ 

সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা,  পঙ্কজ প্ৰতিম বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতি, দৰ্শন, অসমীয়া, প্ৰবন্ধ, প্ৰৱন্ধ, লেখা, Jyoti Prasad Agarw

একেসময়তে জ্যোতিপ্ৰসাদৰ যি আদৰ্শ আৰু দৰ্শন, যি প্ৰকৃততে জ্যোতিপ্ৰসাদৰ চিন্তা আৰু চেতনাক প্ৰভাৱান্বিত কৰিছিল, সেইয়া বুজি পোৱাটো সাম্প্ৰতিক সময়ৰ বাবে অতীৱ প্ৰয়োজন বুলি অনুভৱ হয়৷ জ্যোতিপ্ৰসাদৰ দৰ্শনৰ সাম্প্ৰতিক সময়ত প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰাৰ আগতে তেখেতৰ দৰ্শনৰ কিছু দিশ পৰ্যালোচনাৰ অৱকাশ আছে৷


এজন ব্যক্তি হিচাপে জ্যোতিপ্ৰসাদৰ যি এক প্ৰৱল ব্যক্তিত্ব আৰু বিস্তৃত কৰ্মৰাজি, সেই হিচাপে জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শন, সাহিত্য আৰু শিল্পদৰ্শন তথা সমাজ আৰু ৰাজনৈতিক দৰ্শন, সামগ্ৰিক জাতীয় চেতনাৰ বহল বিশ্লেষণ সম্ভৱ যদিও এই লেখাই এক সৰ্বাত্মক আলোচনাহে আগবঢ়াব৷


১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনত ‘শিল্পীৰ পৃথিৱী’ শিৰোনামাৰে গ্ৰন্থৰূপে প্ৰকাশ পোৱা অভিভাষণসমূহে জ্যোতিদৰ্শনৰ এক সম্যক ধাৰণা তুলি ধৰে৷ সেই দৰ্শনৰ সাম্প্ৰতিক প্ৰাসংগিকতা আন এক পৰ্যালোচনাৰ বিষয়৷ ‘শিল্পীৰ পৃথিৱী’ দিয়া ভাষণখিনিয়ে যি এক দৰ্শন প্ৰকাশ কৰে, সেয়া কেৱল অসম নহয়, সমগ্ৰ বিশ্বমানৰ বাবেও এক গ্ৰহণযোগ্য দৰ্শন হ’ব পাৰে৷


অদ্ধৰ্শতিকাৰো বহু বছৰ পূৰ্বে জ্যোতিপ্ৰসাদৰ যি চিন্তা চেতনা আছিল, সি আজিও অসমীয়া জাতিৰ বাবে মাৰ্গদৰ্শনৰ পথ হৈ আছে৷ সময়পূৰ্ব আৰু দূৰদৰ্শী চিন্তাৰে প্ৰোজ্জ্বলিত জ্যোতিপ্ৰসাদৰ দৰ্শনৰ মূল আধাৰ আছিল নতুনত্ব৷ নতুন দিশ, নতুন চেতনা, নতুন কাৰ্যসূচী৷ এক নতুন দিগন্তৰ সূচনা কৰাটো আছিল যেন তেখেতৰ জীৱন দৰ্শন৷ মানৱ চেতনাই তেখেতৰ দৰ্শনত এক মূৰ্তমান ৰূপ লাভ কৰিছে৷ বিশিষ্ট কবি গীতিকাৰ কেশৱ মহন্তই, “শিল্পীৰ আলোক যাত্ৰা”ত লিখিছিল, “দৰ্শন সম্বন্ধে কোনো সূত্ৰায়িত ব্যাখ্যা জ্যোতিয়ে আমালৈ এৰি যোৱা নাই৷ কিন্তু তেওঁৰ দৰ্শন সম্বন্ধে তত্ত্বৰ গঁড়ালত সোমোৱাৰ প্ৰয়োজন নাই৷ তেওঁৰ জীৱনেই তেওঁৰ দৰ্শন৷ যি গৰাকী প্ৰতিভাৰ জীৱনটোক তেওঁৰ কৃতিৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰি, জীৱন আৰু কৃতি য’ত এবাৰেই দুটা নাম মাত্ৰ৷ তেওঁৰ সৃষ্টিৰাজিৰ পৰাই তেওঁৰ দৰ্শনৰ মৰ্ম উপলব্ধি কৰিব পাৰি৷” যদিও জ্যোতিপ্ৰসাদৰ দৰ্শনত শিল্প আৰু সংস্কৃতিৰ প্ৰভাৱ প্ৰৱল যেন অনুমান হয়, মূলতঃ, তেওঁৰ দৰ্শন কিছু বহুমুখী আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত৷ তেওঁৰ দৰ্শন পশ্চিমীয়া মানৱতাবাদ আৰু গান্ধীবাদৰ ভেটিত প্ৰতিষ্ঠিত হৈ জীৱনৰ শেষ সময়ত সাম্যবাদী চিন্তাৰ প্ৰতি আকৃষ্ট হৈছিল বুলি বহু সমালোচকে মত প্ৰকাশ কৰে৷ আনহাতে তেওঁক এক উগ্ৰ জাতীয়তাবাদী, ভাৱবাদী ৰোমান্তিক বিপ্লৱী বুলিও বহুতে আখ্যা দিব বিচাৰে৷ মোৰ মতে জ্যোতিপ্ৰসাদৰ দৰ্শনৰ এক সামগ্ৰিক ৰূপ তেখেতৰ ব্যক্তিত্ব, প্ৰতিভা আৰু চিন্তা চেতনাৰ ভিত্তিত নিৰূপণ কৰিব পাৰি, যি মানৱীয় চেতনাৰে উদ্বুদ্ধ হৈ এক নব্য ভৱিষ্যতক সাকাৰ ৰূপ দিয়াৰ বাবে বৰ্তমানত বাস্তৱবাদী কৰ্ম আৰু আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ দৰ্শন৷ 


ইয়াৰ বাবে তেওঁ সময়ভেদে এক গতিশীল দৃষ্টিভংগীও গ্ৰহণ কৰিছিল–“ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ”– জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন স্পষ্টৰূপত এই পংক্তি শাৰীতে উন্মোচি¸ত হৈছে যদিও, কল্পনা আৰু বাস্তৱৰ সমন্বয়ৰ প্ৰায়োগিক দৃষ্টিভংগীৰ জৰিয়তে মানৱ সমাজৰ আত্মিক চেতনাৰে পৰিৱৰ্তন কৰি এক গতিশীল বাস্তৱৰ ৰূপায়ন কৰাতো আছিল মূল উদ্দেশ্য৷ কিছুসময়ত এনে চিন্তাধাৰাৰে বাবেই তেখেতৰ দৰ্শনত এক পৰস্পৰ বিৰোধাভাস অনুভৱ হয় যদিও, ই প্ৰকৃততে দ্বন্দ্বাত্মক বস্তুবাদী দৰ্শনৰ জৰিয়তে বাহ্যিক পৰিস্থিতিৰ পৰিৱৰ্তনৰহে প্ৰয়াস৷ ইয়াৰ বাবে জাতীয় জীৱনৰ প্ৰৱহমান ঐতিহ্যৰ ভেটিস্বৰূপ মূল উপাদানসমূহ যেনে ভাষা, সাহিত্য, সংস্কৃতিৰ নিৰৱছিন্ন অধ্যয়ন, চৰ্চা আৰু সঠিক প্ৰয়োগ অত্যন্ত প্ৰয়োজনীয় বুলি তেখেতে জ্ঞান কৰিছিল৷


জ্যোতিপ্ৰসাদৰ এক বৈপ্লৱীক চিন্তা-চেতনা আছিল আৰু সেই সূত্ৰেই ‘সুন্দৰৰ পৃথিৱী’ প্ৰতিষ্ঠাৰ বাবে অসুন্দৰ নাশৰ প্ৰক্ৰিয়াক এক সংগ্ৰামৰ দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিছিল৷ সেই সংগ্ৰামৰ পৰিপূৰ্ণতাৰ বাবে এক দৃঢ় আঁচনি আৰু কৰ্মপদ্ধতিৰ প্ৰয়োজন বুলিও তেখেতে অনুভৱ কৰিছিল৷ সমাজৰ সৰ্বাংগীণ উন্নতি আৰু উৎকৰ্ষৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আৰু পৰিৱেশ প্ৰদান কৰাটো শাসনতন্ত্ৰৰ প্ৰথম কাম বুলি তেওঁ দৃঢ়তাৰে বিশ্বাস কৰিছিল আৰু সেই লক্ষ্যচ্যুতি ঘটা শাসনতন্ত্ৰৰ কোনো নৈতিক আৰু সামাজিক দায়বদ্ধতা নাই বুলি অনুভৱ কৰিছিল৷ এনেবোৰ দিশতে জ্যোতিপ্ৰসাদ কিছু পৰিমাণে সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আৰ্কষিত হৈছিল৷ ড॰ হীৰেণ গোহাঁইয়ে উল্লেখ কৰিছে ‘কৰ্মী আৰু শিল্পী, হিচাপেই তেওঁ সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল৷ ভাৰতীয় সমাজ সংস্কৃতিক পুনৰ সঞ্জীৱিত আৰু গতিশীল কৰিবলৈ তেওঁ যি উপায় বিচাৰিছিল, তাৰ সন্ধানতে তেওঁ সাম্যবাদৰ কাষ চাপিছিল৷’– এই দৃষ্টিভংগীৰে কিছু পৰিমাণে প্ৰভাৱিত হোৱা সত্ত্বেও এটা কথাত দ্বিমত থাকিব নোৱাৰে যে, মানৱীয় চেতনা সম্বলিত এক বৈপ্লৱিক সমাজ স্থাপনৰ প্ৰতিহে তেওঁ আকৰ্ষিত আছিল৷ সামাজিক বিপ্লৱৰ জৰিয়তে পৰিৱৰ্তনৰ সপোন দেখা জ্যোতিপ্ৰসাদে, একেসময়তে বিশ্বাস কৰিছিল যে, দুষ্কৃতিৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত দুষ্কৃতিৰ উপাদানসমূহক সম্বল কৰি বিপ্লৱ প্ৰতিষ্ঠাৰ চেষ্টা কৰিলে ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰি৷ যিকোনো বিপ্লবৰ সাংস্কৃতিক ভেটিটোক গতিশীল কৰি ৰখাৰ প্ৰয়োজনীয়তাক তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ জ্যোতিপ্ৰসাদ আছিল এক আলোক সন্ধানী৷ এন্ধাৰ বা অশুভ শক্তিৰ লগত হোৱা দ্বন্দ্বৰ পৰা সমাজৰ এক নতুন দিশ উন্মোচিত হৈ বিকাশৰ নতুন পথ মুকলি কৰাৰ গভীৰ আশাবাদত বিশ্বাসী৷ গান্ধীজীৰ অহিংসা মন্ত্ৰেৰে দীক্ষিত জ্যোতিপ্ৰসাদ অৱশ্যে স্থিতাৱস্থাৰ সমৰ্থক নহয়৷ এক অহিংস আৰু সক্ষম ৰাজনৈতিক পৰিৱেশ স্থাপনৰ বাবে সময়ানুসৰি ব্যৱস্থা গ্ৰহণৰ পক্ষপাতী আছিল, সেয়ে কৈছিল তেওঁ ‘পাত্ৰাপাত্ৰ চাই আমি সত্যাগ্ৰহৰ অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ আনিব লাগিব আৰু আৱশ্যক হ’লে আমি খাৰ-বাৰুদৰ কুঠৰিলৈকো যাব লাগিব৷’


জ্যোতিপ্ৰসাদে অন্তঃ কৰেণেৰে বিশ্বাস কৰিছিল যে, গণসাংস্কৃতিক ঐতিহ্যৰ ভেঁটিত এখন দেশৰ গাঁঠনি নিৰ্মাণ হোৱা উচিত৷ বিভিন্ন দেশে নিজৰ দেশৰ অধিবাসী বিভিন্ন জাতি উপজাতিৰ মাজত এক ঐক্যবদ্ধ সমন্বয় স্থাপন কৰি এক বিশ্বসংস্কৃতি প্ৰতিষ্ঠাৰ বাবে অৱদান আগবঢ়াব পাৰে৷ সেয়েহে জ্যোতিপ্ৰসাদৰ সম্পূৰ্ণ দৰ্শন এক মা’¹য় ভাৱধাৰাৰ সংপৃক্ত কৰিলে আচলতে জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাক একমুখী গণ্ডীৰ ভিতৰত আৱদ্ধ কৰি পেলোৱাহে হ’ব৷ যদিও গণসাংস্কৃতিক শক্তিৰ অন্তৰালত থকা নতুন বিশ্ব গঢ়াৰ দুৰ্বাৰ হেপাঁহক সাম্যবাদী আদৰ্শ এক স্বৰূপ হিচাপে, এক শক্তি হিচাপে তেওঁ অনুধাৱন কৰিছে, প্ৰকৃতপক্ষে ই-ৰূপান্তৰৰ মাজেদি সমাজৰ সৰ্বাংগীণ পৰিৱৰ্তনৰ এক মহত্তম লক্ষ্য হিচাপেহে বিবেচিত হৈছে৷ এইখিনিতে বহু গৱেষক পণ্ডিতে এক প্ৰশ্ন উত্থাপন কৰে যে জ্যোতিপ্ৰসাদে সামাজিক-সাংস্কৃতিক পৰিৱৰ্তনৰ বাবে যি এক বিপ্লৱৰ পোষকতা কৰিছিল, সেয়া ৰাজনৈতিক বিপ্লৱৰৰ পৰা বহু দূৰৈত অৱস্থান কৰা তথা এক অবাস্তৱ সাংস্কৃতিক বিপ্লৱহে৷ এক প্ৰণালীবদ্ধ আৰু সক্ৰিয় ৰাজনৈতিক পৰিৱৰ্তনৰ অবিহনে এনেধৰণৰ সাংস্কৃতিক পৰিৱৰ্তনৰ দৃষ্টিভংগীক লৈও প্ৰশ্ন উঠিব পাৰে৷ কিন্তু এইখিনিতে এটা কথা হূদয়ংগম কৰা উচিত যে, জ্যোতিপ্ৰসাদৰ ‘সাংস্কৃতিক বিপ্লৱ’ সামাজিক, ৰাজনৈতিক প্ৰক্ৰিয়াৰে আগবাঢ়ি বিশ্বত এক সংস্কৃত বিশ্ব সম্প্ৰদায় গঢ়ি তোলাটো৷ সেয়েই ই কেৱল কলা বা সুকুমাৰ বিষয়বস্তুৰ সাংস্কৃতিক দিশটো নহয়, ই এক বৃহত্তৰ দৃষ্টিভংগীৰে সকলো শোষণ নিপীড়ণ-দমন-অত্যাচাৰ-মষিমূৰ কৰি এক প্ৰকৃত সাংস্কৃতিক পৰিৱেশ স্থাপনৰ পোষকতা কৰিছিল৷


জ্যোতিপ্ৰসাদৰ সৃষ্টি কৰা ‘শিল্পীৰ পৃথিৱী’ অভিধাৰণাটোও এক ব্যাপক অৰ্ধৰ্ সম্বলিত অতি মননশীল চিন্তাৰ পৰিচায়ক এক অভিধাৰণা৷ জ্যোতিপ্ৰসাদ অতি নান্দনিকভাৱে মানৱজাতিক এক বৈপ্লিৱ দৃষ্টিভংগীৰে পৰ্যালোচনা কৰিছে৷ তেওঁৰ ইতিবাচক দৃষ্টিত ‘মানৱ’ ‘জীৱন’ নামৰ এক সৃষ্টিশীল প্ৰক্ৰিয়াৰ অংগ, য’ত সকলো অসূয়া-অপ্ৰীতি, অশুভ শক্তিক বিনাশ কৰি, জীৱনৰ ৰূপ ৰঙক উপভোগ কৰিব পৰাকৈ সমৰ্থৱান হৈ পৰিৱৰ্তনৰ জৰিয়তে নিজৰ জীৱনৰ লগতে বৃহত্তৰ সমাজৰ ৰূপান্তৰৰ শিল্পী হিচাপে গণ্য কৰা হৈছে আৰু সেই শিল্পীসৃষ্ট মানসিক উৎকৰ্ষৰ প্ৰচুৰ সম্ভাৱনাৰে জীপাল, মানৱশিল্পীৰ দ্বাৰা প্ৰতিষ্ঠিত পৃথিৱীখনেই যেন ‘শিল্পীৰ পৃথিৱী’৷ বহুমুখী হৈও জ্যোতিপ্ৰসাদৰ দৰ্শন এই ক্ষেত্ৰত কিন্তু এক একমুখী অখণ্ডিত দৰ্শন৷


আন এটা দিশ পৰ্যালোচনা কৰা হওক৷ সততে কিছু সংখ্যক লোকে এটা প্ৰশ্ন উত্থাপন কৰে, যে জ্যোতিপ্ৰসাদ প্ৰকৃততে এজন অতি ভাৱবাদী, কল্পনাপ্ৰিয়, আৱেগিক শিল্পীসত্ত্বা৷ জীৱন আৰু দৰ্শনৰ সূত্ৰবদ্ধ প্ৰক্ৰিয়াৰ পৰা দূৰৈত অৱস্থান কৰি এক বিমূৰ্ত ৰূপান্তৰৰ চেতনা প্ৰসাৰ আৰু প্ৰচাৰ কৰা এক এক সপোনমুখী সত্ত্বা৷ যি বাস্তৱৰ পৰা দূৰৈত, আদৰ্শৰ ক্ষেত্ৰত গতিশীল আৰু কেৱল এক ভাৱ উদ্দীপক ক্ষণিক আৱেগৰ সমাহাৰ৷ প্ৰকৃততে এই যুক্তিৰ পক্ষত নিৰ্মোহ বিশ্লেষণ যদি প্ৰায়োগিক দৃষ্টিভংগীৰে কৰা যায়, তেনেহলে হয়তো যৌক্তিক বিচাৰধাৰাৰ দৃষ্টিকোণেৰে সি এক সত্যৰ ৰূপ পাব পাৰে৷ কিন্তু একেসময়তে উদাৰ মানৱীয় শিল্পীসত্ত্বাৰ অধিকাৰী জ্যোতিপ্ৰসাদে সহিংস সংঘাতৰেও অহিংস সমাজ স্থাপনৰ পোষকতা কৰিছিল৷ ই প্ৰকাশ কৰে, জ্যোতিপ্ৰসাদ প্ৰকৃতাৰ্থতেই এজন বাস্তৱদৰ্শী প্ৰয়োগিক ৰূপান্তৰৰ স্বপ্ন দেখা বিপ্লৱী৷ ৰোমাণ্টিক আৱেগ থকা সত্ত্বেও এক দৃঢ়মনা, গভীৰ দূৰদৃষ্টি সম্পন্ন ব্যক্তিসত্ত্বা৷


জ্যোতিপ্ৰসাদৰ দৰ্শনৰ এক সম্যক আভাস লাভৰ পাছত ইয়াত সাম্প্ৰতিক কালত প্ৰাসংগিকতাৰ দিশটো যদি অৱলোকন কৰোঁ, তেন্তে বৰ্তমানৰ বহুবোৰ সমস্যা সংঘাত তথা সামাজিক দ্বন্দ্বৰ বহু প্ৰয়োগিক আৰু তাত্ত্বিক কাৰণ জ্যোতিপ্ৰসাদৰ দৰ্শন প্ৰতিফলিত কৰা কৰ্মৰাজিৰ মাজত পোৱা যায়৷ জ্যোতিপ্ৰসাদে সমন্বয়ৰ কথা কৈছিল৷ বৰ্তমান সময়ত গোলকীয় পৰিৱেশ আৰু অস্থিৰ ৰাজনৈতিক সময়ত, য’ত অসমৰ সাতাম-পুৰুষীয়া সংস্কৃতিক বিনষ্ট কৰাৰ বাবে অহৰহ ন্যস্তস্বাৰ্থ জড়িত মহলৰ পৰা চেষ্টা অব্যাহত আছে, জ্যোতিপ্ৰসাদৰ এই দৃষ্টিভংগীৰ প্ৰাসংগিকতাক সহজেই অনুমেয়৷ জাতি এটাৰ সামগ্ৰিক উন্নয়নত যে সংমিশ্ৰণ এক এৰাব নোৱৰা দিশ আৰু এক উদাৰ মানৱতাবাদী সংমিশ্ৰিত জাতিসত্ত্বা যে অসমীয়া জাতিৰ বাবে এক সময়োপযোগী পদক্ষেপ, সেয়া জ্যোতিপ্ৰসাদে তেতিয়াই অনুধাবন কৰিছিল৷ তেওঁ লিখিছিল ‘অসমীয়া জাতি এটা সংমিশ্ৰিত জাতি৷ সেই জাতিটোৰ কলেৱৰ বৰ্তমান অহা আন আন জাতিৰ মানুহক জীণ নিয়াই বঢ়াব পাৰোঁ’৷ বৰ্তমান সময়ত অসমীয়া জাতিৰ সংজ্ঞা বা অসমীয়া কোন? আদি প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ জ্যোতিদৰ্শনৰ ভিতৰতেই সোমাই থকা যেন বোধ হয়৷ এক পৰিশীলিত আৰু আধুনিক সমাজ প্ৰতিষ্ঠাৰ বাবে অভিনৱ আৰু পৰিৱৰ্তনীয় চিন্তা-চৰ্চাক উৎসাহ দিয়াটো অতীৱ প্ৰয়োজন৷ সামাজিক-সাংস্কৃতিক স্থবিৰতা আৰু কু-সংস্কাৰ, অন্ধবিশ্বাস, অন্ধকুঠৰীৰ পৰা জনতাক পোহৰৰ বাট দেখুৱাৰ বাবে বিজ্ঞানসন্মত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাক জ্যোতিপ্ৰসাদে আজিও প্ৰাসংগিক কৰি ৰাখিছে৷


জ্যোতিপ্ৰসাদৰ দৰ্শনৰ আন এক অতি প্ৰাসংগিক দিশ হ’ল বাস্তৱ আৰু কল্পনাৰ সমতা৷ সামাজিক চেতনাস্ৰোতসমূহ ৰূপান্তৰৰ যোগেদি উদ্ভাসিত হৈ বাস্তৱবাদী সুন্দৰ সমাজৰ পথ দেখুওৱাব লাগিব৷ বৰ্তমান সময়ত চলি থকা বহুবোৰ ঘটনা-পৰিঘটনা জ্যোতিপ্ৰসাদৰ এই জীৱন দৰ্শনৰ আধাৰত বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে৷


বৰ্তমান সময়ত অসমীয়া জাতিৰ সন্মুখত দেখা দিয়া এক বৃহৎ সংকট হৈছে ইয়াৰ অস্তিত্ব আৰু ঐতিহ্যৰে সংকট৷ একেসময়তে অসমীয়া জাতিৰ যি এক স্বাভাৱিক ছন্দোময় প্ৰাণচঞ্চলতা, সি ব্যাহত হৈছে৷ বহুবোৰ কাৰকৰ বাবে অসমীয়া জাতিৰ সেই গৌৰৱ, ঐতিহ্য আৰু সামৰ্থ আজি ম্লান পৰিছে৷ জাতিৰ স্পন্দনক সেউজ কৰি ৰখাৰ প্ৰয়োজনীয়তাক জ্যোতিপ্ৰসাদে সদায়েই দোহাৰিছিল৷ সেয়েহে ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এটা ইংৰাজী প্ৰবন্ধত লিখিছিল যে “জ্যোতিপ্ৰসাদে, অসমীয়া ঐতিহ্যৰ সত্ত্বাৰ সন্ধানত তেওঁ তাৰ প্ৰাণশক্তি উদ্‌ঘাটন অভিযান চলাইছিল৷” খুউব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে জাতি এটাৰ প্ৰাণ পুনৰ প্ৰতিষ্ঠাৰ যি প্ৰক্ৰিয়া যি সময়ে সময়ে আৱশ্যক হৈ পৰে৷ বিশেষকৈ সংকট কালত৷ সেয়েহে, এই দিশটোৰ বাস্তৱ ৰূপায়ন বৰ্তমান অতিকৈ প্ৰাসংগিক যেন বোধ হয়৷


জ্যোতিপ্ৰসাদৰ কৰ্ম, চিন্তা আৰু দৰ্শনৰ এক বিস্তৃত পৰিসৰ আছে৷ সমাজ-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আদি আধুনিক মানৱসভ্যতাৰ প্ৰায় সকলো দিশতে জ্যোতিপ্ৰসাদ নিজৰ অনন্য চিন্তাৰে খোৰাক দি গৈছে৷ তেওঁ চিন্তা আৰু কৰ্মৰাজিয়ে সমাজৰ প্ৰায় সকলো অংগকে চুই গৈছে৷ এক কম সময়তে জীৱনকালত, এনে এক পৰিব্যাপ্ত, বৃহৎ আৰু সংগঠিত চিন্তাৰ জনক জ্যোতিপ্ৰসাদৰ প্ৰতিভা আৰু কৃতিত্ব সঁচাকৈয়ে অতুলনীয়৷


অসমৰ সাম্প্ৰতিক পৰিৱেশত বিশ্বাসৰ অৱক্ষয় এক আন এক প্ৰাসংগিক বিষয়৷ জনতাৰ সন্মুখত বিশ্বাসযোগ্য নেতৃত্বৰ অভাৱ৷ কোনদিশে আৰু কাৰ বিশ্বাসত জনতা আগবঢ়া উচিত, সেই বিষয়ত সৃষ্টি হোৱা বিশ্বাসৰ সংকটৰ বিষয়ে নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই৷ যোৱা বছৰটোত সংঘটিত হোৱা ‘কা’ বিৰোধী আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়ত বহুতো নেতা আৰু জনতাৰ হিয়াৰ আমঠু শিল্পী-সাংস্কৃতিক কৰ্মীৰ দ্বৈত স্থিতিয়ে এই দিশটোক পুনৰ উদঙাই তুলিছে৷ জ্যোতিপ্ৰসাদৰ দৰ্শনক যদি এক দায়বদ্ধ বিশ্লেষণ কৰা যায়৷ তেন্তে দেখা যাব যে, জ্যোতিপ্ৰসাদে তেতিয়াই সঁকীয়াইছিল “স্বাৰ্থাসেৱী প্ৰভুত্বকামী মানুহেই এই জনতন্ত্ৰৰে কোনো এবিধ লৈ তাৰ যোগেদিয়েই জনতাক সমৃদ্ধিশালী কৰি তুলিব বুলি দৃষ্কৃতিমূলক আদৰ্শবাদ প্ৰচাৰ কৰি জনগণৰ সাংস্কৃতিক সামূহিক কল্যাণৰ আদৰ্শৰ পৰা ভ্ৰষ্ট কৰি, স্বাৰ্থসেৱীসকলৰ প্ৰভুত্ব বিস্তাৰৰ অস্ত্ৰস্বৰূপে জনশক্তিক ব্যৱহাৰ কৰিব ওলাইছে৷ সেই কাৰণেই আজি শিল্পী, সাহিত্যিক, কবিসকলক আমাৰ নহ’লেই নোহোৱা হৈছে৷ জনসাধাৰণৰ মাজত সংস্কৃতিৰ আদৰ্শ নুনুমাৱাকৈ জ্বলাই ৰাখি আনফালে দুষ্কতিৰ স্বৰূপ দেখুৱাই জনসাধাৰণক ভ্ৰান্ত পথেদি পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিছিল৷”


কিন্তু সেই দায়িত্বপালন আজি শিল্পী, সাহিত্যিক, কবিসকলে কৰিব পাৰিছেনে? জ্যোতিপ্ৰসাদে স্পষ্টভাৱে কৈ গৈছে “কবি সাহিত্যিকসকল মাত্ৰ সাংস্কৃতিক আদৰ্শত স্থিৰ হৈ থাকি ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শবাদবোৰৰ পৰা নিৰপেক্ষ হৈ থাকিব লাগে৷” জ্যোতিপ্ৰসাদে সেই নিৰপেক্ষতা মানে ইয়াৰ পৰা আঁতৰি থকাৰ কথা কোৱা নাই, কিন্তু এই সকলোবোৰৰ প্ৰতি নিৰাসক্ত হৈ থাকি এক নিৰপেক্ষ মনোভাৱেৰে বিশ্লেষণ কৰাৰ সক্ষমতাৰ কথা কৈ গৈছে৷ যদিও, জ্যোতিপ্ৰসাদ এই বাট দেখুৱাই গৈছে, অসমৰ শিল্পী-সাহিত্যিকসকল অৱশ্যে দুখ লগাকৈ বৰ্তমান সময়ত এই ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ 


বৰ্তমান সময়ত ধৰ্মকেন্দ্ৰিক মেৰুকৰণৰ জৰিয়তে সমাজত একধৰণৰ অসুস্থ, অসহিষ্ণু বাতাবৰণৰ সৃষ্টিৰ চেষ্টা কৰা হৈছে৷ জ্যোতিপ্ৰসাদ ধৰ্মৰ এক উদাৰ বিশ্লেষণ আগবঢ়াইছে৷ তেখেতৰ মতে, সামাজিক সৌন্দৰ্যৰ বাবে ধৰ্মৰ প্ৰয়োজনীয়তা আছে৷ এক সময়তে ইয়াৰ ঐতিহাসিক আৰু নৈতিক ভূমিকাৰ বিষয়েও আলোচনা কৰিছে৷


জ্যোতিপ্ৰসাদে বহু সময়ত ধৰ্মৰ অসমৰ্থতাকো অনুধাৱন কৰিছে৷ তেওঁ অনুভৱ কৰিছিল যে চিৰাচৰিত পৰম্পৰা আৰু বিভিন্ন আচাৰ-নীতি কেন্দ্ৰিক বাহ্যিকময় ধৰ্মৰ প্ৰভাৱে সমাজ সুন্দৰ কৰিব বুলি ভাবি থকাটো বাতুলামি মাত্ৰ৷ জ্যোতিপ্ৰসাদে ধৰ্মৰ নৈতিক শক্তিৰ সু-প্ৰয়োগতহে গুৰুত্ব দিছিল৷ এনে পৰ্যালোচনাৰ বাবে ধৰ্মৰ অস্তিত্বকো তেওঁ চালি-জাৰি চোৱাও কৃপণালী নাই কৰা৷ অন্তৰৰ সংযোগৰ জৰিয়তে এক আত্মিক আৰু নৈতিকভাৱে দৃঢ় ধৰ্মৰ ভূমিকাৰ প্ৰতিহে জ্যোতিপ্ৰসাদ সচেতন আছিল৷ 


সমাজ ব্যৱস্থাৰ আন এক মূলভেটি, অৰ্থনীতিকো জ্যোতিপ্ৰসাদে ‘সংস্কৃতি অৰ্থনীতি’ৰ দৃষ্টিভংগীৰে পৰ্ববেক্ষণ কৰিছিল৷ জ্যোতিপ্ৰসাদে অৰ্থনীতিকো এক সাংস্কৃতিক প্ৰভাৱবেৰে প্ৰয়োজন মতে সালসলনি কৰাত গুৰুত্ব দিছিল৷ তেওঁ স্পষ্টভাৱে কৈছিল ‘যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায়– সেই অৰ্থনীতি অনুপযোগী’৷ জ্যোতিপ্ৰসাদে তেনে অৰ্থনীতিক দুষ্কৃতিমূলক অৰ্থনীতি হিচাপেও আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ বাস্তৱমুখী শিল্প চেতনাৰ জৰিয়তে সামাজিক সমস্যাসমূহৰ সমাধানসূত্ৰ নিৰ্ণয়ৰ এই অভিনৱ আদৰ্শ জ্যোতিপ্ৰসাদেই দেখুৱাই গৈছে৷ 


জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন অসমৰ সমাজ আৰু অৰ্থনৈতিক জীৱনত সদায়েই প্ৰাসংগিক হৈ থাকিব৷ তাৰ মূল কাৰণ হৈছে জ্যোতিপ্ৰসাদ এক উদাৰ মানৱীয় প্ৰৱহমান পৰিৱৰ্তনৰ চিন্তা চেতনাৰে প্ৰোথিত এক আধুনিক শিল্পীসত্ত্বাৰ নাম৷ তেখেতৰ লিখনিসমূহ আৰু বিশেষকৈ ‘শিল্পীৰ পৃথিৱী’ৰ লেখাসমূহ তেখেতৰ মনস্তত্ত্ব, আদৰ্শ, দৰ্শন তথা জীৱনবোধৰ এক সম্যক আভাস দিয়ে৷ পোহৰৰ প্ৰতি থকা সুতীব্ৰ আগ্ৰহৰ বাবে বহু লেখাত পোহৰৰ সম্পৰ্ক থকা শব্দৰ পুনঃ পুনঃ ব্যৱহাৰ, জ্যোতিপ্ৰসাদে নিজৰ ‘জ্যোতি’ নামটোৰ এক সাৰ্থক ব্যাখ্যা দি গৈছে আৰু জ্যোতিৰ সেই ‘জ্যোতি’ৰেই দিপ্তীমান হৈ থাকি অসমীয়া জাতিক পোহৰমুখী বাট দেখওৱাত অগ্ৰসৰ হৈছে৷


সমাজৰ বিৱৰ্তন আৰু পৰিৱৰ্তনৰ যি চিৰাচৰিত যাত্ৰা, সেয়া জ্যোতিপ্ৰসাদৰ চেতনাৰ অন্যতম অংগ৷ মানৱক শিল্পীজ্ঞান কৰা জ্যোতিপ্ৰসাদৰ আদৰ্শ আৰু দৰ্শন কোনো ‘বাদ’ৰ দ্বাৰা সৃষ্টি হোৱা নাই, বৰঞ্চ অধিক প্ৰোথিত হৈছে৷ ৰূপান্তৰৰ যাত্ৰাৰে নতুনৰ কৃচ্ছ সাধনাৰ সপোন দেখা জ্যোতিপ্ৰসাদে মানৱ সমাজ আৰু সংস্কৃতিৰ দ্বন্দ্বাত্মক প্ৰক্ৰিয়াৰ বিৱৰ্তনত বিশ্বাসী আৰু সেয়েহে, বিশিষ্ট কবি, গীতিকাৰ কেশৱ মহন্তই দ্ব্যৰ্থহীনভাৱে, সমাজ জীৱনক ভিতৰে বাহিৰে সুন্দৰ অৰ্থাৎ সংস্কৃতিৱান কৰি গঢ়ি তোলাই জ্যোতিপ্ৰসাদৰ মূল সাধনা বুলি ক’ব পাৰিছিল৷ 


অসমীয়া জাতিয়ে ইয়াৰ এই সংকটৰ কালত জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনা আৰু দৰ্শনক পুনৰ প্ৰাসংগিক দৃষ্টিকোণেৰে চৰ্চা কৰাৰ অতীৱ প্ৰয়োজন আছে৷ কেৱল মাত্ৰ তেখেতৰ জন্ম বা মৃত্যু তিথি উদ্‌যাপনতে সীমাবদ্ধ নাথাকি, গৱেষণালব্ধ, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে তেখেতৰ কৰ্মৰাজিৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে৷ সমাজ কল্যাণৰ হকে জ্যোতিপ্ৰসাদৰ বৈপ্লৱীক চেতনাও পুনৰ নৱপ্ৰজন্মৰ আগত চিনাকী কৰাৰ প্ৰয়োজনীয়তাও নুই কৰিব নোৱাৰি৷ শেষত, শঙ্কৰদেৱৰ দ্বাৰা সংগঠিত হোৱা বিশাল অসমীয়া জাতিৰ সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ সৰ্বক্ষণতে জ্যোতিপ্ৰসাদৰ দৰ্শন আৰু জীৱন তথা সৃষ্টিৰাজি এক প্ৰাসংগিক বিষয় হৈ যে সদায় থাকিব, তাত কোনেও দ্বিমত প্ৰকাশ কৰিব নোৱাৰে৷ 

সহায়ক গ্ৰন্থপঞ্জীঃ

১. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ ৰছনাৱলী সম্পাদক ড॰ নগেন শইকীয়া৷ অশোক বুক ষ্টল, গুৱাহাটী-২০১৮৷ 

২.  জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা সম্পাদনা ড॰ জ্যোতিপ্ৰসাদ শইকীয়া- সদৌ অসম ছাত্ৰ-সন্থা-২০১৯৷

৩. জ্যোতি মনীষা, পি কে বৰুৱা, জ্যোতিবন প্ৰকাশন, ১৯৯৩৷

4. প্ৰসংগ জ্যোতিপ্ৰসাদ, ভবেন বৰুৱা, বনলতা, ২০০২৷

লেখক উপ সঞ্চালক ৰূপে ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লীত কৰ্মৰত, তেখেতৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/PANKAJ-PRATIM-BORDOLI

--------------------------------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

1 comment:

  1. Poker in India - Casino Guru
    In this guide, we 호반 그래프 will tell you what is the most popular live casino in India, the reason 아시아 게이밍 behind why 바카라 커뮤니티 you should 마틴 게일 전략 have 텐벳 a good deposit bonus and more!

    ReplyDelete