বিশ্লেষণঃ ইউক্ৰেইনত 'নিহত সত্য' আৰু পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল :: কানাই গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ইউক্ৰেইনত 'নিহত সত্য' আৰু  পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল  :: কানাই গগৈ

বিশ্লেষণঃ ইউক্ৰেইনত 'নিহত সত্য' আৰু পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল :: কানাই গগৈ

Share This
ইউক্ৰেইনত 'নিহত সত্য' আৰু 
পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল 
কানাই গগৈ
(ইয়াত ৰুছ ভাষাৰ বিশেষ্য পদবোৰৰ প্ৰকৃত উচ্চাৰণবোৰ দিয়া হৈছে)
ইউক্ৰেইনত 'নিহত সত্য' আৰু  পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল, RUSSIA UKRAINE WAR, MURATOV,

(১)
ৰাছিয়াৰ বাৰ্তাৰ কিয়দংশ উহ্য কিয়?
'যুদ্ধত প্ৰথমেই নিহত হয় সত্য'; এই আপ্তবাক্যশাৰী ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ ক্ষণতো পুনৰবাৰ সঁচা প্ৰমাণিত হৈছে। প্ৰথমেই স্পষ্ট কৰি লওঁ যে ৰাছিয়াই ইউক্ৰেইনত আৰম্ভ কৰা বিশেষ সামৰিক অভিযানটোৰ ক্ষেত্ৰত আমি ৰাছিয়াৰ পক্ষতো নাই আৰু ইউক্ৰেইনৰ পক্ষতো নাই।
ইউক্ৰেইনত 'নিহত সত্য' আৰু  পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল, RUSSIA UKRAINE WAR, MURATOV,
আমি ইয়াত অন্য এটা প্ৰসংগহে উত্থাপন কৰিব বিচাৰিছোঁ, আৰু সি হৈছে- এই বিশেষ সামৰিক অভিযানটো আৰম্ভ কৰাৰ আগে আগে নিজৰ ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৱলাদিমিৰ পুতিনে কৈছিলঃ ‘... ইয়াৰ উদ্দেশ্য হৈছে যোৱা ৮ বছৰ ধৰি কীইৱ-ৰ অধীশ্বৰসকলৰ দ্বাৰা চলি থকা উপহাস তথা গণহত্যাৰ পৰা মানুহক নিৰাপত্তা দিয়া। ইয়াৰ বাবে ইউক্ৰেইনৰ অ-সামৰীকৰণ আৰু অ-নাৎছিকৰণৰ বাবে আমি চেষ্টা চলাম। একেদৰে অসংখ্য আৰু ৰক্তাক্ত অপৰাধ সংঘটিত কৰাসকলক আদালতৰ মজিয়াত থিয় কৰোৱাবৰ বাবেও আমি পদক্ষেপ ল'ম ...'।

২০১৯চনত বৰ্তমানৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভি জেলেনেস্কিয়ে শাসনলৈ অহাৰ পাছত ইউক্ৰেইনতো যথেষ্ট পৰিবৰ্তন হয়। পূৰ্বৰ ৰাছিয়ান প্ৰশাসনৰ সৈতে সহযোগিতাৰ নীতি বিসৰ্জন দি পশ্চিম তথা European Union ৰ সদস্য হোৱা তথা নাটোৰ সদস্য লোৱাৰ দিশে আগবাঢ়ে দেশখন। আৰু দুৰ্নীতিৰ বিৰুদ্ধে শাসনলৈ অহা জেলেনেক্সিৰ শাসনতো একনায়কত্ববাদৰ সূচনা হবলৈ ধৰে। আপোনালোকে ভালকৈ সমল খুঁচৰি পঢ়িলে কেনেকৈ ইউক্ৰেইনত সংবাদ মাধ্যম সমূহক বিগত সাত বছৰত লেকাম লগোৱা হ'ল আৰু পচন্দ নোহোৱা সংবাদ মাধ্যম বন্ধ কৰিবলৈ ব্যৱস্থা কৰা হ'ল পঢ়িবলৈ পাব। 2021 চনত পেণ্ডোৰা পেপাৰছ যোগে ৰাষ্ট্ৰপতিজনৰ বিদেশত থকা অবৈধ ব্যৱসায়ৰ কথাও পোহৰলৈ আহে। এই বিষয়ে ৱিকিৰ এই লিংকতhttps://en.wikipedia.org/wiki/Volodymyr_Zelenskyy) Controversy বোৰৰ বিষয়ে পঢ়িব পাৰিব। আনকি ব্যৱসায় বাণিজ্যৰ পৰাও Purging কৰি জেলেনেস্কিৰ বিৰোধীসকলক আঁতৰাই পঠোৱাৰ ব্যৱস্থা কৰা হ'ল। এক প্ৰকাৰৰ আভ্যন্তৰীণ নৈৰাজ্যবাদী শাসন ব্যৱস্থাই গঢ় লৈ উঠাৰ বাবেই দেশখনৰ ভিন্ন প্ৰান্তত ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ পক্ষত থকা সকলে বিচ্ছিন্নতাবাদ আৰম্ভ কৰে আৰু ৰাছিয়ায়ো সেই সকলক সহায় কৰিবলৈ ধৰে। তাৰ পাছতে পৰ্যায়ক্ৰমে যুদ্ধৰ পৰিৱেশ গঢ় লোৱা আমি দেখিবলৈ পালো।

কোৱা বাহুল্য যে পুতিনৰ শেহতীয়া ভাষণ দূৰদৰ্শন তথা ডিজিটেল মেডিয়া মাধ্যমত বিশ্বজুৰি প্ৰদৰ্শন কৰা হ'ল তথা কাকতত ছপোৱা হ'ল যদিও, এই কথাবোৰৰ উল্লেখ তথা বিশ্লেষণ 'পশ্চিমীয়া পেপাৰৰ' ক'তো পোৱা নগ'ল। আনকি এই অভিযান সন্দৰ্ভত লিখিত ব্যক্তিগত লেখাবোৰতো এই কথাবোৰ দেখা নগ'ল। ইয়াৰ কাৰণবোৰ হয়তো এনেকুৱাঃ পৃথিৱীত ৰুছ ভাষা জনা লোক কম আছে, কিন্তু ইংৰাজী বুজি পোৱা লোকৰ অভাৱ নাই। সেয়ে ৰাছিয়াৰ বাৰ্তাবোৰ অনুবাদ কৰা হয় ইংৰাজীলৈ। এই কামটো কৰে মূলতঃ পশ্চিমে। আৰু তেতিয়াই কাণ্ডটো ঘটেঃ পশ্চিমে বাৰ্তাবোৰত ফিল্টাৰ লগায়, আনকি কিছু অংশ বিকৃতো কৰি পেলায়। আৰু ৰুছ ভাষা নজনাসকলে পশ্চিমে ৰাছিয়াৰ সন্দৰ্ভত আগবঢ়োৱা ‘ভাষ্যকে' বিশ্বাস কৰিবলগীয়া হয় ! পুতিনৰ শেহতীয়া ভাষণৰ ক্ষেত্ৰতো সিয়েই ঘটিছে।

ওপৰত উল্লেখিত পুতিনৰ কথা কেইটাৰ ব্যাখ্যা অসমীয়া পাঠকৰ উদ্দেশ্যে ইয়াতে আগবঢ়োৱা হ'ল। ২০১৪ চনত নাৎছিবাদীসকল ইউক্ৰেইনৰ শাসনত বহিল। দেশখনৰ নাৎছিহঁতক সামৰিক প্ৰশিক্ষণ দিছিল পশ্চিমে, অৰ্থাৎ নাটোৱে (আৰু সেয়ে ইংৰাজী অনুবাদত পুতিনৰ ভাষণৰ পৰা ‘অ-নাৎছিকৰণ' শব্দটো বাদ দিয়াত বাদে পশ্চিমৰ ওচৰত অন্য উপায় নাছিল !)।

শাসনত বহা নাৎছিবাদীসকলে হিটলাৰৰ নাৎছিবাহিনীৰ লগ হৈ হেজাৰ হেজাৰ ছৱিয়েত নাগৰিকৰ (বিশেষকৈ ৰুছ আাৰু ইহুদী জাতিৰ লোকৰ) লগতে ছৱিয়েত ব্যৱস্থাৰ সমৰ্থক ইউক্ৰেইনীয় জাতিৰ লোককো হত্যা কৰা স্তিপান বান্দেৰাৰ প্ৰতিমূৰ্তি দেশত স্থাপন কৰিলে। অৰ্থাৎ ঘৃণনীয় খলনায়ক এজনক নায়কৰ মৰ্যাদা প্ৰদান কৰিলে! আৰু ইয়াৰ দ্বাৰা ফেশ্বিষ্ট-বিৰোধী যুদ্ধত প্ৰাণ দিয়া ২ কোটিতকৈও অধিক ছৱিয়েত নাগৰিকক অপমান কৰিলে !! ইয়াতকৈও সাংঘাতিক কথা হ'ল এই যে নাৎছিবাদী চৰকাৰখনে দেশখনৰ পূবত বাস কৰি থকা ৰুছসকলৰ ওপৰত ৰক্তাক্ত উৎপীড়ন আৰম্ভ কৰিলে। অনাধিকাৰিক তথ্য অনুসৰি এই উৎপীড়নত প্ৰায় ৫০ হেজাৰ ৰুছ জাতিৰ লোক নিহত হ'ল, এওঁলোকৰ মাজত শিশুও অনেক আছিল। ইয়াৰ লগে লগে নাৎছিবাদীসকলে ইউক্ৰেইনত ৰুছ ভাষাও নিষিদ্ধ কৰাৰ (প্ৰহসনমূলক কথা হ'ল এয়ে যে ৰুছ আৰু ইউক্ৰেইনীয় ভাষাৰ মাজত বিশেষ পাৰ্থক্য নাই আৰু প্ৰায় ৮০ শতাংশ ইউক্ৰেইনীয় পৰিয়ালে ভাবৰ আদান-প্ৰদানৰ বাবে ৰুছ ভাষা ব্যৱহাৰ কৰে !) উপৰি ৰুছসকলক ৰুছ উপাধি সলনি কৰি ইউক্ৰেইনীয় উপাধি লোৱাৰ নিৰ্দেশ দিলে। ইবোৰত ক্ষুব্ধ হৈ ৰুছ জাতি অধ্যুষিত দান্যেৎস্ক আৰু লুগানস্ক (ইউক্ৰেইনীয় ভাষাত শব্দটো উচ্চাৰিত হয় ‘লুহানস্ক' হিচাবে, কিয়নো ইউক্ৰেইনীয়সকলে ‘গ' বৰ্ণটো ‘হ'-ৰ দৰে উচ্চাৰণ কৰে) অঞ্চল দুটাই স্বাধীনতা ঘোষণা কৰিলে। অৱধাৰিতভাবেই নাৎছিবাদী শাসকসকলে অঞ্চল দুটালৈ সেনা প্ৰেৰণ কৰিলে। সেনাই সিবোৰত কি কৰিলে, তাক ব্যাখ্যা নকৰিলেও হয়তো হ'ব।

পুতিনে নিশ্চয় এইবোৰ কাৰণতে ইউক্ৰেইনক অ-সামৰীকৰণ আৰু অ-নাৎছিকৰণ কৰাৰ কথা ক'লে। বুজাত অসুবিধা নাই যে পশ্চিমে এইবোৰ কথা পৃথিৱীৰ মানুহৰ পৰা লুকুৱাই ৰাখিছে, অন্ততঃ লুকুৱাবলৈ যত্ন কৰিছে। আৰু কৰিছে এই কাৰণে যে ইউক্ৰেইনৰ নব্য নাৎছিবাদীসকলৰ স্ৰষ্টা স্বয়ং পশ্চিম!
(২)

হৰিণাৰ মাংসই বৈৰী। হৰিণাৰ মাংসকণৰ বাবেই হিংস্ৰ জন্তুৰ লগতে ‘জীৱশ্ৰেষ্ঠ' মানৱো এই নিৰ্জু প্ৰাণীটোৰ শত্ৰু হৈ পৰে। একেটা কথা প্ৰযোজ্য ৰাছিয়াৰ ক্ষেত্ৰতো –- দেশখনত থকা তথা শেষ হ'ব নোখোজা বিস্তীৰ্ণ উৰ্বৰ ভূমি আৰু প্ৰভূত প্ৰাকৃতিক সম্পদৰ বাবে পশ্চিম পৰিণত হৈছে ৰাছিয়াৰ মূল শত্ৰুত, কিয়নো মুনাফা লুটিবৰ বাবে ৰাছিয়াৰ ভূমি আৰু প্ৰাকৃতিক সম্পদবোৰ পশ্চিমক লাগে। আৰু ইবোৰ হস্তগত কৰিবৰ বাবে পশ্চিমে অন্ততঃ দুবাৰ প্ৰচেষ্টাও চলাইছিল। 

প্ৰথমবাৰ নেপোলিয়নৰ আৰু দ্বিতীয়বাৰ হিটলাৰৰ নেতৃত্বত। কিন্তু দুয়োবাৰেই আশা পূৰণত পশ্চিম ব্যৰ্থ হ'ল, কিয়নো ৰুছসকলে প্ৰাণ দিও দেশৰ ভূমি ৰক্ষা কৰিলে। যুদ্ধৰে ৰাছিয়াক পদানত কৰিব কৰিব নোৱাৰি পশ্চিমে পিচত দেশখনৰ ভূমি আৰু প্ৰাকৃতিক সম্পদ হস্তগত কৰাৰ ৰণনীতি সলনি কৰিলে –- পশ্চিমে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰয়োগ কৰাৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বাধাৰ সৃষ্টি কৰে, যাতে বাধ্যত পৰি ৰাছিয়াই নিজ সম্পদৰ কিছু অংশ হ'লেও পশ্চিমক এৰি দিয়ে ! আৰু ৰাছিয়াক শ'লঠেকত পেলাবৰ বাবে পশ্চিমে সহায় লয় ৰাছিয়াৰে কিছু নাগৰিকৰ। অৰ্থাৎ এই নাগৰিকসকলে ৰাছিয়াৰ নহয়, বৰঞ্চ পশ্চিমৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে কাম কৰি যায়। ৰাছিয়াৰ এনে এজন নাগৰিকেই হ'ল ২০২১ চনত শান্তিৰ নোবেল বঁটাৰে সম্মানিত হোৱা দমিত্ৰি মুৰাতৱ। ফিলিপাইনচৰ মাৰিয়া ৰেজ্জা ( Maria Ressa ) আৰু ৰাছিয়াৰ Dmitry Muratov ক একত্ৰে “for their courageous fight for freedom of expression” ৰ বাবে  এই শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। 

নোবেল বঁটা প্ৰদান অনুষ্ঠানটো

স্পষ্টকৈ ক'বলৈ হ'লে, মুৰাতৱ আছিল পশ্চিমৰ ‘নিজৰ মানুহ'। অৰ্থাৎ মাতৃভূমিক বিশ্বাসঘাতকতা কৰাৰ পুৰস্কাৰ হিচাবেহে পশ্চিমে মুৰাতৱক নোবেল বঁটাটো প্ৰদান কৰিছে ! এতিয়া চোৱা যাওক, মুৰাতৱে কেনেদৰে ৰাছিয়াক, অৰ্থাৎ নিজ মাতৃভূমিক বিশ্বাসঘাতকতা কৰিছিল। 

উল্লেখ্য যে স্পষ্ট ভাষাত পুটিন বিৰোধী মুৰাতৱ বৰ্তমান ‘ন'ৱায়া গায্যেতা' (‘নতুন কাকত') নামৰ বাতৰি কাকতখনৰ মুখ্য সম্পাদক।ভাৰতৰ ৱেব পৰ্টেল The Wire.in য়ে এই কাকতখনক ৰাছিয়াৰ Bravest নিউজ-পেপাৰ আখ্যা দিছে। প্ৰথমে মিখাইল গৰ্ভাচেভৰ কেপিটেল লৈ গঢ় দিয়া কাকতখনে ইতিমধ্যে পুটিন চৰকাৰৰ সমালোচনাকে মুখ্য লক্ষ্য উদ্দেশ্য কৰি জনপ্ৰিয়তা লভিবলৈ ধৰে। এই বিষয়ে ৱায়াৰৰ প্ৰতিবেদন পঢ়িবলৈ এই লিংকত ক্লিক কৰিব পাৰে- https://thewire.in/world/how-nobel-laureate-dmitry-muratov-built-russias-bravest-newspaper । এই বাতৰি কাকতখন ইংৰাজীত পঢ়িবলৈ এই লিংকত ক্লিক কৰিব পাৰে- https://novayagazeta-ru.translate.goog/?_x_tr_sl=ru&_x_tr_tl=en&_x_tr_hl=en&_x_tr_pto=sc

যোৱা শতিকাৰ ৯০ৰ দশকত আবিৰ্ভাৱ ঘটা এই কাকতখনে ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল এনেদৰেঃ কাকতখনে চ্চিচন্যা(Chechnya) ৰ তদানীন্তন বিচ্ছিন্নতাবাদীসকলক মুকলি সমৰ্থন দিছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে ৰাছিয়াই লোৱা পদক্ষেপবোৰক সমালোচনা কৰিছিল। যোৱা প্ৰায় ৩০ বছৰত কাকতখনৰ এই নীতিলৈ পৰিৱৰ্তন নাহিল, বৰঞ্চ তাৰ সম্প্ৰসাৰণহে ঘটিল –- বিষয়গতভাবেও আৰু ভৌগোলিকভাবেও। যেনে –- ‘ন'ৱায়া গায্যেতাই' ছিৰিয়া আদি দেশত সন্ত্ৰাসবাদৰ সৈতে স্থানীয় চৰকাৰে কৰি থকা যুঁজত ৰুছ সেনাই সহায় কৰা কাৰ্যক সমালোচনা কৰিছিল। উল্লেখ্য যে ছিৰিয়াৰ মূল সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৃষ্টিত পশ্চিম পৰোক্ষভাবে হ'লেও জড়িত আছিল।

পিচলৈ ৰুছ চৰকাৰক যিকোনো উপলক্ষত সমালোচনা কৰাই ‘ন'ৱায়া গায্যেতাৰ' নীতি হৈ পৰিল -– কাকতখনে এতিয়া ৰাছিয়াত চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপকে সমালোচনা কৰে –- তেহেলৈ সেয়া সংবিধানৰ সংশোধনৰ ক্ষেত্ৰতেই হওক বা COVID-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰতেই হওক !

আমোদজনক কথা এয়ে যে ৰাছিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত আন দেশে হস্তক্ষেপ কৰা কথাটোত কাকতখনে বিশ্বাস নকৰে, কিন্তু আন দেশৰ (যেনে –- আমেৰিকাৰ) আভ্যন্তৰীণ ক্ষেত্ৰত ৰাছিয়াই হস্তক্ষেপ কৰা কথাটোত বিশ্বাস কৰে ! উদাহৰণস্বৰূপে ২০১৬ চনত আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত ৰুছ হেকাৰে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ চেষ্টা চলাইছে বুলি প্ৰথমে মুৰাতৱৰ কাকতখনেই প্ৰচাৰ কৰিছিল। ‘ন'ৱায়া গায্যেতা' পশ্চিমৰ ‘নিজৰ কাকত', আৰু সেয়ে আমেৰিকাই ৰুছ হেকাৰৰ সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত। কিন্তু দুখৰ কথা এয়ে যে বহুত চেষ্টা কৰিও আমেৰিকাই এই সন্দৰ্ভত কোনো তথ্য-প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলে ! অৰ্থাৎ মুৰাতৱৰ কাকতখনে প্ৰচাৰ কৰা বাতৰিটো আছিল ভুৱা !

দৰাচলতে ভুৱা বাতৰি প্ৰচাৰৰ যোগেদিহে ‘ন'ৱায়া গায্যেতাই' জনপ্ৰিয়তা অৰ্জন কৰিছিল। উদাহৰণস্বৰূপে কাকতখনে চ্চিচন্যাৰ সন্দৰ্ভত প্ৰচাৰ কৰা বেছিভাগ বাতৰিয়েই আছিল ভুৱা। আমোদজনক কথা এয়ে যে চ্চিচন্যাৰ সন্ত্ৰাসবাদী-বিচ্ছিন্নতাবাদীসকলৰ পক্ষত থাকি তেওঁলোকৰ সাক্ষাতকাৰ আদি কাকতখনে গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল যদিও গণৰাজ্যখনত সন্ত্ৰাসবাদী-বিচ্ছিন্নতাবাদীসকলে তিষ্ঠিব নোৱাৰিলে, কিয়নো চ্চিচন্যাৰ জনগণ তেওঁলোকৰ বিপক্ষে থিয় দিলে। অৰ্থাৎ চ্চিচন্যায়া ৰাছিয়াৰ লগত থকাটোহে গণৰাজ্যখনৰ জনগণে বিচাৰিলে। বহুত চেষ্টা কৰিও পশ্চিমৰ নিৰ্দেশ-সমৰ্থন প্ৰাপ্ত ‘ন'ৱায়া গায্যেতাই' চ্চিচন্যাত অস্থিৰতা বাহাল ৰাখিব নোৱাৰিলে –- গণৰাজ্যখনত এতিয়া শান্তি আৰু প্ৰগতি। আৰু সেয়ে হয়তো মুৰাতৱে শান্তিৰ নোবেল বঁটা পোৱাত সাম্প্ৰতিক চ্চিচন্যাৰ উপ-প্ৰধানমন্ত্ৰী জামবুলাত উমাৰৱ-এ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰেঃ ‘... জুডাছে যীশুক বিশ্বাসঘাতকতা কৰাৰ বিনিময়ত ধন পোৱাৰ দৰে ৰাছিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু আমাৰ (চ্চিচন্যাৰ –- লেখক) জনগণৰ সন্দৰ্ভত বীভৎস মিথ্যা প্ৰচাৰৰ পুৰস্কাৰ হিচাবেহে মুৰাতৱে শান্তিৰ নোবেল বঁটাটো পাইছে ... '।

চ্চিচন্যা-যুদ্ধৰ সন্দৰ্ভত অসংখ্য ভুৱা বাতৰি প্ৰচাৰ কৰিও গণৰাজ্যখনৰ জনগণৰ মন সলনি কৰিব নোৱাৰা ‘ন'ৱায়া গায্যেতাই' পিচত হয়তো সেই জনগণৰ ওপৰত প্ৰতিশোধ লোৱাৰ মনস্থ কৰিলে। কাকতখনত প্ৰকাশিত নিৱন্ধ এটাত কোৱা হ'ল এনেদৰেঃ প্ৰশাসনে কঠোৰ আৰু অবৈধ কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি ভয় কৰি কৰ'নাত আক্ৰান্ত হ'লে চ্চিচন্যাৰ জনগণে খবৰটো আনৰ পৰা লুকুৱাই ৰাখে ! কিন্তু ই আছিল উন্মুক্ত মিথ্যা, আৰু সেয়ে ৰাছিয়াৰ উচ্চতম ন্যায়ালয়ে ৰায় জাৰি কৰি নিৱন্ধটোৰ উপলব্ধতা সীমিত কৰিলে তথা ইমানদিনে সহানুভূতি পোষণ কৰি থকা ৰাছিয়াৰ বিৰোধী দলবোৰেও নিজক মুৰাতৱৰ পৰা নিলগত ৰখাৰ সিদ্ধান্ত ল'লে। চ্চিচন্যাৰ সন্দৰ্ভত মুৰাতৱৰ কাকতখনে প্ৰচাৰ কৰা আন এটা মিথ্যা আছিল এইঃ গণৰাজ্যখনত LGBT সমাজ আছে ! কিন্তু পিচত স্পষ্ট হৈছিল যে চ্চিচন্যাত তেনে কোনো সমাজ নাই।

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত মুৰাটভে ৰাছিয়ান আৰু ইউক্ৰেইন দুয়োখন দেশৰ ভাষাত তেওঁৰ বাতৰি কাকতৰ দ্বৈত সংস্কৰণ মুকলি কৰে আৰু কয় যে তেওঁৰ বাতৰি কাকতখনে ৰাছিয়াৰ সংবাদ মাধ্যমৰ প্ৰহৰী সকলৰ নিয়মক অমান্য কৰিব যে তেওঁলোকে কেৱল যুদ্ধসম্পৰ্কে চৰকাৰী তথ্যহে প্ৰতিবেদনত প্ৰকাশ কৰে! তেওঁ চৰকাৰী নহয়, নিজা সাংবাদিক তথা নিউজ ৰুমৰ বাতৰিহে প্ৰকাশ কৰিব বুলিও দাবী কৰে।
দমিত্ৰি মুৰাতৱক (ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰে'ছাৰ সৈতে যুটীয়াভাবে) বঁটাটো হেনো দিয়া হৈছে ‘মুক্ত চিন্তাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে'। বুজা গৈছে যে ৰাছিয়া বিৰোধিতাই হৈছে পশ্চিমৰ মূল লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ'বৰ বাবে ভুৱা বাতৰি, মিথ্যা তথ্য আদিৰ প্ৰচাৰেই হয়তো নোবেল কমিটিৰ বিচাৰত ‘মুক্ত চিন্তা'। আৰু সেয়ে নিতান্ত ৰাজনৈতিক লক্ষ্য, অৰ্থাৎ একমাত্ৰ নিজ স্বাৰ্থসিদ্ধিৰ বাবে পশ্চিমে প্ৰদান কৰা শান্তিৰ নোবেল বঁটাটোৰ প্ৰকৃত মূল্য কিমান, সেয়া হয়তো ইতিহাসেই বিচাৰ কৰিব !
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ
-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment