মনৰ কথাঃ ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী :: ড° অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী :: ড° অজয় লাল দত্ত

মনৰ কথাঃ ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী :: ড° অজয় লাল দত্ত

Share This

ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী

ড° অজয় লাল দত্ত

ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী,  ড° অজয় লাল দত্ত, Russia-Ukraine crisis Live: Russia says it destroyed

(১)

কালি সন্ধিয়া এজন বন্ধুৱে সুধিছিল, বোলে বিশ্বযুদ্ধ হবই নেকি? উত্তৰ দিছিলো যে, নহয়। এতিয়া আৰু বিশ্ব যুদ্ধৰ কোনো অৱকাশ নাই। যেতিয়া বহু শক্তিশালী দেশেই গোটেই বিশ্ব ধ্বংস কৰাৰ শক্তি থকাৰ পৰমাণু শক্তিধৰ হয়, তেতিয়া খণ্ডযুদ্ধহে ঠায়ে ঠায়ে হব। কিন্তু বিশ্ব-যুদ্ধ নহয়। আজিৰ যুগৰ যুদ্ধ কেৱল অস্ত্ৰৰ নহয়। কূটনৈতিক, অৰ্থনৈতিক, চাইবাৰ ইত্যাদিকে ধৰি বহু তৰপীয়াহে।

ইউক্ৰেইনত 'খণ্ডযুদ্ধ', চেনচেক্সৰ খহনীয়া আৰু পলিটিচিয়ানৰ কমেডী,  ড° অজয় লাল দত্ত, Russia-Ukraine crisis Live: Russia says it destroyed

দুদিনমান আগতে মোক এটি সন্ধিয়া শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰাৰ বাবে পৰামৰ্শ দিছিলহি বন্ধুৱে। মই তেওঁক কৈছিলো, যে ২০১৪ চনৰ পাছত ভাৰতত কোনো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন নোহোৱাৰ স্বত্ত্বেও চেনচেক্স বিশ হাজাৰৰ পৰা গৈ ৬০হাজাৰৰ বোকোচাত উঠাত মোৰ আপত্তি আছে! কাৰণ ই অত্যাধিক ফুলোৱা বেলুনৰ দৰেহে, not backed by facts and figures!! বিগত সপ্তাহত পোহৰলৈ অহা NSE ৰ দৰে সংস্থা কোনোবা হিমালয়ান বাবাৰ আশীষত চলাৰ বাতৰিৰ সময়তো মনটো চেবাইছিল আৰু লিখিছিলো, কৈছিলো যে শ্বেয়াৰ মাৰ্কেট যি কোনো সময়তে ডুবিব পাৰে। অনলাইন মাৰ্কেটাৰ সকলে, ইউ-টিউবাৰ সকলে জনপ্ৰিয় কৰা জিৰধাকে ধৰি বিভিন্ন ব্ৰকাৰেজ ট্ৰেডিং প্লেটফৰ্মত সেই চেনচেক্সৰ বহুৰঙী বেলুনত উঠিবলৈ বহু লোকেই আগ্ৰহী হৈছিল। কিন্তু বাস্তৱত Personal Financial Management ৰ বহু বিকল্প আছে, ইমান স্পৰ্শকাতৰ পন্থাৰ বাহিৰেও। ৰবাৰ্ট কিয়চাকিৰ Rich Dad Poor Dad আৰু The Conspiracy of the Rich পঢ়াৰ পাছত, কথাবোৰ নতুনকৈ ভবাৰ বাট পাইছিলো। এই দুখন কিতাপ আগ্ৰহী সকলে পঢ়িবলৈ এতিয়াও আহ্বান জনাম। ৰঘুৰাম ৰাজন আৰু লুইগী জিংগলচৰ 'Saving Capitalism from Capitalist' খনো পঢ়িব পাৰে, কেনেকৈ ক্ৰনী কেপিটেলিষ্টে Making Money out of thin air (হাৱাতে পইচা বনোৱা) পদ্ধতি অৱলম্বন কৰে, যি পুঁজিৰে চলা অৰ্থনীতিৰ বাবেই দীৰ্ঘদিনত ঘাতক ৰূপ পৰিগণিত হয়।


প্ৰসংগক্ৰমে, কালি সন্ধিয়া একেজন বন্ধুৰ ঘৰলৈ চাহ খাবলৈ গৈ, তেওঁক পৰামৰ্শ দি আহিছিলো যে, বন্ধু শ্বেয়াৰ মাৰ্কেটৰ পৰ্টফলিঅ'ই জীৱনৰ বহুমূলীয়া সম্পদ নহয়! ইউক্ৰেইনৰ সাম্ভাব্য খণ্ডযুদ্ধৰ ফলত তেল, গেছৰ বহুত দাম বাঢ়িব, লগে লগে কোম্পানীবোৰৰ লাভালাভ হোৱাৰ সম্ভাৱনা কমিব। ইউৰোপিয়ান ইউনিয়নে অৰ্থনৈতিক অৱৰোধ ৰাছিয়াৰ বিপক্ষে দিয়াৰ লগে লগে গোটেই বিশ্বতে অৰ্থনৈতিক দশাৰ ওপৰত প্ৰভাৱ পৰিব। পাৰিলে, তোমাৰ পৰ্টফলিঅ কিছুদিনৰ বাবে নিম্নতম কৰা! আৰু সঁচাই আজি পুৱাৰে পৰা ভাৰত, এছিয়া তথা ইউৰোপ আনকি আমেৰিকান শ্বেয়াৰ মাৰ্কেটৰো ব্যাপক খহনীয়া দেখুৱায় সূচকাংক সমূহে! ইয়াৰ ফলত নিজৰ নিজৰ পৰ্টফলিঅ ভেলুৰ অৱনমন দেখি বহু কোটি লোকৰে যে আজি টোপনি নাহিব সেয়া নিৰ্ঘাত। 


উপৰোক্ত লোকসকল শ্বেয়াৰ ট্ৰেডিঙত আগ্ৰহী বা নিজে পঢ়া শুনা কৰি, জানি বুজি নিজৰ অভিৰুচি অনুযায়ী শ্বেয়াৰ বজাৰত ধন লগাইছে। তেওঁলোকে নিজে জানি চিগাৰেট হোপাৰ নিচিনা। আনন্দও তেওঁলোকৰ, ক্ষতিও, প্ৰত্যক্ষ ভাৱে। কিন্তু, মোৰ শংকাখিনি হৈছে, আমাৰ নিচিনা কৰ্মচাৰীবোৰৰ বাবেহে, যিবোৰৰ পেঞ্চন বা ভৱিষ্যতনিধিৰ ধনবোৰো বৰ্তমানে পলিচি কৰি সুৰক্ষিত বিনিয়োগৰ উপায়বোৰৰ সলনি More Volatile মাৰ্কেট যেনে শ্বেয়াৰ, ষ্টক আদিত বিনিয়োগৰ ৰাস্তা খুলি দিয়া হৈছে। যাৰ ফলত আন মানুহ বা ফাণ্ড মেনেজাৰবোৰে লোৱা সিদ্ধান্তৰ বাবে সাধাৰণ কৰ্মচাৰী সকলৰ ভৱিষ্যতো অনিশ্চিত তথা শংকাযুক্ত হৈছে। সেই কথাহে ভাবি বেয়া লাগিছে, অথচ কৰিব পৰাকৈ আমাৰ হাতত একো নাই। 

(২)

পৰহি হংকংৰ পৰা নিৰ্মিত এখন চিনেমা চাইছিলো, Life without Principle. চিনেমাখন অৰ্থনৈতিক ক্ষেত্ৰৰ ওপৰতে। বেংকিং, শ্বেয়াৰ ট্ৰেডিং, ডেৰিভেটিভচৰ ব্যৱসায়, কম দিনত বেছি লাভৰ স্বপ্ন, বেলুন, সুতৰ ব্যৱসায়, লাভ-লোকচান, দিন-ডকাইতি, বিশ্বাসঘাতকতা এই পইচাৰ পৃথিৱীত কিমান সুলভ তাৰেই ৰেঙনি নহয় স্পষ্ট প্ৰতিফলন চিনেমাখনে দিছে। 


আজি শ্বেয়াৰ মাৰ্কেটত হোৱা হোৰাহোৰ সূচকাংকৰ খহনীয়াৰ দৰেই এটি দিনৰ ঘটনাক লৈ চিনেমাখনে গতি কৰিছে। ডেৰিভেটিভ মাৰ্কেটিঙত থকা কৰ্মচাৰীৰ টাৰ্গেট ফিলাপৰ প্ৰেচাৰৰ বাবেই কেনেকৈ জানিও সাধাৰণ মানুহৰ একমাত্ৰ সম্বল স্বৰূপ পুঁজি আটাইতকৈ বেছি লাভৰ অংক দেখুৱাই আটাইতকৈ বেছি ৰিক্স থকা শ্বেয়াৰত লগাই দিয়াৰ দৰে নীতিহীন মানুহত পৰিণত কৰে চিষ্টেমে সেয়া ভালকৈয়ে দেখুওৱা হৈছে। সাধাৰণ মানুহ কিদৰে বেংকৰ ক্ৰেডিং ৰেটিঙৰ বাহিৰৰ চক্ৰলৈ গতি কৰে আৰু অত্যাধিক সুদৰ হাৰৰ ব্যক্তিগত সুতখোৰ ব্যৱসায়ীৰ হাতোৰাত সোমাবগৈ লগীয়া হয়, হংকংৰ পটভূমিৰ কাহিনীটোত কিন্তু অসমৰ মফচলীয় চহৰৰ অৰ্থনৈতিক বাতাবৰণৰ ৰেঙনিও প্ৰতিফলিত হোৱা বুলি কব পাৰি। 


শ্বেয়াৰ মাৰ্কেটৰ খহনীয়া আৰু উত্থান পতন থাকিবই। ইয়াৰ নিশ্চিত কাৰণ আৰু সমানুপাতিক ফলাফলৰ কোনো নিশ্চিত সূত্ৰ যদিও আজিকোপতি কোনো অৰ্থনীতিবিদেই সৰ্বজনগ্ৰহণযোগ্যকৈ উলিয়াই দিব পৰা নাই, তথাপি এই কথা নিশ্চিত যে উদ্যোগিক-অৰ্থনৈতিক বিকাশৰ পৰিবেশৰ ওপৰত এই শ্বেয়াৰ মাৰ্কেটৰ সূচকাংকবোৰ নিৰ্ভৰশীল। গ্লোৱেলাইজেচন হোৱাৰ পৰা গ্লৱেল পৰিঘটনাৰ ওপৰতো আজিৰ যুগৰ শ্বেয়াৰ মাৰ্কেট নিৰ্ভৰশীল। কোনো এটা উদ্যোগ ক্ষেত্ৰৰ বাবে সহায়ক পলিচি মেকিঙৰ ফলতো সেই ক্ষেত্ৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হয়, তেনেকৈ যদি পলিচি বিকাশৰ বাবে নেতিবাচক হয়, তেতিয়াই খহনীয়া হয়। আজিৰ বজাৰত বিটকইনকে ধৰি বিভিন্ন ক্ৰিপ্টকাৰেঞ্চীৰো মূল্য নিম্নগামী হৈছে। কিন্তু যুদ্ধৰ পৰিৱেশ হে হৈছে, বিশ্বযুদ্ধৰ নহয়, এয়া খণ্ড যুদ্ধহে! 


২০১৪চনত ক্ৰিমিয়া পেনিনচুলাক ৰাছিয়াই একেই সামৰিক বাহিনীৰে দখল কৰি নিজৰ অধীন কৰি লৈছিল, তাৰ তুলনাত মূল ইউক্ৰেইনখ বহু ডাঙৰ দেশ। গতিকে এই ৰাছিয়ান আগ্ৰায়নে কি পৰ্যায় পাইগৈ এতিয়াই কোৱা টান। কিন্তু এয়া সাময়িক, আৰু শ্বেয়াৰ মাৰ্কেটো বিশ্বৰ ভিন্ন শ্বেয়াৰ মাৰ্কেটত অলপ দিনৰ ভিতৰতে কিছু সংশোধনলৈ আহিব বুলিয়েই আশা কৰিব পাৰি। খাৰুৱা তেল আৰু গেছৰ দাম বৃদ্ধি হ’লে পিছে এই সংশোধনৰ বাবে সময় লাগিব। ভাৰতৰ চেনচেক্সৰ বেলুনৰ শংকাটো কিন্তু মোৰ মনত সদ্যহতে থাকিবই, ৰাজনৈতিক নেতৃত্বৰ পৰিবৰ্তন হোৱাৰ আশংকা আহিলেই ই বেয়াকৈ ফুটিব, তাৰ ভয়ো মনত অনাগত দিনবোৰতো Constant থাকিবই বুলিও অনুভৱ কৰো।

(৩)

বিবিচিৰ এটা কাৰ্যসূচীৰ আজিৰ শিৰোনাম, ইউক্ৰেইন আক্ৰমণ, তথাপি বহুদেশ ৰাছিয়াৰ কাষত কিয়? এই অনুষ্ঠানে মহাশক্তি আমেৰিকা, চীন-ৰাছিয়াৰ দ্বি-গোষ্ঠীৰ পৃথিৱীক লৈ শংকা ব্যক্ত কৰিছে। ছোভিয়েট ইউনিয়নৰ পৰা ভাগি নিজে ৰাষ্ট্ৰ হোৱা মধ্য আৰু পূৱ ইউৰোপৰ বহু ৰাষ্ট্ৰই আমেৰিকাবাহিনীৰ নেতৃত্বৰ নাটোৰ লগত সংঘবদ্ধ হৈছে। শেহতীয়াকৈ ইউক্ৰেইনেও নাটোৰ সদস্যৰ বাবে আবেদন কৰাৰ বাবে ৰাছিয়াৰ বিৰোধৰ সন্মুখীন হৈছে। আমেৰিকাৰ নেতৃত্বত নাটোৰ আগ্ৰাসন বন্ধ কৰিলেহে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ হব বুলি ৰাছিয়াই ঘোষণা কৰা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ বৈঠকতো নাটোৰ আগ্ৰাসনক সমালোচনা কৰি দুয়ো পক্ষই আলোচনাৰে সমাধান কৰিব লাগে বুলি চীনে মন্তব্য প্ৰকাশ কৰিছে। ভাৰতে একেই গোষ্ঠী নিৰপেক্ষ স্থিতি লৈছে। আৰু মন কৰিবলগীয়া যে, এই ক্ষণত পাকিস্তানৰ ৰাষ্ট্ৰপতি ইমৰান খান ৰাছিয়া ভ্ৰমণত আছেগৈ। এয়াও কূটনীতিৰেই অংশ।


আমাৰ ব্যক্তিগত সহকাৰীজনে ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতনো কি হৈছে বুজাই দিবলৈ কৈছিল। সহজ ভাষাত কবলৈ চেষ্টা কৰিলো যে ধৰা এটা পৰিয়ালৰ ককাই ভাই গাঁৱৰ ভিতৰতে মাটি ভগাই বেলেগ বেলেগ হ'ল। একেবাৰে সিমূৰৰ ভায়েক কেইটাই জাতি-অজাতিক মাটি বেচি শেষ কৰিলে। এতিয়া ঘৰৰ সীমাৰ লগতে লাগি থকা ভায়েক এটায়ো দুবিঘা মাটিক ১০ কঠাৰ ৰূপত দহঘৰ বাংলাদেশী ভগনীয়াক বহুৱাবলৈ বেছিবলৈ লৈছে! তাত ডাঙৰ ককায়েকে আপত্তি কৰিছে! বোলে দিলে মোকে দে, আমিয়ে কিবা এটি দি ৰাখি থও। সিমূৰে জাতি-অজাতি বহোতেও আপত্তি কৰা নাই, কিন্তু সীমাত বিদেশীৰ পৰিয়ালসমূহক ঘাটি পাতিবলৈ দি চিৰদিনীয়া অশান্তি চপাই লবলৈ নাই! কথা নমনাৰ বাবে এতিয়া মাৰামাৰি! গাঁৱৰ পটভূমিত কথাখিনি কওতে তেওঁ সহজে বুজিলে! এতিয়া যেনিবা ককাই-ভাইৰ কাজিয়া কৰা দেখি গাঁৱৰ বহুতেই গৰিহণা দিছে, এনেকৈ কাজিয়া লাগিলে এঘৰীয়া কৰিম বুলি কৈছে, ৰাষ্ট্ৰসংঘ বা ইউৰোপীয়ান ইউনিয়নৰ অৱৰোধো তেনেকুৱাই!! কথাখিনি শুনি সহকাৰীজনেও প্ৰতিবেশী ৰূপে বিদেশী অপক্তিক বঢ়োৱাৰ কথাটো হজম কৰিব নোৱাৰিলে! সেইবাবেই চাগৈ বিবিচি-ৰ অনুষ্ঠানতো এতিয়াও ৰাছিয়াৰ কাষত কিয় বহু দেশ, সেই শিৰোনাম দিলে নেকি, তাকেহে নিশ্চিত হব নোৱাৰিলো।

(৪)

ভাৰতীয় বহু লোকৰ লগতে অসমৰো বহু শিক্ষাৰ্থী ইউক্ৰেইনত আছেগৈ। পৰিয়ালবোৰ চিন্তাত আছে। তাত পঢ়ি থকা শিক্ষাৰ্থী সকলে ঘৰত চিন্তা নকৰিবলৈ কৈছে। ইউক্ৰেইন আকাৰত বহু ডাঙৰ দেশ, ইউৰোপত দ্বিতীয় বিশালতাত। ৰাছিয়াৰ সীমাত থকা একাংশতহে আক্ৰমণ চলিছে। বাকীবোৰ ঠাই এতিয়াও বিপদত পৰাৰ সম্ভাৱনা সদ্যহতে নাই। আজিও অনলাইনক্লাছ চলি থকাৰ কথাও বহু শিক্ষাৰ্থীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ পৰা উদ্ধাৰৰ বাবে যোৱা এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখন এয়াৰস্পেচ বন্ধ কৰি দিয়াৰ বাবে ঘূৰি আহিব লগা কথাও প্ৰকাশ পাইছে। কিন্তু ভাৰতে হেল্পলাইন জাৰি কৰিছে আৰু সমন্বয় ৰক্ষাৰ চেষ্টা কৰি আছে। ফ্লাইটৰ বাবেও বিকল্প পথৰ সন্ধান কৰাৰ কথাও ঘোষণা কৰিছে।


তাৰ মাজতে দেখিলো যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে সাধাৰণ ৰাইজক বন্দুক তুলি লবলৈ আহ্বান জনাইছে। নিজকে চিকুটি চালো, সঁচাইনে? ৰাছিয়াই এয়াৰ এটেক কৰা মিলিটেৰী তথা এয়াৰ বেচ সমূহৰ আক্ৰমণক সাধাৰণ জনতাই কিদৰে প্ৰতিহত কৰিব। কমেডী কৰিছে নেকি? ৰাষ্ট্ৰপতিজননো কোন পঢ়ি চালো! হয়, তেওঁ Volodymyr Zelenskyy এগৰাকী অভিনেতা-কমেডীয়ানেই! তেওঁ Servant of the People নামৰ কমেডী চিৰিয়েলখনৰ যোগেদি ২০১৫-২০১৯ত জনপ্ৰিয়তা লাভ কৰে আৰু তেওঁ তাত দেশৰ ৰাষ্ট্ৰপতিৰ অভিনয় কৰিছিল। তাৰ পাছতে তেওঁ ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। তেওঁ এতিয়া দেশৰ মিলিটিৰেৰীৰ সৰ্বাধিনায়কো! অথচ সাধাৰণ মানুহক যুঁজিবলৈ আহিবলৈ আহ্বান দিছে! আচৰিত লাগিছেনে? যি নাটো বাহিনীৰ অংশ লবলৈ গৈ আজি বিপদত, সেই নাটো বাহিনীয়ে এতিয়াও সামৰিক সহায় কৰিবলৈ আগবাঢ়ি অহাই নাই। আনকি মুখৰ গৰিহণাৰেই ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়েও সহায় সামৰা পৰিলক্ষিত হোৱাটোও কূটনৈতিক বিফলতা ৰূপেই পৰিগণিত হৈছে! ইউৰোপিয়ান ইউনিয়নে অৰ্থনৈতিক অৱৰোধহে ঘোষণা কৰিছে। সামৰিক সহায় বিদেশী শক্তিৰ পৰা লাভ নকৰাৰ বাবেহে এতিয়া দেশৰ সামৰিক সৰ্বাধিনায়কে ৰাইজক অস্ত্ৰ লবলৈ আহ্বান জনাব লগীয়াটো কিমান দুৰ্ভাগ্যজনক কথা হৈছে, অনুভৱ কৰিবলৈকে বৰ টান!


এই ৰাষ্ট্ৰপতিগৰাকী যদিও দুৰ্নীতি বিৰোধী মুখ বুলি পৰিচিতি লভি শাসনলৈ আহিছিল, ২০২১চনত Pandora Paper ৰ জৰিয়তে তেওঁৰ বহু বেনামী ব্যৱসায়ৰ কথাহে পোহৰলৈ আহে। তেওঁৰ শাসনত ব্যক্তিগত মেডিয়া হাউচৰ ওপৰত সংঘবদ্ধ আক্ৰমণ হোৱা, মেডিয়া চেন্সৰিং আৰু বিৰোধীক ব্যৱসায় আদিৰ পৰা Purging কৰি আঁতৰোৱাৰ কথাও পঢ়িবলৈ পোৱা যায়। অভিনেতা-কমেডিয়ান ৰাষ্ট্ৰনেতা হোৱাটো বেয়া নহয়, কিন্তু ৰাষ্ট্ৰনেতা হোৱাৰ পাছত প্ৰয়োজনীয় কূটনীতিৰ সলনি কমেডী কৰি থাকিলে যে, দেশবাসীয়ে চকুপানী টুকিব লগীয়া হয়, সেই কথাহে নিশ্চিত, অন্ততঃ আজিৰ প্ৰেক্ষাপটত। কূটনীতিৰে সমাধান কৰাৰ বিফলতাৰ বাবে আজি পুটিনৰ অহং আৰু কঠোৰতাত কিমান কোটি সাধাৰণ মানুহৰ জীৱন-সম্পত্তি ধ্বংসৰ গৰাহত পৰিব লগা হৈছে, সেয়াও ইতিহাসৰ পাতত দুখ লগাকৈ নিশ্চয়কৈ জিলিকি থাকিব।

--------------------------------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment