চিন্তনঃ হিতাধিকাৰী অৰ্থনীতি, যুদ্ধৰ দামামা, মূল্যবৃদ্ধি আৰু টেক্সঃ মহাসংকটত মধ্যবিত্ত :: ডাঃ নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ হিতাধিকাৰী অৰ্থনীতি, যুদ্ধৰ দামামা, মূল্যবৃদ্ধি আৰু টেক্সঃ মহাসংকটত মধ্যবিত্ত  :: ডাঃ নভনীল বৰুৱা

চিন্তনঃ হিতাধিকাৰী অৰ্থনীতি, যুদ্ধৰ দামামা, মূল্যবৃদ্ধি আৰু টেক্সঃ মহাসংকটত মধ্যবিত্ত :: ডাঃ নভনীল বৰুৱা

Share This

হিতাধিকাৰী অৰ্থনীতি, যুদ্ধৰ দামামা, মূল্যবৃদ্ধি আৰু টেক্সঃ মহাসংকটত মধ্যবিত্ত
ডাঃ নভনীল বৰুৱা
হিতাধিকাৰী অৰ্থনীতিত মূল্যবৃদ্ধি আৰু টেক্সৰ বোজাঃ মহাসংকটত মধ্যবিত্ত, ডাঃ নভনীল বৰুৱা, অসমীয়া, সুখ-দুখ XUKHDUKH, SORRY MIDDLE CLASS SITARAMAN

দেশৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই বৰ্ষৰ বাজেট উপস্থাপনৰ ভাষণত এষাৰ কথা কৈছিল। বাজেট প্ৰসংগত তেওঁ মধ্যবিত্ত কৰদাতাসকলক কৈছিল যে, ক্ষমা কৰিব, মই ইনকাম টেক্স কমাব নোৱাৰিলো, কিন্তু বৃদ্ধি যে কৰা নাই, সিয়ো এক উপহাৰ বুলিয়েই ধৰক। কথাষাৰৰ মাজত বহুতেই এক কাৰুণ্য বিচাৰি পাইছিল আৰু আন কিছুৱে তাচ্ছিল্ল্য। প্রসংগ বা পৰিস্থিতি যিয়েই নহওঁক কিয়, সেই কথাষাৰৰ মাজতেই লুকাই আছে ভাৰতীয় মধ্যবিত্তৰ বিলৈ, বিপত্তি তথা হতাশ। কাৰণ ভোটসর্বস্ব সংখ্যাবলৰ ৰাজনীতিত আজি যদি আটাইতকৈ গুৰুত্বহীন, সেয়া হৈছে মধ্যবিত্ত শ্রেণী। 

হিতাধিকাৰী অৰ্থনীতিত মূল্যবৃদ্ধি আৰু টেক্সৰ বোজাঃ মহাসংকটত মধ্যবিত্ত, ডাঃ নভনীল বৰুৱা, অসমীয়া, সুখ-দুখ XUKHDUKH, SORRY MIDDLE CLASS SITARAMAN

নিম্নবিত্তৰ আছে সংখ্যাৰ জোৰ, উচ্চবিত্তৰ আছে টকাৰ জোৰ। এই দুয়োটা নাই মাত্র মধ্যবিত্তৰ হাতত। তাৰ কাৰণ, ফলাফল আৰু নিৰাময়ৰ কিবা উপায় আছে নেকি তাৰ আলােচনা মই কৰিব খুজিছে। আলোচনা আৰম্ভ কৰিব লৈয়েই প্রথম উজুটি খালো যে ভাৰতীয় মধ্যবিত্ত বুলিলে কাক বুজোৱা যায়, তাৰ কোনো সর্বসন্মত আৰু নির্দিষ্ট পৰিভাষা নাই। মোৰ দৰে অনা-অর্থনীতিবিদ এজন পৰিভাষা বিচাৰি যাওঁতে, পাকঘূৰণি খোৱা অৱস্থা হ'ল। 


উন্নত দেশৰ লগত যদি ৰিজাওঁ, তেওঁলোকৰ নিম্নবিত্তই আমাৰ মধ্যবিত্ততকৈ বেছি আৰ্জন কৰে। কিছু বিদেশী পর্যবেক্ষকক যদি বিশ্বাস কৰো, তেনেহলে দেশৰ আধাতকৈ বেছি মানুহ মধ্যবিত্ত! সেইটা যে বাস্তৱত অশুদ্ধ, প্রায় সকলোৱেই জানে। PEW Research Centre ৰ সমীক্ষা মতে, আচলতে দেশৰ মাত্র ৩শতাংশ লোকহে সঁচা মধ্যবিত্ত। কিংছ কলেজ লনৰ মৰিয়ম আচলানিৰ মতে, দেশৰ ২৮শতাংশ জনসংখ্যা মধ্যবিত্ত। বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ মতে, দেশৰ ২০শতাংশ লােক মধ্যবিত্তৰ আউটিত পাৰে। ৰুণ ইণ্ডিয়াৰ ৱেলথ ৰিপৰ্ট ২০২০ ৰ অনুসাৰে, ৫ কোটি ৬৪ লাখ ভাৰতীয় মধ্যবিত্তৰ আউটিত পৰে। ২০২১'ৰ আয়কৰ প্ৰ-পত্র দাখিলৰ হিচাপ যদি চাওঁ, তেনেহলে প্রায়। সিমানসংখ্যক লোকে তেনে ৰিটার্ণ দাখিল কৰিছে,  তাৰ যদি প্ৰকাৰলৈ চাওঁ, তেনে সংখ্যা প্রায় ৫ কোটি হয়। 


আয়কৰ পৰিসংখ্যাৰ পৰা মধ্যবিত্ত থিৰাং কৰা অসুবিধা, কাৰণ বহু আয়ক দাতাই হয় সামান্য, নহয় শূন্য কৰ দিয়ে আৰু বহু যথেষ্ট আয় থকা মানুহে বিভিন্ন কাৰণত আয়কৰ নিদিয়ে। কিন্তু এই কথাও নিশ্চিত যে বিত্ত বা আয়ৰ ভিত্তিত যেতিয়া শ্রেণী বিভাজন কৰো, তাত এক নির্দিষ্ট আয়ৰ সংখ্যা ধৰিবই লাগিব। সীতাৰমণেও এটা সংখ্যা ধৰিছে। তেওঁৰ মতে, দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰা বছৰি ১৮ লাখ টকা অৰ্জা পৰিয়ালসকলক মধ্যবিত্ত বুলি ধৰিব পৰা যায়। তেতিয়া আকৌ সমস্যা আহে দৰিদ্র সীমাৰেখাক লৈ। ২০১৯ৰ পৰিভাষা, যি এতিয়াওঁ অপৰিৱৰ্তিত, তাত কোৱা হয় যে চহৰ অঞ্চলত দৈনিক ৩৩ টকা আৰু গ্ৰাম্যাঞ্চলত দৈনিক ২৭ টকা বা তাতকৈ কম খৰচ কৰিব পৰাসকলেই দাৰিদ্র্য সীমাৰেখাৰ তলত বুলি ক'ব পাৰি। সেই পৰিভাষা অনুযায়ী, মাহে ১,১৫০ টকাতকৈ বেছি আর্জন কৰা সকলোবোৰ দেখোন মধ্যবিত্ত হৈ পৰিব। 


আমি ব্যৱহাৰিকভাৱে যদি চাওঁ, চৰকাৰে দিয়া হিতাধিকাৰী সুবিধাৰ অন্যতম সুবিধা অটল অমৃত কাৰ্ডৰ যােগ্যতা চালেই মধ্যবিত্ত কোন, তাৰ এক আভাস পােৱা যাব। চৰকাৰে বছৰি ১.৮ লাখলৈ (মাহে ১৫ হাজাৰ) বিনামূলীয়া সুবিধা আৰু বছৰি ৫লাখলৈ (মাহে প্রায় ৪১ হাজাৰ) সুলভ মূলত এই কাৰ্ডৰ সুবিধা দিছে। অর্থাৎ চৰকাৰে প্ৰকাৰান্তৰ বছৰি ৫ লাখতকৈ কম উপার্জনকাৰীসকলক নিম্নবিত্ত বুলি ধৰি লৈছে। আজিৰ বজাৰ মূল্য, স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য যদি চাওঁ। তেনেহলে মাহে ৪০ হাজাৰৰ পৰা ২.৫ লাখ আৰ্জন কৰাসকলক আমি সঁচা আৰু ব্যৱহাৰিকৰূপে মধ্যবিত্ত আখ্যা দিব পাৰোঁ। বিত্তমন্ত্রীৰ হিচাপো প্রায় তেনেকুৱাই। আকৌ যদি ভাৰতৰ মুঠ আয়কৰ দাতাৰ সংখ্যা চাওঁ আৰু তাৰ মাজৰ প্ৰকাৰ ১ৰ পৰা প্ৰকাৰ ৩ সকলক মধ্যবিত্ত বুলি ধৰে, তেনেহলে ভাৰতৰ মধ্যবিত্ত সংখ্যা এটাৰ অনুমান কৰিব পৰা যায়। মোৰ মতে, সেই সংখ্যা ৫ কোটিমানহে হ'ব। অর্থাৎ, ১৩৫ কোটিৰ মাজত মাত্র ৫ কোটি সঁচা অৰ্থত মধ্যবিত্ত।


অৱশ্যে মই উচ্চ মধ্যবিত্ত বা নিম্ন মধ্যবিত্তসকলক ধৰিছো নে নাই, স্পষ্টকৈ কোৱা টান। মই কিয় এই মাহে ৪০ হাজাৰৰ পৰা মাহে ২.৫ লাখ উপার্জন কৰাসকলৰ কথা আলােচনা খুজিছোঁ ? কাৰণ এই উপার্জন কৰা শ্রেণীৰ আজি বিশেষ অসুবিধা আছে; যদিও এই শ্রেণীৰ গুৰুত্ব অপৰিসীম। লেষ্টাৰ ঠুৰীয়ে এষাৰ কথা কৈহিল যে এক স্বাস্থ্যবান গণতন্ত্রৰ বাবে এক স্বাস্থ্যবান মধ্যবিত্ত শ্রেণীৰ দৰকাৰ। এখন সমাজত যদি অকল ধনী আৰু দুখীয়া থাকে, তেনে সমাজত ৰাজনৈতিক আৰু অর্থনৈতিক সুস্থিৰতা মধ্যস্থতাকাৰী বিনে অসম্ভৱ।' সমাজৰ সকলো দায়িত্ব ক'ব নোৱাৰাকৈ এই মধ্যবিত্ত শ্রেণীয়েই লয়। সংস্কৃতি, পৰম্পৰা ৰক্ষাৰ দায়িত্ব সদায় মধ্যবিত্তৰ। সামাজিক দায়িত্ববোধৰ বোজাও এই মধ্যবিত্তৰ। বিভিন্ন চৰকাৰী-বেচৰকাৰী কামত নিজকে নিয়োজিত কৰি দেশ এখন চলাই ৰখাৰ দায়িত্ব এই মধ্যবিত্তৰ আৰু আটাইতকৈ কৰা কথা যে আর্জন কৰা টকা খৰচ কৰি অর্থ-ব্যৱস্থাক চলাই ৰখাৰ মুখ্য দায়িত্ব এই মধ্যবিত্ত শ্রেণীৰ। নিম্নবিত্তসকলৰ কর্মসংস্থান বহুলাংশে নির্ভৰ কৰে এই মধ্যবিত্তৰ ওপৰত আৰু উচ্চবিত্তসকলৰ ঐশ্বর্যও নির্ভৰ কৰে এই মধ্যবিত্তসকলৰ ওপৰত। মধ্যবিত্তই খৰচ কৰিলে অর্থনীতি সবল হৈ থাকে আৰু অর্থনীতি সবল হলে নিম্নবিত্তসকলৰ বাবে জীৱন-জীৱিকা ওলাই থাকে। 


মধ্যবিত্তৰ খৰচ চলি থাকিলে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ-কাটল সংগ্রহো ভালেই চলি থাকে। অর্থনীতিত মধ্যবিত্তৰ গুৰুত্ব বুজিবলৈ হ'লে আমি বেছি দূৰলৈ যাব নালাগে। এই ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এক তৃতীয়াংশ মধ্যবিত্ত, নিম্নবিত্তৰ শাৰীলৈ অবনমিত হোৱা বুলি চৰকাৰে গম পাই, বিশেষ অর্থনৈতিক পদক্ষেপ ল’বলৈ বাধ্য হৈছিল। কাৰণ মধ্যবিত্ত নহলে দেশৰ বিত্তীয় কাঠামোৰ যথেষ্ট অসুবিধা হোৱাৰ আশংকা থাকে। মধ্যবিত্তৰ ইমান গুৰুত্ব থকা সত্ত্বেও আজি এই শ্রেণী কি কি সংকটত আৰু কিয় এনে সংকট? 


মধ্যবিত্তৰ সংকট আজি মূলতঃ দুই প্ৰকাৰৰ – অর্থনৈতিক আৰু ৰাজনৈতিক। অর্থনৈতিক সংকটৰ মূল কাৰণ হৈছে অনিয়ন্ত্রিত মূল্যবৃদ্ধি আৰু ক’ভিডৰ কাৰণে হােৱা সংকুচিত চাকৰিৰ বজাৰ। যিকোনো এটা সংগঠন বা কোম্পানীৰ দৰমহাৰ এটা বুজন অংশ মধ্যবিত্ত কৰ্মচাৰীৰ লগত খৰচ হয়। কভিডৰ বাবে যেতিয়া আয় সংকোচন হৈছিল বা হৈছে, তেনে সংগঠনে ব্যয় সংকোচনৰ বাবে এইসমূহ চাকৰিৰ প্ৰথমতে বিলুপ্তি ঘটাই বা দৰমহা কর্তন কৰে। অন্যহাতে, পেট্রলজাত দাম প্রত্যক্ষ বা পৰোক্ষভাৱে প্রায় সকলো বস্তুৰ দামৰ লগত জড়িত। পেট্রল-ডিজেলৰ দাম বাঢ়িলে পৰিবহণ খৰচৰ নামত মূল্যবৃদ্ধি হয়, যাতায়াতৰ খৰচ বাঢ়ে ইত্যাদি। আজি কিছুদিনৰ পৰা ভাৰতত পেট্রলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে যি মধ্যবিত্তৰ পকেটত আটাইতকৈ ডাঙৰ সিন্ধি দিছে। নিত্য ব্যৱহার্য সামগ্রী, সৰু সুৰা অভিজাত সামগ্রী যেনে মদ, চিগাৰেট, দুই বা চাৰিচকীয়া বাহন ইত্যাদিৰ দাম বাঢ়িয়েই আছে। সাম্প্রতিক আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ যি মূল্যবৃদ্ধি হৈহে, তাৰ পৰিপ্ৰেক্ষিতত যে আকৌ এক ভয়ংকৰ মূল্যবৃদ্ধি হব, সি সহজেই অনুমেয়। অকল কেইখনমান ৰাজ্যত নির্বাচনৰ বাবেই ছাগে চৰকাৰে বর্তমানে ইন্ধনৰ মূল্য নিয়ন্ত্রণ কৰি ৰাখিছে। আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলে ১০০ ডলাৰ প্ৰতি বেৰেলৰ সীমা অতিক্ৰম কৰাৰ প্ৰকৃত প্ৰভাৱ ৰাইজলৈ মুকলি কৰি দিব। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক অৱৰোধৰ প্ৰভাৱৰ ফলো খাৰুৱা তেলৰ বজাৰৰ যোগেদি ৰাইজেই ভূগিব লাগিব।


সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে মধ্যবিত্তই লােৱা সেৱাসমূহৰ মূল্যও সমানেই বৃদ্ধি হৈছে। গৃহ সেৱক সেৱিকা, ব্যক্তিগত চালক, মালি, ধোবা আদি সকলোৱে নিজৰ শ্ৰমৰ মূল্য বঢ়াই মধ্যবিত্তক কেঁকোৰা-চেপা দিয়াত চৰকাৰো পিছ পৰি থকা নাই। বিভিন্ন কৰকাটল অস্বাভাৱিকভাৱে বৃদ্ধি কৰা, বিভিন্ন চৰকাৰী সেৱাৰ মূল্যবৃদ্ধি আদিয়ে এই মধ্যবিত্ত শ্রেণীক ঘোৰ সংকটত পেলাইছে। এফালে কভিডৰ বাবে আয় সংকোচন, আনফালে সকলো দিশত ব্যয়বৃদ্ধি—স্বাভাৱিকতেই পানীত হাঁহ নচৰা অৱস্থা হৈছে। এক বিশেষ উদাহৰণ দিবলৈ হ'লে ক'ব লাগিব অসমত বৰ্তমান চলি থকা অসংখ্য টোলগেট। টোল প্ৰথাৰ মূল চিন্তা অছিল যে, কিছু বিশেষভাৱে সুচল পথ নির্মাণ কৰিবলৈ ব্যক্তিগত খণ্ডক দিয়া হয় আৰু সেই ব্যক্তি বা প্রতিষ্ঠানে। তাৰ নিৰ্মাণ খৰচ তথা লাভ কিছু নির্দিষ্ট বছৰৰ ভিতৰত উদ্ধাৰ কৰি ৰাষ্ট্ৰক পুনৰ সেই পথ ঘূৰাই দিয়ে। অসমত কিন্তু তাৰ সম্পূর্ণ ওলােটা। অসমত আগৰেপৰা থকা ৰাজহুৱা পথ ৰাজহুৱা খৰচত উন্নীতকৰণ কৰা হৈছিল বা হৈ আছে। সেইসমূহ এটাও এক্সপ্ৰেছ হাইৱে নহয় বৰঃ ৰাষ্ট্ৰীয় ঘাইপথহে হয়। সেইবিলাকত কোনো যুক্তি নোহোৱাকৈ অত্যধিক মাত্রাত টোল সংগ্রহ কৰা হৈছে। সেই টোলৰ এক বুজন পৰিমাণ লেচীসকলে পায়, যাৰ সেই পথ নির্মাণ বা উন্নীতকৰণত কোনো ভূমিকা বা খৰচ নাই। অর্থাৎ মধ্যবিত্তই দিয়া গাড়ী কিনাৰ সময়ত পে-কৰা পথ কৰৰ দ্বাৰা সেই পথবোৰ নির্মাণ কৰি আকৌ একেখিনি মধ্যবিত্তক তাত যাতায়াত কৰিবলৈ বৃহৎ পৰিমাণৰ ধন ভৰিবলৈ বাধ্য কৰোৱা হয়। উচ্চবিত্তৰ তেনে খৰচে বৰ আমনি নকৰে আৰু চৰকাৰী বাহনে তেনে টোল দিব লগা নহয়। মাধমাৰটো পৰে মধ্যবিত্তৰ ওপৰত যি বহু কষ্ট কৰি ব্যক্তিগত বাহন এখন ঋণ আদি লৈ ক্রয় কৰে। 


মধ্যবিত্তৰ আন এটা সংকট হৈছে, ৰাজনৈতিক সংকট। মধ্যবিত্ত শ্রেণী যিহেতু সংখ্যাৰ ফালৰ পৰা আপেক্ষিকভাৱে তাকৰ, সেয়ে ভোটৰ বজাৰত তেওঁলােকৰ মূল্য কম। নিম্নবিত্তৰ সংখ্যাবল বছি, সেয়ে ভোটসর্বস্ব ৰাজনীতিত তেওঁলোকৰ মূল্য সীমাহীন। সেয়ে তেওঁলোকক সকলো প্ৰকাৰৰ হিতাধিকাৰী কৰা হয় আৰু কেইবাপ্ৰকাৰৰ সুবিধা দিয়া হয়। সেই সুবিধাসমূহে তেওঁলোকক মূল্যবৃদ্ধিৰ যুঁজত যথেষ্ট সহায়ক হয়। অন্যফালেদি উচ্চবিত্ত যদিও প্রত্যক্ষভাৱে নির্বাচনত ভূমিকা নাই, তথাপিও তেওঁলোকৰ বিত্তীয় ক্ষমতাই তেনে শ্রেণীক ৰাজনীতিৰ প্ৰিয় কৰি ৰাখে। ধনী শ্রেণীয়ে নিজৰ অর্থবলত বিভিন্ন চৰকাৰী আঁচনি নিজৰ সুবিধা মতে কৰি ল'বলৈ সক্ষম হয় মুঠতে, মধ্যবিত্তৰ সকলো ফালৰ পৰাই মৰণ! মধ্যবিত্তৰ ডাঙৰ সমস্যা হৈছে যে প্রতিজনৰেই নিজস্ব ৰাজনৈতিক মতামত থাকে। সামাজিক মাধ্যম, ছপা মাধ্যম, দৃশ্য-শ্রাব্য মাধ্যম আদি সকলোতে এই শ্রেণীয়ে নিজৰ মতামত জাহিৰ কৰি ফুৰে, যিটো ৰাজনৈতিক মহলে মুঠেই ভাল নাপায়। তেওঁলোকৰ কাৰণে মধ্যবিত্ত হৈছে যি শ্রেণীগতভাৱে ভোট দি কাকো জিকাবও নোৱাৰে কিন্তু প্রশ্ন কৰি ব্যতিব্যস্ত কৰি ৰাখিব পাৰে। মানে মধ্যবিত্ত শ্রেণী ৰাজনীতিবিদসকলৰ কাৰণে এক প্রয়োজনীয় আমনিৰ বাহিৰে একো নহয়। সেয়ে, মধ্যবিত্তই যেতিয়ালৈ ৰাজনৈতিক স্থিতাবস্থা বাহালৰাখে, তেতিয়ালৈ ৰাজনৈতিক মহলে। তেওঁলোকৰ স্বার্থ লৈ মুঠেও মূৰ নঘমায়।


এতিয়া, মধ্যবিত্তৰ হাতত পৰিত্ৰাণৰ কিবা উপায় আছে নে? পৰিত্ৰাণৰ উপায় যে সকলো মধ্যবিত্তই নিজৰ শকতি অনুধাৱন কৰক। যিহেতু মধ্যবিত্তৰ কৰ-কাটলৰেই চৰকাৰ চলে, তেনে ক্ৰয় নিয়ন্ত্রণ কৰি চৰকাৰক বাধ্য কৰক যে মধ্যবিত্তৰ প্রতি দৃষ্টি দিয়ে। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত তাল-ফাল লগাই থকাতকৈ ভোট দিবলৈ কষ্ট কৰি হলেও যাওক আৰু নিজৰ পছন্দ-অপছন্দক বাদ দি শ্রেণী হিচাপে ভোট দিয়াৰ কথা ভাবক। তেনে কৰিলে কি হ'ব পাৰে যদি চাব খুজিছে গুৱাহাটীৰ নিকটৱৰ্তী চহৰ এখনলৈ চাওঁক য'ত স্থানীয় বিধায়কে জনগোষ্ঠীৰ অংক পৰাভূত কৰি হ'লেও তেওঁৰ দলক সমর্থন নকৰা ভোটাৰৰ ভোটেৰে বিজয়ী হৈ আছে। তেওঁৰ সফলতাৰ আঁৰত আছে তেওঁ নগৰীয়া মধ্যবিত্তৰ কাৰণে কৰা পথ নির্মাণ। আদি। আনকি, তেওঁ মোক নিজেই কৈছে যে, তেওঁৰ দলক বেয়া পোৱা কিন্তু তেওঁক ভাল পোৱা প্রায় ৮ৰ পৰা ১০ হাজাৰ ভোট তেওঁ হস্তগত কৰে। কিন্তু সকলো ক্ষেত্ৰত তেনে হােৱাটো প্রায় অসম্ভৱ। আৰু যিহেতু মধ্যবিত্তৰ ৰাজনৈতিক এক অসম্ভব, সেয়ে হয়তো সদায় যিটো হৈ আছে, সেয়াই চলি থাকিব। মধ্যবিত্তই প্রতি বছৰেই, প্রতিজন বিত্তমন্ত্রী পৰা শুনিবলৈ প্রস্তুত হৈ থাকক, সেই তিতা বাস্তৱ — "for the tax payers, I am sorry"

লেখকৰ ই-মেইল : navanilbarua@rediffmail.com, লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/DR-NAVANIL-BARUAH

--------------------------------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment