স্বাস্থ্যঃ চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক :: ডাঃ মৃন্ময়ী বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক  :: ডাঃ মৃন্ময়ী বৰদলৈ

স্বাস্থ্যঃ চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক :: ডাঃ মৃন্ময়ী বৰদলৈ

Share This

চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক

ডাঃ মৃন্ময়ী বৰদলৈ 

GLAUCOMA EYE PROBLEM, চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক,  ডাঃ মৃন্ময়ী বৰদলৈ, চকু, অসমীয়া

গ্ল’কমা চকুৰ এনে এটা ৰোগ যাৰ ফলত ক্ৰমান্বয়ে মানুহৰ দৃষ্টি শক্তি হ্ৰাস পায় আৰু কেতিয়াবা ধৰা নপৰিলে অন্ধ হব পাৰে৷ বিশ্ব স্বাস্হ্য সন্হাৰ পৰিসংখ্যা অনুসৰি বিগত ২০২০ বৰ্ষত পৃথিৱীৰ প্ৰায় ৮০ মিলিয়ন মানুহ এই ৰোগত আক্ৰান্ত ৷ এই সংখ্যা ২০৪০ বৰ্ষত ১১১ মিলিয়নলৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ ভাৰতবৰ্ষৰ ১২ মিলিয়ন মানুহ এই ৰোগত আক্ৰান্ত যাৰ ভিতৰত ১.২ মিলিয়ন মানুহ অন্ধ ৷

GLAUCOMA EYE PROBLEM, চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক,  ডাঃ মৃন্ময়ী বৰদলৈ, চকু, অসমীয়া

আমাৰ চকু গোলাকাৰ৷ ইয়াৰ তিনিটা আৱৰণ আছে - বাহিৰৰ পৰা ভিতৰলৈ ক্ৰমান্বয়ে Sclera, Choroid আৰু Retina ৷ চকুৰ ভিতৰত Aqueous humour নামৰ এটি পদাৰ্থ অহৰহ উৎপাদিত হয় আৰু কিছুমান নিৰ্দ্ধাৰিত পথেৰে চকুৰ পৰা ওলাই থাকে৷ ইয়াৰ ফলত চকুত এক নিৰ্দিষ্ট চাপ সদায় ব্ৰতী থাকে৷ বিভিন্ন কাৰণত যদি Aqueous humour নিৰ্গমণত বাধা আহে তেন্তে চকুৰ চাপ বাঢ়িবলৈ আৰম্ভ হয় আৰু ইয়াৰ ফলত চকুৰ স্নায়ুত বিৰূপ প্ৰভাব পৰে৷সময় মতে যদি চিকিৎসা কৰা নহয় তেনে হলে মানুহজন অন্ধ হ’ব পাৰে৷ ইয়াকে চকুত গ্ল’কমা হোৱা বুলি কোৱা হয়৷ এই খিনিতে এটা কথা মন কৰিব লগীয়া যে চকুৰ চাপ সীমাৰ ভিতৰত থাকিলেও কেতিয়াবা গ্ল’কমা হব পাৰে ৷


গ্ল’কমা বহু প্ৰকাৰৰ ৷ তাৰ ভিতৰত Primary Open Angle Glaucoma আৰু Primary Angle Closure Glaucoma প্ৰধানকৈ হোৱা দেখা যায়৷


চকুত আঘাট পালে , Steroid ব্যৱহাৰ কৰিলে, মাইগ্ৰেন থাকিলে , বংশগত আদি বহু কাৰণত গ্ল’কমা হোৱাৰ সম্ভৱনা বাঢ়ি যায়৷


বেচি ভাগ সময়ত ৰোগীয়ে গম নোপোৱাকৈ দৃষ্টি শক্তি কমি আহে৷ কেতিয়াবা পোহৰৰ চাৰিও ফালে ৰামধেনু যেন দেখা পায়৷ Angle closure glaucoma কেতিয়াবা ভীষণ চকু বা মূৰৰ বিষ, বমি তথা চকু ৰঙা হৈ দেখা দিয়ে৷ বয়স বাঢ়ি যোৱাৰ লগে লগে গ্ল’কমা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ 


চমুকৈ, মানুহৰ দৃষ্টি শক্তিৰ দুটা ভাগ আছে৷ কেন্দ্ৰীয় দৃষ্টি (Central vision) আৰু পৰিধিয় দৃষ্টি( Peripheral vision) ৷ কেন্দ্ৰীয় দৃষ্টিৰ সহায়ত আমি যি কোনো বস্ত মন কৰিলেই দেখো৷ পৰিধিয় দৃষ্টিৰ সহায়ত আমি আশে-পাশে হৈ থকা ঘটনা দেখা পাওঁ৷ উদাহৰণস্বৰূপে বাহন চলাওঁতে কাষৰ পৰা অহা পথচাৰী বা আন বাহনৰ উমান পাওঁ৷ গ্ল’কমা হলে প্ৰথমে এই পৰিধিয়দৃষ্টি হ্ৰাস পায় ৷ চুঙা এডালৰ মাজেৰে চালে যি ধৰনে দেখি, গ্ল’কমাত দৃষ্টিৰ পৰিধি তেনে হয়৷ পৰৱৰ্তী সময়ত এই খিনি দৃষ্টি শক্তিও নোহোৱা হৈ যায় আৰু মানুহজন একেবাৰে অন্ধ হৈ পৰে৷


এইটো এক দুখৰ বিষয় যে প্ৰায় ৯০ % গ্ল'কমা ৰোগীয়ে এই ৰোগত আক্ৰান্ত বুলি নাজানে৷ ফলত চিকিৎসা নোপোৱাকৈয়ে অনেক জন অন্ধ হৈ যায়৷ সেই কাৰনে গ্ল’কমাৰ বাবে চকুৰ পৰীক্ষা কৰা অতি প্ৰয়োজনীয়৷ এই ৰোগৰ প্ৰভাবত হোৱা দৃষ্টিৰ ক্ষতি ঘূৰাই আনিব নোৱাৰি, কিন্ত সময়ত চিকিৎসা কৰিলে দৃষ্টি শক্তিক ৰক্ষা কৰিব পৰা যায়৷

 অসমীয়াৰ সুখ-দুখৰ স্বাস্থ্য শিতানৰ আন আন লেখাবোৰ পঢ়িবলৈ ক্লিক কৰক এই লিংকঃ https://www.xukhdukh.com/search/label/HEALTH

এই প্ৰসংগতে মই মুখামুখি হোৱা দুটা ঘটনাৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ 


এবাৰ এগৰাকী ৬০ বয়সৰ উদ্ধৰ মহিলা চকুৰ চশমাৰ পাৱাৰ পৰীক্ষাৰ বাবে আাহিছিল৷ চকু পৰীক্ষা কৰোতে তেওঁৰ গ্ল’কমা ৰোগত ভোগী আছে বুলি ধৰা পৰিল৷ দৃষ্টি শক্তি যথেষ্ঠ হ্ৰাস পাইছিল৷ তেওঁ আচৰিত হৈছিল যে নজনাকৈ তেওঁৰ ইমান ক্ষতি হৈছিল৷ 


দ্বিতীয় ঘটনাটোত এজন ৪৫ বছৰীয়া ৰোগী চকুৰ পৰীক্ষা কৰিবলৈ আহিছিল৷ পৰীক্ষাৰ অন্তত তেওঁৰ গ্ল’কমা আছে বুলি ধৰা পৰিল আৰু মই ঔষধ ব্যৱহাৰ কৰিবলৈ উপদেশ দিলো৷


কথাৰ প্ৰসংগত বুজি পালো যে তেওঁ এক বছৰ মান আগতে চকু পৰীক্ষা কৰিছিল আৰু ইতিমধ্যে গ্ল’কমাত আক্ৰান্ত বুলি জানিছিল৷ ঔষধ কিয় ব্যৱহাৰ কৰা নাই বুলি প্ৰশ্ন কৰাত তেওঁ এই বুলি উত্তৰ দিলে যে তেওঁৰ দৃষ্টি শক্তি ঘূৰি অহা নাছিল আৰু ঔষধ কিমান দিনৰ বাবে ব্যৱহাৰ কৰিব এই কথাও ভাল দৰে বুজা নাছিল৷ মূল কথাটো হ’ ল যে গ্ল’কমাৰ ঔষধ বেচি ভাগ ক্ষেত্ৰতে আজীৱন ব্যৱহাৰ কৰিব লগীয়া হয়৷ অস্ত্ৰোপচাৰ কৰি চকুৰ চাপ নিয়ন্ত্ৰণ হ’লে হয়তো ঔষধ নালাগিবও পাৰে৷ এই সকলো উপদেশ চিকিৎসকে হে দিব পাৰে৷ 


দ্বিতীয়তে গ্ল’কমা ৰোগীয়ে সঘনাই চকুৰ চাপ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লব লগীয়া হয়৷ গ্ল’কমা হোৱা ৰোগীয়ে কিছুমান চকুৰ বিশেষ পৰীক্ষা যেনে OCT, PERIMETRY, CORNEAL THICKNESS আদি কৰিবলগীয়া হয়৷ এই সকলোবোৰ পৰীক্ষাই গ্ল’কমা ৰোগৰ স্থিতি তথা ইয়াৰ নিয়ন্ত্ৰণত সহায় কৰে৷

স্বাস্থ্য-চৰ্চাঃ ক্ৰনিক কিডনী ৰোগীৰ বাবে আহাৰ :: ডা০ ব্ৰিন্সি বৰুৱা

গ্ল’কমা ৰোগ এক দীঘলীয়া যাত্ৰা৷ ৪০ বছৰ উৰ্ধৰ ব্যক্তিয়ে গ্ল’কমা পৰীক্ষা কৰা উচিত ৷প্ৰথমাৱস্থাত ধৰা পৰিলে দৃষ্টি শক্তি অটুত ৰাখিব পৰা যায়৷ ঔষধ, লেজাৰ তথা অস্ত্ৰোপচাৰ কৰি এই ৰোগক নিয়ন্ত্ৰণ কৰা হয়৷ গ্ল’কমা হোৱা মানে হতাশা নহয়, সজাগতা আৰু সঠিক চিকিৎসাৰে গ্ল’কমাক প্ৰতিৰোধ কৰিব পাৰি৷

লেখাটি অসম আদিত্য কাকতৰ স্বাস্থ্য শিতানতো প্ৰকাশ পাইছে। লেখিকা এগৰাকী গ্ল’কমা বিশেষজ্ঞ চিকিতসক আৰু তেখেতে ডিব্ৰুগড় চৌকিডিঙিৰ হেৰম্ব বৰদলৈ চকু কেন্দ্ৰতো পৰামৰ্শ প্ৰদান কৰে। যোগাযোগৰ বাবেঃ https://www.facebook.com/herambabordoloieyecentre

স্বাস্থ্যঃ ক্ৰনিক কিডনি ৰোগৰ প্ৰতিকাৰঃ জানিবলগীয়া কিছু কথা :: ডা০ ভূপেন শইকীয়া

------------------------------------

-------------------------------------------------------------------------------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment