চিন্তনঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা  :: শ্যামকানু মহন্ত

চিন্তনঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা :: শ্যামকানু মহন্ত

Share This

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা

শ্যামকানু মহন্ত

ৰাছিয়া ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা,  শ্যামকানু মহন্ত, ukraine war by russia and indian role, western forces, asomiya

ইউৰোপ মহাদেশৰ দ্বিতীয়খন বিশাল দেশ ইউক্ৰেইন প্ৰাকৃতিক সম্পদ, কৃষিজাত সামগ্ৰীৰ সম্পদেৰে সম্ভাৱনাপূৰ্ণ উন্নয়নশীল দেশ। এতিয়া, সেই ইউক্ৰেইনৰে ৪.৪ কোটি জনতাৰ ওপৰত ৰাছিয়াই জল-স্থল-আকাশমাৰ্গ তিনিও দিশৰ পৰাই ভয়াবহ আক্ৰমণ চলাইছে। দেশখনৰ সাম্প্ৰতিক পৰিস্থিতি অবৰ্ণনীয়। পশ্চিমীয়া ৰাষ্ট্ৰসমূহে বিভিন্ন অৰ্থনৈতিক বাধা নিষেধেৰ ৰাছিয়াক জুৰুলা কৰিছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতিত যুদ্ধই বেয়া প্ৰভাৱ পেলাইছে। আমাৰ আজিৰ আলোচনাত ৰাছিয়াৰ আক্ৰমণৰ উদ্দেশ্য নো কি, ইয়াৰ পৰিণতিত ৰাছিয়াই কি পাব বা কি হেৰুৱাব, বিশ্বৰ অৰ্থনীতিত এই যুদ্ধৰ কেনে প্ৰভাৱ পৰিব, ভাৰতৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ ভূমিকা ইত্যাদি সম্পৰ্কে এটি চমু আলোচনা কৰিব বিচাৰিছো। 

ৰাছিয়া ইউক্ৰেইন আক্ৰমণঃ পশ্চিমীয়া শক্তিৰ এজেন্ডা আৰু ভাৰতৰ ভূমিকা,  শ্যামকানু মহন্ত, ukraine war by russia and indian role, western forces, asomiya

আমাৰ জীৱনকালত সংঘটিত হোৱা বা দেখা আটাইতকৈ ভয়াবহ এই যুদ্ধই আধুনিক বিশ্বৰ বহু কথাই পৰিৱৰ্তন ঘটাব পাৰে। ইউক্ৰেইন ইউৰোপীয়ান ইউনিয়ন বা পশ্চিমীয়া যুদ্ধশক্তি নাটোৰ অংশীদাৰ হোৱাৰ প্ৰচেষ্টা লোৱাৰ পৰাই পুটিন ক্ষুদ্ধ হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হৈ আছিল। কিন্তু এই যুদ্ধই এনে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি বিশ্ববাসীয়ে কল্পনা কৰা নাছিল। ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি পুটিনে টিভি সাক্ষাৎকাৰত ৰাছিয়াই ইউক্ৰেইনৰ নাজী নেতৃত্বৰ পৰা অসুৰক্ষিত বুলি ঘোষণা কৰি বৰ্তমানে ৰাছিয়াৰ কৱলত থকা ক্ৰিমিয়া আৰু সহযোগী ৰাষ্ট্ৰ বেলাৰুছৰ পৰা আক্ৰমণ আৰম্ভ কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি প্ৰাক্তন কৌতুক অভিনেতা আৰু অত্যন্ত জনপ্ৰিয়। তেখেত ৰাছিয়াতো জনপ্ৰিয় আছিল আৰু জেলেনস্কিৰ বেছিভাগ নাটক ৰাছিয়ান ভাষাতে পৰিৱেশিত। ২০১৯ চনত ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা অভিনেতা জেলেনস্কিৰ এই শক্তিশালী যোদ্ধাৰ ৰূপ কোনেও কল্পনা কৰা নাছিল। আমেৰিকাই জেলেনস্কি আৰু পৰিয়ালক নিৰাপত্তাৰ স্বাৰ্থত সুৰক্ষিত স্থানত লৈ যোৱাৰ প্ৰস্তাৱত তেখেতে ক'লে যে আমাক পলাবলৈ সুযোগ নহয়, অস্ত্ৰশস্ত্ৰ, বাৰুদহে লাগে। জেলেনস্কিৰ নেতৃত্বত ইউক্ৰেইনৰ স্বাধীনচিতীয়া ৰাইজে যি প্ৰতিৰোধ গঢ়ি তুলিছে সেয়া অভাৱনীয়। এই যুদ্ধ ডেভিড আৰু গোলিয়াথৰ যুদ্ধ, য'ত বিশ্বৰ আটাইতকৈ শক্তিশালী এখন সমৰশক্তি ৰাছিয়াই সামৰিক শক্তিত দুৰ্বল এখন ৰাষ্ট্ৰক পৰাজিত কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু মনৰ বলেৰে ইউক্ৰেইনে শত্ৰুপক্ষক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। স্বাধীনচিতীয়া, মুক্ত জীনন ভাল পোৱা ইউক্ৰেইনৰ জনতাই ৰাছিয়াৰ সৈতে ৰক্ষণশীল জীৱন লৈ থাকিব নিবিচাৰে। তেওঁলোক পশ্চিমৰ মুক্ত স্বাধীন জীৱনৰ পক্ষপাতী। ৰাছিয়াতকৈ ইউক্ৰেইনৰ অৰ্থনীতি যথেষ্ঠ আগবঢ়া। পশ্চিমীয়া শক্তিয়ে ইউক্ৰেইনক তেওঁলোকৰ নিজা স্বাৰ্থৰ বাবে বহু দিনৰ পৰা এটা সম্পৰ্ক ৰাখি আহিছিল যদিও ৰাছিয়াৰ ভয়ত নাটো শক্তিৰ অন্তৰ্গত কৰা নাছিল। আমেৰিকাই বিশ্বৰ সৰ্ববৃহৎ নিউক্লিয়াৰ শক্তি ৰাছিয়াৰ লগত গতানুগতিক যুদ্ধ নিবিচাৰে, ইউক্ৰেইনৰ লগত আমেৰিকাৰ সীমাও নাই, লগতে ইউক্ৰেইনত আমেৰিকাই বিছৰা তেলো নাই, গতিকে আমেৰিকাই এই যুজঁত অংশ লোৱা নাই। 


ৰাছিয়াৰ শক্তি দুৰ্বল  কৰিবলৈ ইউক্ৰেইন, লাটভিয়া বা কেইখনমান বালটিক ৰাষ্ট্ৰক আমেৰিকা নেতৃত্বাধীন নাটো বাহিনীয়েও সহায়ৰ হাত আগবঢ়াই আহিছে। ৰাছিয়াৰ বিপক্ষে নাটোৰ মিলিটেৰী বেছ  নিৰ্মাণৰ প্ৰক্ৰিয়াও আভ্যন্তৰীণভাৱে চলি আছিল। সেই প্ৰেক্ষাপটত ৰাছিয়াই ইউক্ৰেইনক সংযত কৰি নিজৰ পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ এক অন্যতম অংশীদাৰ ইউক্ৰেইনক মাতৃৰ সৈতে সংলগ্ন কৰি ৰখাতো বা নিজকে সুৰক্ষা দিয়াতো কোনো অস্বাভাৱিক নহয়। বিশ্বৰ ভৌগোলিক ৰাজনীতি অতিশয় জটিল। ইউক্ৰেইন আক্ৰমণ আশা কৰা হৈছিল কিন্তু তথাপিও পুটিনৰ এই পৰ্য্যায়ৰ ভয়াবহ আক্ৰমণৰ বাবে বিশ্ব প্ৰস্তুত নাছিল।


কিছু সংখ্যক বিশ্লেষকৰ মতে শ্বেতাংগ ইউক্ৰেইনবাসীৰ ওপৰত হোৱা অত্যাচাৰৰ বাবেই এই যুদ্ধ ইমান বেছি পৰিমাণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হৈছে। এই একে ধৰণৰ আক্ৰমণ চিৰিয়া বা আফগানিস্তানৰ দৰে দেশত হওতে এই পৰ্যায়ত আলোচনা হোৱা নাছিল। বৰ্ণবাদী বিদ্বেষৰ ঘটনাত বলি হৈছে ইউক্ৰেইনত থকা বহু ভাৰতীয় শিক্ষাৰ্থী। 


পুটিনৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত বিশ্বজুৰি চৰ্চা অব্যাহত আছে কিন্তু কোনোৱেই নিশ্চিত নহয়। কোৱা হয় পুটিনৰ মন কোনেও বুজিব নোৱাৰে। কিছুসংখ্যক প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে পুটিনৰ এজেন্ডা ইউক্ৰেইনক দুভাগত বিভক্ত কৰা। ডনেক্স, খাৰখিভ  আৰু আৰু কিছু চহৰ সংযোজন ঘটাই দুভাগত বিভক্ত কৰা ফলত ইউক্ৰেইন বহু দুৰ্বল হৈ পৰিব। এটা সূত্ৰ অনুসৰি পুটিনে সমগ্ৰ ইউক্ৰেইনখনকে ৰাছিয়াৰ অন্তৰ্গত কৰিব বিচাৰে। তৃতীয়তে অধিক চৰ্চিত বিষয়টো হৈছে পুটিনে জেলেনস্কিক আঁতৰাই তেওঁৰ এজন আজ্ঞাবাহী নেতাক শাসনৰ দায়িত্ব দিব আৰু ৰাছিয়াৰ ভৃত্য ৰাষ্ট্ৰ কৰি ৰাখিব । তথাপিও পুটিনৰ শেষ পৰিকল্পনা সন্দৰ্ভত কোনো নিশ্চিত নহয় আৰু সেই কথাই সমগ্ৰ বিশ্বকে উৎকণ্ঠিত কৰি ৰাখিছে।


এতিয়া ইউক্ৰেইনৰ কি হ'ব? ইউক্ৰেইনৰ সম্পদ, সামৰিক ঘাটি, বিশ্বৰ সৰ্ববৃহৎ উৰাজাহাজ, চৰকাৰী ঘৰ, সামগ্ৰী বহুখিনি ধ্বংস হৈছে। জীৱন সম্পত্তি সকলো মিলি সামগ্ৰিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ইউক্ৰেইন। আটাইতকৈ ভয়ৰ কথাতো হৈছে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ জনতাৰ হাতত যুদ্ধৰ বাবে হাতে হাতে এ কে ৪৭, পেট্ৰল বোমা বা মলটোভ ককটেইল। যুদ্ধ শেষ হ'লেও এই অস্ত্ৰ ভান্ডাৰৰ প্ৰভাৱ ৰৈ যাব। ৰাছিয়াই নিজৰ আজ্ঞাবাহী চৰকাৰক দায়িত্ব প্ৰদান কৰিলেও ৰাইজৰ এটা ব্যাপক প্ৰতিৰোধ আৰম্ভ হ'ব। ইউক্ৰেইন হয়তো আফগানিস্তান বা ছিৰিয়াৰ দৰে অশান্তজৰ্জৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ'লেও আচৰিত হব নোৱাৰি। স্বাধীনচিতীয়া ইউক্ৰেইনবাসীক ৰাছিয়াই ধ্বংস কৰিব পাৰিলেও সহজে বশ কৰিব নোৱাৰে। এই গতিত ইউক্ৰেইনৰ ভৱিষ্যত অন্ধকাৰ দেখিছো। এখন অত্যন্ত প্ৰগতিশীল, আৰ্থিকভাৱে উন্নত ৰাষ্ট্ৰক বৰ্বৰ আক্ৰমণেৰে ৰাছিয়াই এক দীঘলীয়া ভৱিষ্যতলৈকে বিধ্বস্ত কৰি পেলালে। পুটিনৰ বাখ্যা অনুসৰি জেলেনস্কিৰ নেতৃত্বত নাজী শাসনহে বৰ্তি আছিল। জেলেনস্কিয়ে তাৰ উত্তৰত কৈছে যে তেওঁ নিজে এজন ইহুদী হৈ কি দৰে নাজী শাসন চলাব? এইবোৰ  অবান্তৰ কথাৰে, এই ভয়াবহ আক্ৰমণেৰে যুদ্ধোন্মাদ ৰাছিয়া সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হৈছে। তথ্য অনুসৰি ৰাছিয়াৰ অধিক সংখ্যক জনতাই এই যুদ্ধলৈ সমৰ্থন আগবঢ়োৱা নাই। এই যুদ্ধ পুটিনৰ যুদ্ধ, হয়তো এইখন ৰাছিয়াৰ যুদ্ধ নহয়। কিন্তু একছত্ৰী সম্ৰাট পুটিনৰ কথাক কোনে নুই কৰিব? অভিনেতা জেলেনস্কিৰ শাসনৰ অনভিজ্ঞতাই এই যুদ্ধৰ এক কাৰক বুলিও আলোচনা হৈছে। ৰাছিয়াক লগত লৈও ভাল কূটনীতিৰে ইউক্ৰেইনে আগবাঢ়িব পাৰিলেহেতেন এই ধ্বংসৰ পৰা ৰক্ষা পৰিব পাৰিলেহেতেন। 


এই যুদ্ধৰ সুযোগতে পশ্চিমীয়া শক্তিয়ে ৰাছিয়াক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি পেলালে। মস্কো ৰেল ষ্টেশ্যনত, বজাৰত গুগল পে' বা চুইফটৰ পেইমেণ্ট ইত্যাদি অজস্ৰ সুবিধা অচল হৈ পৰিছে। ৰাছিয়াৰ চেণ্ট্ৰেল বেংকৰ ৬৩০ বিলিয়ন ডলাৰৰ বৃহৎ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত হাত দিব নোৱাৰা কৰা  হৈছে। বেংকবোৰৰ কামতো বাধা আৰোপ কৰা হৈছে। সমগ্ৰ অৰ্থনীতি বিকল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ফলস্বৰূপে কাৰেন্সি ৰুবলৰ মূল্য ২৫ শতাংশ হ্ৰাস পাইছে। এইদৰে চলিলে ৰাছিয়াৰ অৰ্থনীতি কম দিনৰ ভিতৰতে ব্যাপক অৱনমিত হোৱাৰ সম্ভাৱনা আছে। যুদ্ধ নকৰাকৈ আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া শক্তিয়ে ৰাছিয়াক দুৰ্বল কৰাৰ জোৰদাৰ প্ৰচেষ্টা ল'লে কিন্তু মাজতে ইউক্ৰেইন এই দুই শক্তিৰ যুঁজৰ ধাৰাশায়ী  হ'ল!


কিছু সংখ্যকৰ মতে অস্ত্ৰ-শস্ত্ৰৰ বজাৰ সৃষ্টিৰ বাবেই এই যুদ্ধ। কাৰন বিশ্বত যুদ্ধৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। যুদ্ধ উদ্যোগটো চলাই ৰখাৰ বাবে হাথিয়াৰ কোম্পানীবোৰে এই যুদ্ধৰ অৱতাৰণা কৰিছে। মোৰ দৃষ্টিত সমগ্ৰ দৃশ্যপট ইমান সহজে বিশ্লেষণ কৰাটো সহজ নহয়। এইখন অতি জটিল যুদ্ধ ইয়াৰ কাৰক বিচৰাও ইমান সহজ নহয়। কিন্তু এই যুদ্ধই ৰাছিয়াক কি দিব? মোৰ দৃষ্টিৰে এই যুদ্ধই হয়তো পূব ইউৰোপ অঞ্চলত ৰাছিয়াৰ শক্তি বৃদ্ধি পাব, নাটো শক্তিৰ প্ৰভাৱ কিছু কমিব। কিন্তু ৰাছিয়াৰ অৰ্থনীতি ইমান বেছি দুৰ্বল হৈ পৰিব যে ৰাছিয়া বহু বছৰ পিছুৱাই যাব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ সন্মান আৰু দপদপনি কমিব। মই ভাবো এই যুদ্ধৰ পৰিণতিত ৰাছিয়াৰ লাভতকৈ লোকচান বেছি হ'ব। আনফালে ইউক্ৰেইনে বহু বেছি হেৰুৱাব। ইউক্ৰেইনবাসীয়ে স্বাভাৱিক জীৱন ঘূৰাই পাওক আমি ইয়াকে কামনা কৰিম। 


বিশ্ব অৰ্থনীতিত এই যুদ্ধৰ ব্যাপক প্ৰভাৱ পৰিছে। তেলৰ দাম প্ৰতি বেৰেলত ১১০ ডলাৰলৈ বৃদ্ধি পাইছে। ঘেহু, কৰ্ণ, নিকেল, কোবাল্ট ইত্যাদি বহু সামগ্ৰী , গেছ ইত্যাদি ৰাছিয়াৰ পৰা আমদানি কৰা হয়। ৰাছিয়াৰ দৰে বৃহৎ দেশৰ আকাশ মাৰ্গ বা জলমাৰ্গ বন্ধ হোৱাৰ বাবে বিমান বা জাহাজ সমূহৰ ভাড়া বৃদ্ধি পাব, বয় বস্তুৰ দাম বাঢ়িব। জাৰ্মানী, চুইডেন, ডেনমাৰ্ক ইত্যাদি দেশেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ সিদ্ধান্ত লৈছে, ৰাছিয়াৰ আগ্ৰাসী মনোভাৱত বহু দেশ সন্ত্ৰস্ত হৈছে, উন্নয়নৰ পূজিঁ প্ৰতিৰক্ষাত ব্যয় হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। 


ইউৰোপত এটা শৰণাৰ্থীৰ সংকট হব পাৰে। প্ৰায় ৬ লাখতকৈ বেছি ইউক্ৰেইনৰ লোক বিশেষকৈ পোলেন্ডলৈ আহিছে।অনাগত দিনত ৪০ লাখতকৈ অধিক আহিব বুলি আশা কৰা হৈছে।


ভাৰতৰ ক্ষেত্ৰত এটা দুই ভৰি দুই নাও পৰিস্থিতি। ভাৰতে দুবাৰকৈ ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিপক্ষে যোৱা প্ৰস্তাৱত নিৰপেক্ষ ভূমিকা লোৱাৰ কথাটো যথেষ্ঠ চৰ্চিত হৈছে। শান্তিপ্ৰিয় দেশ বুলি পৰিচিত ভাৰতৰ এই স্থিতি চৌদিশে সমালোচিত হৈছে। ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক অত্যাচাৰ কৰা হৈছে। ১৮ হাজাৰ প্ৰৱাসী ছাত্ৰ-ছাত্ৰীক অনাৰ প্ৰক্ৰিয়া চলি আছে।


মোৰ দৃষ্টিত বৃহৎ স্বাৰ্থত ভাৰতে ভাল কামই কৰিছে। দেশৰ স্বাৰ্থত কিছুমান সিদ্ধান্ত ল'বলগীয়া হয়। ৰাছিয়াৰ সৈতে ভাৰতৰ সামৰিক সম্পৰ্ক বহু পুৰণি। দেশৰ প্ৰায় আধা সংখ্যক সামৰিক কাৰ্যত ব্যৱহৃত সামগ্ৰী ৰাছিয়াৰ পৰাই আমদানী হয়। বিশেষকৈ নৌ বাহিনীৰ বেছিভাগ আহিলা, স্পেয়াৰ পাৰ্টছ ৰাছিয়াৰে। ৰাছিয়াক আমি ক্ষুন্ন কৰিব নোৱাৰো লগতে চীনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমেৰিকাক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাছিয়া-চীন অতিশয় ঘনিষ্ঠ হৈ পৰিছে। মোৰ দৃষ্টিত চীনে এই সুযোগতে টাইৱানক আক্ৰমণ কৰাৰ প্ৰচেষ্টাও ল'ব পাৰে। ভৱিষ্যতে তেওঁলোকে ভাৰত বা সমগ্ৰ উত্তৰ-পূব বা উত্তৰ ভাৰতকে আক্ৰমণৰ প্ৰচেষ্টাও ল'ব পাৰে।ভাৰতৰ বিপক্ষে ৰাছিয়া-চীন একেলগ নোহোৱাতো অতিশয় দৰকাৰী। বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ভাৰতে হয়তো এই পদক্ষেপ লৈছে। অতীজৰে পৰা ৰাছিয়াই সদায়েই ভাৰতক সহযোগ কৰি আহিছে। পশ্চিমীয়া দেশে দিব নিবিচৰা বহু প্ৰায়োগিক বিদ্যা ৰাছিয়াই ভাৰতক দিছে। সেয়ে ভাৰত ৰাছিয়াৰ প্ৰতি কৃতজ্ঞ আৰু লগতে চীনৰ আগ্ৰাসনক লৈ আমি সকলো শংকিত। এই জটিল পৰিস্থিতিত ভাৰতে সাৱধানে খোজ দিয়াতো দৰকাৰী। 


কিন্তু তাৰ লগতে এই যুদ্ধখন অত্যাধিক দীঘল হ'লে, সাধাৰণ লোকৰ জীৱন অধিক হানি হলে ভাৰতৰ ওপৰতো প্ৰভাৱ পৰাতো নিশ্চিত। বন্ধু হ'লেও এটা সময়ত হয়তো ভাৰতে  ক'বলৈ বাধ্য হব যে “এনাফ ইজ এনাফ”, এই অত্যাচাৰ বন্ধ হ'ব লাগে। 


এই যুদ্ধখন হোৱাৰ বাবে জো বাইদেনৰ নেতৃত্বত চুপাৰ পাৱাৰ আমেৰিকাৰ ক্ষমতা বহু কমি গ'ল। এতিয়া এই যুদ্ধই নাটোৰ শক্তিৰো বহু ক্ষয় কৰিব। আমি সকলোৱে বুজিব লাগিব যুদ্ধ কেৱল অস্ত্ৰৰে নহয়, এতিয়া চাইবাৰ যুদ্ধৰ যুগ। ৰাছিয়াক চাইবাৰ যুদ্ধৰ জৰিয়তেই পশ্চিমীয়া শক্তিয়ে দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। আমি ভাৰতীয় বেছিভাগেই আমেৰিকান গুগল পে', মাষ্টাৰ কাৰ্ড এইবোৰৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ থাকিলে ভাৰতৰো বিপদ হ'বগৈ পাৰে। সেয়ে নিজৰ সামাজিক মাধ্যমৰ মঞ্চ, নিজা ধন পৰিশোধৰ মাধ্যম ভাৰতত থলুৱাভাৱে তৈয়াৰ কৰা অতিশয় প্ৰয়োজনীয়। চীনৰ আগ্ৰাসনৰ ভয় আছে বা কেতিয়াবা পশ্চিমৰ আক্ৰমণো হ'ব পাৰে। আত্মনিৰ্ভৰশীলতাৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।


যুদ্ধৰ হত্যালীলাই মানৱতা ধ্বংস কৰিব। এখন সমাজ ধ্বংস কৰিব। শেষত আশা কৰিম সকলোৰে শুভ বুদ্ধিৰ উদয় হওক। এই যুদ্ধৰ উন্মাদনা বন্ধ হওক।

লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/SHYAMKANU-MAHANTA

--------------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment