ভাষাৰ শিপা আৰু হীনমন্যতাবোধঃ জাতীয়তাবাদ কেৱল আৱেগিক চিন্তাহে নেকি?
ড° অঞ্জল বৰা
জাতীয়তাবাদ হৈছে প্ৰকৃততে জাতি এটাক উজলাই তুলিব পৰা এটা আবেগজনিত চিন্তা (Sentiment), সাংস্কৃতিক গঠন বা ৰাজনৈতিক আৰু অৰ্থনৈতিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এটা সামাজিক বিপ্লৱ। ইয়াক দুটা দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পাৰি। (১) অভ্যন্তৰীণ সংকটৰ পৰা জাতি এটাক মুক্ত কৰি জাতীয় পৰিচয় গঢ়াৰ লক্ষ্য হিচাপে আৰু (২) বিদেশী ৰাষ্ট্ৰৰ অধীনৰ পৰা দেশ এখনক মুক্ত কৰিবৰ কাৰণে ৰাজনৈতিক আন্দোলনৰ লক্ষ্যৰে।
ভাৰতবৰ্ষৰ ইতিহাসত ‘ভাৰতৰ স্বাধীনতা আন্দোলন’ এটা উল্লেখযোগ্য ৰাজনৈতিক আন্দোলন। ‘জাতীয়তাবাদ’ শব্দটোৱে যিহেতু জাতি এটাৰ সামগ্ৰিক উন্নতি আৰু স্বাধীনতাৰ কথা সূচায়, গতিকে কেৱল ৰাজনৈতিক স্বাধীনতাকেই প্ৰকৃত স্বাধীনতা বুলি ভাবিব নোৱাৰি। ১৯ শতিকাৰ আৰম্ভণিতে মানুহৰ মনত জাতীয়তাবাদৰ যি ধাৰণা জন্ম হৈছিল সি পিছলৈ ভাষাক কেন্দ্ৰ কৰিহে অধিক সবল হৈ পৰিছিল। ভাষাতাত্ত্বিক আৰু সাংস্কৃতিক আদান-প্ৰদানেহে মানুহৰ মনত প্ৰকৃত জাতীয়তাবাদী চেতনাৰ ভাব জাগ্ৰত কৰে আৰু তাৰ পিছতহে ই ক্ৰমে ক্ৰমে ৰাজনৈতিক পৰিসৰত বিস্তাৰ লাভ কৰে। এটা উমৈহতীয়া ভাষা হৈছে জাতীয়তাবাদী আন্দোলন এটাৰ কাৰণে প্ৰধান সমল। ইয়াৰ লগতে জাতীয় সাহিত্য, সংবাদ-পত্ৰ, কিতাপ, আলোচনী আদিয়ে জনসাধাৰণৰ মনত প্ৰকৃত জাতীয় চেতনাৰ ভাব জাগ্ৰত কৰিব পাৰে। অসমৰো বহু কেইটা উল্লেখনীয় আন্দোলনৰো মূল কাৰক আছিল ভাষা। অৰ্থাৎ অসমীয়া জাতীয়তাবাদৰ মূল ধাৰণাটোও গঢ় লৈ উঠিছিল অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়েই। কিন্তু ইয়াৰ পিছতো শেহতীয়াকৈ অসমত বিশেষভাৱে আলোচিত বিষয়টো হৈছে অসমীয়া ভাষাৰ সংকট। চাৰিওফালে মন কৰিলে দেখা যায় লাহে লাহে যেন মানুহৰ মনত এটা ধাৰণাৰ জন্ম হ’বলৈ ধৰিছে, অসমীয়া ভাষাৰ ভৱিষ্যত অতিশয় সংকটপূৰ্ণ। ইয়াৰ বাবে বেছিভাগ মানুহেই জগৰীয়া কৰিছে চৰকাৰৰ ভাষানীতিক। আজি আমাৰ আলোনাত চৰকাৰৰ ভাষানীতিৰ বিষয়ে আলোচনা নকৰোঁ। কাৰণ সেই বিষয়ে বিজ্ঞজনে ইতিমধ্যে লিখামেলা কৰিছে।
কেতিয়াবা কেতিয়াবা অনুভৱ হয় ‘অসমীয়া ভাষাৰ সংকট’ৰ মূল কাৰকসমূহ আমি আলোচনা নকৰি, নাভাবি কেৱল বাহ্যিক কাৰকসমূহকে আলোচনা কৰি আছোঁ নেকি? গছ এজোপাৰ শিপা যদি মজবুত হয় তেন্তে কোনো ধুমুহাই গছজোপাক হলাব নোৱাৰে। একেদৰে ভাষাৰ ক্ষেত্ৰতো ইয়াৰ শিপা যদি মজবুত হয়, ইয়াৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্যক খামুচি ধৰি থাকে তেন্তে নিশ্চয়কৈ সেই ভাষাক কোনো বাহ্যিক ধুমুহাই আক্ৰমণ কৰি ধ্বংস কৰিব নোৱাৰে। মূল আলোচনালৈ যোৱাৰ আগতে লেখক, সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে নিজৰ ফেচবুকৰ ৱালত ‘গ্ৰন্থমেলাৰ গল্প’ শীৰ্ষকেৰে অভিজ্ঞতাৰ ভিত্তিত লিখা তলৰ কথাখিনি একেধৰণেৰে পাঠকলৈ আগবঢ়ালোঁ-
“দুজনী সপ্ৰতিভ তৰুণী বিপনীলৈ সোমাই আহিল। ‘প্ৰেম-গাথাʼ বুলি কিবা কিতাপ আছে নেকি?
নতুনকৈ প্ৰকাশ পোৱা বাবে কাউণ্টাৰতে কিতাপখন সজাই থোৱা আছিল। উৎসাহেৰে কাউণ্টাৰত থকা লʼৰাজনে এটা কপি আগুৱাই দি কʼলে-আছে আছে। এইখন লওক।
বেটুপাতৰ নামটো দেখুৱাই তৰুণীয়ে সুধিলে-এয়া কি লিখা আছে?
প্ৰেম-গাঁথা? কিতাপখনৰ নাম?
লʼৰাজনে আচৰিত হৈ ক’লে।
তৰুণীজনীয়ে কিতাপখন আনজনীৰ হাতত দিলে- ধৰচোন ধৰ। মই ফটো এটা লওঁ।
ক্লিক। কাৰোবাক ফোন লগালে-ৱাটছ আপত ফটো এটা পঠাইছো। প্ৰেম গাঁথা বুলি লিখা আছে নে সোনকালে কচোন।
অলপ বিৰতিৰ পিচত।
দিয়ক, আমি অসমীয়া পঢ়িব নাজানো যে। সেয়ে মাৰ পৰা কনফাৰ্ম কৰি লʼলো। মায়ে কিতাপখন বিচাৰিছে।
লʼৰাজনে পইচাটো ৰাখি ভাবিলে- মুখ্যমন্ত্ৰীয়ে বিচৰা ʼসলসলীয়াʼকৈ অসমীয়া কʼব পৰা, অসমীয়া লিখিব-পঢ়িব নজনা খাটি অসমীয়া প্ৰজন্মটো দেখোন ইতিমধ্যে সৃষ্টি হৈছেই। মুখ্য-মন্ত্ৰীয়ে মাথোঁ ফুল-চন্দনহে দিছে। কিনো বেয়া কৰিছে?”
ওপৰৰ কথাখিনি পঢ়াৰ পিছতে মোৰ মনত শেষৰ মুখ্যমন্ত্ৰী কেন্দ্ৰিক বক্ৰোক্তি শাৰীতকৈ প্ৰথমৰ কথাখিনিয়েহে বেছি ভবাই তুলিলে। ওপৰত উল্লেখ কৰা সেই ছোৱালী দুজনীৰ মাক যি ঘৰত অসমীয়া গল্প, উপন্যাস পঢ়ে, আনকি শেহতীয়া উপন্যাসখনো পঢ়িবলৈ আনিছে তেওঁ নিজৰ সন্তানক দুটা অসমীয়া শব্দ শিকোৱাৰ দায়িত্ব কিয় নল’লে? নিজৰ মাতৃভাষাত দুটা শব্দ পঢ়িব পৰাকৈ শিক্ষিত কৰি তুলিবলৈ কিয় আগ্ৰহী নহ’ল? অসমতে থাকি, অসমীয়া পৰিয়ালতে ডাঙৰ-দীঘল হৈ কিয় মাতৃভাষাৰ প্ৰতি তেওঁলোক উদাসীন হৈ আছে? তেওঁলোকক মাতৃভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ দায়িত্ব কাৰ? চৰকাৰৰ নে অভিভাৱকৰ। ল’ৰা-ছোৱালীৰ শিক্ষাৰ মাধ্যম যিয়েই নহওক লাগিলে সন্তানক মাতৃভাষাৰ শিক্ষাৰ দিয়াৰ দায়িত্ব অভিভাৱক সকলে কিয় ল’ব নোৱাৰে!
অসমীয়া ভাষাত কাৰ্যালয়সমূহলৈ আৱেদন এখন লিখিবলৈ, বিদ্যালয়ৰ ছুটী বিচাৰি আৱেদনখন লিখিবলৈ সৰুতে কিমান মাক-দেউতাকে সন্তানক উৎসাহিত কৰে? নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো শিক্ষকে ছুটি বিচাৰি আৱেদনখন ইংৰাজীতে লিখিবলৈ তাগিদা দিয়ে। কলেজ-বিশ্ববিদ্যালয়ৰ পৰ্যায়তো একেই। কোনেও কোনো কাৰণত অসমীয়াত আৱেদন এখন নিলিখে। এনে বহু অসমীয়া অভিভাৱকক দেখিছোঁ যি নিজৰ সন্তানে অসমীয়া নাজানে বুলিহে গৌৰৱ কৰে। বৰ্তমান বেছিভাগ অভিভাকৰ মাজতে (বিশেষকৈ অভিজাত অসমীয়াসকলৰ মাজত) অসমীয়া সম্বন্ধবাচক শব্দবোৰৰ প্ৰয়োগ নোহোৱা হ’ল। বয়স নিৰ্বিশেষে সকলো আণ্টি, আংকুল হ’ল। খুৰা-খুড়ী, দাদা-বৌ, ককা-আইতা, জেঠাই, মাহি, তাৱৈ-আমৈ আদি শব্দৰে কোনো চহৰীয়া অসমীয়াৰ ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ লগৰ সৰু-ডাঙৰ বন্ধুসকলক সম্বোধন নকৰে। তেনে কৰিবলৈ অভিভাৱকেই নিজৰ সন্তানক শিক্ষা নিদিয়ে। আজি বহু চহৰীয়া (গাঁৱত বাস কৰাসকলৰ মাজতো এই প্ৰৱণতা দেখা গৈছে) লোকেই অসমীয়া ক’বলৈ চেষ্টা কৰা অনা-অসমীয়াৰ লগতো ভঙা ভঙা হিন্দীত কথা পাতিবলৈহে ভাল পায়। অথচ অসমীয়া ক’বলৈ চেষ্টা কৰা অনা-অসমীয়া লোকজনক কোনো দিনেই অসমীয়া ভাষাটো কোৱাত উৎসাহিত নকৰে। নিজৰ ল’ৰা-ছোৱালীৰ লগতো বহু অভিজাত অসমীয়াই ঘৰত হিন্দী-ইংৰাজীতে কথা পাতে। অসমীয়া উৎসৱ-পাৰ্বন, বৰগীত, লোকগীত, অসমীয়া সাধু কিতাপৰ লগত পৰিচয় কৰাই দিয়াতকৈ লাহে লাহে হিন্দী-ইংৰাজী ভাষা নিৰ্ভৰ এখন নতুন পৃথিৱীৰ লগতহে পৰিচয় কৰাই দিবলৈ লৈছে। এনে কাৰণতে আজি অসমীয়া জাতিৰ নিজৰ ভেটিয়েই থৰক্ বৰক্ হৈ পৰিছে। অত্যধিক অনুকৰণে (টিভি, চিৰিয়েল সকলোতে) নিজৰ বিপদ নিজেই মাতি আনিছে। এদিন এনে এটা দিন আহিব চৰকাৰৰ ভুল শিক্ষানীতিয়ে বাহ্যিকভাৱে অসমীয়া ভাষাটোক যিমান ক্ষতি কৰিব তাতকৈ চহৰ কেন্দ্ৰিক নতুন অসমীয়াসকলৰ ভাষাৰ প্ৰতি থকা হীনমন্যতাবোধে তাতকৈ ভাষাটোৰ বেছি ক্ষতি কৰিব। গছৰ শিপাৰ দৰেই ভাষাৰো শিপাডাল মজবুত কৰি ৰাখিলে নিশ্চয় বাহিৰৰ শক্তিবোৰৰ লগত যুঁজিবলৈ অসমীয়া জাতিয়ে অধিক শক্তি পাব।
লেখাটি শতাব্দ ডিজি মেডিয়াতো পূৰ্বতে প্ৰকাশ পাইছে।
লেখকৰ ঠিকনা : গুৱাহাটী বিশ্ববিদ্যালয় আৱাস, ফ্লেট-১, ইউনিট-১১, গুৱাহাটী, লেখকৰ আনবোৰ সুখ-দুখত প্ৰকাশ পোৱা লেখাৰ একত্ৰ লিংকঃ
--------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
Youtube চেনেল xukhdukh ত চাওক,
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
No comments:
Post a Comment