বিশ্লেষণঃ দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন? :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন? :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন? :: কিশোৰ কুমাৰ কলিতা

Share This

 দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন? 

কিশোৰ কুমাৰ কলিতা 

দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন?   কিশােৰ কুমাৰ কলিতা

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ পৰিপেক্ষিতত এগৰাকী বন্ধুৱে এটা সৰু উদাহৰণ আমাৰ আগত দাঙি ধৰিছিল। উদাহৰণটো এনেধৰণৰ - ধৰা হ'ল ভাৰতবৰ্ষৰ সীমান্তৱর্তী এক ৰাষ্ট্ৰই সুদীর্ঘকাল ধৰি ভাৰতবৰ্ষৰ দ্বাৰা লালিত পালিত হৈ বা ভাৰতবৰ্ষৰ তত্ত্বাৱধানত বিকশিত হােৱাৰ সুযোগ পোৱাৰ পাছতো ভাৰতবৰ্ষৰ বৈৰী ৰাষ্ট্ৰ বুলি বিবেচিত এখন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিলে। 

দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন?   কিশােৰ কুমাৰ কলিতা

এই বৈৰী ৰাষ্ট্ৰখনে কেৱল সম্পর্ক স্থাপনতে ক্ষান্ত নাথাকিল। লগতে ভাৰতবৰ্ষৰ সীমান্তৱর্তী দেশখনৰ সীমাৰ নিকটৱর্তী কোনো স্থানত সামৰিক ঘাটি স্থাপন কৰিলে। ভাৰতবৰ্ষৰ বৈৰী ৰাষ্ট্র এখনে ভাৰতৰ সীমাত অৱস্থিত আন এখন ৰাষ্ট্ৰত সামৰিক ঘাটি স্থাপন কৰাত ভাৰতবৰ্ষই পোনতে সীমান্তৱর্তী দেশখনক বুজালে যে এনেধৰণৰ সামৰিক ঘাটি স্থাপনৰ অনুমতি প্রদান কৰি দেশখনে পৰোক্ষভাৱে ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষৰ হাজাৰ-বিজাৰ বুজনিৰ পাছতো সীমান্তৱর্তী দেশখনে বৈৰী ৰাষ্ট্র নেতৃত্বাধীন পক্ষটোক আঁতৰি যোৱাৰ বাবে আহ্বান জনালে। বৰঞ্চ সেই পক্ষত নিজকে অন্তর্ভুক্ত কৰি লবলৈ আহ্বান জনালে। ইয়াকে দেখি ভাৰতবৰ্ষৰ সীমান্তৱর্তী আন এখন ৰাষ্ট্ৰইও বৈৰী ৰাষ্ট্র নেতৃত্বাধীন পক্ষটোক নিজ দেশত সামৰিক বাহৰ পাতিবলৈ মুকলি ভাৱে আহ্বান জনোৱাত লাগিল। এতিয়া বন্ধুজনৰ প্রশ্ন -এনে এক পটভূমিত ভাৰতবৰ্ষই নিজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত কি ব্যৱস্থা হাতত ল'ব?


সম্প্রতি সংঘটিত হৈ থকা যুদ্ধৰ লেখিয়া এক অতি সংবেদনশীল বিষয়ত শান্তিৰ পক্ষত অৱস্থান কৰা যিকোনো লোকেই নিঃসন্দেহে মুকলিভাৱে যুদ্ধৰ সমর্থন কৰিবলৈ নাযাব। কিন্তু পশ্চিমীয়া উন্নত দেশসমূহৰ আশীসধন্য প্রচাৰ মাধ্যমে অতি কৌশলৰে এতিয়া যুদ্ধবাজ আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন নাটো’ বাহিনীক শান্তিৰ পৃষ্ঠপোষক আৰু একে সময়তে ৰাছিয়াক আগ্রাসী দেশ বুলি প্রতিষ্ঠা কৰিবলৈ উঠিপৰি লগাৰ অন্তৰালত যে বহু গোপন কূটনৈতিক অভিসাৰক ঢাকি ৰখাৰ এক ষড়যন্ত্র আছে তাক আমি বুজা উচিত। সেয়েহে বন্ধুজনে সোধা প্রশ্নটোৰ এক প্ৰাসংগিকতা আছে বুলি আমি ভাবো।


আজি কিছুদিন আগতে অর্থাৎ ইউক্রেইন আক্রমণ কৰাৰ আগতে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এক সংবাদ মেলত এগৰাকী ইংৰাজীভাষী মহিলা সাংবাদিকে ৰাছিয়াৰ ৰাষ্ট্রপতিজনক দুটামান গুৰুত্বপূর্ণ প্রশ্ন সুধিছিল। পুটিনৰ প্রতি মহিলা সাংবাদিকজনৰ প্রথম প্রশ্নটো আছিল এনেধৰণৰ – “আপুনি নিৰাপত্তাৰ নিশ্চয়তা সম্পর্কে কৈছে আৰু এতিয়া আমি আপোনাৰ প্ৰস্তাৱসমূহ দেখা পাইছাে। তদুপৰি আপুনি কৈছে যে আপোনাৰ ইউক্রেইন আক্রমণ কৰাৰ কোনো অভিপ্রায় নাই। সেয়েহে, আপুনি চৰ্তহীনভাৱে ইউক্রেইন বা আন সার্বভৌম ৰাষ্ট্র আক্রমণ নকৰাৰ গেৰান্টি দিব পাৰিবনে? 


এই প্রশ্নৰ পোনপটীয়া উত্তৰ দি ৰাছিয়াৰ ৰাষ্ট্রপতিজনে যিখিনি কৈছিল তাৰ মূল ভাব এনেধৰণৰ - নিৰাপত্তাৰ নিশ্চয়তা বুজাবুজিৰ ওপৰত নিৰ্ভৰশীল নহয় বৰঞ্চ ৰাছিয়াৰ সুৰক্ষাৰ বিষয়ত চর্তহীন সন্মতি আৰু ঐতিহাসিক সন্দৰ্ভৰ ওপৰতহে ই নিৰ্ভৰশীল। যদি নাটো’ বাহিনীয়ে পূবৰ ফালে পুনৰ অগ্ৰসৰ হয় তেন্তে ৰাছিয়াই তাক মানি নল'ব। ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্রৰ সীমাত মিছাইল কিম্বা সামৰিক বাহিনী মোতায়েন কৰা নাই। ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রই ৰাছিয়াৰ কাষত ৰাছিয়ান ঘৰবোৰলৈ লক্ষ্য কৰি মিছাইল স্থাপন কৰি থৈছে। ৰাছিয়াই একো বেছি দাবী কৰা নাই,মাথো ৰাছিয়ালৈ বুলি লক্ষ্য কৰি স্থাপন কৰা আক্ৰমণৰ আহিলাবোৰ মোতায়ন নকৰিবলৈ কৈছে। ৰাছিয়াই যদি আমেৰিকা আৰু কানাডা অথবা আমেৰিকা আৰু মেক্সিকোৰ মাজত থকা সীমাত মিছাইল স্থাপন কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্র বা কানাডাই তাত কেনেদৰে প্রতিক্রিয়া ব্যক্ত কৰিব? ইউক্রেইনৰ সমস্যাটো কোনে সৃষ্টি কৰিছে?১৯৯০ চনত নাটোৱে নিশ্চিতি দিছিল যে এই শক্তিয়ে পূবৰ দিশলৈ আৰু এখোজো আগবাঢ়ি নাহিব। এতিয়া নাটোৱে ৰাছিয়াক মূৰ্খ সজাই পোলেণ্ড, ৰোমানিয়া আদি ৰাছিয়াৰ সীমাত থকা দেশত আক্রমণৰ আহিলা স্থাপন কৰিছে। নাটোৱে পাঁচটা দিশেৰে নিজকে পূবৰ পিনে সম্প্রসাৰিত কৰিছে। ৰাছিয়াই কোনো দেশকে ভাবুকি দিয়া নাই। ৰাছিয়াই আমেৰিকা বা গ্রেট ব্রিটেইনৰ সীমাৰ ওচৰ চপা নাই। বৰং তেওঁলোকেহে ৰাছিয়াৰ সীমাৰ ওচৰ চাপিছে আৰু এতিয়া কৈছে যে যিহেতু ইউক্রেইনো নাটোৰ সদস্যভুক্ত হ’ব সেয়েহে ইউক্রেইনটো নাটোৱে সামৰিক ঘাটি, আক্রমণৰ ব্যৱস্থাৱলী স্থাপন কৰিব।


মহিলা সাংবাদিক গৰাকীলৈ পোনপটীয়াভাৱে পুটিনে সুধিছিল -“আপুনি এতিয়া আমাক কিছু গেৰান্টি দিয়াৰ দাবী উঠাইছে। আপোনালােকেহে আমাক গেৰাণ্টি দিব লাগে। এইটো সম্পূর্ণভাৱে আপোনালােকৰ ওপৰত নিৰ্ভৰশীল আৰু আপোনালোকে ইয়াক তাৎক্ষণিকভাৱে কৰিব লাগে। দশক দশক ধৰি ইয়াক কৈ থকাৰ সলনি আপােনালোকে ইয়াক কৰি দেখুৱাক। মনত ৰাখিব আমি কাকো ভাবুকি দিয়া নাই।”


পশ্চিমৰ দেশসমূহে ৰাছিয়াক বুজি নাপায় নেকি বুলি সোধা এক প্রশ্নৰ উত্তৰত পুটিনে কৈছিল - ৰাছিয়াক বুজি পোৱা বা নোপোৱাৰ লগত দুখন বিশ্বৰ কথা জড়িত হৈ আছে। পশ্চিমে নিজৰ সাম্রাজ্য বিস্তাৰ নকৰে বুলি কয় অথচ সদায় তাক বিস্তাৰিত কৰি আছে। আন্তর্জাতিক চুক্তিবোৰৰ ক্ষেত্ৰত পশ্চিমীয়া দেশবোৰে সকলােৰে সম অধিকাৰ থকা বুলি কয় অথচ তাত কোনো সমতা বা সম-সুৰক্ষাৰ কথা নাথাকে। ১৯১৮ চনত আমেৰিকাৰ ৰাষ্ট্রপতি থমাছ উইড্রো উইলছনৰ এগৰাকী সহায়কে কৈছিল যে সমগ্র বিশ্ব শান্ত আৰু সুৰক্ষিত হৈ পৰিব যদিহে তদানীন্তন বৃহৎ ৰাছিয়াৰ সলনি ছাইবেৰিয়া আৰু আন চাৰিখন ৰাষ্ট্রৰ জন্ম হয়। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ১২খন ৰাষ্ট্ৰত বিভক্ত হৈ পৰিলে। পশ্চিমৰ বন্ধুসকল ইয়াতে সণ্টুষ্ট নহ'ল। তেওঁলোকে এতিয়াও ৰাছিয়াখন বহু ডাঙৰ হৈ থকা বুলি ভাবে আৰু সেয়েহে ধাৰাবাহিক ভাবে ৰাছিয়াৰ ওপৰত হেঁচা দি থাকে। বিগত শতিকাৰ নব্বৈৰ দশকত ৰাছিয়াই পশ্চিমৰ লগত,বিশেষকৈ আমেৰিকাৰ সৈতে ভাল সম্পর্ক স্থাপন কৰাৰ বাবে পার্মানে চেষ্টা কৰিছিল। ৰাছিয়াৰ সামৰিক বিভাগৰ পাৰমাণবিক বিশেষজ্ঞ সকলে আমেৰিকাৰ ইন্টিলিজেন্স বুৰো আৰু চি এ আইৰ বিশেষজ্ঞ সকলৰা পৰামৰ্শ লৈছিল। তাৰ পাছতো তেওঁলোকে উত্তৰ ককেছাছত সন্ত্রাসবাদী সংগঠন সমূহক সহায় কৰে আৰু ৰাছিয়াক পুনৰ বিভাজিত কৰিবলৈ অহৰহ চেষ্টা কৰে। ৰাছিয়াই এতিয়ালৈ পাঁচবাৰ নাটোৰ সম্প্ৰসাৰণ প্রত্যক্ষ কৰিছে। তেওঁলোকে এনে সম্প্রসাৰণ কিয় কৰিবলৈ বিচাৰিছে? ৰাছিয়াই নিজৰ ভৌগোলিক অখণ্ডতা আৰু সুৰক্ষাৰ বাবে চিন্তা কৰিব নে নাই?


শেহত, ১৯৪৯ চনৰ ৪ এপ্রিলত জন্ম পোৱা নাটোৰ পৰা ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে ইউক্রেইন, জর্জিয়া আৰু মালদোভাক নাটোৰ সদস্য ৰাষ্ট্ৰ নকৰাৰ প্রতিশ্রুতি বিচাৰিছিল যদিও ৰাছিয়াৰ পুনৰুত্থান নহ'বলৈ আৰু পূর্বৰ ছোভিয়েট ৰাছিয়াৰ এলেকাৰ বিশাল খনিজ সম্পদ ভাণ্ডাৰ কুক্ষিগত কৰাৰ স্বাৰ্থত নাটোই ৰাছিয়াৰ এই প্রতিশ্রুতি প্রত্যাখান কৰিছিল। গতিকে ভূ-ৰাজনৈতিক দিশৰপৰা পুটিনে উত্থাপন কৰা শংকাসমূহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ আছে বুলি ভাবিব পাৰি।

(লেখকৰ  e-mail : kishorassam@gmail.com, লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA

---------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment