প্ৰৱন্ধঃ বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা ::মানস প্ৰতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা  ::মানস প্ৰতিম দত্ত

প্ৰৱন্ধঃ বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা ::মানস প্ৰতিম দত্ত

Share This
বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা 
মানস প্ৰতিম দত্ত
WORLD WILD LIFE DAY, বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা  মানস প্ৰতিম দত্ত
২০১৩ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৬৮ সংখ্যক অধিৱেশন চলি আছিল। এই অধিৱেশনতে বন্য প্ৰাণী আৰু উদ্ভিদ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ হেতু থাইলেণ্ডে সাধাৰণ পৰিষদৰ 'আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্যপ্রাণী আৰু উদ্ভিদৰ বাণিজ্য সন্মিলন'ত ৩ মার্চ তাৰিখটো বিশ্ব বন্যপ্রাণী দিৱস হিচাবে ঘোষণা কৰিবলৈ আহ্বান জনায়। ২০১৩ বৰ্ষৰ পৰা সেয়েহে ৩ মাৰ্চ তাৰিখতো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে। অন্য দিৱসৰ দৰেই বিশ্ব বন্যপ্ৰাণী দিৱসৰ বাবে প্ৰতি বছৰে এটা মূল বিষয় নিৰ্ধাৰণ কৰা হয়। এই বছৰৰ মূল বিষয় হৈছে - Recovering key species for ecosystem restoration"। ৰাষ্ট্ৰসংঘৰ পৰিস্থিতিনন্ত্ৰৰ পুনৰুদ্ধাৰ দশক ২০২১-৩০ লৈ এই দিৱসৰ জৰিয়তে সংৰক্ষণ-সজাগতামূলক অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে মূল প্ৰতিপাদ্য হিচাপে এই বিষয় নিৰ্বাচন কৰা হৈছে।
WORLD WILD LIFE DAY, বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা  মানস প্ৰতিম দত্ত
পৃথিৱীত থকা প্ৰতিটো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিয়েই পৰিস্থিতিন্ত্ৰক বহনক্ষম কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অথচ দিনক দিনে বনধ্বংসৰ লগতে বন্যপ্ৰাণী নিধন, মানুহৰ মাংসলোভী স্বভাৱৰ বাবেই বহু জীৱ বিলুপ্তিৰ দিশলৈ গতি কৰিছে। ২০২১ বর্ষত প্রকাশিত এটি উদ্বেগজনক বাতৰিয়ে উত্তৰ-পূৱ বাসীক স্তম্ভিত কৰিছে। লেখক ঋতিক শর্মাই ’২৪ বছৰত উত্তৰ-পূৱত লোপ পাইছে ৫-১৪ শতাংশ কেনপি কভাৰ, অসম শীর্ষত’ শীর্ষক এটা লেখাত আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে চলোৱা অথ্যয়নৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰিছে যে – ‘২০২০ চনত উত্তৰ-পূবত ৫ৰ পৰা ১৪ শতাংশ কেনপি কভাৰ লোপ পাইছে।’

সুখ-দুখ LIVE: বজাৰ আৰু পথাৰ অসমীয়াৰ হাতলৈ আহিবনে?

বনভূমিৰ পৰিমাণ হ্রাস হোৱালৈ চাই যিদৰে বনবিভাগে উদ্যোগ লৈ ক্ষুদ্র বনাঞ্চল সৃষ্টিত আগভাগ ল’ব লাগিছিল সেইদৰে লোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ বনভূমিৰ গছ কাটি তাত নার্চাৰী স্থাপন কৰি বনভূমি সুৰক্ষা কৰিব খোজাধৰণৰ অদ্ভুত কিছুমান বাতৰিয়েহে মাজে-সময়ে ভূমুকি মৰা পৰিলক্ষিত হৈছে। পথ নৱীকৰণৰ নামত বনধ্বংস কৰি পথৰ পৰিসৰ বৃদ্ধি কৰিবলৈ খোজা বিতর্কই মাজে মাজে বাতৰি কাকতৰ পৃষ্ঠা দখল কৰে। সম্প্রতি গোলকীয় উষ্ণতা বৃদ্ধি, অজ’ন গেছৰ প্রভাৱে মানৱ ভৱিষ্যতক ভয়ংকৰ দিশলৈ লৈ যোৱাৰ সময়তে এনেধৰণৰ কার্য্যসমূহ আমাৰ বাবেই যে আত্মঘাতী হ’ব সেয়া নিশ্চিত। আমাক উন্নয়ন লাগে, সেয়া সঁচা কথা। তাৰ অর্থ এইটো নহয় যে আমি আমাক নি:শেষ কৰিব পৰা উন্নতি বিচাৰিম। উন্নয়নৰ বাবে আমি এনে বিকল্প চিন্তাৰ উদ্যোগ আৰু গছৰ পুনৰ সংৰোপনৰ উদ্যোগ ল’ব লাগিব যাৰ জৰিয়তে প্রকৃতিয়ে কোনোধৰণৰ কষ্ট নাপায়।

খেতিপথাৰত অত্যধিক ৰসায়নিক সাৰ প্রয়োগে মাটি, পানী দূষিত কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিতো অৰিহনা যোগায়। খেতিপথাৰ পৰিস্থিতিতন্ত্রৰ পুনৰুদ্ধাৰৰ বাবে কৃত্রিম সাৰৰ পৰিৱর্তে জৈৱিক সাৰ প্রয়োগ কৰাৰ লগতে কম মাটিত সমন্বিত কৃষি পদ্ধতিত গুৰুত্ব দিব লাগিব। এনেধৰণে বেলেগ বেলেগ খেতি কৰিলে মাটিত কার্বনৰ পুন:নির্মাণ হ’ব আৰু মাটিৰ গুণাগুণৰ পৰিসৰ বৃদ্ধি পাব।

মানুহে ব্যক্তিগত স্বার্থ আৰু সম্পদৰ লোভত বননি ধ্বংস কৰি গৈছে। বনধ্বংসৰ পৰা পৃথিৱীক সুৰক্ষিত কৰিবৰ বাবে পূর্বতে সেই ঠাইত যিধৰণৰ উদ্ভিদ আছিল সেই প্রজাতিৰ উদ্ভিদ ৰোপনৰ ব্যৱস্থা কৰিব লাগে। জনসংখ্যা ৰোধৰ কার্যকৰী পদক্ষেপৰ জৰিয়তেও অৰণ্য ধ্বংসৰ পৰিমাণ ৰোধ কৰিব পৰা যায়। অব্যৱহৃত ঠাইসমূহত ক্ষুদ্র ক্ষুদ্র অৰণ্য সৃষ্টি কৰিও অৰণ্য পৰিস্থিতিতন্ত্র পুনৰুদ্ধাৰ কৰিব পাৰি।

নদী আৰু হ্রদত স্বচ্ছ আৰু অধিক পৰিমাণৰ পানী থকা উচিত যদিও প্রদূষণ, মাছ চিকাৰ, ঔদ্যোগিক জলসিঞ্চনৰ ফলত পানীৰ স্বচ্ছতা হ্রাস পাই আহিছে। ইয়াৰ উপৰিও আমি ঘৰত হকে বিহকে পানী নষ্ট কৰাৰ ফলতো পৰিস্থিতিতন্ত্রৰ অৱক্ষয় ঘটিছে। এইক্ষেত্রত উদ্ভিদ আৰু নদীৰ মাজৰ সমন্বয় গঢ়ি তুলিবলৈ উদ্যোগ ল’ব লাগিব। আমি সকলোৱে জানো যে বহুতো মাছে ক্ষুদ্র ক্ষুদ্র পোক পতংগ খায়। গতিকে নদীকাষৰীয়া ঠাইতএনে পতংগই বসবাস কৰিব পৰা উদ্ভিদ ৰোপনৰ উদ্যোগ ল’ব লাগিব।

পার্বত্য অঞ্চলৰ পৰিস্থিতিতন্ত্র সুৰক্ষাৰ বাবে জংঘলক পুনৰ্জীৱিত কৰাটো অতিকে প্রয়োজনীয়। ইয়াৰ ফলত বহুতো প্রাকৃতিক দুর্ঘটনাৰ পৰিমাণ হ্রাস পাব পাৰে। এনে অঞ্চলত পদপথ নির্মাণ কৰিবলগীয়া হ’লে সকলো অথ্যয়ণ সূচাৰুৰূপে পালন কৰাৰ লগতে যাতে জীৱসমুদায়ৰ ওপৰত প্রভাৱ নপৰে তাক কঠোৰভাৱে নিৰীক্ষণ কৰিব লাগে।

সাগৰীয় অঞ্চলত অধিক প্রদূষণ আৰু জলবায়ু পৰিৱর্তনৰ বাবে এন পৰিস্থিতিতন্ত্রসমূহ প্রভাৱিত হৈছে। সাগৰীয় উদ্ভিদৰ পুন:বনানীকৰণ আৰু বহনক্ষম মাছ ধৰাৰ ক্ষেত্রত গুৰুত্ব দিব লাগে। এই সাগৰীয় উদ্ভিদবোৰ মানৱ সমাজৰ বাবে আশীর্বাদস্বৰূপ। ই ক্রান্তীয় অৰণ্যতকৈ ৩৫% অধিক কার্বন গ্রহণ কৰে।

আদ্রভূমি পৰিস্থিতিতন্ত্রত থকা কার্বন আৰু পানীৰ ভাণ্ডাৰসমূহ আঁতৰাই ইয়াকখেতিৰ মাটিলৈ পৰিৱর্তন কৰাৰ ফলত প্রদূষণৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াক পুনৰুদ্ধা বাবে পুনৰ পানীৰে পৰিপূর্ণ কৰাটো অতি জৰুৰী। কিয়নো কার্বনক মাটিৰ তলৰ পৰা এনেদৰে মুক্ত কৰি দিয়াৰ ফলত জলবায়ু পৰিৱর্তনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।


নগৰাঞ্চলৰ পৰিস্থিতিতন্ত্রলৈ চালে দেখা পোৱা যায় যে এন অঞ্চলত গছ গছনিৰ পৰিমাণ তেনেই সেৰেঙা। প্রায় নাই বুলিবই পাৰি। ফলত আৱর্জনা আৰু প্রদূষণৰ কবলত পৰি এই অঞ্চলসমূহত মাটি, বায়ু আৰু পানী প্রদূষণ অত্যধিক পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ বাবে নগৰাঞ্চলৰ সেউজকৰণ, আৱর্জনা নিষ্কাষণক ব্যৱহাৰিক জীৱনৰ সৈতে সংপৃক্ত কৰিব লাগিব। বিশুদ্ধ অক্সিজেনৰ প্ৰয়োজনীয়তা তথা পৰিস্থিতিতন্ত্ৰক পুনৰুদ্ধাৰ কাৰ্য আমি আমাৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব। আমি কামতকৈ কথা কৈ, আনক উপদেশ দি বেছি ভালপোৱাটো এক অভ্যাস কৰি পেলাইছোঁ। এই অভ্যাস সলনি কৰা কথাক কামলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্রত আমি আগভাগ ল’বই লাগিব। এপ্রিল-জুনৰ সময়ছোৱা আহিলেই মনলৈ আহে মাছৰ কথা। এই সময়ছোৱাত মাছ ধৰাৰ বাবে নিষেধাজ্ঞা থাকে। কিন্তু ইয়াক কিমান কার্য্যকৰী কৰা হয়। মাছমৰীয়াসকলৰ সৈতে মীন বিভাগে সজাগতা সভা আয়োজন কৰা তেনেকৈ প্রায়ে দেখা নাযায়। সেই সময়ছোৱাত মাছমৰীয়াসকলৰ জীৱিকা তথা উপার্জনৰ কথাও ভাবিব লাগিব । তাৰ বাবে মীন বিভাগে কেনে উদ্যোগ লৈ তাৰ স্থায়ী কার্যপন্থা অতিকে প্রয়োজনীয়। অন্যথা প্রজননৰ বেলিকা এনেধৰে মাছ ধৰাৰ ফলত থলুৱা মাছবোৰ হেৰাই যাব। ইয়াৰ উপৰিও থলুৱা মাছৰ পোনা উৎপাদন আৰু ইয়াৰ খেতি সম্পর্কে সজাগতা অনাটো অতিকে প্রয়োজন।

পৰিৱেশ সংৰক্ষণ মানে কেৱল গছপুলি ৰোপনেই নহয়। ইয়াৰ উপৰিও থলুৱা চৰাইসমূহৰ সুৰক্ষাৰ প্রতি আমি সজাগ হ’ব লাগিব। ইয়াৰ উপৰিও আনুষ্ঠানিক পাঠ্যক্রমত থকা পৰিৱেশ বিজ্ঞানক ব্যৱহাৰিক বিজ্ঞানলৈ পৰিৱর্তন কৰাৰ ক্ষেত্রত শিক্ষকসমাজে উদ্যোগ ল’ব লাগিব। শৈশৱৰে পৰা পৰিৱেশ সংৰক্ষণ চেতনা কণমানিহঁতৰ মনোজগতত স্থায়ী ৰূপত গঢ় দিব লাগিব। এইক্ষেত্রত অভিভাৱকসকলৰো অপৰিসীম ভূমিকা আছে। গছপুলি ৰোপনৰ পূর্বে গছপুলি কেনেকৈ ৰোপন কৰা হ’ব তাৰ প্রাথমিক জ্ঞানৰ কথাও পাঠ্যক্রমত সন্নিবিষ্ট কৰিব লাগিব।

অসমৰ অনন্য জীৱ-বৈচিত্র্যৰ ভৰাঁলস্বৰূপ বর্ষাৰণ্যসমূহ সুৰক্ষাৰ বাবে কার্যপন্থা আৰু কার্য্যকৰী পদক্ষেপ হাতত ল’ব লাগিব। এইক্ষেত্রত চৰকাৰে মূল দায়িত্ব ল’ব লাগিব। অসমৰ দ্বিতীয়খন বর্ষাৰণ্য পবা আজিকোপতি অভয়াৰণ্যলৈ উন্নীত হোৱা নাই। ফলত এই বনাঞ্চলখনৰ জীৱবৈচিত্র্যলৈ ভাবুকি নামি আহিছে। প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ডাৰৰীয়াই অভয়াৰণ্য স্বীকৃতিৰ পদক্ষেপ গ্রহণৰ কথা কৈছিল যদিও ই কিমান আগবাঢ়িছে সেই সম্পর্কে বাবে অজ্ঞাত।

পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰি থকা উচিত। ইয়াৰ উপৰিও কিবা এটা খাই য’তে ত’তে নেপালায় তাক জেপ/মোনাত ভৰাই আনে অন্য কামত ব্যৱহাৰৰ কথা চিন্তা কৰিব পাৰি। তাৰ বাবে ইক’-ব্রিক প্রস্তুতৰ দৰে আদৰণীয় পদক্ষেপ গ্রহণ কৰিব পাৰি।

ইয়াৰ উপৰিও আমি নিজা চিন্তা আৰু দর্শনেৰে প্রকৃতি অনুকুল কার্য্যৰ জৰিয়তে পৰিস্থিতিতন্ত্রৰ পুনৰুদ্ধাৰৰ বাবে সেৱাৰ হাত আগবঢ়োৱা উচিত। আনলৈ দোষ ঠেলি দি, হঠাৎ পেট্রিয়টৰ দৰে প্রকৃতিক ভালপাওঁ বুলি কৃত্রিমভাৱে দেখুওৱাতকৈ হাতে কামে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিবই লাগিব। এয়া কেৱল সেৱাৰ কথা নহয়, এয়া আমাৰ দায়িত্বও। এই দায়িত্ববোধৰ বিষয়ে তাহানিতে মহাত্মা গান্ধীয়ে কৈ গৈছে যে, প্রকৃতিয়ে মানুহৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সকলো দিছে। মানুহে তাতে সুখী নহয় অধিক লোভী হৈ প্রকৃতিক কষ্ট দিলে প্রকৃতিয়েই নহয় মানুহেও দুর্যোগ ভোগ কৰিব লাগিব। অতি সম্প্রতি গান্ধীজীয়ে কোৱা কথাষাৰ আখৰে আখৰে ফলিয়াইছে। আহক পৰিস্থিতিতন্ত্রৰ পুনৰুদ্ধাৰ যাত্রাৰ আমিও সেৱক হওঁ।

লেখকৰ আনবোৰ প্ৰকাশিত লেখা একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/MANAS%20PRATIM%20DUTTA
-------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment