মনৰ কথাঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন :: কুমাৰ নৱজ্যোতি

মনৰ কথাঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন :: কুমাৰ নৱজ্যোতি

Share This

সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন

কুমাৰ নৱজ্যোতি

সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন, যোৰহাট,  কুমাৰ নৱজ্যোতি, jorhat samapjapran sarbeswar dutta

এযুগ অৰ্থাৎ বাৰ বছৰ আগেয়ে ২০০৯ চনৰ ৯ নৱেম্বৰত দেউতা সমাজপ্ৰাণ সবেৰ্শ্বৰ দত্তৰ মৃত্যু ঘটিছে৷ জীয়াই থকা হ’লে চলিত বছৰৰ ৩০ ছেপ্টেম্বৰত  দেউতাই বিৰাশী বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন৷ ৰাইজৰ হেঁপাহক শ্ৰদ্ধা জনাই দুগৰাকী সতীৰ্থৰ সম্পাদনাৰে দেউতাৰ আদ্যশ্ৰাদ্ধৰ দিনা ‘পৰাণ নিগৰে নাদেখিয়া চান্দমুখ’ শীৰ্ষক স্মৃতি-সংকলন এখনো প্ৰকাশ পাইছিল৷ দেউতাৰ দৰ্শনে সেইখন প্ৰকাশৰ বিৰোধিতা কৰে বুলি জানিও মই নিজেও এইখনৰ কামত লাগিবলগীয়া হৈছিল৷ 

সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্তঃ যুক্তিবাদী চিন্তাৰ সব্যসাচী মানুহজন, যোৰহাট,  কুমাৰ নৱজ্যোতি, jorhat samapjapran sarbeswar dutta

দেউতাৰ সৈতে মোৰ দৃষ্টিভংগীৰ পাৰ্থক্য আনকি সংঘাতো আছিল যদিও দেউতাৰ গ্ৰন্থপ্ৰীতি তথা সাহিত্যচৰ্চাৰ হেঁপাহ, ইংৰাজী, ভূগোল, মহাকাশ-বিজ্ঞান, কৃষি তথা আনুষংগিক বিষয়ক পুংখানুপুংখ সুবিশাল জ্ঞান, গৃহনিৰ্মাণ তথা বিভিন্ন আচবাব তৈয়াৰৰো জ্ঞান, আৰ্তজনক সেৱা কৰাৰ মানসিকতা, সামাজিক জীৱনত সততা তথা নিৰপেক্ষতা আদি গুণসমূহে মোক আজিৰ তাৰিখতো বিভোৰ কৰি তোলে৷ দেউতাই যিমানবোৰ কাম নিজ হাতেৰে নিয়াৰিকৈ কৰিব জানিছিল, সিমানবোৰ কাম আজিৰ সমাজত সহস্ৰ লোক সমৱেত হ’লেও পাৰিবনে নাই, পাৰিলেও তেখেতৰ দৰে পাৰিবনে নাই, সেই কথা ভাবিলে আজিও মোৰ আউল লাগে৷ সেয়া নিজৰ বা আনৰ ঘৰত পতা ৰাজহুৱা অনুষ্ঠান বা ভাওনা আদিত মেন্থন লাইট জ্বলোৱা(প্ৰয়োজনত মেৰামতি কৰাও!)ই হওক অথবা মৃতদেহ সৎকাৰৰ কামত শেষ পর্যন্ত থাকি অলপো ভয়-সংকোচ নকৰাকৈ হানি-খুঁচি সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰি অহাই হওক!! জ্যোতিষ শাস্ত্ৰ তথা সাংখ্য-জ্যোতিষৰো বহু কথা জানিছিল যদিও এইসমূহক বিজ্ঞান বুলি মানিবলৈ দেউতা নাৰাজ আছিল৷ এবাৰ ভাত খাওঁতে স্থানীয় ব্যক্তি এজনৰ ডিঙিত মাছৰ কাঁইট লগাত দেউতাই ধেমালিতে ‘মই মন্ত্ৰ মাতি সমস্যাটো ঠিক কৰি দিম’ বুলি কৈ মুখেৰে কিবা মন্ত্ৰ আওৰোৱাৰ দৰে কৰাৰ অলপ পিছতেই ব্যক্তিজনৰ ডিঙিৰ কাঁইট আঁতৰি যোৱাত পাছত দেউতাই তেনে একো নাজানো বুলি কোৱাতো মানুহবোৰে বিশ্বাস নকৰাত দেউতা বিপাঙত পৰিছিল৷ 


গ্ৰন্থ আলোচনাঃ অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন :: ড° অখিল ৰঞ্জন দত্ত


এক পৰম শক্তিক স্মৰণ কৰিয়েই সংশ্লিষ্টজনৰ সমস্যাটো সমাধানৰ বাবে আকুতি কৰিছিল আৰু আশ্চর্যজনকভাৱে সফলতাও বুটলিছিল৷ বিশ্বাসৰো যে সমস্যাৰ সমাধানত অৱদান থাকিব পাৰে, সেই কথা দেউতালৈ কথা ভাবিলেই মনলৈ আহে৷ পথাৰৰ মাজেৰে যোৱাৰ কথা থকা বৰ্তমানৰ লোকনিৰ্মাণৰ অধীনৰ পথটো দেউতাৰ প্ৰয়াসতেই আমাৰ গাঁৱৰ মাজেদি নিৰ্মাণ সম্ভৱ হৈ উঠিছিল৷ গাঁৱলৈ বিজুলীবাতিৰ সংযোগো আলি মূলতঃ দেউতাৰ বাবেই৷ অথচ, মূৰকত দেউতাই নিজা খৰছেৰে বিদ্যুতৰ খুঁটা, তাঁৰ কিনি নিজৰ ঘৰৰ বিদ্যুতৰ সংযোগ ল’বলগীয়া হৈছিল৷ আৰ্তজনক মুকলি মনেৰে ভোকৰ ভাত, পিয়াহৰ পানী প্ৰদান কৰা দেউতাই এক বিশাল অঞ্চলত গুৰুত্বপূৰ্ণ দান আগবঢ়োৱা দেউতাক একাংশ লোকে ‘দাতা কর্ণ’ নামো দিছিল৷ 


সুখ-দুখ LIVE 'স্বাস্থ্য-কথা' :: ক'ৰোনাৰ পৰিৱেশ আৰু স্ত্ৰী ৰোগৰ জানিব লগীয়া কথা।


বিভিন্নজনৰ মন্তব্যক বিনীতভাৱে প্ৰত্যাহ্বান ৰূপে লৈ নিজৰ অঞ্চলত এখন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ বাদেও যোৰহাটৰ লাহিং অঞ্চলতো এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাত তেখেত জড়িত আছিল৷ পুৱতি নিশাতেই হাল বাবলৈ বুলি শোৱাৰ পৰা উঠি দিনৰ দিনটো খেতি-বাতিৰ কামতে লাগি থাকি সন্ধিয়ালৈ কেতিয়াবা কেৱল ভীমকল এটা ঠাণ্ডা পানী এগিলাচেৰে সৈতে খাই চাইকেল চলাই গাঁৱৰ ঘৰৰ পৰা  বাৰ কিল’মিটাৰ নিলগৰ যোৰহাট নগৰৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নৈশ শাখাত অধ্যয়নৰ বাবে গৈ ঘূৰি আহি পুনৰ পুৱতি নিশাই পথাৰলৈ যাবলৈ সাজু হোৱাৰ দিনপঞ্জীৰে পৰিৱেষ্টিত দেউতা আৰু সমকালৰ বহু তেনে ব্যক্তিৰ কথাই আমাক এতিয়াও আচৰিত কৰি তোলে৷ এহাল মৰমৰ বলদৰ এটাৰ এদিন কিনকিনিয়া বৰষুণত পিছল খাই কিবাকৈ ঠেং এখন ভাগি যোৱাত  বহু অর্থৰ ব্যয়েৰেও বলদটোক সুস্থ কৰিব নোৱাৰি অৱশেষত কেৱল এটা বলদৰ বাবে সামান্য দাম লৈয়েই বলদহাল বিক্ৰী কৰি দিয়াতেই  আমাৰ ঘৰত গৰু পোহা কামটোৰ দুঃখজনকভাৱে অন্ত পৰিছিল৷(আৰু সেই ঠেং ভগা বলদটোও দাম দি কিনা বুলি  কিনোতা ‘ধাৰ্মিক’ ব্যক্তিজনে কৈ ফুৰিছিল!) কঠিয়াৰ তোম সজা, বোকা দিয়া, ডাঙৰি অনা, মৰণা মৰা, কঠিয়া তোলা সকলো কামতেই দেউতা পাৰ্গত আছিল৷ এতিয়া হোৱা হ’লে দেউতাই যোৱা শতিকাৰ আশী-নব্বৈৰ দশকতে নিজে সাজি উলিওৱা মৰণা মৰা ‘মেচিন’টোও চাগে’ সংবাদৰ শিৰোনাম হ’লহেঁতেন! গাঁৱত বিজুলী-বাতিবিহীন দিনবোৰত দেউতাই নিজৰ হিৰ’-মেজেষ্টিকখনৰ ইঞ্জিনটোৰ দ্বাৰাই কেইবাটাও বাল্ব জ্বলোৱাৰ কথা এতিয়াও মনত পৰে৷ লাইচেন্স লৈ ৰেডিঅ’ কিনিবলগীয়া, শুনিবলগীয়াৰ দিনবোৰত গাঁৱত প্ৰথমটো ৰেডিঅ’ কিনা তথা চাৰিবেটেৰীয়া টৰ্চটোৰ লগতে পাছলৈ সৰু ৰেডিঅ’ এটাও লৈ সন্ধিয়া বেলিকা গাঁৱৰ দুই-এগৰাকীৰ ঘৰৰ চোতালত দেশ-বিদেশৰ বিভিন্ন বিষয়ৰ আলোচনা কৰাৰ স্মৃতিবোৰে এতিয়াও অঞ্চলটোৰ বহুতৰে মন জোকাৰি যায়৷ 


ৰেডিঅ’ৰ টিউনিং পকাই দেউতাই আমাক শুনাইছিল মিডিয়াম ৱেভ, চৰ্ট ৱেভৰ বিভিন্ন ৰেডিঅ’ ষ্টেশ্যনৰ বা-বাতৰি, সংগীতৰ কাৰ্যক্ৰম আৰু ৰেডিঅ’ পিকিং, ৰেডিঅ’ ৱাশ্বিংটনত প্ৰচাৰিত অসমীয়া সংগীত তথা বা-বাতৰি আৰু বিবিচিত প্ৰচাৰিত  কাৰ্যক্ৰমো! আমাৰ ঘৰখনো কাৰ্যতঃ হৈ পৰিছিল বিভিন্ন ধৰণৰ টৰ্চলাইট, ঘড়ী আৰু ৰেডিঅ’ৰ একপ্ৰকাৰ সংগ্ৰহালয়ো! লগত যোগ হৈছিল তেতিয়াৰ জনপ্ৰিয় ‘মেন্থল লাইট’বোৰো৷ এই যে দেউতাৰ হিৰ’-মেজেষ্টিকখন(যিখন পাছলৈ কোনোবাই কিনি লৈছিল), তাতেই অঞ্চলটোৰ বহুকেইজন যুৱকে প্ৰথম মটৰচাইকেল চলাবলৈ শিকিছিল৷ এই মেজেষ্টিকখনৰ লগতে আন বিভিন্ন মটৰচাইকেল, স্কুটাৰৰ বিভিন্ন মেৰামতিৰ কাম কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও দেউতাই বিনা পাৰিশ্ৰমিকতে, কামটো কৰি ভাল পোৱাৰ আনন্দতে আৰু আনক সহায় কৰি ভাল পোৱাৰ আপাহতে কৰি দিছিল৷ নিজে নিজে দেখি শিকা দেউতাৰ এই কামৰ সুযোগ বহুজনে ইচ্চাকৃতভাৱেও লোৱা যেন অনুভৱ হৈছিল৷ ৰেডিঅ’বোৰৰ প্ৰয়োজনীয় মেৰামতি কৰাৰ কামটোও দেউতাই বৰ আন্তৰিকতা আৰু আগ্ৰহেৰে স্বেচ্ছাই অপেছাদাৰীভাৱে বিনা পাৰিশ্ৰমিকত কৰিছিল৷ প্ৰয়োজনত আনৰ ৰেডিঅ’, আনৰ স্কুটাৰ-ম’পেডৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় সঁজুলিও দেউতাই নিজা খৰছেৰে কিনি আনিছিল৷ ‘ৰেডিঅ’ আৰু  ট্ৰানজি্যষ্টৰ শিক্ষা’  শীৰ্ষক ব্যৱহাৰিক শিক্ষাৰ পুথি এখন পাছলৈ দেউতাই ঘৰলৈ কিনি অনা মনত আছে৷ 


মনৰ কথাঃ প্ৰতিযোগিতাৰ পৃথিৱীঃ প্ৰশাসনিক বিষয়াৰ ক্ষমতা সন্দৰ্ভত অসমীয়াৰ সচেতনতাৰ অভাৱ কিয়? :: শোণিত কুমাৰ গোস্বামী


যন্ত্ৰপাতি বিষয়ক শিক্ষাৰ সেইখনেই মই পঢ়া প্ৰথমখন কিতাপ৷ যি ধৰণৰ ঘড়ীয়েই নহওক কিয়, দেউতাই ভাল কৰিব জানিছিল৷ গাঁৱৰে হওক, অঞ্চলৰে হওক বা দেউতাক চিনি পোৱা যিকোনো লোক, আত্মীয়-কুটুম্ব, শিক্ষক-সতীৰ্থ... সকলোৱেই দেউতাৰ এইসমূহ জ্ঞান তথা অনুৰাগৰ বিষয়ে জানিছিল বাবে প্ৰায়সকলেই (হয়তোবা বিনামূলীয়া সেৱাৰ মোহতো) তেওঁলোকৰ ঘৰলৈ দেউতা গ’লেই অথবা ৰাস্তাত দেউতাক লগ পালেও মাতি নি নহ’লে আমাৰ ঘৰলৈ আহিও কিবা নহয় কিবা প্ৰকাৰে মেৰামতিৰ কথাটো উলিয়াই নিজৰ কাম হাচিল কৰি লক্ষ্য পূৰণত সফল হোৱা আমি মন কৰিছিলোঁ৷  মাটি- বাৰীৰ হিচাপ কৰা, বাঁহ আৰু অন্যান্য গছ কটা, গছত উঠা, সাঁতোৰা, বতৰৰ আগজাননী প্ৰদান কৰা, আকাশৰ তথা ভূগোলৰ প্ৰায়সমূহ তথ্য মুখতে ৰখা, ইংৰাজী ব্যাকৰণ তথা শব্দাৰ্থ প্ৰায় কণ্ঠস্থ ৰখা, বিভিন্ন কামত গাঁৱৰ লোকক  ইংৰাজী আৰু অসমীয়াত দৰখাস্ত লিখি দিয়া, সৰু বেজী আৰু  বৰ বেজী তথা আন দীঘল বেজীৰে কাপোৰৰ লগতে আন সামগ্ৰীৰ চিলাই কৰা তথা মেচিনতো কাপোৰ চিলোৱা, আমাৰ বা গাঁৱৰ তথা আত্মীয় লোকক  চুলি ছাটি দিয়াৰ কাম,  নিজ  হাতে খাল খন্দা, ৰাস্তা নিৰ্মাণ কৰা, ঘৰৰ পৰা লগৰীয়াৰ সৈতে গৈ সুদূৰ জাঁজীমুখত জাল বোৱা, জালৰ মেৰামতি কৰা, বৰশী নিৰ্মাণ কৰা আৰু বোৱা, কৃষিকাৰ্যত জড়িত পৰম্পৰাগত সঁজুলিবোৰৰ নিৰ্মাণ আৰু মেৰামতি, অসমীয়া পৰম্পৰাগত ঘৰৰ লগতে এল. পেটাৰ্ন বা আন এমহলীয়া ঘৰৰ বাবে প্ৰয়োজনীয় পকা আৰু কাঠৰ সকলো ধৰণৰ নিৰ্মাণ কাৰ্য, পৰম্পৰাগত প্ৰায়বোৰ গছৰ চিনাক্তকৰণ তথা সেইসমূহৰ উপকাৰিতা(অপকাৰিতাও)ৰ লগতে থলুৱা বনৌষধি উদ্ভিদসমূহৰ যথাযথ জ্ঞান, আয়ুবেৰ্দৰ জ্ঞান, হোমিওপ্যাথি-ইউনানি চিকিৎসা পদ্ধতিৰো আভাস, আগতে উল্লেখ কৰা পৰম্পৰাগত জ্যোতিষ আৰু বিশ্বাসৰ প্ৰভাৱমূলক সংখ্যাজ্যোতিষৰ তত্ত্ব... এই সকলোবোৰ দেউতাই জানিছিল৷ 

উচ্চাকাংক্ষাৰ অভাৱ আছিল দেউতাৰ! পকা জলপান এটা খায়েই কথাৰ লাচতে কোনো ‘মিতা’ক বহু মাটি  এৰি দিয়া সহজ-সৰল ককাৰ উত্তৰাধিকাৰী দেউতাো সহজ-সৰল মানুহ হৈয়েই ৰৈছিল৷ আদৰ্শ আৰু মেধাৱী যুৱক দেউতাক স্থানীয়ভাৱে শিক্ষকতা বৃত্তিত জড়িত হোৱাৰ মোহটোৱে এৰা নাছিল৷ উচ্চাকাংক্ষাৰ অভাৱে দেউতাৰ প্ৰকৃত উত্তৰণত বাধাৰ সৃষ্টি কৰিছিল৷ দেউতাৰ বিনয়তকৈ মই হয়তোবা কিছু পৰিমাণে প্ৰয়োজনত প্ৰতিবাদী হৈ উঠোঁ, প্ৰয়োজনত জ্বলি উঠিবও পাৰোঁ৷ দেউতাই কোৱা শৈশৱৰ কাহিনী, বন্ধুৰ লগত প্ৰতিযোগিতা কৰি পাছনিশাৰ জোনাক দেখি ৰাতি পুওৱা বুলি ভাবি নিশাতেই হাল বাবলৈ গৈ সন্মুখীন হোৱা ম’হযখৰ অভিজ্ঞতাবোৰ, নিশা কলেজৰ পৰা ঘূৰি আহোঁতে কাঠনিয়াকুৰি অঞ্চলৰ ‘পুল’ এটাত হোৱা ‘ভৌতিক’ অভিজ্ঞতাৰ কথাবোৰত সত্যৰ সন্ধান কৰিবলৈ আমি বাধ্য হৈছিলোঁ৷ কৈশোৰতে আৰম্ভ হোৱা চাৰমিনাৰ ছিগাৰেট, বান্দৰ বিড়ি আৰু জৱা বিড়ি সেৱনৰ অভ্যাসটো স্বাস্থ্যৰ বাবে বেয়া বুলি জানিও দেউতাই এৰিব পৰা নাছিল৷ দেউতাৰ মৃত্যু সমাগত বুলি জানি সততে দেউতাই চুবলৈ নিদিয়া দেউতাৰ টিনৰ বাকচটো উলিয়াই আনি আমি দেউতাই কৰা বহু সামাজিক কামৰ প্ৰমাণ প্ৰত্যক্ষ কৰিছিলোঁ৷ দেউতাৰ কথামতে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ পৰৱৰ্তী সময়ত ঘটনাক্ৰমে মই মোৰ অধ্যয়ন ক্ষেত্ৰ সলনি কৰাৰ পাছতো তাহানিতেই তেখেতে মনত সুমুৱাই দিয়া আৰু আনুষ্ঠানিক অধ্যয়নৰ সামান্য অভিজ্ঞতাসূত্ৰে সাঁচ ৰৈ যোৱা বিজ্ঞানপ্ৰীতি আৰু বিজ্ঞানৰ অনুভৱবোৰ মোৰ মাজত ৰৈ গ”ল৷ বিভিন্ন মানৱীয় ক্ৰুটি-বিচ্যুতি সত্বেও দেউতাৰ মাজত থকা মূলতঃ বিজ্ঞান-চিন্তাই মানসিকভাৱে, বৌদ্ধিকভাৱে মোক সমৃদ্ধ কৰিছে৷ ছাত্ৰাৱস্থাতে সাহিত্যচর্চাতো প্ৰতিভাৰ পৰিচয় দিয়া দেউতা পৰৱর্তী সময়ত সাহিত্যৰ জগতত চলা ‘লবী”ক লৈ অসন্তুষ্ট হৈ চর্চাৰ পৰা আঁতৰি আহিছিল যদিও প্ৰকৃষ্ট সাহিত্যৰ প্ৰতি সদায়েই শ্ৰদ্ধাশীল হৈ ৰোৱা তেখেতে পাছলৈও দুই-এটা মননশীল লেখা নিলিখাকৈ থকা নাছিল৷ শৈশৱ-কৈশোৰতেই কেৱল আঞ্চলিক, ৰাষ্ট্ৰীয় স্তৰৰে নহয় ভিন্নধৰ্মী আন্তঃৰাষ্ট্ৰীয় সাহিত্যৰ সৈতেও পৰিচয় কৰাই দি মোৰ অন্তঃজগত পোহৰাই তোলা দেউতা সমাজপ্ৰাণ সবেৰ্শ্বৰ দত্তলৈ পুনৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ 

(‘দেউতা, বিজ্ঞান-চিন্তা আৰু মই’ শীর্ষকেৰে পূৰ্বে ‘অসম আদিত্য’ কাকতত প্ৰকাশিত কেবাখণ্ডৰ সুদীর্ঘ লেখাৰ সংক্ষিপ্ত, সম্পাদিত ৰূপ৷)     

লেখকৰ আনোবৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/Kumar_Navajyoti

-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/ 

No comments:

Post a Comment