জীৱনঃ হোমেন বৰগোহাঞি আৰু ডাঙৰ বৰালি মাছ :: ডাঃ নির্মল চাহেৱালা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনঃ হোমেন বৰগোহাঞি আৰু ডাঙৰ বৰালি মাছ  :: ডাঃ নির্মল চাহেৱালা

জীৱনঃ হোমেন বৰগোহাঞি আৰু ডাঙৰ বৰালি মাছ :: ডাঃ নির্মল চাহেৱালা

Share This

হোমেন বৰগোহাঞি আৰু ডাঙৰ বৰালি মাছ

ডাঃ নির্মল চাহেৱালা

হোমেন বৰগােহাঞি আৰু ডাঙৰ বৰালি মাছ, ডাঃ নির্মল চাহেৱালা, HOMEN BORGOHAIN, ADITYA HSOPITAL, DR NIRMAL SAHEWALA

হোমেন বৰগোহাঞি ছাৰ ডিব্ৰুগড়লৈ আহিলে আমাৰ ঘৰতে থাকে। এই বাক্যটো মোৰ বহুতো লেখাত থাকে, বোধহয় সকলোৱেই জানে যে তেওঁ আমাৰ ঘৰত থাকে। বাক্যটো বাৰে বাৰে লিখাৰ কোনো কাৰণ নাই। কিন্তু মই লিখি ভাল পাওঁ। কিয়নো, মোৰ লগতে মোৰ পৰিয়ালৰ সকলোৱে গৌৰৱবোধ কৰে যে এনে এজন মানুহ আমাৰ ঘৰত থাকে আৰু থকা সময়বোৰ হাঁহি ধেমালিৰে ঘৰখনত নতুন প্রাণ সঞ্চাৰ কৰে। 

হোমেন বৰগােহাঞি আৰু ডাঙৰ বৰালি মাছ, ডাঃ নির্মল চাহেৱালা, HOMEN BORGOHAIN, ADITYA HSOPITAL, DR NIRMAL SAHEWALA

তেওঁৰ সান্নিধ্য আমাৰ বাবে অমৃত সুধাস্বৰূপ। ছাৰ ডিব্ৰুগড়লৈ অহাৰ কেইদিনমান আগতে মোলৈ ফোন কৰে –‘নির্মল, তোমালোকৰ বিপদৰ দিন চাপি আহিছে নহয়। তেওঁৰ কথাষাৰ শুনাৰ লগে লগে মই আনন্দত জঁপিয়াই উঠো। সোধো — “ছাৰ কেতিয়া হ'ব।' ছাৰে খং তুলি কয়— 'ৰবা কথাষাৰ শেষ কৰাৰ আগতে জঁপিয়াই দিলা। মই এইবাৰ এদিনমান বেছিকৈ থাকিব বিচাৰোঁ। মোক নতুন ঠাই এখনলৈ লৈ যাব লাগিব।' মই উত্তৰ দিওঁ – হ'ব ছাৰ, নতুন ঠাইলৈ লৈ যাম। ছাৰে আকৌ খং তুলি কয়— ‘আগতে নিয়া ঠাইলৈ নিলে নহ'ব। একেবাৰে নতুন ঠাইলৈ লৈ যাব লাগিব। ছাৰৰ বাবে নতুন ঠাই হ’ল এখন ভিতৰুৱা গাঁও, নৈৰ পাৰৰ এক নিৰিবিলি পৰিৱেশ বা জিলিয়ে মাত দি থকা কাঠ হাবি এখন। 


ইয়াৰ উপৰি ছাৰৰ কেতিয়াবা বৰ আমোদজনক দাবী থাকে। মোক সোধে - ‘ঘৰত ৰহি আছেনে নাই, ভালৰ ভালটো হ'ব লাগিব'। মই উত্তৰ দিওঁ— ছাৰ, আটাইতকৈ উত্তম ৰহি গোটাই থৈছো। আচলতে আমাৰ ফ্রিজত তিনি-চাৰি বটলমান ৰহি মই সদায় থওঁ। তাৰে কিছুমান এবছৰমান পুৰণি হৈ ডাঠ ৰঙা ক’লা হৈ পৰে। চোকটোও বাঢ়ি যায়। ছাৰে এবাৰ অহাৰ দুদিনমান আগতে মোলৈ ফোন কৰিলে— “নির্মল, মই এইবাৰ আহিলে তুমি ডাঙৰ বৰালি মাছ এটা যোগাৰ কৰি থবা। মই ক'লোঁ— ‘হব ছাৰ'। ছাৰে ক'লে—“কি হ'ব ছাৰ।ভালকৈ শুনা। বৰালি মাছটো ইমান ডাঙৰ হ'ব লাগিব যে এডোখৰ মাছেৰে গোটেই কাঁহীখন ভৰি যাব লাগিব। কাঁহীখনত ভাত বা অন্য বস্তু দিয়াৰ ঠাই থাকিব নালাগিব। মই কলো – হ’ব ছাৰ, মই যোগাৰ কৰিম। 


মনৰ কথাঃ হোমেন বৰগোহাঞি ছাৰৰ শেষ টেলিফোনটো :: ডাঃ নির্মল চাহেৱালা


দুদিন পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন পৰিষদৰ মিটিং। দুপৰীয়া উৰাজাহাজেৰে ছাৰ গুৱাহাটীৰ পৰা আহিব। মই আৰু প্রণয় ঠিক সময়ত গৈ এয়াৰপৰ্ট পালোগৈ। অলপ পাছত উৰাজাহাজ নামিল। ওলাই অহা মানুহৰ ভিৰৰ মাজত ছাৰক দেখিলোঁ। ছাৰেও আমাক দেখি হাঁহি এটা মাৰিলে। ছাৰৰ বেগটো আনিবলৈ তাৰে ল'ৰা এজনক ক'লোঁ। বেগ লৈ আমি ওলাই আহিলো। 


গাড়ীত বহাৰ লগে লগেই সৰিতাৰ ফোন আহিল – “ছাৰ আহি পালেনেকি'? মই উত্তৰ দিলো—আহি পালে, আমি গাড়ীত বহিছোঁ। সৰিতাই হ'ব বুলি ফোনটো কাটি দিলে। ছাৰে ক'লে— ‘সৰিতাক কোৱাচোন ৰহিখিনি ফ্রিজৰ পৰা উলিয়াই থব। ছাৰে ফ্রিজৰ ঠাণ্ডা বস্তু খাব নোৱাৰে। এলার্জি আছে। কাঁহ হয়। মই ক'লো- ছাৰ সৰিতাই ফোনটো কাটি দিলে। ছাৰে খং তুলি ক'লে – “কিয় কাটি দিলে। সৰিতাৰ ইমান ফুটনি নেকি? সেইবুলি ছাৰে হাঁহি এটা মাৰি দিলে।


ক'লে – “মই জানো, সৰিতাই ৰহিখিনি ফ্রিজৰ পৰা উলিয়াই থৈছে। এই সৰিতাজনী ইমান মৰম লাগে। তাইৰ কামবোৰ একেবাৰে নিখুঁত।' কথাৰ মাজতে ছাৰে ক'লে—বৰালি মাছৰ যোগাৰ হ’লনে নাই?মই লাহেকৈ মাত দিলো- ছাৰ, চেষ্টা কৰিছোঁ। হ’ব লাগে। ছাৰে আকৌ খং তুলি ক'লে— “কি চেষ্টা কৰিছোঁ। মাছৰ যোগাৰ নহলে মই তোমালোকৰ ঘৰত নাথাকো। ইউনিভাৰচিটিৰ গেষ্ট হাউচত থাকিমগৈ। মই ক'লো— ‘ছাৰ কিয় খং কৰিছে। যােগাৰ হ’ব নহয়। ছাৰে সুধিলে— ক'ৰ পৰা আনিছা? মই ক'লোঁ— ‘সেয়া মই নকওঁ।। মুঠতে আপুনি কোৱা মতে ডাঙৰ বৰালি মাছ খুৱাম।

আচলতে ছাৰৰ ফোন অহাৰ পাছতেই মই আমাৰ শিৱসাগৰৰ হস্পিতালত কৰ্মৰত গণেশ কলিতালৈ ফোন কৰিলোঁ—‘গণেশ, মোক আটাইতকৈ ডাঙৰ বৰালি মাছ এটা লাগিব। কমেও আঠ-দহ কেজিমান হ'ব লাগিব। গণেশে ক'লে—হ'ব ছাৰ, কেতিয়া লাগিব ?’মই তেওঁক দিনটো ক'লোঁ। মই জানো তেনে এক ডাঙৰ বৰালি মাছ শিৱসাগৰৰ ওচৰে-পাজৰেহে পোৱা যাব। গতিকে, মই সেইফালৰ পৰা নিশ্চিন্ত হলো। মাছ আহিবই। কেৱল ছাৰক জোকাই খং তুলিবলৈ ভাল লাগে। ছাৰৰো আচল খং নুঠে, সেয়া কৃত্রিম খং। 

গাড়ীখন গেটত সোমোৱাৰ লগে লগেই সৰিতাই ঘৰৰ দুৱাৰ খুলি আগবাঢ়ি আহিল। আমাৰ ঘৰৰ কুকুৰ ডেজ’ও আনন্দত জঁপিয়াব ধৰিলে। সি ছাৰক খুব ভাল পায়, সেয়া আমি তাৰ চেহেৰা দেখিয়েই গম পাওঁ। ছাৰেও তাক খুব মৰম কৰে। মূৰত আৰু পিঠিত হাত বুলায়। মোক কয়—চোৱা নির্মল, সি সকলো কথা বুজি পায়। ঈশ্বৰে কেৱল তাক আমাৰ নিচিনাকৈ কথা ক'ব পৰা শক্তিহে নিদিলে। 



ছাৰে সৰিতাক চাই মাত দিলে ‘সৰিতা, তুমি আগতকৈ অলপ শকত হলা। ভাল লাগিছে। বাৰাণ্ডাত বহি জোতাযোৰ খুলি ছাৰ নিজৰ কোঠালৈ সোমাই যায় হাত-মুখ ধুবলৈ। সৰিতাই তিনিটা গিলাচত ৰহি বাকি আনে, লগত হাঁহৰ গোটা ভজা আৰু সৰু গুটি আলু ভজা। প্রণয়ে কয়— ‘মোক কিয় দিছে। মই ৰহি নাখাওঁ'। ছাৰে কয়—'প্রণয় তুমি নাখালে নহ'ব। আমি খাম। তুমি আমাৰ মুখলৈ চাই থাকিবা নেকি'? প্রণয়ে কয়— 'হ’ব ছাৰ, মই বাকী বস্তুবোৰ খাম নহয়'। সৰিতাই প্রণয়ৰ ভাগৰ অকণমান ৰহি মোৰ আৰু ছাৰৰ গিলাচত বাকি দিয়ে। ছাৰে চিঞৰ এটা মাৰি কয়— ‘ইমানকৈ নিদিবা। মই মিটিঙলৈ যাব লাগিব নহয়। প্রকাশন পৰিষদৰ মিটিং তিনি বজাত হয়। মই কওঁ-‘ছাৰ হ’ব দিয়ক। এইকণ ৰহিয়ে আপােনাৰ নিচা নধৰে। নিজৰ নিজৰ গিলাচত শােহা মাৰি আমাৰ হাঁহি-ধেমালিবোৰ আৰম্ভ হয়। 

অলপ পাছতে সৰিতাই ঘোষণা কৰে—“ভাত বাঢ়িলোঁ, আহক। মই আৰু ছাৰে গিলাচত বাকী থকা ৰহিখিনি একে ঢোকতে শেষ কৰি ভাত খাবলৈ সোমাই যাওঁ। ভাতৰ পাতত বহি থাকোতে ছাৰে সৰিতাক সুধিলে- ‘সৰিতা কাইলৈ ডাঙৰ বৰালি মাছ যোগাৰ হ’ব নে নাই? সৰিতাই হাঁহি এটা মাৰি ক'লে— 'হ'ব ছাৰ'। ছাৰে সুধিলে— 'মাছ ক'ৰ পৰা আহিব?’ সৰিতাই মোৰ নিচিনাকৈ কথা লুকুৱাব নোৱাৰে। কৈ পালে- “শিৱসাগৰৰ পৰা, এওঁ গণেশক কৈছে নহয়, সি পঠাই দিব। ছাৰে মোৰ ফালে চাই হোঁহ-হোৱাই হাঁহিলে—“চোৱা, তুমি মোক কোৱা নাছিলা নহয়। সৰিতাই কৈ দিলে। তুমি এক নম্বৰ পেটকপটীয়া। ভাত খোৱা শেষ হ'ল। ছাৰক, অকণমান তামোল এডোখৰ পাণেৰে সৈতে আগবঢ়াই দিলো। তামোলখন মুখত ভৰাই ক'লে— ‘তোমালোকে যি কৰা কৰা। মই অলপ ঘোঁৰাবাগৰ দি লওঁ। তিনি বজাৰ আগতে গাড়ীখন আহি পাবই। মিটিঙলৈ যাব লাগিব। সেই বুলি ছাৰ নিজৰ কোঠালৈ সোমাই গ'ল। 

পাছদিনা পুৱা গণেশলৈ ফোন লগালোঁ— “গণেশ মাছৰ যোগাৰ হ'লনে নাই? গণেশে ক'লে— ‘ছাৰ, এইমাত্র ডাঙৰ মাছ এটা আনিছে। অলপ পাছতে স্মিথৰ হাতত দি পঠাম। মই সুধিলোঁ— ডাঙৰ মাছনে?’গণেশে কলে— হয় ছাৰ ডাঙৰ। মই আপোনালৈ ফটো এখন পঠাই দিছো। অলপ পাছতে হোৱাটছএপত ফটো এখন আহিল। গণেশে গেঞ্জি আৰু হাফপেন্ট এটা পিন্ধি মাছটো থিয়কৈ ধৰি আছে। মাছটো গণেশৰ মূৰৰ পৰা আঁঠুৰ তললৈকে দীঘল। ফটোখন চাই মোৰ বৰ ভাল লাগিব। গণেশ মানুহটো অলপ চাপৰ। হলেও মাছটো চাৰি ফুটমান দীঘল হ'ব। মই ফটোখন সৰিতাক দেখুৱালো। সৰিতাৰ মুখত হাঁহি বিৰিঙি উঠিল। 

ৰাতিপুৱা ব্রেকফাষ্টৰ বাবে টেবুলত বহি থাকোতে ছাৰে ক'লে— “নির্মল, তুমি কাম খতি কৰিব নালাগে। হস্পিতাললৈ যাবা। মই খোৱাৰ পাছত বাতৰি কাকতখিনি পঢ়িম আৰু সৰিতাৰ লগত কথা পাতিম। ছাৰৰ আদেশমতেই মই হস্পিতাললৈ গ'লোঁ। মনত এটাই চিন্তা মাছ। কেতিয়া আহি পাব। ১১.৩০ বজাত মই ঘৰলৈ উভতি আহিলো। ছাৰ আৰু সৰি বাৰাণ্ডাত বহি কথা পাতি আছে। মোক দেখি ছাৰে ক'লে— ইমান সোনকালে কিয় আহিলা ? মই ক'লোঁ— ‘ছাৰ, লগৰ ডাক্তৰজনক কামবোৰ চমজাই আহিলোঁ। ময়ো বাৰাণ্ডাতে বহিলো। 

অলপ পাছতে সৰু গেটখন খোল খালে। দেখিলোঁ শিৱসাগৰৰ পৰা স্মিথ আহিছে। ডাঙৰ মোনা এটা হাতত ওলমাই আনিছে। মোনাৰ ভৰত মানুহটো বেঁকা হৈ গৈছে। চোতালতে মোনাটো থৈ, ঠেলি সোমোৱা মাছটো মোনাৰ পৰা উলিয়াই আমাৰ চকীদাৰ বিচুৰ হাতত তুলি দিলে। মাছটো চাবলৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। ছাৰে এবাৰ মাছলৈ চালে তাৰ পাছত মোৰ মুখলৈ চাই হাঃ হাঃ কৈ হাঁহিলে। মাছৰ ভৰত আমাৰ চকীদাৰ বিচৰ হাতদুখনো কঁপিছে। 

মই সৰিতাক ক'লোঁ—ৰবা, মই কেমেৰাটো লৈ আহোঁ।' সেইবুলি মই দৌৰ মাৰি ভিতৰলৈ সোমাই গ'লোঁ। কেমেৰাটো আনি মাছৰ সৈতে দুখন ফটো তুলিলোঁ। তাৰ পাছত সৰিতাক কেমেৰাটো দি ক'লো— 'মাছৰ সৈতে মোৰ আৰু ছাৰৰ ফটো তোলা। সৰিতাই ফটো দুখনমান তুলি দিলে। বিচুৱে মাছটো লৈ ভিতৰলৈ সোমাই গ'ল। মই সৰিতাক ক'লো— ‘বাৰ বাজিল। মাছটো কাটি-বাছি ৰান্ধিব লাগিব'।

সৰিতাই হ’ব বুলি ভিতৰলৈ সোমাই গ'ল। মই, ছাৰ আৰু প্রণয় বাৰাণ্ডাত বহিলোঁ। ৰহিৰ শোহাৰ লগতে আমাৰ কথাবোৰ আগবাঢ়িল। দুই বজাৰ আগে আগে সৰিতাই মাত লগালে ভাত খাবলৈ। আমি ডাইনিং হললৈ সােমাই গলো। ভাত, দাইল আৰু বিভিন্ন আঞ্জাৰ লগতে এটা পাত্ৰত মাছৰ ডাঙৰ টুকুৰাবোৰ সজাই থৈছে। ছাৰে চকীত বহি চকু ডাঙৰকৈ মেলি মাছৰ টুকুৰাবোৰ চালে। সবিতাই কাহীত মাছ বিলাই দিলে। সঁচাকৈ মাছৰ ডোখৰবোৰ ইমানেই ডাঙৰ আছিল যে কাঁহীত ধৰা নাই। দুয়োফালে অলপ ওলাই গৈছে। 

ছাৰে ক'লে— ‘সৰিতা, আজি ভাত চাত একো নিদিবা। মই কেবল মাছডোখৰহে খাম। ছাৰে লাহে লাহে মাছডোখৰ চিকুটি চিকুটি খাবলৈ ধৰিলে। মই ছাৰৰ মুখলৈ চালো, ছাৰে মোৰ মুখলৈ। ছাৰে খং তুলি ক'লে – “খোৱাৰ সময়ত মুখলৈ চাই নাথাকিবা। মনে মনে খাই থাকা।'
লেখক অসম আদিত্য কাকতৰ মুখ্য সম্পাদক তথা ডিব্ৰুগড় নিবাসী বিশিষ্ট চিকিৎসক। লেখাটি পূৰ্বতে অসম আদিত্য কাকততো প্ৰকাশ পাইছে।
লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/

No comments:

Post a Comment