ইতিহাস পঢ়িছেনে জেলেনেস্কিয়েঃ হিটলাৰৰো মুখ্য-পৃষ্ঠপোষক আছিল আমেৰিকা
কানাই গগৈ
বহুতেই কয়, ইতিহাসৰ পুনৰাবৃত্তি হয়। ইতিহাসৰ পৰা আমি শিকনি লোৱা উচিত। আৰু ভৱিষ্যত দৰ্শনৰ বাবে বাস্তৱিক সিদ্ধান্ত লোৱাৰ বাবেই ইতিহাস জনাটো জৰুৰী। বৰ্তমানৰ গ্ল'বেল পৃথিৱীত নিজৰ জন্মদেশৰ বাহিৰেও বিশ্ব-ৰাজনীতিৰ প্ৰেক্ষাপট বুজিবলৈকো বিশ্বৰ ভিন্ন শক্তি সমূহৰ ইতিহাসৰো কিছু আভাস লোৱা উচিত। বৰ্তমানে নাটো আৰু আমেৰিকাৰ সংগী দেশ সমূহৰ অৰ্থ আৰু অস্ত্ৰ সাহাৰ্যৰে পুষ্ট হোৱা ইউক্ৰেইন, ৰাছিয়াৰ দ্বাৰা যুদ্ধত পিষ্ট হব লগা হৈছে। ৰাষ্ট্ৰপতি জেলেনেক্সিয়ে বিশ্বৰ ভিন্ন দেশে সহজেই বুজি উঠা, 'ৰাছিয়াৰ সতে যুঁজি জিকিব নোৱাৰিব', এই সত্যটোকে মানি লবলৈ অস্বীকাৰ কৰাৰ বাবেই দুই সপ্তাহতকৈ বেছি দিন ইউক্ৰেইনবাসী যুদ্ধৰ ক'লা ধোঁৱাৰ মাজত ভৱিষ্যত হেৰুৱাৰ উপক্ৰম হৈছে। সেয়ে ঐতিহাসিক কিছু পটভূমিৰ এই লেখাটি আগবঢ়োৱা হৈছে।
আহকচোন, জাৰ্মানীলৈ উভতি চাও। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়ত হিটলাৰৰ বয়স আছিল ২৪ বছৰ আৰু সেই সময়ত তেওঁৰ থকা-খোৱাৰ কোনো ঠিকনা নাছিল –- ৱিয়েনা চহৰত পৰ্যটকসকলৰ ছবি আঁকি তেওঁ জীৱিকা উপাৰ্জন কৰিছিল আৰু থাকিবৰ বাবে ভাৰাত লৈছিল এটা জৰাজীৰ্ণ কোঠা। তেওঁৰ চেহেৰাও আছিল আন হেজাৰজন সাধাৰণ যুৱকৰ দৰে, তাত জাৰ্মানীৰ ভৱিষ্যৎ একছত্ৰী শাসকৰ কোনো লক্ষণ দেখা পোৱা নগৈছিল। মুঠতে সেই সময়ত হিটলাৰ আছিল সামাজিক আৰু আৱেগিকভাবে অনিৰ্ধাৰিত এটা ব্যক্তিত্ব।
মনৰ কথাঃ ভৱিষ্যত গঢ়াৰ অধিকাৰ বনাম চক্ৰবেহুত 'পুটিন' :: ড° অজয় লাল দত্ত
হিটলাৰৰ ভাগ্য পৰিৱৰ্তনৰ সুযোগ আনি দিছিল বিশ্বযুদ্ধখনৰ সামৰণিয়ে। যুদ্ধত জাৰ্মানী পৰাজিত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ দেশখনৰ ওপৰত জাপি দিয়া হৈছিল। অপমানজনক পৰাজয় তথা অৱজ্ঞাসূচক ৱাৰ্ছাই চুক্তিয়ে জাৰ্মানবাসীক ডাঙৰ মনস্তাত্ত্বিক আঘাত দিছিল। ঠিক এনে পৰিৱেশতে হিটলাৰে ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল –- তেওঁ মিউনিখ চহৰলৈ গৈছিল আৰু তাত জাৰ্মান শ্ৰমিক দলৰ সদস্য হৈছিল। ইফালে তেওঁৰ ওপৰত চকু পৰিছিল চহৰখনৰ ‘‘তুলে সমাজৰ'' আৰু তাৰ প্ৰতিষ্ঠাতাসকলেও হিটলাৰক জাৰ্মানীৰ একনায়কত্ববাদী শাসক কৰাৰ সিদ্ধান্ত লৈছিল। দলৰ নেতা হিচাবে তৈয়াৰ কৰিবলৈ আৰম্ভ হৈছিল হিটলাৰৰ প্ৰশিক্ষণ। এনে সময়তে দৃশ্যপটত আবিৰ্ভাৱ ঘটিছিল আমেৰিকাৰ, অৰ্থাৎ মাৰ্কিন চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু সহযোগপ্ৰাপ্ত Rothschild, Rockfeller, Morgan আদি তদানীন্তন বিশ্বৰ মুখ্য উদ্যোগপতি আৰু বেংক-মালিক গোষ্ঠীৰ। ইয়াৰ পিচত হিটলাৰৰ বাবে এটা কামেই বাকী ৰৈছিল –- গোষ্ঠীটোৰ নিৰ্দেশানুসাৰে কাম কৰি যোৱা !
বিশ্লেষণঃ ইউক্ৰেইনত 'নিহত সত্য' আৰু পুটিনৰ 'চকুৰ কূটা' মুৰাতৱলৈ শান্তিৰ নোবেল :: কানাই গগৈ
আমেৰিকা হিটলাৰৰ পৃষ্ঠপোষক হোৱাৰ কাৰণ আছিল ৰাছিয়া। এই দেশখনত আছে শেষ হ'ব নোখোজা বিস্তীৰ্ণ উৰ্বৰ ভূমি তথা প্ৰভুত প্ৰাকৃতিক সম্পদ –- নিজৰ সম্পত্তি তথা মুনাফা বৃদ্ধিৰ বাবে পুঁজিপতিসকলক ইবোৰৰ আৱশ্যক। একমাত্ৰ যুদ্ধৰ দ্বাৰাহে যিহেতু ইবোৰ হস্তগত কৰাটো সম্ভৱ, সেয়ে পুঁজিপতিৰ দ্বাৰা পৰিচালিত মাৰ্কিন চৰকাৰে ৰাছিয়া আক্ৰমণৰ বাবে হিটলাৰক প্ৰস্তুত কৰি তোলাটো প্ৰয়োজনীয় হৈ পৰিছিল। ইফালে অক্টোবৰ বিপ্লৱৰ পিচত ৰাছিয়া আৰু আন কেইখনমান গণৰাজ্যক লৈ গঠিত হোৱা ছৱিয়েত সংঘত স্থাপিত হৈছিল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত নতুন পথ দেখুউৱা সমাজবাদ, আৰু শোষণবিহীন এই ব্যৱস্থাৰ প্ৰসাৰণে শোষণ-দমন, ছলনা-প্ৰতাৰণাৰে পুঁজিপতিসকলে আহৰণ কৰা সম্পত্তি-ক্ষমতা-প্ৰতিপত্তিত ইতি পেলোৱাৰ সম্ভাৱনা আছিল। আৰু এনে যাতে নঘটে, তাৰ বাবে মাৰ্কিন চৰকাৰে ব্যৱস্থা লৈছিল আনকি ১৯১৮ চনতেই !
১৯১৮ চনত ৰাছিয়াৰ সন্দৰ্ভত শেষ সিদ্ধান্ত ল'বৰ বাবে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি Woodrow Wilson-এ ‘ভূ-ৰাজনীতি অধ্যয়ন' নামৰ কমিছন এটা গঠন কৰিছিল। কমিছনে পৰামৰ্শ দিছিল যে যুদ্ধত জাৰ্মানীয়েই ৰাছিয়াৰ প্ৰতিদ্বiদ্বী হোৱা উচিত। লগতে আমেৰিকাৰ গৃহ মন্ত্ৰ্যালয়ে আগবঢ়াইছিল ৰাছিয়াক কিছুমান সৰু সৰু ৰাষ্ট্ৰত বিভক্ত কৰাৰ পৰামৰ্শ। এই সন্দৰ্ভত আনকি এখন মানচিত্ৰ প্ৰস্তুত কৰি বিভক্তকৰণৰ পিচৰ ৰাছিয়াৰ চাৰিসীমাও নিৰ্ধাৰণ কৰি দিয়া হৈছিল ! ১৯১৯ চনত অনুষ্ঠিত পেৰিছ শান্তি অধিৱেশনত প্ৰদৰ্শন কৰা এই মানচিত্ৰখনৰ পৰিশিষ্টত লিখা হৈছিলঃ ‘সমগ্ৰ ৰাছিয়াক স্বতন্ত্ৰ অৰ্থনীতিসম্বলিত কিছুমান বৃহৎ অঞ্চলত বিভক্ত কৰা হ'ব, কিন্তু কোনো এটা অঞ্চলেই ইমান স্বতন্ত্ৰও হ'ব নালাগিব, যাতে তাত শক্তিশালী ৰাষ্ট্ৰ গঠনৰ ক্ষমতা ৰৈ যায় !'।
আৰু ১৯২২ চনত পুঁজিবাদী বিশ্বৰ বাবে ছৱিয়েত সংঘ ৰূপান্তৰিত হৈছিল বাস্তৱিক বিপদলৈ। সমগ্ৰ পুঁজিবাদী বিশ্বক গ্ৰাস কৰি পেলাইছিল এটা ভয়েঃ সাম্যবাদী ধাৰণাই যদি সমগ্ৰ বিশ্বকে ছানি ধৰে, তেতিয়া কি হ'ব ?! ...
গতিকে সাম্যবাদে সমগ্ৰ বিশ্ব ছানি ধৰাৰ আগতেই সংঘৰ বিনাশ আমেৰিকাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল। আৰু এই বিনাশৰ বাবে যোগ্য ব্যক্তি যিহেতু আছিল কেৱল হিটলাৰ, সেয়ে আমেৰিকা হৈ পৰিছিল তেওঁৰ মুখ্য পৃষ্ঠপোষক।
হিটলাৰৰ ওচৰলৈ পঠোৱা হৈছিল Ernst Hanfstaengl নামৰ জাৰ্মান মূলৰ এজন ৰণনীতিবিদক। হাৰৱাৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাপ্ৰাপ্ত তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ লগত বন্ধুত্বৰ সম্পৰ্ক থকা এৰ্নষ্ট হৈ পৰিছিল হিটলাৰৰ প্ৰেছ চেক্ৰেটেৰী। ‘‘তুলে সমাজে'' হিটলাৰক প্ৰদান কৰা প্ৰশিক্ষণলৈ তেওঁ সম্পূৰ্ণতা আনিছিল -– তেৱেঁই হিটলাৰে ভাষণত ক'বলগীয়া কথাবোৰ লিখি দিছিল, আনকি হিটলাৰৰ ভাষণৰত অৱস্থাৰ অংগি-ভংগি, দৃষ্টিৰ দিশ আদিও নিৰ্ধাৰণ কৰি দিছিল –- ইমানদিনে আনৰ পৰা নজৰ লুকুৱাই ফুৰা হিটলাৰে ইয়াৰ পিচৰ পৰা মানুহৰ চকুলৈ পোনপটীয়াকৈ চাব পৰা হৈছিল, অৰ্থাৎ তেওঁ বিশ্বাসযোগ্য হৈ উঠিছিল। এৰ্নষ্টে লিখি দিয়া ভাষণবোৰতো তেওঁ জনসাধাৰণৰ মনৰ কথাই কৈছিলঃ তেওঁ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত জাৰ্মান সমাজৰ প্ৰতিজন পুৰুষকে কৰ্মসংস্থানৰ লগতে স্থায়ী উপাৰ্জনৰ ব্যৱস্থা কৰি দিয়াৰ তথা জাৰ্মানীক পুনৰ ধনী দেশলৈ ৰূপান্তৰিত কৰাৰ কথা কৈছিল। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এই যে বিশ্বই জাৰ্মানীৰ প্ৰতি প্ৰদৰ্শন কৰা অৱজ্ঞা আৰু অপমানৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি জনসাধাৰণক তেওঁ প্ৰতিটো ভাষণতে দিছিল। আৰু এইদৰে অনিশ্চিত ভৱিষ্যতৰ পিনে অসহায়ভাবে চাই থকা জাৰ্মানবাসীয়ে হিটলাৰৰ মাজত ‘নিজৰ মানুহক' বিচাৰি পাইছিল।
১৯২০ চনত হিটলাৰ দলৰ নেতা নিৰ্বাচিত হৈছিল। দলটোৰ বাবে কৰা কিছুমান কামেও হিটলাৰৰ নেতৃত্ব সুদৃঢ় কৰিছিল। উদাহৰণস্বৰূপে দলৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে তেওঁ মিউনিখ চহৰত এটা প্ৰকাণ্ড তিনিমহলীয়া ভৱনৰ ব্যৱস্থা কৰি দিছিল। অৱশ্যে তাৰ লগতে তেওঁ নিজৰ বাবেও চহৰৰ ধনাধ্য এলেকাত এটা দহ-কোঠলীয়া ঘৰ কিনিছিল। কোৱা বাহুল্য যে ইবোৰৰ বাবে আৱশ্যক হোৱা ধন আহিছিল আমেৰিকা সমৰ্থিত তথা সহযোগপ্ৰাপ্ত পুঁজিপতিসকলৰ পৰা –- ১৯২৯ চনত মাৰ্কিন বেংক এটাৰ পৰা আমষ্টাৰডামস্থিত ‘মেনডেলছন এণ্ড ক'ম্পেনী' নামৰ বেংকটোৰ মাধ্যমেৰে নাৎছি দলৰ একাউন্টলৈ ১০ মিলিয়ন ডলাৰ ধন পঠিউৱা হৈছিল। আৰু ই আমেৰিকাৰ পৰা নাৎছি দললৈ অহা ধনৰ আগমণৰ আৰম্ভণিহে আছিল। অৱশ্যে ভৱন দুটাৰ বাবে নগৰপালিকাক দিবলগীয়া কৰ হিটলাৰে নিদিছিল ! ফলত নগৰপালিকাই হিটলাৰলৈ জাননী পঠাইছিল। কিন্তু হিটলাৰে সেই জাননীৰ প্ৰতি সহাঁৰিও জনোৱা নাছিল। অৱশ্যে শেষত কৰ পৰিদৰ্শকৰ মুখ বন্ধ কৰা হৈছিল আৰু কিছুদিন আগেয়েহে জাৰ্মানীৰ নাগৰিক হোৱা তথা উপাৰ্জনৰ কোনো জ্ঞাত উৎস নথকা হিটলাৰে ভৱন দুটা ক্ৰয় কৰিবৰ বাবে ইমান ধন ক'ৰ পৰা পালে, তাক সুধিবলৈ তাৰ পিচত আৰু কোনেও সাহস কৰা নাছিল।
অৰ্থাৎ হিটলাৰে জনতাৰ আগতহে সৰল-নিমাখিতভাবে থকাৰ ভাও দিছিল, কিন্তু প্ৰকৃততে তেওঁ যাপন কৰিছিল বিলাসী জীৱনহে।
জাৰ্মানীয়ে যুদ্ধত বিজয়ী দেশবোৰক দিবলগীয়া ক্ষতিপূৰণৰ ব্যৱস্থাও আমেৰিকাই কৰি দিছিল। ১৯২৫ চনত দেশখনে দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণ হৈছিলগৈ ১ বিলিয়ন মাৰ্ক, আৰু ১৯২৯ চনত সেই পৰিমাণ হ'লগৈহেঁতেন ২.৫ বিলিয়ন মাৰ্ক। কোৱা বাহুল্য যে যুদ্ধবিধ্বস্ত জাৰ্মানীৰ তেনে পৰিমাণৰ ধন দিয়াৰ ক্ষমতা নাছিল। গতিকে আগবাঢ়ি আহিছিল আমেৰিকা। ১৯২৪ চনত মাৰ্কিন ৰাজনীতিবিদ Charles G Dawes-ৰ নেতৃত্বত এই সন্দৰ্ভত লণ্ডনত অনুষ্ঠিত হোৱা এখন বিশেষ কমিছনত প্ৰস্তাৱ দিয়া হৈছিল এই বুলি যে বিজয়ী দেশবোৰে জাৰ্মানীক ক্ষতিপূৰণৰ ধন ঋণ হিচাবে প্ৰদান কৰাৰ লগতে দেশখনৰ বহিৰ্বাণিজ্যও নিজৰ হাতলৈ নিব। আঁচনিখন গৃহীত হৈছিল আৰু জাৰ্মানীলৈ ধনৰ ধল বৈছিল। দেশখনে ২০০ মিলিয়ন ডলাৰৰ ঋণ লাভ কৰিছিল, ইয়াৰ ভিতৰত ১১০ মিলিয়ন ডলাৰ আহিছিল কেৱল আমেৰিকাৰ পৰা। এই ঋণৰ এটা অংশ জাৰ্মান অৰ্থনীতিৰ পুনৰনিৰ্মাণৰ কামত নিয়োগ হৈছিল যদিও বেছিভাগ ধন ব্যৱহৃত হৈছিল যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগত। এইদৰে জাৰ্মান অৰ্থনীতিৰ পুনৰনিৰ্মাণ হোৱাৰ সমান্তৰালভাবে জাৰ্মান সামৰিক শক্তিৰো পুনৰোত্থান ঘটিছিল।
কিন্তু হিটলাৰ জাৰ্মানীৰ ক্ষমতালৈ তেতিয়াও অহা নাছিল, অথচ তেওঁ ক্ষমতা হস্তগত কৰাটো আমেৰিকাৰ বাবে আছিল অতীৱ প্ৰয়োজনীয়। ১৯৩২ চনত জাৰ্মানীৰ ৰাষ্ট্ৰপতিৰ পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নামিছিল যদিও পৰাস্ত হৈছিল। অৱধাৰিতভাবেই তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল আমেৰিকা। আৰু ১৯৩৩ চনত তদানীন্তন ৰাষ্ট্ৰপতি হিণ্ডেনবুৰ্গে হিটলাৰক জাৰ্মানীৰ চেঞ্চেলৰ হিচাবে ঘোষণা কৰিছিল। আচলতে সেই বছৰৰ ২০ ফেব্ৰুৱাৰীত হিটলাৰে সম্পূৰ্ণ গোপনীয়ভাবে ৰাষ্ট্ৰপতিৰ আধিকাৰিক বাসভৱনত জাৰ্মানীৰ ২৫ জন বৃহৎ উদ্যোগপতিক লগ ধৰি তেওঁলোকৰ পৰা ৩ মিলিয়ন মাৰ্ক বিচাৰিছিল। বিনিময়ত হিটলাৰে তেওঁলোকক দিছিল তিনিটা প্ৰতিশ্ৰুতিঃ ১) ৰাষ্ট্ৰপতি হৈ তেওঁ অন্য দেশবোৰ আক্ৰমণ কৰিব আৰু সেই দেশবোৰৰ প্ৰাকৃতিক সম্পদবোৰ জাৰ্মানীলৈ লৈ আহিব, ২) জাৰ্মানীক পুনৰ ধনী দেশলৈ ৰূপান্তৰিত কৰিব, ৩) ছৱিয়েত সংঘ আক্ৰমণ কৰি দেশখনৰ লগতে সমাজবাদৰো বিনাশ ঘটাব। পুঁজিপতিৰ বাবে যুদ্ধ হৈছে অতি লাভজনক ব্যৱসায়, গতিকে জাৰ্মানীৰ উদ্যোগপতিসকলে হিটলাৰে বিচৰা ধন দিয়াৰ লগতে হিণ্ডেনবুৰ্গৰ ওপৰত ছাপ প্ৰয়োগ কৰি হিটলাৰক চেঞ্চেলৰ হিচাবে ঘোষণা কৰিবলৈ তেওঁক বাধ্য কৰিছিল। কোৱা বাহুল্য যে হিটলাৰৰ প্ৰস্তাৱত সন্মত হ'বলৈ জাৰ্মান উদ্যোগপতিসকললৈ আমেৰিকাৰ পৰাও নিৰ্দেশ গৈছিল।
তথাপি ঠিক ১৯৩৩ চনতহে, অৰ্থাৎ তাৰ আগতো নহয় আৰু পিচতো নহয়, হিটলাৰক জাৰ্মানীৰ ৰাষ্ট্ৰপতিৰ পদত স্থাপিত কৰোৱাৰ নিৰ্দিষ্ট কাৰণ আছে। ১৯৩২ চনত ছৱিয়েত সংঘত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত লোৱা সকলো কাম সুকলমে সমাপ্ত হৈছিল –- এই কালছোৱাত ৪৫০০ টাতকৈও অধিক বৃহৎ উদ্যোগ স্থাপিত হোৱাৰ লগতে সংঘত ইতিহাসত কেতিয়াও নঘটা অৰ্থনৈতিক উন্নতি ঘটিছিল। আমেৰিকা আৰু ইউৰোপত চলি থকা অৰ্থনৈতিক মন্দাৱস্থাৰ কালছোৱাত সমাজবাদৰ অধীনত সংঘত ঘটা এই অৰ্থনৈতিক উন্নতিয়ে সকলোকে চক খুৱাই দিছিল। সংঘই দেখুউৱা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ বিকল্প পথ ৰুদ্ধ কৰিব পাৰে একমাত্ৰ যুদ্ধই, আৰু এই যুদ্ধ আৰম্ভ কৰিব পাৰে কেৱল হিটলাৰে। সেয়ে ঠিক ১৯৩৩ চনতহে হিটলাৰক জাৰ্মানীৰ ক্ষমতালৈ অনা হৈছিল, যাতে জাৰ্মানী হৈ উঠে সংঘৰ মূল যুদ্ধ-প্ৰতিদ্বন্দ্বী।
১৯৩৩ চনত চেঞ্চেলৰ হোৱা হিটলাৰে ১৯৩৪ চনৰ ৩০ জানুৱাৰীত ৰাষ্ট্ৰপতি আৰু চেঞ্চেলৰ পদ দুটা একেলগ কৰি জাৰ্মানীৰ ৰাইসচেঞ্চেলৰ (ইয়াত ‘স'ৰ উচ্চাৰণ অসমীয়া ভাষাৰ দৰে) হৈ পৰিছিল। এই পদৰে আন এটা নাম ফ্যুৰাৰ। ফ্যুৰাৰ হোৱাৰ পিচত জাৰ্মানীলৈ আমেৰিকাৰ পৰা ধনৰ আগমণ ঘটিবলৈ ধৰাৰ সমান্তৰালভাবে আহিবলৈ ধৰিছিল যুদ্ধাস্ত্ৰ নিৰ্মাণৰ বাবে লগা কেঁচামাল। আমেৰিকাই জাৰ্মানীক আনকি সেই সময়ৰ শেহতীয়া প্ৰযুক্তিবিদ্যাও প্ৰদান কৰিছিল। ফলত বৃদ্ধি হৈছিল হিটলাৰৰ সামৰিক শক্তি।
ফ্যুৰাৰে নিজৰ প্ৰতিশ্ৰুতি ৰাখিছিল –- জাৰ্মান অৰ্থনীতি প্ৰস্ফূটিত হৈছিল আৰু জাৰ্মান নাগৰিকে পাইছিল কৰ্মসংস্থান। আৰু বিশ্বৰ লগতে জাৰ্মান পুঁজিপতিসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১৯৪১ চনৰ ২২ জুনত যুদ্ধ ঘোষণা নকৰাকৈয়ে হিটলাৰে আক্ৰমণ কৰিছিল ছৱিয়েত সংঘ !
ইয়াৰ পিচত আমেৰিকাৰ পৃষ্ঠপোষকতাত হিটলাৰে আৰম্ভ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি কি হ'ল তথা স্বয়ং ফ্যুৰাৰৰে শেষ দশাই বা কি হ'ল, সিবোৰ সৰ্বজনবিদিত। তথাপি উল্লেখ কৰা উচিত হ'ব যে এই যুদ্ধখনত বিশ্বৰ ৫ কোটি লোকে অনাহকত প্ৰাণ দিবলগীয়া হ'ল। ইয়াৰ লগতে এই কথাও উল্লেখ কৰা উচিত হ'ব যে ছৱিয়েত সংঘৰ বাবেহে নাৎছিবাদ নিৰ্মূল হ'ল। কিন্তু ইয়াৰ বাবদ দেশখনে বৃহৎ মূল্যও ভৰিবলগীয়া হ'ল -– সংঘত হেজাৰ হেজাৰ কল-কাৰখানাৰ লগতে এক-তৃতীয়াংশ কৃষিভূমিও ধ্বংস হ'ল, আৰু প্ৰাণ গ'ল ২.৭ কোটি ছৱিয়েত নাগৰিকৰ ! এইখন যুদ্ধত ছৱিয়েত সংঘই যিমান ভুগিলে, ইতিহাসৰ কোনো এখন যুদ্ধতে কোনো এখন দেশে সিমান ভুগা নাই। আনকি যুদ্ধৰ ঠিক পিচতো ধ্বংসস্তূপৰ মাজত ছৱিয়েত জনগণে অবৰ্ণনীয় দুখ-কষ্ট ভোগ কৰিবলগীয়া হৈছিল। অথচ কেইলাখমান মাৰ্কিন সৈনিকৰ মৃত্যু তথা কিছু যুদ্ধাস্ত্ৰ ধ্বংস হোৱাৰ বাহিৰে আমেৰিকাৰ বিশেষ ক্ষতি নহ'ল। ইয়াৰ পৰিৱৰ্তে দেশখনে যুদ্ধৰ আগে-পিছে বৃহৎ পৰিমাণৰ মুনাফাহে সংগ্ৰহ কৰিলে –- প্ৰথমে জাৰ্মানীক ঋণ আৰু প্ৰযুক্তি প্ৰদান কৰি, আৰু পিছত যুদ্ধৰ কালছোৱাত মিত্ৰশক্তিৰ দেশবোৰলৈ ‘লে'ণ্ড লীযৰ' মাধ্যমত যুদ্ধাস্ত্ৰ আৰু যুদ্ধৰ সামগ্ৰী প্ৰেৰণ কৰি। এইদৰে ৩০ৰ দশকত অৰ্থনৈতিক মন্দাৱস্থাত ভুগি থকা মাৰ্কিন অৰ্থনীতি প্ৰস্ফূটিত হ'ল, আৰু আমেৰিকা ৰূপান্তৰিত হ'ল পৃথিৱীৰ আটাইতকৈ ধনী দেশলৈ !
আক্ষেপৰ কথা এয়ে যে আমেৰিকাই হিটলাৰলৈ আগবঢ়োৱা পৃষ্ঠপোষকতাৰ কথা বহুতেই নাজানিলে, ইয়াৰ পৰিৱৰ্তে দেশখন ‘ত্ৰাণকৰ্তা' ৰূপেহে বিশ্বত পৰিচিত হৈ পৰিল !
উপসংহাৰঃ
উত্তৰ যুদ্ধকালত বিশ্বত নেতিবাচক প্ৰভাৱ পেলোৱা ঘটনাবোৰৰ প্ৰায় আটাইবোৰেই হয় আমেৰিকাই নিজেই সংঘটিত কৰিছে, নহয় সিবোৰ সংঘটিত হৈছে দেশখনৰ পৃষ্ঠপোষকতাত। যুদ্ধৰ পিচত ভালেমান নাৎছি যুদ্ধ-অপৰাধীক ইউৰোপৰ পৰা পলুৱাই আমেৰিকাই নিজৰ দেশলৈ লৈ গৈছিল আৰু সিহঁতৰ হতুৱাই দেশখনে পৃথিৱীৰ বিভিন্ন ঠাইত কিছুমান অঘটন সংঘটিত কৰোৱাইছিল। এই দিশৰ পৰা জাৰ্মানীৰ দৰে আমেৰিকাও যুদ্ধ-অপৰাধী দেশ !
আমেৰিকাই ইবোৰ কৰি আছে গোটেই পৃথিৱীখনকে নিজৰ হাতৰ মুঠিত ৰাখিবৰ বাবে তথা সমাজবাদে দেখুউৱা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ বিকল্প পথ ৰুদ্ধ কৰিবৰ বাবে, কিয়নো সমাজবাদে পৃথিৱীখন ছানি ধৰিলে মাৰ্কিন চৰকাৰ পৰিচালনা কৰি থকা বৃহৎ পুঁজিপতিসকলে শোষণ-দমন, ছলনা-প্ৰতাৰণা আদিৰে ইমানদিনে আহৰণ কৰা সম্পত্তি-ক্ষমতা-প্ৰতিপত্তি হেৰোওৱাৰ সম্ভাৱনা আছে।
আক্ষেপৰ কথা এয়ে যে ভূগোল-বুৰঞ্জীৰ জ্ঞানত প্ৰায় শূন্য তথা নীতি-আদৰ্শবিহীন, অথচ পৃথিৱীৰ মুঠ সম্পদৰ ৬০ শতাংশতকৈও অধিক অকলেই ভোগ কৰি থকা আমেৰিকাবাসীৰ প্ৰায়ভাগেই এই কথাবোৰ নাজানে, আৰু জনাখিনিয়েও আমেৰিকাৰ এই কুকৰ্মবোৰৰ প্ৰতিবাদ নকৰে !
আমেৰিকাই আটাইতকৈ বেছি ভয় কৰা সমাজবাদক ‘কবৰ' দিবলৈ দেশখন অৱশেষত সক্ষম হ'ল, আৰু এই কাম দেশখনে কৰিলে বিশ্বত সমাজবাদৰ প্ৰতিভূ ছৱিয়েত সংঘৰ পতন ঘটাই। অৱশ্যে যুদ্ধৰ দ্বাৰা নহয়, অথবা অথনৈতিক প্ৰতিযোগিতাৰ দ্বাৰাও নহয়, বৰঞ্চ সমাজবাদৰ বাবে কলংক মিসায়িল (ইয়াতো ‘স'ৰ উচ্চাৰণ অসমীয়া ভাষাৰ দৰে) গাৰ্বাচ্চ্য'ৱক ক্ৰয় কৰিহে ! ইয়াৰ পিচত বিশ্বত বিশ্বায়ন, অৰ্থাৎ বিশ্ব পুঁজিবাদ স্থাপিত হ'ল, কিন্তু মানৱৰ মৌলিক সমস্যাবোৰ সমস্যা হৈয়েই থাকি গ'ল, বৰঞ্চ কিছু কিছু ক্ষেত্ৰত ইবোৰৰ বৃদ্ধিহে ঘটিল।
সাম্প্ৰতিক বিশ্বত অথন্তৰৰ মূল হ'ল একমাত্ৰ মাৰ্কিন সাম্ৰাজ্য আৰু তাৰ সাংগোপাংগসৱ। এই শক্তিৰ হাতত ধৰা প্ৰতিখন ৰাষ্ট্ৰৰ শেষ দশাবোৰ ইতিহাসৰ পাতত দুখলগাকৈ জিলিকি আছে। সেয়া আফগানিস্তানেই হওক, ইৰাক, চিৰিয়া আদিৰ সন্ত্ৰাসবাদী শক্তি সমূহৰেও হওক। এইবোৰ চগা হৈ জ্বলি উঠোতে, প্ৰতিখন দেশ জ্বলি উঠাৰ ইতিহাসে, আজি ইউক্ৰেইনৰো ভৱিষ্যতৰ কলীয়া ডাঁৱৰবোৰকেই ইংগিত কৰা নাইনে, সেই কথাও আজি নিশ্চয়কৈ চিন্তনীয়।
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment