এভাগ চিনেমা, দুভাগ দেশঃ প্ৰসংগ ‘কাশ্মীৰ ফাইলচ’
ৰক্তিম গোস্বামী
‘কাশ্মীৰ ফাইলচ’ক আলোচনা এতিয়া শিখৰত। প্রচণ্ড বাক্- বিতণ্ডতা চলিছে চিনেমাখন লৈ। দেশখন উলম্বভাবে যেন বাগধাৰাত দুভাগ হৈ পৰিছে। চ’চিয়েল মিডিয়াত তালফাল লাগিছে। প্রচণ্ড শব্দ আৰু বাক্যবাণৰ যুদ্ধ চাৰিওঁফালে। চিনেমা হ’লে চিনেমা হ’লে ‘জয় শ্রী ৰাম’ৰ ধ্বনি, বিদ্বেষৰ ধ্বনি। হিন্দু- মুছলীম বিদ্বেষ এক নতুন ৰূপত সাৰ পাইছে ‘কাশ্মীৰ ফাইলচ’ৰ নামত।
নব্বৈৰ দশকত হোৱা কাশ্মীৰ আৰু কাশ্মীৰি পণ্ডিতসকলৰ লগত হোৱা অমানৱীয় ঘটনাক চিনেমাৰ ৰূপত দেখি অলেখজন শোকত ভাগি পৰিছে। আনহাতে বহুতে চিনেমাখনক এক প্রপ’গাণ্ডাৰ অভিযানৰ অংশহে বুলিও অভিহিত কৰিছে। ২০২৪ চনৰ নিৰ্বাচনৰ প্রস্তুতি বুলি আখ্যা দিছে কিয়নো যেতিয়ালৈকে হিন্দু- মুছলীম বিদ্বেষৰ বীজ সিঁচি থাকিব পৰা যাব ৰাজনীতিও সুকলমে চলি থাকিব। বহুতে কৈছে যে এটা সত্য ঘটনা ছোৱাত আপত্তি কিহৰ? তাৰ প্রত্যুত্তৰত আন এচামে কৈছে এনে নৃশংস সত্য ঘটনাৰে দেশ ভৰি আছে তেনেক্ষেত্রত আজিৰ তাৰিখত চৰকাৰী পক্ষৰ ৰাজনৈতিক অভিপ্রায় সকলোতকৈ সফলভাবে লাভাম্বিত হ’ব পৰাকৈ চৰকাৰী পক্ষৰ সৰ্বোপ্রকাৰৰ সহযোগ ও আহ্বানত ইমান ‘চিলেক্টিভ’ কাহিনী চয়ন কিয়?
কেচুঁ খান্দোতে সাপ ওলোৱাৰ দৰে প্রসংগ ওলাইছে ’৮৩ নেলী নৰসংহাৰৰ, ‘৮৪ দিল্লীৰ নৰসংহাৰৰ, প্রসংগ ওলাইছে ’০২ গুজৰাট নৰসংহাৰৰ, প্রসংগ ওলাইছে ভনীমাই দত্ত, ৰাজু বৰুৱাৰ। প্রসংগ ওলাইছে আলফা- ছালফা হত্যা যজ্ঞৰ, বড়োলেণ্ড নৃশংসতাৰ। প্রসংগ ওলাইছে ভূটানত কি দৰে হত্যা কৰা হৈছিল স্বাধীন অসমৰ কথাকোৱাসকলক, কি দৰে জ্বলোৱা হৈছিল টায়াৰ পুৰি। প্রসংগ ওলাইছে ধেমাজি বিস্ফোৰণৰ, গুৱাহাটিৰ ধাৰাবাহিক বিস্ফোৰণৰ। প্রসংগ ওলাইছে এ কে ৪৭ ৰ বুলেটেৰে থকা-সৰকা কৰি হত্যা কৰা পৰাগ কুমাৰ দাসৰ, CAA আন্দোলনৰ সময়ত গুলিয়াই হত্যা কৰা চেমহতঁৰ।
প্রসংগ ওলাইছে পূৰ্ব বংগীয়মুলৰ মুছলমানলোকৰ কংগ্রেছৰ পৃষ্ঠপোষকতাত অসমৰ ভূমি বেদখল আৰু খিলঞ্জীয়া ওপৰত সেই মুছলমানৰ অৱৰ্ণনীয় অত্যাচাৰৰ। প্রসংগ ওলাইছে কিয় মিছিংসকলে চৰ আৰু অলেখ বড়োলোকে নিজ ভূমি এৰি সংৰক্ষিত বনাঞ্চলত বসতি কৰিব লগা হৈছিল। AFSPA ৰ কথা ওলাইছে, গুপ্ত হত্যাৰ কথা ওলাইছে, মণিপুৰৰ কথা ওলাইছে, অলপতে হৰ্ণবিল ফেষ্টিভেল চলি থাকোতেই সামৰিক বাহিনীয় ‘ভুলবশতঃ’ (?) মাৰি পেলোৱা নগা ভাইহঁতৰ কথা ওলাইছে। ওলাইছে মুখ্যমন্ত্রীৰ ভূমি কেলেংকাৰী, সাৰদা, লুই বাৰ্জাৰৰ কথা। এই বহু চৰ্চিত চিনেমাখনে মুঠতে এইসময়ৰ সামাজিক ও ৰাজনৈতিক পটভূমিক জোকাৰি পেলাইছে।
‘কাশ্মীৰ ফাইলচ’ ছবিখনৰ আৰাম্ভণিতে এষাৰ কথা লিখা আছিল যি এষাৰ কথা হয়তো কোনোৱে গুৰুত্ব নিদিলে বা এই বিষয়ে ক’তো একো আলোচনাও হোৱা নেদেখিলো। তাত কোৱা হৈছিল যে গোষ্ঠী- সংৰ্ঘষৰ ভুক্তভোগী পৃথিৱীৰ প্রতিজন ব্যক্তিৰ হাতত এই চিনেমাখন সমৰ্পিত। এই কথাষাৰৰ মৰ্ম যদি তাৰ অৰ্থগতভাবে গ্রহণ কৰাহেতেন চাগৈ এই বাক্-সংঘাতৰ অৱকাশ নাথাকিলহেতেন কাৰণ এই কথাষাৰে আমেৰিকাৰ গৃহযুদ্ধৰ সময়ৰ কৃষ্ণাংগীসকল বা আফ্রিকাৰ কৃষ্ণাংগীসকলৰ পৰা দ্বীতিয় বিশ্বযুদ্ধৰ সময়ত ইহুদীসকল বা আফ্রিকাৰ হুটু- টুটচি সংঘাটৰ পৰা নেলী, গুজৰাটৰ সংঘাট আদিৰ দৰে পৃথিবীৰ সকলো সংঘাটৰ সকলো ভুক্তভূগীকে সামৰি লৈছে, জাতি- ধৰ্মৰ উৰ্দ্ধত। এই কথাষাৰৰ মৰ্ম যদি তাৰ অৰ্থগতভাবে গ্রহণ কৰাহেতেন কোনো দৰ্শকে ছবিখনক কেৱল হিন্দুৰ দুখগাঁথা বুলি নাচালেহেতেন, নিদিলেহেতেন চিনেমা হ’লে চিনেমা হ’লে ‘জয় শ্রী ৰাম’ৰ ধ্বনি, বিদ্বেষৰ ধ্বনি, মুছলমান খেদোৱাৰ ধবনি।
এই ছবিখনক মানুহে দৰাচলতে সময়ে সময়ে পৃথিৱীৰ চুকে কোণে বিভিন্ন শ্রেণীৰ মাজত চলি অহা সংঘাতে মাতি অনা মানৱ বিপৰ্যয়ৰ ছবি বুলি চাব পৰা হ’লে হয়তো ভাল আছিল। ছবিখন চাই হিংসাক বৰ্জন কৰিব লাগে নে হিংসুক হৈ উঠিব লাগে তাক বুজিব পৰা হ’লেওঁ ভাল আছিল। বাস্তবত এই ছবিখনক এখন ছবি হিচাপে সাধাৰণ জনতাই গ্রহণ কৰিব নজনাৰ বাবে বা ছবিখন চাই এচাম উগ্র হিন্দুত্ববাদী ১৯৯০ৰ প্রতিশোধ লবলৈ অস্থিৰ হৈ পৰাৰ বাবেই বা অত্যাধিক চৰকাৰী পৃষ্ঠপোষকতাৰে ছবিখনক এক সাম্প্রতিক ৰাজনৈতিক নেৰেটিভ দি সংঘাট বঢ়োয়াত উদগনি দিয়া বাবেই হয়তো ছবিখনে সমাজ খনক এক বিপৰ্যয়ৰ দুৱাৰ দলিত থিয় কৰাইছে।
ব্যক্তিগতভাবে যোৱা ২০- ২৫ বছৰ ধৰি এনেধৰণৰ ছবি সুযোগ পালেই চাওঁ। ইহুদী নিধনৰ অন্তত ৩০ খন হৃদয় বিদাৰক ইউৰোপীয় ছবি চাইছো। কেইবাখনো হলীউডৰ ছবি চাইছো, হোটেল ৰোৱাণ্ডা, ষ্টিভ বিক’ৰ পৰা ৰামচন্দ পাকিস্তানী, ফিৰাক, ১৯৪৭ আৰ্টঠ, পাৰজানিয়া (২০০২ ৰ গুজৰাটৰ মুছলমান সংহাৰৰৰ ওপৰত নিৰ্মিত), অমু (৮৪’ৰ শিখ সংহাৰৰৰ ওপৰত নিৰ্মিত) আদি বহু উচ্ছ প্রশংসিত ছবি সময়ে সময়ে চাই আহিছো কিন্তু ‘কাশ্মীৰ ফাইলচ’ ছবিখনে সমাজখনক যি দৰে অস্থিৰ কৰিছে সেয়া আগেয়ে কাহানিওঁ হোৱা দেখা নাছিলো। মোৰ বোধেৰে ইয়াৰ কাৰণ এয়ে যে সেই সময়ত ৰাজনীতি, ৰাজনীতিক, মিডিয়া আৰু চিনেমা আজিৰ দৰে একাকাৰ হোৱা নাছিল। উল্লেখ্য যে শাসকীয় দলে নিজৰ চৰকাৰ থকা গোৱা, গুজৰাট, হাৰিয়ানা, কৰ্ণাটকা, মধ্যপ্রদেশ, ত্রিপুৰা, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডত ছবিখন কৰ মুক্ত কৰিলে। অসমত চিনেমাখন চাবলৈ চৰকাৰী কৰ্মচাৰীক অৰ্ধচুটি দিয়া হ’ল, আনকি বিশ্ববিদ্যালয়েও এনে জাননী জাৰি কৰাক লৈ প্ৰতিক্ৰিয়া দেখিলো।
ছবিঘৰত চিনেমা এখন চাই দুখ লগা, কান্দি পেলোৱাতো এক তেনেই সহজ সৰল কথা যদিওঁ এই বেলিকা আদিত্যনাথ, আদৱানী আঙুৰলতা আদিৰ চকুলোৰ ফটো, ভিডিঅ’বোৰ চৌদিশে বিয়পি পৰা দেখা গ’ল। মুঠতে চলে- বলে- কৌশলেৰে চিনেমাখন যিমান সম্ভব সিমান সৰহ সংখ্যক মানুহক দেখুওৱাটো যেন খুব জৰুৰী তেনে এক মনোবৃত্তি ও প্রচেষ্টা জলজলপটপটকৈ বৰ্তমানে স্পষ্ট হৈ পৰিছে। ইয়াৰ মাজতে আকৌ ভাল লগা কথাটো হ’ল ‘কাশ্মীৰ ফাইলচ’ ৰ বাবে ওপৰত উল্লেখ কৰা ৰামচন্দ পাকিস্তানী, ফিৰাক, পাৰজানিয়া, অমু আদি ছবিবোৰো পুনৰ পোহৰলৈ আহিছে। এই ছবিবোৰৰ পুণৰ আলোচনা হৈছে। বহুতে এই ছবিবোৰৰ কথা নতুন কৈ জানিব পাৰিছে। চাবলৈ আগ্রহ প্রকাশ কৰিছে।
বৰ্তমান ছবিখনলৈ সমাজত যি এক ৰাজনৈতিক আৰু সামাজিক বিদ্বেষৰ ধুমুহা চলি আছে তাক একাষে ৰাখি মই পূৰ্বতে কৈ অহাৰ দৰে এটা ঘটনা হিচাপে, এখন চিনেমা হিচাপে, চলচিত্র পৰিচালনাৰ ফালৰ পৰা, চিত্রনাট্যৰ ফালৰ পৰা, কাৰিকৰী দিশৰ পৰা, আৱাহ সংগীতৰ ফালৰ পৰা ছবিখন যদি চাওঁ তেনেহ’লে দুই এটা বিষয় বাদ দি চিনেমাখনে নিজৰবাবে চিনেমা অনুৰাগীৰ মাজত নিশ্চিতই এক উচ্চস্থান তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। চিনেমা হিচাপে এইয়াই চিনেমাখনৰ সফলতা কিন্তু এজন সচেতন দৰ্শক হিচাপে প্রায়বোৰ ছবি চোৱাৰ পিছত থকাৰ দৰে এইখন ছবি চোৱাৰ পিছতো মোৰ দুটা কথাত আসোঁৱাহ থাকিল। তাৰে প্রথমটো হ’ল যে ‘কাশ্মীৰ সমস্যা’ যি সমস্যাৰ বাবে কাশ্মিৰী পণ্ডিতসকলে যমৰ যাতনা ভূগিলে যাৰ বাবে ‘কাশ্মীৰ ফাইলচ’ৰ সৃষ্টি হ’ল সেই সমস্যাৰ এটা কেন্দ্রীয় বিষয় আছিল গণভোট বা প্লেবিচচাইট (Plebiscite)। ছবিখনত পল্লবী যোশী যি ৰাধিকা মেনন নামৰ এগৰাকী প্রফেচাৰৰ ভূমিকাত অভিনয় কৰিছিল তেওঁৰ সংলাপত নিৰ্দেশকে মাথো গণভোট বা প্লেবিচচাইট যে নহল তাক হে উল্লেখ কৰিলে কিন্তু গণভোট বা প্লেবিচচাইট কিয় কৰিব পৰা নগ’ল তাক উল্লেখ নকৰিলে।
ছবি নিৰ্মাতা এজনৰ কিছু মৌলিক স্বাধীনতা থাকে গতিকে সেই স্বাধীনতা প্রয়োগেৰে কাশ্মীৰ সমস্যাটোৰে জড়িত সবাতোকৈ সংবেদনশীল গণভোট বা প্লেবিচচাইট বিষয়টোত অলপ পোহৰ পেলালে ৰাইজে এটা জানিবলগীয়া অতি দৰকাৰী কথা জানিলেহেতেন। তেওঁ যিহেতু ছবিখন বনাওঁতে কেৱল সত্য আৰু বস্তুনিষ্ঠতাক প্রত্যোকটো ক্ষেত্রতে প্রাধান্য দিছে তেনেক্ষেত্রত তেওঁ গণভোট বা প্লেবিচচাইটৰ কথা ইমান আংশিকভাবে কৈ তৎক্ষণাত কিয় সামৰিলে দৰ্শক হিচাপে তাক মোৰ বুজাত অলপ কষ্ট হ’ল। দ্বিতীয়তে, বিষয়টো হ’ল ছবিখনৰ নায়কৰ শেষৰ দীঘলীয়া (monologue) মন’লগটো। আগদিনা কাশ্মীৰৰ নিজৰ ঘৰলৈ যোৱালৈকে তেওঁৰ মনত দ্বন্দ আছিল, কি শুদ্ধ কি ভুল তাকলৈ, নিজৰ স্থিতিকলৈ। নিশা প্রাক্তন আই. এ. এছ বিষয়াৰ ভূমিকাত অভিনয় কৰা মিথুন চক্ৰবৰ্তীৰে কথা হোৱাৰ এদিন পিছতে নিজৰ বিশ্ববিদ্যালয়ৰ ইলেকশ্যন কেম্পেইনৰ মুখ্য ভাষণত (যিটো ছবিৰ শেষ অংশ) সমগ্র বিশ্বৰ তুলনাৰে কাশ্মীৰ, ভাৰতৰ আৰু হিন্দুত্বৰ গৌৰবোজ্বল ইতিহাস বিষয়ক যি এক বিষদ ভাষণ দিলে সেইয়া শুনি মনলৈ এটা দ্বণ্ডই আহিছিল যে তেওঁ যদি ইমান কথা জানিছিলেই তেন্তে তেওঁৰ প্রকৃতাৰ্থত ইমান দ্বণ্ড থাকিবই নালাগিছিল আৰু যদি তেওঁ এইবোৰ কথা নাজানিছিলেই তেনেহ’লে (এটা যাত্রা থকাৰ পিছত) একে ৰাতিতে ইমান বিষদ বিষয় এটা গিলি পিছদিনা ইমান আত্মপ্রত্যয়ৰে এইৰকম আবেগিক ভাষণ এটা কেনেকৈ দিলে?
এই দুয়োটা কথাৰ উপৰি আৰু এটা কথা উল্লেখ কৰা জৰুৰী। সেয়া হৈছে ছবিখনে ভুক্তভোগী কাশ্মিৰী পণ্ডিতৰ সত্য পৃথিৱীৰ মাজলৈ এইদৰে উলিয়াই দিয়াৰ বাবে বহু কাশ্মিৰী পণ্ডিতৰ বুকুৰ এসাগৰ দূখ পাতলিছে, হিয়া ঢাকুৰি কান্দিছে যদিওঁ আন এচাম কাশ্মিৰী পণ্ডিতে চৰকাৰে তেওঁলোকৰ বাবে বাস্তবত একো নকৰি এতিয়া চিনেমাৰ আশ্রয়েৰে তেওঁলোকৰ দুখৰ পিঠিত ভেজা দি ৰাজনৈতিক মুনাফা আদায় কৰিছে বুলি অভিযোগ তুলিছে। তেওঁলোকে লগতে এইটোওঁ কৈছে যে তেওঁলোকৰ দৰেই ভুক্তভোগী বা পাকিস্তানী সন্ত্রাসবাদৰ বলি হোৱা অগণনজন কাশ্মিৰী মুছলমানৰ কথা থল থকাৰ পিছতো ছবিখনত দেখুওৱা নহ’ল।এই অভিযোগ প্রতি-অভিযোগৰ ভিত্তিত এই কথা হয়তো ক’ব পাৰি যে ছবিখনত যি দেখুওৱা হৈছে সেইয়া সত্য কিন্তু ‘চিলেক্টিভ সত্য’ আৰু এই ‘চিলেক্টিভ সত্য’ ৰ আধাৰত মানুহে ছবিখন চাই ধৰ্মৰ নামত যিমান যুঁজিছে ছবিখনো ব্যৱসায়িকভাবে সিমানেই সফলতা লভিছে।
যি কি নহওঁক শেষত এটা কথা কওঁ যে মানুহ হিচাপে এজন মানুহ আন এজন মানুহৰ দুখৰ সমভাগী হোৱাতো এক মানবীয় দায়িত্ব। এই শোক প্রকাশ মানুহৰ স্বাধীনতাও। যি কোনো মানৱীয় বিপৰ্যয়ত সকলো এক হোৱাটো জৰুৰী। সত্যৰ উন্মেষণো জৰুৰী। ‘কাশ্মীৰ ফাইলচ’ ছবিখনত সত্য আছে মাথো এই সত্যত ৰাজনৈতিক ৰহন পৰা বাবে সমাজ বাৰুকৈ অস্থিৰ হৈছে আৰু এই কথা আমি মনত ৰাখিব লাগিব যে এই অস্থিৰতাই ৰাজনৈতিক লাভালাভৰ সবাতোকৈ উৎকৃষ্ট সাৰপানী। আশাকৰো অনাগতদিনতো ‘কাশ্মীৰ ফাইলচ’ দৰে মানবীয় বিপৰ্যয়ৰ ওপৰত বনোৱা এনে জীয়া ছবি আৰু ওলাব আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনেওঁ মানুহে একে উৎসাহেৰেই ইয়াক সাবতি ল’ব। ‘হিংসা পৰিহাৰ কৰা বস্তু, আঁকোৱালি লোৱা নহয়’- ছবি এখনৰ পৰা মানুহে এই শিক্ষা ল’ব পাৰিলে মানুহ, সমাজ, দেশ, চিনেমা, কলা সকলোৰে মংগল হ’ব, বিপাঙত পৰিব মাথো ধূৰ্ত ৰাজনেতাসকল।
No comments:
Post a Comment