ভৱিষ্যত গঢ়াৰ অধিকাৰ বনাম চক্ৰবেহুত 'পুটিন'
ড° অজয় লাল দত্ত
(১)
এগৰাকী পিতৃ হিচাবে জনপ্ৰিয় বেণ্ড 'মাইকেল লানৰ্চ টু ৰক'ৰ এই গীতটি অতিশয় প্ৰিয়। এই যুদ্ধৰ কলীয়া ধোঁৱাই পৃথিৱীৰ আকাশ ছানি ধৰাৰ সময়ত বাৰে বাৰে যেন পিতৃ-মাতৃ সকলে ভৱিষ্যত প্ৰজন্মক লৈ চিন্তাত আচ্ছন্ন হব লগা হৈছে। প্ৰতিজনৰে মুখত যে গুঞ্জৰিত হব খোজে এই কথাখিনিয়েই-
"Oh my sleeping child, the world's so wild
But you've built your own paradise
That's one reason why I'll cover you sleeping child
If all the people around the world
They had a mind like yours
We'd have no fighting and no wars
There would be lasting peace on Earth
If all the kings and all the leaders
Could see you here this way
They would hold the Earth in their arms
They would learn to watch you play..."
টিভিৰ পৰ্দাত, মোবাইল-লেপটপৰ পৰ্দাত শংকাময় পৰিৱেশ প্ৰত্যক্ষ কৰি থকাৰ মাজতে কনমানিটিয়ে আহি ক'লেহি- 'দেউতা, এই মহামাৰীৰ পৰা গোটেই পৃথিৱীয়ে উশাহ অকন লবলৈ পাইছিলহে, আকৌ কিহৰ বাবে যুদ্ধ লাগিছে?' তৃতীয় শ্ৰেণীত পঢ়া কনমানিক বুজাই দিয়াৰ প্ৰয়োজন নাই, নিজেই মনে মনে ইউ-টিউবত Dhruv Rathee দৰে বিশ্লেষক বিচাৰি, বুজিবলৈ আৰম্ভ কৰে পৃথিৱীখনক। এয়া হয়তো কেৱল আমাৰ ঘৰৰ পৰিৱেশ নহয়। নতুন প্ৰজন্মই আজি বহি থকা নাই, জনাৰ যতেই সুবিধা পাইছে, তাতেই পৃথিৱীখনক জানিবলৈ, বুজিবলৈ যত্ন কৰিছে। বিশ্বযুদ্ধ-১,২ৰ ভিডিঅ চাইছে, আমেৰিকাৰ টুইন টাৱাৰৰ ধ্বংসৰ ছবি, চিৰিয়াৰ দিনবোৰ, আফগানিস্তানৰ ভিডিঅ ফুটেজ। কাক কেনেকৈ বাধা দিব? আৰু এই কথাবোৰ দেখি কনমানিবোৰে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ হাতত নাথাকে কোনে যুক্তিপূৰ্ণ উত্তৰ। আকৌ প্ৰশ্ন হয়, মেডিয়া চেন্সৰ, ৱেব-চেন্সৰ কৰি ৰাছিয়াই নিজৰ দেশৰ জনসাধাৰণক কিমান দিনলৈ 'কথাবোৰ নাজানিবলৈ, চিন্তা-নকৰাকৈ' ৰাখিবলৈ সক্ষম হব?
আনকি এজন নেতাই যেতিয়া পৰমাণু অস্ত্ৰৰ কথা ক'লে, তেতিয়া এজন কনমানিয়ে সুধিলে, 'আমি নাথাকিলে বিশ্ব থাকি কি কৰিব বুলি কোৱা আচৰিত নেতাক তেওঁলোকৰ দেশৰ আন কোনো নেতাই কথাবোৰ বুজাই দিব নোৱাৰে নে?' এই কনল'ৰাৰ মুখৰ প্ৰশ্নৰ উত্তৰ আজি বিশ্বৰ নেতা সকলেও বিচাৰি দিব পৰা নাই, ইমানেই জটিল সময়!!
(২)
দিনবোৰ বাগৰিছে। বোমাবৰ্ষণ, অৰ্থনৈতিক অৱৰোধ, আলোচনা সকলো চলি আছে। পশ্চিমীয়া দেশৰ মেডিয়া, ইউক্ৰেইনৰ মেডিয়া, ৰাছিয়ান মেডিয়া, চ'ছিয়েল মেডিয়া সকলোতে নিজা নিজা প্ৰপাগাণ্ডা চলিছে। কিন্তু আহত-নিহত হৈছে সাধাৰণ প্ৰজাহে!
ভাৰত চৰকাৰেও সঘনে বৈঠক মিলিত হৈছে। ভাৰতে ইউক্ৰেইনলৈ মানৱীয় সহানুভূতিৰে সাহাৰ্য সামগ্ৰী আৰু মেডিচিন প্ৰেৰণ কৰিবলৈ লৈছে। বৰ ভাল সিদ্ধান্ত! পোলেণ্ডৰ সীমাত ভাৰতীয় বুলি কলেই অত্যাচাৰৰ সন্মুখীন হোৱা বাতৰিবোৰৰ অন্তত কূটনৈতিক ভাৱে সমাধানৰ বাট ওলাওক। যিমানেই বন্ধু নহওক কিয়, বন্ধুৱে যুদ্ধলৈ যাম বুলিলেও বাধা দিয়াটোৱেই বন্ধুৰ দায়িত্ব হোৱা উচিত। আৰু মানৱীয় সহানুভূতি সদায়েই দুৰ্বলজনৰ কাষত থিয় হোৱাটোৱেহে প্ৰকাশ কৰে।
পুটিনে দুটা দশতকৈ অধিক শাসন কৰিলে, এতিয়া ক্ষমতাৰে বলীয়ান। ২০৩৬ পৰ্যন্ত শাসনত থকাৰ বাবে সংবিধান সংশোধন কৰি লোৱা নেতা। দীৰ্ঘদিনৰ বাবে শাসনৰ জৰী হাতত ৰাখিবলৈ স্বেচ্ছাচাৰী নহলে নোৱাৰে। ইতিহাস সাক্ষী আছে যুগে যুগে। এনেয়ে কবিয়ে কৈ যোৱা নাই- ইয়াৰ আগৰ মহামহিমজনেও ভাবিছিল যে তেওঁ চিৰকাল থাকিব!!
যি কোনো দেশতে এনে দীৰ্ঘকাল শাসনত থকা নেতা বেছি শক্তিশালী হোৱাটো 'নিজকে মহাশক্তি বুলি ভবাটো' বিশ্বৰ বাবেই সুলক্ষণ নহয়। এইবাৰ শেনৰ এজাত, বিশ্বৰ বেছিভাগ মানুহেই যুদ্ধ বিৰোধী আৰু অৰ্থনীতি-কুটনীতি আৰু প্ৰযুক্তিৰ অৱৰোধৰ দ্বাৰা আন্তঃৰ্জাতিক ভাৱে হেঁচা পৰিব। পুটিনৰো প্ৰাণ আছে, তেওঁৰ বিদেশত থকা ধনকুবেৰ সকলৰ পেৰাত। এইবাৰ বিৰোধী শক্তিবোৰৰো শেনচকু তাতেই, প্ৰাণৰ পখীত টেপা মাৰিবৰ যো-জা চলিছে!! ৰুবলৰ মূল্যমান একেদিনাই ধূলিস্যাত। ৰাছিয়ান মানুহৰ সাঁচতীয়া ধন ভেলুহীন হোৱাৰ উপক্ৰম। অৰ্থনীতিৰ ঘাঁ শুকাবলৈ বহুদিন লাগিবই বুলিও অৰ্থনীতিবিদৰ শংকা প্ৰকাশ!
ৰাছিয়াতে পাঁচ হাজাৰতকৈ অধিক মানুহে যুদ্ধৰ বিৰোধিতা কৰি জেললৈ গৈছে। Novosibirsk, Russia ত যুদ্ধ বিৰোধী গণ সমদল ওলাইছে ৰাস্তাত দীঘলীয়াকৈ। বিদেশত 'পুটিনৰ অবৈধ ধনভঁৰালী' ৰূপে খ্যাত ৰাছিয়ান ধন-কুবেৰ দুজনমানেও এইবাৰ পুটিনৰ বিৰোধিতা কৰিছে, নিজা ৰিক্সত। কথাবোৰ লক্ষণীয়। আনকি পুটিন বিৰোধী ৰাজনৈতিক নেতাক মুকলি কৰি দিবলৈ আহ্বানো জনাইছে, আৰু পূৰ্বতে পুটিনৰ বিৰোধিতাৰ বাবে ৰাছিয়াত 'নিহত হৈ শ্বহীদ' হোৱা সকলৰ ফটোও টুইট কৰা দেখা গৈছে। কথাবোৰ ইংগিতধৰ্মী।
বিগত তিনিটা বছৰত অস্ত্ৰ কিনিবলৈ আমেৰিকাই ইউক্ৰেইনলৈ বহু মিলিয়ন ডলাৰ যোগান ধৰিছিল। এটা কথা মনত ৰখা ভাল যে, আমেৰিকাৰ ধন লৈ শক্তিশালী হোৱাৰ ভাও দিয়া প্ৰায় প্ৰতিখন দেশৰ অৱস্থা অৱশেষত যুদ্ধবিধ্বস্তই হৈ আহিছে!! অৱশেষত মহত লোকৰ বাণী দুটা সদায়েই মনত থাকিব, ১. বয়সীয়ালে যুদ্ধৰ আয়োজন কৰে, কিন্তু আটাইতকৈ ভুক্তভোগী হয় শিশু, মহিলা আৰু কমবয়সীয়া যুৱ প্ৰজ্ন্মটো; ২. ধনবানে নিজৰ অহং ৰাখিবলৈ যুদ্ধ কৰে, কিন্তু পিষ্ট হয় সাধাৰণ জনতা আৰু দুখীয়াজনহে! এই ক্ষণতো সেয়াই হৈ আছে, যিটো অতি দুৰ্ভাগ্যপূৰ্ণ।
(৩)
ইউক্ৰেইনত নিহত হোৱা ভাৰতীয় শিক্ষাৰ্থী নবীন শেখৰাপ্পালৈ শ্ৰদ্ধাঞ্জলি জনালো। প্ৰকাশ পোৱা তথ্যমতে এই শিক্ষাৰ্থী গৰাকীয়ে 97% নম্বৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত লাভ কৰিছিল, কিন্তু নিজৰ দেশত Medical ত ছীট নাপালে। বিশ্বৰ যিকোনো সুবিধাজনক ঠাইত পঢ়া-কেৰিয়াৰ গঢ়া সপোন প্ৰয়াসী সকলৰ অধিকাৰ আছে! উন্নততৰ জীৱন গঢ়াৰ সাধনা কৰিব বিচৰা নৱ-প্ৰজন্মক ভাল পাওঁ, সন্মান কৰো। #হিতাধিকাৰী ৰ #চাউল খাই #স্বাধীন #চৰ্চা বাদ দি সমাজৰ 'নতুন জাতৰ ব্ৰইলাৰৰ জীৱন' কটাব খোজা, কেৱল চ'চিয়েল মেডিয়া যুঁজাৰু হোৱা, বহু লোকতকৈ তেওঁলোকক সন্মান কৰো।
যুদ্ধৰ পৰিস্থিতি হোৱা বাবেই #ukraine ত পঢ়িবলৈ যোৱা সকলৰ আজিৰ তাৰিখত অসুবিধা হৈছে ঠিকেই। কিন্তু বিদেশৰ বহু দেশতে বিভিন্ন কৰ্ছ কৰিবলৈ বহু শিক্ষাৰ্থীয়ে নিজৰ সুবিধা মতে, বা নিজে সুবিধা কৰি গৈয়েই আছে আৰু যাবই। আমি তেওঁলোকক ক্ষণিকৰ নিকৃষ্ট আনন্দৰ বাবে হাঁহিয়াতৰ পাত্ৰ কৰিব পাৰো, কিন্তু তেওঁলোকৰ উছাহক বাধা দিব কেতিয়াও নোৱাৰো। কাৰণ, উন্নততৰ জীৱনৰ হাবিয়াসেই হৈছে, মানৱ সভ্যতাৰ উত্তৰণৰো এটা মৌলিক তাড়ণা। যাৰ অবিহনে সভ্যতাৰেই বিকাশ নহ'লহেতেন। |
দেশে দেশে ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা |
এনে বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থী সকলৰ ভিতৰত মেডিকেল পঢ়া সকলে ভাৰতলৈ ঘূৰি আহিলে ভাৰতীয় লাইচেঞ্চৰ বাবে এটা পৰীক্ষা দিব লাগে আৰু তাত সফলতাৰ হাৰ দহ শতাংশ মানহে বুলিও প্ৰকাশ পাইছে। তেন্তে বাকীবোৰৰ কি হব, কিয়নো যায় বুলি বহুতেই কৈছে। কিন্তু UKRAINE ৰ দৰে দেশত মেডিকেল পঢ়িলে Germany ৰ দৰে দেশত কৰ্ম-সংস্থানৰো বাট মুকলি হয়। শেহতীয়াকৈ কালি ইউৰোপিয়ান ইউনিয়নৰ সদস্য হোৱাৰ বাবে ইউক্ৰেইনে কৰা আবেদনৰ পাছত সেয়া গৃহীত হ'লে ইউৰোপৰ বহু দেশতে তেনে শিক্ষাৰ্থী সকলৰ ডিগ্ৰী ভেলিড বিবেচিত হব।EU ৰ সদস্য হোৱাৰ লগে লগে এতিয়া ইউক্ৰেইন এৰি যোৱা শৰণাৰ্থী সকলে ২-৩ বছৰৰ বাবে ইউৰোপৰ যি কোনো দেশতে থকাত কোনো অসুবিধা নহব। আনবোৰ কৰ্ছ পঢ়া বহুতেই দেশে বিদেশে সংস্থাপন লাভ কৰে, ভাৰতলৈ ঘূৰি আহিবই লাগিব বুলি ভবাটো বন্ধ কৰিলেই নতুন বাট নিশ্চয় মুকলি হব। আৰু এতিয়া পৰিবৰ্তিত পৰিস্থিতিয়ে নতুন ৰাস্তাও নিশ্চয়কৈ মুকলি কৰিব।
নিজৰ ভৱিষ্য়ত গঢ়াৰ অধিকাৰ সকলোৰে আছে। সেই সপোন খেদাৰ তাড়ণাৰ বাবেই দেশৰ পৰা বিদেশলৈ, বিদেশৰ পৰা দেশলৈ অহৰহ মানুহ আহিছে গৈছে। বাংলাদেশ, ভাৰত, পাকিস্তান তথা এছিয়াৰ বিভিন্ন দেশৰ পৰা গৈ মানুহ বিশেষকৈ ইউৰোপ, আমেৰিকা আৰু আৰৱত সংস্থাপিত হৈছে। তেওঁলোকে বিদেশী মুদ্ৰা ভাৰতলৈ আমদানি কৰি অৰ্থনীতিলৈ অৰিহণাও যোগাইছে। ভাৰতৰ কেৰেলা, পঞ্জাৱ আদি ৰাজ্যৰ কথা পঢ়িলেই কথাবোৰ গম পাব, যে প্ৰতিখন গাঁৱৰ লোক কিদৰে বিশ্বৰ ভিন্ন প্ৰান্ত পঢ়া তথা কৰ্মৰ তাড়ণাত Migrated হৈছে। কোনোবাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি Greener pasture ৰ নাগৰিকত্ব লৈছে, কোনোৱে ভাৰতীয় হৈয়ে ৰৈছে। আনকি ৰাছিয়াত পঢ়িবলৈ যোৱা ডাক্তৰ অভয় সিং ৰাছিয়াত পুটিনৰ পাৰ্টিৰ বিধায়কো হৈছে। একেদৰেই বহু দেশতে নাগৰিকত্ব লৈ প্ৰথম অথবা দ্বিতীয় প্ৰজন্মৰ বহু ভাৰতীয় মূলৰ লোকেই আনকি ৰাজনৈতিক নেতৃত্বও লবলৈ সক্ষম হৈছে। সকলোৱে পঢ়ি ঘৰলৈ, গাঁৱলৈ বা দেশলৈ আহি ইয়াত 'লাইচেঞ্চ' লৈ কাম কৰাটোকেই একমাত্ৰ উপায় বুলি ভাবি ৰৈ থকা নাই। নতুন ঠাইলৈ গলে তাৰ পৰা চালে বিশ্বৰ প্ৰতি দৃষ্টিভংগীও সলনি হয়। কিন্তু কবলৈ বেয়া কিন্তু, যি সকলে নিজে কোনো সাধনা কৰি উন্নততৰ শিক্ষা বা উন্নততৰ দেশ বা ঠাইৰ জীৱনৰ প্ৰতি আগ্ৰহ জন্মাব পৰা নাই, তেওঁলোকেও এই শিক্ষাৰ্থী সকলক লৈ কটু মন্তব্য কৰিছে, যিটো বিপদত পৰা ক্ষণত অতি অমানৱীয় কথা হৈছে। আৰু এনে দৃষ্টিভংগী চ'চিয়েল মেডিয়াত পোষণ কৰা সকলে, ৰাজকোষৰ ধন 'অপাৰেচন গংগা' উদ্ধাৰ অভিযান খৰছ কৰাত গাত লগাৰ প্ৰতিক্ৰিয়া দিয়া সকলে, নিজকে চিকুটি চাওকচোন! তেওঁলোকে প্ৰকৃততে কিমান ৰাজকোষলৈ টেক্সৰ ৰূপত অৰিহণা যোগাইছে! বহুতেই হিতাধিকাৰী হবলৈ নিজকে বিপিএল কৰি ৰখাকেই #কেৰিয়াৰ বুলি ভবাৰ 'দেশী ভাৱতেই আচ্ছন্ন'!
আৰু যেতিয়াই কোনো যুদ্ধসদৃশ দুৰ্যোগ আহিছে, সেই সকল 'বিদেশত থকা' ভাৰতীয়ক উদ্ধাৰ কৰাৰ দায়িত্ব ঐতিহাসিক ভাৱেই ভাৰত প্ৰজাতন্ত্ৰই কৰি আহিছে আৰু কৰি থাকিব। সেয়া কোনো এজন শাসনত থকা ব্যক্তিয়ে পোন প্ৰথমবাৰৰ বাবে কৰা কাম নহয়, সেই কথাও আমি বুজি উঠা উচিত।
যুদ্ধৰ পৰিস্থিতিত বিশ্বৰ নেতা সকলে কি স্থিতি গ্ৰহণ কৰে সেয়া গোটেই বিশ্বৰ বাবেই স্পৰ্শকাতৰ কথা হৈ পৰিছে। কি জেলিনেস্কি, কি পুটিন, এখন তাল কেতিয়াও নাবাজে। দুয়োজন নেতাৰে কথা-কৰ্ম-চিন্তাত থকা স্বেচ্ছাচাৰীতা আৰু কম্প্ৰমাইজ নকৰাৰ স্থিতিয়ে ইউক্ৰেইনৰ জনতাকে নহয়, বিশ্বৰ প্ৰায়বোৰ দেশৰ জনতাকেই শংকিত কৰি তুলিছে। কাৰণ পৰমাণু যুদ্ধ নহলেও, অৰ্থনৈতিক অৱৰোধৰ ফলত দেশে-বিদেশে সাধাৰণ মানুহৰ জেপত সকলোৰে জুই লগাটোতো এতিয়া নিৰ্ঘাত হৈ পৰিছে। পুটিন ইমানেই স্বেচ্ছাচাৰী হৈছে যে কোনোৱেই তেওঁক কোনো কথাত না-কব নোৱাৰা বা মত নিমিলিলে ফীডবেক দিব নোৱাৰা অৱস্থাত উপনীত হোৱা বুলি বহু ৰাষ্ট্ৰপ্ৰধানে মত প্ৰকাশ কৰিছে। ভবা ধৰণে ইউক্ৰেইন দখল কৰিব নোৱাৰি, কি স্থিতি পুটিনে গ্ৰহণ কৰে, তাৰ ওপৰতে এতিয়া বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছে। বিশ্বৰ ভূ-ৰাজনীতিত তৰান্বিত ভাৱে পৰিবৰ্তন আহিছে। জাৰ্মান, ডেনমাৰ্ক, চুইডেন আদি দেশে যুদ্ধ আদিৰ পৰা আঁতৰি থকাৰ নীতিৰ সা-সলনি কৰি আত্মৰক্ষাৰ বাবে সমৰসজ্জাত একত্ৰিত হোৱা বা নিজৰ প্ৰতিৰক্ষা বাজেট বৃৃদ্ধিৰ কথাও ঘোষণা কৰিছে। ফলত, অনাগত দিনবোৰত যে ভূ-ৰাজনীতিৰ পাকচক্ৰত গোটেই বিশ্বৰে সাধাৰণ জনতা ত্ৰষ্ট হব লাগিব সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে।
বিশ্বৰ নেতা সকলক মানুহে মানুহৰ জীৱন সহজতৰ, উন্নততৰ কৰাৰ বাবেহে দায়িত্ব দিছে। নিজৰ অহং ৰাখিবলৈ পৃথিৱীখন ভঙাৰ অধিকাৰতো দিয়া নাই। বিশ্বৰ অপশক্তিবোৰৰ অৱসান হওক। শান্তিৰে মানুহৰ সভ্যতাক জীয়াই ৰখাৰ নিশ্চিতিৰ বতৰা আহক।
---------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
Youtube চেনেল xukhdukh ত চাওক,
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
No comments:
Post a Comment