প্ৰৱন্ধঃ অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প  :: ড° অখিল ৰঞ্জন দত্ত

প্ৰৱন্ধঃ অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প :: ড° অখিল ৰঞ্জন দত্ত

Share This

অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প

ড° অখিল ৰঞ্জন দত্ত

অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প, ড° অখিল ৰঞ্জন দত্ত, অসমীয়া, প্ৰৱন্ধ, প্ৰবন্ধ, Asom, Asomiya, xukhdukh, assam history

১৫৮৮ শকৰ চাৰি আহিন তাৰিখে আহোম স্বৰ্গদেউ শ্ৰীশ্ৰীচক্ৰধ্বজ সিংহ মহাৰাজালৈ জয়ন্তা ৰাজাই এখন পত্ৰ লিখিছিল : ‘কুশলমিহতাং ভবতাং ভাবুকং সমীহামহে – পৰং তোমাৰ আমাৰ প্ৰীত আজিৰ নাহয়, পূৰ্বাবধি চলিয়া আইতেছে । অধিকত অধিক হূইবাৰ তোমৰ থানে যে কিছু লেখিয়াছিলাম তাক শুনিছ । আমি জানিছিলাম ইবাৰ প্ৰীতেৰ কিছু বাকী নাৰহিল, তাতে অধিকাধিক হৈব । পূৰ্বে যে আছিল তাক ভাংগিলা, আমাৰ কটকীখানি বিদায় কৰিলা । যদি কোনো ছিদ্ৰ থাকে তথাপি লেখিবাৰ উচিত; আপোনাৰ কটকী দিয়া কহিবাৰ উচিত অকস্মাৎ এমতখান কৰ্ণ কুটুম্বেৰ সহিত ভালো নহয় ।‘ (Our respectful wishes for your wellbeing: The bond of friendship between us is not new, but is a continuation of our past legacy. You have read my letters suggesting the way in which the bond of friendship can be strengthened to the further possible extent. I believe that my suggestions would have left no scope for misunderstanding, but would have rather strengthened our bond of friendship. Unfortunately, you have broken our earlier bond of friendship and have sent our messenger back. If there was any shortcoming on our part, you could have written to us or informed us through your messenger.’। 

অসম বুৰঞ্জীৰ বহুৰঙী ইতিহাস আৰু অনুবাদ প্ৰকল্প, ড° অখিল ৰঞ্জন দত্ত, অসমীয়া, প্ৰৱন্ধ, প্ৰবন্ধ, Asom, Asomiya, xukhdukh, assam history

এই চিঠিৰ উত্তৰত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই জয়ন্তা ৰাজালৈ ১৫৮৮ শকৰ ৮ আঘোন তাৰিখে পত্ৰযোগে লিখিলে : ‘ এথা কুশল, তোমাৰ কুশল সৰ্বদা চাহি । পৰং তোমাৰ লিখা আসিল, সমাচাৰ প্ৰীতিপূৰ্বকে জানিলো । আৰ দেখ তুমি বুলিছা বোলা, - ‘পূৰ্বপ্ৰীতিকো ভাংগিলা ।‘ ইখান আগপাচ বিমৃষা কৰি বোঅলনহে উচিত । পূৰ্বাপৰে যেমত ধাৰণ উকীল- পত্ৰ গতাগত কৰিছে এখনো তেমত ধাৰণে উকীল-পত্ৰ গতাগত কৰিলেসে পূৰ্বপ্ৰীতিগোট ৰহে। পূৰ্বধাৰঙোট নাৰহিলে পূৰ্বগোট কেমনে ৰহিব? “ (Everything is fine here and we always wish you well. We have meanwhile received your letter and have noted the contents of the letter with pleasure. You have accused us of having broken the existing bond of friendship. But, you should say such things only after proper introspection about its probable consequences. Our friendship will last only if you continue to send envoys and messages according to earlier procedure of exchanging notes. If you do not follow the procedure of the past, how will our friendship of the past remain?’ এই পত্ৰৰ লগতে স্বৰ্গদেৱে জয়ন্তা ৰাজালৈ বিভিন্ন সামগ্ৰীৰ এটোপোলা উপহাৰো প্ৰেৰণ কৰে । এই দুয়োখন চিঠিৰ পৰা আমি আহোম ৰাজতন্ত্ৰ আৰু প্ৰতিবেশী জয়ন্তীয়া ৰাজ্যৰ সম্পৰ্কৰ এক উমান পাওঁ। জয়ন্তীয়া ৰজাই তেওঁতকৈ শক্তিশালী আহোম স্বৰ্গদেৱৰ সমূখত নিজৰ মত স্পষ্টকৈ ৰাখিছে আৰু আহোম স্বৰ্গদেৱেও জয়ন্তীয়া ৰাজাৰ এই স্পষ্টবাদিতাক সাধুবাদ দিছে । লগতে বন্ধুত্ব অটুত ৰখাৰ বাবে জয়ন্তীয়া ৰাজালৈ উপহাৰৰ টোপোলা প্ৰেৰণ কৰিছে। আহোম সকলে যে ছয়টা শতিকা ধৰি নিৰৱচ্ছিন্ন শাসন চলাব পাৰিছিল তাৰো অন্যতম কাৰণ প্ৰতিৱেশী সৰু-বৰ জনগোষ্ঠীয় ৰাজ্য আৰু শাসকৰ প্ৰতি পোষণ কৰা মিত্ৰতা আৰু সন্মানৰ ভাব । 


আমি আহোম শাসনৰ এই পত্ৰালাপৰ সন্ধান কৰ পৰা পাওঁ ? সেই সময়ত কোনো গণ মাধ্যম নাছিল । গতিকে এইবোৰ ৰাজহুৱা হোৱাৰ  সম্ভাৱনা নাছিল। কিন্তু এই সকলোবোৰ চুকাফাৰ দিনৰে পৰা লিপিবদ্ধ কৰাৰ ব্যৱস্থা হৈছিল আৰু সমসাময়িক ৰাজনৈতিক ঘটনাপ্ৰৱাহক এইধৰণে লিপিবদ্ধ কৰা অনুশীলনেই হ’ল বুৰঞ্জী। বুৰঞ্জী প্ৰণয়ন আহোম সকলৰ অসমৰ ইতিহাস চৰ্চালৈ এক অনবদ্য অৱদান হিচাবে স্বীকৃত হৈছে। এই বুৰঞ্জীসমূহ আহোম শাসকৰ নিৰ্দেশনা মৰ্মে ৰাজপুৰোহিত অথবা ৰাজবিষয়াই প্ৰণয়ন কৰিছিল ।  


এই বুৰঞ্জী সমূহৰ বহুবোৰেই হয়তো হেৰাই গ’ল। সৌভাগ্যৰ কথা ড° সূৰ্য্য কুমাৰ ভূঞাই কুৰি শতিকাৰ আৰম্ভণিতে এনে বহু বুৰঞ্জী সংগ্ৰহ, সংকলন আৰু সম্পাদনা কৰিছিল আৰু অসম চৰকাৰৰ ইতিহাস আৰু পুৰাতত্ব  বিভাগে ১৯৩০ ৰ দশকতে এনে এলানি বুৰঞ্জী প্ৰকাশ কৰিছিল। পৰৱৰ্ত্তী সময়ত এই বুৰঞ্জীসমূহ ইতিহাস আৰু পুৰাতত্ব  বিভাগে কেইবাবাৰো পুনৰ প্ৰকাশ কৰিছে । আহোম প্ৰশাসনৰ চৰিত্ৰ বুজি উঠাৰ বাবে এই বুৰঞ্জীসমূহ অন্যতম উৎস। প্ৰকাশিত বুৰঞ্জীসমূহৰ ভাষা পুৰণি অসমীয়া। তাৰ উপৰিও বুৰঞ্জীত সমসাময়িক কালৰ অন্য জাতি-জনগোষ্ঠী যেনে জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰী, টাই আদি ভাষাও ব্যৱহৃত হৈছিল। সেয়েহে এই বুৰঞ্জীসমূহ আজিৰ অসমীয়া ভাষা জনা সকলৰ বাবেও বোধগম্য নহয় ।  অসম তথা উত্তৰ-পূব ভাৰতৰ ইতিহাস অধ্যয়ন আৰু গৱেষণাৰ বাবে বুৰঞ্জী সমূহ অতি গুৰুত্বপূৰ্ণ উৎস । কিন্তু বুৰঞ্জীত ব্যৱহৃত ভাষা, বিশেষকৈ তাৰ ইংৰাজী অনুবাদ নথকাৰ বাবে এই বুৰঞ্জীসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সৃষ্টি হৈ আহিছিল । অতি আনন্দৰ কথা যে ড° সূৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাসে এই বুৰঞ্জীসমূহৰ ভিতৰৰে নখন বুৰঞ্জী পুথিৰ ইংৰাজী ভাষালৈ অনুবাদৰ কাম হাতত লৈছে আৰু তাৰে চাৰিখন বুৰঞ্জী ইতিমধ্যে প্ৰকাশ পাইছে । অনুবাদৰ বাবে হাতত লোৱা বুৰঞ্জী কেইখন হ’ল ক্ৰমে দেওধাই অসম বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, হৰ কান্ত সদৰ-আমিনৰ অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী আৰু অসম বুৰঞ্জী। 


উপন্য়াসখনৰ পিডিএফ অনলাইন লাইব্ৰেৰীত পাব, ফটোত ক্লিক কৰক

ইতিমধ্যে ইংৰাজীলৈ অনুদিত বুৰঞ্জী কেইখন হ’ল হৰ কান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী (প্ৰথম প্ৰকাশ ১৯৩০ চন); দেওধাই অসম বুৰঞ্জী (প্ৰথম প্ৰকাশ ১৯৩২ চন); কছাৰী বুৰঞ্জী (প্ৰথম প্ৰকাশ ১৯৩৬ চন) আৰু জয়ন্তীয়া বুৰঞ্জী (প্ৰথম প্ৰকাশ ১৯৩৭ চন)। অনুদিত বুৰঞ্জী কেইখনৰ বিশেষ বৈশিষ্ট হ’ল এইয়ে যে বাওঁফালৰ পৃষ্ঠাত মূল বুৰঞ্জীৰ পাঠ আৰু সোঁফালৰ পৃষ্ঠাত ইংৰাজীলৈ অনূদিত পাঠ তুলি ধৰা হৈছে। সেয়েহে এগৰাকী পাঠকে একে সময়তে বুৰঞ্জীৰ মূল পাঠ আৰু ইংৰাজী অনুবাদ পঢ়িবলৈ পাব । আমি যিসকলে পূৰ্বে  ভাষা বুজি নোপোৱাৰ বাবে বুৰঞ্জীসমূহ পঢ়িব বিচৰা নাছিলো এতিয়া ইংৰাজী অনুবাদ উপলবদ্ধ হোৱা হেতুকে বুৰঞ্জীৰ মূল পাঠ পঢ়াটোও সুবিধাজনক হৈ উঠিল । বুৰঞ্জীসমূহৰ ইংৰাজী অনুবাদৰ উদ্যোগ গ্ৰহণ কৰিছিল ড° সূৰ্য কুমাৰ ভূঞাৰ নাতি, এগৰাকী শিক্ষাবিদ আৰু অসম হিতৈষী বন্তি ভূঞাই । আৰু অনুবাদ লানিৰ সম্পাদনাৰ দ্বায়িত্ব ল’লে অসমৰ দুগৰাকী নিষ্ঠাৱান আৰু প্ৰসিদ্ধ ইতিহাসবিদ ক্ৰমে অধ্যাপক শীলা বৰা আৰু অধ্যাপক মনোৰমা শৰ্মাই। তেখেতসকলে অনুবাদৰ বাবে নিৰ্বাচন কৰিলে ইতিমধ্যে অনুবাদৰ স’তে জড়িত এনে কেইগৰাকীমান ব্যক্তিক যিসকলৰ প্ৰত্যেকেই হয়তো প্ৰত্যক্ষভাৱে উচ্চ শিক্ষা বা আনুষ্ঠানিক ইতিহাস চৰ্চাৰ স’তে জড়িত নহয়, কিন্তু ইতিহাস চিন্তাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে  অনুবাদ সম্বলিত এইলানি বুৰঞ্জী প্ৰকাশ কৰিছে গুৱাহাটীস্থ ডি ভি এছ পাব্লিছাৰছে। পকাবন্ধা এই বুৰঞ্জী পুথিকেইখনৰ ছপা, পৃষ্ঠা-সাজোন আৰু বেটুপাত অতি উচ্চমানৰ আৰু পৃথিৱীৰ যিকোনো প্ৰকাশন প্ৰতিষ্ঠানৰ স’তে ফেৰ মাৰিব পৰা ধৰণৰ । এই গোটেই প্ৰক্ৰিয়াটোক প্ৰাপ্তিৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে ড° সূৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাস ধন্যবাদৰ পাত্ৰ। আটাইতকৈ শলাগ ল’বলগীয়া ব্যক্তিগৰাকী হ’ল বন্তি ভূঞা ।  আমাৰেই দূৰ্ভাগ্য যে অনুবাদ সম্বলিত প্ৰথম লানি বুৰঞ্জীয়ে প্ৰকাশৰ মুখ দেখাৰ আগেয়েই বন্তি ভূঞাই ইহ সংসাৰ ত্যাগ কৰিলে। তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অনুবাদ সংকলিত চাৰিখন বুৰঞ্জী উন্মোচিত কৰি ড° সূৰ্য কুমাৰ ভুঞা স্মাৰক ন্যাসে বন্তি ভূঞাৰ প্ৰতি প্ৰাপ্য শ্ৰদ্ধা নিৱেদিলে। 


গ্ৰন্থ আলোচনাঃ ‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ :: কুমাৰ নৱজ্যোতি


বুৰঞ্জীনো কি ধৰণৰ ইতিহাস? আহোম ৰাজতন্ত্ৰৰ স্পষ্ট নিৰ্দেশনাত পুৰোহিত অথবা ৰাজবিষয়াই প্ৰণয়ন কৰা বুৰঞ্জী সমূহ ইতিহাস বুজাৰ সঠিক সমল হয়নে? এইবোৰ আচলতেই জটিল প্ৰশ্ন । অন্যহাতে বুৰঞ্জী সমূহ প্ৰথমাৱস্থাত যিহেতু টাই ভাষাত আৰু পৰৱৰ্তী সময়তহে অসমীয়াত লিখা আৰম্ভ হ’ল গতিকে তাত সন্নিৱিষ্ট বিষয়-ঘটনা সঁচাকৈয়ে শুদ্ধৰূপত উপস্থাপিত হৈছে নে? আৰু এটা জটিল প্ৰশ্ন আছে । ইতিমধ্যে ইতিহাসক শাসক গোষ্ঠীয়ে নিজৰ স্বাৰ্থত বহু সময়ত অপব্যাখ্যা কৰি সজাই পৰাই লৈছে । ইংৰাজী অনুবাদৰ স’তে প্ৰকাশ হোৱাৰ পিছত বুৰঞ্জসমূহ অধিকভাৱে ৰাজনৈতিক স্বাৰ্থত ব্যৱহৃত হ’ব নেকি? এইবোৰ প্ৰাসংগিক প্ৰশ্ন । কিন্তু এইবোৰে বুৰঞ্জীৰ গুৰুত্ব নস্যাৎ কৰিব নোৱাৰে ।


চিন্তনঃ ভাষাৰ শিপা আৰু হীনমন্যতাবোধঃ জাতীয়তাবাদ কেৱল আৱেগিক চিন্তাহে নেকি? :: ড° অঞ্জল বৰা


বুৰঞ্জী হ’ল বৰ্ত্তমানৰ ইতিহাস- Buranjis are the history of the present। বুৰঞ্জী সম্পৰ্কে মনত ৰাখিবলগীয়া এইটোৱেই হ’ল আটাইতকৈ ডাঙৰ কথা । এই বুৰঞ্জীৰ প্ৰণেতাসকল প্ৰশিক্ষণপ্ৰাপ্ত ইতিহাসবিদ নাছিল । ৰাজতন্ত্ৰৰ স’তে ঘনিষ্ঠভাৱে জড়িত লোকেই বুৰঞ্জী প্ৰণয়ণ কৰিছিল । তাৰফলত বুৰঞ্জীসমূহ সমসাময়িক সময়ৰ নিৰস পাঠ নহয় । বুৰঞ্জীয়ে নিশ্চয়কৈ সাধাৰণ মানুহৰ জীৱন-প্ৰত্যশাক তুলি ধৰা নাই । আহোম ৰাজতন্ত্ৰও যিহেতু এক সামন্তীয় ব্যৱস্থাই আছিল, গতিকে বুৰঞ্জীত সাধাৰণ মানুহৰ জীৱন-প্ৰত্যাশা আশা কৰাটোও সমীচীন নহ’ব । কিন্তু আহোম ৰাজতন্ত্ৰৰ কেতবোৰ উল্লেখনীয় বৈশিষ্ট আছিল । সেইবোৰৰ ভিতৰত দুটা দিশ গুৰুত্বপূৰ্ণ : (ক) আহোম ৰাজতন্ত্ৰই শাসন পৰিচালনাৰ এক বহল আন্ত:গাঁথনি তৈয়াৰ কৰি লৈছিল; আৰু (খ) আহোম ৰাজতন্ত্ৰই প্ৰতিৱেশী সৰু-বৰ জনজাতীয় ৰাজ্যসমূহৰ স’তে  পাৰস্পৰিক সন্মানৰ ওপৰত প্ৰতিষ্ঠিত সম্পৰ্কৰ এক আধাৰো নিৰ্মাণ কৰি লৈছিল । বৰ্ত্তমানৰ উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ জনগোষ্ঠীৰ স’তে আহোম ৰাজতন্ত্ৰই সম্পৰ্ক স্থাপন কৰিব পাৰিছিল । বুৰঞ্জী সমূহত এই দুইটা দিশ অতি স্পষ্টকৈ প্ৰতিফলিত হৈছে । প্ৰশাসনৰ আন্ত:গাঁথনিৰ বেলিকা আহোম ৰাজতন্ত্ৰই এক অৰ্থত এক ধৰণৰ আধুনিক চিন্তাৰেই পৰিচয় দিছিল । ধৰক স্বৰ্গদেউ আৰু তেওঁৰ পাৰিষদৰ মাজৰ ক্ষমতাৰ সমীকৰণ । আহোম স্বৰ্গদেউ সকল সকলো সময়তে সৰ্বেসৰ্বা নাছিল । তেওঁলোকে যিকোনো জটিল ৰাজনৈতিক বিষয়ৰ সিধান্ত গ্ৰহণৰ বেলিকা বৰবৰুৱা-বৰগোহাঞিকে আদি কৰি ৰাজন্য পৰিষদৰ পৰামৰ্শ গ্ৰহণ কৰাটো এক অৰ্থত বাধ্যতামূলকেই আছিল । তাৰ অন্যতম নিদৰ্শন হ’ল মোৱামৰীয়া বিদ্ৰোহৰ জৰিয়তে ক্ষমতা দখল কৰা ৰাঘৱ মৰাণে ৰজা হ’বলৈ অস্বীকাৰ কৰি বৰবৰুৱাৰ পদহে গ্ৰহণ কৰিছিল । কাৰণ বৰবৰুৱা আছিল প্ৰকৃত ক্ষমতাৰ অধিকাৰী- ঠিক আমাৰ সংসদীয় গণতন্ত্ৰত প্ৰধানমন্ত্ৰীৰ পদৰ দৰে । ৰাষ্ট্ৰপতিৰ নামত দেশ চলিলেও চৰকাৰ চলে আচলতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত । হৰকান্ত বৰুৱা সদৰামিনৰ বুৰঞ্জীত অতি বহলকৈ আহোম প্ৰশাসনৰ আন্ত:গাঁথনি আলোচনা কৰা হৈছে । আধুনিক ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা অতি প্ৰসাৰিত । সেইটো বুজি উঠিবৰ বাবে আমি কমপক্ষেও ভাৰতীয় সংবিধান, পঞ্চায়তীৰাজ আইন আৰু পৌৰ আইন আৰু তাৰ আধাৰত নিৰ্মিত নীতি-নিৰ্দেশনা পঢ়িব লাগে । হৰকান্ত বৰুৱা সদৰামিনৰ বুৰঞ্জী পঢ়িলে আমি আহোম প্ৰশাসনৰ গোটেই পৰিকাঠামো বুজিব পাৰো । আহোম ৰাজতন্ত্ৰ সুদীৰ্ঘ ছয়টা শতিকা তিষ্ঠি থকাৰ ইও এক অন্যতম কাৰণ ।


গ্ৰন্থ আলোচনাঃ অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন :: ড° অখিল ৰঞ্জন দত্ত


কিন্তু আহোম বুৰঞ্জীৰ আটাইতকৈ লক্ষণীয় কথাটো হ’ল ইয়াত আহোম ৰাজতন্ত্ৰৰ চাৰিওফালে থকা বিভিন্ন সৰু-বৰ জনজাতীয় ৰাজ্যসমূহৰ স’তে গঢ়ি তোলা সম্পৰ্কৰ বহল বিৱৰণ । ইয়াৰ দ্বাৰা আমি জানিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথাটো এইয়ে যে আহোম সকলে সম্প্ৰদায়-কেন্দ্ৰিক (Community centric) শাসন গোট সমূহক স্বীকৃতি দিছিল আৰু তাক সন্মান কৰিছিল । তাৰ অন্যতম নিৰ্দৰ্শন জয়ন্তীয়া বুৰঞ্জী । এই বুৰঞ্জীত আহোম ৰাজতন্ত্ৰ আৰু জয়ন্তীয়া ৰজাৰ মাজত চলা আদান-প্ৰদান আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বিশাল তথ্য সন্নিৱিষ্ট হৈছে । আহোম আৰু জয়ন্তীয়া সকলৰ মাজৰ সম্পৰ্ক কেৱল ৰাজনৈতিক ক্ষেত্ৰতে সীমাবদ্ধ নাছিল ।  অৰ্থনৈতিক-সামাজিক ক্ষেত্ৰলৈকো সেইয়া প্ৰসাৰিত হৈছিল । ইংৰাজী অনুবাদৰ সৈতে প্ৰকাশিত জয়ন্তীয়া বুৰঞ্জীৰ পৰা তুলি ধৰা এই লেখাৰ পাতনিৰ  দুয়োখন চিঠিয়েই আহোম ৰাজতন্ত্ৰই প্ৰতিবেশী সম্প্ৰদায়ৰ প্ৰতি পোষণ কৰা দৃষ্টিভংগীৰ অন্যতম নিদৰ্শন।

(লেখাটি পূৰ্বতে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাতো প্ৰকাশ পাইছে, 4 মাৰ্চ, 2022ত), লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA

-------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
.com/img/a/

No comments:

Post a Comment