প্ৰৱন্ধঃ আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি  :: ইন্দ্ৰজিত বৰা

প্ৰৱন্ধঃ আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি :: ইন্দ্ৰজিত বৰা

Share This

আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি

ইন্দ্ৰজিত বৰা

আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি  ইন্দ্ৰজিত বৰা, international women's day 2022 , asomiya, assamese,
(১)

এগৰাকী পত্নীৰ সংজ্ঞা বিচাৰি থাকোতে তেতিয়াৰ অবিবাহিত শ্ৰীমতীয়ে প্ৰশ্ন কৰিলে ”বিবাহ সম্পৰ্কে তোমাৰ ধাৰণা কি?” ৷ তেতিয়া মই প্ৰতীয়মান আছিলো যে পৰিয়াল পুৰুষতান্ত্ৰিক বংশগতিৰ আধাৰ আৰু তাৰ বাবেই বিবাহ এক সামাজিক অনুষ্ঠান । সেয়ে সচৰাচৰ হাততে পোৱা উত্তৰবোৰ মোৰ মন:প্ৰোত নাছিল । এই উত্তৰবোৰ নাৰী-পুৰুষৰ মাজৰ প্ৰেম- সমন্ধৰ পৰা সামাজিক অনুষ্ঠানলৈকে অসংলগ্নভাৱে বিস্তৃত আছিল । তেনে পৰিস্থিতিত এটা সহজ উত্তৰ বাকী আছিল । যে পৰিয়ালৰ চাপ - গৃহস্থী জীৱন আৰম্ভ কৰাৰ সময় হৈছেহি ৷ এগৰাকী গৃহিনীৰ প্ৰয়োজন হৈছে ইত্যাদি ইত্যাদি । পিছে গৃহিনী সম্পৰ্কে থকা এই পৰম্পৰাগত ধাৰণাটো মোৰ বাবে কেতিয়াও সুৰক্ষিত নাছিল । 

আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তা: পুৰুষতন্ত্ৰ, নাৰীমুক্তি, প্ৰেম-যৌন নৈতিকতা ইত্যাদি  ইন্দ্ৰজিত বৰা, international women's day 2022 , asomiya, assamese,

আমি জানো যে বিবাহ অনুষ্ঠানৰ মাজত লুকাই থকা বংশগতি সূত্ৰৰ ওপৰত ডাঙৰ ডাঙৰ বক্তৃতা দিয়া প্ৰগতিশীলসকলৰ ঘৰতো ৰন্ধনকাৰ্য কেৱল তিৰোতাই কৰি আহিছে ৷ এদিন তেনেকৈয়ে শ্ৰীমতী আহি ইমানেই পাকৈত গৃহিনী হৈ পৰিলহি যে মই সঁচায়ে আচৰিত হৈছিলোঁ ৷ আচলতে তাই কি কৰিব বিচাৰে ? এটা কথা ঠিক যে পৰম্পৰাই দিয়া মানসিকতাৰ মাজত তাই এই পাৰ্গতালিখিনি ঢিলাই দিব নোৱাৰে ৷ এই বিপদসংশয়ৰ পৰা মুক্ত হ'ব বিচাৰে । কাৰণ নাৰীমুক্তিৰ ঐতিহাসিক বিশ্লেষণ কৰা মানুহৰ মাজতো চাহকাপ নিজে বনাই নোখোৱাৰ পৰম্পৰাই বিৰাজমান । এগৰাকী নাৰীৰ বাবে সেয়া কম প্ৰত্যাহ্বানজনক নহয় ।


‘সুখ-দুখ LIVE’ : নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ SMART উপায়?


হাবিয়াস মানৱ প্ৰকৃতিৰ এক মৌলিক বৈশিষ্ট্য । ইয়াক কোনো প্ৰভূত্বশীল পৰম্পৰাই আবদ্ধ কৰি ৰাখিব নোৱাৰে ৷ পুৰুষতন্ত্ৰৰ পৰা মুক্তিৰ সংগ্ৰামখন মানুহৰ হাবিয়াসৰ সংগ্ৰাম । এই হাবিয়াসৰ সন্মুখত কিমান যে বাগধাৰাৰ প্ৰত্যাহ্বান । যেনে এগৰাকী গৃহিনীয়ে নিজৰ সন্তানক যিমান ভালকৈ চকু দিব পাৰে, এগৰাকী কৰ্মৰত মহিলাই নিশ্চয় নোৱাৰে ইত্যাদি ইত্যাদি ৷ ইয়াৰ অন্তৰালত কিছুমান বাস্তৱিকতা লুকাই আছে ৷ কৰ্মৰত মহিলা গৰাকীয়ে পৰম্পৰাগতভাৱে জাপি দিয়া কামবোৰ বাদ দিব নোৱাৰে ৷ পুৰুষজনে কামবোৰ ভগাই নলয় ৷ নতুবা কৰ্ম-সংক্ৰান্তীয় হেঁচাত কামবোৰ ভগাই লোৱাটো বাস্তৱিকতেই দুয়োজনৰ পক্ষেই সম্ভৱ নহয় ৷ 


উদ্যোগিক-চহৰীকৰণৰ পাছতো মহিলাসকলে পুৰুষসকলৰ বাবে পৰম্পৰাগতভাৱেই আজৰিৰ সৃষ্টি কৰি আহিছে ৷ আকৌ এইটো স্পষ্ট যে মানুহৰ সমৃদ্ধিৰ বাবে আজৰি লাগে ৷ ৰন্ধন অথবা লণ্ড্ৰীকে ধৰি ঘৰৰ যিমানবোৰ কূটীৰ উদ্যোগ আছে সকলোবোৰ চলায়ো আজৰিকনৰ ভাগ দুয়োজনে পাব পাৰে যদি দুয়োজনে সহযোগ কৰে আৰু কৰ্ম সংক্ৰান্তীয় হেচাবোৰ সঞ্চালন ক্ষমতাৰ ভিতৰত হয় । অন্যথা এই কূটীৰ উদ্যোগবোৰ ঠিকা হিচাবেও চলাব লগা হ’ব পাৰে । গতিকে দুয়োজনৰ বাবে প্ৰয়োজনীয় আজৰিকণ পোৱাৰ ব্যৱস্থা নথকালৈকে পুৰুষতন্ত্ৰ বৰ্তি নাথাকিবনে? আচলতে পুৰুষতন্ত্ৰৰ অৱসান সামাজিক গাঁথনিৰ আমোল পৰিৱৰ্তন নহ’লে অসম্ভৱ ৷ অন্যথা বিভিন্ন অৱতাৰী ৰূপত পুৰুষতন্ত্ৰ বৰ্তি থাকিব ৷ পুৰুষেও জানো পুৰুষতন্ত্ৰৰ পৰা মুক্তি পাব ?


গতিকে পুৰুষতন্ত্ৰৰ দ্বাৰা কেৱল নাৰীসকলেই আক্ৰান্তনে? বৰঞ্চ গৰিষ্ঠসংখ্যক পুৰুষো আক্ৰান্ত ৷ সেয়ে নাৰী মুক্তি কেৱল লৈঙ্গিক চেতনা নহয়, ই দমনতন্ত্ৰৰ পৰা মুক্তিৰ জীৱন সংগ্ৰাম ৷ আচলতে, সকলো সামাজিক চেতনাৰে লক্ষ যিহেতু একপক্ষীয় দমন নহয়, বৰঞ্চ দমনৰ পৰা মুক্তিহে হয়, তেন্তে সকলো চেতনাৰে এক উমৈহতীয়া ভিত্তি আছে ৷ 


এতিয়া মহিলা গৰাকীয়ে কৰা দাবী অনুসৰি এইটো সিদ্ধান্ত লোৱা হ’ল যে যিহেতু পৰম্পৰাগতভাৱে মহিলাসকলে পুৰুষসকলক আজৰি কৰি আহিছে, এতিয়া পুৰুষসকলেহে মহিলাসকলক আজৰি কৰিব লাগে ৷ তেতিয়া কি হ’ব ? এই সিদ্ধান্তত যিহেতু দুয়োজনেই সমৃদ্ধিশালী হোৱাৰ বাবে পৰয়োজনীয় আজৰিকণ পোৱাৰ ব্যৱস্থা নাই, গতিকে পুৰুষতন্ত্ৰ বৰ্তি থাকিব, য’ত পুৰুষসকল নিৰ্যাতিত হ’ব ৷ গতিকে, পুৰুষতন্ত্ৰৰ অৱসান সামাজিক গাঁথনিৰ আমোল পৰিৱৰ্তন নহ’লে অসম্ভৱ ৷ অন্যথা বিভিন্ন অৱতাৰী ৰূপত পুৰুষতন্ত্ৰ বৰ্তি থাকিব৷ 


পুৰুষতন্ত্ৰ সমাজৰ প্ৰাথমিক গাঁথনি ৷ সামাজিক পদক্ৰমনিকাৰ প্ৰতিষ্ঠাতা৷ ইয়েই সমাজত ৰোপন কৰে যিকোনো প্ৰভূত্বশীল মানসিকতাৰ বীজ ৷ এক কথাত কবলৈ গ’লে পুৰুষতন্ত্ৰ হ’ল সকলো দমনতন্ত্ৰৰ মূল ভেটি, যি নিৰ্ণয় কৰে পায়-নাপায়ৰ পৰম্পৰাগত সামাজিক নৈতিকতা ৷


মানৱ সমাজত পুৰুষতন্ত্ৰৰ জৈৱিক দমনীয়তাই সামাজিক সম্পৰ্কবিলাকৰ মাজতো প্ৰভূত্ববাদী ভূমিকা লৈ আহিছে ৷ ই মানৱ সমাজৰ গৌৰৱোজ্বল পৰম্পৰাত বিদ্যমান ৷ আধুনিকতাও যেতিয়া এই দমনীয়তাক মাথো কৃত্ৰিমভাৱে ঢাকি ৰখাৰ এক সুৰক্ষা কবচ হয়, তেতিয়া প্ৰতিক্ৰিয়াশীল শক্তিবিলাকৰ সৌজন্যত পুৰুষতন্ত্ৰ অধিক গৌৰৱাম্বিত হৈ পৰে ৷ কোনো দ্বিমত নাই যে পুৰুষতন্ত্ৰৰ পৰা মুক্ত এখন সমাজহে বহনীয় মানৱতাৰ পূৰ্বচৰ্ত ৷ এইটো তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া আধুনিকতা মুষ্টিমেয়ৰ কবলৰ পৰা মুক্ত হ’ব আৰু এই আধুনিকতাই তৃনমূল পৰ্যায়ৰ পৰা সামাজিক নৈতিকতা সৃষ্টি কৰিব পাৰিব ৷


(২)

সচৰাচৰ যৌনতাৰ প্ৰসঙ্গ আহিলে আমি সামাজিক নৈতিকতাৰ উৰণী এখনৰ তলত তৎক্ষণাৎ লুকাই যাওঁ। অত্যন্ত ব্যক্তিগতভাৱে অনুভূত মানৱ প্ৰেম কিন্তু পাৰ্থিৱ জগতৰ দৰে বিশ্বজনীন ৷ প্ৰেমৰ এই সাৰ্বজনীন পৰিধিৰ মাজতেই যৌনতা হ’ল এক পাৰ্থিব ঘনিষ্ঠতা ৷ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাই বান্ধি দিয়া সামাজিক নৈতিকতাই সন্তান উৎপাদনৰ বাদে মানৱ সম্পৰ্কৰ অন্য সামাজিক আয়তনবোৰত যৌনতাক ঠাই নিদিয়ে ৷ যৌনতা তেতিয়া সামাজিক প্ৰভুত্ব-দাসত্বৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰে ৷ তেনেদৰে যৌনতা কেৱল সন্তান প্ৰাপ্তিৰ বাবে অত্যাৱশ্যকীয় এক জৈৱিক প্ৰক্ৰিয়া হৈ পৰাৰ লগে লগে বংশগতিয়ে প্ৰভূত্বশীল সামাজিক সম্পৰ্কবিলাক নিৰ্ণয় কৰে ।


পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই যৌন অনুশাসনক এক প্ৰভূত্বশীল পৰম্পৰা বৰ্তাই ৰখাৰ বাবে ব্যৱহাৰ কৰে। সামাজিক নৈতিকতাৰ এনে দাসত্বৰ পৰা একেবাৰে মুক্ত হ’লেহে এক মৌলিক অস্তিত্ব লাভ কৰিব৷ কোনো দ্বিমত নাই যে কেৱল উপযোগিতাৰ দৃষ্টিৰে মানৱীয় কৰ্মকাণ্ড, প্ৰকৃতি অথবা সম্পৰ্কবোৰ বিশ্লেষণ কৰিবলৈ গ’লে ঐতিহাসিক সীমাবদ্ধতা আহি পৰে ৷ কাৰণ, অন্তৰ্নিহিত বিশেষত্ব সমূহ অন্বেষণ কৰিলেহে ঐতিহাসিকভাৱে সংশোধিত আৰু পৰিবৰ্ধিত হৈ অহা মানৱ প্ৰকৃতিৰ বিচাৰ কৰিব পৰা যাব । মানৱ প্ৰকৃতিৰ এই ক্ৰমবিকাশ নিশ্চয় প্ৰকৃতিৰ লগত অবিৰত সংগ্ৰামৰ ফলস্বৰুপে হোৱা সামাজিক বিৱৰ্তনৰ দ্বাৰা হৈছে ৷ ঐতিহাসিক পৰিস্থিতিৰ মাজেদি ক্ৰমবিকাশ হোৱা মানেই সামাজিক ক্ৰমবিৱৰ্তন আৰু সামাজিক শক্তিবিলাকৰ উত্থান-পতনত গঢ়ি উঠা সামাজিক নৈতিকতা আৰু মুল্যবোধ ৷ তাৰ শ্ৰেণীগত ভিত্তি অনস্বীকাৰ্য ৷ তেনেকৈ সামাজিক নৈতিকতাক উপযোগিতাৰ যুক্তিৰে বাধ্যবাধকতাৰ সৃষ্টি কৰি প্ৰভূত্বশীল সামাজিক নৈতিকতা বাহাল ৰখা হয় ৷ 


গ্ৰন্থ আলোচনাঃ আহি থকা 'নীৰৱ বসন্ত':: বিজ্ঞানৰ আৱিস্কাৰ বনাম অভিশাপ? :: জুৰি বৰুৱা


যিহেতু মানুহৰ সামাজিক অস্তিত্ব মৌলিক আৰু তাৰ মাজতহে মানৱ প্ৰকৃতিয়ে নিজকে পৰিবৰ্ধিত কৰিছে, এক সামগ্ৰিক সত্তাৰ থাতিৰত সামাজিক নৈতিকতা আৰু মুল্যবোধ নিশ্চয় থাকিব লাগিব ৷ গতিকে প্ৰভূত্বৰ পৰা মুক্ত, নিভাঁজ আৰু স্বতঃস্ফুৰ্ত আত্মসম্বৰণৰো অস্তিত্ব আছে ৷ তেন্তে সকলো আত্মসম্বৰণেই সামাজিক দাসত্ব হ’ব নোৱাৰে । এই দৃষ্টিকোণৰ পৰা মানুহ সামাজিক জীৱ হিচাবে বৰ্তি থাকিবলৈ লগা মৌলিক প্ৰয়োজনীয়তাই হ’ল বস্তুগত ভিত্তি ৷ তাৰ লগত যি সামাজিক আচৰণৰ সংগতি নাথাকে সেয়া সামাজিকভাৱে অগ্ৰাহ্য হোৱাটো স্বাভাৱিক। আকৌ, মানুহৰ প্ৰাকৃতিক আৰু তাৎকালিক প্ৰয়োজনীয়তাবোৰ অৱজ্ঞা কৰিব নোৱাৰি । প্ৰচলিত সমাজব্যৱস্থাৰ প্ৰভুত্বশীল বান্ধোনে এই প্ৰয়োজনীয়তাখিনি পূৰণৰ পৰা বঞ্চিত কৰি আহিছে। মানুহৰ আত্মসম্বৰণ পৰম্পৰাগত সংস্কৃতি হিচাবে পুৰুষপ্ৰধান দমনৰ সাৰথি হিচাবে ব্যৱহৃত হৈছে।


মানুহ এক সামাজিক সত্তা যাৰ জৈৱ-বৈজ্ঞানিক অথবা শাৰীৰিক বৈশিষ্ট্যৰ লগতে মনস্তাত্ত্বিক উপাদানো আছে। তেনেদৰে মানৱ প্ৰকৃতি সামাজিকভাৱে পৰিস্ফুট কিছুমান বিশেষ আত্মপ্ৰকাশ অথবা প্ৰকাশভঙ্গীয়েই কেৱল নহয় । মাৰ্ক্সৰ মতে, "the essence of man is no abstraction inherent in each separate individual” ৷

লেখকৰ প্ৰকাশিত গ্ৰন্থ
সংস্কৃতিৰ মাজেদি আত্মপ্ৰকাশ কৰা মানৱ প্ৰকৃতিৰ ভিন্ন আচৰণবিলাকে সামাজিক আপেক্ষিকতাৰ সম্ভেদ দিয়ে ৷ মানৱ বিকাশৰ প্ৰাৰম্ভিক স্তৰৰ সামাজিক গাঁথনিতেই তাৎকালিক প্ৰয়োজনীয়তাৰ উৰ্ধত সমাজ সংগঠনৰ স্পষ্ট আভাস পোৱা যায় । সামাজিক বান্ধোনবিলাক মানুহৰ সচেতন কৰ্মকাণ্ডই গঢ় দিয়া উৎপাদনৰ পদ্ধতি আৰু আনুষঙ্গিক সম্পৰ্কই নিৰ্ণয় কৰিছিল আৰু এক আনুষ্ঠানিক ন্যায্যতা লাভ কৰিছিল। প্ৰতিটো সামাজিক পদ্ধতিয়েই ঐতিহাসিক পৰিস্থিতি আৰু সময় সাপেক্ষেহে প্ৰাকৃতিক আৰু প্ৰাসঙ্গিক। উৎপাদন পদ্ধতিৰ বিকাশৰ লগে লগে সামাজিক পদ্ধতিৰো পৰিৱৰ্তন অৱশ্যম্ভাৱী। যেনেকৈ প্ৰতিটো জীৱই কিছুমান বিশেষ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লয় তেনেকৈ প্ৰতিটো সামাজিক পদ্ধতিৰে প্ৰতিবন্ধকতা আৰু উপযোগিতাসমূহ একো একোটা ঐতিহাসিক সন্ধিক্ষণৰ সৈতে খাপ খাই পৰে আৰু তেনে পৰিস্থিতিৰ সাপেক্ষেহে প্ৰাকৃতিক হৈ পৰে । গতিকে প্ৰাকৃতিক বিজ্ঞানৰ যুক্তিবোৰ সামাজিক ক্ষেত্ৰত প্ৰয়োগ কৰি প্ৰচলিত সামাজিক পদ্ধতিক স্থায়িত্ব প্ৰদান কৰাৰ প্ৰৱণতাৰ লগত মানুহৰ সামাজিক সম্পৰ্কই জড়িত হৈ আছে। এটা কথা ঠিক যে প্ৰতিটো সামাজিক পদ্ধতি মানুহৰ সচেতন কৰ্মকাণ্ডই সৃষ্টি কৰে আৰু এই সচেতন কৰ্মকাণ্ডৰ এক সামগ্ৰিক সত্তাৰ সৈতে সংগতি নাথাকিলে সামাজিক সম্পৰ্কবোৰ প্ৰভূত্বলৈ ৰূপান্তৰিত হয়।

বিশ্লেষণঃ নব্য-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য :: আশ্বিক জামান


প্ৰশ্ন হ’ল মানৱ সমাজত কেনে যৌন অনুশাসনে সামগ্ৰিক সত্তাটোক সুৰক্ষিত কৰিব। এই প্ৰশ্নটো কেৱল সমসাময়িক প্ৰভূত্বশীল অনুশাসনৰ পয়োভৰেৰে উপস্থাপন কৰিব বিচাৰিলে মানৱ প্ৰকৃতি উপযোগিতাৰ দৃষ্টিকোনতেই আবদ্ধ হৈ ৰ’ব । সমকামীসকলৰ ন্যায়িক সুৰক্ষাই এক প্ৰশাসনিক আৱেষ্টনৰ মাজত বিষমলৈংগিক জনৰ দৰে তেনে এক বহনক্ষম যৌনতাৰ মৰ্যাদা দিছে । কিন্তু ই যদি নব্য উদাৰবাদে সৃষ্টি কৰা নৈৰাজ্যতাৰ ব্যক্তিবাদী আত্মপ্ৰকাশ হয় তেন্তে সামগ্ৰিকতাৰ স্বাৰ্থত প্ৰয়োজনীয় একাত্মবোধকন থাকিবনে ? ই অনুশাসনৰ বিপৰীত মেৰুত একেই নেতিবাচক প্ৰভাৱ পেলাব । ৰেইচে কোৱাৰ দৰে, “By helping to consolidate the economic situation responsible for their formation, each serves equally the interests of the ruling class.”  


বিশ্লেষণঃ দেশৰ অৰ্থনীতিৰ বাজী লগাই কিয় যুদ্ধত নামিছে পুটিন? :: কিশোৰ কুমাৰ কলিতা


খাদ্যৰ পৰা আহৰণ কৰা শক্তি আৰু সন্তান উৎপাদনেই মানৱ জাতিৰ অস্তিত্বৰ মূল । সেয়ে তাৰ আনুষঙ্গিক ভোক আৰু যৌনতা মানৱ প্ৰকৃতিৰ ঘাই চালিকা শক্তি। মানৱ প্ৰকৃতিৰ এই চিৰস্থায়ী উপাদানসমূহ স্বতন্ত্ৰ। কিন্তু আবেগ আৰু ভাৱধাৰা সামাজিকভাৱে নিৰ্ণীত। পুৰুষপ্ৰধান সমাজৰ নৈতিকতা প্ৰভূত্বৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু সামাজিক নৈতিকতাৰ কাৰক কেৱল প্ৰভূত্বই নহয়। সম্পূৰ্ণ কামোন্মাদ যেনেকৈ এক কাল্পনিক ৰুচি তেনেকৈ ই সামাজিক বৈষম্যৰহে সূচক। নিশ্চিতভাৱে মানৱ আকাংক্ষাৰ সামগ্ৰিক সত্তা আৰু প্ৰভূত্বশীল সামাজিক অনুশাসনৰ মাজৰ সংঘাতেই মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য গঢ় দিয়ে। এই সংঘাতৰ অন্ত পেলোৱাটো সামাজিক অনুশাসনক এক সামগ্ৰিক সত্তাৰ সতে বিলীন কৰিব পাৰিলেহে সম্ভৱ হ’ব।

লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/Indrajit%20Borah

No comments:

Post a Comment