বিশ্লেষণঃ যুদ্ধ যেতিয়া ব্যৱসায় হয় :: ডা° অজিত কুমাৰ পটংগীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ যুদ্ধ যেতিয়া ব্যৱসায় হয়   :: ডা° অজিত কুমাৰ পটংগীয়া

বিশ্লেষণঃ যুদ্ধ যেতিয়া ব্যৱসায় হয় :: ডা° অজিত কুমাৰ পটংগীয়া

Share This

 যুদ্ধ যেতিয়া ব্যৱসায় হয় 

ডা° অজিত কুমাৰ পটংগীয়া

যুদ্ধ যেতিয়া ব্যৱসায় হয়  ডা° অজিত কুমাৰ পটংগীয়া, WAR IS PURE BUSINESS, অসমীয়া, সুখদুখ, XUKHDUKH

ইউক্ৰেইন আক্ৰমণ ৰাছিয়াৰ! তৃতীয় বিশ্ব যুদ্ধৰ দামামা। প্ৰতিপল বাতৰিত, টিভিত, ৱেবত কেৱল প্ৰতিৰক্ষাৰ কথা, ৰাষ্ট্ৰৰ সুৰক্ষাৰ কথা। ৰাষ্ট্ৰসংঘ, নাটো, ইউৰোপিয়ান ইউনিয়নৰ সঘন বৈঠক। ইংলেণ্ডৰ হাউছ অৱ কমনচৰো লাইভ টেলিকাষ্ট! সম্পূৰ্ণ ৰূপে যুদ্ধৰ সমান্তৰালকৈ চলিছে প্ৰপাগাণ্ডাও।

যুদ্ধ যেতিয়া ব্যৱসায় হয়  ডা° অজিত কুমাৰ পটংগীয়া, WAR IS PURE BUSINESS, অসমীয়া, সুখদুখ, XUKHDUKH

ইতিহাস সাক্ষী আছে, কেনেকৈ সময়ে সময়ে দেশৰ প্ৰতিৰক্ষা বিপদাপন্ন হোৱাৰ কথা কৈ, কেতিয়াবা দেশৰ নিৰাপত্তাৰ প্ৰশ্ন তুলি, কেতিয়াবা আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ ভয়াবহ চিত্ৰক সন্মুখত ৰাখি বিশ্বৰ সকলো পুঁজিবাদী ৰাষ্ট্ৰই তাৰ সামৰিক বাজেট বৃদ্ধি কৰি আহিছে। জাতীয় স্বাৰ্থ, দেশপ্ৰেম, শান্তি প্ৰতিষ্ঠাৰ কথা কৈ লক্ষ লক্ষ যুৱকক দেশৰ সেনাবাহিনীত নিয়োগ কৰা হয়। দেশৰ মানুহৰ খাদ্য, শিক্ষা, স্বাস্থ্যসহ জৰুৰী বিষয়সমূহ পিছলৈ ৰাখি প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকাৰ যুদ্ধ বিমান আৰু সামৰিক সা-সৰঞ্জাম কিনা হয়। মানুহক বুজোৱা হয় এইয়া কৰা হয় - দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থ, দেশৰ স্বাৰ্থ, জাতীয় স্বাৰ্থত। ফলত, ইয়াক অগ্ৰাধিকাৰ দিয়াটো মানি লোৱাই হ'ল দেশপ্ৰেম। নেতা-মন্ত্ৰী, জনপ্ৰতিনিধিসকলে একেটা সুৰতে ইয়াৰ সমৰ্থনত বক্তিতাৰ ফুলজাৰি মাৰি তেওঁলোকৰ দেশপ্ৰেমৰ প্ৰতিযোগিতাত লিপ্ত হয়। সুকলমে গ্ৰহণ কৰা হয় দেশৰ প্ৰতিৰক্ষা,  মিলিটেৰি খাতাত ব্যয়বৃদ্ধিৰ প্ৰস্তাৱ। এই প্ৰতিৰক্ষা বিষয়ৰ কিনা-বেচা বোৰৰ তথ্যও গোপনীয়তাৰ খাতিৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ আঁৰ কাপোৰ তৰা হয়। সেয়ে কোনে কিমান দালালি কৰিলে, কিমান অধিক মূল্যত কি সামগ্ৰী, সামৰিক অস্ত্ৰ, বিমান কিনিলে পোহৰলৈ নাহে! সেয়ে ইয়াত দুৰ্নীতিৰ সম্ভাৱনাও বহুত আৰু সেয়ে ৰাজনেতাৰ বাবে প্ৰতিৰক্ষাত খৰছৰ বাজেট বৃদ্ধি বিশ্বজোৰা এক লোভনীয় কথা!


চিন্তনঃ অসমত শিক্ষাৰ মাধ্যম হিচাবে জনজাতীয় ভাষাঃ সংশয় বনাম সম্ভাৱনা :: ৰয়েল পেগু


এই নাটকৰ আঁৰকাপোৰত যি বাস্তৱ সত্যটো দেশৰ সাধাৰণ মানুহৰ অগোচৰত থাকি যায়, সি হ'ল বিশ্বজুৰি অস্ত্ৰব্যৱসায়ৰ ৰমৰমা প্ৰতিযোগিতা। নৰ্থৰপ গ্ৰুম্মান কৰ্পৰেচন, লকহিড মাৰ্টিন, বিএই চিষ্টেমছ, আলমাজ আন্টে প্ৰভৃতি বহজাতিক কম্পেনীবোৰে যুদ্ধবিমান আৰু প্ৰতিৰক্ষা সৰঞ্জাম বিক্ৰী কৰি প্ৰতি বছৰে বিলিয়ন ডলাৰৰ অংকত লাভ অৰ্জন কৰে। এই ব্যৱসায় চলে গোপনে। ইয়াৰ বাবে কোনো বিজ্ঞাপন প্ৰকাশ কৰা নহয়। কাৰণ সাধাৰণ মানুহৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কেবল বাতৰিকাকতৰ পাতত সৰু খবৰ হিচাবে এই বেচা-কিনা প্ৰকাশিত হয়। এই ব্যৱসায় বিস্তৃত হৈ আছে সমগ্ৰ বিশ্বত। বিভিন্ন দেশৰ চৰকাৰবোৰ ইয়াৰ ক্ৰেতা-বিক্ৰেতা। যদিও ক্ৰেতাৰ তালিকাত কিছু কিছু গোষ্ঠীও আছে, সেইবোৰ আকৌ প্ৰচ্ছন্নভাবে বিভিন্ন ৰাষ্ট্ৰৰ আশীৰ্বাদপুষ্ট।


সংবাদপত্ৰৰ তথ্য অনুযায়ী সমগ্ৰ বিশ্বত বৰ্তমান এই ব্যৱসায়ৰ পৰিমান ৯,৪৫০ কোটি মাৰ্কিন ডলাৰ। 'ষ্টকহ'ম ইন্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউট'ৰ তথ্য অনুযায়ী শীৰ্ষস্থানীয় ১০০টি অস্ত্ৰ নিৰ্মাণ সন্থাই (চীনক বাদ দি) ২০১৫ত ৪০১ বিলিয়ন (১ বিলিয়ন মানে ১০০ কোটি) ডলাৰৰ যুদ্ধাস্ত্ৰ আৰু সৰঞ্জাম বিক্ৰী কৰিছে। ইয়াৰ মাজত ২০টি সন্থাই নিজৰ লাভৰ পৰিমাণ প্ৰকাশ কৰা নাই। বাকীবোৰে ৪২ বিলিয়ন ডলাৰ লাভ কৰিছে।


এই ব্যৱসায় হয় কেবল মাত্ৰ লাভৰ আশাত। ইয়াত কোন বন্ধু, কোন শত্ৰু, ন্যায়-অন্যায়. মংগল-অমংগল ধাৰণাই কাম নকৰে। সেয়েহে শত্ৰুভাৱাপন্নদেশ, ভাৰত-পাকিস্থান, ইজৰাইল-আৰব, তুৰস্ক-কুৰ্দ, আইছিছ আদি সকলোকেই অস্ত্ৰ বিক্ৰী কৰা হয়। যুদ্ধৰ লগত সম্পৰ্কহীন মানুহ এই যুদ্ধৰ বলি হয়। সাধাৰণ নীৰিহলোকৰ মৃত্যুত অস্ত্ৰৰ প্ৰাণঘাতী ক্ষমতাৰ পৰীক্ষাও সম্পন্ন হয়। তেওঁলোকৰ জীৱনৰ বিনিময়ত অস্ত্ৰৰ বিক্ৰী বাঢ়ে আৰু ইয়াৰ নিৰ্মাতা বহুজাতিক কম্পেনীবোৰৰ পকেট গৰম হয়, লাভৰ অংশ বৃদ্ধি পায় । 


প্ৰৱন্ধঃ লতা মংগেশকাৰ আৰু আধুনিক ভাৰতীয় নাৰীসত্তা :: জিতেন বেজবৰুৱা


আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন মেজৰ জেনেৰেল 'ৱাৰ ইজ এ ৰেকেট' গ্ৰন্থৰ প্ৰণেতা মেডলে বাটলাৰ, যিজনে ৩৩ বছৰ ধৰি তিনিখন মহাদেশৰ যুদ্ধত জড়িত আছিল, তেওঁৰ ভাষাত, -'যুদ্ধ এটা সংগঠিত চক্ৰান্ত, ইয়াত লাভৰ বিচাৰ কৰা হয় ডলাৰত, ক্ষয়-ক্ষতি জোখা হয় মানুহৰ মৃত্য়ুৰ দ্বাৰা।'

সমৰাস্ত্ৰ নিৰ্মাণ কৰা মূল কোম্পানী সমূহ

বিশ্বত গণতন্ত্ৰ আৰু শান্তিৰ বাবে সততে চিঞৰি থকা আমেৰিকা হৈছে বিশ্বৰ সকলোতকৈ বৃহৎ অস্ত্ৰ ৰপ্তানিকাৰী দেশ। বিশ্বৰ ৫৬ শতাংশ অস্ত্ৰ সৰবৰাহ কৰে আমেৰিকাই। ২০০৮-১৫ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই অস্ত্ৰ বেচা-কিনাৰ বাবে ২৬৫ বিলিয়ন ডলাৰৰ চুক্তি কৰিছে। আমেৰিকাই সন্ত্ৰাসবাদ ধংস কৰি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত আফগানিস্তান, ইৰাক ধংসস্তুপত পৰিণত কৰিছে। সমগ্ৰ বিশ্বৰ সকলো ঠাইতে অসংখ্য সামৰিক ঘাঁটি তৈয়াৰ কৰিছে। আমেৰিকা আজি বিশ্বত সন্ত্ৰাসবাদৰ সকলোতকৈ ডাঙৰ সহায়কৰ্তা - গোপন পৃষ্ঠপোষক। বিভিন্ন দেশৰ আভ্যন্তৰীণ বিষয়ত নিজৰ নাক সুমুৱাই আমেৰিকাই নিজৰ স্বাৰ্থ সিদ্ধিৰ ফাণ্ড ৰচে। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ঘোষণা কৰিছে যে দেশৰ সামৰিক ব্যায় আৰু বঢ়াব লাগিব। নতুন নতুন আধুনীক অস্ত্ৰ-শস্ত্ৰ কিনিব লাগিব, সেইবোৰ সেনাবাহিনীৰ কামত লগাব লাগিব। এতিয়া আমেৰিকাই বিশেষকৈ মধ্যপ্ৰাচ্য আৰু দক্ষিণ এচিয়াৰ ক্ষেত্ৰত সামৰিক প্ৰভাৱ বৃদ্ধিৰ কামত 'বৃহৎ সহযোগী' হিচাবে ভাৰতক বিচাৰিছে। উচ্চাকাংক্ষী ভাৰতীয় ব্যৱসায়ীসকলেও বিশ্বৰ অস্ত্ৰৰ বজাৰত নিজৰ এক স্থান দখল কৰিবলৈ আমেৰিকাৰ সহায় বিচাৰিছে। সেইবাবেই আমেৰিকাৰ লগত ভাৰতৰ সামৰিক ক্ষেত্ৰত ঘনিষ্ঠতা, যৌথ সামৰিক উদ্যোগৰ আয়োজন কৰা হৈছে। অস্ত্ৰ কিনাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ৫ম স্থানত আছে। ভাৰতে ২০০৮-১৫ চনৰ মাজত ৩৪ বিলিয়ন ডলাৰৰ অস্ত্ৰ কিনাৰ চুক্তি কৰিছে।

কিন্তু আজি বিশ্বজুৰি অস্ত্ৰৰ ইমান ৰমৰমা বজাৰ কিয়? আজিৰ পৰা এশ বছৰৰ আগতে ৰাচিয়াৰ মাটিত হোৱা বিশ্বৰ প্ৰথম সমাজতান্ত্ৰিক বিপ্লৱৰ ৰূপকাৰ লেনিনে দেখুৱাইছিল সাম্ৰাজ্যবাদেই যুদ্ধৰ জন্ম দিয়ে। তীব্ৰ বজাৰ সংকটত থৰ-কাচুটি হেৰুৱা,  মন্দাৰ দ্বাৰা ক্লীষ্ট অৰ্থনীতিক বচাই ৰাখিবলৈ পুঁজিপতিগোষ্ঠিবোৰৰ স্বাৰ্থত পুঁজিবাদী ৰাষ্ট্ৰবোৰে অৰ্থনীতিৰ সামৰিকীকৰণ ঘটায়। অৰ্থ্যা দেশৰ অৰ্থনীতিক যুদ্ধাস্ত্ৰ ব্যৱসায় নিৰ্ভৰ কৰি তোলে - য'ত সেই ৰাষ্ট্ৰবোৰৰ চৰকাৰেই হৈছে অস্ত্ৰৰ ক্ৰেতা। ইয়াৰ ফলত সাময়িকভাৱে মন্দা অৱস্থাৰ পৰা বজাৰত তেজি ভাৱ আহে। ইফালে যুদ্ধ বিমান, অস্ত্ৰ-শস্ত্ৰ বেছি জমা হৈ পাহাৰ হৈ থাকিলে নতুনকৈ যুদ্ধাস্ত্ৰ কিনাৰ কথা নাহে। গতিকে অস্ত্ৰ ব্যৱসায়ী পুঁজিপতিগোষ্ঠিবোৰে বাচি থকাৰ বাবে, নিজৰ লাভৰ বাবে সেইবোৰ ব্যৱহাৰ হ'বলৈ যুদ্ধ বিছাৰে - সি যিকোনো প্ৰকাৰে অন্য দেশ বা সন্ত্ৰাসবাদীৰ লগত সৰু সৰু খণ্ড যুদ্ধ, ডাঙৰ যুদ্ধৰ দ্বাৰাই নহওঁক কিয়! অস্ত্ৰ-শস্ত্ৰ কিনিবলৈ বৃদ্ধি কৰা দেশৰ প্ৰতিৰক্ষা বাজেটৰ ধন আহে সাধাৰণ জনগণৰ পকেটৰ পৰা, পিচে যুদ্ধৰ সময়ত আকাশলংঙ্ঘী মূল্যবৃদ্ধিত দুখীয়া জনতা জুৰুলা হয়, নাখাই মৰে আৰু যুদ্ধক্ষেত্ৰত বন্দুকৰ গুলিত মৃত্যু হয় আমাৰেই ভাই-ককাই সাধাৰণ ঘৰৰ সুন্দৰ সুঠাম ডেকা জোৱান ল'ৰাবোৰ - সেই যুদ্ধৰ চক্ৰান্তকাৰী-সহায়কৰ্তাবোৰৰ সন্তান নহয়।

লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবৰ বাবে ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DR.AJIT-KR-PANTANGIA

---------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment