বিশ্লেষণঃ নব্য-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ নব্য-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য  :: আশ্বিক জামান

বিশ্লেষণঃ নব্য-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য :: আশ্বিক জামান

Share This

নব্য-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য

আশ্বিক জামান

নৱ-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য, UKRAINE WAR, RUSSIA, ASSAM, ASOMIYA  আশ্বিক জামান

(১)

Come you masters of war

You that build the big guns

You that build the death planes

You that build all the bombs

You that hide behind walls

You that hide behind desks

I just want you to know

I can see through your masks...

- বব ডিলান 

নৱ-শীতলযুদ্ধৰ কুচকাৱাজ আৰু বগা-মানুহৰ মজ্জাগত বৰ্ণ বৈষম্য, UKRAINE WAR, RUSSIA, ASSAM, ASOMIYA  আশ্বিক জামান

যোৱা বছৰ আমেৰিকাৰ প্ৰেচিডেন্ট জো বাইদেনে সদৰি কৰা মতে আফগানিস্থান যুদ্ধৰ মানৱিক আৰু অৰ্থনৈতিক ব্যয় আমেৰিকাৰ বহন ক্ষমতাৰ বাহিৰলৈ গৈ আছিল। 2021 চনৰ এপ্ৰিল মাহলৈ আমেৰিকাৰ প্ৰায় আঢ়ৈ হেজাৰ সৈনিক আফগানিস্থানত নিহত হৈছে। বেচৰকাৰী আমেৰিকান কন্ট্ৰাক্ট কৰ্মচাৰী নিহত হৈছে প্ৰায় চাৰি হেজাৰ আৰু প্ৰায় একৈশ হেজাৰ সৈনিক আহত হৈছিল। আনহাতে আফগান যুদ্ধত আমেৰিকাৰ এতিয়ালৈকে 2.3 ট্ৰিলিয়ন ডলাৰ খৰচ হৈছে, ভৱিষ্যতে এই সংখ্যা আৰু বাঢ়িব। কাৰণ আমেৰিকাই ইতিমধ্যে আফগানিস্থানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে যদিও নিহত সৈন্যৰ পৰিয়ালক দিব লগীয়া মাহিলি পাৰিতোষিক, আহত সৈন্যৰ ক্ষতিপূৰণ তথা  আফগানিস্থানত যুদ্ধ কৰি অহা সৈন্য সকলক দিব লগীয়া বিশেষ ৰিটায়াৰমেন্ট প্যাকেজৰ বাবে আগন্তুক বহু বছৰলৈ আমেৰিকাই আফগান যুদ্ধৰ আৰ্থিক বোজা কঢ়িয়াব লাগিব। আফগানিস্থান - ইৰাক বা চিৰিয়াও নহয় যে তৈলক্ষেত্ৰ সমূহ দখল কৰি সেই অৰ্থনৈতিক ক্ষতি পূৰণ কৰিব পাৰিব। গতিকে আফগান যুদ্ধই উগ্ৰ দেশপ্ৰেম বা জিংগোইজমৰ পৰিবেশ সৃষ্টি কৰি জৰ্জ বুশ্ব বা ট্ৰাম্পক ব্যলট বক্সত সহায় কৰিলেও, যুদ্ধৰ অৰ্থনীতিয়ে এই কথাকে প্ৰমাণ কৰে যে ভিয়েটনামৰ পাছত এয়াই আমেৰিকাৰ বিদেশ নীতিৰ আটাইতকৈ বৃহত ভুল।   

 

এই কথা সৰ্বজনবিদিত যে, আমেৰিকাৰ ৰাজনীতিত বৃহত  অস্ত্ৰ নিৰ্মাণ কৰা কোম্পানী আৰু অস্ত্ৰ ব্যৱসায়ী সকলে এক গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহন কৰে। বিশেষকৈ আমেৰিকাৰ বিদেশ নীতি নিৰ্ধাৰণত বৃহত অস্ত্ৰ কোম্পানী আৰু অস্ত্ৰ ব্যৱসায়ী সকলে আটাইতকৈ নিৰ্নায়ক ভূমিকা গ্ৰহন কৰে বুলি থকা অভিযোগ বহু পুৰণি। ’চেন্টাৰ ফৰ ৰেছপনচিৱ পলিটিক্স’ ৰ ৰিপৰ্ট ’কেপিটেলাইজেশ্বন অন কনফ্লিক্ট’ ত কোৱা হৈছে যে আমেৰিকাৰ বৃহত্তম পাঁচখন অস্ত্ৰ নিৰ্মাণ কোম্পানী - লকহীড মাৰ্টিন, বোয়িং, নৰথ্ৰপ গ্ৰুম্যান, ৰেথিয়ন টেকন’লজিছ আৰু জেনেৰেল ডাইনামিকচ - 2020 চনত মিলিত ভাবে 60 মিলিয়ন ডলাৰ ব্যয় কৰিছে কেৱল মাত্ৰ আমেৰিকাৰ ৰাষ্ট্ৰীয় নীতিক প্ৰভাৱিত কৰিবলৈ। সূত্ৰটোৰ মতে , যোৱা দুটা দশকত অস্ত্ৰ কোম্পানী সমূহ প্ৰায় 2 বিলিয়ন ডলাৰতকৈ অধিক ধন ব্যয় কৰিছে কেৱল মাত্ৰ আমেৰিকাৰ  চৰকাৰৰ বিভিন্ন নীতিক প্ৰভাৱিত কৰিবলৈ। আনহাতে, আমেৰিকাৰ নিৰ্বাচনত বৃহত অস্ত্ৰ নিৰ্মাণকাৰী  কোম্পানী আৰু অস্ত্ৰ ব্যৱসায়ী সকলেই ৰাজনৈতিক দল সমূহক আটাইতকৈ বেছি দান-বৰঙণি আগবঢ়ায়। যোৱা নিৰ্বাচনত এই অস্ত্ৰ ব্যৱসায়ী আৰু তেওঁলোকৰ লবীইষ্ট সকলে মিলি 285 মিলিয়ন ডলাৰতকৈ অধিক ধন নিৰ্বাচনী প্ৰচাৰত চান্দা দিছে। অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানী আৰু অস্ত্ৰ ব্যৱসায়ী সকলৰ আৰ্থিক সাহায্যৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা এক বুজন সংখ্যক সদস্য আমেৰিকাৰ সংসদত আছে। 


বিশ্বৰ অস্ত্ৰৰ বজাৰখন অতি বৃহত আৰু লোভনীয়। ষ্টকহম ইন্টাৰন্যাশ্বনেল পীছ ৰিচাৰ্ছ ইন্ষ্টিটিউট (চিপ্ৰী) ৰ মতে, 2020 চনত কেৱলমাত্ৰ বিশ্বৰ বৃহত্তম এশটা অস্ত্ৰ কোম্পানীৰে মুঠ বিক্ৰী আছিল 531 বিলিয়ন ডলাৰ। আনাহাতে আমেৰিকাৰ অস্ত্ৰ কোম্পানী সমূহে  অকলে সম্পন্ন কৰে বিশ্বৰ মুঠ অস্ত্ৰ ব্যৱসায়ৰ 37% বিক্ৰী। তদুপৰি আমেৰিকাৰ ঘৰুৱা অস্ত্ৰ বজাৰখনো কম ডাঙৰ নহয়। পেন্টাগনৰ কেৱলমাত্ৰ অস্ত্ৰৰে বাৰ্ষিক বাজেট হ’ল 740 বিলিয়ন ডলাৰ।


90ৰ দশকৰ পৰাই মধ্য-প্ৰাচ্যৰ অশান্তি আৰু অনিশ্চয়তাই বিশ্বৰ অস্ত্ৰ ব্যৱসায়ক বিশেষভাবে উদগণি যোগাইছে। বিগত তিনিদশক ধৰি মধ্যপ্ৰাচ্যৰ ধনী দেশ সমূহ বিশেষকৈ চৌদি আৰৱ , কাতাৰ, ঈজিপ্ত, ইউএই, আলজেৰিয়া আদিয়ে বৃহত পৰিমাণৰ বৃহত অস্ত্ৰ ক্ৰয় কৰি আছে। বৰ্তমান চৌদি আৰৱ বিশ্বৰ ভিতৰতে বৃহত্তম অস্ত্ৰ ক্ৰেতা। কিন্তু বিগত কিছু বছৰৰ পৰা ইৰাক, চিৰিয়া, লেবানন, আফগানিস্থান যুদ্ধ এক সংপৃক্ত পৰ্যায় লাভ কৰিছে। তাৰ ভিতৰত বিশেষকৈ ইৰাক আৰু আফগানিস্থান আমেৰিকাৰ লাভতকৈ ক্ষতিহে বেছি হৈছে। আল-কায়দা, আই.এছ.আই.এছ. ৰ সন্ত্ৰাসবাদো নাইকীয়া হৈছে। ইপিনে তালিবান এতিয়া আমেৰিকাৰ সহযোগী। গতিকে মধ্যপ্ৰাচ্য এতিয়া আৰু যুদ্ধৰ বাবে লাভজনক হৈ থকা নাই, বৰং আমেৰিকাৰ ঘৰুৱা ভোটাৰ জনতাৰ মাজত বিৰূপ জনমতৰহে সৃষ্টি হৈছে। সেয়েহে ৰাতিৰ ভিতৰতে তালিবানৰ হাতত সকলো সমৰ্পন কৰি একধৰণে পলাই আহিল আমেৰিকাৰ সৈন্য।

 

আফগানিস্থানত হোৱা অৰ্থনৈতিক ক্ষতি পূৰণ কৰিব হলে আৰু মধ্যপ্ৰাচ্যৰ সংপৃক্ত অস্ত্ৰ বজাৰৰ বিকল্প বজাৰ এখন  সৃষ্টি কৰিবলৈ আমেৰিকা আৰু আমেৰিকা-ইউৰোপৰ বৃহত অস্ত্ৰ কোম্পানী সকলক প্ৰয়োজন এখন নতুন যুদ্ধ ক্ষেত্ৰৰ। কিন্তু সেই যুদ্ধক্ষেত্ৰখন এনেকুৱা হ’ব লাগিব যাতে যুদ্ধৰ আশংকা, উদ্বেগ আৰু ভয় দীৰ্ঘকালীন ভাবে স্থায়ী হয় কিন্তু আমেৰিকাৰ সেনা বাহিনী যুদ্ধক্ষেত্ৰলৈ যাব নেলাগে। তাৰ বাবে বিশ্বত এক নৱ-শীতলযুদ্ধৰ দৰে পৰিবেশ তৈয়াৰ কৰাতকৈ লাভজনক আন একো হ’ব নোৱাৰে। সেয়ে ইউক্ৰেন সংকটৰ আৰম্ভণি বুলিব পাৰি।


কোনো স্বাভাৱিক মানুহে যুদ্ধ নিবিচাৰে। ৰাছিয়াই ইউক্ৰেনৰ ওপৰত কৰা আক্ৰমণক নিসন্দেহে অগ্ৰাসন আখ্যা দিব লাগিব। কিন্তু ন্যাটো আৰু আমেৰিকাৰ ভূমিকাও এই ক্ষেত্ৰত কম সন্দেহজনক নহয়। প্ৰথম কথা, যি গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ দোহাই আমেৰিকা আৰু ন্যাটো নেতৃবৰ্গয়ে দি আছে, সেয়া বস্তাপচা বুলি কলেও ভুল নহ’ব। গণতন্ত্ৰ আৰু মানৱ অধিকাৰ ৰক্ষাৰ নামত আমেৰিকা আৰু তেওঁৰ মিত্ৰ বাহিনী যিখন দেশতে সোমাইছে সেই দেশকে ধ্বংসস্তুপত পৰিণত কৰিছে - ভিয়েটনামৰ পৰা আফগানিস্থানলৈকে এক দীৰ্ঘ তালিকা। দ্বিতীয়তে, বৰ্তমানৰ ইউক্ৰেনৰ ভ্লাদিমিৰ জেলেনস্কীৰ নেতৃত্বাধীন চৰকাৰ খনৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু মানৱ অধিকাৰৰ ৰেকৰ্ড বৰ এটা সুবিধাজনক নহয়। বিৰোধী ৰাজনৈতিক নেতাক দমন, সাংবাদিক উতপীড়ণ, গুপ্তহত্যা, সমালোচক আৰু বিৰোধীক অন্যায় ভাবে বন্দী কৰি ৰখা, সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ আদি বিভিন্ন অভিযোগ তেওঁৰ চৰকাৰৰ বিৰুদ্ধে আছে।

 প্ৰৱন্ধঃ বিশ্ব বন্যপ্ৰাণী দিৱস আৰু পৰিস্থিতিতন্ত্ৰত মূল প্ৰজাতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা ::মানস প্ৰতিম দত্ত


দ্বিতীয়তে, ছোভিয়েত ইউনিয়নৰ পতনৰ পাছত আৰু শীতল যুদ্ধৰ সমাপ্তিৰ লগে লগে দৰাচলতে ন্যাটোৰ প্ৰয়োজনীয়তাও শেষ হৈ গৈছে। ৱাৰশ্ব প্যাক্টৰ দৰেই ন্যাটোও ছোভিয়েত ইউনিয়নৰ পতনৰ পাছত ভঙ্গ কৰি দিব লাগিছিল | কিন্তু তাৰ বিপৰীতে পূৰ্ৱৰ ছোভিয়েত ইউনিয়নৰ অঙ্গ ৰাজ্য সমূহলৈ ন্যাটোক সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰি পূৱ ইউৰোপত অশান্তিৰ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাছিল। ৰাছিয়াৰ দৰে পৃথিৱীৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰয়ে নিজৰ সীমান্তত আমেৰিকা আৰু ন্যাটোৰ উপস্থিতি সহজ ভাবে গ্ৰহণ নকৰিব। ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৃষ্টিকোনৰ পৰা এয়া বাস্তৱিকতে এক উদ্বেগজনক কথা। আনহাতে ৰাছিয়াৰ দৰে বিশ্বৰ অন্যতম বৃহত সামৰিক শক্তিৰ সুৰক্ষাজনিত উদ্বেগক আওকান কৰি ইউক্ৰেনত ন্যাটো আৰু আমেৰিকাৰ সেনা ছাউনি অথবা মিছাইল ডিফেঞ্চ চিষ্টেম বাহাল কৰাৰ চেষ্টা কৰাটো বাতুলতা মাত্ৰ। এই কথা সকলোৱে জানে, আমেৰিকাৰ নেতৃবৃন্দও নজনা নহয়। সেয়ে নব্বৈৰ দশকৰ পৰা ইউক্ৰেনে ন্যাটোৰ সদস্য হবলৈ চেষ্টা কৰি আছে যদিও আমেৰিকা আজিলৈকে সন্মত হোৱা নাই।


আমেৰিকাৰ অন্যতম মুখ্য বিৰোধী নেত্ৰী তথা যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট প্ৰাৰ্থী তুলসী গাব্বাৰ্ডৰ মতে,  আমেৰিকা আৰু ন্যাটো নেতৃবৰ্গয়ে ভালদৰে জানে যে তেওঁলোকে ইউক্ৰেনক কেতিয়াও ন্যাটোৰ সদস্যপদ প্ৰদান নকৰে, কাৰণ তেনেকৰিলে ৰাছিয়াই প্ৰতিক্ৰিয়া কৰিবই আৰু সেই ক্ষেত্ৰত ন্যাটো চুক্তি মতে আমেৰিকাই ইউক্ৰেনৰ হৈ যুদ্ধত অৱতীৰ্ণ হব লাগিবই। ন্যাটো চুক্তিৰ পঞ্চম অনুচ্ছেদত সন্নিবিষ্ট " প্ৰিঞ্চিপাল অৱ কালেক্টিৱ ডিফেঞ্চ " বা সামূহিক সুৰক্ষাৰ নীতিয়েই হ’ল ন্যাটো চুক্তিৰ মূল আধাৰ। চুক্তিকাৰী এখন দেশৰ ওপৰত আক্ৰমণ হ’লে সেয়া ন্যাটোৰ সকলো সদস্য ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব আৰু সেই আক্ৰমণক সামূহিকভাৱে প্ৰতুত্তৰ দিয়া হব। গতিকে ইউক্ৰেনক ন্যাটো সদস্যপদ দিয়া মানে পৃথিৱীৰ আটাইতকৈ শক্তিশালী নিউক্লীয়েৰ অস্ত্ৰধাৰী দুখন দেশ - ৰাছিয়া আৰু আমেৰিকাৰ  মাজত যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিব, তাকো ইউৰোপৰ মাজ মজিয়াত। যিটো আমেৰিকা, ৰাছিয়া বা ন্যাটো কিয় পৃথিৱীৰ কোনোৱে নিবিচাৰে।  

মনৰ কথাঃ ভৱিষ্যত গঢ়াৰ অধিকাৰ বনাম চক্ৰবেহুত 'পুটিন' :: ড° অজয় লাল দত্ত

কিন্তু তুলসী গাব্বাৰ্ডৰ মতে আমেৰিকা আৰু ইউৰোপৰ নেতৃত্বয়ে এই কথা কেতিয়াও ৰাজহুৱা ভাবে স্বীকাৰ নকৰে যে তেওঁলোকে ইউক্ৰেনক ন্যাটোৰ সদস্য পদ প্ৰদান নকৰে। এই কথা ঘোষণা কৰাৰ লগে লগে ৰাছিয়াৰ অগ্ৰাসনৰ সকলো ন্যায্যতা ধূলিসাত হ’ব আৰু বিশ্বৰ জনমত ৰাছিয়াৰ বিৰুদ্ধে যাব। এখন অ-জনপ্ৰিয় যুদ্ধ পুটিনৰ দৰে বিচক্ষণ নেতা এজনে বেছিদিন চলোৱাৰ ভুল নকৰে। আৰু ইউক্ৰেনো ক্ৰিমিয়া নহয়।  


কিন্তু আমেৰিকা আৰু ন্যাটোৰ নেতৃত্বয়ে বিচাৰে যে ৰাছিয়াই ইউক্ৰেনক আক্ৰমণ কৰক। কাৰণ তেনে ক্ষেত্ৰত আমেৰিকা আৰু ৰাছিয়াৰ মাজত প্ৰত্যক্ষ সংঘাতো নহ’ব কিন্তু দ্বিতীয় বিশ্বযুদ্ধোত্তৰ শীতল যুদ্ধৰ পৰিৱেশ পুণৰ ঘূৰাই অনা যাব। আৰু এই যুদ্ধ সদৃশ ছায়া যুদ্ধৰ পৰিৱেশত এফালে যুদ্ধৰ আনুসাঙ্গিক খৰচ যেনে সেনাৰ দৰমহা, ক্ষতিপূৰণ ইত্যাদি কমোৱা যাব কিন্তু তাৰ বিপৰীতে সমগ্ৰ বিশ্বতে নতুনকৈ এক অস্ত্ৰ- প্ৰতিযোগিতা আৰম্ভ হ’ব। আৰু এই নৱ-শীতলযুদ্ধ সদৃশ পৰিস্থিতিত দুহাতেৰে মুনাফা লুটিব আমেৰিকা, পশ্চিম ইউৰোপ আৰু ৰাছিয়াৰ দৰে অস্ত্ৰ ৰপ্তানী কৰা দেশ সমূহৰ বৃহত অস্ত্ৰ নিৰ্মাতা কোম্পানী সমূহ। গতিকে ৰাছিয়াৰ অগ্ৰাসন আন একো নহয়, বৃহত অস্ত্ৰ নিৰ্মাণ কোম্পানী সমূহৰ দ্বাৰা প্ৰভাৱিত আৰু স্ক্ৰিপটেড এখনি যুদ্ধ।| কিন্তু স্ক্ৰিপটেড হলেও ইয়াত অবাবতে মৃত্যু বৰণ কৰিব অজস্ৰ নিৰীহ মানুহ আৰু সাধাৰণ সেনা জোৱান, ধ্বংস হ’ব বহু জীৱন, সম্পত্তি। 

(২)

ৱেষ্টাৰ্ণ মিডিয়াই যিদৰে ইউক্ৰেন সংকটক কাভাৰ কৰি আছে, সেয়া ইউৰোপৰ বগা মানুহৰ মজ্জাগত বৰ্ণ বৈষম্যক নগ্ন ৰূপত ধৰা পেলাইছে। ABC News ৰ সাংবাদিকে ইউক্ৰেণৰ মানুহৰ দুৰ্দশাৰ কথা কবলৈ গৈ কৈছে - " এওঁলোক কোনো চিৰিয়াৰ ৰিফিউজী নহয়, এওঁলোক হোৱাইট খৃষ্টান হয় ..."

CBS News চিনিয়ৰ ফৰেইন কৰেছপন্ডেন্ট চাৰ্লি ডি আগাটাই কৈছে - এয়া মধ্যপ্ৰাচ্য নহয় যত দশকৰ পাছত দশক ধৰি যুদ্ধ চলি থাকে, এয়া তুলনামূলকভাৱে সভ্য, ইউৰোপীয়ান ৰাষ্ট্ৰ ....


আনকি এজন প্ৰতিবেদকে BBC ক কৈ আছে - এয়া মোৰ বাবে বৰ আবেগিক বিষয় কাৰণ নীলা চকু আৰু সোনোৱালী চুলিৰ ইউৰোপীয়ান মানুহ পুটিনৰ বোমত মৰি আছে....। BBC ৰ নিউজ ৰীডাৰে তেওঁৰ সহমৰ্মিতা দেখুৱাই কৈছে -আপোনাৰ আবেগ মই বুজি পাওঁ !!

ITV ৰ ৰিপোৰ্টাৰে আৰু এখোজ আগুৱাই গৈ কৈছে - " ইউক্ৰেণত বোমা সঁচাকৈয়ে ভাবিব নোৱাৰি....এয়া কোনো উন্নয়ণশীল দেশ নহয়, এয়া ইউৰোপ হয়...."

ইপিনে ইউক্ৰেণৰ প্ৰেচিডেন্ট জেলেনস্কী ধৰ্মমতে যিহেতু ইহুদী, তেওঁক পশ্চিমৰ বিভিন্ন বাতৰি কাকতে "ইহুদী বীৰ" বুলি আখ্যা দি আছে।

যুদ্ধৰ মাজতে ইউক্ৰেণত আবদ্ধ আফ্ৰিকা আৰু এছিয়াৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে ইউক্ৰেণৰ আৰ্মীয়ে বৰ্ণ বৈষম্য মূলক আচৰণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আছে।

(প্ৰকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত । কাৰ্যালয়/পদবীৰ সৈতে কোনো সম্পৰ্ক নাই, লেখাটিৰ একাংশ আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

লেখকৰ আনবোৰ সুখ-দুখত প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN

---------------------------------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment