ভাল খবৰঃ “বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ “বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান

ভাল খবৰঃ “বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান

Share This

“বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান 

“বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান

অলপতে বিশ্বৰ বিভিন্ন দেশৰ জলবায়ু-বিজ্ঞানীসকলে একত্ৰিতভাৱে “জলবায়ু সংকট” ঘোষণা কৰাৰ পিছত অনাগত দিনবোৰত আমাৰ পৃথিৱীখনে সন্মুখীন হ’ব পৰা ভয়াৱহ সংকটসমূহ সম্পৰ্কে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জলবায়ু আৰু পৰিৱেশ সংস্থা “  Centre for Environment and Climate Action Foundation; চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন (CECAF)”-ৰ উদ্যোগত “ক্লাইমেট ডায়ালগ ছিৰিজ” শীৰ্ষক এলানি অনলাইন আৰু অফলাইন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সেই প্ৰচেষ্টাৰে অন্যতম কাৰ্যসূচী হিচাপে যোৱা ৩ মাৰ্চ তাৰিখে “বিশ্ব বন্যপ্ৰাণী দিৱস” উপলক্ষে “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰঃ ধাৰণা, দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তা”  (Ecological Restoration : Concept, Aspects and Need) শীৰ্ষক এখনি মনোগ্ৰাহী আৰু সময়োপযোগী ৰাজহুৱা বক্তৃতা-অনুষ্ঠান ডিফু চহৰৰ বায়ডাইভাৰ্চিটি-কাম-ৰিক্ৰিয়েচন পাৰ্কত অনুষ্ঠিত হৈ যায় । 

“বিশ্ব বন্যপ্ৰাণী দিৱস”ত ডিফুত CECAFৰ “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ" বিষয়ত বক্তৃতানুষ্ঠান অসমীয়া, সুখদুখ

অসম প্ৰশাসনিক সেৱাৰ বিষয়া, সহকাৰী আয়ুক্ত কে জেমেৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা বক্তৃতা-অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে ভাগ লৈ কাৰ্বি আংলং জিলাৰ “জিলা পৰিৱেশ সমন্বয়ক”, পৰিৱেশ-বিশেষজ্ঞ আৰু লেখক তদ্ৰূপ মজুমদাৰে মূল বিষয়টো সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ লগতে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ সম্পৰ্কেও এক বিশদ আলোচনা আগবঢ়ায়। মূল বক্তৃতাৰ পিছত অনুষ্ঠিত এক বিষয়ভিত্তিক মুকলি আলোচনাত ভাগ লয় উত্তৰ-পূব ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা “আৰণ্যক”ৰ বিজ্ঞানী ড° ফিৰোজ আহমেদ, নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিষয়া কিকৰুলহন্যু পাপিনো, বিশিষ্ট শিল্পী প্ৰসেনজিৎ ফাংচ’, বিশিষ্ট লেখক-গায়ক দেউৰী ৰংপী, পদাৰ্থবিজ্ঞানৰ শিক্ষক-গৱেষক ড° প্ৰকাশ বৰ্মন আৰু বনবিষয়া ৰেণুকা টেৰাংপীয়ে৷ 

এই শিতানত ভাগ লৈ কেইবাগৰাকী শ্ৰোতাই বহুকেইটা গুৰুত্ত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। কবি-লেখক আৰু পৰিৱেশ-কৰ্মী মণিকা টেৰণপীয়ে আঁত ধৰা আৰু “চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন”-ৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত সমাজৰ বিভিন্ন অংশৰ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । বক্তৃতা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি সংস্থাটোৰ পৰিচালন সঞ্চালক ড°এডমণ্ড এন্দ্ৰোৱে “ক্লাইমেট ডায়ালগ ছিৰিজ”ৰ অন্তৰ্গত পৰৱৰ্তী অনুষ্ঠানসমূহতো আগ্ৰহী লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে ।

আনবোৰ ভাল খবৰ পঢ়িবলৈ ক্লিক কৰকঃ

https://www.xukhdukh.com/search/label/goodnews

-------------------

অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

.com/img/a/ 

No comments:

Post a Comment