ভাল খবৰঃ ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন

ভাল খবৰঃ ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন

Share This

ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন

ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন, all assam assamese poetry competition

ধেমাজিৰ সম্ভাৱনাপূৰ্ণ কবি, প্ৰাক্তন কটনিয়ান, প্ৰয়াত টিকেন্দ্ৰজিৎ গগৈৰ সোঁৱৰণত বিগত বছৰসমূহৰ দৰে এইবছৰো (২০২২বৰ্ষ) ত্ৰিশ বছৰৰ অনুৰ্ধ উদীয়মান কবিসকলৰ মাজত ৰাজ্যিক ভিত্তিক স্ব-ৰচিত কবিতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷ 

ৰাজ্যিক ভিত্তিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি কবিতা প্ৰতিযোগিতাৰ আয়োজন, all assam assamese poetry competition

ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাসৰ সৌজন্যত আয়োজিত এই প্ৰতিযোগিতালৈ ত্ৰিশ বছৰৰ অনুৰ্ধৰ কবিসকলে নিজৰ নাম- ঠিকনা- বয়সৰ প্ৰমাণপত্ৰসহ দুটিকৈ স্বৰচিত কবিতা ১০ জুনৰ ভিতৰত পোৱাকৈ tikendrajitgogoismritinyas@gmail.com ঠিকনাত পঠিয়াব লাগিব৷ 


বিগত বছৰসমূহৰ দৰে প্ৰয়াত টিকেন্দ্ৰজিৎ গগৈৰ ওপজা দিন ১৯ জুনৰ লগত সংগতি ৰাখি এই বঁটা এইবছৰো ২০ জুন তাৰিখে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত চিচিবৰগাওঁ লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা অনুষ্ঠিতব্য বিষ্ণুৰাভা দিৱসত প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে, ক’ভিড ১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত ২০২১বৰ্ষত কোনো সভা সমিতি অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰিব  নোৱৰাৰ বাবে যোৱাবছৰৰ বঁটা বিজয়ী নলবাৰীৰ কবি পিনাক পাণি বশিষ্ঠকো এইবাৰৰ সভাতে বঁটা প্ৰদান কৰা হ’ব৷


পৰৱৰ্তীকালত বিজয়ী কবিগৰাকীৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰি সবিশেষ জনোৱা হ’ব বুলি আয়োজকমণ্ডলীয়ে জানিবলৈ দিছে৷ বিশদভাৱে জানিবৰ বাবে ৬০০২৬৮৯৮৬৬ অথবা ৯৮৫৯৪৭৫১৮৬ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

No comments:

Post a Comment