হোমেন বৰগোহাঞি আৰু 'জীৱন আৰু প্ৰজ্ঞা'ৰ শিক্ষা
দিলীপ শইকীয়া
শিক্ষক হ’ল এনে এজন মানুহ যাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আৰু জ্ঞান আহৰণ কৰিব পাৰে। আৰু সেই শিক্ষা আৰু জ্ঞানৰ দ্বাৰা নিজৰ জীৱনৰ বাটত বাট বুলি আগুৱাই যাব পাৰে । শিক্ষকতা এজন মানুহৰ জীৱিকা বা বৃত্তি হোৱাৰ লগতে ই হ’ল এটা সেৱা । শিক্ষকে ছাত্ৰ-ছাত্ৰীক সমাজৰ এজন সুনাগৰিক হিচাপে গঢ় দিব পাৰে আৰু এনে কিছুমান জ্ঞান দিব পাৰে যাৰ দ্বাৰা এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে জীৱনত অহা হাজাৰ বাধা অতিক্ৰমি আগবাঢ়িব যাব পাৰে । আৰু জীৱনটো সুন্দৰকৈ সজাই লব পাৰে।
আমাৰ সমাজত যিমানবোৰ বৃত্তি আছে তাৰ ভিতৰত আটাইতকৈ মহান বৃত্তি হ’ল শিক্ষকতা বৃত্তি। এই শিক্ষকতা বৃত্তিতো গ্ৰহণ কৰিবলৈ সমাজৰ বহু ধৰণৰ মানুহ আগবাঢ়ি আহে। এখিনি মানুহ আছে কেৱল আন চাকৰি নাপাই এই বৃত্তিটো গ্ৰহণ কৰে আৰু আন এখিনি মানুহ আছে যিয়ে এই বৃত্তিটো হৃদয়েৰে গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। কিছুমান শিক্ষক আছে যি কেৱল শ্ৰেণী কোঠালৈ আহি শ্ৰেণীৰ সেই নিদিষ্ট সময়খিনি পাৰ কৰিবলৈ আহে আৰু আন কিছুমান শিক্ষক আছে যি ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণীকোঠাত শিক্ষা দিম বুলি আহে। এজন ভাল শিক্ষক হবলৈ এজন মানুহৰ বাহ্যিক আৰু আভ্যন্তৰীণ বহু সজ গুণ থকাৰ প্ৰয়োজন। বাহ্যিক গুণ বা দিশটো হ’ল তেওঁৰ পৰিপাটি সাজপাৰ, চাফ-চিকুনতা, মুখত এমুকোৰা সুন্দৰ হাঁহি ইত্যাদি আৰু আভ্যন্তৰীণ দিশটো হ’ল তেওঁৰ বিষয়টোৰ ওপৰত জ্ঞান, এটা যোগাত্মক দৃষ্টিভংগীৰ মন, উপযুক্ত সিদ্ধান্ত লব পৰা ক্ষমতা, শুদ্ধ পৰিকল্পনা কৰিব পৰা এটা মন আদি । উপৰোক্ত গুণবোৰ নথকা এজন মানুহে কেতিয়াও এজন ভাল শিক্ষক হব নোৱাৰে আৰু তেঁও কেতিয়াও ছাত্ৰ-ছাত্ৰী সকলৰ মনত প্ৰভাব পেলাব নোৱাৰে । এটা সৰু কথাৰে এজন শিক্ষকে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ জীৱন সলনি কৰি দিব পাৰে । ছাত্ৰ ছাত্ৰীয়ে যেনেদৰে নতুন নতুন কথা শিকাৰ প্ৰয়োজন তাটোতকৈ বেছি এজন শিক্ষকে নতুন নতুন কথা শিকাৰ প্ৰয়োজন আছে । ছাত্ৰ-ছাত্ৰী সকলক কেৱল পৰীক্ষা পাছ কৰিবলৈ ৰেডিমেড প্ৰশ্নোত্তৰ দিয়াতকৈ তেঁওলোকক বিষয়টোৰ ওপৰত সাম্যক জ্ঞান দিয়াৰ দৰকাৰ । তেতিয়া হয়তু ছাত্ৰ-ছাত্ৰী সকল বেছি উপকৃত হব । প্ৰতিদিনে এজন শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক এনে কিছুমান জ্ঞান দিব লাগে যাৰ পৰা তেঁওলোকে এটা সুস্থ জীৱনৰ পাঠ আয়ত্ত কৰিব পাৰে । শিক্ষক সকলক আমি গুৰু সম্ভোধন কৰো । শিক্ষাগুৰু আমাৰ আটাইতকৈ পূজনীয় । যিজনৰ পৰা আমি শিক্ষা,জ্ঞান আহৰণ কৰি জীৱনত এটা সুন্দৰ বাট মুকলি কৰো।
হোমেন বৰগোহাঞি দেবে তেওঁৰ লিখনি আৰু জীৱন ধাৰনৰ পদ্ধতিৰ দ্বাৰা এনে কিছুমান পাঠ আমাক দি গৈছে যিবোৰৰ পৰা আমি বহু শিক্ষা লব পাৰো । ‘প্ৰজ্ঞাৰ সাধনা’ নামৰ কিতাপখনত তেওঁ জ্ঞান আৰু প্ৰজ্ঞাৰ বিষয়ে কিছু কথা লিখি গৈছে । মানুহ এজনে বাহিৰৰ প্ৰকৃতিক জয় কৰিবলৈ জ্ঞান লাগে, কিন্তু মানুহৰ ভিতৰৰ প্ৰকৃতিক অৰ্থাৎ মনটোক জয় কৰিবলৈ লাগে প্ৰজ্ঞা । জ্ঞান আৰু প্ৰজ্ঞাৰ পাৰ্থক্য কি ? এটা মাত্ৰ সাধাৰণ উদাহৰণৰ দ্বাৰা জ্ঞান আৰু প্ৰজ্ঞাৰ পাৰ্থক্য বুজাব পাৰি । ধন ঘটিবলৈ আমাক বুদ্ধি বা জ্ঞান লাগে, কিন্তু সজ কামত সেই ধন খৰচ কৰি জীৱনত প্ৰকৃত অৰ্থত সুখী হবলৈ হ’লে লাগে আমাক প্ৰজ্ঞা । আণৱিক শক্তি উৎপাদন কৰিবলৈ জ্ঞানেই যথেষ্ট, কিন্তু তাক বিনাশৰ পৰিৱৰ্তে মানুহৰ মঙ্গলৰ হকে নিয়োজিত কৰিবলৈ প্ৰজ্ঞাৰ প্ৰয়োজন । জ্ঞানৰ সহায়েৰে মানুহে যেনেকৈ প্ৰকৃতিৰ অন্তৰ্নিহিত ৰহস্য উদঘাটন কৰি প্ৰাকৃতিক শক্তিবোৰক মানুহৰ সেৱকত পৰিণত কৰিব পাৰে, ঠিক তেনেকৈ প্ৰজ্ঞাৰ সহায়েৰে মানুহে তাৰ নিজৰ প্ৰাকৃতিক ৰহস্যবোৰ উদ্ঘাটন কৰি হীন প্ৰবৃতিবোৰক জয় কৰিব পাৰে আৰু অন্তৰ্নিহিত নৈতিক শক্তিক নিজৰ সেৱাৰ কামত লগাব পাৰে । ভোগৰ উপকৰণ আমি জ্ঞানৰ সহায়েৰেই আহৰন কৰিব পাৰো, কিন্তু প্ৰজ্ঞাৰ অবিহনে সুখ, শান্তি আৰু আনন্দৰ উপকৰণবোৰ আহৰন কৰা অসম্ভব।
তেঁও কৈছে “জীৱন যাপনৰ কলা বিদ্যা শিকিবলৈ মই সদায় গুৰু বিচাৰি ফুৰো । যাৰ পৰা এষাৰ মাত্ৰ ভাল কথা তথা মঙ্গলজনক কথা শিকিব পাৰি তেওঁকো মই গুৰু বুলি কওঁ । খ্যাত অখ্যাত বহুতো মানুহৰ পৰা মই এনেকুৱা কিছু কথা শিকিছোঁ – যিবোৰ কথাই গোটেই জীৱন ধৰি মোক চিন্তাৰ খোৰাক যোগাইছে আৰু মোক পথৰ নিৰ্দেশ দিছে । ধৰ্ম সাধনা কৰা মানুহে যেনেকৈ গুৰুৰ পৰা মন্ত্ৰ জপ কৰে, ময়ো ঠিক তেনেকৈ ভাল মঙ্গলজনক কথাবোৰ জপ কৰোঁ ।”
এজন শিক্ষকে আমাক জ্ঞানৰ লগতে প্ৰজ্ঞাৰ জ্ঞান দিয়া উচিত । তেতিয়াহে ছাত্ৰ ছাত্ৰী সকলে সঠিক শিক্ষা পাব । গৌৰী শংকৰ শৃংগ জয় কৰা জিম হুইটেকাৰে শৃংগ জয় কৰি ঘুৰি আহি এষাৰ কথা কৈছিল – ‘YOU NEVER CONQUER THE MOUNTAINS, YOU ONLY CONQUER YOURSELF’ । এই এটা মাত্ৰ বাক্য যদি আপুনি মন্ত্ৰৰ দৰে ধ্যান কৰে, তেন্তে আপুনি ইমান বেছি চিন্তাৰ খোৰাক পাব যে গোটেই জীৱনৰ বাবে আপোনাৰ পাথেয় হব । আপুনি গৌৰীশংকৰ শৃংগ বগাবলৈ যোৱাৰ দৰকাৰ নাই।
হোমেন বৰগোহাঞিদেব মানুহ আৰু আমাৰ জীৱনৰ শিক্ষক আছিল। তেওঁ আমাক জীৱনৰ বিষয়ে, মানুহৰ অন্তনিৰ্হিত ভাবৰ বিষয়ে বহু কথা কৈ গৈছে । এজন মানুহে নিজৰ জীৱনটো সুন্দৰকৈ চলাই নিব পৰাকৈ জ্ঞান আৰু প্ৰজ্ঞা দি গৈছে। কিন্তু তেওঁ কোনো স্কুল বা কলেজৰ শিক্ষক নাছিল । হোমেন বৰগোহাঞিদেব স্কুল বা কলেজৰ শিক্ষক হোৱাহেঁতেন কেনেকোৱা হ’লহেঁতেন ? অৱশ্যে তেওঁ কলেজৰ শিক্ষক হব পৰাকৈ নিজৰ শিক্ষাগত অৰ্হতাই গোটাই নললে। কলিকতা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ পিছতো তেওঁ তালৈ পঢ়িবলৈ নগ’ল । গুৱাহাটীত মদ আৰু জুৱা খেলি সকলো পইছা শেষ কৰি কলিকতালৈ নগল বৰঞ্চ ঘৰলৈহে ঘুৰি গ’ল আৰু ঢকুৱাখানা মাধ্যমিক বিদ্যালয়ত ছমাহ শিক্ষকতা কৰিছিল । পিছত লিখা মতে তেওঁ স্কুলত শিক্ষকতা কৰি বৰ ভাল পাইছিল।
তেওঁ যদি এজন শিক্ষক হোৱাহেঁতেন তেওঁৰ পৰা মানুহ বেছি উপকৃত হ’লহেঁতেন নেকি ? এই দৃষ্টিকোণৰ পৰাও আমি এই কথাটো বিশ্লেষণ কৰি চাব পাৰো । আমি তেওঁৰ পৰা যিমানবোৰ জ্ঞান বা শিক্ষা লাভ কৰিছো সেইবোৰ হৈছে তেওঁ লিখা কিতাপ বা প্ৰবন্ধবোৰ পঢ়ি পৰোক্ষভাবে বা কিছুমান মানুহে তেওঁৰ প্ৰত্যক্ষ সংগ লাভ কৰি । বেছিভাগ মানুহে তেওঁৰ পৰা শিক্ষা আহৰণ কৰিছে তেওঁ লিখি যোৱা কিতাপবোৰ পঢ়ি । কিন্তু আমাৰ সমাজত এনেকুৱা মানুহো আছে যি পঢ়িব নাজানে বা এনেকুৱা শিক্ষিত মানুহো আছে যিজনে তেওঁৰ কিতাপ পঢ়া নাই। তেওঁলোকেটো তেওঁৰ কিতাপৰ পৰা লাভ কৰিব পৰা শিক্ষা আৰু জ্ঞানৰ পৰা বঞ্চিত হৈছে । তেওঁ যদি এখন স্কুল বা কলেজৰ শিক্ষক হ’লহেঁতেন তেন্তে বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষভাবে তেওঁৰ সান্নিধ্য পালেহেঁতেন আৰু জ্ঞান আহৰণ কৰিবলৈ সুবিধা পালেহেঁতেন । প্ৰতিদিনে তেওঁ বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শত আহিলহেঁতেন। সেই ছাত্ৰ-ছাত্ৰী সকলে তেওঁৰ পৰা অশেষ অনুপ্ৰেৰণা আৰু জ্ঞান লাভ কৰিলহেঁতেন। তেওঁৰ পৰা জ্ঞান আৰু প্ৰজ্ঞা লাভ কৰি বহুত মানুহে জীৱনত সুন্দৰ বাট বুলিছে আৰু তেওঁৰ পৰা প্ৰেৰণা লাভ কৰি এখিনি মানুহে আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত একোজনকৈ প্ৰতিস্থিত ব্যক্তি হিচাপে প্ৰতিস্থা লাভ কৰিছে । তেওঁ যদি এজন শিক্ষক হ’লহেঁতেন তেন্তে তেওঁ গোটেই চাকৰি জীৱনত বহু লক্ষ ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলহেঁতেন । আৰু সেই লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকেই তেঁওৰ পৰা জ্ঞান আৰু প্ৰেৰণা লাভ কৰিলেহেঁতেন । সেই লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীৰ ভিতৰত কেৱল যদি ১০ শতাংশয়ে তেওঁৰ পৰা জ্ঞান, প্ৰজ্ঞা আৰু প্ৰেৰণা গ্ৰহণ কৰিলেহেঁতেন তেন্তে সেই ১০ শতাংশৰ পৰা আজি সমাজ তথা দেশৰ বহুত উপকাৰ হ’লহেঁতেন।
মানুহৰ জীৱন বিভিন্ন সমস্যাৰে পৰিপূৰ্ণ । এনে এজন মানুহ নাই যাৰ জীৱনত সমস্যা অহা নাই। মানুহ এজনৰ নিজৰ জীৱনত সমস্যা আহিলে সেই সমস্যটো কেনেকৈ গ্ৰহণ কৰে বা সমস্যাটো সমাধান কৰিবলৈ কি পন্থা গ্ৰহণ কৰে তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে । সমস্যাটো হ’ল বুলিয়েই দুখ কৰি বহি থাকে নে তাৰ সমাধানৰ বাট বিচাৰে । সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে মানুহজনৰ চিন্তধাৰাৰ ওপৰত । মানুহৰ সমস্যাৰ সমাধানৰ বিষয়ে “আত্মদীপো ভৱ” নামৰ কিতাপখনত তেওঁ আমাক এনেদৰে কৈছে ---শাৰিৰীক যন্ত্ৰনাৰ দৰে ব্যক্তিগত আৰু সামাজিক জীৱনৰ নানা সমস্যাই আমাক বেছিভাগ সময়তে অস্থিৰ আৰু অশান্ত কৰি ৰাখে । ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি যেনেকৈ ব্যায়াম কৰি শৰীৰটোক সবল কৰি ৰাখিব লগা হয়, ঠিক তেনেকৈ আমাক সততে অস্থিৰ আৰু অশান্ত কৰি ৰখা ব্যক্তিগত আৰু সামাজিক সমস্যাবোৰৰ সন্মুখত বীৰৰ দৰে থিয় হবলৈ আমি কিছুমান মানসিক ব্যায়াম কৰাৰো প্ৰয়োজন হ্য় । তেনে এটা মানসিক ব্যায়াম হ’ল ইতিহাসৰ বিশাল পৰিপ্ৰেক্ষিতত সমসাময়িক ঘটনাবোৰক চাবলৈ চেষ্টা কৰা । একমাত্ৰ সন্তানক হেৰুৱাই শোক বিহ্বলা হোৱা মাতৃক বুদ্ধদেৱে কৈছিল ----তোমাৰ সন্তানক মই পুনৰ জীয়াই তুলিম –যদিহে তুমি মোক এনে এঘৰ মানুহৰ পৰা এমুঠি সৰিয়হ আনি দিব পাৰা , যিটো পৰিয়ালত কোনো দিনে মানুহ মৰা নাই । ই হ’ল সমাধানৰ অতীত সমস্যাবোৰৰ প্ৰতি আমাৰ মনোভাব তথা দৃষ্টিভংগী সলনি কৰাৰ শিক্ষা।
সময় হোৱাৰ লগে লগে মানুহৰ বয়স হৈ আহে । বয়সত এজন মানুহ বুঢ়া হয় । কিন্তু এনে কিছুমান মানুহ আছে যি বয়স নহলেও মানসিক ভাবে বুঢ়া হয়। ডেকা বয়সতে সংসাৰৰ সমস্ত কথা পাহৰি এজন বুঢ়া মানুহৰ দৰে জীবন আৰম্ভ কৰে । কম বয়সতে কিছুমান মানুহ মানসিকভাবে বুঢ়া হৈ দুৰ্বল হৈ পৰে । তেওঁ “সুখ-দুখ” নামৰ কিতাপখনত লিখিছে “অসমীয়া মানুহ অকালতে মানসিক ভাবে বুঢ়া হোৱাৰ এটা প্ৰধান কাৰণ তেওঁলোকৰ দুৰ্বল স্বাস্থ্য । দ্বিতীয় কাৰণ হ’ল জলবায়ুৰ প্ৰভাৱ । কিন্তু মোৰ মতে আটাইতকৈ ডাঙৰ কাৰণটো হ’ল তেওঁলোকৰ ত্ৰুতিপূৰ্ণ জীৱন-দৰ্শন । যোৱা কেইবাশ বছৰ ধৰি অসমীয়া সকলে যি ধৰণৰ সভ্যতা-সংস্কৃতি গঢ়ি তুলিছে সেই সভ্যতা সংস্কৃতিয়ে তেওঁলোকক মাহ-চাউল খাই হাত চাপৰি বজাই নাম গাই পৰকালৰ প্ৰতীক্ষা কৰিবলৈ শিকাইছে, কিন্তু জীৱনৰ শেষ মুহূৰ্তলৈকে কৰ্মক্ষম হৈ থাকি আৰু মানসিক জীৱন পৰিপূৰ্ণ ভাবে উপভোগ কৰি পাৰ্থিব জীৱনটো অৰ্থপূৰ্ণ আৰু আনন্দময় কৰি তুলিবলৈ শিকোৱা নাই । আমি অসমীয়াসকলে আচলতে গোটেই জীৱন আধাহে জীয়াই থাকো । বাকী আধা মৰিয়ে থাকো । সংগীত, চিত্ৰকলা, সাহিত্য, নাট্যভিনয়, ভ্ৰমন, সুধীসংগ ইত্যাদি বিচিত্ৰ উৎসৰ পৰা আনন্দ আহৰন কৰিবলৈ আমি কেতিয়াও শিকা নাই । বেছিভাগ মধ্যবিত্ত অসমীয়াই ডকা -হকা দি হলেও ধন ঘটি এটা ঘৰ সজা, দুই বেলা কুকুৰাৰ ঠেং চোবাবলৈ বা ৰৌমাছ এচকল খাবলৈ পোৱা, আৰু পুতেক জীয়েকৰ বিয়াত অতি নিৰ্লজ্জ আৰু ৰুচিহীনভাবে নিজৰ ধন -ঐশ্বৰ্য প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাটোকে জীৱনৰ পৰম সাৰ্থকতা বুলি ভাবে । তাৰ বাহিৰে জীৱনৰ কোনো উচ্চতৰ লক্ষ্য বা আদৰ্শই তেঁওলোকক মুহূৰ্তৰ কাৰণেও বিচলিত নকৰে বা হৃদয়ত আন কোনো ক্ষুধা জগাই নোতোলে । সামগ্ৰিক ভাবে আমাৰ জীৱন এনে ৰিক্ত আৰু নিৰানন্দ হোৱাৰ কাৰনেই আমাৰ কবি, শিল্পী আৰু পণ্ডিত সকলেও যৌৱন-সুলভ তেজৰ পিৰপিৰনি মাৰ যোৱাৰ লগে লগে জ্ঞানৰ সাধনা বা শিল্পৰ সাধনা ধোঁৱাচাঙত তুলি থৈ মৃত্যুৰ কাৰণে গোপনে প্ৰতীক্ষা কৰিবলৈ আৰম্ভ কৰে।
মানুহৰ জীৱনত হতাশা আৰু মানসিক দুৰ্বলতা আহে । হতাশা আহিলে মানুহ ভাঙি পৰে । সমাধানৰ বাবে উপায় বিচাৰি নোপোৱা হয় । হতাশা আৰু দুৰ্বলতাই মানুহক তিল তিলকৈ শেষ কৰে । বহু মানুহে আত্মহত্যাৰ দৰে চৰম পথো বাচি লয় । তেওঁ “অসম্ভৱক সম্ভৱ কৰাৰ সাধনা নামৰ কিতাপখনত লিখিছে – “কিতাপে মানুহক চৰম হতাশা আৰু মানসিক দুৰ্বলতাৰ পৰা উদ্ধাৰ কৰিব পাৰে তাৰ প্ৰমাণ মই নিজে পাইছোঁ মোৰ গোটেই জীৱন ধৰি । মই মোৰ একাধিক ৰচনাত এই কথা লিখিছো যে বেছিভাগ মানুহেই ডাঙৰ বিপদ বা জটিল সমস্যাৰ সন্মুখীন হৈ আন মানুহৰ কাষ চাপে সহায় আৰু পৰামৰ্শ বিচাৰি। মই বিশ্বাস কৰো যে মানুহৰ বেছিভাগ সমস্যাৰ সমাধান আহিব লাগিব নিজৰ অন্তৰৰ পৰা। বেছিভাগ মানুহে মানসিক সংকটৰ সময়ত সহায় বা সমৰ্থন বিচাৰি আন মানুহৰ কাষ চপাৰ দৰে মই কাষ চাপো কিতাপৰ। কিতাপনো কি ? ই হ’ল ঘাইকৈ মানুহৰ অভিজ্ঞতাৰ বিৱৰণ । যিটো সমস্যাই মোক আজি দিগভ্ৰান্ত কৰিছে সেই সমস্যা নিশ্চয় আন বহুত মানুহৰ জীৱনটো হৈছিল বা এতিয়াও হৈ আছে । কোনোবা নহয় কোনোবা এখন কিতাপত নিশ্চয় তাৰ উদাহৰণ পোৱা যাব, সেইকাৰনে বেছি ভাগ সংকটৰ সময়ত মই কিতাপৰ কাষ চাপোঁ ।”
সচাঁকৈ তেওঁ আছিল মানুহৰ শিক্ষক, তেওঁ আছিল আমাৰ জীৱনৰ শিক্ষক। তেওঁ আমাক এনে কিছুমান শিক্ষা দি গৈছে যিবোৰ আমি জীৱনৰ পদে পদে ব্যৱহাৰ কৰিব পাৰো। জীৱনৰ বাটত বিচলিত হ’লে আমি তেওঁৰ কথাবোৰ স্মৰণ কৰিব পাৰো । তেওঁৰ কিতাপ পঢ়ি আমি সমস্যাৰ সমাধান বিচাৰিব পাৰো। জ্ঞান আৰু প্ৰজ্ঞা বিচাৰিব পাৰো। জীৱনৰ বাট বুলিবলৈ পথ বিচাৰিব পাৰো । তেওঁ স্কুল বা কলেজৰ শিক্ষক নহ’ল কিন্তু তেওঁ হ’ল আমাৰ জীৱনৰ শিক্ষক । আইনষ্টাইন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চতম শিক্ষাকেন্দ্ৰৰ শিক্ষক আছিল । কিন্তু সমগ্ৰ শিক্ষক জীৱনত তেওঁ মাত্ৰ এজনো ডক্টৰেট তৈয়াৰ কৰিব পৰা নাছিল । আন প্ৰকাৰেও তেওঁ শিক্ষক হিচাপে বিশেষ একো কৃতিত্বৰ পৰিচয় দিব পৰা নাছিল । তেওঁৰ মাতটো আছিল সৰু, বক্তৃতা আছিল নীৰস, ছাত্ৰক উদ্দীপিত কৰিব পৰা কোনো প্ৰতিভাই তেওঁৰ নাছিল । কিন্তু তেওঁ আছিল পৃথিৱী বিখ্যাত বিজ্ঞানী ।
লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত।
No comments:
Post a Comment