জ্ঞানপীঠ বিজয়ী কাব্যঋষিলৈ নোবেল বঁটা সঁচাই অসম্ভৱ নে?
ৰুদ্ৰ সিংহ মটক
"হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘন্টা,
জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা"
বিগত দুটা বছৰত দিনতে শ্মশানৰ কাল অমানিশা নামি অহা মৃত্যুৰ মহামাৰী কালান্তক কভিডৰ কালছো-ৱাত মুহুৰ্মুহু শংকিত ভীত সন্ত্ৰস্ত কবিসকলৰ মনত প্ৰায়ে ভূমুকি মাৰিছিল দ্ৰষ্টা কবিজনৰ ছিৰিয়াছ কন্ন'টেশ্বন(connotation) বহন কৰা উদ্ধৃত, ট্ৰেজিক স্তৱকটোৱে। সভ্যতাৰ শিখৰত আৰোহন কৰা একবিংশ শতিকাৰ অভিমানী বিজ্ঞান প্ৰযুক্তিক এক অদৃশ্য ভাইৰাছে কুৰুক্ষেত্ৰ সদৃশ বিভিষিকাময় মহামৃত্যূ যজ্ঞৰে হঠাতে জ্বলাকলা দেখুৱাব বুলি এই পৃথিৱীৰ কোনেও কাহানিও কল্পনা কৰিব পৰা নাছিলো। সূৰ্যৰ বুকুৰ অনন্ত পোহৰ-বলয়ৰ দৰে কি দীপ্ত, প্ৰসাৰিত অন্তৰ্দৃষ্টি কাব্যৰ্ষি নীলমণিৰ! সেয়ে হয়তো পৃথিৱীৰ আন কোনো কবিয়ে উপলব্ধি কৰিব নোৱৰা সত্য এটা আমাৰ অসমীয়া কবিজনে ধৰি ৰাখিছে শব্দব্ৰহ্মৰ বিৰল কালিকাৰে,--"এটা মহাবৃত্তৰ কেন্দ্রত থিয় দি যেন/ নিৰীক্ষণ কৰিছো /জুই পানী মাটি...।" আমি পৃথিৱীৰ সভ্য, সংস্কৃতিবান মানুহখিনিয়ে বহু পলমকৈ হ'লেও বুজিব পাৰিছো যে ভাষা মানব জাতিৰ বিস্ময়কৰ আৱিস্কাৰ।
শামুকৰ পেটৰ মুকুতাৰ দৰে ভাষাশিল্প কবিতাৰ জন্ম বা আৱিস্কাৰ হয়তো ততোধিক ৰহস্যময়। কাব্যশিল্প মূলতঃ সংবেদনৰ সত্য, আন্দোলিত হৃদয়ৰ বাঙ্ময় পোহৰ-অনুবাদ। ই কবি এজনৰ চেৰিব্ৰামৰ স্নায়ুগ্ৰন্থিবোৰত, তেজ:দীপ্ত মানসফলকত (software!) সঞ্চিত বোধ-স্মৃতি আবেগ-কল্পনা, হৃদয়স্তনিত প্রজ্ঞা-অভিজ্ঞতাৰ মৰ্মৰিত শব্দশিল্প। সৰল ৰেখাচিত্ৰ, ধেমেলীয়া শিশুপদ্য বা হাইকুবোৰৰ দৰে কবিতা ক্ষণিকৰ স্বত:স্ফূৰ্ত শব্দচিত্ৰ, মটিফ, ইমেজ বা উৎপ্ৰেক্ষা নহয়। আধুনিক কবিতা--এনেকি নগেন শইকীয়াদেৱৰ কলমৰ মিতভাষো--অনুভূতি বা আবেগ মাথো নহয়, হৃদয় আৰু মগজুৰ সংৰচনা ; মননৰ অন্ধকাৰ আৱৰ্ততো তড়িত তেজ আৰু চিৰচলমান মানবিক প্ৰমূল্যৰ সালোক-সংশ্লেষণ। যি কোনো শিল্পকৰ্মৰ দৰে আধুনিক কাব্যকৃতি সৃষ্টি আৰু নিৰ্মাণো। কবি-দাৰ্শনিক নীলমণিয়ে নিজস্ব শিল্পজিজ্ঞাসাৰ পোহৰত এনে এক সত্যলৈকে আঙুলিয়াইছে। কবি এজনৰ থাকে মুক্ত এক নিজস্ব ভিচন, কহিনুৰৰঙী উদ্ভাসিত কল্পদৃষ্টি। ফুকনদেৱৰ মতে এই কল্পদৃষ্টিৰো "আচল source সদায় জীৱন, বাস্তৱ আৰু প্ৰকৃতি।" ( নীলমণি ফুকনৰ সৈতে কথোপকথন, অৰিন্দম বৰকটকী)। লোকজীৱন আৰু চৌপাশৰ যি সামাজিক সাংস্কৃতিক পৰিমণ্ডল, তাৰপৰা ই কবিয়ে সৌন্দর্যমণ্ডিত ৰূপত তিলতিলকৈ গঢ়ি তোলে তিলোত্তমা কবিতাৰ নিৰ্লোভ স্থাপত্য। কথাটো আমি এনেকৈয়ো ভাবি চাব পাৰোঁ--হেজাৰ আলোড়ন- আন্দোলন সত্বেও কবিহৃদয় এখনি স্ফটিকস্বচ্ছ পোহৰৰ দাপোণ,--আশ্চৰ্য্য ৰহস্যময় এক অপ্টিক লেন্স –য’ত কবিৰ চৌপাশৰ সমাজখনৰ বহল, বৈচিত্রময় পৃথিৱীখনৰ সাংস্কৃতিক পৰিমণ্ডলৰ এক উজ্বল ছায়াছৱি প্ৰতিবিম্বিত হয়। নোবেল বঁটা বিজয়ী নাইজেৰিয়ান কবি-নাট্যকাৰ ৱ’লে ছয়িংকায়ো নাটক আৰু কাব্যসৃষ্টি সন্দৰ্ভত এনে এক বাস্তৱ সত্যকে দোহাৰিছে,—“I believe that there is a kind of osmotic process whereby one intuitively absorbs the various strands that went into the making of a play, a poem, etc." (দ্ৰষ্টব্য, ৱ’লে ছয়িংকাৰে ইউ চি বাৰ্কলেৰ কথোপকথন)।
বহুতে ক'ব খোজে,-- যি কোনো সৃষ্টিৰ দৰেই কবিতাও কবিৰ অন্তৰ্জীৱন। সি যি কি নহওক আধুনিক কবিতা এটাৰ ভাষাৰূপ, নান্দনিক সংৰচনা, তাৰ আংগিক বা ভাৱমণ্ডল বিনিৰ্মাণৰ প্ৰসঙ্গটো যিমান গুৰুত্বপূৰ্ণ, সেই পৰিমাণে অসমীয়া সাহিত্যত ই আজিও চৰ্চিত, আলোচিত হোৱা নাই বুলিলেও বঢ়াই কোৱা নহয়।এই।প্ৰসংগত ফুকনদেৱৰ অভিমত প্ৰণিধানযোগ্য : "বহুতে ভৱাৰ দৰে কবিতা এটা আগ্নেয়গিৰিৰ দৰে ওলাই নাহে। জিজ্ঞাসা, অনুসন্ধান, অধ্যয়ন, দহজন মানুহৰ লগত সম্পর্ক, দহখন ঠাইৰ লগত সম্পর্ক, প্ৰকৃতিৰ সৈতে সম্পর্ক, জীৱন্ত বস্তুবোৰৰ সৈতে সম্পর্ক--এনেকৈ মই বহু অধ্যয়নৰ মাজেৰে কবিতাৰ মানসমণ্ডল গঢ়ি তুলিছোঁ। "আনহাতে ফৰাছী কবি পল ভালেৰিয়েই প্ৰথম কৈছিল,---কবিতা অংকৰ দৰে নিৰ্মাণ। অৰ্থাৎ কবিতা এটা নিটোল কবিতা হ'বলৈ হ'লে কবিতাটোত কলা-কৌশলগত (Art & Artfice) দিশৰপৰা অৰ্থহীন বা অপ্ৰয়োজনীয় এটা শব্দও সংযোজিত হ'ব নালাগিব। সৃষ্টিশীলতা আৰু নিৰ্মাণ বিষয়ত নীলমণিৰ অভিজ্ঞতা -দীপ্ত অভিমত এনেধৰণৰ,--"চাবলৈ গ'লে নিৰ্মাণো সৃষ্টিশীলতাৰে এটা অংশ, চেতন বা অবচেতন মনত সৃষ্টিশীলতাৰ ফিৰিঙতি নাথাকিলে নিৰ্মাণ, পুনৰ্নিৰ্মাণ সম্ভৱ হ'ব পাৰে জানো?"...আমি এটা সিদ্ধান্তত অৱশ্যেই উপনীত হ'ব পাৰোঁ, ভূকুতে কল এটা পকাব নোৱাৰাৰ দৰেই একে বহাতে, একে উশাহতে লিখা কবিতা এটাৰ ফৰ্ম, ভাবাত্মা বা ভাৱমণ্ডলত আধুনিক কবিতাৰ ধ্ৰুপদী শৈলী কিম্বা শিল্পগুণ বিচৰাজন বহু সময়ত হতাশ হোৱাটোৱেই হয়তো স্বাভাৱিক। কেৱল আবেগৰ আধাৰত লিখা কবিতা এটাৰ আবেদন নিমিষতে জ্বলি নুমাই যোৱা ধানখেৰৰ জুইৰ দৰেই ক্ষণিক, অস্থায়ী । সৃজনমুখী আত্মবীক্ষণ, সমালোচনামূলক এটা সূক্ষ্ম জীৱনদৃষ্টি, দীপ্ত ইতিহাস চেতনা আৰু প্ৰসাৰিত সমাজবীক্ষা ব্যতিৰেকে আপাত: জটিল আধুনিক শৈলীৰ মহৎ কাব্যকৃতিৰ সংৰচনা-বিনিৰ্মাণ কলাগতভাৱে ত্ৰুটিপূৰ্ণ অথবা দু:খলগাকৈ উদ্দীপনাহীন আৰু অসফল হ'বলৈ বাধ্য। অামাৰ সাহিত্যৰ পথাৰৰ ন-কবিসকলে জানিবলৈ পাই আনন্দিত হোৱাৰ লগতে কিছু আচৰিতো হ'ব যে নীলমণি ফুকনদেৱে নিজস্ব অন্তৰ্দৃষ্টি (insight), জীৱন-জগতৰ বৈচিত্রময় অভিজ্ঞতাৰ আধাৰত ৰচিত "একেঘৰতে আছিলো দুঘৰ মানুহ" শীর্ষক কবিতাটো (নৃত্যৰতা পৃথিৱীত সন্নিবিষ্ট) সৃষ্টিৰ জটিল, বহু কষ্টকৰ প্ৰক্ৰিয়াটো ৰোমন্থন কৰিছে এনেদৰে--"কোনোটো কবিতা মনৰ মাজত নিৰ্মিত হৈ আহে; কোনোটো কবিতাৰ নিৰ্মাণকাৰ্য দীৰ্ঘকাল ধৰি চলি থাকে।...আপুনি কল্পনা কৰিবলৈ টান পাব--কবিতাটোৰ ৰূপগত, ভাৱগত গঠনটো অধিক সংহত, আটিল কৰিবলৈ দিনৰ পিছত দিন ধৰি কি আপ্রাণ চেষ্টা কৰিছিলো! আৰু এদিন মাজনিশা, মনৰ হকা-বধা নামানি, কবিতাটো তাতে শেষ হ'ল বুলি ভাবি শুবলৈ গৈছিলো। পিছত মই প্ৰথম খচৰাটোৰ লগত একেবাৰে শেহৰ খচৰাটো মিলাই চাই, সৃষ্টি প্ৰক্ৰিয়াৰ কাৰবাৰটোৰ কিছু কথাৰ ৰহস্যটো আজিও বুজি নাপালো।
চেতন বা অচেতন ভাবে সৃষ্টিশীল মনটো কিছু হ'লেও সক্রিয় হৈ নাথাকিলে কেৱল ধীশক্তিৰে, কাৰিকৰী দক্ষতাৰে কবিতাটোৰ সংশোধন,পৰিমাৰ্জনা, সংবৰ্দ্ধন কৰিব নোৱাৰিলোহেঁতেন বুলি ভাবোঁ।" আনহাতে ৰমন্যাসিক কবিতাৰ দৰে অবচেতন মনৰ গহনৰপৰা স্বত:স্ফুৰ্তভাৱে নিগৰি আহিব পৰা মানস মণ্ডলৰ তন্ময় অৱস্থাটো কিন্তু সতকাই পোৱা নাযায়। "জানি-বুজি বা দীর্ঘদিনীয়া প্ৰস্তুতি, বহু প্ৰতীক্ষাৰ পিছতহে তেনেকুৱা ভাৱ-অনুভূতি-বিহ্বল মুহূর্ত এটা পোৱা যায়।" এয়া যেন কাব্যৰ্ষিৰ মানসপটত ধৰা দিয়া অনুভৱ-উপলব্ধিৰ সালোক- সংশ্লেষণহে। নিজৰ উৰ্বৰ মনন আৰু কল্পনাৰ জৰায়ুৰ উদ্ভাস চিত্রকল্পধমী কাব্যভাষাৰ উৎস যে দৰাচলতে স্বদেশ-স্বকাল, সমাজ জীৱন বা ৰূঢ় বাস্তৱতাহে, তাক তেওঁ মুক্ত মনে, সুন্দৰকৈ দাঙি ধৰিছে মণিমালা গগৈৱে লোৱা এটি সাক্ষাৎকাৰত (ষোল্লজন শিল্পী-সাহিত্যিকৰ জীৱনৰ ছাঁ-পোহৰ)। পথাৰত নামিব খোজা আমাৰ দৰে অলেখ কাব্যপ্ৰেমীৰ বাবে ফুকন ছাৰৰ বহুবৰ্ণিল সৃষ্টিৰাজী আৰু বহুমাত্রিক শিল্পবীক্ষা হ'ব পাৰে অতুলনীয় এক আলোকসঞ্চাৰী দিগদৰ্শন।
মহৎ সৃষ্টি মাত্রেই সাধনাৰ ধন, সমুদ্ৰ-মন্থনৰ অমৃতময় পোহৰ-শইচ্। সাৰ্থক কলাকৰ্মৰ আত্মিক ঐশ্বৰ্যৰ বিষয়ে কাৰ্ল গুস্তাভ ইয়ুঙে তেওঁৰ Modern Man in search of a Soul গ্ৰন্থত এনেদৰে কৈছিল,--"What is essential in a work of art is that it should rise far above the realm of personal life and speak from the spirit and heart of the poet to the spirit and heart of mankind." মানব সভ্যতাৰ বাবেই উৎসৰ্গিত নীলমণিৰ হৃদয় উৎসাৰিত শব্দশংখ। এটা যুগৰ যুগুতি ঐতিহ্যৰ সাৰ-শাহ-ঐশ্বৰ্য, চিৰবহমান সংস্কৃতিৰ নক্ষত্রসৌধ চিনি পোৱা, যুগান্তৰৰ সভ্যতাৰ ৰূপদ্রষ্টা, চিৰ সুন্দৰৰ সাধক নীলমণিয়েহে কবিতাপ্ৰেমী পৃথিবীৰ মানুহক ক'ব পাৰে যন্ত্রযুগৰ অন্তহীন কোলাহলতো, ভোগবাদৰ পিতনিতো পথভ্রষ্ট নেহোৱাকৈ অবিৰত কৰ্ষণ-সাধনাৰে হেজাৰজনৰ হৃদয় স্পৰ্শ কৰিব পৰা এটা ভাল কবিতা লিখা, সাগৰতলিৰ শংখ বোটলা কিমান দুৰূহ, কিমান প্ৰত্যাহ্বানভৰা হ'ব পাৰে।-- "কবিতা লিখিবলৈ লোৱা মানুহজনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল--জীৱনৰ আৰু বাস্তৱৰ লগত তেওঁ কিমান নিবিড়ভাবে জড়িত, যুক্ত জীৱন, বাস্তৱ ভাষা সম্বন্ধে তেওঁ কিমান সচেতন, জীৱন বাস্তৱৰ অভিজ্ঞতা তেওঁৰ কিমান বিশাল আৰু গভীৰ।" উচ্চ আন্তর্জাতিক মানদণ্ডসম্পন্ন শিল্পকলা সমালোচনা, উৎকৃষ্ট গদ্য ও ৰসোত্তীৰ্ণ কাব্যস্ৰষ্টা গৰাকীয়ে হেজাৰ কুঁৱলিৰ আভৰণ ভেদি আমাৰ বাবে যেন জীৱনশিল্পৰ সাৰৱত্তাৰে মহিমামণ্ডিত কালজয়ী কবিতাৰ সংৰচনা-বিনিৰ্মাণ আৰু বিশ্বজনীন শিল্পৰূপ সম্পর্কে প্ৰথম আৰু শেষ সত্যৰ ৰহস্যয়ো যেন উন্মোচিত কৰি গ'ল।
নীলমণি ফুকনদেৱৰ জীৱনজিজ্ঞাসা আৰু কাব্যসাধনাৰ যুগপৎ যি মহাযাত্ৰা, সেয়া যেন আজিও অন্ত নপৰিল। জয়েচৰ ইউলিছিচৰ দৰেই তেওঁৰ চিৰসন্ধানী এই বিশ্বদৃষ্টি ; "To strive, to seek, to find, and not to yield." সাৰস্বত কবিতাৰ সৃষ্টি-চৰ্চাৰ মাজেৰে বিশাল মহাভাৰতীয় সংস্কৃতিৰ বৈচিত্রৰ লগতে মানবতন্ত্ৰমুখী এক মহাসাত্ত্বিক বিশ্বসভ্যতাৰ চিৰপ্ৰবহমান ঐতিহ্যৰ যি নক্ষত্ৰসৌধ, তাৰ সন্ধান-অনুধাৱনৰ নিৰলস সাধনাতে নীলমণি ফুকনদেৱে আত্মোৎসর্গ কৰি আহিছে ওৰেটো জীৱন। এই ঐতিহ্যক বাদ দি আধুনিক মানুহ আধ্যাত্মিকভাবে চহকী হোৱাৰ কথাটো কল্পনাই কৰিব নোৱাৰি। ক্ৰান্তদৰ্শী কবি-মনিষীজনে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে মানব সভ্যতা-সংস্কৃতিৰ ৰূপান্তৰ আৰু অগ্ৰগতিয়ে, আধুনিক মানুহৰ সুগভীৰ যুক্তিবোধ আৰু আলোকিত জীৱন-জিজ্ঞাসাই, উৎপাদনমুখী বিজ্ঞান-প্ৰযুক্তিয়ে এই হেৰিটেজ বা ঐতিহ্যত গতানুগতিকতাৰ বিপৰীতে নিত্যনতুন ৰং-ৰূপ-ঐশ্বৰ্যৰে অফুৰন্ত প্ৰাণসঞ্চাৰ কৰিছে। আমি স্বীকাৰ কৰিব লাগিব নীলমণি ফুকনদেৱৰ অভ্ৰভেদী, চিৰজাগৰ বৈপ্লৱিক ভিচন ,শিপা-সম্পৃক্ত উৰ্বৰ কাব্যচিন্তাৰ স'তে সূক্ষ্ম, সংহত সমাজমনন আৰু বিৰল, আধুনিকতাবাদী বিশ্ববীক্ষাৰ মণিকাঞ্চন সংযোগ হৈছে।
তথাকথিত বিশ্বায়নৰ ৰাহুগ্ৰাসত পতিত বিশ্বসমাজ সভ্যতাৰ ভবিতব্যতাক লৈ উদ্বিগ্ন যদিও সপোনৰ সূৰ্যৰ মানুহৰ বৌদ্ধিক শক্তি, সংগ্রামভাৱনা আৰু শুভবোধৰ ওপৰত কবিৰ অটুট, অপৰিমেয় আস্থা। সেয়ে তেওঁ ঘোষণা কৰিছে দীপ্তকণ্ঠে,--"পৃথিৱীৰ সকলো মহৎ সাহিত্যৰ প্ৰাণ-উৎসত বা অন্ত:স্হলত মানুহেই আছে। আৰু যদি ক'ৰবাত দেৱতা আছে, তেওঁ দেৱতাৰূপী মানুহৰ লগতেই আছে।"(দ্ৰষ্টব্য, হৰেকৃষ্ণ ডেকাই লোৱা সাক্ষাৎকাৰ)। কবিতাই মানুহক ভালপোৱাৰ মাজেৰে যুগে যুগে সত্য আৰু সুন্দৰক, বেলিফুলীয়া সভ্যতাক আদৰিবলৈ শিকায়। "মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য।কবিতাৰো। মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা, বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা, মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা মানুহক দ্ৰষ্টা কৰা, স্ৰষ্টা কৰা। পৃথিৱীৰ সকলো কবিয়েই সম্ভৱত বাঞ্চা কৰে--পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক।" (দ্ৰষ্ট্ৰব্য, নীলমণি ফুকনৰ জ্ঞানপীঠ ভাষণ)
পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা অসমীয়া ভাষাটোৰ কালিকা আৰু সৌন্দর্য সন্ধানৰ বাবেই যেন সংস্কৃতিৰ ৰত্নপীঠ অসমত জন্ম ল'লে এই গৰাকী সাধক,কবি, জ্ঞানৰ্ষিয়ে। আধুনিক অসমীয়া কবিতাৰ ইতিহাসত এটা স্বৰ্ণযুগৰ সূচনা কৰা ফুকনদেৱৰ সোণালী কলমৰ সৃষ্টিৰাজি হ'ল--সূৰ্য হেনো নামি আহে এই নদীয়েদি(১৯৬৩), নিৰ্জনতাৰ শব্দ(১৯৬৫), আৰু কি নৈ:শব্দ (১৯৬৮), ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে(১৯৭১), কাঁইট, গোলাপ আৰু কাঁইট (১৯৭৫), গোলাপী জামুৰ লগ্ন (১৯৭৭), কবিতা (১৯৮১), নৃত্যৰতা পৃথিৱী(১৯৮৫), অলপ আগতে আমি কি কথা পাতি আছিলো(২০০৩), সম্পূর্ণ কবিতা (২০০৬) সাগৰতলিৰ শংখ ১৯৯৪)। অনুদিত কাব্যগ্ৰন্থকেইখন হ'ল জাপানী কবিতা (১৯৮১), গাৰ্থিয়া লৰকাৰ কবিতা (১৯৮১), অৰণ্যৰ গান (১৯৯২), চীনা কবিতা (১৯৯৬)। শিল্পকলা বিষয়ক গ্ৰন্থৰাজি লোককল্পদৃষ্টি (১৯৮৭), ৰূপ-বৰ্ণ-বাক (১৯৮৮), শিল্পকলাৰ উপলব্ধি আৰু আনন্দ (১৯৯৮) স্মৃতিচাৰণমূলক গ্ৰন্থ পাতি-সোণাৰুৰ ফুল (২০০৬) আৰু পাহৰিব নোৱাৰিলো যি (২০১৮)। আমি ক'ব খোাজো প্ৰমূল্যগত শিল্পগত ঔদাৰ্য , কাব্যভাষাৰ কালিকালে লক্ষ্য কৰিলে ফুকন ছাৰৰ প্ৰতিটো সৃষ্টিকৰ্মই মহৎ বা কালোত্তীর্ণ নিশ্চয় নহয়।
বিশ্বসাহিত্যৰ সকলো কবিৰ ক্ষেত্রতে প্ৰযোজ্য শিল্পকৃতিৰ ঔদাৰ্যৰ (sublimity) আঁৰৰ এই বিৰল সত্য। সি যি কি নহওক স্বাভিমানী অসমীয়াৰ বাবে অতিশয় গৰ্বৰ কথাটো হ'ল যুগদ্ৰষ্টা নীলমণিকো তেওঁৰ ৰসোত্তীৰ্ণ, সাৰস্বত কাব্যকৃতিয়ে জ্ঞানপীঠৰ দৰে সৰ্বভাৰতীয় সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ পাব পৰা মহাপ্ৰতিভাধৰ কবিসত্ত্বাৰ অধিকাৰী কৰি তুলিলে। হয় নীলমণি ফুকনৰ কবিতা অসমৰ বা ভাৰতৰ কবিতা হৈয়ো "পৃথিৱীৰ কবিতা"। এইখিনিতে আমাৰ মন গহনৰ এটি প্ৰজ্বলিত প্ৰশ্ন---অসমীয়া কবিৰ কবিতা, বিশেষকৈ নীলমণি ফুকনৰ বাছকবনীয়া সৃষ্টিৰাজীৰ প্ৰথিতযশা সাহিত্যিক, সমালোচক ড০ হীৰেন গোঁহাই সম্পাদিত সাগৰ তলিৰ শংখ (১৯৯৪) নোবেল পাব পৰা উৎকৃষ্ট মানসম্পন্ন কাব্যসংকলন নহয় নেকি?...আমাৰ বোধেৰে আজিৰ সময়ৰ লেখক, বুদ্ধিজীৱী, সমালোচকমণ্ডলীৰ সন্মুখত ই তাৎপর্যপূর্ণ এক বৃহৎ প্ৰশ্ন।...স্বীকাৰ কৰোঁ, আমি নিজে কোনো লেশৰ কবি নহয়। প্ৰতিভা, ব্যুৎপত্তিও নিতান্তই সীমিত এই অকিঞ্চনৰ। একালৰ ইংৰাজী সাহিত্যৰ ছাত্র যদিও মোৰ টেলেন্ট আছিল mediocre. ইংৰাজীত মৌলিক কবিতা লেখিব পৰাকৈ অথবা বিশ্বসাহিত্যৰ দুই-চাৰিটা সাৰস্বত কবিতা অসমীয়ালৈ ভাঙণি কৰিব পৰাকৈ উচ্চ স্তৰৰ ভাষাজ্ঞান, মেধা-কল্পনা, শ্ৰম-সাধনাৰো অভাৱ। সেইবুলি বিশ্বসাহিত্যৰ দহজন নোবেল বঁটা পোৱা কবিৰ বেছি নহলেও ইংৰাজীলৈ অনুদিত দহোটাকৈ কবিতা আমি আগ্রহেৰে নপঢ়া নহয়।
এইবোৰ কাব্যসৃষ্টিৰ সাহিত্যৰস, শিল্পসৌকুমাৰ্য, মানবায়তন, মৌলিক প্ৰমূল্যগত মহত্ত্ব,--এনে দিশবোৰেৰে ৰিজালে মোৰ আপাত: প্ৰসাৰিত বোধ, চিন্তন আৰু ভিছনত এনে এক ধাৰণা (অন্ধ কোনো আবেগিক উচ্ছ্বাস কিম্বা অত্যুৎসাহ নহয়) ওপজে যে নীলমণিৰ কাব্যগ্ৰন্থও নোবেল কমিটিৰ বাচনিত উঠিব পৰাকৈ উৎকৃষ্ট মানৰ। কথা হ'ল ৰবীন্দ্ৰনাথে নিজে ইংৰাজীলৈ অনুবাদ নকৰা হ'লে, চহকী বিশ্ববীক্ষাৰ কবি-সমালোচক উইলিয়াম বাটলাৰ ইয়েটচৰ মূল্যবান পাতনি সন্নিবিষ্ট নোহোৱা হলে ৰবীন্দ্ৰনাথৰ গীতাঞ্জলি নোবেল লাভ কৰাৰপৰা হয়তো চিৰদিন বঞ্চিত হৈয়ে ৰ'লহেঁতেন। কিন্তু কথাই কথাই অসমীয়া সাহিত্যক, সংস্কৃতিক বিশ্ব দৰবাৰলে নিয়াৰ কথা চিঞৰি থকা আমি, আমাৰ বৌদ্ধিক সমাজখনে আজি মুখামুখি হ’বলে ভয় কৰা অতিশয় জটিল (?), অতিশয় ছিৰিয়াছ প্ৰশ্নটো হ’ল সাগৰতলিৰ শংখ কাব্যগ্ৰন্থখনিৰ ইংৰাজী অনুবাদ অহা দশকটোৰ ভিতৰত প্ৰকাশ পাবনে? …অৱশ্যে দহজন প্ৰতিভাশালী অনুবাদক আমাৰ মাজত নাই বুলি কোৱাৰ ধৃষ্টতা মোৰ তিলমানো নাই। আৰু যদি তেনে অনুবাদ বাস্তৱত সম্ভৱ হৈ উঠে, তেন্তে আমি চিৰ স্বাভিমানী অসমীয়া জাতিয়ে আজিকোপতি নেদেখা এই বিৰল সপোনটো আমাৰ মানসপটত কিছু গৰ্বেৰেই আমি কঢ়িয়াই লৈ ফুৰিব পাৰিম অন্তত: সমাগত দুটামান দশকৰ বাবে।...জয়তু মোৰ ভাষাজননী। জয়তু চিৰচেনেহী মোৰ অসমীয়া ভাষা।
তথ্যসূত্ৰঃ
১) নীলমণি ফুকনৰ সম্পূর্ণ কবিতা(সম্পাদনা, হৰেকৃষ্ণ ডেকা।)
২) সাগৰতলিৰ শংখ (সম্পাদক ড০ হীৰেন গোহাঁই)
৩) পাহৰিব নোৱাৰিলো যি (নীলমণি ফুকন)
৪) নীলমণি ফুকন--কবি আৰু কবিতা (হৰেকৃষ্ণ ডেকা)
৫) অনুবন্ধ (অৰিন্দম বৰকটকী)
৬) মহীৰূহ , প্ৰথম খণ্ড (মণিমালা গগৈ)
৬) Modern Man in search of a Soul (Carl Gustav Jung)
(লেখাটি “নিয়মীয়া বাৰ্তা”তো প্ৰকাশ পাইছে। )
No comments:
Post a Comment