অসমীয়া ভাষাৰ ভৱিষ্যত কি?
পহিলা বহাগৰ দিনতে অসমৰ মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ চৰকাৰী অৰ্থাত মাতৃভাষা মাধ্যমৰ স্কুল সমূহৰ বিষয়ে এটা বৰ চিন্তাজনক দিশ আঙুলিয়াই দিছে। তেওঁৰ মতে, যিটো হাৰত চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ আছে, এই হাৰ যদি অক্ষুন্ন থাকে তেন্তে দহ বছৰ পাছত ছাত্ৰ-ছাত্ৰীৰ অভাৱত শিক্ষক সকলে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰাৰ বাহিৰে আন উপায় নেথাকিব। মূখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ বাতৰি কাকতত, সামাজিক মাধ্যমত বিতৰ্ক হৈছে। কোনোবাই ইয়াৰ বাবে চৰকাৰৰ শিক্ষানীতিক দায়ী কৰিছে, কোনোবাই শিক্ষকসকলৰ প্ৰফেশ্বনেলিজমৰ অভাৱক দায়ী কৰিছে, আৰু আন কোনোবাই ইংৰাজী মাধ্যমৰ স্কুলৰ অগ্ৰাসনক।
কিন্তু সকলো পক্ষয়েই এটা অতি গুৰুত্বপূৰ্ণ দিশক আওকাণ কৰা যেন পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা তথ্য মতে, ২০১২ চনত অসমৰ মুঠ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ৮৪% চৰকাৰী স্কুলৰ আছিল। আন ভাষাত কবলৈ গলে অসমৰ মুঠ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰায় 84 শতাংশয়েই অসমীয়া মাধ্যমৰ আছিল ( বাংলা আৰু বড়ো মাধ্যমৰ কিছু ছাত্ৰ ছাত্ৰীও অন্তৰ্গত)। কিন্তু মাত্ৰ দহ বছৰত অৰ্থাৎ ২০২২ চনত আহি সেই সংখ্যা 84 শতাংশৰ পৰা হ্ৰাস পাই হৈছে মাত্ৰ ৬৮ শতাংশ (বাংলা আৰু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীও এই ৬৮ শতাংশত আছে)। অৰ্থাত যোৱা দহ বছৰত অসমীয়া বা মাতৃভাষা মাধ্যমৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে 16 পাৰ্চেন্টেজ পয়েন্ট।
আনহাতে বৰ্তমান অসমৰ মুঠ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰায় এক-তৃতীয়াংশ (৩২ শতাংশ) ছাত্ৰ-ছাত্ৰী ব্যক্তিগত স্কুলত অধ্যায়ন কৰি আছে। দুই এখনক বাদ দি প্ৰায় সকলো ব্যক্তিগত খন্ডৰ স্কুলেই যিহেতু ইংৰাজী মাধ্যমৰ, গতিকে আমি নিসন্দেহে কব পাৰোঁ যে, ইংৰাজী মাধ্যমৰ স্কুলে তীব্ৰ গতিত অসমীয়া মাধ্যমৰ স্কুলক গ্ৰাস কৰি আছে। এই হাৰ (প্ৰতি দশকত ঋণাত্মক 16 শতাংশ) যদি অক্ষুণ্ণ থাকে তেন্তে ২০৩২ চনৰ ভিতৰত অসমৰ প্ৰায় ৫০ শতাংশ (বৰ্তমানৰ 32% আৰু অগন্তুক দশকৰ 16% ) ছাত্ৰ-ছাত্ৰীৰে শিক্ষাৰ মাধ্যম হ'ব ইংৰাজী। আৰু আগন্তুক ৩০ বছৰৰ ভিতৰত অসমৰ মুঠ ছাত্ৰ ছাত্ৰীৰ হয়তো মাত্ৰ ১৫-১৬ শতাংশহে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিব। গতিকে আজিৰ পৰা ৫০ বছৰৰ ভিতৰত হয়তো চৰকাৰে চৰকাৰী স্কুলৰ মাধ্যম ইংৰাজী কৰিবলৈ বাধ্য হব আৰু অসমীয়া মাধ্যমৰ স্কুল সমূহ ছাত্ৰ ছাত্ৰীৰ অভাৱত আনুষ্ঠানিক ভাবে বন্ধ কৰি দিয়া হ'ব। অসমীয়া মাধ্যমৰ বিদ্যালয় মিউজিয়ামৰ এক দৰ্শনীয় বস্তুত পৰিণত হ'ব।
ইউনেস্কোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে - বৰ্তমান পৃথিৱীত মুঠ সাত হেজাৰ এশ এঘাৰটা জীৱিত ভাষা আছে কিন্তু তাৰে 2,895 টা ভাষা (41 শতাংশ ভাষাক) ইতিমধ্যে বিপদাগ্ৰস্থ বুলি ঘোষণা কৰা হৈছে অৰ্থাত বৰ্তমান বিলুপ্ত হোৱাৰ পথত। ভাষাবিদ সকলে দাবী কৰা মতে, বিগত এশ বছৰত প্ৰতি তিনি মাহত এটাকৈ ভাষা নিশ্চিহ্ন হৈ গৈছে। আনহাতে, চলিত শতিকা শেষ হঁওতে হঁওতে বৰ্তমান পৃথিৱীৰ 50 শতাংশতকৈ অধিক ভাষাই নাইকীয়া হৈ যাব। কিছুমানৰ মতে এই সংখ্যা 90 শতাংশলৈ বৃদ্ধি পালেও একো আচৰিত হবলগীয়া নাই।
ভাৰতত বৰ্তমান প্ৰায় 447 টা জীৱিত ভাষা আছে তাৰে 197 টা ভাষাক ইতিমধ্যে endangered অথবা vulnerable বুলি চিহ্নিত কৰা হৈছে। ভাৰতৰ মুঠ ভাষাৰ মাত্ৰ 122 টা ভাষাৰহে মূল জনসংখ্যা দহ হেজাৰতকৈ বেছি। ১০ টা ভাষা ইতিমধ্যে নিশ্চিহ্ন হোৱাৰ পথত ( মাত্ৰ ১০০ জনতকৈ কম জনসংখ্যা)। ভাষাৰ মৃত্যু একো আচৰিত কথা নহয়, ঐতিহাসিক সময়ত বিশ্বৰ আটাইতকৈ সমাদৃত ভাষা হিচাপে জনাজাত ল্যাটিন ভাষা এতিয়া এটি মৃত ভাষাত পৰিণত হৈছে। ভাৰতত সংস্কৃত আৰু অসমত আহোম ভাষা একে জাতীয় উদাহৰণ । ভাষাৰ মৃত্যু কিন্তু আকস্মিক নহয়, বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি গৈ ধীৰে ধীৰে বিলুপ্ত হৈ যায়।
ইয়াতে উল্লেখ কৰিব পাৰি যে, ভাষাবিদ সকলৰ মতে , মাতৃভাষা হোৱাৰ পাছতো যদি সেই ভাষাত শিশু সকলে শিক্ষা গ্ৰহণ নকৰে তেন্তে তেনে ভাষাক endangered অথবা বিপদাগ্ৰস্থ বুলি ধৰা হয় | আৰু বিপদাগ্ৰস্থ ভাষা এটাৰ পৰৱৰ্তী গন্তব্য হ’ল বিলুপ্ত।
গতিকে, এই হাৰত অসমীয়া মাধ্যমৰ স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰী হ্ৰাস পাই যদি ইংৰাজী মাধ্যমলৈ গমন কৰা অব্যহত থাকে তেন্তে নিসন্দেহে আগন্তুক 50-60 বছৰৰ ভিতৰত অসমত অসমীয় মাধ্যমত শিক্ষা গ্ৰহণ কৰা কোনো শিশু নেথাকিব। ফলত স্বাভাৱিকতে অসমীয়া ভাষা endangered ভাষাত পৰিণত হ'ব। বহু পাঠকে হয়তো এই শংকাক অতিৰঞ্জিত বুলি ভাবিব পাৰে, মৰাৰ আগতেই ভূত হোৱা বুলি ঠাট্টাও কৰিব পাৰে। কিন্তু ইতিমধ্যে পৃথিৱীৰ 40 শতাংশ শিশুয়েই নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা বাদ দিছে, অসমীয়া তেনেকুৱা এটা জাতি নহওক সেয়াই এই নিবন্ধৰ উদ্দেশ্য। অসমীয়া মাধ্যমৰ স্কুলক আৰু তাৰ জড়িয়তে অসমীয়া ভাষাক জীয়াই ৰখাৰ দায়িত্ব চৰকাৰ, শিক্ষক, অভিভাৱক, আমাৰ সকলোৰে।
প্ৰাসংগিক লেখাঃ ভাষা বিলুপ্তিৰ কিছু ভয়াবহ তথ্য : অসমীয়া ভাষালৈও আহিব নেকি অশনি সংকেত ? #পংকজ বৰা
(প্ৰকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত, কাৰ্যালয়/পদবীৰ সৈতে কোনো সম্পৰ্ক নাই )
No comments:
Post a Comment