ভাল খবৰঃ ব্যৱসায়িক ভিত্তিত দুগ্ধপাম পালন আৰু উদ্যমিতা বিকাশ প্ৰশিক্ষণঃ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ব্যৱসায়িক ভিত্তিত দুগ্ধপাম পালন আৰু উদ্যমিতা বিকাশ প্ৰশিক্ষণঃ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত

ভাল খবৰঃ ব্যৱসায়িক ভিত্তিত দুগ্ধপাম পালন আৰু উদ্যমিতা বিকাশ প্ৰশিক্ষণঃ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত

Share This

ব্যৱসায়িক ভিত্তিত দুগ্ধপাম পালন আৰু উদ্যমিতা বিকাশ প্ৰশিক্ষণ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তগত লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় উদ্যোগত আৰু গডৰেজ এগ্ৰোভেট লিমিটেড, গুৱাহাটী আৰ্থিক সহযোগত এদিনীয়াকৈ ব্যৱসায়িক ভিত্তিত দুগ্ধপাম পালন আৰু উদ্যমিতা বিকাশ প্ৰশিক্ষণ, মহাবিদ্যালয়খনৰ সভাকক্ষত কালি ইং ১৮/৫/২০২২ তাৰিখে অনুষ্ঠিত হয়।ধেমাজি আৰু লখিমপুৰৰ সৰ্বমুঠ ২০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে।

অনুস্থানটি বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ কল্যাণ উপসঞ্চালক ড° সঞ্জীৱ খাৰঘৰীয়া ও উপস্থিত থকা সন্মানীয় অতিথি সকলে।জীৱন জীৱিকা আৰু উদ্যমিতা বিকাশৰ ক্ষেত্ৰত দুগ্ধ পামৰ গুৰুত্ব কথা তেখেতে উল্লেখ কৰে। মুখ্য অতিথি তথা সমল ব্যক্তি হিচাপে গডৰেজ এগ্ৰোভেট লিমিটেড, গুৱাহাটীৰ Deputy General Manager, ডা: প্ৰদ্যুত বৰুৱাই দুগ্ধ-পামৰ সঠিক পৰিচালনা,সুষম দানা আৰু পামৰ আৰ্থিক পৰিচালনা ওপৰত বিতং আলোচনা কৰে। অধিক ব্যস্ততাৰ সত্ত্বেও মহাবিদ্যালয়ৰ সন্মানীয় সহযোগী বিজ্ঞান গুৰু ড° উমাৰাম তামুলীয়ে কৃষকসকলক উদ্দেশ্যি আধুনিক পদ্ধতিৰে অসমত দুগ্ধ বিপ্লৱৰ কৰাৰ কথা জোৰ দিয়ে আৰু এই ক্ষেত্ৰত মহাবিদ্যালয় খনে কৃষকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ কথা আশ্বাস দিয়ে।

বিজ্ঞানসন্মত গাই গৰু পালনৰ ব্যৱহাৰিক দিশসমুহ মহাবিদ্যালয়ৰ দুগ্ধ পামত সমূহ কৃষকক পয্যবেশন কৰোৱায় গডৰেজ এগ্ৰোভেট লিমিটেডৰ Technical Servicer ডা : আইনুল হকে। সমল ব্যক্তি হিচাপে ক্ৰমে ড° দীপান্দীতা বৰ্মন, ড° অৰুণোদয় দাস, ডা: প্ৰশান্ত বড়ো, ড° বিৰাজ শমা, ডা: জিতুমনি দাস, ড° এল সানাথই খুমনে। কৃষক আৰু বিজ্ঞানী মত বিনিময় অনুস্থানটিত কৃষকসকলে নিজৰ পামত সন্মুখীন হোৱা সমস্যা কথা অৱগত কৰোৱায়। শেষত প্ৰশিক্ষণৰ আয়োজক সম্পাদক ডা: কন্দৰ্প বৰুৱাই কৃষকসকলক দুগ্ধজাত দ্ৰৱ্যৰ অধিক উৎপাদনৰ ওপৰত গুৰুত্ত্ব আৰোপ কৰে, লগতে অনুস্থানত উপস্তিত থকা সকলোকে ধন্যবাদ ও শলাগৰ শৰাই আগবঢ়ায়।কৃষক সকলক একোখনকৈ প্ৰশংসা পত্ৰও দিয়া হয়।

No comments:

Post a Comment