কেৰিয়াৰঃ ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ :: বিকাশ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰঃ ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ  :: বিকাশ শইকীয়া

কেৰিয়াৰঃ ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ :: বিকাশ শইকীয়া

Share This

ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ

বিকাশ শইকীয়া

ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ বিকাশ শইকীয়া, oil, ONGC, CAREER IN CHEMISTRY, bikash saikia

মেডিকেল-ইঞ্জিনাৰিং বা তেনেধৰণৰ এন্ত্ৰেন্সত ফলাফল সন্তোষজনক নোহোৱাৰ পাছত বেছিসংখ্যক বিজ্ঞান শাখাৰ লৰাছোৱালীয়ে জেনেৰেল লাইনত নামভৰ্তি কৰে। বিজ্ঞানৰ জেনেৰেল লাইন বুলিলে মূলত কেমেস্ত্ৰী, ফিজিক্স আৰু গণিত। যিয়ে উচ্চতৰ মাধ্যমিকত গণিত এৰি দিয়ে, তেওঁলোকে বায়'লজি থকা বিষয়ক মূল হিচাবে লৈ স্নাতক পঢ়িবলৈ আগবাঢ়ে।

ৰসায়ন বিজ্ঞানৰ কেৰিয়াৰ বিকাশ শইকীয়া, oil, ONGC, CAREER IN CHEMISTRY, bikash saikia

বহুতেই ভাবে যে, ফিজিক্স আৰু গণিত বিষয়ৰ তুলনাত কেমেস্ত্ৰী পঢ়িলে ভৱিষ্যতে সংস্থাপনৰ সুবিধা বেছি পোৱা যায় । গতিকে বেছিভাগেই কেমেস্ত্ৰী বিষয়ত মেজৰ লৈ পঢ়িবলৈ ইচ্ছা কৰে। সেয়ে এই লেখাত ৰসায়ন বিজ্ঞানৰ এগৰাকী ছাত্ৰ হিচাবে হোৱা অভিজ্ঞতাৰ ভিত্তিত কিছু কথা লিখিবলৈ যত্ন কৰিছো।


কেমেস্ত্ৰীত মেজৰ লৈ স্নাতকত নামভৰ্তি কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে দুটা এন্ত্ৰেন্স পৰীক্ষাৰ কথা মনত ৰাখিব লাগে । প্ৰথমটো JAM , দ্বিতীয়টো IISc এন্ত্ৰেন্স । JAM ক্লিয়াৰ হলে IIT আৰু তাৰ সমপৰ্যায়ৰ অনুষষ্ঠানত এম.এছ.ছি কৰিব পাৰি । সাধাৰণতে IIT বোৰত প্লেছমেন্ট ভাল হয়, ভাল কোম্পানীত চাকৰি পোৱা যায় । কিবা কাৰণত চাকৰি নাপালেও আমেৰিকা-ইউৰোপৰ ভাল বিদেশী ইউনিভাৰচিটীত পি.এইচ.ডি তথা পৰবৰ্তী গৱেষণা কৰাৰ পথ পোৱা যায় । IISc ত চিট পোৱাৰ সহজ অৰ্থ হল কেইবছৰমান বিদেশত গৱেষণা কৰাৰ পাছত ভৱিষ্যতে অতি কমেও আপুনি ভাৰতৰ ইউনিভাৰ্ছিটি এখনৰ প্ৰফেছাৰ হব । 



ধৰাহ'ল স্নাতক শেষ হ'ল কিন্ত JAMত সফল নহল। তেতিয়াও একো কথা নাই। আৰু দুটা পৰীক্ষা আছে । NET আৰু GATE । NET(JRF) পোৱা মানে মাহে নিজৰ পি.এইচ.ডি কৰি থকাৰ কাৰণে ৩১০০০ টকা দৰমহা পাই থকা । NET(JRF) পোৱাৰ পাছত IIT, IISc , ইত্যাদি কেইবা শতাধিক ভাল প্ৰতিষ্ঠানত পি.এইচ.ডি কৰাৰ সুবিধা পোৱা যায় আৰু আমেৰিকা-ইউৰোপৰ ভাল বিদেশী ইউনিভাৰচিটীত পৰবৰ্তী গৱেষণা কৰাৰ পথ পোৱা যায় ।


GATE ভাল ৰেংক লৈ  ক্লিয়াৰ কৰিলে OIL, ONGC, IOCL, NTPC, BARC, ইত্যাদিত ভাল দৰমহাৰ, ভাল সা-সবিধাযুক্ত লোভনীয় চাকৰিৰ বাবে আবেদন কৰিব পাৰি আৰু চাকৰি পাব পাৰি। এইবোৰত প্ৰাৰম্ভিক দৰমহা প্ৰায় ১ লাখ টকা। 


এজন সাধাৰণ মেধাৰ লৰা বা ছোৱালীয়ে অলপ ভালদৰেই মনপুতি বিষয়টো পঢ়িলে আৰু পৰীক্ষাবোৰ পাছ কৰিলে ওপৰত ভাল অপচনকেইটাৰ ভিতৰত অনায়সে থাকিব পাৰিব।


ধৰাহল কোনোবাই এইবোৰ এটাও পৰীক্ষা পাছ কৰিব নোৱাৰিলে। স্নাতক ডিগ্ৰীত নম্বৰ কম হল আৰু কোনো ইউনিভাৰচিটীতে চিট নাপালে। তেতিয়াও একেবাৰে ভাগি পৰিব নালাগে। তাৰপাছত বি.এড টো কৰিব লাগে। কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ শিক্ষক বাছনি পৰীক্ষা হয়। অলপ কষ্ট কৰিলেই পাব পাৰি। 


তেনেকৈ এম.এছ.ছি পাছ কৰাৰ পাছত পি.এইচ.ডি কৰিবলৈ সুবিধা নাপালে বি.এড কৰিব লাগে। KVS-JNV ৰ পৰীক্ষা ক্লিয়াৰ হলে PGT হিচাপে ভাল দৰমহাৰ চাকৰি পাব পাৰি। দৰমহা মাহে প্ৰায় ৬০০০০ টকা।


কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত, GSI, Forensic , DRDO, BARC আদিত বিভিন্ন পদৰ বাবে ৰসায়ণবিভাগৰ স্নাতক বা স্নাতোকোত্তৰ বিচাৰে । প্ৰতিবছৰে লিখিত পৰীক্ষা আৰু ইন্টাৰভিউ হয় । এইবোৰো ভাল চাকৰি । দৰমহা ৭০০০০-৮০০০০ ৰ ভিতৰত।


NET-GATE ক্লিয়াৰ নহলেও OIL, ONGC, IOCL, BPCL, NTPC, CIL আদিত ষ্টাফ পৰ্য্যায়ৰ চাকৰি পাব পাৰি। এইবোৰৰ বাবে লিখিত পৰীক্ষা হয় । দৰমহা মাহিলী প্ৰায় ৫০ হাজাৰৰ ওচৰে পাজৰে।

 

NET-GATE ক্লিয়াৰ নহলেও পি.এইচ.ডি কৰিব পাৰি । ইউনিভাৰচিটি বোৰত বহুধৰনৰ প্ৰজেক্ট চলি থাকে । তেনে প্ৰজেক্টত সোমালে ভাল ষ্ট্ৰাইপেন্ডো পাই থাকিব পাৰি। শতাধিক চৰকাৰী প্ৰতিষ্ঠানত (eg. IIT, IISER, CSIR lab, Universities) চাইন্টিফিক অফিছাৰৰ পোষ্ট আছে । এইবোৰৰ কাৰণে এম.এছ.ছিৰ লগতে দুবছৰৰ ৰিচাৰ্চ এক্সপেৰিয়েন্স বিচাৰে ।


MSc+ B.Ed+ TET = অনাগত কেইবছৰমান চাকৰি পাবলৈ অতি ভাল কম্বিনেচন ।


প্ৰাইভেট ফাৰ্মাচিউটিকেল কম্পেনী, Sun pharma, Cipla , Chemical manufacturing companies  Reliance Petro Chemicals, Adani Gas আদিত কেমিষ্ট লাগেই । প্ৰথমতে দৰমহা কম- কষ্ট বেছি যদিও ৪-৫ বছৰমানৰ ভিতৰতে দৰমহা ৭০-৮০ হাজাৰ মান হয়গৈ ।


আৰু এটাৰ অসমত বিৰাট ডিমান্ড আছে। সেইটো হল হায়াৰ ছেকেন্ডাৰী শ্ৰেণীৰ বাবে ভাল কেমেস্ত্ৰী শিক্ষক। কোনোবাই যদি চাকৰি কৰিব নোখোজে আৰু নিজে স্বাৱলম্বী হব খোজে তেন্তে ইয়াতকৈ ভাল ষ্টাৰ্ট আপ নাই। কচিং চেন্টাৰ বা টিউটৰিয়েল হোম। প্ৰথম ২-৩ বছৰ এষ্টাব্লিছ হওতে লাগিব কিন্ত এবাৰ নাম হৈ গলে চিন্তা নাই। মাহত ৫০ হেজাৰৰ পৰা ৩ লাখ টকালৈকে আহিব।


মুঠতে এষাৰ কথা আছে যে, যি কোনো বিষয় লৈ পঢ়িলে, তাক খৰচি মাৰি পঢ়িব লাগে। সৰু বৰ-মৌলিক কথাবোৰ জানিবলৈ চেষ্টা কৰিব লাগে। সাক্ষাকাৰবোৰ ফাণ্ডামেণ্টেল কথাবোৰৰ ওপৰতে সাধাৰণতে হয়। সৰু সৰু কথাবোৰৰ উত্তৰ দিব নোৱাৰিলে ইম্প্ৰেচন বনোৱাটো সম্ভৱ নহয়। সেয়ে, ইণ্টাৰভিউৰ বাবে প্ৰস্তুতিৰ সময়ত ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথেমেটিক্সৰ পকেট বুকৰ দৰে যিবোৰ কিতাপত সৰু সৰুকৈ কনচেপ্টবোৰ বুজোৱা থাকে, তেনে কিতাপ পঢ়ি প্ৰস্তুতি চলাব লাগে। আৰু যিমান পাৰি পুৰণি প্ৰশ্ন কাকতবোৰ সমাধান কৰি প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে যিমান পাৰি, সিমান পৰীক্ষাত বহিব লাগে। এই যাত্ৰাত হোৱা প্ৰতিটো অভিজ্ঞতাবোৰেই পৰৱৰ্তী পৰীক্ষা তথা ইণ্টাৰভিউত সহায়ক হয়। কেৰিয়াৰ বিষয়ক প্ৰৱন্ধ আদি পঢ়াৰ লগতে ইণ্টাৰনেটৰ পৰা সমল লৈ বায়'ডাটা বনোৱা, মৌখিক সাক্ষাকাৰৰ সন্মুখীন হোৱাৰ কৌশল সমূহ জানি লোৱাটো কেৰিয়াৰ গঢ়িব বিচৰা সকলৰ বাবে অতি দৰকাৰী।

লেখক এগৰাকী তেল আৰু গেছ অন্বেষণ আৰু উপাদন খণ্ডৰ অভিজ্ঞ ৰসায়নবিদ ৰূপে মুম্বাইত কৰ্মৰত।

No comments:

Post a Comment