ৰূপালী পৰ্দাঃ লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ :: কিশোৰ কুমাৰ কলিতা

ৰূপালী পৰ্দাঃ লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ :: কিশোৰ কুমাৰ কলিতা

Share This
লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ
কিশোৰ কুমাৰ কলিতা
লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ, কিশোৰ কুমাৰ কলিতা, কেনী বসুমতাৰী, Kenny Basumatary, Local Kungfu, local Utpaat, utpat
বিগত শতিকাৰ শেহৰ দশকটোত তেজপুৰ বিশ্ববিদ্যালয়ত যেতিয়া পৰম্পৰাগত সংস্কৃতি আৰু কলা ৰীতি (Department of Traditional Culture and Art Form) শীর্ষক বিভাগটো (প্রতিষ্ঠাৰ কেইবছৰমান পাছত বিভাগটো ‘সাংস্কৃতিক অধ্যয়ন বিভাগ হিচাপে নকৈ নামাংকৃত কৰা হৈছিল) স্থাপন কৰা হৈছিল তাৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্র আছিলো এই লেখক। ভাৰতবৰ্ষৰ এগৰাকী প্রখ্যাত লোক-সংস্কৃতিবিদ ড° জৱাহৰলাল হাণ্ডুৱে অতিথি অধ্যাপক হিচাপে আমাক সংযুক্তিবাদ, উত্তৰ-সংযুক্তিবাদ আৰু লোক-সংস্কৃতিৰ বিভিন্ন তত্ত্বৰ বিষয়ত পাঠ পঢ়ুৱাইছিল। পৰৱতী সময়ত চতুর্থ ষান্মাসিকত উত্তৰ-আধুনিকতাবাদ বিষয়তো ড° হাণ্ডু ছাৰে আমাক বিস্তৃতভাৱে শিক্ষাদান কৰিছিল। লোক-সংস্কৃতি আৰু সাংস্কৃতিক অধ্যয়নৰ এইজনা বিশ্ববিশ্রুত পণ্ডিতৰ লগত হোৱা সান্নিধ্য আৰু বিভিন্ন সময়ত হােৱা কথোপকথনৰ আধাৰতে কিছু কথা ব্যক্ত কৰাৰ প্ৰয়াস কৰিছো।
লোকেল উৎপাত আৰু লোকেল ফ্লেইভাৰ, কিশোৰ কুমাৰ কলিতা, কেনী বসুমতাৰী, Kenny Basumatary, Local Kungfu, local Utpaat, utpat
ভাৰতীয় চলচ্চিত্র, বিশেষকৈ মুম্বাইকেন্দ্রিক হিন্দী ছবিসমূহৰ এগৰাকী তীক্ষ্ণ সমালোচক ড° হাণ্ডুৱে প্রায়ে আমাৰ আগত ব্যক্ত কৰিছিল যে নৰ্বেৰ দশকলৈ মুম্বাইৰপৰা নিৰ্মাণ কৰা বেছিভাগ চলচ্চিত্র হৈছে ৰামায়ণৰ মূল কাহিনীটোৰ পুনৰাবৃত্তি। অতিকৈ জনপ্রিয় কেইবাখনো হিন্দী ছবিৰ বিষয়ে উল্লেখ কৰি ড° হাণ্ডুৱে কৈছিল যে এনে ছবিসমূহৰ মূল কাহিনীটো সদায় একে থাকে। কাহিনীত নায়কৰ লগত নায়িকাৰ প্ৰেমৰ সূত্রপাত ঘটে আৰু এক ৰোমান্টিক ভাববিলাসৰ মাজেৰে তেওঁলোকৰ প্রেম কাহিনীয়ে গতি লয়। অকস্মাৎ নায়ক-নায়িকাৰ মাজত আহি পৰে ৰাৱণ’ স্বৰূপ এজন খলনায়ক। নায়কজন দেখাত অতি সুশোভিত হােৱাৰ বিপৰীতে খলনায়কজন হয় দেখাত কুসিৎ আৰু বিৰূপভাৱ জগাবপৰা ধৰণৰ ব্যক্তি। এনে খলনায়কে নিজে অথবা নিজৰ সংগীবোৰৰ লগ হৈ প্রায়ে প্রতিখন ছবিত নায়িকাক অপহৰণ কৰি লৈ যায় আৰু ছবিৰ শেহত নায়কে নিজাকৈ খলনায়ক আৰু তেওঁৰ বিশাল দস্যু বাহিনীক অকলশৰে বা কেতিয়াবা আনৰ সহযোগত পৰাজিত কৰি (এনে ছবিসমূহত খলনায়কৰ মৃত্যু বা তেওঁক জেললৈ প্ৰেৰণ কৰাটো যেন বাধ্যতামূলক বুলি ক'ব পাৰি) নায়িকাক খলনায়কৰ পৰা মুকলি কৰি আনে আৰু ছবিখনৰ একেবাৰে শেহৰ দৃশ্য নায়ক-নায়িকাৰ দাম্পত্য জীৱনৰ আৰম্ভণ, বিবাহ-পাশত আবদ্ধ হোৱা বা পুনৰ মিলন হোৱাৰ অর্থ প্রকাশ কৰা এক গীতৰ দৃশাংশেৰে সমাপন কৰা হয়।

কাহিনীৰ ক্ষেত্ৰত ৰামায়ণৰ কাহিনীৰ পুনৰাবৃত্তি ঘটোৱা এনে ছবিক ভাৰতীয় দর্শকে আদৰি লোৱা আৰু প্রতিবাৰে একেটা কাহিনীকে ভিন্ন ৰূপত দর্শকে গ্রহণ কৰা পৰিঘটনাটোক আমি আমাৰ যৎসামান্য জ্ঞানেৰে নিম্নোক্ত ধৰণেৰে বিশ্লেষণ কৰিবলৈ চাইছিলো।

১) পৰম্পৰাগত লোক পৰিবেশ্য কলাৰ লেখিয়াকৈ যিকোনো আধুনিক বা সমকালীন পৰিবেশ্য কলাৰ ভাববস্তু(Theme) ৰ প্ৰভাৱ দৰ্শকৰ মন-মগজুত দীর্ঘসময়ৰ বাবে স্থায়ী হয়। সেয়েহে কোনো এক পৰিবেশ্য কলাৰ মূল বিষয়টোত অলপ তাৰতম্য ঘটিলেও দর্শক বা শ্ৰোতাই তাক সহজে গ্রহণ নকৰে। খুউব ধীৰে ধীৰে এনে কলাসমূহৰ বিষয়বস্তুৰ সালসলনি ঘটে আৰু এক বিশেষ প্রক্রিয়াৰ জৰিয়তেহে পাঠক-দর্শকে নতুন পৰিৱর্তনসমূহক আঁকোৱালি লয়। ভাৰতবৰ্ষৰ নিচিনা অতিকৈ ধর্মান্ধ, পিছপৰা এখন দেশত সাধাৰণ লোকৰ মন মগজুত উল্লিখিত ধৰণৰ ৰামায়ণ-মহাভাৰতৰ মূল কাহিনীটোৱে বা ভাববস্তুৱে যুগ যুগ ধৰি প্ৰভাৱ বিস্তাৰ কৰি আহিছে বাবে প্রতিস্থাপিত বিষয়বস্তুৰ ব্যাতিৰেকে আন বিষয়ক সহজে পাঠক, দর্শক বা শ্ৰোতাই গ্রহণ কৰিবলৈ টান পায়। সেয়েহে ৰামায়ণ-মহাভাৰতৰ লেখিয়া কাহিনীৰ আধাৰত নির্মিত চলচ্চিত্র, নাটক আদিৰ জনপ্রিয়তা ভাৰতীয় দর্শকৰ মাজত আজিও প্রবল।

২) ৰামায়ণ আৰু মহাভাৰতৰ মূল নায়ক সমূহক দেখাত অতি ধুনীয়া, আর্যমূলীয় বুলি উপস্থাপন কৰা হয় আৰু তাৰ বিপৰীতে দস্যু, দানব, অসুৰ আদি খলনায়ক সমূহ দেখাত অতিকায় কুশ্রী হয়। সেয়েহে হিন্দী ছবি বা অন্যান্য ভাৰতীয় ভাষাৰ বেছিভাগ ছবিত নায়ক-নায়িকা দেখাত অতিকৈ শুৱনী হোৱাটো বাধ্যতামূলক। ইয়াৰ বিপৰীতে খলনায়ক, হাস্যব্যংগ চৰিত্ৰত অভিনয় কৰা লোক, ঘৰত কাম কৰা চাকৰ-গােলাম আদি চৰিত্ৰসমূহত কাহনিও সুশ্রী চেহেৰাৰ লোকক স্থান দিয়া নহয়। আজি কিছুদিন আগতে সাম্প্রতিক সময়ৰ এগৰাকী প্রখ্যাত অভিনেতা নৱাজুদ্দিন ছিদ্দিকিয়ে এই প্রসংগটো উত্থাপন কৰি ভাৰতবৰ্ষৰ চলচ্চিত্র উদ্যোগত কিয় কলা বৰণৰ নায়ক-নায়িকাক দেখুওৱা নহয় তাক মুকলিকৈ সমালোচনা কৰিছিল।

এতিয়া অসমীয়া চলচ্চিত্ৰৰ প্ৰসংগলৈ আহিছো। হিন্দী ছবিৰ আধিপত্যবাদী ধাৰা (dominant stream) টোৱে উল্লিখিত ভাববস্তুক লৈয়ে আজি পর্যন্ত ছবি নির্মাণ কৰি থকাৰ বিপৰীতে এচাম পৰিচালকে অতি সাহসেৰে নতুন বিষয়বস্তুৰ আধাৰত ছবি নির্মাণ কৰাৰ প্ৰয়াস কৰিছিল। তেনে সাহসী পৰিচালকসকলৰ ভিতৰত আছিল বিমল ৰয়, খাৱাজ আহমেদ আব্বাজ, চেতন আনন্দ, গুৰু দত্ত, ভি শান্তাৰাম, গুলজাৰ, শ্যাম বেনেগাল, মণি কৌউল, চৈয়দ আখতাৰ মির্জা, গোবিন্দ নিহালিনী, মহেশ ভাট ইত্যাদি।

তাৎপর্যপূর্ণভাৱে ভাৰতবৰ্ষৰ অন্যান্য আঞ্চলিক ভাষাত বিশেষকৈ বাংলা, মালায়ালম আৰু তামিলত হিন্দী ছবিৰ আধিপত্যবাদী ধাৰাটোক প্রত্যাহ্বান জনোৱা,আন্তর্জাতিক পর্যায়ত সমাদৃত ভালেমান ছবিৰ নিৰ্মাণ হৈছিল আৰু এনে ছবিক নেতৃত্ব দিছিল সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, আদূৰ গোপালকৃষ্ণণ আদিৰ নিচিনা প্রখ্যাত পৰিচালকসকলে। অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত পদুম বৰুৱা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, অতুল বৰদলৈ, জাহ্নু বৰুৱা আদিৰ নিচিনা কেইজনমান চলচ্চিত্র নির্মাতাৰ বাদে বাকীবোৰ পৰিচালক-চলচ্চিত্র নির্মাতাই গ্রহণ কৰিছিল হিন্দী ছবিৰ আধিপত্যবাদী ধাৰাটোক। বর্তমান সময়লৈকে অসমীয়া বেছিভাগ ছবি (বিশেষকৈ যিবােৰে কম-বেছি পৰিমানে দর্শকৰ দৃষ্টি আকর্ষণ কৰিব পাৰিছে) য়ে এই ধাৰাটোৰ আৰ্হিকে নকল কৰাৰ প্রয়াস অব্যাহত ৰাখিছে বুলি ভাবিব পাৰি।।

কিন্তু সমস্যাৰ উদ্রেক ঘটিছে অসমীয়া ছবিৰ দৰ্শকসকলৰ ক্রমাগত সংকোচনৰ বিষয়ত। বিগত শতিকাৰ আশীৰ দশকলৈ অসমীয়া ছবি চাবলৈ দূৰণিৰ প্রান্তীয় গাঁৱৰ পৰা মানুহে হিলদল ভাঙি প্রেক্ষাগৃহত হাজিৰ হৈছিলহি৷ অসমৰ বিভিন্ন জনজাতি, চাহ বাগানৰ বনুৱা,অভিবাসী মুছলমান সম্প্রদায়ৰ লােক, অসমৰ বিভিন্ন ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে বিনাদ্বিধাই নিজৰ ছবি হিচাপে অসমীয়া ছবিৰ দৰ্শক হৈছিল। বাছ ভাৰা কৰি ‘আজলী নবৌ’, ‘বােৱাৰী’ আদি চাবলৈ এইসকল দর্শকে প্রেক্ষাগৃহৰ সমুখত ঠেলা-হেঁচা কৰিছিল। কিন্তু অসম আন্দোলনৰ সমান্তৰালভাৱে যিমানেই অসমৰ বিভিন্ন প্রান্তত নৃগােষ্ঠীয় আন্দোলন আৰম্ভ হ’ল সিমানে অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যা হ্রাস পাবলৈ ধৰিলে। মূলসুঁতিৰ অসমীয়া বুলি দাবী কৰা অসমীয়াভাষী লোকসকলে অসমীয়া ছবি নির্মাণত আগৰণুৱা আছিল বাবে কোনোকালে অসমীয়া ছবিৰ নায়ক-নায়িকাৰ স্থান এনে জনজাতীয়, ধর্মীয়-ভাষিক সংখ্যালঘু বা পিছপৰা সম্প্রদায়ৰ লােকৰ বাবে এৰি দিয়া হোৱা নাছিল। অসমীয়া ছবিৰ নায়ক-নায়িকাৰ ভূমিকা লৈছিল সুশ্রী বর্ণ হিন্দু কোনো অভিনেতা-অভিনেত্রী (যিটো আৰ্হি হিন্দী আধিপত্যবাদী ছবিৰপৰা নকল কৰা হৈছিল)য়ে আৰু এনে চৰিত্ৰ সমূহৰ উপাধি আছিল বৰুৱা, গােস্বামী, চলিহা, বৰঠাকুৰ, দত্ত আদি। অসমীয়া চলচ্চিত্র, গল্প, উপন্যাস আদিৰ নায়ক-নায়িকাৰ চৰিত্ৰ সমূহত কাহিনীও ৰাজবংশী, বড়ো, বসুমতাৰী, পেগু, ৰাভা, তাঁতী আদি উপাধি দৃষ্টিগোচৰ নহ'ল।

 
চিনেমাখনৰ উপলবদ্ধ ট্ৰেইলাৰ
নৃগোষ্ঠীয় আন্দোলনৰ ফলত সৃষ্ট নৃগোষ্ঠীয় চেতনাৰ ফলশ্রুতিতে এসময়ত হিলদল ভাঙি অসমীয়া নাটক-ছবি চাবলৈ যোৱা উল্লিখিত পিছপৰা সম্প্রদায়, জনজাতীয় লােক আৰু ধর্মীয় তথা ভাষিক সংখ্যালঘুসকল বৃহত্তৰ অসমীয়া পৰিবৃত্তৰপৰা ওলাই আহিল। ক্রমবর্ধমান ভাষিক,নৃ-গােষ্ঠীয় আৰু ৰাজনৈতিক চেতনাৰ বাবে এনে লোক সকলে নিজকে অসমীয়া বুলি ভবা বাদ দিলে আৰু ফলশ্রুতিত অসমীয়া ছবি, গ্রন্থ, বাতৰি কাকত আদিৰ পৰা একপ্রকাৰ ইচ্ছাকৃতভাৱে এক বৃহৎ সংখ্যক লোক ওলাই আহিল।

এনে সংকোচন ৰোধ কৰাৰ এক প্রচেষ্টা আমি কেনি বসুমতাৰী পৰিচালিত ‘লােকেল উৎপাত’ ছবিখনত দেখা পালো। তেওঁৰ দ্বাৰা নির্দেশিত লােকেল কুংফো’ (2013), ‘লোকেল কুংফো 2' [2017] আৰু ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’ (2018) ৰ লেখিয়াকৈ ‘লোকেল উৎপাত’ শীর্ষক ছবিখন হৈছে এখন বিশুদ্ধ হাস্যবংগাত্মক ছবি যাৰ বিষয়বস্তু, নির্মাণ শৈলী, অভিনয় আদি সম্পূর্ণরূপে হিন্দী আধিপত্যবাদী ছবি নির্মাণ ধাৰাটোৰ পৰা মুক্ত। পূর্বৰ ছবি তিনিখনৰ দৰে এইখন ছবিৰ ভাষা আমি দৈনন্দিন জীৱন-ধাৰাত ব্যৱহৃত ভাষা।

অতিকৈ কম বাজেটৰ দ্বাৰা নিৰ্মাণ কৰা ছবিখনৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে তথাকথিত প্রতিষ্ঠিত শিল্পীৰ সলনি প্রায় অপৰিচিত অভিনেতা-অভিনেত্রীয়ে। অনবদ্য অথচ তেনেই সহজাত অভিনয়ৰে আমাৰ দৰে দৰ্শকক প্রায় দুঘণ্টাধৰি নিৰৱিচ্ছিন্ন হাঁহিৰ খোৰাক জোগাব পৰা এই ছবিখনৰ অভিনেতা-অভিনেত্রীসকলৰ মাজত অসমৰ যিকোনো এজন দর্শকে বিচাৰিব পাৰে নিজকে। অভিনেতাঅভিনেত্রী হ’বলৈ হ'লে অতি সুশ্রী,দেখনিয়াৰ হ’ব লাগে ধৰণৰ সমগ্ৰ ধাৰণাটোকে ভাঙি দি পৰিচালকে আমাৰ মাজলৈ আগবঢ়াই দিছে এনে এখন ছবি যাৰ বিষয়বস্তু, নির্মাণ শৈলী, ভাষা, অভিনয় আদি সকলো ‘লোকেল’। এই চিনেমাখন আকৌ ফাইনেন্স কৰিছে প্ৰায় বাৰশৰো অধিক গুণগ্ৰাহীয়ে, ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে, ইও এক উল্লেখনীয় নজিৰ।

এনেধৰণৰ ছবিয়ে অসমৰ সমূহ জনসাধাৰণৰ মাজত এক নতুন যোগাযোগ (Communication) স্থাপন কৰাৰ লগতে স্থানীয় বিষয়বস্তু, তেনেই সামান্য বাজেট, অনবদ্য স্থানীয় কলা ৰীতি (যাক ইৰাণী ছবিসমূহে ইতিমধ্যে সমগ্র বিশ্বৰ আগত প্রতিষ্ঠাপিত কৰিছে) ৰে যে ছবি নির্মাণ কৰিব পাৰি তাকো সাব্যস্ত কৰিছে। সকলো শ্ৰেণীৰ দৰ্শকে সহজতে আঁকোৱালি লােৱা 'লোকেল উৎপাত’ ধৰণৰ ছবিয়ে আঞ্চলিক ভাষাৰ ছবিক এক নতুন দিগন্তলৈ আগুৱাই নিব বুলি আমি দৃঢ়বিশ্বাসী।
(লেখকৰ email: kishorassam@gmail.com, লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA)

No comments:

Post a Comment