সঁচাই পৰেশ বৰুৱা এতিয়াও ফেক্টৰ নে?
সঞ্জীত কুমাৰ বৰদলৈ
শেহতীয়াকৈ এই কেইদিন পৰেশ বৰুৱা তথা আলফাৰ প্ৰসংগ বেচ সঘনাই চৰ্চিত হোৱা দেখা গৈছে। টিভিৰ পৰ্দাত সাক্ষাতকাৰো চলিছে, সমান্তৰালকৈ 'তেনেকুৱা বিপ্লৱক লৈ লিখা বিপ্লৱী কবিতা'ৰ বাবে এগৰাকী ছাত্ৰীয়ে ৰঙাঘৰৰ ভাত খাব লগীয়াও হৈছে। আনফালে, শেহতীয়াকৈ ভালে সংখ্যক যুৱক আলফাত যোগদান কৰা ঘটনাই যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিৱেচিত হৈছে৷ ইয়াৰ আগত কংগ্ৰেছৰ আমোলটো বহুজনে আলফাত যোগদান কৰা খৱৰ প্ৰকাশ হৈছিল ৷ এনে বাতৰিয়ে সমাজত কি প্ৰভাৱ পেলায় তাৰ কোনো পদ্ধতিগত অধ্যয়ন আৰু ফলাফলৰ কথা যদিও জ্ঞাত নাছিলো, কিন্তু এই প্ৰভাৱ যে বিৰূপধৰ্মী আছিল সেয়া কোনো সচেতন লোকেই বোধগম্য নোহোৱাকৈ থকা নাছিল।
সেয়ে, তেনে খৱৰবোৰ একাংশ সংবাদ মাধ্যমে একপ্ৰকাৰ চেনচেশ্বন কৰি প্ৰকাশ কৰা দেখি আমি ক্ষোভিত হৈছিলোঁ আৰু "দৈনিক জনমভূমি" কাকতত "পৰেশ বৰুৱাই কি খায়,ভেজ নে চিকেন" শীৰ্ষক এটি লেখা লিখি তেনে মানসিকতাক সমালোচনা কৰিছিলোঁ৷ উক্ত লেখা প্ৰকাশৰ সময়ত মই বৰাক উপত্যকাত আছিলোঁ৷ সেইদিনা পুৱতি নিশাতে এটি বিশেষ নম্বৰৰ পৰা ফোন অহাত মই অনুমান কৰিছিলোঁ এইটো পৰেশ বৰুৱাৰ ফোনেই হ’ব! কাৰন আন এক প্ৰসংগত তেওঁ আগতে এবাৰ মোলৈ ফোন কৰিছিল৷ মই বিচনাৰ পৰা উঠি বাহিৰলৈ ওলাই আহিলোঁ৷ প্ৰায় এঘন্টা সময় তেওঁ মোৰ লেখাটোক সমালোচনা কৰি এফালৰ পৰা কিবাকিবি কৈ গৈছিল৷ মই যিমান পাৰো তেওঁৰ কিছুমান কথা খণ্ডন কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও একেবাৰে শেষতহে মোক দুটামান কথা কোৱাৰ সুযোগ দিছিল৷ অৱশ্যে বৰ বিশেষ খংৰাগ পৰেশ বৰুৱাৰ কথাত ফুটি উঠা নাছিল৷
সি যি হওক,মোৰ সেই বিশেষ লেখাটো যে প্ৰকাশ হৈছে সেইদিনা পুৱতি নিশাতে পৰেশ বৰুৱাৰ পৰা মই গম পাইছিলোঁ যে অসমৰ বহুজনলৈ পৰেশ বৰুৱাই এইদৰে ফোন কৰে৷ এতিয়াও পৰেশ বৰুৱাৰ স’তে প্ৰায় সঘনাই টেলিভিছন চেনেলত কথাবাৰ্তা চলি আছে৷ বিগত কেইটামান বছৰৰ পৰা পৰেশ বৰুৱা ইমান সহজেই উপলব্ধ হোৱাটো বেচ মন কৰিবলগীয়া কথা৷ এই কথাই কি ইংগিত কৰে, সেই বিষয়েও প্ৰতিষ্ঠিত বৌদ্ধিক মহলে আলোচনা নকৰাৰ স্থিতি লোৱাটোও এটা মন কৰিবলগীয়া কথাই।
বহুজনৰ দৰেই ভাব আহে যে, ইমান দিনে ভাৰত চৰকাৰে পৰেশ বৰুৱাক ধৰিব নোৱৰাটো কম কথা নহয়৷ চাৰিবছৰ মানৰ আগতে পৰেশ বৰুৱাই আত্মসমৰ্পণ কৰিব বুলি বাতৰি ওলাইছিল৷ মাজে মাজে দুৰ্ঘটনাত নিহত হোৱাৰো খবৰে সংবাদ শিৰোনাম দখল কৰাটোও এক নৈমিত্তিক ঘটনাৰ দৰেই হৈ পৰিছিল। কিন্তু সেইবাৰ, পৰেশ বৰুৱা অহাটো প্ৰায় খাটাং আছিল বুলি আমিও বিশেষ সুত্ৰে জানিব পাৰিছিলোঁ৷ কিন্তু অৱশেষত তেওঁ নাহিল,প্ৰসংগটো তল পৰিল৷ সি যি হওক,আলফা তথা পৰেশ বৰুৱাক কেন্দ্ৰ কৰি যিবোৰ বা-বতৰা কিছুদিন ধৰি ওলাই আছে সেইবোৰ যথেষ্ট ৰহস্যজনক আৰু তাৎপৰ্যপূৰ্ণ৷ আনফালে তেখেতৰ সৈতে সভাপতি হবলৈ অহা ডাঃ অভিজিত হাজৰিকাৰ ওপৰত এতিয়া লণ্ডনত বিচাৰ চলি থকাৰ বাতৰিও শেহতীয়াকৈ ভাৰতীয় সংবাদ মাধ্যমত দেখিবলৈ পাইছো। ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰৰোচনা কৰা অভিযোগত ডাঃ হাজৰিকাক ভাৰত চৰকাৰে প্ৰতাৰ্পনৰ বাবেও আবেদন কৰাৰ তথ্য বাতৰিত প্ৰকাশ পাইছে।
ক’ভিড মহামাৰীয়ে গোটেই বিশ্বকে জোকাৰি দিলে৷অভাৱ অনাটন আগতকৈ বৃদ্ধি পালে৷ বৃহৎ সংখ্যকে কৰ্মসংস্থাপন হেৰুৱালে৷ সৰু আৰু মজলীয়া বেপাৰ কৰা সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল৷ সমগ্ৰ দেশৰ লগতে অসমটো বিশেষকৈ নতুন প্ৰজন্মৰ মনবোৰ হতাশা আৰু অনিশ্চয়তাৰ কলা ডাৱৰে আবৰি ধৰিলে৷ এই পৰিমণ্ডলটো নিশ্চয়কৈ পৰেশ বৰুৱাৰ বাবে সহায়ক হৈ পৰিছে৷ সৰ্বগ্ৰাসী হতাশা আৰু অনিশ্চয়তাৰ পৰা মুক্তি পাবলৈকে বহুজনে শেহতীয়াকৈ আলফাত যোগদান কৰিছে বুলি নিঃসন্দেহে ক’ব পাৰি৷ জীৱনৰ প্ৰতি তীব্ৰ বিতৃষ্ণা তথা বিৰাগ হ’লেহে মানুহৰ মনত এনে আত্মঘাতী প্ৰৱনতা জাগ্ৰত হয়৷ নোপোৱাৰ বেদনাৰ ক্ষোভবোৰ তথা স্নায়বিক উত্তেজনা,অস্থিৰতাক কিছুপৰিমাণে হ’লেও প্ৰশমিত কৰিবলৈ বহুতে এনে ধংসমুখী পথ বাচি লয়৷ আমাৰ একাংশ যুৱক এইদৰে জীৱনৰ প্ৰতি মোহভংগ হৈ জংঘললৈ যোৱাটোৱে চৰকাৰ আৰু আমাৰ সমাজ তথা সচেতন মহললৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি অনুভৱ কৰো৷ এই দিশটো চৰকাৰে গুৰুত্ব সহকাৰে বিৱেচনা কৰা উচিত৷ এনে স্পৰ্শকাতৰ কথাবোৰ সাধাৰণ কথা বুলি ভাবিলে সমাজখন বিপদজনক হৈ পৰিব পাৰে৷ গতিকে সময় থাকোতেই চৰকাৰ,সংশ্লিষ্ট পক্ষ,সচেতন সমাজ সকলো মিলি এইক্ষেত্ৰত সজাগ সচেতন হ’ব লাগিব৷
২০১৮চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হঠাৎ নোটবন্দীয়ে বিশেষকৈ বিদ্ৰোহী সংগঠনবোৰক যথেষ্ট অসুবিধাত পেলাইছিল ৷ ভাৰত চৰকাৰৰ সহযোগত ম্যানমাৰ,ভুটানত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও উগ্ৰপন্থী সকল বিপদত পৰিছিল৷ বৰ্তমানৰ ভাৰত চৰকাৰে উগ্ৰপন্থী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ বদ্ধপৰিকৰ যেন লাগে৷ পৰেশ বৰুৱাৰ পক্ষত এতিয়া সামৰিক শক্তি বুলিবলৈ হয়তো বিশেষ নাই, অনুমান তেনেকুৱাই কৰিব পাৰি৷ তেখেতৰ বয়সো বাঢ়ি আহিছে৷
সেয়ে তেওঁ মনস্তাত্বিক খেলখন সুন্দৰকৈ খেলা যেন লাগিছে৷ পৰেশ বৰুৱাক লগা হৈছে চেনচেশ্বন তথা জনপ্ৰিয়তা! পৰেশ বৰুৱাই অসমৰ মুক্তি আনিব বুলি সেই পুৰণা অলীক সপোনটো আকৌ চেনচেচনাইজ কৰিব খুজিছে৷ এইখিনিতে এটা কথা কৈ থব খুজিছোঁ দক্ষিণৰ কে জি এফ-২নামৰ চিনেমাখনে ১২০০কোটি অধিক টকা উপাৰ্জন কৰি খলকনিৰ সৃষ্টি কৰিছে৷ কিয় এনে ধৰনৰ চিনেমাৰ প্ৰতি দৰ্শকৰ ক্ৰেজ সৃষ্টি হৈছে তাৰ মনস্তাত্বিক বিশ্লেষণৰ প্ৰয়োজন আছে বুলি আমি অলপতে ফেচবুকত এটা পষ্ট দিছিলোঁ৷ প্ৰচলিত ব্যৱস্থাৰ প্ৰতি ভেঙুচালি, হিৰো হোৱাৰ বাসনা, ব্যক্তিকেন্দ্ৰিক উচ্ছাকাংক্ষা,বিকৃত মানসিকতাৰে আত্মঘাতী প্ৰৱণতাক তুলি ধৰা এইধৰণৰ চিনেমাৰ প্ৰতি আসক্তি আৰু পৰেশ বৰুৱা তথা আলফাৰ প্ৰতি এচামৰ আকৰ্ষণ প্ৰায় একেই কথা নহয়নে? এইটো কিন্তু বৰ ভয়ংকৰ কথা৷ এই ক্ষয়িষ্ণু মানসিকতাক দূৰ কৰিব নোৱাৰিলে সমাজখন অস্থিৰ, অশান্ত হ’বলৈ বেছি সময় নালাগিব৷
এইযে বৰ্তমানৰ হতাশজনক পৰিস্থিতিটো পৰেশ বৰুৱাৰ বাবে অনুকূল হিচাপে পৰিগণিত হৈছে তাৰ বাবে কিন্তু আমি সকলোৱে কমবেছি পৰিমাণে জগৰীয়া নহয়নে? নাগৰিক সমাজেও নিজকে চিকুটি চাবৰ হ'ল৷ বিশেষকৈ শাসকীয় পক্ষই এই কথা গভীৰভাবে অনুধাৱন কৰা উচিত৷ কুটিল-ক্ষমতা সৰ্বস্ব ৰাজনীতি, ক্ৰমবৰ্ধমান আৰ্থিক অসমতা আদিৰ দৰে বহুকাৰকে সমাজত এক নৈৰাজ্যৰ পৰিমণ্ডল গঢ়ি তুলিছে ৷ গতিকে চৰকাৰ,সমাজৰ চিন্তাশীল লোক সকলে সমাজত এক ইতিবাচক আৰু গঠনমূলক পৰিমণ্ডল গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব৷ সকলোকে লগত লৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সমাজখন আগুৱাই নিব লাগিব৷ ঘৰ ভাঙিলে আকৌ গঢ়িব পৰা যাব কিন্তু মন এবাৰ ভাঙিলে তাক জোৰা লগোৱা কঠিন, সেই কথা আমি সকলোৱেই জানো।
ক’ভিডে বিশ্বৰ কূটনৈতিক ক্ষেত্ৰখনটো যথেষ্ট প্ৰভাৱ পেলালে৷ কিছুমান আন্তঃৰাষ্ট্ৰীয় সমীকৰণ সলনি হোৱা চকুত পৰিছে৷ আমি সকলোৱে জানো বা ধাৰণা কৰোঁ যে-পৰেশ বৰুৱা তথা আলফাক চীনে সহায় কৰি আছে৷ পাকিস্তানৰৰ স’তে যোগাযোগটো আছেই৷ গতিকে স্বাভাৱিকতে বহু বিদেশী শক্তিয়ে আলফাক নিজ নিজ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে৷ এই কথা ভাৰতীয় চোৰাংচোৱাই নজনাকৈ থকা নাই৷ তৎস্বত্বেও ভাৰত চৰকাৰে বৰ্তমান সময়ত আলফাৰ প্ৰতি বিশেষ কঠোৰ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই৷ চ’ছিয়েল মিডিয়াত মুকলিকৈ আলফাৰ বিভিন্ন বতৰা প্ৰকাশ হৈ আছে৷ ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰীয়েও অলপতে আলফাক ক্ষমা প্ৰাৰ্থনা কৰা ঘটনাই আমাক আচৰিত কৰিছে৷ যিটো সময়ত প্ৰধানমন্ত্ৰী বা চৰকাৰক টুইটাৰ বা ফেচবুকত সমালোচনা কৰিলেই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বিপ্লৱী কবিতাৰ বাবে কবি শিক্ষাৰ্থীক বন্দী কৰা হৈছে, সেইটো সময়তে আনফালে, বিচ্ছিন্নতাবাদী,উগ্ৰপন্থী সংগঠনৰ ক্ষেত্ৰত চৰকাৰৰ এনে নৰম স্থিতিয়ে আমাক হতবাক কৰিছে৷
পৰেশ বৰুৱাৰ কথাকাণ্ডবোৰ সহজে বোধগম্য(predictable) নহয়৷ কাৰন সেইখন ক্ষেত্ৰ বহু ৰহস্যজনক৷ তাত প্লেয়াৰ বহুত আছে৷ এই ৰহস্যঘন লুকাভাকুৰ কাৰকবোৰ সহজে বিশ্লেষণ কৰাটো এটা দুৰূপ কামেই। আমাৰ চিন্তাৰ ৰাডাৰে সহজে সেইবোৰ ঢুকি নাপায়৷ কিন্তু শেহতীয়া কিছুমান কথাৰ পৰা এই কথা ক’ব পাৰি-হয় পৰেশ বৰুৱা কোনো বিদেশী শক্তিৰ দ্বাৰা সুৰক্ষিত স্থানত আছে নহয় ৰহস্যজনক কাৰনত ভাৰত চৰকাৰে পৰেশ বৰুৱাক কাৰায়ত্ব কৰিব খোজা নাই৷ সেইবোৰ যিয়েই নহওক,অসমৰ মানুহে কিন্ত নব্বৈ দশকৰ সেই ৰক্তাক্ত সময়বোৰ পুনৰাবৃত্তি হোৱাটো মুঠেই আশা নকৰে৷ সেই তেজৰ চেকুঁৰাবোৰ এতিয়াও শুকুৱা নাই৷ আকৌ যদি অসমলৈ সেই ৰক্তাক্ত দিনবোৰ উভতি আহে তেন্তে তাৰবাবে প্ৰধানকৈ জগৰীয়া হ’ব দিল্লী-দিছপুৰৰ বৰ্তমানৰ চৰকাৰ৷ আমি পৰেশ বৰুৱালৈও আহ্বান জনাও-হিংসা পৰিহাৰ কৰি প্ৰয়োজনত ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভাবে প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তোলক৷
ইমানখিনি সংশয়,দুৰ্ভাৱনাৰ কথা প্ৰকাশ কৰিলোঁ যদিও শেষত এটা কথা কৈ থওঁ-অতি নিকট সময়ত পৰেশ বৰুৱাই অসমলৈ আহি যদি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ স’তে কৰমৰ্দন কৰেহি তাতো কিন্তু পৰিবৰ্তিত পৰিস্থিতিত আমাৰ বাবে বিশেষ আচৰিত হ’ব লগা একো নাথাকিব!! কাৰণ আজিৰ শাসক-বিপ্লৱীৰ জৈৱ-তন্ত্ৰটোৰ ৰেহৰূপ জনপ্ৰিয় মেডিয়াই অন্বেষণ কৰা নাই, ক্ৰমশঃ ধূসৰ কৰিহে ৰাখিছে। সেয়ে জনতা আজিও সন্দিহান, সঁচাই পৰেশ বৰুৱা এতিয়াও ফেক্টৰ হৈ আছেনে? তাৰ উত্তৰ বিচৰাৰ দায়িত্ব যে চতুৰ্থ স্তম্ভৰ, সেই কথাহে কিন্তু নিশ্চিত।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SANJIT-KR-BORDOLOI
No comments:
Post a Comment