মনৰ কথাঃ সংবাদ মাধ্যমৰ স্বাধীনতাই নহয় জনপ্ৰিয়তাও ভীষণ কমিছে :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সংবাদ মাধ্যমৰ স্বাধীনতাই নহয় জনপ্ৰিয়তাও ভীষণ কমিছে  :: বুলন কুমাৰ শইকীয়া

মনৰ কথাঃ সংবাদ মাধ্যমৰ স্বাধীনতাই নহয় জনপ্ৰিয়তাও ভীষণ কমিছে :: বুলন কুমাৰ শইকীয়া

Share This

সংবাদ মাধ্যমৰ স্বাধীনতাই নহয় জনপ্ৰিয়তাও ভীষণ কমিছে

বুলন কুমাৰ শইকীয়া

সাম্প্ৰতিক প্ৰেক্ষাপটটো এনেকুৱা যে বহু ৰাষ্ট্ৰত সংবাদমাধ্যমৰ স্বাধীনতা হ্ৰাস পাইছে বা কৰ’বাত বিলুপ্তিৰ পথত ৷ ভাৰতো তাৰ ব্যতিক্ৰম নহয় আৰু ইতিমধ্যে ভাৰতত সংবাদমাধ্যমৰ স্বাধীনতাৰ সূচাংক আন্তঃৰাষ্ট্ৰীয় তালিকাত অতি নিম্ন স্থানত আছে। অসমত সংবাদমাধ্যমৰ স্বাধীনতাৰ অৱস্থা আৰু তথৈৱছ৷ এইকথা মুকলিকৈ ক’বই লাগিব যে বহু ক্ষেত্ৰত মূৰপোলোকা মৰা অৱস্থান গ্ৰহণ কৰিলেও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত ৰাজ্যখনৰ সংবাদমাধ্যমক বশীকৰণ কৰাৰ কোনো নীতি গ্ৰহণ কৰা হোৱা নাছিল যিটো পৰৱৰ্তী এই সময়খিনিত দেখা গৈছে৷ 

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা ( নাজানো আৰু কি যোগ্যতাৰ ফলত এই বাব পালে ) জয়ন্তমল্ল বৰুৱাই বৰ আকৰ্ষণীয়কৈ কৈ থৈছে-“ আমি চৰকাৰী বিজ্ঞাপন দিওঁ। তাৰে সংবাদপত্ৰসমূহৰ কৰ্মচাৰীক মালিকে দৰমহা দিয়ে ৷ কৰোনাকালত সংবাদ উদ্যোগে ডুবিব ধৰাৰ পিচত এইটো চৰকাৰৰ ফালৰ পৰা ডাঙৰ সকাহ।” অতএৱ, অসমত সংবাদপত্ৰৰ পৰোক্ষ মালিক এতিয়া চৰকাৰ বাহাদুৰ৷ মাজতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ চৰকাৰী কাৰ্যসূচীত আমোদজনক ঘটনা এটা ঘটি গৈছে ৷ যি ভয়বিহীন সংবাদ স্বাধীনতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজন কৰা হয় সেই প্ৰেছদিৱসৰ মুখ্য অতিথি হয়গৈ সাংবাদিকৰ ঠেং ভাঙিম বুলি মুকলি হুংকাৰ দিয়া মন্ত্ৰীবৰ পীযুষ হাজৰিকা । এই সকলোবোৰ ঘটি আছে আমাৰ চকুৰ আগতে ৷ এনে লাগে যেন সমগ্ৰ প্ৰক্ৰিয়াটোত জনসাধাৰণ লাহে লাহে অভ্যস্ত হৈ আহিছে ৷


কিন্তু কথাটো প্ৰকৃততে তেনেকুৱা নহয় ৷ চৰকাৰ এখনৰ প্ৰশস্তি গাবলৈ দূৰদৰ্শন আছে , অল ইণ্ডিয়া ৰেডিঅ’ আছে, ডিএভিপি, পি আই বি, জনসংযোগকে ধৰি এক বিৰাট মেকানিজিম আছে। তাৰমাজতে বিভিন্ন চৰকাৰী বঁটা-বাহন আছে যিবিলাক সাধাৰণতে এনে কিছুমান বাগ্মীতা থকা লোকক দিয়া হয় যিসকলৰ অৱস্থান কাহানিও চৰকাৰবিৰোধী নহয় আৰু যিসকলক মূঢ়মতি জনসাধাৰণে সমাজৰ দিগ্‌গ্ৰস্ত বুলি ভ্ৰান্ত ধাৰণা লৈ থাকে ৷ এনে প্ৰেক্ষাপটতে গুৰু দায়িত্ব থাকে সংবাদমাধ্যমৰ যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি পৰিচিত ৷ সুস্থ গণতন্ত্ৰত যি ধৰণে বিৰোধীৰ সবল স্থিতিৰ দৰকাৰ ঠিক একেদৰেই সংবাদমাধ্যমৰো নিৰ্মোহ ভূমিকা থকাটো দৰকাৰ। চৰকাৰ এখনৰ ভালখিনিক ভাল বুলি ক’বলৈ সাহসৰ দৰকাৰ নাই ৷ কিন্তু চৰকাৰ এখনৰ বা চৰকাৰখনক প্ৰতিনিধিত্ব কৰা মানুহকেইজনৰ বেয়াখিনিক বেয়া বুলি ক’বলৈ এটা সাহসৰ দৰকাৰ ৷ যেতিয়াই শাসক পক্ষৰ সৈতে সংবাদমাধ্যমৰ নিৰ্ণায়কসকলৰ দহৰম মহৰম আৰম্ভ হ’ব তেতিয়াই সেই সাহসখিনিৰো বিলুপ্তি ঘটিব আৰু সাংবাদিকৰ যি দায়ৱদ্ধতাৰ প্ৰসংগ সততে উত্থাপন হয় সেই দায়ৱদ্ধতাও অন্তিম পৰ্যায়লৈ গতি কৰিব ৷ শুনিবলৈ বেয়া লাগিলেও প্ৰকৃত সত্যটো এইটোৱেই যে অসমত এতিয়া এনে পৰিৱেশ এটাৰে সৃষ্টি হৈছে। 


এই পৰিৱেশটোৰ অৱসান ঘটিবনে? যেতিয়াই এই সম্পৰ্কীয় আলোচনা হয় তেতিয়াই আমাৰ সন্মুখত এটা নেতিবাচক উত্তৰ ভাঁহি আহে৷ অদূৰ ভৱিষ্যতে শাসকীয় পক্ষৰ চক্ৰবেহুৰ পৰা সংবাদমাধ্যমে নিজকে মুকলি কৰি অনাৰ সময় উকলি গ’ল আৰু কেনেবাকৈ আহিব পাৰিলেও বিশ্বাসযোগ্যতা আহৰণৰ ক্ষেত্ৰত ই বিফলপ্ৰায় হ’ব ৷ এইখিনিতে স্বতন্ত্ৰ সংবাদমাধ্যমৰ গুৰু ভূমিকা আছে আৰু এতিয়ালৈকে স্বতন্ত্ৰ সংবাদমাধ্যম মানে আমি ৱেব নিউজৰ জগতখনতে আছোঁ৷ ছচিয়েল মিডিয়াৰ সবল উপস্থিতি ৱেব মিডিয়াৰ বাবে এক ভাল আশ্ৰয় হৈ পৰিছে যদিও ৱেব মিডিয়া বা ছচিয়েল মিডিয়া দুয়োটাতে শাসকপক্ষৰ এজেণ্ডা লৈ ইতিমধ্যে এজেণ্ট সোমাই পৰিছেই৷ এইসকলোৰে একমাত্ৰিক উদ্দেশ্যটো হ’ল যিকোনো প্ৰকাৰে চৰকাৰক সঠিক প্ৰশ্ন সোধা কাৰবাৰটো বন্ধ কৰা ৷ অৰ্থাৎ ক্ষুদ্ৰকায় স্বতন্ত্ৰ সংবাদমাধ্যমবোৰক যিকোনো প্ৰকাৰে অৱদমন কৰা হ’বই ৷ এতিয়া মূল সুঁতিৰ সংবাদ প্ৰতিষ্ঠান সমূহেও ছচিয়েল মিডিয়াত নিজৰ একাউণ্ট পূৰ্ণোদ্যমে চলাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ আঁৰৰ কাৰণ আন একো নহয়। চৰকাৰৰ চাফাই গোৱাহে। এতেকেই ক’ব বিচাৰো যে সতকাই এই পৰিস্থিতিটোৰ অৱসান নঘটে ৷


এনে প্ৰসংগতে এটা কথা সময়তকৈ বহু আগতেই বিনম্ৰতাৰে জনাই থ’ব বিচাৰিছো আৰু সেয়া হৈছে সংবাদৰ জগতত আমি সকলোৱে লাহে লাহে ক্ৰীড়নকত পৰিণত হ’ম ৷


সময়ৰ কি কুটিল পৰিণতি ? স্বতন্ত্ৰ সংবাদ মাধ্যম বা সংবাদ মাধ্যমৰ বাক স্বাধীনতাত বিশ্বাসী আমাৰ দৰে এমুঠি মানুহে এতিয়া আশাৰে বাট চাবলগীয়া হৈছে টুইটাৰ ক্ৰয় কৰা পুঁজিবাদৰ অন্যতম স্তম্ভস্বৰূপ ইলন মাস্কৰ মুখলৈ। টুইটাৰ ক্ৰয় কৰিয়ে ইলন মাস্কে ঘোষণা কৰিছে চৰকাৰী কৰ্তৃপক্ষই টুইটাৰ চলালে এতিয়াৰ পৰা মূল্য আদায় দিব লাগিব। কাইলৈ হয়তো মাৰ্ক জুকাৰবাৰ্গেও একে পন্থাই ল’ব ৷ আমি ভাবিছো বাক স্বাধীনতাক এসময়ত এই মানুহবিলাকেই সুৰক্ষিত কৰিব৷ 


সেয়াও সমূলি এটা ভুল ধাৰণা ৷ সম্পদ বৃদ্ধিহে ইলন মাস্কহঁতৰ লক্ষ্য ৷ এসময়ত যিয়ে বেছি টকা দিব তাৰ বক্তব্যই ছচিয়েল মিডিয়াত আটাইতকৈ বেছি Reachable হোৱা ধৰণৰ ব্যৱস্থাৰ প্ৰচলন হ’ব ৷  মূলতঃ এটা আইৰণিলৈ  পৰিণত হ’ব বাক-স্বাধীনতা ৷ 


আজি যিসকলে অন্তঃদ্বন্দৰে সংবাদ মাধ্যমটোত জড়িত হৈ আছে সেইসকলে কথাবোৰ উপলব্ধি কৰি বৈকল্পিক মাধ্যমৰ কথা সজোৰে ভাবক ৷ নহ’লে সময়ে কাকো ক্ষমা নকৰে ৷

No comments:

Post a Comment