প্ৰৱন্ধঃ ‘ৰাষ্ট্ৰপতিৰ নিচান’ আৰু অসমৰ দুৰ্জেয় চিপাহী :: ভাস্কৰজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ‘ৰাষ্ট্ৰপতিৰ নিচান’ আৰু অসমৰ দুৰ্জেয় চিপাহী :: ভাস্কৰজ্যোতি মহন্ত

প্ৰৱন্ধঃ ‘ৰাষ্ট্ৰপতিৰ নিচান’ আৰু অসমৰ দুৰ্জেয় চিপাহী :: ভাস্কৰজ্যোতি মহন্ত

Share This
‘ৰাষ্ট্ৰপতিৰ নিচান’ আৰু অসমৰ দুৰ্জেয় চিপাহী
ভাস্কৰজ্যোতি মহন্ত
অসম আৰক্ষী, assam police, দুৰ্জেয় চিপাহী, DURJEYA SIPAHI, BHASKARJYOTI MAHANTA, DGP ASSAM
১০ মে’ ২০২২। অসম আৰক্ষীৰ বাবে এই দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈ ৰ’ল। কিয়নো ‘জনহিত জনসেৱাৰ্থে’-এই মন্ত্ৰৰে উদ্বুদ্ধ হৈ অসম আৰক্ষীৰ সকলো পৰ্যায়ৰ বিষয়া কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি কৰা অপৰিসীম কষ্ট আৰু অতুলনীয় ত্যাগৰ বিনিময়ত এই বিশেষ দিনটোত অসম আৰক্ষীয়ে লাভ কৰিলে এক বিৰল সন্মান, এক অভিনৱ স্বীকৃতি। সেয়া হৈছে—‘প্রেছিডেণ্টছ কালাৰ্ছ', অর্থাৎ ৰাষ্ট্ৰপতিৰ নিচান। আজি অত বছৰে অসম আৰক্ষীৰ বহু ব্যক্তিয়ে আত্মবলিদান দিলে, বহু ব্যক্তি চিৰদিনলৈ ঘূণীয়া হ’ল। এনে বহু ব্যক্তিৰ পৰিয়ালৰ সদস্যসকলৰ জীৱন-যৌৱন অথলে গ'ল। প্রধানতঃ আশীৰ দশকৰ পৰা সৌ সিদিনালৈকে সন্ত্রাসজৰ্জৰ অসমৰ যি ৰক্তৰঞ্জিত ইতিহাস, সেই ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালেই দেখিবলৈ পোৱা যায় কি অপূর্ব সাহস, কর্তব্যনিষ্ঠা আৰু স্বদেশপ্রেমেৰে অসম আৰক্ষীয়ে এই মুলুকৰ জনসাধাৰণৰ সুৰক্ষাৰ হকে নিজকে উচর্গিত কৰিছিল, আত্মত্যাগ কৰিছিল— সেই গৌৰৱ গাথা। 
অসম আৰক্ষী, assam police, দুৰ্জেয় চিপাহী, DURJEYA SIPAHI, BHASKARJYOTI MAHANTA, DGP ASSAM
বন্দিত হোৱাৰ পৰিবৰ্তে সততে নিন্দিত হােৱা অসম আৰক্ষীয়ে এছােৱা জটিল সময়ত এইদৰে আত্মত্যাগৰ নিদর্শন দাঙি ধৰি আমাৰ অসমখনক বচালে বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহ'ব। হত্যা, লুণ্ঠন, অপহৰণ আদিৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে, অসম আৰক্ষীয়ে বছৰ বছৰ ধৰি, আত্মত্যাগৰ জৰিয়তে এক প্রতিৰােধ ব্যৱস্থা গঢ়ি নোতােলা হলে হয়তো অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ গ'লহেঁতেন। হয়তো বানানা ৰিপাব্লিক’ বুলি অভিহিত কৰা লেটিন আমেৰিকা আৰু আফ্রিকাৰ কিছু ক্ষুদ্র ক্ষুদ্র দেশ বা অঞ্চলৰ দৰেই ভীতিগ্রস্ততা, অমানৱীয় জীৱন-যাত্ৰা আৰু ভয়ংকৰ দাৰিদ্ৰৰ কবলত পৰি ককবকাই থাকিবলগীয়া হ'লহেঁতেন অসমৰ জনসাধাৰণে। এনে আত্মত্যাগৰ স্বীকৃতিস্বৰূপেই অসম আৰক্ষীক এইবেলি ৰাষ্ট্ৰপতিৰ নিচান প্রদানৰ সিদ্ধান্ত লোৱা হৈছিল। ১০ মে, ২০২২ তাৰিখে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰা হ’ল বাবেই এই দিনটো অসম আৰক্ষীৰ বাবে বিশেষ দিন আৰু অসম আৰক্ষীৰ ইতিহাসত এই দিনটো সদায় সােণালী আখৰেৰে জিলিকি থাকিব।

স্বাভাৱিকতেই কিছু মানুহৰ মনত প্রশ্নৰ উদয় হৈছিল— ৰাষ্ট্ৰপতিৰ নিচান’ মানে কি? আন নালাগে প্রথম অৱস্থাত আমাৰ আৰক্ষীৰেই বহুতে এই বিষয়ে বিশেষ একো নাজানিছিল। এনে পৰিবেশত সর্বসাধাৰণে এই ৰাষ্ট্রপতি নিচান’ৰ বিষয়ে নজনাটো একো ডাঙৰ কথা নহয়। অৱশ্যে ১০ মে'ৰ অনুষ্ঠানৰ পিচত সর্বসাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিৰ নিচান’ৰ গুৰুত্ব আৰু মহত্ত্ব সম্পর্কে পূর্বতকৈ স্পষ্ট ৰূপত বুজি পাইছে যদিও এতিয়াও যেন দুই-একৰ মনত এই সম্পর্কে কিছু অস্পষ্টতা আছে। সেয়ে এই সন্দৰ্ভত কিছু কথা উল্লেখ কৰাৰ প্রয়োজন অনুভৱ কৰিলো। প্রকৃততে, ব্রিটিছ সশস্ত্র বাহিনীৰ সামৰিক গোটসমূহে যেতিয়া কোনো অভিযানৰ বাবে গৈছিল, তেতিয়া তেওঁলোকে ‘কিংছ কালাৰ্ছ', অর্থাৎ ‘ৰজাৰ নিচান অথবা ‘কুইনছ কালাৰ্ছ', অর্থাৎ ‘ৰাণীৰ নিচান কঢ়িয়াই লৈ গৈছিল। আমাৰ দেশখন যেতিয়া ব্রিটিছ সাম্রাজ্যৰ অধীনত আছিল, তেতিয়া তদানীন্তন ৰয়েল ইণ্ডিয়ান আর্মি, ৰয়েল ইণ্ডিয়ান নেভী, ৰয়েল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰু তেওঁলোকৰ নিজ নিজ কমাণ্ডসমূহক এনে ৩৩ খন ‘কিংছ কালাছ’ অথবা ‘কুইনছ কালাছ’ প্রদান কৰি থােৱা আছিল। 

১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমাৰ দেশত সংবিধান বলৱৎ হয় আৰু আমাৰ দেশখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে পৰিগণিত হয়। এই বিশেষ দিনটোৰ আগদিনা ডেৰাডুনত থকা ইণ্ডিয়ান মিলিটাৰী একাডেমীত উল্লিখিত ৩৩ খন কালার্ড, অর্থাৎ নিচান ঘূৰাই আনি একত্রিত কৰা হৈছিল আৰু এইসমূহ পৰিত্যাগ কৰি নতুন নিচানৰ নাম দিয়া হৈছিল—‘কালার্ড অব দা প্রেছিডেণ্ট অব দা ৰিপাব্লিক অব্ ইণ্ডিয়া’। এই নিচানেই ‘প্রেছিডেণ্টছ কালাৰ্ছ', অর্থাৎ ‘ৰাষ্ট্ৰপতিৰ নিচান। এয়া হৈছে দেশৰ সর্বোচ্চ সামৰিক সন্মান। আজিকালি অভিযানত যোৱাৰ সময়ত সামৰিক গোটে নিচান কঢ়িয়াই নিয়াৰ পৰম্পৰা সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে যদিও বিশেষ উপলক্ষত নিচান গ্ৰহণ কৰা, আৰু নিচান লৈ পেৰেডত অংশ লোৱাৰ পৰম্পৰা ভাৰতীয় সশস্ত্র বাহিনীত আজিও আছে।

প্রদর্শন কৰা পাৰদৰ্শিতা, কর্মদক্ষতা, পৰিচয় দিয়াৰ সাহসিকতা আদিৰ ওপৰত নিৰ্ভৰ কৰি এক জটিল বাছনি প্রক্রিয়াৰ মাজেৰে দেশৰ কোনো সামৰিক বাহিনী, অর্ধসামৰিক বাহিনী অথবা কোনো ৰাজ্য তথা কেন্দ্রীয়শাসিত ৰাজ্যৰ আৰক্ষী বাহিনীক এইদৰে ৰাষ্ট্ৰপতিৰ নিচান’ প্রদানৰ সিদ্ধান্ত লোৱা হয়। যুদ্ধৰ সময়তেই হওক অথবা শান্তিৰ সময়তেই হওক, দেশৰ হৈ একেৰাহে ২৫ বছৰ ধৰি ব্যতিক্রমী সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে এইদৰে ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰা হয়। এই সম্মান প্রথম লাভ কৰিছিল ভাৰতীয় নৌ সেনাবাহিনীয়ে, ১৯৫১ চনত। ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ ভিতৰত নৌ সেনাবাহিনীয়েই আটাইতকৈ পুৰণি। নৌ সেনাক বাদ দি এইপর্যন্ত ভাৰতবৰ্ষৰ মাত্র আঠখন ৰাজ্য তথা এখন কেন্দ্রীয়শাসিত ৰাজ্যৰ আৰক্ষী বাহিনীয়ে ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰিবলৈ সক্ষম হৈছে। বর্তমান আমাৰ দেশত ২৮ খন ৰাজ্য তথা ৮ খন কেন্দ্রীয়শাসিত ৰাজ্য আছে। ইয়াৰ ভিতৰত মাত্র ৮ খন ৰাজ্য তথা এখন কেন্দ্রীয়শাসিত ৰাজ্যইহে এইপর্যন্ত ‘ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰিবলৈ সক্ষম হোৱা কথাটোৱে এই সন্মান কিমান বিৰল, সেই কথাৰ প্রমাণ দিয়ে। 

এই সন্মান লাভৰ লগে লগে অসম আৰক্ষী নিঃসন্দেহে ব্যতিক্রম হৈ পৰিল। ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ১৯৫২ চনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছিল। ইয়াৰ দুবছৰ পিচত, অর্থাৎ ১৯৫৪ চনত দিল্লী আৰক্ষীক এই সন্মান যচা হৈছিল। সেইদৰেই মহাৰাষ্ট্ৰ আৰক্ষীক ১৯৬১ চনত, জম্মু আৰু কাশ্মীৰ আৰক্ষীক ২০০৩ চনত, তামিলনাড়ু আৰক্ষীক ২০০৯ চনত, ত্ৰিপুৰা আৰক্ষীক ২০১২ চনত, গুজৰাট আৰক্ষীক ২০১৯ চনত আৰু হিমাচল প্রদেশ আৰক্ষীক ২০২১ চনত ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰা হৈছিল। এই তালিকাৰ পৰৱৰ্তী নামটোৱেই হৈছে অসম আৰক্ষী। শেহতীয়াভাৱে হাৰিয়ানা আৰক্ষীকো ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে যদিও এইপর্যন্ত প্রদান কৰা হোৱা নাই৷ দেশৰ মাননীয় ৰাষ্ট্রপতি মহোদয়ৰ হৈ সন্মানীয় কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত অসম আৰক্ষীক আনুষ্ঠানিকভাৱে ‘ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰে। 

এই উপলক্ষে এক বিশাল পেৰেডৰো আয়োজন কৰা হৈছিল, য'ত মুঠ দহটা প্লাটুনে অংশগ্রহণ কৰে। ইয়াৰে তিনিটা প্লাটুন মহিলা আৰক্ষীৰ। এই তিনিটা প্লাটুনৰ ভিতৰত বীৰাংগনা আৰু কমাণ্ডোৰে গঠিত দুটা প্লাটুন আছিল আৰু শেহতীয়াভাৱে ‘নেপা’ৰ পৰা প্রশিক্ষণ সম্পূর্ণ কৰা মহিলা আৰক্ষী উপ-পৰিদৰ্শকৰ এটা প্লাটুন আছিল। প্রতিটো প্লাটুনত থকা সদস্য সংখ্যা হৈছে ৩০ গৰাকী। উল্লেখ্য যে বিভিন্ন উপলক্ষত অনুষ্ঠিত পেৰেডসমূহতকৈ এই পেৰেড পৃথক। এই পেৰেডৰ এক সুকীয়া মর্যাদা আছে। এই পেৰেড একক আৰু অদ্বিতীয়। কিয়নো, ৰাষ্ট্ৰপতিৰ নিচান’ এবাৰেই প্রদান কৰা হয় আৰু সেয়ে এই পেৰেডো এবাৰেই অনুষ্ঠিত হ’ল। এই বিশেষ পেৰেড না আগতে অনুষ্ঠিত হৈছিল, না ভৱিষ্যতে আকৌ অনুষ্ঠিত হ'ব। এই ঐতিহাসিক নিচান প্রদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম আৰক্ষীয়ে বিগত কিছুদিনত বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিছে। 

ইয়াৰ ভিতৰত মটৰ চাইকেল ৰেলী আৰু চাইকেল ৰেলী অন্যতম। আমি ধুবুৰীত ‘ফ্লেগ অফ কৰা মটৰ চাইকেল ৰেলীয়ে ইতিমধ্যে প্রায় দুহেজাৰ কিলোমিটাৰ যাত্রাপথ সামৰি তেওঁলােকৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছে। আৰম্ভণিতে আমি নিজেও মটৰ চাইকেল চলাই এই ৰেলীত অংশ লৈছিলো। ১৪ মে, ২০২২ তাৰিখে এই ঐতিহাসিক অনুষ্ঠানৰ সামৰণি পৰিল। এই উপলক্ষে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত ‘ৰেইনব’– দা কালাৰ্ছ অ আছাম পুলিচ' শীর্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে নিজ নিজ ৰাজ্যৰ বাৰেৰহণীয়া সংস্কৃতি প্রদর্শন কৰে।।

অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান’ প্রদানৰ ঐতিহাসিক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তিনিখন গ্রন্থও প্রকাশ কৰা হৈছে আৰু এই গ্রন্থকেইখন অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাদেৱৰ উপস্থিতিত উন্মোচন কৰে দেশৰ মাননীয় গৃহ মন্ত্রী অমিত শ্বাহদেৱে। ইয়াৰে এখন গ্ৰন্থৰ নাম হৈছে— ‘দ্য প্রাউড লিগেচী। ইয়াত সাহসিকতাৰ পুৰস্কাৰ (গেলেণ্ড্রী মেডেল) পোৱা ২৫ গৰাকী বীৰ ছহিদৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে। 

তদুপৰি অসম আৰক্ষীৰ অন্যান্য ৪০৮ গৰাকী বীৰ ছহিদৰ নাম, ঠিকনা, মৃত্যুৰ তাৰিখ আদি উল্লেখ থকা এখন তালিকাও এই গ্রন্থখনত অন্তর্ভুক্ত কৰা হৈছে। বীৰ ছহিদক সন্মান জনাই প্রকাশ কৰা এই গ্রন্থখনৰ উপৰি অসম আৰক্ষীৰ কৰ্মকুশলতা আৰু উৎসর্গীকৃত মনোবৃত্তিৰ প্রতিফলন ঘটাকৈ আন এখন গ্রন্থ। প্রকাশ কৰা হৈছে। এই গ্রন্থখনৰ নাম হৈছে—“ফ’চেছ অক্ ষ্টীল উইথ এ হিউমেন হার্ট’। ব্রজতকৈও কঠিন আৰু ফুলতকৈও কোমল অসম আৰক্ষীৰ বিভিন্ন সংস্কাৰমুখী পদক্ষেপ, শূন্য সহনশীলতাৰে চলোৱা ড্ৰাগছবিৰোধী অভিযান, দুর্নীতি নির্মূলৰ আন্তৰিক প্রয়াস, ক’ভিডকালীন জটিল সময়ত পালন কৰা ভূমিকা আদি বিভিন্ন দিশ গ্রন্থখনে সামৰি লৈছে। 

এই দুখন গ্ৰন্থৰ উপৰি তৃতীয় যিখন গ্রন্থ প্রকাশ কৰা হৈছে, সেইখন আমি লিখা। নাম— ‘দুর্জেয় চিপাহী'... সাহস আৰু প্ৰতিৰােধৰ অনন্য গাথা। এই গ্রন্থখনৰ আঁৰৰ কাহিনী এনেধৰণৰ কেইমাহমান আগতে এদিন এজন কনিষ্টবলে আমাৰ কার্যালয় কক্ষলৈ আহি তেওঁৰ বদলি স্থগিতকৰণৰ বাবে অনুৰোধ জনাইছিল। এয়া যিহেতু কোনো নতুন কথা নহয় আৰু এনেধৰণৰ নানানটা অনুৰোধ যিহেতু সদায় শুনিয়ে থাকিবলগীয়া হয়, গতিকে স্বাভাৱিকতে কিছু বিৰক্ত হৈছিলো। কনিষ্টবলজনে কিবা এষাৰ ক’বলৈ বিচাৰিছিল আৰু প্ৰথম অৱস্থাত আমি সেয়া শুনিবলৈ বিচৰা নাছিলো যদিও কনিষ্টবলজন একপ্রকাৰ নাচোৰবান্দা হৈ ৰৈছিল। ক’বলৈ অনুমতি দিয়াত তেওঁ প্রথমেই যিটো বাক্য কৈছিল, সেয়া শুনি আমি মুহূৰ্তৰ বাবে থৰ হৈ গৈছিলো। তেওঁ কৈছিল— ‘ছাৰ, মই গুলী খােৱা চিপাহী। ক'ব নোৱৰাকৈয়ে এই গ্রন্থখনৰ বীজটো সেইদিনা মাটিৰ সংস্পৰ্শলৈ আহিছিল।

কনিষ্টবলজনে কার্যালয় কক্ষতে আমাক তেওঁৰ গুলীয়ে থকা-সৰকা কৰা ঘূণীয়া দেহাটো দেখুৱাইছিল। এইবাৰ তেওঁক বহিবলৈ দি আমিও ঘটনাৰ সবিশেষ জানিবলৈ বিচাৰিছিলো। সেয়া আছিল সাহস আৰু প্ৰতিৰােধৰ অনন্য গাথা। হিমজ্যোতি দাস নামৰ এই দুর্জেয় চিপাহীজনৰ কথাই আমাৰ অন্তৰাত্মাক জোকাৰি গৈছিল। কনিষ্টবলজনৰ অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি দি আমি লগে লগে তেওঁৰ বদলি স্থগিতকৰণৰ নিদের্শ দিছিলো, ৫০ হেজাৰ টকা তেওঁৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছিলো, আৰু কোনােদিন যাতে বেল্ট আৰু আৰক্ষীৰ পোছাক পৰিধান কৰাৰ বাবে তেওঁ কষ্ট পাবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁক অসামৰিক পোছাকত ডিউটি কৰাৰ দিহা কৰি দিছিলো। লগতে সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা হিমজ্যোতি দাসৰ দৰে দুর্জেয় চিপাহীসকলৰ তথ্য সংগ্রহ কৰি মোলৈ প্ৰেৰণ কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছিলো।

আমাৰ নিদের্শ পোৱাৰ পিচত আৰক্ষী অধীক্ষকসকলে যোগান ধৰা তথ্যৰ ভিত্তিত সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা গুলী আৰু বোমাৰ দ্বাৰা আঘাতপ্রাপ্ত দুর্জেয় চিপাহীসকলৰ যিখন তালিকা প্রস্তুত কৰা হ'ল, এইবাৰ সেই তালিকাখন দুগৰাকী সহযোগীৰ হাতত তুলি দিলাে আৰু প্রত্যেকজন দুর্জেয় চিপাহীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি তেওঁলোকৰ মনৰ খবৰ লোৱাৰ দায়িত্ব দিলাে।

প্রকৃততে কি ঘটিছিল, ধুমুহাই কোবাই যোৱা জীৱনটো পৰৱৰ্তী সময়ত কিদৰে আগবাঢ়িছিল, কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আদি নানানটা প্রশ্ন লৈ সহযোগী দুজনে সমগ্র অসমতে সিঁচৰতি হৈ থকা দুর্জেয় চিপাহীসকলক লগ ধৰিছিল আৰু তেওঁলােকৰ বক্তব্য ৰেকর্ডিং কৰি আমালৈ প্ৰেৰণ কৰিছিল। মাত্র তিনি মাহৰ ভিতৰত ব্রহ্মপুত্র উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ত্ৰিপুৰা সীমান্তৰ বালিপিপলালৈ গৈ এনে তিনি কুৰিৰো অধিক দুর্জেয় চিপাহীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছিল আৰু তেওঁলোকৰ সৈতে সুখ-দুখৰ কথা পাতিছিল এই সহযোগী দুজনে। ইয়াৰ বাবে কেইবাদিনো ওৰে নিশা যাত্রা কৰিবলগীয়া হৈছিল তেওঁলােকে। মূলতঃ সেইখিনি কষ্টৰ ফচল এই গ্রন্থখন। 

তথ্য-প্রযুক্তিৰ এই জয়জয়- ময়ময় পৰিবেশত কথাখিনি ম'বাইল ফোনতে পাতি ৰেকৰ্ড কৰি ল'ব পৰা গ'লহেঁতেন। সেইদৰে আলোকচিত্রও সংগ্রহ কৰিব পৰা গ'লহেঁতেন হােৱাটছএপৰ জৰিয়তে। পিচে আমি বিচাৰিছিলো আমাৰ প্রতিনিধি হৈ সহযোগী দুজনে তেওঁলোকক ব্যক্তিগতভাৱে লগ ধৰক, আমাৰ হৈ এষাৰ মাত দিয়ক আৰু মুখামুখিকৈ তেওঁলোকৰ ক'বলগীয়াখিনি শুনক। এইখিনি কৰিবলৈ যাওঁতে কেতিয়াবা কেৱল এজন দুর্জেয় চিপাহীক লগ পাবলৈ দূৰণিবটীয়া একোখন জিলালৈ নিশা থকাকৈ যাবলগীয়া হৈছিল। সেইখিনি কৰিবলৈ পাই আমি সুখী। 

আমাৰ সুৰক্ষা আৰু দেশৰ সার্বভৌমত্ব ৰক্ষাৰ হকে কাম কৰি জীৱনলৈ ঘুণীয়া হোৱা এই দুর্জেয় চিপাহীসকলৰ সাহস আৰু বীৰত্বৰ কাহিনী, বিপর্যয় আৰু ত্যাগৰ কাহিনী লিপিবদ্ধ হােৱা উচিত বুলি আমি গণ্য কৰাে। কিয়নাে এই কাহিনী উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। সততে চর্চাত নথকা, বন্দিত নােহােৱা এই প্রকৃত নায়কসকলৰ কথা লিখিত ৰূপত ভৱিষ্যতলৈ এই কামটোত নিজকে জড়িত কৰি ৰাখি আমি একধৰণৰ বুজাব নােৱৰা সুখানুভূতি লাভ কৰিছো। তেওঁলোকৰ কাহিনীৰ জৰিয়তে সেই সময়ৰ সন্ত্রাসজৰ্জৰ অসমৰ এখন জীয়া ছবিও ফুটি উঠিছে।

গ্ৰন্থখনত ৬১ গৰাকী দুর্জেয় চিপাহীৰ ৰোমহর্ষক কাহিনী বর্ণিত হৈছে। অৱশ্যে ইয়াত ‘চিপাহী’ শব্দটো বহল অর্থ ব্যৱহাৰ কৰা হৈছে। আমাৰ দৃষ্টিত ‘চিপাহী’ মানে কেৱল কনিষ্টবল নহয়। সেয়ে দুগৰাকীমান উচ্চপদস্থ আৰক্ষী বিষয়াৰ কাহিনীও ইয়াত সন্নিৱিষ্ট হৈছে। প্ৰকৃততে আমি প্রত্যেকেই একো একোগৰাকী চিপাহী। ইয়াত যিসকলক সামৰি লোৱা হৈছে, তেওঁলোক বর্তমান কর্মৰত হৈ আছে। অর্থাৎ, গুলী আৰু বোমাৰে আঘাতপ্রাপ্ত যিসকল ‘চিপাহী’য়ে বর্তমানে চাকৰি কৰি আছে, সেইসকলকহে ইয়াত সামৰি লোৱা হৈছে। কিন্তু কিতাপখনৰ পৰিকল্পনা কৰাৰে পৰা এইখন প্রকাশ হৈ ওলোৱালৈকে মাজৰ এই সময়খিনিত দুই-একে অৱসৰ গ্ৰহণ কৰাটো স্বাভাৱিক। এইক্ষেত্ৰত ড° ৱাই কে গৌতমৰ নামটো ল'ব পাৰি। অৱশ্যে বাকী ৬০ গৰাকীয়ে এই মুহূর্তত চাকৰি কৰি আছে। তদুপৰি এই তালিকাখনে এনেদৰে আঘাতপ্রাপ্ত হোৱা আৰু বর্তমান কর্মৰত হৈ থকা আটাইকে সামৰি লোৱা নাই। বিভিন্ন কাৰণত এই তালিকাৰ পৰা দুই-এক বাদ পৰিছে। সেয়ে, এই গ্রন্থত প্রতিনিধিত্বমূলকভাৱে ৬১ গৰাকী দুর্জেয় চিপাহীক সামৰি লোৱা হৈছে বুলি কলেহে অধিক সমীচীন হ'ব। অৱশ্যে এইটোও ঠিক যে এইক্ষেত্ৰত দুই-একহে বাদ পৰিছে। বেছিভাগ সন্নিৱিষ্ট হৈছেই।

অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্রকাশ কৰা এই গ্রন্থখন ক্ৰয় কৰাৰ বাবে এক মূল্য নির্ধাৰণ কৰা হৈছে আৰু এই মূল্যক আমি অৰিহণা হিচাপে গণ্য কৰিছো। সংগৃহীত ধনৰাশি এনে দুর্জেয় চিপাহীৰ কল্যাণৰ হকে খৰচ কৰা হ'ব।

হিমজ্যোতি দাস নামৰ কনিষ্টবলজনে বদলি স্থগিতকৰণৰ অনুৰোধ লৈ আমাৰ কাষলৈ অহা এবছৰো হোৱা নাই। এই কম সময়ৰ ভিতৰতে, প্রগতিশীল চিন্তা-চৰ্চাৰে আগুৱাই যোৱা অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাদেৱৰ সদিচ্ছাৰে এই দুর্জেয় চিপাহীসকলৰ বাবে আৰু এটা ডাঙৰ সিদ্ধান্ত লোৱা হ’ল। এই সিদ্ধান্ত ইতিমধ্যে কার্যকৰীও হৈছে। সেয়া হৈছে—পদোন্নতি। কৰ্মৰত হৈ থাকোতে আঘাতপ্রাপ্ত হোৱাটো চিপাহীসকলৰ দোষ নহয়। পিচে আঘাতপ্রাপ্ত হোৱা বাবেই ইমানদিনে তেওঁলােকৰ বেছিভাগৰে কোনো পদোন্নতি হোৱা নাছিল। কিয়নো পদোন্নতিৰ বাবে ‘প্রি প্রমোচন কেডাৰ কৰ্ছ কৰাটো বাধ্যতামূলক আছিল আৰু আঘাতপ্রাপ্ত হােৱা বাবে এই কৰ্ছ কৰাটো তেওঁলোকৰ বাবে যিহেতু সম্ভৱ নাছিল, সেয়ে পদোন্নতি নালাগে বুলি লিখি দিবলৈ বাধ্য হৈছিল। 

ইফালে পদোন্নতি নোহোৱাৰ ফলত দৰমহাও বঢ়া নাছিল। ইপিনে লগৰখিনিতো আগবাঢ়ি গৈছিলেই, বহুতৰে ক্ষেত্ৰত তেওঁলোকৰ পিচত চাকৰিত যােগ দিয়াসকলাে আগবাঢ়ি গৈছিল। এয়া আত্মসন্মানত লগা কথাই। পিচে তেওঁলােকৰ কোনো উপায়ো নাছিল। এইবাৰ এক যুগান্তকাৰী সিদ্ধান্তৰে এই দুর্জেয় চিপাহীসকলৰ ক্ষেত্ৰত ‘প্রি প্রমোচন কেডাৰ কৰ্ছ'ৰ নিয়মটো উঠাই দিয়া হৈছিল আৰু তেওঁলোকৰ পিচৰবাৰ চাকৰিত ভর্তি হােৱা জুনিয়ৰসকল বর্তমান কি পদবীত আছে সেয়া বিবেচনা কৰি, সেই পদবীৰ পৰৱর্তী পর্যায়লৈ তেওঁলোকক পদোন্নতি দিয়াৰ দিহা কৰা হৈছে। ফলত কোনো কোনোৱে দুই-তিনিটা জাঁপ মাৰি পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছে। আমি ভাবো, এইটোৱেই হৈছে আটাইতকৈ বেছি বাস্তৱিক পদক্ষেপ। দুর্জেয় চিপাহীসকলৰ বাবে এইখিনি কৰিবলৈ পাই আমি সুখী। কিয়নো, এনেধৰণৰ সাহস, ত্যাগ আৰু উৎসর্গীকৃত মনোভাবৰ বাবেই অসম আৰক্ষীয়ে আজি ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰিবলৈ সক্ষম হৈছে।
লেখক অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান। লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

No comments:

Post a Comment