চিন্তনঃ নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি :: ড° দীনেশ বৈশ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি  :: ড° দীনেশ বৈশ্য

চিন্তনঃ নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি :: ড° দীনেশ বৈশ্য

Share This

নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি

ড° দীনেশ বৈশ্য
RECENT,ARTICLE,DRDINESHBAISHYA,প্ৰৱন্ধ,ডঃ দীনেশ বৈশ্য, নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি ড° দীনেশ বৈশ্য

(১)

যৌনকৰ্মীৰ জীৱনকলৈ লিখা মোৰ উপন্যাস "নিষিদ্ধ প্ৰান্তৰ" উন্মোচন কৰি তেতিয়াৰ ৰাজ্যপাল প্ৰয়াত জানকী বল্লভ পাটনায়কে কৈছিল- যৌনকৰ্মী সকলৰ অধিকাৰ খৰ্ব কৰা হৈছে। কিন্তু ৩০ মে তাৰিখে ভাৰতৰ ন্যায়ালয়ৰ আঁত ধৰি এই বাতৰিটো প্ৰকাশ পাইছে ফেমিনা.ইনত।

"In a major development, the Supreme Court instructed the police not to intervene with or take criminal action against consensual sex workers. It stated that prostitution is a ‘profession’ and that sex workers have the right to dignity and equal legal protection.


The bench comprised of three judges led by Justice L. Nageswara Rao issued six directives to protect the rights of sex workers. The court stated, “Sex workers are entitled to equal protection of the law. Criminal law must apply equally in all cases on the basis of age and consent. When it is clear that the sex worker is an adult and is participating with consent, the police must refrain from interfering or taking any criminal action. It need not be gainsaid that notwithstanding the profession, every individual in this country has the right to a dignified life under Article 21 of the Constitution.”


এই ৰায়ৰ বাতৰিয়ে ইংগিত দিছে যেন, ভাৰতীয় উচ্চতম ন্যায়ালয়ে যৌনকৰ্মী সকলক কিছু অধিকাৰ প্ৰদান কৰিলে। তথাপিতো আমি বাস্তৱিক ভাৱে চালে বুজি পাওঁ যে, তেওঁলোকে ভালদৰে জীয়াই থকাৰ অধিকাৰ এতিয়াও পোৱা নাই।  সামাজিক অধিকাৰো পোৱা নাই। উচ্চতম ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনাৰ পাছত হয়তো এইসকল লোকৰ ওপৰত এতিয়া অযথা পুলিচী নিৰ্যাতন কমিব।

RECENT,ARTICLE,DRDINESHBAISHYA,প্ৰৱন্ধ,ডঃ দীনেশ বৈশ্য, নিষিদ্ধ প্ৰান্তৰঃ আধুনিক কাল, যৌনকৰ্মীৰ জীৱিকাৰ বিপন্নতা ইত্যাদি ড° দীনেশ বৈশ্য

যৌনকৰ্ম কৰি জীয়াই থকা সকলক বহুতে বেশ্যা বুলি কয়। তেওঁলোকৰ বৃত্তিটোক বেশ্যা বৃত্তি আৰু বহুতে দেহ ব্যৱসায় বুলিও কয়। চাবলৈ গলে, কিন্তু এইটো কোনো ব্যৱসায় নহয় জীৱিকা হে। জীয়াই থকাৰ বাবেই এই কাম কৰে। 


যৌনকৰ্ম পৃথিৱীৰ অন্যতম প্ৰাচীন বৃত্তি। ইতিহাস চাবলৈ গলে দেখা পাও যে, প্ৰাচীন ভাৰতবৰ্ষত যৌনকৰ্মী সকলক ৰাজকীয় মৰ্যাদা দিয়া হৈছিল । কিন্তু সেইটো ৰাজহুৱা সন্মান প্ৰদৰ্শন নে ৰাজনৈতিক ভাবে ব্যৱহাৰ কৰা হৈছিল সেইটোও এটা প্ৰশ্ন। কোৱা হয় আম্ৰপালী ভাৰতীয় ইতিহাস ৰ এগৰাকী সন্মানীয় যৌনকৰ্মী। আজিৰ তাৰিখত যৌনকৰ্মী সকলক বেয়া দৃষ্টিৰে চোৱা সকলে ইতিহাস ৰ এইসকল নাৰীৰ বিষয়ে জনা উচিত।


সেয়া খৃ:পূ:৫০০ৰ কথা। প্ৰাচীন ভাৰতবৰ্ষত এখন ৰাজ্য আছিল। নাম বৈশালী। এই ৰাজ্যত এগৰাকী অতি সুন্দৰী গাভৰু আছিল । নাম আম্ৰপালী। সেই সময়ত এক পৰম্পৰা আছিল। ৰাজ্যৰ আটাইতকৈ ধুনীয়া গাভৰু জনীৰ কোনো নিৰ্দিষ্ট এজন লোকৰ সৈতে বিবাহ হব নোৱাৰে। তেওঁ ৰাজ্য খনৰ সমূহীয়া সম্পদ। তেওঁ হ'ল নগৰবধু অৰ্থাৎ তেওঁ সকলোৰেই বোৱাৰী। আচলতে তেওঁ গণিকা। ৰাজ গণিকা।


তেওঁ যাকে ভাল পায় তাৰ লগতেই সংগ দিব পাৰে কিন্তু কোনো এজনৰ জীৱন সংগী হব নোৱাৰে। তেওঁ ৰাজ নৰ্তকী। ৰাজ গণিকা। তেওঁৰ সন্মান আছে। কিন্তু স্বাধীনতা নাই। ৰজাক ৰাজন্যবৰ্গক সন্তুষ্ট কৰা তেওঁৰ প্ৰাথমিক কাম। আম্ৰপালী ৰাজহুৱা নাৰী আছিল। কাৰণ তেওঁ আটাইতকৈ ধুনীয়া। এইগৰাকী প্ৰাচীন ভাৰতীয় সৌন্দৰ্য্যময়ী নাৰী যদিও ৰাজহুৱা নাৰী আছিল তেওঁ বিদুষী আৰু সৰ্বকলা বিশাৰদ আছিল। সেয়াই আছিল নাৰীৰ প্ৰতি ভাৰতীয় পৰম্পৰাৰ ধাৰণা তথা ব্যৱহাৰ। 


সেই পৰম্পৰা আজি নাই কিন্তু আজিৰ তাৰিখতো অগণন আম্ৰপালী আছে। তেওঁলোক ৰাজকীয় সন্মান বিহীন।তেওঁলোক দৰিদ্ৰ। তেওঁলোক বঞ্চিত। তেওঁলোক লাঞ্চিত। আজিৰ আধুনিক সমাজৰ আম্ৰপালী সকলৰ কাহিনী বৰ দুখৰ।

(২)

যৌনকৰ্মীৰ সৈতে আমাৰ অভিজ্ঞতাৰ কথা কিছু কব খুজিছো। 


সত্তৰৰ দশকৰ মাজভাগত শৈক্ষিক ভ্ৰমণলৈ গৈ বোম্বাই মহানগৰীৰ এখন পুৰণি হোটেলত আছিলোগৈ।আমাৰ লগৰ সকলে আৱিষ্কাৰ কৰিলে আমাৰ কোঠাটোৰ কাষৰ কোঠাটোত কেইগৰাকীমান যৌনকৰ্মী থাকে। তেতিয়া এই শব্দটো নাছিল। প্ৰস্টিটিউত বুলিয়েই কোৱা হৈছিল। কোঠা দুটাৰ মাজত এখন প্লাইউডৰ বেৰ আছিল। বেৰখনত বহুতো ফুটা আছিল। এই ফুটাৰে জুমি চালে ভিতৰখন দেখা যায়। কোঠাটোত এগালমান ছোৱালী আছিল। সিহতৰ চৰ্দাৰ আছিল এজনী শকত আবত মহিলা। তেওঁ চিগাৰেট আৰু পান খাই থকা দেখিছিলো। আমি মন কৰিছিলো তলত ৰাষ্টাত গাড়ীৰ হৰ্ণ বাজিলেই ওপৰৰ পৰা ছোৱালী ওলাই যায়। সিহঁতৰ লগত এজন পুৰুষ মানুহ থাকে। আমাৰ লগৰ এজনে কথা বিলাক আমাক বুজাই দিলে। বোম্বাইৰ সেই অঞ্চল টো ৰেড লাইট এৰিয়া অৰ্থাৎ ৰঙা পোহৰৰ এলেকাত পৰে। ৰঙা চাকি বা ৰেডলাইট এলেকা মানে সেইবিলাক ঠাই য'ত যৌনকৰ্মী সকল থাকে। জীৱনত প্ৰথম বাৰৰ বাবে যৌনকৰ্মী আৰু যৌনতাক জীবিকা কৰা লোক দেখিলো বোম্বাইত। শেহতীয়াকৈ বলিউডী চিনেমা 'গংগোবাই'ত এই সমাজখনৰ বিষয়ে বিশদ চিত্ৰায়ণ হৈছে।


পিছলৈ গুৱাহাটীৰ চিনেমা হল একাংশ ৰ ওচৰে পাজৰে ঘুৰি ফুৰা একাংশ নাৰীক সেই শ্ৰেণীৰ নাৰী বুলি বহুতে দেখুৱাই দিলে আৰু তেওঁলোককেই যৌনকৰ্মী বা তেতিয়া লৈ কৈ থকা প্ৰস্টিটিউত কেনেকুৱা জনা হলো। সুদীৰ্ঘ কাল ধৰি মই এটা এনজিঅৰ লগত গুৱাহাটীত জড়িত আছিলো। আমি প্ৰধানকৈ গাঁৱৰ খেতিয়ক আৰু শিপিনী সকলৰ লগতেই কাম কৰিছিলো যদিও আমাৰ সংস্থাৰ সদস্য এজনে এইডছ কন্ট্ৰোল বিভাগৰ প্ৰকল্প এটাত কাম কৰাৰ কথা কলে। আমি এটা প্ৰকল্পত কাম কৰিবলৈ ললো।


আমাৰ কামটো হল অসমৰ এখন সৰু টাউনত থকা যৌনকৰ্মী সকলক এইডছ ৰোগৰ বিষয়ে সচেতন কৰিব লাগে। টাউন খন মোৰ চিনাকি। প্ৰকল্পৰ টাৰগেট মতে তাত সেইখন টাউনত ৫০০ গৰাকী দেহোপজীৱিনী নাৰী আছে তেওলোকৰ সৈতে আমাৰ কাম। আমি প্ৰথমতে আচৰিত হৈছিলোঁ। ইমান সৰু টাউন খনত ৫০০ দেহোপজীৱিনী আছেনে? 


আমি তেওঁলোকৰ সৈতে কাম কৰি গম পালো এইখন এখন বিস্ময়কৰ পৃথিৱী। টাউনখনৰ মানুহে আমাক আমাৰ অফিচটো খুলিবৰ বাবে ভাৰাঘৰ দিব নোখোজে। কাৰণ হল তেওঁলোকৰ ভাৰা ঘৰলৈ কোনো যৌনকৰ্মী অহাটো নিবিচাৰে। তেওঁলোকৰ কথা হল তেওঁলোকৰ টাউনত কোনো যৌনকৰ্মী নাই। আমি টাউনখনৰ বদনাম কৰিব বিচাৰিছো। কিন্তু চৰকাৰী হিচাপ মতে তাতে ৫০০ যৌন কৰ্মী আছে। আমি যেতিয়া কাম আৰম্ভ কৰিলো তেতিয়া গম পালো সেই ঠাই বিলাকত ৫০০তকৈ বহুত বেছি যৌনকৰ্মী আছে।


আমাৰ এনজিঅৰ কৰ্মী সকলে মোক যৌনকৰ্মী থকা ঠাই বিলাকলৈ লৈ গল। তেওঁলোকৰ লগত চিনাকি হলো কথা পাতিলো। এক বিস্ময়কৰ অভিজ্ঞতা। মানুহ এনেকৈও জীয়াই আছে বিশ্বাস নহয়। মানুহৰ জীবিকা ইমান নিম্ন আৰু অসন্মান জনক ভাবিব নোৱাৰি। যৌন কৰ্মও বজাৰৰ দৰে দাম দৰ হয়।নগদ অথবা বাকীতো হয়। বাকী কৰা গ্ৰাহকক বিচাৰি যাব লাগে। সিও মাত্ৰ বাৰ পোন্ধৰ টকা। অৱশ্যে সেয়া কুৰি বছৰ আগৰ কথা।


এই বিষয়টোৱে মোক মগজুত কোবাই থাকিব ধৰিলে। এই সম্পৰ্কীয় কথা জানিবলৈ অধ্যয়ন আৰম্ভ কৰি গম পালো আমাৰ সমাজত পৃথিৱীৰ সকলো সমাজতে চলি থকা এইটো এটা অতি ভয়ানক কথা।


এবাৰ এই বিষয়ৰ এখন আন্তৰ্জাতিক ছেমিনাৰলৈ গলো। কলকাতাত হোৱা এই ছেমিনাৰলৈ গৈ ভাৰতবৰ্ষৰ এখন অন্যতম প্ৰাচীন ৰেড লাইট এৰিয়া সোণাগাচিলৈ যোৱাৰ সুবিধা পালো। সোণাগাচিলৈ গৈ তাৰ যৌনকৰ্মী সকলৰ লগত কথা হল। এক বিস্ময়কৰ অভিজ্ঞতা। সোণাগাচিৰ যৌনকৰ্মী সকলে মানব অধিকাৰৰ দাবীত আন্দোলন কৰিছে। তেওঁলোকে সংগঠন কৰিছে। তেওঁলোকৰ সংগঠনৰ মূৰব্বী ভাৰতীয় চিনেমা ৰ এগৰাকী জনপ্ৰিয় নায়িকা। তেওলোকৰ দাবী কৃত্ৰিম যৌনতা বা ভাৰ্চুৱেল তথা ডিজিটেল যৌনতাৰ ব্যৱস্থা বৃদ্ধি হোৱাৰ লগে লগে যৌনকৰ্মী সকলৰ জীৱিকাৰ অৱনতি ঘটিছে। তেওঁলোকৰ গ্ৰাহক কমিছে ফলত তেওলোকে জীয়াই থকাই অসম্ভৱ হৈছে। তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উথ্বাপন কৰিছে তেওঁলোকক জীৱন আৰু জীৱিকাৰ সুৰক্ষা লাগে।


এনেকুৱা আৰু বহুতো অভিজ্ঞতাৰ ভিত্তিত মই এখন উপন্যাস লিখিছিলো। উপন্যাসখন ধাৰাবাহিক ভাবে প্ৰকাশ হৈছিল দৈনিক জনমভূমি কাকতত। পিছত গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল চন্দ্ৰ প্ৰকাশে। উপন্যাস খনৰ নাম আছিল 'নিষিদ্ধ প্ৰান্তৰ'। মই ভাবো অসমীয়া ভাষাত এনেকুৱা এটা বিষয়লৈ উপন্যাস লিখা হোৱা নাই বা অতি নগণ্য সংখ্যকহে আছে।


সম্প্ৰতি কৰোণা মহামাৰীৰ সময়ত এইশ্ৰেণীৰ নাৰীৰ অৱস্থা অতি শোচনীয় হৈছে। এতিয়া তেওঁলোকৰ ওচৰলৈ কোনো গ্ৰাহক নাযায়। যোৱাটো সম্ভৱ নহয়। গতিকেই তেওঁলোকৰ কোনো উপাৰ্জন নাই। তেওঁলোকে এনেকুৱা পৰিবেশত জীৱন নিৰ্বাহ কৰে যে তাত স্বাস্থ্যসন্মত কোনো ব্যৱস্থা নাই। বিশেষকৈ মহানগৰীৰ বস্তি অঞ্চলত থকা যৌনকৰ্মী সকলৰ অৱস্থা অতি বেয়া। অমানবীয়।


সম্প্ৰতি নগৰ মহানগৰ ত যৌনকৰ্মক জীৱিকা হিচাপে লৈ চলি থকা বহুত নাৰী তেওঁলোকৰ পুৰণি গাৱলৈ ঘুৰি আহিছে। কিন্তু তাতো তেওঁলোকে সামাজিক অত্যাচাৰৰ চিকাৰ হৈছে। চৰকাৰী তথ্যমতে ভাৰতবৰ্ষত ৯লাখ পঞ্জীয়ন ভুক্ত যৌন কৰ্মী আছে। চৰকাৰী হিচাপৰ বাহিৰত আৰু বহুত যৌনকৰ্মী আছে বুলি চৰকাৰী স্বাস্থ্য বিভাগে কয়।


ভাৰতবৰ্ষত তৃতীয় লিংগৰ লোক প্ৰায় ৬৫হাজাৰ মান আছে বুলি চৰকাৰী তথ্যত আছে। তৃতীয় লিংগ অৰ্থাৎ পুৰুষ বা নাৰী নহয় তেনেকুৱা তৃতীয় লিংগৰ একাংশ লোকে যৌনকৰ্মী হিচাপে জীবিকা নিৰ্বাহ কৰে। মুঠ ভাৰতীয় তৃতীয় লিংগ জনসংখ্যা ৰ ৬২শতাংশ যৌনকৰ্মী। এই সকলো লোক এতিয়া সম্পূৰ্ণ ভাবে জীৱিকা বিহীন। তেওঁলোকৰ পুনৰসংস্থাপনৰ কোনো নিৰ্দিষ্ট কাৰ্য্যসূচী চৰকাৰৰ হাতত নাই। 


ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি যৌনকৰ্মীৰ সংস্থা দৰবাৰ মহিলা সমন্বয় কমিটিয়ে উচ্চতম ন্যায়ালয়লৈ পঠিওৱা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এইসকল লোকক খাদ্য যোগানৰ নিৰ্দেশ দিছে যদিও তেওলোক ক্ষুধাতুৰ। তেওঁলোক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত। তেওঁলোক সমাজৰ দৃষ্টিত চৰিত্ৰহীন। তেওঁলোক লাঞ্চিত। কিন্তু কোনে কৰিলে, তেওঁলোকক এনেকুৱা? আজিৰ সময়ত তেওঁলোকৰ সমূখত ভালদৰে জীয়াই থকাৰ সকলো পথ ৰুদ্ধ হৈ গৈছে। তেওঁলোক এইখন আধুনিক সমাজৰ ট্ৰেজেডী। কিন্তু এইখন সমাজৰে অংশ। কথাবোৰ আমি এৰাই চলিলে নহব, সেই কথাও কিন্তু নিশ্চিত।

লেখকৰ পূৰ্ব প্ৰকাশিত লেখা সমূহ পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DRDINESHBAISHYA

No comments:

Post a Comment