মনৰ কথাঃ কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন :: বিশ্বজিৎ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন  :: বিশ্বজিৎ বৰা

মনৰ কথাঃ কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন :: বিশ্বজিৎ বৰা

Share This

কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন

বিশ্বজিৎ বৰা

কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন  বিশ্বজিৎ বৰা, CANNES, XUKHDUKH

(১)

চিনেমাৰ জগতত Cannes Film Festival ৰ এটা সুকীয়া পৰিচয় আৰু গৌৰৱ আছে। তাতেই অসম বাসী ৰাইজৰ আৰ্শীবাদত যোৱা ২২ মে ২০২২ তাৰিখে Olymplia 7 থিয়েটাৰত আমাৰ কথাছবি 'বুম্বা ৰাইড' খন প্ৰদৰ্শিত হয়। আশা কৰা ধৰণে যিমান দৰ্শক, পৰিবেশক, বিক্ৰেতাৰ আশা কৰিছিলো, তেনে ধৰণে নহলেও আমাক এজন অষ্ট্ৰেলিয়া, 2 জন ভাৰতীয় পৰিবেশকে যোগাযোগ কৰিছে কিনিবৰ বাবে। যিহেতু আমি ইতিমধ্যে আমেৰিকা আৰু কানাডাৰ বজাৰত কথাছবি খন বিক্রী কৰিছোঁ সেইবাবে World Rights (আমেৰিকা আৰু কানাডা বাদ দি) বিক্রী কৰিব পাৰিলেই আমি সফলতা পাইছোঁ বুলি ভাবিম।

কাঁন চিনেমা মহোৎসৱ-২২ৰ অভিজ্ঞতা বনাম আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা অসমীয়া চিনেমাখন  বিশ্বজিৎ বৰা, CANNES, XUKHDUKH

Cannes এখন বিশাল সমুদ্ৰ। তাত নিজৰ অস্তিত্ব নিজৰ কামৰ লগতহে প্ৰতিফলিত হয়। এই বছৰত ভাৰতে CANNES মহোৎসৱত COUNTRY OF HONOR হিচাপে পাই যি কেইখন চিনেমা MARCHE DU FILM ত প্ৰদৰ্শনৰ বাবে আনিছে, সকলো খিনিয়েই খুব সুন্দৰ কথাছবি। তাৰ মাজতে আমাৰ বোম্বা ৰাইডে স্থান পোৱাটোতে আমি সন্তুষ্ট। পিছে নিজৰ কিছু অসন্তুষ্টি আমি I & B minister ( State)  এল মুৰোগণদেৱক ব্যক্ত কৰিছো। যেনে কিছু মিডিয়া, পৰিবেশক আৰু অনুষ্ঠানটো আৰু ভাল ধৰণে সুসম্পন্ন কৰাৰ যে থল থাকি গল, সেই কথাক লৈ। 


যিহেতু Cannes ৰ মূল চিনেমা শিতানত আমাৰ চিনেমা নাছিল, সেইবাবে RED CARPET ত উঠি খুব মিছা ঢোল পিটাৰ ধৃষ্টতা আমাৰ নাছিল। যোৱা ২১ মে তাৰিখে আমাৰ বন্ধু সদ্য নিৰ্মিত শ্যাম বেনেগাল দেৱৰ নতুন কথাছবি 'MUHIB' ৰ কাৰ্যবাহী প্ৰযোজক মুম্বাইৰ Satish Sharma ই আমাক RED CARPET ত কেনেকৈ যাব পাৰি সেই বিষয়ে অৱগত কৰিছিল সেই ঠাই খিনিৰ অফিচত গৈ। সেই সময়ত আছিল সকলোৰে মৰমৰ আইমি বৰুৱা আৰু লুইত কুমাৰ বৰ্মন। পিছে আমি ব্যক্তিগত ভাবে ৰেড কাৰ্পেটত উঠিব লাগিবই লাগে বুলিয়েই সেইয়া কৰা নাছিলো আৰু ইচ্ছা নাই বুলি কৈছিলো। কাৰণ বিশাল কনভয়ৰ মাজেৰে যেতিয়া বিশ্বত নাম উজ্জ্বল কৰা চেলিব্ৰিটী সকলে আহি মিডিয়াৰ আকৰ্ষণ কৰে, তাত আমি খোজ কাঢ়ি নিজকে কি বুলি পৰিচয় দিম? এজন চলচ্চিত্ৰ কৰ্মী হিচাপে অসম মুলুকৰ এটা ধূলিকনা যদিও মনৰ ভাৱ এয়াই যে ইয়াত খোজ কাঢ়িম যদিহে কেতিয়াবা এনে চিনেমা বনাই সগৌৰবে খোজ দিয়াৰ মাদকতা লব পৰাৰ সক্ষম হলে। 


অসমৰ পৰা অহা দলটোৰ আমন্ত্ৰণত এখন ছেমিনাৰত অংশগ্ৰহণ কাৰো। দেশ বিদেশৰ নির্মাতাই অসমলৈ আহি চিত্ৰগ্ৰহণ কৰিবলৈ কি কি সুবিধা লাভ কৰে তাক আমাৰ  ৮ (আঠ খন) খন চিনেমা নিৰ্মাণৰ অভিজ্ঞতা ব্যক্ত কৰো। 


সদৌ শেষত আমাৰ শ্ৰদ্ধাৰ মিডিয়াৰ প্ৰতি এটাই অনুৰোধ কিছু ভুল আৰু অতিৰঞ্জিত বাতৰিয়ে CANNES ফিল্ম ফেষ্টিভলৰ গৰিমা যাতে ম্লান নকৰে। কাৰণ অসমৰ বহু নিষ্ঠাৰে কাম কৰি থকা চলচ্চিত্ৰ কর্মীৰ বাবে Cannes অতিকৈ শ্ৰদ্ধাৰ আৰু সপোনৰ। ইয়াৰ যাত্রা অতিকৈ কঠিন। আজি মই ইয়াত এই বিশাল অনুষ্ঠানৰ প্ৰত্যক্ষ  হৈয়ো কৈছোঁ Cannes এটা আমাৰ বাবে আজিও সপোনহে। 

(২)

আমি যে এই ‘কাঁন’ ‘কাঁন’ লৈ চিঞঁৰি আছো, কাঁনলৈ গৈ ইটো কৰিছো, সিটো কৰিছো কৈ কৈ ৰাইজক বিভ্ৰান্তিত পেলাইছো, কিন্তু ভাল চিনেমা নিৰ্মানৰে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছো জানো? ভাল আৰু ৰাইজৰ মনোগ্ৰাহী চিনেমা নিৰ্মাণেৰে আমি কেনেকৈ শুদ্ধ পথৰে আমাৰ এই মুলুকৰ চিত্ৰ নিৰ্মাতা সকলে এদিন তালৈ গৈ অসমৰ নাম উজ্জলাব পাৰে তাৰহে প্ৰকৃত অৰ্থত চৰ্চা হব লাগে। কিন্তু দুখৰ বিষয় এটাৰ পিছত এটা বিভিন্ন বিতৰ্কই আমি ‘কাঁন’ ক এনে কৰি পেলাইছো যেন – ‘কাঁন মহোৎসৱ’ এতিয়া ভাতৰ লগত পানী খোৱা বস্তুহে! সেইয়া হব লাগে নে প্ৰকৃততে?  


নিশ্চয়কৈ নহয়! যি খন ‘কাঁন মহোৎসৱ’ত ভাৰতীয় কথাছবিয়ে বহু বছৰ ধৰি মুখ্য প্ৰতিযোগিতাত সোমাবলৈ সক্ষম হোৱা নাই, সেই ‘কাঁন মহোৎসৱ’ তে আজিৰ পৰা প্ৰায় ৩৪ বছৰ আগতে এখন অসমীয়া কথাছবিয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইয়ো তাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল! সেই কথা বহু আগতেই জানো যদিও আজি এই সময়ত উল্লেখ কৰিছো যাতে এই কথাই আমাৰ উঠি অহা বহুতকে প্ৰেৰণা আৰু উৎসাহিত কৰাই নহয় সপোন দেখিবলৈও উদগনি দিব। সেইয়া হ’ল আমাৰ গৌৰৱ, World Cinema ৰ উজ্জ্বল তাৰকা, পদ্ম-ভুষন জাহ্নু বৰুৱা ছাৰে ১৯৮৮ চনতে ‘হালধীয়া চৰায়ে বাওধান খায়’ কথাছবিৰ বাবে ‘কাঁন মহোৎসৱ’ ৰ ‘UN CERTAIN REGARD’ শিতানত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰন পোৱা পিছতো প্ৰত্যাখ্যান কৰিছিল। কিন্তু কিয়? কথাখিনি জনাব বিছাৰিছো।


জাহ্নু বৰুৱা ছাৰে ১৯৮৮ চনত নিৰ্মাণ কৰা ‘হালধীয়া চৰায়ে বাওধান খায়’ খনে প্ৰথম ‘ইন্দিয়ান পেনোৰামা’ ত নিৰ্বাচিত হৈ কেৰেলাৰ ‘চিনেমা মহোৎসৱ’ত প্ৰদৰ্শন হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা। সেই সময়ত পৃথিৱীৰ বিভিন্ন বিখ্যাত চলচ্চিত্ৰ মহোৎসৱৰ ‘CURATOR’ অথবা ‘PROGRAMMER’ আহিছিল সেই মহোৎসৱলৈ। কথাছবি খন চাই পৃথিৱীৰ অন্যতম বিখ্যাত ‘লোকাৰ্নো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বাবে পোনচাতেই নিৰ্বাচিত কৰিছিল মুল প্ৰতিযোগিতা শিতানত। সেই কেৰেলাৰ চিনেমা মহোৎসৱতে আন এখন উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱ ‘SYDNEY INTERNATIONAL FILM FESTIVAL’ ৰ ‘SELECTION COMMITTEE’ ৱেও ‘হালধীয়া চৰায়ে বাওধান খায়’ খন মূল প্ৰতিযোগিতা লৈ নিৰ্বাচিত কৰিছিল। কিন্তু যিহেতু ইতিমধ্যে জাহ্নু বৰুৱা ছাৰে ‘লোকাৰ্নো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ ত ‘INTERNATIONAL PREMIERE’ৰ বাবে কথা দিছিল সেইবাবে ‘ছিডনী’ ৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। কিন্তু ‘ছিডনী’ আৰু ‘লোকাৰ্নো’, দুয়োখন মহোৎসৱৰ ‘ফেষ্টিভেল ডিৰেক্টৰ’ৰ মাজত সু-সম্পৰ্ক আছিল বাবে দুয়োৰে বুজাবুজিত দুয়োখন মহোৎসৱতে ‘হালধীয়া চৰায়ে বাওধান খায়’ দেখুৱাবলৈ সক্ষম হৈছিল। তাৰ মাজতে জাৰ্মেনীৰ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱ ‘ফিল্ম ফেষ্টিভেল মেনহেইম গম্ভ’ই ‘হালধীয়া চৰায়ে বাওধান খায়’ খনক তৃতীয় বিশ্বৰ চিনেমা শিতানৰ মূল প্ৰতিযোগিতাত ৰাখিছিল আৰু ‘শ্ৰেষ্ঠ চিনেমা’ৰ বঁটাটি দিবৰ বাবে একপ্ৰকাৰ ঠিৰাং কৰিছিল কিন্তু আশ্বৰ্যজনক ভাবে জাহ্নু বৰুৱা ছাৰে সেই প্ৰস্তাবটি গ্ৰহণ নকৰিছিল আৰু কাৰন দেখাইছিল যে – সাহিত্য – সংস্কৃতি – চলচ্চিত্ৰৰ লগত কোনো প্ৰথম বিশ্ব বা তৃতীয় বিশ্বৰ কথা নাহে।


১৯৮৮ চনতে জানুৱাৰী মাহৰ পৰা ‘কাঁন চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিনিধিয়ে’ আহি মুম্বাইত (তেতিয়া বোম্বাই) বাহৰ পাতিছিল আৰু NFDC সহযোগত কিছু চিনেমা সেই বছৰৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ বাবে প্ৰাথমিক ভাবে নিৰ্বাচিত কৰি কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মুখ্য বিছাৰক মণ্ডলীৰ বাবে প্ৰেৰণ কৰে ভাৰতৰ পৰা। তাৰ ভিতৰত অন্যতম আছিল – জাহ্নু বৰুৱা ছাৰৰ ‘হালধীয়া চৰায়ে বাওধান খায়’। কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মুখ্য বিছাৰক মণ্ডলীয়ে ‘হালধীয়া চৰায়ে বাওধান খায়’ চাই অভিভূত হয় যদিও মূল প্ৰতিযোগিতাত নেৰাখি তেওঁলোকৰ অন্য এটি শিতান ‘UN CERTAIN REGARD’ বাবে কথাছবিখন নিৰ্বাচিত কৰে। কিন্তু ‘UN CERTAIN REGARD’ শিতানটোত মাত্ৰ ‘CRITICS AWARD’ৰ হে প্ৰযোজ্য আছিল। জাহ্নু বৰুৱা ছাৰে সেই শিতানত কথাছবিখন দেখুৱাবলৈ আগ্ৰহী নাছিল বৰঞ্চ মূল প্ৰতিযোগিতাৰ বাবেহে আছিল।  


যিহেঁতু ‘লোকাৰ্ন আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ’ মহোৎসৱৰ মুল প্ৰতিযোগিতাত ইতিমধ্যে অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল সেইবাবে CANNES ৰ সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰে! CANNESৰ কৰ্তৃপক্ষ্যই এই কথাত তেখেতক বেয়া পাইছিল। অবশ্যেই তেখেতে পুনৰ বাৰ বিবেচিত কৰিবৰ থল থাকিলহেতেঁন আৰু ‘লোকাৰ্ন আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ’ মহোৎসৱৰ পৰা কথাছবি খন WITHDRAWL কৰিলেহেতেঁন যদিহে CANNES য়ে মূল প্ৰতিযোগিতাত ‘হালধীয়া চৰায়ে বাওধান খায়’ ৰাখিলেহেতেঁন। কিন্তু সেইয়া নহল। পৰবৰ্তী সময়ত ‘হালধীয়া চৰায়ে বাওধান খায়’ কথাছবিয়ে ‘লোকাৰ্ন আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ’ মহোৎসৱত চাৰিটা শীৰ্ষ পুৰস্কাৰ লাভ কৰি সমগ্ৰ বিশ্বতে এখন ‘MASTERPIECE’ কথাছবি  পৰিগনিত হয়। ‘হালধীয়া চৰায়ে বাওধান খায়’খন অসমৰ কথাছবি ইতিহাসত অন্যতম সৰ্ব শ্ৰেষ্ঠ কথাছবি হিচাপে স্বীকৃতি লাভ কৰিলে।


তেখেতৰ যি চিনেমা সাধনা আৰু ঊৰ্ধমুখী বহল চিন্তা ধাৰা সেই আদৰ্শৰে আগুৱাই গলে নিশ্চয় আজি নতুন প্ৰজন্মই আমাৰ চিনেমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব।

সংযোজন:

আমাৰ দৰে দেশত আজি চিনেমা চর্চাৰ দিশবোৰ ইমান তললৈ গল, তাকে ভাবিয়েই লাজ লাগে। আজিৰ দিনত বাহিৰত আমাৰ আধা খুন্দিয়া বিশেষজ্ঞ সকলে বৰাক, ব্ৰহ্মপুত্ৰ, ৰংঘৰ, কাৰেং ঘৰ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ পৰা ভূপেন হাজৰিকালৈকে নামবোৰ উল্লেখ কৰিবলৈ নেপাহৰে, কিন্তু এই মহান শিল্পী সকলে কৰি থৈ যোৱা আমাৰ চহকী ভৰাঁলটোত প্ৰকৃততে কেৰোণ লগাইছে কোনে? আমি কম সেই সকলে, যিসকলে চৰকাৰী মহিমাৰে মহিমান্দিত হৈ গুৰু গোঁসাই নমনা হৈ চিনেমা শিল্পক এটা বেলেগ দিশলৈ লৈ গৈ আছে। 

প্ৰকৃত অৰ্থত চিনেমাৰ গুণগান গাইছোঁনে? Low Category Mileage কেনেকৈ পাব পাৰি  তাৰেই দিন চলিছে এতিয়া। এটা অনুভৱৰে সামাৰনি মাৰিম – ‘বোম্বা ৰাইড’ আজি ‘কাঁনৰ’ মুল শিতানতেই হওঁক ‘মাৰ্কেট’ শিতানতেই যাওঁক, যিহেতু ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত কথাছবি বোৰৰ মাজত এখন আছিল আৰু খবৰটো যেতিয়া ৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ পালে তেতিয়া সেই কথাটোৰ বাখ্যা ইমানেই বেয়াকৈ চৰ্চা হ’ল, সেইয়াই মানসিক ভাবে ভাঙি পেলালে। আনকি – আমাৰ ৰাজ্যৰে বহু সংখ্যক মেডিয়াই হওঁক, অন্যই হওঁক সকলোৱেই এটাই সুধিছিল – ‘সচাঁই কাঁনলৈ গৈছে নে, বাহিৰত আছে নে ভিতৰত আছে, সত্য নে অসত্য ইত্যাদি ইত্যাদি বোৰে! ইমান সন্দেহ! ইমান বছৰ কাম কৰি থকা আমাৰ কথাক এনেদৰেই লয়?  পৰবৰ্তী সময়তো সেই চিনেমা খনৰ গুণ গান নহ’ল কিন্তু বিভিন্ন বিতৰ্কৰে আমি কাঁনক ৰাতিটোৰ ভিতৰতে ইমানেই সস্তীয়া কৰিলো – তাক বুজাবলৈ ভাষাৰ অভাৱ’! য়ি কি নহওক – ভাবিবলৈ বাধ্য হৈছো যে - যি খন দেশত এটা চিনেমাৰ আৰ্কাইভ ভাল ধৰণেৰে প্ৰতিস্থিত হোৱা নাই আজিলৈকে বা বনোৱাৰ আগ্ৰহ দেখা নাই, সেই দেশৰ চৰকাৰী বিষয়ববীয়া বা প্ৰতিনিধি বুলি ৫ জন নেলাগে গোটেই চৰকাৰ খন ‘কাঁন’ লৈ গলেও অসমীয়া চিনেমাৰ যাত্ৰা খুব সোনকালে সুদূৰপ্ৰসাৰী হ'ব বুলি মনে নধৰে।

লেখক আঠখনকৈ চিনেমা নিৰ্মাণৰ অভিজ্ঞতা সম্পন্ন তথা বোম্বা ৰাইড চিনেমাৰো পৰিচালক। লেখকৰ প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/biswajeet-bora

No comments:

Post a Comment