বুকাৰ বিজয়ী ‘গীতাঞ্জলি’ৰ কথাৰে...
কুমাৰ নৱজ্যোতি
এৰা! ‘গীতাঞ্জলি’ৰ কথাই ক’বলৈ ওলাইছোঁ। অৱশ্যে, ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত ভাৰতবৰ্ষলৈ ন’বেল বঁটা প্ৰাপ্তিৰ প্ৰথম গৌৰৱ কঢ়িওৱা ‘গীতাঞ্জলি’ শীৰ্ষক কাব্যগ্ৰন্থখনৰ কথা ক’ব খোজা নাই। সম্প্ৰতি চৰ্চাত থকা আৰু প্ৰথমবাৰৰ বাবে ‘ৰেত সমাধি’ গ্ৰন্থৰ বাবে ইয়াৰ ইংৰাজীলৈ ডেইজী ৰকৱেলে কৰা ভাষান্তৰিত ৰূপ ‘Tomb of Sand’ৰ মাধ্যমত প্ৰথমবাৰৰ বাবে ভাৰতীয় সাহিত্যৰ বাবে প্ৰখ্যাত ‘বুকাৰ প্ৰাইজ’ কঢ়িয়াই অনা হিন্দী সাহিত্যৰ প্ৰখ্যাত লেখিকা গীতাঞ্জলি শ্ৰীৰ বিষয়েহে আলোচনা কৰিব বিচাৰিছোঁ। অনিসন্ধিৎসু পাঠকে এতিয়ালৈ নিশ্চয় বুজি উঠিছেই!
বিভিন্ন মাধ্যমত পঢ়ি-শুনি, বুজি পাৰ্থক্য এটাৰ কথা অৱশ্যে পোনচাটেই অনিসন্ধিৎসু পাঠকে এতিয়ালৈ নিশ্চয় বুজি উঠিছেই মনলৈ আহিছে। সেইটো হ’ল ৰবীন্দ্ৰনাথে ‘গীতাঞ্জলি’ৰ বাবে ন’বেল লাভ কৰোঁতে ভাৰতবৰ্ষৰ সৰ্বস্তৰৰ লোক উৎফুল্লিত হৈছিল। বিপৰীতে, যদিও দুয়োটা পুৰস্কাৰ পৃথক(অৱশ্যে প্ৰখ্যাত); তৎসত্বেও নিৰ্দিষ্ট গ্ৰন্থৰ বাবে আমাৰ গৌৰৱ হিন্দী ভাষাৰ যশস্বী সাহিত্যিকগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বঁটাটো প্ৰাপ্তিৰ বাবে এই লেখা যুগুতোৱাৰ পৰলৈকে আমাৰ বহু ৰাজনেতাৰে সৌজন্যতা প্ৰদৰ্শন কৰি সামান্য অভিনন্দন বাৰ্তা এটা জনোৱাৰো আহৰি পৰিলক্ষিত হোৱা নাই।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁলোকৰ প্ৰাক্তন বিদ্যাৰ্থী হিচাপে লেখিকাগৰাকীক তেওঁৰ প্ৰাপ্তিৰ বাবে জনোৱা অভিনন্দন দেশৰ বৌদ্ধিক মহলৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ স্বীকৃতি বুলিয়েই মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। হিন্দীত লিখিলেহে আমাৰ সাহিত্য বিশ্বব্যাপ্ত হ’ব বুলি সততেই এক বিশেষ মহলৰ একাংশ লোকে দাবী কৰিব খোজে (যদিওবা ইংৰাজীলৈ অনুবাদৰ মাধ্যমতহে এই বঁটাৰ বাবে মনোনয়ন সম্ভৱ হৈছে) যদিও অজ্ঞাত কাৰণত সেই হিন্দী ভাষাত লিখিয়েই প্ৰখ্যাত বুকাৰ প্ৰাইজ প্ৰথমবাৰৰ বাবে আমাৰ দেশৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই অনা গীতাঞ্জলিক একাংশ লোকে গুৰুত্ব দিব নোখোজাটো দুৰ্ভাগ্যজনক। কথাই কথাই হিন্দী ভাষাক এক প্ৰকাৰ জোৰ কৰিয়েই ৰাষ্ট্ৰভাষা কৰিব খোজা একাংশৰে আকৌ হিন্দী ভাষাৰ সাহিত্যৰ এই মহৎ প্ৰাপ্তিত উল্লাস প্ৰকাশত ইমান হোঁহকা-পিছলাই বা কিয়!! ভাবিলে মোৰো আচৰিত লাগে। গীতাঞ্জলি নাৰী হোৱাটোৱেই তাৰ কাৰণ? নিশ্চয় তেনে নহয়! গীতাঞ্জলি শ্ৰীৰ দৰে প্ৰাণৰ সাহিত্যৰ যথাৰ্থ স্ৰষ্টা এগৰাকীৰ বাবে এইবোৰ কথা বিচাৰ্যও নহয়। প্ৰকৃত পাঠক, সমালোকৰ অভিনন্দন, সঁহাৰি তেওঁ উভৈনদীকৈ পাইছে।গীতাঞ্জিলৰ মতে, যদিহে ক’ৰবাত সীমা আছে, তাক অতিক্ৰম কৰাটোও জৰুৰী৷ বিভিন্ন ভাৰতীয় আঞ্চলিক ভাষাৰ লেখকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হোৱা যশস্বী লেখিকাগৰাকীয়ে নতুন লেখকসকলক কিবা প্ৰাপ্তি হওকেই বা নহওকেই, নিৰন্তৰ লিখি যোৱাৰ বাবে আহ্বান জনাইছে৷
কিন্তু, সুযোগ এটা পালেই অভিনন্দনৰ বৰষা বোওৱা আমাৰ ক্ষমতাশালী ৰাজনীতিক একাংশই বা চৰকাৰীভাৱে তেওঁক উৎসাহিত কৰাত ইমান উৎসাহৰ অভাৱ কিয়, ইমান পলম কিয়! দেশৰ একাংশ সংবাদ-মাধ্যম তথা সংবাদ মাধ্যমত আলোচিত এইবোৰ আমাৰ মনতো উদ্ৰেক হোৱা প্ৰশ্ন। কথা হ’ল ৰাজকীয়ভাৱে বা ৰাজকীয় ধৰণেৰে আমি ভাৰতীয় সাহিত্যৰ বুলিয়েই হওক বা গীতাঞ্জলি শ্ৰীৰ বুলিয়েই হওক, এই বিজয় উদযাপন কৰিলোঁৱেই বা নকৰিলোঁৱেই; সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ’ল ভাৰতীয় সাহিত্যৰ বাবে কাৰ্যতঃ এয়া এক বৃহৎ প্ৰাপ্তি, আমাৰ সাহিত্যৰ বাবে এয়া এক বৃহৎ শক্তি আৰু¸ সাৰ্বিক ৰূপৰ আৰু শক্তিশালী প্ৰাণৰ সাহিত্যই যে বিশ্বৰ প্ৰতিগৰাকী সচেতন পাঠকৰ হূদয় আৰু মগজু প্ৰক্ষালন কৰি যথাৰ্থতেই কেথাৰচিছেৰে আমাক পুনঃজীৱন প্ৰদান কৰিব পাৰে আৰু সেই ক্ষেত্ৰত যে ভাৰতীয় সাহিত্য অতি সফল; সেই কথাও গীতাঞ্জলিৰ সৃষ্টি এই হিন্দী উপন্যাসখনৰ জৰিয়তে, ডেইজী ৰকৱেলৰ ইংৰাজী অনুবাদৰ জৰিয়তে পুনৰবাৰ প্ৰমাণ হৈছে। পুৰুষতান্ত্ৰিকতা, সাম্প্ৰদায়িকতাকে ধৰি বিভিন্ন বিষয় যিদৰে বৰ্ষীয়ান লেখিকা গীতাঞ্জলি শ্ৰীয়ে তেওঁৰ সৃষ্টিত যোৱা দশকবোৰত প্ৰতিফলিত কৰি আহিছে, যিসমূহে হয়তোবা কোনোবা শক্তিশালী পক্ষৰ ৰাজনৈতিক আদৰ্শৰ সৈতে সহাৱস্থান নকৰে, সেইবাবেই গীতাঞ্জলিক উদ্গনি জনোৱাৰ ক্ষেত্ৰত আমাৰ একাংশ ৰাজনীতিক নিস্প্ৰভ নে কি বাৰু!! গীতাঞ্জলি শ্ৰীৰ প্ৰায় দুই দশক আগেয়ে প্ৰকাশিত বহুচৰ্চিত উপন্যাস ‘হমাৰা চহৰ উস্ বৰস্’ত বৰ্ণনা কৰা হৈছে বাবৰি মছজিদ ধবংস, পৰৱৰ্তী সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা। ধৰ্মনিৰপেক্ষতা, নৈতিকতাৰ দৰে কথাবোৰ এনে পৰিস্থিতিত কোনো কোনো পক্ষৰ বাবে মাথোঁ একো একোটা সাধাৰণ শব্দ হৈ পৰাৰ কথা গীতাঞ্জলিয়ে স্থানবিশেষত লিখিছে। হিন্দী তথা উৰ্দু সাহিত্যৰ প্ৰগতিশীল ধাৰাৰ বাটটোৰে যাত্ৰা কৰা লেখিকাগৰাকীৰ সৃষ্টিত নৰ-নাৰীৰ প্ৰেমৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন বাস্তৱ সংকটৰ জীৱন্ত, নির্মম পৰিস্থিতিৰ বৰ্ণনা সুলভ।
বহুচৰ্চিত উপন্যাস ‘ৰেত সমাধি’ৰ বাবে ২০২২ বৰ্ষৰ ‘আন্তৰ্জাতিক বুকাৰ বঁটা’ বঁটা প্ৰাপ্ত গীতাঞ্জলি শ্ৰীৰ আন চাৰিখন উপন্যাস হ’লঃ ‘মাই’, ‘হমাৰা চহৰ উস্ বৰস’, ‘তিৰোহিত’ আৰু ‘খালী জগহ’। তদুপৰি, ‘বৈৰাগ্য’, “মাৰ্চ, মা অউৰ চাকুৰা’, “য়হাঁ হাথী ৰহতে থে’” আৰু “প্ৰতিনিধি কহানিয়াঁ’ তেওঁৰ প্ৰকাশিত গল্প-সংকলন। ‘বিটুইন টু ৱৰ্ল্ডচঃ এন্ ইন্টেলেক্চুৱেল বায়’গ্ৰাফী অৱ প্ৰেমচান্দ’ তেওঁৰ প্ৰকাশিত গৱেষণা-গ্ৰন্থ। হিন্দী আৰু ইংৰাজী উভয় ভাষাতে সাহিত্যভিন্ন লিখা-মেলাৰ চৰ্চাতো ব্যস্ত থকা লেখিকাগৰাকীৰ সৃষ্টিৰাজি বিভিন্ন ইউৰোপীয় তথা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। ‘বুকাৰ প্ৰাইজ’ৰ উপৰি ‘বনমালী ৰাষ্ট্ৰীয় বঁটা’, ‘কৃষ্ণ বলদেৱ বৈদ পুৰস্কাৰ’, ‘কথা য়ু.কে’ সন্মান’, ‘হিন্দী অকাদেমি সাহিত্যকাৰ সন্মান’ তথা ‘দ্বিজদেৱ সন্মান’ আদি তেওঁ এই পৰ্যন্ত সাহিত্যচৰ্চাৰ বাবে লাভ কৰা অন্যান্য সন্মান তথা বঁটাসমূহৰ মাজত উল্লেখনীয়। স্কটলেণ্ড, চুইজাৰলেণ্ড, জাৰ্মানী, আইচলেণ্ড, ফ্ৰান্স, কোৰিয়া, জাপান আদি বিভিন্ন দেশ লেখিকাগৰাকীয়ে এতিয়ালৈকে ফেল’শ্বিপ প্ৰাপ্তি অথবা আন বিভিন্ন সুবাদত ভ্ৰমণ কৰিছে। বুকাৰ প্ৰাইজ লাভ কৰা তেওঁৰ আলোচ্য উপন্যাসখন ২০২১ বৰ্ষত বিখ্যাত Emile Guimet Prize ৰ বাবেও চূড়ান্ত তালিকাভুক্ত হৈছিল। যি হওক, বুকাৰ বঁটাপ্ৰাপ্ত গীতাঞ্জলিৰ উপন্যাসখনৰ উপস্থাপন ৰীতিও আকৰ্ষণীয় বুলি চৰ্চিত হৈছে। আমাৰ দৰে বহুতো পাঠকে গ্ৰন্থখনৰ বিষয়ে ‘বুকাৰ প্ৰাইজ’ৰ বাবে মনোনীত হোৱাৰ পৰাই শুনি আছিলোঁ যদিও শেহতীয়াকৈহে পঠন আৰম্ভ কৰাৰ সৌভাগ্য হৈছে।
“এটা কাহিনীয়ে নিজেই নিজক ক’ব। এটা নিখুঁত কাহিনী, অসম্পূৰ্ণও ; কাহিনীবোৰৰ গতি-বিধি যেনে ধৰণৰ, ঠিক তেনে। হূদয়স্পৰ্শী কাহিনী। কাহিনীটোত সীমান্তৰ কথা আছে আৰু আছে কেইবাগৰাকীও নাৰীৰ কথা, ঠিক ৰেম্পৰ দৰে-- যিসকলৰ অহা-যোৱা চলি থাকে। নাৰী আৰু সীমান্তৰ সৈতে কাহিনীটো নিজে নিজেই নিৰ্মাণ হৈ পৰে। আনকি, নাৰীগৰাকী নিজেও কাহিনী হৈ পৰে। কাহিনীটো সুগন্ধিৰে ভৰা। আকৌ য’তে বতাহ বলে, ত’তেই কাহিনী উৰে। অংকুৰিত ঘাঁহে যিদৰে নিজকে বতাহৰ দিশলৈ গতি কৰোৱায়, সেই ক্ষেত্ৰতো আৰু অস্তগামী সূৰুযেও কাহিনীত বিভিন্ন দীপ জ্বলাই মেঘৰ ওপৰেৰে খোজ কাঢ়ে আৰু এই সকলোবোৰ গাঁথা মিলি যায়। পৰিক্ৰমা আগ বাঢ়েহে, সোঁফালটো বাঁওফাল হৈ যায, ভাঁজ লয়, যেন ক’ত থমকিব তাৰ কোনো হুঁচ নাই আৰু সকলোবোৰ আৰু যিকোনো কাহিনী শুনাবলগীয়া হয়গৈ। জ্বালামুখীৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি, নিশব্দে পৰিপূৰ্ণ হৈ, ভাপ আৰু অঙঠা তথা ধোঁৱাৰে বিস্ফোৰিত এক অতীত।”
সংশ্লিষ্ট উপন্যাসখন এনে ধৰণেৰেই আৰম্ভ হৈছে। প্ৰাৰম্ভৰ এই দেশ বিভাজন, সাম্প্ৰদায়িক সংঘৰ্ষ, নাৰীৰ জীৱন-গাঁথা, তথাকথিত সভ্য সমাজক লৈ সততে সৰৱ গীতাঞ্জলি শ্ৰীৰ দৰে লেখক-লেখিকাসকলেই কাৰ্যতঃ সাম্প্ৰতিক সময়ছোৱাত হিন্দী তথা ভাৰতীয় সাহিত্যলৈ নতুনৰ সঞ্জীৱনী শক্তি কঢ়িয়াই আনিছে। নিজকে প্ৰাণৰ সাহিত্যৰ, মানৱীয় সাহিত্যৰ যথাৰ্থ পাঠক বুলি বিশ্বাস কৰাসকলে নিশ্চিতভাৱে এই ধৰণৰ সৃষ্টিত চকু ফুৰোৱাৰ প্ৰয়াস কৰিবই বুলি মই নিশ্চিত। নিৰ্দিষ্ট প্ৰপাগাণ্ডাৰে, কেৱল তথ্যৰ নামত তথ্যৰ সমাহাৰেৰে জোৰ কৰি ‘প্ৰাণৰ সাহিত্য(!)ৰ সৃষ্টি কৰি ইতিহাসৰ সোঁত সলোৱাৰ প্ৰয়াস কোনো পক্ষই কৰিলেই, কাৰ্যতঃ সেয়া যে খৰস্ৰোতা নদীত বালিৰ বান্ধৰ দৰেহে, সেই কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ।
আহক, গীতাঞ্জলি শ্ৰীৰ এই প্ৰাপ্তিক ভাৰতীয় সাহিত্যৰ বাবে; আমাৰ সমাজৰ বাবে, আমাৰ পাঠকৰ বাবেও এক পৰম প্ৰাপ্তি বুলি অন্ততঃ আমি উদ্যাপন কৰোঁহক!
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/Kumar_Navajyoti
No comments:
Post a Comment