নতুন অসমীয়া চিনেমা ‘এমুঠি পুঠি’ এতিয়া ছবিগৃহত। কুলনন্দিনী মহন্তৰ পৰিচালনা আৰু সুনয়না দত্তৰ সহযোগী পৰিচালনাত নিৰ্মিত অসমীয়া কথাছবিখনৰ কাহিনী ‘কথানদী’, ‘আমিষ’ চিনেমাৰ পৰিচালক, নিৰ্মাতা ভাস্কৰ হাজৰিকাৰ।
ভাস্কৰ হাজৰিকাৰ সৈতে ব্যক্তিগত ভাৱে মুখামুখি হৈছিলো মুম্বাইত ফিল্ম ফেষ্টিভেলত ‘কথানদী’ চিনেমাৰ প্ৰদৰ্শনৰ পাছত দৰ্শকৰ সৈতে অন্তৰংগ আলাপৰ সময়কনত। সেই সময়তে ষ্টাইলিচ পৰিচালক গৰাকীৰ মনৰো যে এক বিশেষ শৈলী আছে বুজিব পাৰিছিলো, কাৰণ কথানদীত তেওঁ চাৰিটাকৈ সৰু কাহিনীক নিটোলভাৱে এডাল সূতাৰে বান্ধি পেলাইছিল। তাৰ পাছত ‘মিট-ক্লাৱ’ৰ ধাৰণাৰে আমিষ! তেখেতৰ প্ৰযোজনা সংস্থাটিৰ নামেই হৈছে Metanormal. মুঠতে স্বাভাৱিক চিনেমাৰ গণ্ডীৰ বাহিৰত এটি এক্সট্ৰাঅৰ্ডিনেৰী সংযোজন এই সংস্থাৰ প্ৰযোজিত চিনেমাৰ অন্যতম বৈশিষ্ট্য। বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত এই সৃষ্টিবোৰৰ যোগেদি অসমীয়া চিনেমাৰ ধ্বজ উৰুৱাই অহাৰ বাবেই এই প্ৰযোজনা সংস্থা তথা কলা-কুশলী সমূহৰ সৃষ্টিৰ প্ৰতি দৰ্শকৰ এটি আগ্ৰহ আছেই।
হয়, আমিষত মাংস, আৰু এইবাৰ মাছ! ভাস্কৰ হাজৰিকাৰ এই কাহিনীৰ উপজীব্য মাছক কেন্দ্ৰ কৰিয়েই। অসমীয়া জনজীৱন-সংস্কৃতিত থলুৱা মাছৰ প্ৰতি এৰাব নোৱাৰা আগ্ৰহ যেন কাহিনীৰ সূত্ৰধাৰ!চিনেমাখন চায়েই মাতৃলৈ ফোন কৰিলো, যেন প্ৰতিভা চৌধুৰীয়ে অভিনয় কৰা আইতাৰ চৰিত্ৰটিত কৰবাত নিজৰ মাৰ প্ৰতিচ্ছবিহে জিলিকি উঠা দেখিবলৈ পালো। এগৰাকী নাৰী, যাৰ জীৱনৰ আদিপাঠ মাছখোৱা নামৰ মাছৰ বাবে বিখ্যাত ঠাইখনিত। শৈশৱৰ বুকুত লাইপুলীয়া নদী, তাৰ পাৰৰ বিল, পুখুৰীত উজান উঠা মাছৰ খলকনিয়ে পূৰ হৈ থকা স্মৃতিৰ বৰপেৰাখন লৈ ফুৰা মাৰ মুখত সেই যুগৰ বিশাল বৰালী, চিতল, বামি, পাভৰ কাহিনী কথাই কথাই। সেই দিনবোৰৰ উভৈনদীৰ তুলনাত আজিৰ তাৰিখৰ চালানী আৰু পুখুৰীত পোহা মাছক লৈ বিতৃষ্ণা যেন, অসমীয়া সাধাৰণ লোকৰ এক সহজাত অনুভৱ। এই অনুভৱৰ সাৰ্বজনীনতাকে কাহিনীৰ লেখকে সামৰি লৈছে।
সমান্তৰালকৈ কেনী বসুমতাৰীক এগৰাকী অভিনেতা হিচাবে প্ৰক্ষেপ কৰি নিৰ্মাতাই কেনীৰ হাস্য-মধুৰ ইমেজৰ জনপ্ৰিয়তাৰ ঢৌৰ হাতত ধৰিবলৈ চেষ্টা কৰাটো অতিশয় ভাল লগা অনুভৱ। একেদৰেই জনপ্ৰিয় অভিনেত্ৰী চুমকী কছাৰী, মনোজ বৰকটকী অৰ্ঘ্যদীপ আৰু লীমা দাসৰ ক্ষণিকৰ অভিনয়ে চিনেমাখনক সমৃদ্ধ কৰিছে। এনে অতিথি শিল্পীৰ সঘন চিত্ৰায়ন পূৰ্বতে বলিউডত মেহমুদৰ চিনেমাত দেখিবলৈ পোৱা গৈছিল। আৰু অসমীয়া চিনেমাক দুৰ্দিনৰ পৰা সুদিনলৈ আনিবলৈ এনে সহযোগিতামূলক সংযোজন অতিশয় আদৰণীয় বুলিও অনুভৱ কৰো। Cone Woman ৰ চৰিত্ৰত মনীষা ভূঞাৰ অভিনয় প্ৰশংসনীয়। তেওঁৰ মুখত একেবাৰে উজনিৰ ঠাচৰ উচ্চাৰণৰ প্ৰয়োগ কৰাৰ বিপৰীতে পুলিচ অফিচাৰৰ চৰিত্ৰৰ বলিষ্ঠ অভিনয় কৰা নীতালি দাসৰ মুখত নামনিৰ ঠাচৰ উচ্ছাৰণ দিয়াৰ ধাৰণাই চিনেমাখনত অসমৰ মাটিতে উচ্ছাৰণৰ ভিন্নতা আৰু কথাৰ ধৰণৰ বৈচিত্ৰতাকো উজ্বলাই দেখুৱাইছে। আটাইতকৈ উপভোগ্য চৰিত্ৰ হিচাবে লাক্সাৰী দাৰ চৰিত্ৰতো ভাল লাগিল। ৰুবুল বড়োৰ সৰল অভিনয়ে ৰঙ চৰাইছে চিনেমাখনত। অৰ্থনৈতিক স্বাৱলম্বনৰ এই যুঁজখনত গাহৰি আৰু মাছৰ জনপ্ৰিয়তাক এক নাটকীয় আৰু হাস্য-মধুৰ ৰূপত উপস্থাপনত কাহিনীকাৰ সফল হৈছে বুলি কব পাৰি। আৰু আশা কৰা ধৰণেৰেই ভাস্কৰ হাজৰিকাৰ শৈলীৰ ধাৰাবাহিকতা ৰাখি Fairy Tale সংযোজনেৰে দৰ্শকক মোহাচ্ছন্ন কৰাৰ প্ৰয়াস কাহিনীকাৰৰ সফল হৈছে।
মনোজ বৰকটকী বিদেশত শুই থকাৰ দৃশ্যটোত এগৰাকী কৃষ্ণাংগ যুৱকক শয্যাসংগী কৰা দেখুওৱাটো কাহিনীয়ে দাবী নকৰা 'অনাৱশ্যক দৃশ্যাংশ' বুলি অনুভৱ কৰিছো। সন্তানৰ সৈতে পৰিয়ালে উপভোগ্য চিনেমা বুলি চাবলৈ যাওতে অনাহক প্ৰশ্নৰ সন্মুখীন হোৱাটো অভিভাৱক হিচাবে অসুবিধাজনক। একেখন চিনেমাতে সকলো বাৰ্তা দিব বিচৰাৰ এনে প্ৰয়াস এৰাই চলিলেই ভাল বুলি অনুভৱ কৰো। মনক চুই যোৱা দৃশ্যৰ ভিতৰত, বিশেষকৈ মাতৃক চিৰ বিদায় দিয়াৰ দুখময় ক্ষণৰ দৃশ্যায়নত দৰ্শকে সেই নিবিচৰা ক্ষণৰ কথা আৰু সেইকন সময়ৰ বুকুৰ অনুভৱেৰে চকু সেমেকাৰ অৱকাশ নিশ্চয়কৈ বিচাৰি পাব। মিঠা মাত, যাচি দিয়া খাদ্য যে যাত্ৰা প্ৰথমৰ প্ৰলোভন আৰু সেয়া বিপদজনক সেই বাৰ্তা ভাল পাইছো।
এই চিনেমাখন কেৱল i-phone ৰ কেমেৰাৰে দৃশ্যগ্ৰহণ কৰা হৈছে। চিনেমাখনৰ চিত্ৰায়ণত কেমেৰাই কোনো সীমাবদ্ধতাৰ সৃষ্টি কৰা বা কোনো শ্বটতে জড়তা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ মোবাইল কেমেৰাৰেও যে এখন পূৰ্ণ-দৈৰ্ঘ্যৰ চিনেমাৰ কথা চিনেমা-উদ্যমীয়ে চিন্তা কৰিব পাৰে, তাৰহে সফল উদাহৰণ কুলনন্দিনী মহন্তৰ পৰিচালনাৰ এই ‘এমুঠি পুঠি’য়ে দাঙি ধৰিছে।
চিনেমাখন বিশেষকৈ এখন সৰু-বৰ সকলোৱে পৰিয়ালৰ সৈতে চাব পৰা এখন চিনেমা। আমিও সন্তানৰ সৈতে উপভোগ কৰিছিলো চিনেমাখন। আৰু কনমানি কেইটিৰো ফিডবেক হৈছে- চিনেমাখন এণ্টাৰটেইনিং!! লোকেল কুংফু, লোকেল উতপাত চাই ভালপোৱা কনমানি কেইটিৰ বাবে কেনী এতিয়া চিনাকি চৰিত্ৰ। বলিউদৰ কিংখান শ্বাহৰূখে এবাৰ এটি সাক্ষাতকাৰত কৈছিল, কনমানি শিশুৱে যদি ভাল হৈছে বুলি কয়, চিনেমাখন তেতিয়াই উপভোগ্য বুলি নিশ্চিন্ত হব পাৰি! ‘এমুঠি পুঠি’ৰ ক্ষেত্ৰতো সেয়া প্ৰযোজ্য।
এটি যাত্ৰাক সৰস, ৰসঘন, ৰহস্য-চাচপেঞ্চ আৰু ফ্লেচবেকৰ সমাহাৰেৰে নিটোল কৰি প্ৰদৰ্শন কৰা ‘এমুঠি পুঠি’ চিনেমাখন অসমীয়া ভাষাত এক ব্যতিক্ৰমী চিনেমা। ব্যতিক্ৰমি চিন্তা, আলৌকিক পৰশ আৰু উপজা মাটিৰ সুগন্ধিৰে এক উৰ্বৰ মায়াজাল সৃষ্টি কৰাত পাৰদৰ্শী প্ৰমাণিত হোৱা ভাস্কৰ হাজৰিকাৰ ৰচনা এইবাৰো সফল হৈছে। ৰোডট্ৰীপ ধৰ্মী চিনেমা অসমীয়াত খুৱেই কম, সেয়ে এটা যাত্ৰাৰ ৰসঘন কাহিনীয়ে অসমীয়া দৰ্শকক এক নতুনত্ব দিব পাৰিব বুলিও অনুভৱ কৰিব পাৰি।
কুলনন্দিনী, সুনয়নাৰ নেতৃত্বৰে অসমীয়া চিনেমালৈ এক অনন্য সৃষ্টি উপহাৰ দিয়া সকলো কলা-কুশলীলৈ আমি জনালো আন্তৰিক অভিনন্দন। জ্যোতিৰ আলোকেৰে অসমীয়া চিনেমাৰ যাত্ৰা অবিৰত হওক, উজ্জ্বলতৰ হওক, তাৰেই কামনাৰে, সামৰিছো।
No comments:
Post a Comment