পতংগৰ বিচিত্ৰ পৃথিৱীঃ ড° প্ৰবাল শইকীয়াৰ প্ৰকৃতি বিষয়ক অনুপম গ্ৰন্থ
মানস প্ৰতিম দত্ত
প্ৰকৃতি প্ৰসংগৰ উদ্ধৃতি আৰু বৰ্ণনাত্মক সাহিত্যৰ দ্বাৰা জনসজাগতামূলক, গৱেষণামূলক আৰু বিশ্লেষণভিত্তিক সাহিত্যকে প্ৰকৃতি সাহিত্য বুলিব পাৰি। অসমীয়া ভাষাত প্ৰকৃতি সাহিত্যৰ ধাৰাটো জনপ্ৰিয় হোৱা বেছি দিন হোৱা নাই যদিও প্ৰকৃতিৰ বৰ্ণনামূলক সাহিত্যৰ ইতিহাস একেবাৰে নতুন নহয়। বিজ্ঞান সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ ভাগ হিচাপে অভিহিত কৰা প্ৰকৃতি সাহিত্যই অতি সম্প্ৰতি এটি গুৰুত্বপূৰ্ণ আৰু স্বতন্ত্ৰ ভাগ হিচাপে মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। ই অৱশ্যে বহুলাংশে ইতিবাচক বুলিব পাৰি। বিজ্ঞান সাহিত্যৰ ভাগ হিচাপে অন্তৰ্ভুক্ত এই সাহিত্যভাগে জনচক্ষু আৰু পাঠকৰ দৃষ্টিলৈ অহাত বহুতেই পলম হৈছে। ফলস্বৰূপে পৰিৱেশ পৰ্যটনকেন্দ্ৰীক ধাৰণাসমূহ জনসমাজৰ মাজলৈ যোৱাত বহু পলম হোৱাও পৰিলক্ষিত নোহোৱা নহয়।
অতি সম্প্ৰতি প্ৰকৃতি সাহিত্য চৰ্চা কৰি থকাৰ লগতে পৰিৱেশ সুৰক্ষামূলক কাৰ্যকৰী ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ থকা ব্যক্তি তথা সাহিত্যিক হিচাপে জড়িত এজন অন্যতম লেখক, বিজ্ঞানী হ’ল ড° প্ৰবাল শইকীয়া।
পতংগৰ বিচিত্ৰ পৃথিৱী নামৰ কিতাপখন মূলত: পৰিচয়মূলক প্ৰকৃতি সাহিত্যৰ অন্তৰ্গত বুলিব পাৰি। লেখক শইকীয়াই এই গ্ৰন্থত পতংগৰ সম্পৰ্ক আদি নিখুঁত ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। মুঠ ১৩টা অধ্যায়ত সম্পূৰ্ণ কৰা কিতাপখনত প্ৰণালীবদ্ধভাৱে পতংগ পৰিচয় আৰু জীৱনশৈলী উপস্থাপন কৰিছে।
মানুহ আৰু পতংগ কৃষিক্ষেত্ৰত প্ৰতিদ্বন্দী সদৃশ যদিও মানুহ আৰু পতংগৰ সু-সম্পৰ্কই প্ৰকৃতিক এক নৱ্য ৰূপ প্ৰদান কৰে। পতংগ আৰু মানুহৰ নিজা ক্ষেত্ৰত শক্তিশালী। বহু ক্ষেত্ৰত অৱশ্যে মানুহতকৈ পতংগ অধিক শক্তিশালী। এই সম্পৰ্কে ‘প্ৰকৃতি, মানুহ আৰু পতংগ’ অধ্যায়ত লিখিছে- “মানুহৰ বিলুপ্তিয়ে পতংগক শেষ কৰিব নোৱাৰে। কাৰণ, পতংগ মানুহৰ ওপৰত নিৰ্ভৰশীল নহয়। বৰঞ্চ মানুহহে পতংগৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে অতি সম্প্ৰতি কিছু পতংগই মানুহৰ মুৰ্খামিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ লৈছে আৰু মানুহে সৃষ্টি কৰ নতুন সুযোগৰ সন্ধানত খাপ পিতি ৰৈ আছে। মানুহ যদি লুপ্ত হৈ পৰে, তেন্তে এই পতংগবোৰ হয় পুৰণি অভ্যাসবোৰকে পুনৰ গ্ৰহণ কৰিব, নহয় মানৱবিহীন পৃথিৱী এখনৰ শান্তিৰ বাতাবৰণৰ লগত খাপ খাব পৰাকৈ নতুন অভ্যাস কিছুমান গঢ়ি তুলিব। মানুহৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা বহুতো পতংগই হয়তো হাবিৰ মাজলৈ উলটি যাব বা অন্যান্য প্ৰাকৃতিক পৰিৱেশৰ লগত মিলি যাব।”
‘পতংগনো কি’ অধ্যায়ত লেখকে বাৰেনৰণীয়া বৈচিত্ৰ্য, সহিষ্ণু দেহ আৰু শক্তিশালী পেশীৰ মূলতে থকা শ্বাসতন্ত্ৰৰ কথা উল্লেখ কৰিছে। পতংগৰ বিচিত্ৰ বৈচিত্ৰময় পৃথিৱীখনৰ পৰিচয় দিবলৈ গৈ লেখকে ষ্টেগহৰ্ণ নামৰ গুবৰুৱা জাতীয় পতংগৰ বিষয়ে লিখিছে- “ষ্টেগহন ( Staghorn ) নামৰ এবিধ গুবৰুৱা জাতীয় পতংগই নিজৰ ওজনতকৈ ৯০ গুণ অধিক ওজনৰ বস্তু নিজৰ শৰীৰৰ দৈৰ্ঘ্যতকৈ ৩০ গুণ অধিক দুৰত্বলৈ ক’তো নোৰোৱাকৈ টানি নিব পাৰে ৷ এই কাম কৰাঁতে সিহঁতক আধা ঘণ্টা মান সময় লাগে , অথচ সিহঁতৰ ভাগৰ নালাগে । এক মিলিমিটাৰ মান দীঘল ঠেং থকা কেতকুৰি বা চেৰেপা এটাই পথালিকৈ জাপ মাৰি একেটা জাঁপতে ৩২ চেণ্টিমিটাৰ মান দুৰত্ব অতিক্ৰম কৰিব পাৰে আৰু ২০ চেণ্টিমিটাৰ মান ওপৰলৈও জপিয়াব পাৰে ৷ গড় হিচাবত মানুহ এজনৰ উচ্চতা ১৮০ চেণ্টিমিটাৰ মান হ’ব। মানুহেও যদি জাপ মৰা প্ৰতিযোগিতাত চেৰেপাৰ লগত ফেৰ মাৰে , তেন্তে তেওঁ একোটা জাপত এক কিলোমিটাৰৰ চাৰিভাগৰ এভাগৰ দূৰত্বলৈ জঁপিয়াব লাগিব আৰু ওখ জাপ মাৰিলেও ১৩৭ মিটাৰ উচ্চতালৈ জঁপিয়াব লাগিব । পতংগৰ আকাৰো বেলেগ বেলেগ। খালি চকুৰে কথমপি মণিব পৰা এমিবাতকৈ অকণমানহে ডাঙৰ পতংগ আছে । আনহাতে জীৱাশ্মৰ ৰূপত ৭৫ চেণ্টিমিটাৰ দীঘল জিঁয়াও পোৱা হৈছে । তেনেই ক্ষুদ্র পতংগটোতকৈ এই ডাঙৰ পতংগটো প্ৰায় এহেজাৰ গুণমান ডাঙৰ ।”
পতংগসমূহক মূলত: ২৪ টা বৰ্গত ভাগ কৰা হৈছে। এই বৰ্গসমূহ হৈছে এফিমেৰিদা, প্লেক’প্টেৰা, অ’দ’নাটা, অৰ্থপ্টেৰা,ফেচমিদা, দাৰ্মেপ্টেৰা, এম্বায়’প্টেৰা, ব্লাটাৰিয়া, মেন্টিদিয়া, আইছপ্টেৰা, ছ’কপ্টেৰা, থিৰাপ্টেৰা, থাইচানপ্টেৰা, হিটাৰপ্টেৰা, হ’মপ্টেৰা, কলিয়প্টেৰা, হাইমেনপ্টেৰা, নিউৰপ্টেৰা, ট্ৰাইকপ্টেৰা, লেপিদপ্টেৰা, দিপ্টেৰা, আপাহানিপ্টেৰা, থাইছানুৰা, কল্লেমব’লা।
‘চিনাকী পতংগৰ অচিনাকী বৰ্গ’ নামৰ অধ্যায়টোত লেখকে এই বৰ্গসমূহৰ সম্যক জ্ঞান দিবলৈ প্ৰতিটো বৰ্গৰে উদাহৰণসহ একোটা পৰিচয়মূলক টোকা সন্নিবিষ্ট কৰিছে। আমাৰ চিনাকী পতংগ গাগিনী, লোহা ওকণি, চেৰেপা, ডাঁহ, মৌ-মাখি, পঁইতাচোৰা, ফৰিং, পাত পতংগৰ পৰা আৰম্ভ কৰি ষ্টন ফ্লাইলৈকে প্ৰতিটো বৰ্গতে কমেও একোটাকৈ পৰিচয়মূলক টোকা সংযোগ কৰি বৰ্গসমূহৰ অন্তৰ্গত পতংগসমূহৰ সাধাৰণ বৈশিষ্ট্য নিটোল ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছে।
প্ৰকৃতিৰ বিস্ময়কৰ এবিধ পতংগ হ’ল ফেচমিদা বৰ্গৰ অন্তৰভগত পাত পতংগ আৰু ঠাৰি পতংগসমূহ। সাধাৰণতে আত্মৰক্ষাৰ কৌশল বুলি ভবা হয় যদিও ইয়াৰ প্ৰকৃত কাৰণনো কি সেই সম্পৰ্কে লেখকে লিখিছে- “গছৰ ঠাৰি এটুকুৰা , মৃত বা শুকান পাত এখিলা , আনকি সেউজীয়া পাত এখিলায়ো গছৰ জোপাহা এটাৰ মাজত এখোজ দুখোজকৈ খোজ কাঢ়ি গৈ থাকিলে বাৰু আপোনাৰ কেনে লাগিব ? অদ্ভুত আৰু অসম্ভৱ যেন নালাগিবনে ? কিন্তু এই পতংগবোৰে তাকেই কৰে । দেখিলে হাঁহি উঠা পাতল আৰু দীঘলীয়া দেহটো হয় ঠাৰি এডালৰ দৰে বা নহয় চেপেটা বহল সেউজীয়া বা শুকান পাত এখিলাৰ দৰে । জোপোহাবিলাকৰ মাজত অতি লাহে – ধীৰে যোৱা এই পতংগবোৰ সহজে চকুত নপৰে । ইহঁতে মৰভাও দি এনেকৈ থাকে যে কোনোবাই সামান্য দিগদাৰি কৰিলে কেৰেপেই নকৰে । সিহঁত তৃণভোজী আৰু সেয়ে কাৰো অপকাৰ নকৰে । ইহঁতৰ কিছুমানে কুমাৰী অৱস্থাতে পোৱালিৰ জন্ম দিয়ে । বহুতো পাত পতংগৰ মাজত পুৰুষ পতংগ দেখাই পোৱা নাযায় । ইহঁতৰ অনিষিক্ত জনন হয় যদিও অঞ্চল বা ঠাই বিশেষে বেলেগ বেলেগ হয় । এটা অঞ্চলত যদি উভয়লিংগী থাকে , আনটো অঞ্চলত কেৱল স্ত্ৰী পতংগই থাকে । ঠাৰি পতংগ বেচিলাছৰ’জাইৰ ( Bacilus rosii ) ক্ষেত্ৰত মতাবোৰ ভাৰতৰ উত্তৰাঞ্চলত একেবাৰে বিলুপ্ত হৈ পৰিল । অৱশ্যে দক্ষিণ ভাৰতৰ ফালে দুই এটা মতা এতিয়াও আছে।”
পতংগৰ উৰণ বৈশিষ্ট্যও বিস্ময়কৰ। এই সম্পৰ্কে ‘পতংগৰ উৰণ বিস্ময়’ নামৰ লেখাটোত লেখকে উৰাজাহকৰ দৰে উৰণৰ নিখুঁত উৰণ সক্ষমতাৰ বিষয়ে লিখিছে-“খুব সম্ভৱ পৃথিৱীৰ যিবোৰ প্ৰাণীয়ে পোনপ্ৰথম উৰিবলৈ লৈছিল , সিবিলাকৰ ভিতৰত পতংগৰে আটাইতকৈ সৰল অথচ অতি সক্ষম উৰণ ব্যৱস্থা আছিল ৷ উৰণ – যন্ত্ৰ হিচাবে পতংগৰ শৰীৰটো মানুহে তৈয়াৰ কৰা বহুতো উৰাজাহাজতকৈ অধিক নিখুঁত । আনকি চৰাইতকৈও নিখুঁত বুলিহে ক’ব পাৰি । পাখি দুখনেই যদিও প্রধান উৰণ অংগ , তথাপি গোটেই শৰীৰটোৱেই উৰণত সহায় কৰে । কেইজাত মান বাদদি বেছিভাগ পতংগৰে আগৰ পাখি দুখন পাছৰ পাখি দুখনতকৈ ডাঙৰ। বক্ষাংশৰ ককাংলযুক্ত প্লেটৰ কাষৰ পিণ্ডকেইটা প্ৰসাৰিত হৈয়েই পতংগৰ পাখি কেইখনৰ সৃষ্টি হয় । পাখিবিলাকৰ গ্ৰন্থতকৈ দৈৰ্ঘ্য বেছি , মুৰলৈ ঠেক আৰু পাখিকেইখন এটা ঠেক অংশৰ দ্বাৰা গাৰ লগত লাগি থাকে । পাখিৰ সন্মুখৰ কাৰ্যটো প্রায় পোন আৰু পাছফালে থকা কাৰ্যটো গোলাকাৰ । বায়ুগতিবিজ্ঞানৰ নিয়ম অনুসৰি এনে হোৱাই উচিত।"
ইয়াৰ লগতে গ্ৰন্থখনত লেখকে কীট পতংগৰ খাদ্য, জোনাকী পৰুৱাৰ পোহৰৰ ৰহস্য, মৌ-মাখিৰ যোগাযোগৰ মাধ্যম নাচ-ভাষা, জিলীৰ মাতৰ গোপন কথা আদিৰ বিষয়েও আলোচনা কৰিছে।
No comments:
Post a Comment