ৰূপালী পৰ্দাঃ হিমাংশুৰ 'বুলু ফিল্ম' : দৰ্শকৰ আশা বনাম অনুভৱ :: অভিজিত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ হিমাংশুৰ 'বুলু ফিল্ম' : দৰ্শকৰ আশা বনাম অনুভৱ :: অভিজিত কলিতা

ৰূপালী পৰ্দাঃ হিমাংশুৰ 'বুলু ফিল্ম' : দৰ্শকৰ আশা বনাম অনুভৱ :: অভিজিত কলিতা

Share This

হিমাংশুৰ 'বুলু ফিল্ম' : দৰ্শকৰ আশা বনাম অনুভৱ

অভিজিত কলিতা

হিমাংশু প্ৰসাদ দাস, বুলু ফিল্ম, HIMANGSHU PRASAD DAS, BULU FILM, অসমীয়া চিনেমা

চাকৰিৰ ব্যস্ততাত পৰিয়ালক সময় দিব নোৱাৰা দুৰ্ভগীয়া সকলৰ ময়ো এজন। দুদিন ছুটী লৈ গুৱাহাটীত আছিলোঁ‌- কিন্তু মাজতে অলপ সময় উলিয়ালোঁ‌। হিমাংশু প্ৰসাদ দাসৰ চিনেমা ওলাইছে যেতিয়া কেনেবাকৈ চাবই লাগিব। ইফালে সামাজিক মাধ্যমত বিপৰীত ধৰ্মী আলোচনা চলি থকা দেখা পাইছো, ময়ো দুই এটা মন্তব্য ৰাখিছোঁ‌- কিন্তু যদি মই চিনেমাখনেই নেচাও, তেনে মই মই কোৱা অনুভৱখিনিৰ সততা নাইকীয়া হব। সেয়ে যেনেতেনে চাবই লাগিব।

 

চালো বেলতলাৰ মেট্ৰিক্স মলত। বুকমাইশ্ব' ৰ যোগে টিকেট কৰিলোঁ‌-  চচিয়েল মেডিয়াৰ কাৰবাৰ দেখি টিকেট নেপামেই বুলি ভাৱিছিলো, পিছে পালোঁ‌- আৰু হতাশ হ'লো যে থিয়েটাৰ প্ৰায় খালি। মই কৰা ৪০০ টকীয়া টিকেটত  মোৰ বাদে আন কোনো নাই। ২০০-৩০০ ত সকলো মিলাই প্ৰায় ২০ জন দৰ্শক। অৱশ্যে সেইদিনা অফিচ ডে', আৰু মই চোৱা সময়ত অফিচ বা স্কুল কলেজত ব্যস্ত দৰ্শক আশা কৰা ভুল, হয়তো ভাল সময়ত থিয়েটাৰ ভৰ্তিয়েই হৈ আছিল। কাৰণ মই জনা শুনা মতে এইখন চিনেমাই ভাল ব্যৱসায়েই কৰিছে। 

হিমাংশু প্ৰসাদ দাস, বুলু ফিল্ম, HIMANGSHU PRASAD DAS, BULU FILM, অসমীয়া চিনেমা

এতিয়া চিনেমাখনৰ বিষয়লৈ আহোঁ‌- চচিয়েল মেডিয়া বা আন কোনো পাব্লিচিটিৰ উপভোক্তা ময়ো আছিলোঁ‌-  কিবা কিবি অশ্লীলতাৰ দোষ, চিনেমাখনৰ নামটোকে লৈ আপত্তি, এইবোৰ দেখাৰ পাছত, মিছা নকও মই এক পূৰ্বধাৰণা বা প্ৰিজুডিছ লৈয়েই চিনেমাখন চাবলৈ গৈছিলো।


কিন্তু মোৰ সকলো প্ৰিজুডিছ নস্যাত কৰি বুলু ফ্লিমৰ টীমে মোক এখন সৰ্বাংগসুন্দৰ চিনেমা উপহাৰ দিলে। বহলাই কৈ আছোঁ‌! বুলু ফিল্ম চাই, লগতে মোৰ দৰে পূৰ্বধাৰণা বোৰ লৈ গ'লে আপুনি হতাশ হব। কাৰণবোৰ কৈছোঁ‌-


১। এই চিনেমখনত কোনো উত্তেজক বা সুৰসুৰণি দিয়া দৃশ্য নাই। আপুনি যদি তেনে কোনো কিংকি আশা লৈ এইখন চিনেমা চাব যায়, আপুনি হতাশ হব। ইৰোটিকা নহয় তো নহয়েই, চিনেমাখনৰ শেষৰ ফালে দেখুৱা তথাকথিত সাহসী দৃশ্যটোত আপোনাৰ দুচকু ভৰি আহিব, সুৰসুৰনি নাহে। আৰু সেই  দৃশ্যকেইটাও পৰিমাৰ্জিত আৰু প্ৰয়োজনীয়। ক'তো ইৰোটোকা বনোৱাৰ প্ৰচেষ্টা অলপো দৃশ্যমান নহয়। 


২। শ্লেং ভাষাৰ প্ৰয়োগৰ যিটো অভিযোগ আহিছে, সেইটো মিছা, এৰাব নোৱাৰা দৃশ্য বাদ দি ক'তো দৰ্শকত মিছাতে প্ৰ্লোভিত কৰিবলৈ চেনচেচনেল শ্লেং প্ৰয়োগ কৰা হোৱা নাই। নূন্যতম যিখিনি কৰা হৈছে, সেইখিনি বাস্তৱিকতা আনিবলৈহে কৰা হৈছে। যদি আপুনি ইয়াত শ্লেং বিছাৰি পায়, তেনে আপুনি অসমীয়া ৱেব চিৰিজ চোৱাৰ পৰা বিৰত থাকক। যদি শ্লেং বিছাৰি চিনেমাখন চাবলৈ যায়, তেনে অপুনি হতাশ হব।


৩। আৰু এটা দিশ বাৰে বাৰে উত্থাপন  কৰা দেখিছোঁ‌- তামাম কমেডী চিনেমা এইখন। কিন্তু যদি আপুনি গোৱিন্দা কৰিশ্মা কাপুৰ পৰ্যায়ৰ কমেডী বিছাৰি যায়, আপুনি বুলু ফিল্ম চাই হতাশ হব। এইখ্ন কমিক চিনেমাই হয়, হয়তো ডাৰ্ক কমেডী। কিন্তু বুলুত কমেডী অন্তঃসলীল,  ইয়াত কলৰ বাকলিত পিছল খাই পৰা কমেডী নেপাব। বুলুৰ কমেডী ড° ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ ব্যংগৰ দৰে, মাথা মাৰিব লাগিব।


বহুত বদনাম গালোঁ‌- আৰু এটা গাই দিও, তাৰ পাছতহে আচল কথাখিনি ক'ম। মোৰ হিচাপত চিনেমাখন অলপ শ্ল'  হ'ল। কেমেৰাৰ ব্যৱহাৰো অলপ মনটনাছ হ"ল। বেয়া বুলি নকও, হয়তো ইয়াত অলপ উন্নতিৰ স্থল আছিল।


এতিয়া আচলতে কব খোজা কথাখিনি কও, মোৰ হিচাপত দুই এটা সৰুসুৰা অসুবিধা বাদ দিলে আৰু অসমীয়া চিনেমাৰ স্বাভাৱিক সমস্যাবিলাক অলপ সময়ৰ বাবে পাহৰি গ'লে-  বুলু ফিল্ম অস্কাৰ লেভেলৰ চিনেমা। আৰু অসমীয়া চিনেমাৰ এক মাইলষ্ট'ন। লগতে।, সীমিত সুবিধা আৰু সময়ত অসমীয়া চিনেমাক কেৱল কলাত্মকেই নহয়, ব্যৱসায়িক সফলতাৰ বাট দেখুৱা এখন চিনেমা। 


মই বা আমি সকলো ৩০০-৫০০  টকা খৰছ কৰি থিয়েটাৰত চিনেমা চাবলৈ যোৱাৰ উদ্দেশ্য দুটা, 

এক- এণ্টাৰটেইনমেণ্ট

দুই- ফুড ফ'ৰ থট। চিন্তাৰ খোৰাক।

আৰু বুলু ফিল্মে এই দুইটা বস্তুয়েই দিব আপোনাক। 


প্ৰথমে আমি মনত ৰাখিব লাগিব, এইখন এখন ব্যৱসায়িক চিনেমা, মানে ইয়াত প্ৰফিট লাগিবই। সেইটো ধাৰণা নোহোৱা বাবেই হয়তো আজি অসমীয়া চিনেমাৰ এই দূৰৱস্থা হৈছে। বুলু ফিল্মত ব্যৱসায়িক উপাদান আছে, আৰু মাৰ্কেটিঙো ভাল হৈছে। অনুগ্ৰহ কৰি এইটো যোগাত্মক কথা বুলি মানি লওক।


হিমাংশু প্ৰসাদ দাসে আন্তৰ্জাতিক পৰ্যায়ৰ এটা চেনচেচন ব্যৱহাৰ কৰি, এটা স্থানীয় সমস্যা ১০০% সততাৰে উপস্থাপন কৰি ভাল পায়। ছাকিৰা আহিব বকুলতলৰ বিহুলৈতে তাৰ প্ৰমাণ পোৱা গৈছিল। সেইটো তেওঁ‌ৰ কেৱল সাহসেই নহয়, তেওঁ‌ তাক নিজৰ USP হিচাপেও ব্যৱহাৰ কৰে, তেওঁ‌ৰ চিন্তাও সেইদিশতে যায়। বুলু ফিল্ম বা ব্লু ফিল্ম বুলি নামটো দিয়াৰ কাৰণো সেইটোৱেই। এটা প্ৰাৰম্ভিক ইম্পেক্ট আনিবলৈ তেঁ‌ও সেই নামটো ব্যৱহাৰ কৰিছে, কিন্তু পিছলৈ তেঁ‌ও চিনমাখনত যি বক্তব্য ৰাখিছে, তাত ব্লু ফিল্ম বা ইৰোটিকাৰ কোনো স্থানেই নাই। অসমত ভোকত থাকিলেও কোনেও পৰ্ণ চিনেমা বনাই পইচা ঘটিম বুলি প্লেন নকৰে, অন্ততঃ আজিৰ দিনত। হিমাংশু দাসেও জানে, যিদৰে ভাষ্কৰ হাজৰিকাইয়ো জানে, প্ৰেমৰ বাবে কোনেও অসমত মানুহৰ মাংস নেখায়। তাতেই লুকাই আছে তেওঁ‌লোকৰ চিনেমেটিক কুশলতা, দৰ্শকক শ্বক ৱেভ এটা দি, তেওঁ‌ৰ কমফৰ্ট জ'নৰ পৰা টানি উলিয়াই আনি, ভাৱিবলৈ বাধ্য কৰোৱা! বুলু বাইক বুজিবলৈ চেষ্টা কৰোৱা।


এই চিনেমাখনৰ মুল বক্তব্য লক ডাউনৰ বাবে হোৱা সমস্যা, আৰ্থিক দূৰৱস্থা, নৈতিক স্খলন নহয়, ইয়াৰ বক্তব্য বুলু বাই, বুলু বাইৰ দৰে প্ৰাণীবোৰৰ জীৱন। আৰু সেই কামটোত হিমাংশু দাস ১০১% সফল। চিনেমাত বুলু বাইৰ স্ক্ৰীণ টাইম তেনেই কম, কিন্তু তেওঁ‌ একমুহুৰ্তৰ বাবেও আপোনাক এৰি নিদিয়ে। 


এইখিনিতে সেই কথাটোকে বহলাই কও- বুলু ফিল্মৰ চিত্ৰনাট্যৰ স্তৰীয় অবেদন অনন্য। সমুখত দেখি থকা কাহীনীটোৰ বাদেও একে সময়তে আৰু দুই তিনিটা কাহিনী চলি থাকে। এনেকুৱা চিনেমা চাইছোও আগতে, কিন্তু প্ৰায়ে পৃষ্ঠ্ভাগত চলি থকা কাহিনীটোৱে গুৰুত্ব হেৰুৱাই পেলায়।  বুলু ফিল্মে সেইটো হবলৈ দিয়া নাই। সমুখত দেখি থকা কাহিনীটোৰ পিছফালটো অহৰহ দেখুৱাই আছে, কেৱল চাবলৈ আপুনি মাথা মাৰিব লাগিব অলপ। নেমাৰিলে আপুনি সদায় ঘৰত দেখি থকা ব্ৰা'ৰ ষ্ট্ৰেপত মনোযোগ দিব লাগিব।


অভিনয়ৰ কথা চমুকৈ কওঁ‌- অতি স্বাভাৱিক, অকণো কৃত্ৰিমতা নথকা অভিনয়, অত্যধিল মেক আপ নায়েই( আজিকালি চিৰিজবোৰতো নাই), দক্ষিণ কামৰূপৰ কথিত ভাষাৰ সাৰ্বজনীক প্ৰয়োগ!চুপাৰ্ব । প্ৰণামী বৰাৰ অভিনয় সকলোৱেই শলাগিছে, পিছে সেইটো চৰিত্ৰত স্ক্ৰিপ্টৰ বেকিঙো আছে, তেওঁ‌ৰ অভিনয়  চিনেমাখনৰ মাইলৰ খুঁ‌টি হলেও, বাকী কোনো চৰিত্ৰৰ অভিনয়ত কোনো অভিযোগৰ স্থল নাই। 

বহুত কব লগা কথা থাকি গ'ল। লিখাটোও বেছি দীঘল হ'ল, গতিকে সামৰি পেলাও। চিনেমাখন চাওক, একো প্ৰিজুডিছ নোহোৱাকৈ চাওক, পাৰিলে অকলে চাওক, নিমগ্ন হৈ। আপুনি যদি সঁ‌চাই চিনেমাপ্ৰেমী হয়, যদি চিনেমাই আপোনাৰ অনুভৱক চুই যায়, তেনে এই ৰাইজে ফালি থকা ব'ল্ড দৃশ্যকেইটাত আপোনাৰ চকু সেমেকি উঠিব। মোৰ গেৰাণ্টি তাত। 


বুলু ফিল্ম অসমীয়া কমাৰ্চিয়েল চিনেমাৰ এক মাইলৰ খুঁ‌টি হোৱা উচিত। সেই দায়িত্ব হিমাংশু দাসৰ নহয়, আপোনাৰ আৰু মোৰ।


বিশেষঃ - বুলু বাই মোৰ মগজৰ পৰা ওলোৱাই নাই এতিয়ালৈকে।  সস্তীয়া মদৰ মহলত আমি সদায় "বুলুয়ে এইটো এৰিয়া পুৰা কভাৰ কৰি লৈছে নহয়" বুলি অট্টহাস্য কৰি আছোঁ‌-   বুলুক জাজ কৰি আছোঁ‌- তাই আমাৰ সকলো নিকৃষ্ট প্ৰস্তাৱ মানিবলৈ বাধ্য বুলি। মোৰ মতে সেইটো কথাকে কৈ আছে হিমাংশু প্ৰসাদ দাসে।

No comments:

Post a Comment