প্ৰৱন্ধঃ পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ  পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই  :: অনন্ত কলিতা

প্ৰৱন্ধঃ পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই :: অনন্ত কলিতা

Share This

 পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই

অনন্ত কলিতা

পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই অনন্ত কলিতা, হিমন্ত, সুখদুখ, অসমীয়া, XUKHDUKH, ASOMIYA, HIMANATA, SOCIALISM

যোৱা ১২ ছেপ্টেম্বৰৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সদনৰ মজিয়াত কলে যে তেখেতে ‘সমাজবাদ’ত বিশ্বাস নকৰে৷ এয়ে চিধা কথা’ আৰু মাক্সৰ্-লেনিন-ষ্টেলিনৰ আদৰ্শত বিশ্বাস নকৰে৷ সমাজবাদত বিশ্বাস নকৰে বুলি কোৱা কথাটো সংবিধান বিৰোধী৷ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকি সংবিধান বিৰোধী অৱস্থান ল’ব পাৰেনে নাই সেইটো ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই নিশ্চয়কৈ অৱগত৷ 

পুঁজিবাদে সমস্ত জনসাধাৰণৰ মুক্তি অনাৰ অভিলেখ নাই অনন্ত কলিতা, হিমন্ত, সুখদুখ, অসমীয়া, XUKHDUKH, ASOMIYA, HIMANATA, SOCIALISM

আমি সকলোৱেই দেখিছিলো যে, এদিন ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবিধানৰ নামত শপত লৈ অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে, “আমি ভাৰতৰ জনসাধাৰণে ভাৰতক এখন সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰি... সমৰ্পণ কৰিছোঁ৷” বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ বক্তব্যৰ দ্বাৰা সংবিধানৰ লক্ষ্যৰ বিপৰীতে যোৱাত সংবিধানক অৱমাননা কৰা হৈছে৷ তদুপৰি বিজেপিয়ে চৰকাৰৰ ক্ষমতাত অধিষ্ঠিত হৈ নৱ্য-উদাৰ অৰ্থনৈতিক নীতি দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ ধৰিছে যদিও বিজেপিৰ দলীয় সংবিধানটো এইদৰে লিখা আছে, ‘‘The party shall bear true faith and allegiance to the Constitution of India as by law established and to the principles of socialism, secularism and democracy and would uphold the sovereignty, unity and integrity of India.’’ (Article-II, Objective, BJP Constitution. মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপি দলৰ এজন উচ্ছ-পৰ্য্যায়ৰ দায়বদ্ধ সদস্য আৰু উক্ত মন্তব্যৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ দলৰ নীতিকো অৱমাননা কৰা হৈছে৷ আমাৰ নিচিনা সাধাৰণ লোকসকলে মুখ্যমন্ত্ৰীৰ এইধৰণৰ কাৰবাৰ দেখি বিচুৰ্তি খাইছোঁ৷


আজি বিশ্বত পুঁজিবাদ জন্ম হোৱাৰ ৫০০ বছৰ হ’ল, কিন্তু কোনো দেশতে কোনো অঞ্চলতে পুঁজিবাদে সমস্ত জনসাধাৰণৰ দুখ-দুৰ্দশা-দৰিদ্ৰতাৰ বিলুপ্তি ঘটোৱাৰ উদাহৰণ নাই৷ ভাৰতবৰ্ষত আজি পুঁজিবাদৰ উন্নয়ন ঘটিছে বা অনেক বৃহৎ পুঁজিপতিৰ সৃষ্টি হৈছে, সেইটো সম্ভৱ হৈছে ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদটো নেহৰুভিয়ান মিশ্ৰ অৰ্থনীতিয়ে অৰ্থাৎ সমাজবাদৰ আৰু পুঁজিবাদৰ মিশ্ৰ অৰ্থনীতিয়ে সৃষ্টি কৰিছে কাৰণে৷ ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰতবৰ্ষৰ উদ্যোগ খণ্ড বিশেষকৈ বুনিয়াদী আৰু মৌলিক উদ্যোগবোৰৰ খণ্ডটো অতি অনগ্ৰসৰ আছিল৷ সেই সময়ত ভাৰতবৰ্ষৰ পুঁজিপতিসকলো তেনেধৰণৰ শক্তিশালী নাছিল সেইবোৰৰ সৃষ্টি কৰিবলৈ৷ তদুপৰি কাৰিকৰী আৰু প্ৰযুক্তিবিজ্ঞানৰ (Technology) ক্ষেত্ৰটো পুঁজিবাদী দেশবোৰে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিশ্বৰ আটাইতকৈ প্ৰযুক্তিত উন্নত পুঁজিবাদী ৰাষ্ট˜ আমেৰিকাক আৱেদন জনাইছিল ভাৰতবৰ্ষত এটা তীখা কাৰখানা তৈয়াৰ কৰি দিবলৈ৷ আমেৰিকাই প্ৰস্তাৱ দিছিল যে ভাৰতে কিয় তীখা কাৰখানা তৈয়াৰ কৰিব লাগে, ভাৰতক যিমান তীখা লাগে তেওঁলোকৰ জাহাজেৰে ভাৰতলৈ পঠাই দিব৷ অৰ্থাৎ ভাৰত তীখাৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকক, ভাৰত তীখাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব নালাগে৷ তেতিয়া জৱাহৰলাল নেহৰুৱে ছোভিয়েট ইউনিয়নক অনুৰোধ কৰিছিল ভাৰতত এটা তীখা উদ্যোগ প্ৰতিষ্ঠা কৰি দিবলৈ৷ ১৯৫৫ চনত ভিলাইত ছোভিয়েট ইউনিয়নে ভাৰতৰ প্ৰথমটো তীখা উদ্যোগ স্থাপন কৰি দিয়ে৷ ঠিক সেইদৰে ভাৰতৰ তেল উদ্যোগ, পাইপ-লাইন ইত্যাদি ছোভিয়েট ইউনিয়ন, ৰুমেনিয়া, পূব জাৰ্মানীয়ে উন্নত কৰি দিছিল৷ আন আন মৌলিক উদ্যোগ তথা বিজ্ঞানভিত্তিক উদ্যোগ প্ৰতিষ্ঠানো সমাজবাদী দেশবোৰৰ সাহায্যত ভাৰতত প্ৰতিষ্ঠা হৈছিল৷ 


সমাজবাদী দেশৰ সহায় লৈ ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বুনিয়াদটো সৃষ্টি কৰা কাৰণে পৰৱত¹কালত সেই বুনিয়াদ ব্যৱহাৰ কৰি ভাৰতবৰ্ষত ব্যক্তিগত উদ্যোগবোৰৰ সৃষ্টি হৈছিল আৰু পুঁজিপতিবোৰৰ সৃষ্টি হৈছিল৷ যেনে তীখা হ’ল সকলো বৃহৎ উদ্যোগৰ সকলো কৰ্মৰ বাবে বুনিয়াদী দ্ৰব্য৷ তীখা নহ’লে মটৰগাড়ীৰ পৰা সাধাৰণ মেচিন এটা বা কাৰখানাবোৰ বা অট্টালিকা এটা তৈয়াৰ কৰিব নোৱাৰি৷ ভাৰতৰ এই গুৰুত্বপূৰ্ণ বুনিয়াদটো সৃষ্টি কৰি দিছিল সমাজবাদী দেশবোৰে৷ ১৯৫০ চনৰ পৰা ১৯৬৫ চনলৈ ভাৰতৰ উদ্যোগ খণ্ডৰ জ্জ শতাংশ হাৰত উন্নয়ন ঘটিছিল আৰু জৱাহৰলাল নেহৰুৱে ভাৰতক বিশ্বৰ সপ্তম উদ্যোগীয় দেশত পৰিণত কৰিছিল৷ জৱাহৰলাল নেহৰুৱে দেখিছিল যে বিশ্বৰ পুঁজিবাদী দেশবোৰ উন্নত হ’লেও তাত তীব্ৰ বৈষম্য আছে বৃহৎ ধনী আৰু দৰিদ্ৰ দুই শ্ৰেণীৰ লোকো আছে কিন্তু সমাজবাদী দেশবোৰত অন্ততঃ নাগৰিকে দুবেলা-দুসাঁজ খোৱাৰ ব্যৱস্থা আছে৷ সেয়ে জৱাহৰলাল নেহৰু আকৰ্ষিত হৈছিল সমাজবাদী দেশবোৰৰ অৰ্থনীতিৰ প্ৰতি৷ ভাৰতৰ নৱ্য-উদাৰ অৰ্থনীতি প্ৰৱৰ্তনৰ বছৰটোলৈকে [১৯৯১ চনৰ আগত] দেশত জিডিপিৰ বিকাশৰ হাৰ কম আছিল যদিও নাগৰিকৰ মাজত বৈষম্য অতি কম আছিল৷ সমাজবাদী দেশৰ সাহায্যত ভাৰতৰ ৰাজহুৱা উদ্যোগবোৰ প্ৰতিষ্ঠা নহ’লে তথা অৰ্থনীতিৰ বুনিয়াদটো সৃষ্টি নহ’লে আজি ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহ’লহেঁতেন৷ ভাৰতৰ ISROকে ধৰি বিজ্ঞান প্ৰযুক্তিৰ বিখ্যাত প্ৰতিষ্ঠানবোৰ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত হৈছিল৷


১৯৭০ চনলৈ দেশৰ উদ্যোগ খণ্ডৰ উন্নতি হ’লেও কৃষি-পণ্যৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হ’ব পৰা নাছিল৷ পি এল ৪৮ঙ্ম আঁচনিত আমেৰিকাৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰি আনিছিল৷ ঠিক সেইদৰে ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰৰো কোনো উন্নতি সাধন হোৱা নাছিল৷ গাঁও অঞ্চলত বেংকৰ শাখা নাছিলেই৷ বৰ্তমান ৰাজহুৱা খণ্ডৰ বেংকৰ ৮৮,২৬৫টা শাখা আছে৷ ইয়াৰে ভিতৰত প্ৰায় ৫৩,৪৬৭টা ৰাজহুৱা খণ্ডৰ বেংকৰ শাখা দেশৰ গাঁও আৰু আতি ক্ষুদ্ৰ নগৰ অঞ্চলত আছে৷ তদুপৰি ৰাজহুৱা খণ্ডৰ বেংকৰ পৰিচালনাৰ গাঁৱলীয়া বেংকবোৰৰ ১৫,৪৯৪টা শাখা আছে৷ বেংক জাতীয়কৰণৰ পাছত কৃষিখণ্ড আৰু ক্ষুদ্ৰ-মজলীয়া উদ্যোগবোৰত বিভিন্ন আঁচনিৰে ঋণ দিয়াৰ ফলত দেশ খাদ্য-শস্যত আত্মনিৰ্ভৰশীল হ’ব পাৰিছিল আৰু দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মাৰাত্মক উন্নতি ঘটিছিল৷ দেশত সেউজ বিপ্লৱ ঘটাব পাৰিছিল৷ 


ভাৰতৰ অৰ্থনীতিৰ সকলো দিশ পৰ্য্যালোচনা কৰিলে প্ৰতিফলিত হয় যে ভাৰত চৰকাৰে সমাজবাদী তত্ত্বৰে অৰ্থনীতি পৰিচালনাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানবোৰ মুকলি নকৰিলে ভাৰতবৰ্ষ এখন অতি অনগ্ৰসৰ দেশ হৈ থাকিলহেঁতেন আৰু আজিৰ বিলিয়নাৰসকল সৃষ্টি হোৱাৰ বুনিয়াদো সৃষ্টি নহ’লহেঁতেন আৰু জনসাধাৰণৰ দৰিদ্ৰতাত নিমজ্জিত হৈ থাকিলেহেঁতেন৷ এই পটভূমিত আজিৰ ৰাজনৈতিক নেতাসকলে বিশেষকৈ শাসক দলৰ নেতাসকলে ভাৰতৰ অৰ্থনৈতিক ইতিহাসৰ জ্ঞান আহৰণ কৰা উচিত এই বিষয়ত কোনোধৰণৰ মন্তব্য কৰাৰ আগতে৷ বৰ্তমানৰ চৰকাৰখন নি(য় দক্ষতাহীন, ৰাজহুৱা উদ্যোগ পৰিচালনা কৰিবলৈ৷ জৱাহৰলাল নেহৰুৰ দিনৰে পৰা তদানীন্তন চৰকাৰবোৰে দক্ষতাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ পৰিচালনা কৰি আহিছে, যিসকলে ষ্টেট বেংকৰ নিচিনা বিশ্বৰ অন্যতম বৃহৎ বেংক অ’-এন-জি-চিৰ নিচিনা বিশ্বৰ অন্যতম বৃহৎ তেল কোম্পানীৰ সৃষ্টি কৰিছিল৷ ৰাজহুৱা খণ্ডৰ বিৰুদ্ধে কথা কোৱাৰ দ্বাৰা চৰকাৰবোৰৰ অদক্ষতাই প্ৰকাশ পায়, তথা জনসাধাৰণৰ স্বাৰ্থতকৈ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰাৰ লক্ষ্যটো প্ৰতিফলিত হয়৷ যিকাৰণে দেশত বৈষম্য দিনে দিনে বৃদ্ধি হৈছে আৰু দেশৰ দৰিদ্ৰ লোকৰ সংখ্যাও বৃদ্ধি হৈছে৷


মুক্ত অৰ্থনীতিৰ উক্ত পটভূমিতে বিশ্ব বৈষম্য প্ৰতিবেদনত (World Inequality Report, ২০২২) প্ৰকাশ কৰিছে যে প্ৰাচুৰ্য্যপূৰ্ণ সংখ্যালঘু গোষ্ঠীৰ সৈতে ভাৰত এখন দুখীয়া আৰু অতি বৈষম্যপূৰ্ণ দেশ৷ ভাৰতৰ উচ্ছ ধনী ১০ শতাংশই দেশৰ ৫৭ শতাংশ সম্পদ লৈ ল’ব পাৰিছে৷ এই কাৰণেই বিশ্ব ক্ষুধা সূচকত ১১৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১লৈ অৱনমিত হৈছে৷


১৮৪৮ চনতে কাৰ্লমাক্সেৰ্ কমিউনিষ্ট ইস্তাহাৰ লিখিছিল৷ আজি কমিউনিষ্ট ইস্তাহাৰৰ প্ৰচাৰ বিশ্বৰ সকলো গ্ৰন্থতকৈ অধিক, আনকি বাইবেলতকৈও৷ ১৯১৭ চনত কমিউনিষ্ট পাৰ্টিয়ে ছোভিয়েট ৰাছিয়াত প্ৰথমখন সমাজবাদী দেশৰ সৃষ্টি কৰিছিল৷ বিশ্বত প্ৰথম পৰিকল্পিত অৰ্থনীতিৰ সৃষ্টি হৈছিল ছোভিয়েটত৷ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা [১৯২৮-৩২] ৰূপায়ণ কৰিছিল ছোভিয়েট ৰাছিয়াত৷ সেই পৰিকল্পিত অৰ্থনীতিৰ আৰ্হিতে জৱাহৰলাল নেহৰুৱে পৰিকল্পিত অৰ্থনীতিৰ সৃষ্টি কৰিছিল ভাৰতত আৰু ইয়াৰ দ্বাৰা সমস্ত দেশত অৰ্থনৈতিক উন্নয়নৰ বুনিয়াদৰ সৃষ্টি কৰিছিল৷ ১৯২৯-৩০ চনত বিশ্বৰ পুঁজিবাদী অৰ্থনীতি মহাসংকটত নিমজ্জিত হৈছিল৷ সেই সময়ত বিশ্বৰ সকলো দেশতে ৭৫ শতাংশ লোক নিবনুৱা হৈ পৰিছিল৷ বিপৰীতে ছোভিয়েট দেশত নিবনুৱা নথকা কাৰণে নিয়োগ বিনিময় কেন্দ্ৰবোৰ বন্ধ কৰি দিছিল৷ পৃথিৱীৰ সমস্ত জনসাধাৰণ সমাজবাদৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেতিয়া পুঁজিবাদী দেশবোৰৰ ভয় হৈছিল দেশবোৰ সমাজবাদী দেশলৈ পৰিৱৰ্তন কৰিবলৈ জনসাধাৰণে বিপ্লৱ কৰিব বুলি৷ এই পটভূমিতে ব্ৰিটিছ পুঁজিবাদী অৰ্থনীতিবিদ জে এম কেইন্সৰ জন্ম হৈছিল৷ কেইন্সে মুক্ত অৰ্থনীতিৰ সলনি সমাজবাদৰ আৰ্হিত নিয়ন্ত্ৰিত পুঁজিবাদী ৰাষ্ট˜ৰ বা কল্যাণকামী ৰাষ্ট˜ৰ তত্ত্ব দিছিল৷ কৰ্মসংস্থান সৃষ্টিৰ দায়িত্ব চৰকাৰৰ ওপৰত ন্যস্ত কৰিছিল৷ সমাজবাদী তত্ত্বৰ আৰ্হিত পুঁজিবাদী অৰ্থনীতিৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ বাবেই তেতিয়া বিশ্বত পুঁজিবাদ ৰক্ষা পৰিছিল৷ জনসাধাৰণক সেই অৰ্থনীতিৰ দ্বাৰা জীৱন নিৰ্বাহৰ পথ দি তেওঁলোকৰ পুঁজিবাদৰ বিৰুদ্ধে বিক্ষোভৰ অৱসান ঘটাইছিল৷


কাৰ্লমাক্সৰ্ৰ অৰ্থনীতিৰ গ্ৰন্থ ‘ডাচ কেপিটেল’ আজি বিশ্বত বাইবেলৰ পাছতে সৰ্বাধিক প্ৰচাৰিত গ্ৰন্থ৷ বৰ্তমান ডাঙৰ প্ৰশ্নটো হ’ল যিসকলে ‘ডাচ কেপিটেল’ পঢ়া নাই, তেখেতসকলৰ সমাজবাদ কি বস্তু সেই সম্বন্ধে অকনো জ্ঞানো নাই৷ ২০০৮ চনত বিশ্বৰ মহা আৰ্থিক সংকটৰ সময়ত ব্ৰিটিছ ‘গাৰ্ডিয়ান’ বাতৰিকাকতৰ বাতৰিত এইদৰে লিখিছিল, ‘‘প্ৰকাশক আৰু গ্ৰন্থৰ দোকানীবোৰে জনাইছে যে তেওঁলোকৰ দোকানৰ পৰা হোৰে-হোৰে উৰি গৈ আছে ‘ডাচ কেপিটেল’ৰ গ্ৰন্থখনৰ কপি৷ কাৰণ অভিজ্ঞতাৰ পৰা মানুহে বুজিছিল, সুখৰ নতুন উদাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ মিছা৷” সেই সময়ত আমেৰিকাৰ টাইম আলোচনীয়ে ‘হোৱাট উড মাক্সৰ্ থিংক’ শিৰোনামাৰে এক বিস্তাৰিত প্ৰবন্ধ লিখি কৈছিল, বৰ্তমান পৃথিৱীৰ সংকট আঁতৰ কৰাৰ পথ বিচাৰি অৰ্থনীতিবিদসকলে ‘ডাচ কেপিটেল’ পঢ়া আৰম্ভ কৰিছে৷ সেই সময়ত জাৰ্মানীত ‘ডাচ কেপিটেল’ ৱেষ্ট-চেলাৰ গ্ৰন্থ হৈ পৰিছিল৷ ২০১৮ চনত বিবিচিয়ে অনুষ্ঠিত কৰা পিয়লত বা গণভোটত কালমাক্সৰ্ বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠতম দাৰ্শনিক চিন্তানায়ক বুলি নিৰ্বাচিত হৈছিল (Greatest Pholosopher thinker of all time.গ্গ৷ কাৰ্লমাক্সেৰ্ এক নতুন চিন্তাধাৰাৰ সৃষ্টি কৰাৰ তথা মানৱ ইতিহাসৰ আৰু সভ্যতাৰ পৰ্য্যালোচনাৰে মানুহৰ দুখ-যন্ত্ৰণাৰ অন্ত পেলোৱাৰ এক নতুন বস্তুবাদী দৰ্শনৰ উদ্ভাৱন কৰিছে৷ সেই কথাটো সোঁপন্থী ৰাজনীতিবিদসকেল নাজানে বা বুজিও নাপায়৷ মানৱ ইতিহাসত সমাজ, ইতিহাস, প্ৰকৃতি, ঈশ্বৰ, অৰ্থশাস্ত্ৰ সম্বন্ধে মানুহে পৰম্পৰাগতভাৱে যি দৰ্শনৰ দ্বাৰা চিন্তা কৰি আহিছিল, ইয়াৰ বিপৰীতে কাৰ্লমাক্সেৰ্ই বিশ্বত প্ৰথম দ্বন্দ্বমূলক বস্তুবাদৰ ভিত্তিত বিজ্ঞানসন্মতভাৱে কেনেকৈ সেইবোৰ বিশে¡ষণ তথা চিন্তা কৰিব পাৰি, সেইটো তত্ত্বৰ আৱিষ্কাৰ কৰিছিল৷ ভাৰততে দিনদয়াল উপাধ্যায় আৰু চাভাৰকাৰৰ তত্ত্বৰ পঢ়ুৱৈতকৈ মাক্সৰ্ৰ গ্ৰন্থৰ বা তত্ত্বৰ পঢ়ুৱৈৰ সংখ্যা অধিক৷


যিমানেই পুঁজিবাদী অৰ্থনীতি সম্বন্ধে ডাঙৰ ডাঙৰ কথা কওঁক পুঁজিবাদী অৰ্থনীতি সংকটত নিমজ্জিত হ’বই৷ কাৰ্লমাক্সেৰ্ কৈছিল, পুঁজিবাদী অৰ্থনীতিৰ সংকট জন্মগত৷ কাৰ্লমাক্সেৰ্ কোৱা ধৰণে পুঁজিবাদী অৰ্থনীতি বিশ্বত প্ৰথম সংকটত নিমজ্জিত হৈছিল ১৮২৫ চনত৷ ইয়াৰ পাছত দহ বছৰ বা কম বেছি বছৰৰ মূৰে মূৰে ই সংকটত নিমজ্জিত হৈ আহিছে৷ ১৯২৯-৩০ চনত, ২০০৮ চনত এই অৰ্থনীতি মহা সংকটত নিমজ্জিত হৈছিল৷ বৰ্তমানো এই অৰ্থনীতি সংকটত নিমজ্জিত হৈ আছে৷ বৰ্তমান ইউৰোপৰ দেশবোৰ আৰু আমেৰিকাৰ অৰ্থনীতি গভীৰ সংকটতত৷ ব্ৰিটেইন আৰু আমেৰিকাত দ্ৰব্যমূল্য বৃদ্ধিক নিয়ন্ত্ৰণত আনিব পৰা নাই৷ ইউৰোপ আৰু আমেৰিকাৰ জনসাধাৰণৰ মাৰাত্মকভাৱে ক্ৰয় ক্ষমতা হ্ৰাস পাইছে৷ যিকাৰণে ভাৰতৰ ১৫ানি অনেক অংশ হ্ৰাস হৈছে৷ আমেৰিকাৰ ৰাষ্ট˜পতি জো বাইডেনে জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিবলৈ ত্ৰিলিয়ন ডলাৰৰ পেকেজ ঘোষণা কৰিছে৷ বিপৰীতে বিশ্বৰ বৰ্তমানৰ পাঁচখন সমাজবাদী দেশৰ জনসাধাৰণে অৰ্থনৈতিক সংকটত পৰা নাই৷ আনকি কোভিডৰ সময়ত পুঁজিবাদী দেশবোৰৰ জনসাধাৰণ মাৰাত্মক দৰিদ্ৰতাৰ সন্মুখীন হৈছিল, কিন্তু সমাজবাদী দেশকেইখনে কোভিডৰ সংকটক সুন্দৰভাৱে মোকাবিলা কৰি জনসাধাৰণক কোনো ধৰণৰ সংকটত পৰিব দিয়া নাই৷ ন’বেল বঁটা বিজয়ী আমেৰিকান পুঁজিবাদী অৰ্থনীতিবিদ ক্ৰগমেনে অকপটে মন্তব্য কৰিছে এইদৰে– “বজাৰৰ আধিপত্যত যিসকলৰ বিশ্বাস আছিল, যিসকলে কয় বজাৰত আৰু ব্যক্তিগত অৰ্থনীতিতে কাম হয়৷ মুনাফাৰ লক্ষ্যত বেচৰকাৰী উদ্যোগে সৰ্বময় সুফল দিয়ে, তেওঁলোক বিপুলভাৱেই ভ্ৰান্ত প্ৰমাণিত হৈছে৷” যিসকল ভাৰতীয় ৰাজনীতিবিদ মন্ত্ৰীয়ে উদ্যোগ-প্ৰতিষ্ঠান নিৰ্মাণত চৰকাৰে একো কৰিবলগীয়া নাই বুলি কৈছে আৰু ব্যক্তিগত খণ্ডতহে সেইবোৰ হ’ব আৰু উন্নতি হ’ব, মাক্সৰ্বাদী অৰ্থনীতিবিদ বা সমাজতান্ত্ৰিক তত্ত্ববিদ নহয়, বিশ্বৰ বিখ্যাত পুঁজিবাদী অৰ্থনীতিবিদ ক্ৰগমেনেই তেওঁলোকক ভ্ৰান্ত বুলি কৈছে৷ ফ্ৰান্সিছ ফুকিয়ামাই ছোভিয়েট ৰাছিয়া পতনত ‘ইতিহাসৰ সমাপ্তি’ গ্ৰন্থখন লিখি বিশ্ববিখ্যাত হৈছিল৷ কিন্তু ২০০৮ চনৰ পাছত পুঁজিবাদে বিশ্বৰ জনসাধাৰণৰ প্ৰতি যিধৰণৰ দুৰ্ভোগ-দুৰ্দশা আনিলে সেইটো দেখি তেওঁ উপলব্ধি কৰি এতিয়া লিখিছে ‘দ্য ফল অব আমেৰিকান ইংক’ ‘আমেৰিকা কোম্পানীজগতৰ পতন’৷ কোনোবাই মানক-নামানক ইতিহাসে প্ৰমাণ কৰিছে পুঁজিবাদে, মুক্ত অৰ্থনীতিয়ে জনসাধাৰণক দুখ-দুৰ্দশাত নিমজ্জিত কৰাত বাহিৰে দুখ-দুৰ্দশাৰ পৰা মুক্ত কৰিব নোৱাৰে সমাজবাদতহে সম্ভৱ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ অৱসান ঘটোৱাৰ৷

লেখকৰ ফোনঃ ৯৪৩৫০৪১২০৩, তেখেতৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ANANTA-KALITA

অসমীয়াৰ সুখ-দুখxukhdukh.com
সুখ-দুখ LIVE YouTube ChannelClick
অসমীয়াৰ সুখ-দুখ @FACEBOOKhttps://www.facebook.com/xukhdukhLIVE/
অসমীয়াৰ সুখ-দুখ @TWITTERhttps://twitter.com/xukhdukh

No comments:

Post a Comment