মনৰ কথাঃ সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে... :: অনিৰুদ্ধ ভকত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে...  :: অনিৰুদ্ধ ভকত

মনৰ কথাঃ সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে... :: অনিৰুদ্ধ ভকত

Share This

সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে

অনিৰুদ্ধ ভকত

আইতা গৰাকীৰ নাম শ্ৰীমতী ৰঞ্জনবেন ব্যাস। দেখাত তেনেই সহজ-সৰল আইতাই যোৱা তিনি দশক জুৰি নিৰন্তৰে, নিৰৱে সেৱা আগবঢ়াই আহিছে সমাজৰ অৱহেলাৰ বলি হোৱা বহু জনক। প্ৰচাৰৰ পৰা বহু দূৰত অৱস্থান কৰি থকা আইতাৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধে আমাক তেওঁৰ লগত কটোৱা সময় খিনিত বহু প্ৰশ্নৰ উত্তৰ আৰু মনত বহুতো প্ৰশ্নৰ জন্ম দি গল।

সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে...  :: অনিৰুদ্ধ ভকত JALARAM MANDIR GUWAHATI

৮৯ বছৰ বয়সতো তেওঁ থমকি ৰোৱা নাই। এতিয়াও মনত তেওঁৰ বহুত হেঁপাহ, কিবা এটা কৰাৰ, নিজৰ বাবে বা পৰিয়ালৰ বাবে নহয় বৰঞ্চ সমাজৰ বাবে।


তিনি দশক পূৰ্বে, তেওঁ ভূতনাথত এদিন ১০০ মানুহক দুপৰীয়াৰ আহাৰ আগবঢ়াইছিল। বহু লোকে ভালদৰে খাইছিল, বহু লোকে নষ্ট কৰিছিল। সেই ছবিখনে তেওঁৰ মনত বহুত দুখ দিছিল। তেতিয়াই আৰম্ভ হৈছিল শ্ৰী জালাৰাম মন্দিৰ স্হাপনৰ কাম। 

সমাজৰ নিৰৱ সেৱিকা আইতা ৰঞ্জনবেনৰ কথাৰে...  :: অনিৰুদ্ধ ভকত JALARAM MANDIR GUWAHATI

শ্ৰী জালাৰাম মন্দিৰ স্হাপন কৰি, শ্ৰীমতী ৰঞ্জনবেন ব্যাস আইতাই, যোৱা তিনি দশক প্ৰত্যেক দুপৰীয়া ১২ বজাত- ১০০ মানুহক অন্নদান কৰি আহিছে। কেৱল অন্নদাতা হিচাপে নিজকে সীমিত কৰি ৰখা নাই তেওঁ। যোৱা ৩০ বছৰত, ৫০ গৰাকী দৰিদ্ৰ জীয়ৰীৰ কন্যাদান কৰিছে তেওঁ নিজ হাতে। Sewing Training দি তেওঁ স্বাৱলম্বী কৰি তুলিছে শতাধিক অসমীয়া যুৱতীক। অহা ৩১ অক্টোবৰ তাৰিখে তেওঁ ২৫ গৰাকী যুৱতীক Sewing Machine উপহাৰ দিব। এই যুৱতী সকলে যোৱা ছয় মাহ ধৰি তেওঁৰ তাত চিলাই শিকি আছে। বৰ্তমান শিকি থকা সকলৰ course সমাপ্ত হলে, নতুনকৈ আকৌ ২৫ গৰাকী যুৱতীক প্ৰশিক্ষণ দিয়া হব। ফেচবুকত এই সংস্থাৰ বিষয়ে চাব পাৰিব,  পেজৰ  লিংকঃ https://www.facebook.com/shreeJalaramBhaktMandal/


কাৰোবাৰ ঘৰত কিবা অসুবিধা হোৱা বুলি খবৰ পালে, কোনোবা হাস্পতালত চিকিৎসাধীন বুলি খবৰ পালেই, আইতাৰ ফোন যায়- হাস্পতাল কৰ্তৃপক্ষক জনাই দিয়ে, আৰোগ্য কৰি তোলক- খৰছ মই বহন কৰিম। আজিৰ যুগত এনে মানুহ সঁচাকৈয়ে আছে, বিশ্বাস কৰা টান। 


তেওঁৰ তত্ত্বাৱধানত এখন বিনামূলীয়া বিদ্যালয়ৰ জৰিয়তে প্ৰায় ২৫ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক নিয়মীয়া শিক্ষা আগবঢ়াই থকা হৈছে।  


মোৰ লগত প্ৰায় তিনি ঘন্টাৰ অধিক সময় কথা পাতি, আইতাই জনাইছিল, তেওঁ বিশেষ একো কৰিব পৰা নাই। সমাজৰ বাবে এতিয়াও আৰু বহুত কৰাৰ হেঁপাহ তেওঁৰ। 


যোৱা ৩০ বছৰ অধিক কাল তেওঁ নিজৰ পৰিয়াল তথা পুত্ৰ-বোৱাৰী, নাতি-পুতিৰ পৰা দূৰৈত গুৱাহাটীৰ মাজমজিয়াত এক আশ্ৰম সদৃশ পৰিৱেশত বাস কৰি আহিছে। প্ৰচাৰ নিজে বিচৰা নাই তেওঁ আৰু হয়তো বিচাৰি উলিয়াব পৰা নাই আমি, কাৰণ negativity sells more than positivity in today's news market। 

No comments:

Post a Comment